SEBA Class 9 Social Science Important Chapter 13 বিত্তীয় সাক্ষৰতাৰ পৰিচয় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Chapter 13 বিত্তীয় সাক্ষৰতাৰ পৰিচয় Solutions and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.
SEBA Class 9 Social Science Important Chapter 13 বিত্তীয় সাক্ষৰতাৰ পৰিচয়
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.
বিত্তীয় সাক্ষৰতাৰ পৰিচয়
Chapter: 13
| দ্বিতীয় খণ্ড: অৰ্থনীতি বিজ্ঞান |
| IMPORTANT QUESTION AND ANSWER |
১। মুদ্ৰাৰ আটাইতকৈ গ্ৰহণযোগ্য সংজ্ঞা কি?
উত্তৰঃ অধ্যাপক ক্ৰাউথাৰৰ মতে, “মুদ্ৰা হৈছে সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য বিনিময়ৰ আহিলা আৰু একেটা সময়তে ই মাপক আৰু মূল্যৰ সংৰক্ষণ হিচাপে কাৰ্যকৰী”।
২। বিনিময় প্ৰথা (Barter System) কি আছিল?
উত্তৰঃ ই মুদ্ৰাৰ বিকাশৰ প্ৰথম পৰ্যায় আছিল, য’ত সামগ্ৰীৰ বিনিময়ৰ মাধ্যম হিচাপে সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল।
৩। ‘অবিহিত মুদ্ৰা’ৰ (Non-legal Tender Money) এটা উদাহৰণ দিয়া।
উত্তৰঃ চেক (Cheque) অবিহিত মুদ্ৰাৰ এটা উদাহৰণ, যাক গ্ৰহণ নকৰিলে আইন উলংঘন নহয়।
৪। ‘প্ৰতীকী মুদ্ৰা’ (Token Money) কাক বোলে?
উত্তৰঃ যেতিয়া মুদ্ৰাৰ লিখিত বা চিহ্নিত মূল্য ইয়াৰ ধাতু বা কাগজৰ আন্তঃ মূল্যতকৈ বেছি হয়, তাক প্ৰতীকী মুদ্ৰা বোলে।
৫। প্লাষ্টিক মুদ্ৰাৰ (Plastic Money) উদাহৰণ কি কি?
উত্তৰঃ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড হৈছে প্লাষ্টিক মুদ্ৰাৰ উদাহৰণ।
৬। বিত্তীয় সাক্ষৰতা (Financial Literacy) মানে কি?
উত্তৰঃ এজন ব্যক্তিয়ে নিজৰ দৈনন্দিন জীৱনত সৰ্বোত্তম আৰ্থিক সিদ্ধান্ত ল’ব পৰা ক্ষমতাক বিত্তীয় সাক্ষৰতা বোলা হয়।
৭। আয়ৰ (Income) প্ৰধান উৎসসমূহ কি কি?
উত্তৰঃ আয়ৰ প্ৰধান উৎসসমূহ হ’ল— দৰমহা (Salary), ভাড়া (Rent), সুদ (Interest), আৰু লাভ (Profit)।
৮। সঞ্চয়ৰ (Savings) সূত্ৰটো কি?
উত্তৰঃ সঞ্চয়ৰ সূত্ৰটো হ’ল: সঞ্চয় = আয় – খৰচ।
৯। ‘পুনৰাবৃত্ত খৰচ’ (Recurring Expenses) কাক বোলে?
উত্তৰঃ যিবোৰ খৰচ এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ধন পৰিশোধ কৰিব লাগে (যেনে- ঘৰৰ ভাড়া, বিদ্যুতৰ বিল), তাক পুনৰাবৃত্ত খৰচ বোলে।
১০। বিনিয়োগৰ (Investment) মূল উদ্দেশ্য কি?
উত্তৰঃ ভৱিষ্যতে অধিক উপাৰ্জনৰ উদ্দেশ্যে বিত্তীয় আৰু আন বিত্তীয় সম্পদত ধন প্ৰয়োগ কৰাই হ’ল বিনিয়োগ।
১১। বিনিয়োগৰ ক্ষেত্ৰত ‘তাৰল্যতা’ (Liquidity) মানে কি?
উত্তৰঃ প্ৰয়োজনৰ সময়ত বিনিয়োগ কৰা ধন তৎকালীনভাৱে নগদ ধনলৈ পৰিৱৰ্তন কৰাৰ সক্ষমতাক তাৰল্যতা বোলে।
১২। হ্ৰস্বকালীন বিত্তীয় লক্ষ্যৰ (Short-term goals) সময়সীমা কিমান?
উত্তৰঃ যিসমূহ বিত্তীয় লক্ষ্য এজন ব্যক্তিয়ে এটা বছৰৰ ভিতৰত পূৰণ কৰিব বিচাৰে, সেয়াই হ্ৰস্বকালীন লক্ষ্য।
১৩। SMART লক্ষ্য নিৰ্ধাৰণত ‘T’ ৰ অৰ্থ কি?
উত্তৰঃ ‘T’ ৰ অৰ্থ হ’ল Time-bound (সময়-সীমিত), অৰ্থাৎ লক্ষ্য পূৰণৰ এটা স্পষ্ট সময়সীমা বা তাৰিখ থাকিব লাগে।
১৪। সম্পত্তি (Asset) মানে কি?
উত্তৰঃ সম্পত্তি হৈছে এনে এক অৰ্থনৈতিক মূল্য থকা উৎস যাৰ পৰা এজন ব্যক্তিয়ে ভৱিষ্যতে লাভৰ আশা কৰিব পাৰে (যেনে- ভূমি, ঘৰ)।
১৫। উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা (High Power Money) কোনে নিয়ন্ত্ৰণ কৰে?
উত্তৰঃ উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা দেশৰ কেন্দ্ৰীয় বেংকৰ অধীনত থাকে।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়সমূহ বৰ্ণনা কৰা।
উত্তৰঃ মুদ্ৰাৰ বিকাশ কেইবাটাও পৰ্যায়ৰ মাজেৰে হৈছে:
(i) বিনিময় প্ৰথা (Barter System): সামগ্ৰীৰ সলনি সামগ্ৰীৰ বিনিময়।
(ii) জন্তু মান (Animal Standard): ছাগলী আদি জন্তুক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ।
(iii) ধাতুৰ মান (Metallic Standard): সোণ-ৰূপ আদি মূল্যৱান ধাতুৰ ব্যৱহাৰ।
(iv) মুদ্ৰা নিৰ্মাণ প্ৰথা (Coinage): সোণ-ৰূপৰ টুকুৰাৰ পৰা মুদ্ৰা তৈয়াৰ কৰা।
(v) কাগজৰ মুদ্ৰা (Paper Money): কাগজৰ মুদ্ৰাৰ প্ৰচলন।
(vi) ডিজিটেল মুদ্ৰা (Digital Money): ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ইউপিআই আদিৰ জৰিয়তে অনলাইন লেনদেন।
২। অৰ্থনীতিত মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলীসমূহ কি কি?
উত্তৰঃ মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলীসমূহ হ’ল-
(i) বিনিময়ৰ মাধ্যম: সামগ্ৰী আৰু সেৱা ক্ৰয়-বিক্ৰয়ৰ মাধ্যম হিচাপে মুদ্ৰাই কাম কৰে।
(ii) মূল্যৰ মাপক: সকলো সামগ্ৰী আৰু সেৱাৰ মূল্য মুদ্ৰাৰ মানত প্ৰকাশ কৰা হয়।
(iii) স্থগিত পৰিশোধৰ মানদণ্ড: ভৱিষ্যতৰ দেনা-পাওনা বা ঋণৰ হিচাপ-নিকাচ মুদ্ৰাৰ মাধ্যমত কৰা হয়।
(iv) মূল্যৰ সংৰক্ষক: ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে মুদ্ৰা হিচাপে ধন সাঁচি ৰাখিব পাৰি, কিয়নো মুদ্ৰাই স্থায়িত্ব প্ৰদান কৰে।
৩। এজন ব্যক্তিৰ জীৱনত বিত্তীয় সাক্ষৰতা কিয় প্ৰয়োজনীয়?
উত্তৰঃ বিত্তীয় সাক্ষৰতা অতি গুৰুত্বপূৰ্ণ কাৰণ:
(i) সঠিক বিত্তীয় সিদ্ধান্ত গ্ৰহণত সহায় কৰে আৰু আৰ্থিক স্বচ্ছলতা অৰ্জনত অৰিহণা যোগায়।
(ii) মানুহক ভুল অৰ্থনৈতিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত ৰাখে অৰ্থাৎ আৰ্থিক ভ্ৰান্তি ৰোধ কৰে।
(iii) আৰ্থিক প্ৰতাৰণা, কূট-কৌশল আৰু জালিয়াতিৰ বিৰুদ্ধে সজাগ আৰু সাৱধান কৰে।
(iv) ভৱিষ্যতৰ আৰ্থিক আপদ বা বিপদৰ বাবে সঞ্চয় আৰু বিনিয়োগৰ জৰিয়তে প্ৰস্তুতি চলোৱাত সহায় কৰে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

