SEBA Class 9 Social Science Political Chapter 4 বিত্তীয় সাক্ষৰতাৰ পৰিচয় Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Political Chapter 4 বিত্তীয় সাক্ষৰতাৰ পৰিচয় Notes and select need one. SEBA Class 9 Social Science Textual Solutions Assamese Medium Download PDF. SEBA Class 9 Social Political and Economics Solutions.
SEBA Class 9 Social Science Political Chapter 4 বিত্তীয় সাক্ষৰতাৰ পৰিচয়
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SEBA Class 9 Social Political and Economics Notes in Assamese are part of All Subject Solutions. Here we have given SEBA Class 9 Social Political and Economics Question Answer in Assamese for All Chapters, You can practice these here.
বিত্তীয় সাক্ষৰতাৰ পৰিচয়
পাঠ ৩ (সমাজ বিজ্ঞান) তৃতীয় খণ্ড
| তৃতীয় খণ্ডঃ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান |
| অনুশীলনী – ১ |
অতি চমু উত্তৰৰ প্ৰশ্নসমূহ:
১। মুদ্ৰা কাক কয়?
উত্তৰঃ যাৰ দ্বাৰা আমি সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিব পাৰো সেয়াই হ’ল মুদ্রা। কিন্তু অর্থনীতিৰ দৃষ্টিকোণৰ পৰা মুদ্ৰাক ভিন্ন ৰূপত সংজ্ঞায়িত কৰা হয়। উদাহৰণস্বৰূপে, প্ৰফেচৰ ৱাকাৰৰ মতে, “মুদ্রাই যি কৰে সেয়ে মুদ্রা”। কিন্তু মুদ্রাৰ আটাইতকৈ গ্রহণযোগ্য সংজ্ঞা প্রদান কৰিছিল প্ৰফেচৰ ক্ৰাউথাৰে। তেওঁৰ মতে, “মুদ্রা হৈছে সার্বজনীনভাৱে গ্রহণযোগ্য বিনিময়ৰ আহিলা আৰু একেটা সময়তে ই মাপক আৰু মূল্যৰ সংৰক্ষণ হিচাপে কাৰ্যকৰী।”
২। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া?
উত্তৰঃ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ’ল- চেক মুদ্ৰা।
৩। মুদ্ৰাৰ কোনটো সংজ্ঞা আটাইতকৈ অধিক গ্ৰহণযোগ্য?
উত্তৰঃ প্ৰফেচৰ ক্ৰাউথাৰৰ সংজ্ঞাটো আটাইতকৈ অধিক গ্ৰহণযোগ্য।
৪। মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চম পৰ্যায়টো কি?
উত্তৰঃ মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চম পৰ্যায়টো হ’ল- কাগজৰ মুদ্ৰা (Paper Money)।
৫। ইউ পি আই লেনদেনৰ দুটা এপৰ উদাহৰণ দিয়া?
উত্তৰঃ ইউ পি আই লেনদেনৰ দুটা এপৰ উদাহৰণ হ’ল- গুগল-পে (Google-Pay) আৰু ফোন পে (PhonePe)।
৬। ভাৰতৰ মান মুদ্ৰা কোনটো?
উত্তৰঃ ভাৰতৰ মান মুদ্ৰা হৈছে ৰুপি।
৭। কোনটো মুদ্ৰা অস্বীকাৰ কৰণে আইনৰ অমান্যক বুজায়?
উত্তৰঃ বিহিত মুদ্ৰা (Legal Tender Money) অস্বীকাৰ কৰণে আইনৰ অমান্যক বুজায়।
চমু উত্তৰৰ প্ৰশ্নসমূহ:
১। মুদ্ৰাৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ মুদ্ৰাৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে প্ৰথমতে, ই মুদ্ৰা ৰূপে কাম কৰে আৰু দ্বিতীয়তে, ই দেশৰ প্ৰতিজন সদস্যৰ দ্বাৰা সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য হ’ব লাগে।
২। অভাৱৰ দ্বৈত সামঞ্জস্যহীনতাই কিদৰে বিনিময় প্ৰথাত সমস্যা সৃষ্টি কৰে?
উত্তৰঃ বিনিময় প্ৰথাত দুয়োপক্ষৰ ইচ্ছাৰ মিল নহ’লে বিনিময় অসম্ভৱ। উদাহৰণস্বৰূপে, যদি এজনৰ ছাগলী আছে আৰু তেওঁ মুৰ্গী বিচাৰে, কিন্তু মুৰ্গীৰ গৰাকীয়ে ছাগলী নিবিচাৰে, তেন্তে তেওঁলোকৰ মাজত বিনিময় নহ’ব।
৩। হিচাপৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা কি?
উত্তৰঃ হিচাপৰ মুদ্ৰা বা ‘ধাৰণাগত মুদ্ৰা’ হৈছে এক ধাৰণা মাত্ৰ, ইয়াৰ ৰূপ সলনি নহয়। আনহাতে ‘প্ৰকৃত মুদ্ৰা’ হৈছে যিয়ে সময়ে সময়ে নিজৰ ৰূপ সলনি কৰে (যেনে- ধাতুৰ মুদ্ৰা, কাগজৰ মুদ্ৰা)।
৪। মূল্যৰ ভঁৰাল বুলিলে কি বুজায়?
উত্তৰঃ ভৱিষ্যতৰ দেনা-পাওনাৰ বাবে মুদ্ৰা সাঁচি ৰখাকে মূল্যৰ ভঁৰাল বা সংৰক্ষক বোলে। সামগ্ৰী সাঁচি ৰখাতকৈ মুদ্ৰা সাঁচি ৰখা সহজ।
৫। মুদ্ৰাক কিয় দ্ৰব্য আৰু সেৱাৰ মূল্যৰ মাপকাঠীৰ এক সাধাৰণ একক বুলি জনা যায়?
উত্তৰঃ সকলো অৰ্থনৈতিক সামগ্ৰীৰে মূল্য থাকে আৰু সামগ্ৰীৰ বিনিময়ত যি মূল্য মুদ্ৰাৰ মানত প্ৰকাশ পায়, তাক দৰ বুলি কোৱা হয়। সেয়েহে মুদ্ৰা হৈছে পৰিমাপৰ সাধাৰণ একক।
৬। সীমিত আৰু অসীম বিহিত মুদ্ৰাৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ সীমিত আৰু অসীম বিহিত মুদ্ৰাৰ মাজৰ পাৰ্থক্য হ’ল-
| সীমিত বিহিত মুদ্ৰা | অসীম বিহিত মুদ্ৰা |
| সীমিত বিহিত মুদ্ৰা এক নিৰ্দিষ্ট পৰিমাণৰ লেনদেনৰ বাবেহে গ্ৰহণযোগ্য (যেনে -সৰু মুদ্ৰা)। | আনহাতে, অসীম বিহিত মুদ্ৰা যিকোনো বৃহৎ পৰিমাণৰ লেনদেনৰ বাবে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি (যেনে- ১০ লাখ বা ১ কোটি টকা)। |
৭। প্লাষ্টিক মুদ্ৰা আৰু ডিজিটেল মুদ্ৰা কি?
উত্তৰঃ ক্ৰেডিট বা ডেবিট কাৰ্ডৰ জৰিয়তে সম্পাদিত হোৱা মুদ্ৰাক প্লাষ্টিক মুদ্ৰা বোলে। আনহাতে, বৈদ্যুতিক পদ্ধতিৰে সম্পন্ন হোৱা লেনদেনক ডিজিটেল মুদ্ৰা বোলে, যি দৃশ্যমান নহয় আৰু অনলাইন প্ৰণালীৰ জৰিয়তে কৰা হয়।
দীৰ্ঘ উত্তৰৰ প্ৰশ্নসমূহ:
১। মুদ্ৰাৰ প্ৰকাৰবোৰ ব্যাখ্যা কৰা?
উত্তৰঃ বিস্তৃত অৰ্থত মুদ্ৰাক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি— এটা হৈছে ‘ধাৰণাগত মুদ্ৰা’ (যি মাত্ৰ এক ধাৰণা বা বিমূৰ্ত মতবাদ) আৰু আনটো হৈছে ‘প্ৰকৃত মুদ্ৰা’ (যিয়ে সময়ে সময়ে নিজৰ ৰূপ সলনি কৰে)।
মুদ্ৰাৰ ক্ৰমবিকাশ, আইনগত বৈধতা আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি মুদ্ৰাক তলত দিয়া ধৰণে বিভিন্ন প্ৰকাৰত ভাগ কৰা হৈছে:
(i) বিহিত মুদ্ৰা (Legal Tender Money): যি মুদ্ৰাক বিনিময়ৰ মাধ্যম হিচাপে আইনৰ সহায়ত সাধাৰণ গ্ৰহণযোগ্যতা প্ৰদান কৰা হয়, তাক বিহিত মুদ্ৰা বুলি কোৱা হয়।
ই দুটা প্ৰকাৰৰ:
(ক) সীমিত বিহিত মুদ্ৰা: যি এক নিৰ্দিষ্ট পৰিমাণৰ লেনদেনৰ বাবেহে গ্ৰহণযোগ্য (যেনে- ক্ষুদ্ৰ মুদ্ৰা)।
(খ) অসীম বিহিত মুদ্ৰা: যি মুদ্ৰা যিকোনো পৰিমাণৰ লেনদেনৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
(ii) অ-বিহিত মুদ্ৰা (Non-legal Tender Money): যি মুদ্ৰাই সাধাৰণ গ্ৰহণযোগ্যতা পালেও ইয়াৰ কোনো আইনী সমৰ্থন নাথাকে, সেয়া অ-বিহিত মুদ্ৰা। ইয়াক গ্ৰহণ নকৰিলে আইন উলংঘন নহয়। যেনে- চেক মুদ্ৰা।
(iii) আদেশীকৃত মুদ্ৰা (Fiat Money): ৰাষ্ট্ৰৰ ক্ষমতা বা চৰকাৰী আদেশৰ দ্বাৰা সমৰ্থিত মুদ্ৰাক আদেশীকৃত মুদ্ৰা বোলা হয়। ই ‘প্ৰকৃত মুদ্ৰা’ আৰু ‘বিমূৰ্ত মুদ্ৰা’ উভয়ৰূপে কাম কৰে।
(iv) প্ৰতীকী মুদ্ৰা (Token Money): যি মুদ্ৰাৰ লিখিত মূল্য ইয়াৰ ধাতু বা আন্তঃমূল্যতকৈ বেছি হয়, তাক প্ৰতীকী মুদ্ৰা বোলে। উদাহৰণস্বৰূপে, কাগজৰ মুদ্ৰাৰ লিখিত মূল্য ইয়াৰ প্ৰকৃত মূল্যতকৈ বহুত বেছি, সেয়েহে আমি আজিৰ দিনত ব্যৱহাৰ কৰা সকলোবোৰ মুদ্ৰাই প্ৰতীকী মুদ্ৰাৰ উদাহৰণ।
(v) মান মুদ্ৰা (Standard Money): মান মুদ্ৰা হৈছে মুদ্ৰাৰ এক নিৰ্দিষ্ট একক। ভাৰতত ‘ৰূপি’ বা টকা হৈছে মান মুদ্ৰা।
(vi) ক’লা মুদ্ৰা (Black Money): অৰ্থনৈতিক অপৰাধ বা কৰ ফাকিৰ জৰিয়তে উৎপন্ন হোৱা মুদ্ৰাক ক’লা মুদ্ৰা হিচাপে গণ্য কৰা হয়। উদাহৰণস্বৰূপে, কোনো ব্যক্তিয়ে আয়কৰ ফাঁকি দিবলৈ লুকুৱাই ৰখা আয়খিনি হৈছে ক’লা মুদ্ৰা।
(vii) উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা (High Power Money): দেশৰ মুঠ মুদ্ৰা যোগানৰ যি অংশ কেন্দ্ৰীয় বেংকৰ অধীনত থাকে, সেয়াই হৈছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় বেংকে দেশত মুদ্ৰাৰ যোগান বৃদ্ধি বা হ্ৰাস কৰিব পাৰে।
(viii) প্লাষ্টিক মুদ্ৰা (Plastic Money): ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ জৰিয়তে সম্পাদিত হোৱা মুদ্ৰা ব্যৱস্থাক প্লাষ্টিক মুদ্ৰা বুলি কোৱা হয়। এই কাৰ্ডসমূহ প্ৰধানকৈ প্লাষ্টিক বা ধাতুৰে নিৰ্মিত।
(ix) ডিজিটেল মুদ্ৰা (Digital Money): লেনদেনৰ পদ্ধতি বৈদ্যুতিক মাধ্যমত বা অনলাইন প্ৰণালীৰ জৰিয়তে সম্পন্ন হ’লে তাক ডিজিটেল মুদ্ৰা বোলে। ই ডলাৰ নোট বা সাধাৰণ মুদ্ৰাৰ দৰে দৃশ্যমান নহয়। কাৰ্ড পেমেণ্ট, ইউ পি আই (UPI) আদি ইয়াৰ অন্তৰ্ভুক্ত।
(x) ঐতিহাসিক মুদ্ৰাসমূহ: মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়ত অতীতত বিভিন্ন মুদ্ৰা ব্যৱহাৰ হৈছিল। যেনে- সামগ্ৰী মুদ্ৰা (বিনিময় প্ৰথা), জন্তু মুদ্ৰা, ধাতুৰ মুদ্ৰা (সোণ, ৰূপ) আৰু পিছলৈ কাগজৰ মুদ্ৰা।
২। চেক মুদ্ৰা হয়নে? তোমাৰ উত্তৰৰ বাবে কাৰণ দৰ্শোৱা।
উত্তৰঃ সাধাৰণ বা প্ৰকৃত অৰ্থত চেকক পূৰ্ণ পৰ্যায়ৰ বা বিহিত মুদ্ৰা (Legal Tender Money) বুলি গণ্য কৰা নহয়। ইয়াৰ পৰিৱৰ্তে চেকক ‘অ-বিহিত মুদ্ৰা’ (Non-legal Tender Money) আৰু ‘নিকট মুদ্ৰা’ (Near Money) হিচাপেহে ধৰা হয়।
চেকক কিয় সম্পূৰ্ণ মুদ্ৰা বুলি কোৱা নহয়, তাৰ প্ৰধান কাৰণসমূহ তলত বিতংভাৱে আলোচনা কৰা হ’ল-
(i) সৰ্বজনীন গ্ৰহণযোগ্যতাৰ অভাৱ: এখন চেকে মুদ্ৰা ৰূপে কাম কৰে যদিও ই সৰ্বজনীনভাৱে সকলোৰে দ্বাৰা গ্ৰহণযোগ্য নহয়। মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটোৱেই হ’ল ইয়াৰ সৰ্বজনীন গ্ৰহণযোগ্যতা, যিটো চেকৰ ক্ষেত্ৰত দেখা নাযায়। সেয়েহে চেকক সাধাৰণতে ‘near money’ বা ‘নিকট মুদ্ৰা’ বুলি কোৱা হয়।
(ii) আইনী সমৰ্থনৰ অভাৱ: মুদ্ৰাৰ প্ৰকাৰভেদ অনুসৰি চেকক ‘অ-বিহিত মুদ্ৰা’ (Non-legal Tender Money) শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। যেতিয়া বিনিময়ৰ মাধ্যম হিচাপে কোনো মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতাৰ আইনী সমৰ্থন নাথাকে, তাক অ-বিহিত মুদ্ৰা বোলে। কাগজৰ নোট বা মুদ্ৰাৰ দৰে চেকৰ কোনো চৰকাৰী বা আইনী সমৰ্থন নাই।
(iii) গ্ৰহণ কৰিবলৈ আইনগত বাধ্যবাধকতা নাই: যিহেতু চেকৰ আইনী বৈধতা বা সমৰ্থন নাই, সেয়েহে কোনো ব্যক্তিয়ে লেনদেনৰ বাবে চেক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিব পাৰে। কোনোবাই চেক গ্ৰহণ নকৰিলে সেয়া আইন উলংঘন নহয় বা তেওঁক আইনগতভাৱে বাধ্য কৰাব নোৱাৰি।
| অনুশীলনী – ২ |
অতি চমু উত্তৰৰ প্ৰশ্নসমূহ:
১। তলত দিয়া সমূহৰ অৰ্থ লিখা।
(ক) বিত্তীয় সাক্ষৰতা।
উত্তৰঃ এজন ব্যক্তিয়ে নিজৰ দৈনন্দিন জীৱনত সৰ্বোত্তম অনুকূল বিত্তীয় বা আৰ্থিক সিদ্ধান্ত ল’ব পৰা ক্ষমতাক বিত্তীয় সাক্ষৰতা বুলি কোৱা হয়।
(খ) আয়।
উত্তৰঃ দৰমহা, মজুৰি, ঘৰ ভাড়া আদি বিভিন্ন উৎসৰ পৰা কোনো ব্যক্তিয়ে নিয়মীয়াকৈ উপাৰ্জন কৰা ধনকে আয় বুলি কোৱা হয়।
(গ) ব্যয়।
উত্তৰঃ কোনো ব্যক্তিয়ে নিজৰ প্ৰয়োজন বা উপভোগৰ বাবে বিভিন্ন সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা ধনক ব্যয় বা খৰচ বুলি কোৱা হয়।
(ঘ) সঞ্চয়।
উত্তৰঃ এজন ব্যক্তিৰ সমস্ত খৰচৰ পিছত আয়ৰ যি অৱশিষ্ট অংশ ৰাহি হয় বা ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা হয়, তাক সঞ্চয় বুলি কোৱা হয়।
(ঙ) বিনিয়োগ।
উত্তৰঃ ভৱিষ্যতে অধিক উপাৰ্জন কৰা বা এক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লাভ অৰ্জনৰ লক্ষ্যৰে বিত্তীয় বা অবিত্তীয় সম্পদত ধন নিয়োগ কৰা কাৰ্যকে বিনিয়োগ বোলা হয়।
(চ) বিত্তীয় লক্ষ্য।
উত্তৰঃ বিত্তীয় লক্ষ্যসমূহ হৈছে এজন ব্যক্তিৰ ভৱিষ্যতে পূৰণ কৰিব বিচৰা অৰ্থনৈতিক আকাংক্ষা, যিবোৰ তেওঁ নিজৰ উপাৰ্জিত ধনেৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত পূৰণ কৰিব বিচাৰে।
২। ভাৰতত কিমান শতাংশ জনসংখ্যা বিত্তীয় দিশত সাক্ষৰ?
উত্তৰঃ ২০১৯ চনৰ নেচনেল কাউন্সিল ফৰ ফাইনেঞ্চিয়েল এডুকেছনৰ তথ্য অনুসৰি, ভাৰতত কেৱল ২৭% জনসংখ্যা বিত্তীয় দিশত সাক্ষৰ।
৩। বিত্তীয় প্ৰতাৰণাৰ সংজ্ঞা দিয়া।
উত্তৰঃ বিত্তীয় প্ৰতাৰণা হৈছে এনে এটা পৰিস্থিতি, য’ত কূট-কৌশল, প্ৰতাৰণা বা অন্য অবৈধ কাৰ্যকলাপৰ জৰিয়তে কোনোবাই আমাৰ ধন বা আমাৰ বিত্তীয় পৰিস্থিতিক ক্ষতিগ্ৰস্ত কৰে।
উদাহৰণস্বৰূপে— পৰিচয় চুৰি বা বিনিয়োগৰ নামত কৰা প্ৰতাৰণা আদি ইয়াৰ অন্তৰ্ভুক্ত।
৪। এজন ব্যক্তিৰ অভাৱৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ এজন ব্যক্তিৰ অভাৱক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি— ‘প্ৰয়োজন’ (Needs) আৰু ‘ইচ্ছা’ (Wants)।
ইয়াৰ উদাহৰণসমূহ তলত দিয়া হ’ল-
(i) প্ৰয়োজন (Needs) বা প্ৰাথমিক অভাৱৰ উদাহৰণ: মানুহৰ জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় প্ৰাথমিক সামগ্ৰীসমূহ। যেনে— খাদ্য, কাপোৰ আৰু বাসগৃহ।
(ii) ইচ্ছা (Wants) বা গুণগত মান উন্নত কৰা অভাৱৰ উদাহৰণ: যিবোৰ সামগ্ৰী আৰু সেৱাই মানৱ জীৱনৰ গুণগত মান উন্নত কৰে, সেয়া ব্যক্তিৰ ইচ্ছাৰ অন্তৰ্গত। যেনে— ডিজাইনাৰ গহনা, বিদেশ ভ্ৰমণ আদি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

