Class 9 Geography পাঠ-2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

Class 9 Geography পাঠ-2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Geography পাঠ-2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – সমাধান and select needs one.

Class 9 Geography পাঠ-2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Geography পাঠ-2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – সমাধান Solutions for All Subject, You can practice these here…

SOME IMPORTANT LINK
CLASS 1 - 12 All NCERT SOLUTIONS
ALL NCERT BOOK - ENGLISH, HINDI, ASSAMESE
NCERT PAPER, IIT JEE, NEET ALL SOLUTIONS
SCIENCE REFRENCES BOOK - COLLAGE, UNIVERSITY
ARTS REFRENCES BOOK - COLLAGE, UNIVERSITY
COMMERCE&FINANCE REFRENCES - COLLAGE, UNIVERSITY
D.EL.ED BOOK - ENGLISH, HINDI, ASSAMESE
ALL NOVEL AND BIOGRAPHY BOOK - ENGLISH, HINDI, BENGALI, ASSAMESE
ALL COMPETITIVE EXM BOOK
SOME SOCIAL GALLERY
RIDDLE
SOME SELECTED BOOK YOU MUST READ
AMAZON BEST SELLER BOOK
Contents

বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

পাঠ – ২ ( সমাজ বিজ্ঞান ) ভূগোল

প্ৰশ্ন🙁) বায়ুমণ্ডল কাক বোলে ? তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ- পৃথিৱীৰ পৃষ্ঠৰ পৰা ওপৰলৈ প্ৰচাৰিত হৈ পৃথিৱীৰ চাৰিওফালে বায়ুৰ যি গেছীয় আৱৰণ আছে তাকে বায়ুমণ্ডল বোলে । অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমূদ্ৰই হ’ল বায়ুমণ্ডল ।

বায়ুমণ্ডলৰ গঠন : বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰ’জেন আৰু  অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্ৰ’জেন আৰু ২০.৯৪ শতাংশ অক্সিজেন অন্যান্য গেছবোৰৰ ভিতৰত আৰ্গন ( ০.৯৩) শতাংশ কাৰ্বন – ডাই – অক্সাইড ( ০.০৩৬ ) শতাংশ আৰু নিয়ন, হিলিয়াম, মিঠেন, ক্ৰিপ্টণ, হাইড্ৰ’জেন, অ’জন, জেনন ইত্যাদি উল্লেখযোগ্য (০.০১৪) শতাংশ ।

বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ – 

বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ
বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ

প্ৰশ্ন🙁) গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি ? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা

উত্তৰঃ- বায়ুমণ্ডলীয় গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধান কৈ দুটা ভাগত ভগোৱা হৈছে । এটা হ’ল হম’স্ফিয়েৰ আৰু আনটো হ’লহেটৰ’স্ফিয়েৰ । হম’স্ফিয়েৰ :- ভূ – পৃষ্ঠৰ পৰা ৮.০ কি.মি. উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে বাবে এই স্তৰটোক হম’স্ফিয়েৰ বোলে ।

এই ষ্টাৰটোক  উত্তাপ ভিত্তিত তিনিটা ভাগত ভগোৱা হৈছে । সেই ভাগ কেইটা হ’ল – ট্রপ’স্ফিয়েৰ, ষ্ট্ৰেট’স্ফিয়েৰ, মেছ’স্ফিয়েৰ, হম’স্ফিয়েৰ আৰু হেটৰ’স্ফিয়েৰৰ মাজৰ শিমটোক মেছ’পজ বোলে । হেটৰ’স্ফিয়েৰ :- মেছ’পজ হ’ল হেটৰ’স্ফিয়েৰৰ তলৰ সীমা । ইয়াৰ পৰা যিমানেই ওপৰলৈ যোৱা হয় উত্তাপৰ মাত্ৰা দ্ৰুত হাৰত বাঢ়িবলৈ ধৰে ।

ইয়াৰ ফলতে গেছৰ ৰাসায়নিক গঠন সলনি হয় । এই স্তৰত গেছবোৰে সিহঁতৰ আণৱিক ভৰ অনুসৰি অৱস্থান গ্ৰহণ কৰি কিছুমান তৰপৰ সৃষ্টি কৰে । এই তৰপবোৰ হ’ল – নাইট্ৰ’জেন তৰপ, অক্সিজেন তৰপ, হিলিয়ামৰ তৰপ আৰু হাইড্ৰ’জেনৰ তৰপ ।

নাইট্ৰেজেনৰ তৰপটো ৮০ কি. মি. পৰা ২০০ কি. মি. উচ্চতালৈ আছে , অক্সিজেনৰ তাৰপটো ১১২৫ কি. মি. আৰু হিলিয়ামৰ তৰপ ৩৫৪০ কি. মি. উচ্চতালৈ কে আছে । হাইড্ৰ’জেনৰ তাৰপটো প্রায় ১০০০০ কি. মি. পৰ্য্ন্ত বিয়পি আছে ।

প্ৰশ্ন🙁) উচ্চতা আৰু উত্তাপৰ হ্ৰাসবৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা

উত্তৰঃ- উচ্চতা আৰু উত্তাপৰ হ্ৰাস – বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক ৫ টা স্তৰত বিভক্ত কৰা হৈছে । এই স্তৰ কেইটা হৈছে-

      (১) ট্রপ’স্ফিয়েৰ (২) ষ্ট্ৰেট’স্ফিয়েৰ (৩) মেছ’স্ফিয়েৰ (৪) থাৰ্ম’স্ফিয়েৰ আৰু (৫) এক্স’স্ফিয়েৰ ।

(১)ট্রপ’স্ফিয়েৰ:

ভূ – পৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ’ল ষ্ট্ৰেট’স্ফিয়েৰ বা ট্রপ’মণ্ডল ।

এই স্তৰটোৰ গড় উচ্চতা প্ৰায় ১২ কি. মি. । অৱশ্যে অক্ষঅংশ অনুসৰি এই স্তৰটোৰ উচ্চতা বেলেগ বেলেগ হয় । বিষ্ণুবীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা ১৬ কি. মি. আৰু মেৰু অঞ্চলত ৮ কি. মি. হয় । বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি চতুৰ্থাংশ আৰু প্রায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকনা কেৱল এই ট্ৰপ’স্ফিয়েৰ স্তৰতে আছে ।

বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া- কাৰ্য ( যেনে- মেঘ, বৰষুণ, ঘূৰ্ণিবতাহ, ধুমুহা, বৃষ্টি, আদি) এই স্তৰতে সংঘটিত হয় । এই স্তৰটোৰ ঊধৰ্বসীমাটোক ট্ৰপ’পজ বোলা হয় । ই প্ৰায় ১.৫ কি. মি. ডাঠ ।

(২) ষ্ট্ৰেট’স্ফিয়েৰ:

ট্রপ’স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ’ল ষ্ট্ৰেট’স্ফিয়েৰ বা স্তৰমণ্ডল । ট্রপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰ স্তৰ দুটাৰ মাজৰ সীমাটোক ট্রপ’পজ বুলি কোৱা হয় । বায়ুমণ্ডলৰ এই স্তৰটোতে অ”জন গেছৰ এটা স্তৰ আছে ।

অ’জন গেছৰ অণুবোৰে সুৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেট’স্ফিয়েৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায় । ট্রপ’পজৰ পৰা ষ্ট্ৰেট’স্ফিয়েৰ স্তৰটো প্ৰায়৪০ কি. মি. ওপৰলৈ বিস্তৃত । ষ্ট্ৰেট’স্ফিয়েৰৰ ঊধৰ্বসীমাটোক ষ্ট্ৰেট’পজ বোলা হয় ।

(৩) মেছ’স্ফিয়েৰ:

ষ্ট্ৰেট’স্ফিয়েৰ বা ষ্ট্ৰেট’পজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ’স্ফিয়েৰ বোলা হয় । এই স্তৰটো ষ্ট্ৰেট’পজৰ পৰা প্ৰায় ৩০ কি. মি. উচ্চতালৈ বিস্তৃত হৈ আছে । এই স্তৰটো প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায় । এইদৰে ওপৰলৈ ক্ৰমে উত্তাপ কমি গৈ যি সীমাত নিন্মতম হয় তাকে মেজ’পজ বোলা হয় ।

(৪) থাৰ্ম’স্ফিয়েৰ:

মেছ’স্ফিয়েৰ বা মেজ’পজৰ ঠিক ওপৰৰ স্তৰটোকে থাৰ্ম’স্ফিয়েৰ বা তাপমণ্ডল বোলে । বায়ুমণ্ডলৰ এই স্তৰটো প্ৰায় ৮০ কি. মি. উচ্চতাত থকা মেজ’পজৰ পৰা প্ৰায় ৪০০ কি. মি. উচ্চতালৈ বিস্তৃত। এই স্তৰত উত্তাপ প্রায় ১৬৫০° ছেন্টিগ্ৰেট পৰ্যন্ত বৃদ্ধি হয় আৰু ইয়াৰ বায়ুৰ ঘনত্ব নিচেই নগণ্য । এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে । সেয়েহে এই স্তৰটোক আয়ন’স্ফিয়েৰ  বুলিও কোৱা হয় ।    

               পৃথিৱীৰ পৃষ্ঠৰ পৰা পঠোৱা ৰেডি’অ’ তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয় ।এই স্তৰত বায়ুৰ উষ্ণতা পুনৰ উচ্চতা বৃদ্ধিৰ লগে লগে ক্ৰমান্বয়ে বৃদ্ধি পায় । সেয়েহে এই স্তৰটোৰ নাম থাৰ্ম’স্ফিয়েৰ স্তৰ। থাৰ্ম’স্ফিয়েৰ হেটৰ’স্ফিয়েৰ স্তৰৰ অন্তৰ্গত । যিহেতু থাৰ্ম’স্ফিয়েৰৰ নিন্ম সীমা হৈছে মেছ’পজ, গতিকে এই মেছ’পজকে হেটৰ’স্ফিয়েৰৰো নিন্ম সীমা বুলি কোৱা হয় । সেয়েহে হম’স্ফিয়েৰ আৰু হেটৰ’স্ফিয়েৰৰ মাজৰ সীমাটোক মেছ’পজ বুলি কোৱা হয় ।

(৫) এক্স’স্ফিয়েৰ:

থাৰ্ম’স্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্স’স্ফিয়েৰ বোলা হয় । এই তাৰপটো বায়ুমণ্ডলৰ ৪০০ কি.মি. উচ্চতৰ পৰা প্ৰায় ১০০০ কি.মি. উচ্চতালৈ বিস্তৃত । এনে উচ্চতাত বায়ুৰ অণু-পৰমাণুৰ ঘনত্ব অতি নিম্ন হয় । কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল হয় ।বায়ুমণ্ডলৰ এই পৰ্যায়ত বায়ুৰ উষ্ণতা প্ৰায় ৫৫৫০° চেন্টিগ্ৰডলৈ বৃদ্ধি পায় ।

উচ্চতা আৰু উত্তাপৰ হ্ৰাস
উচ্চতা আৰু উত্তাপৰ হ্ৰাস

প্ৰশ্ন:- () বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কৰণবোৰ উদাহৰণসহ আলোচনা কৰা

উত্তৰঃ- বায়ুমণ্ডলৰ চাপ স্থানভেদে আৰু ঋতুভেদে ভিন্ ভিন্ হোৱা দেখা যায়। বিশেষকৈ বায়ুমণ্ডলৰ উত্তাপ আৰু ভূ-পৃষ্ঠৰ উচ্চতাৰ বাবে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটে । বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰকবোৰৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হৈছে-

বায়ুৰ উষ্ণতা:- বায়ুমণ্ডলৰ চাপ উষ্ণতাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে । পৃথিৱীপৃষ্ঠৰ তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয় । এইটো প্ৰধানকৈ নিৰ্ভৰ কৰে সূৰ্যৰ ৰশ্মিৰ ওপৰত । আঞ্চলভেদে সূৰ্যৰ তাপৰ পৰিমাণ বেলেগ বেলেগ হয় । তাপ পালে বায়ু প্ৰসাৰিত হয়, আৰু বায়ু প্ৰসাৰিত হ’লে ইয়াৰ ঘনত্ব কমি হয় ।

ঘনত্ব কমি গলে বায়ু পাতল হৈ পৰে । গতিকে পাতল বায়ুৰ চাপো কম হয় । তাপৰ তাৰতম্যৰ বাবে বায়ুমণ্ডলৰ চাপৰো তাৰতম্য ঘটে বায়ুত জলীয় বাষ্প বৃদ্ধি হ’ল বায়ুৰ চাপ কমে । কাৰণ য’ত উত্তাপ বেছি হয় তাতে বায়ুৰ চাপ কম হয় ।

পৃথিৱীপৃষ্ঠৰ ডচ্চতা:- সমুদ্ৰপৃষ্ঠাৰ পৰা যিমান ওপৰলৈ উঠা যায় সিমানেই বায়ু মণ্ডলৰ গভীৰতা কমি যায় । বায়ুমণ্ডলৰ গভীৰতা কমি গ’লে ইয়াৰ ভৰ কম হয় আৰু ফলত চাপো কম হয়।

সেয়েহে উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস হয় আৰু যি ঠাইৰ উচ্চতা বেছি হয় , সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাইৰ উচ্চতা তুলনামূলকভাৱে  কম তাত বায়ুমণ্ডলৰ চাপ বেছি হয় । ঠাইৰ উচ্চতা ভেদে উত্তাপৰ তাৰতম্য ঘটে । উত্তাপৰ তাৰতম্য বাবে বায়ুমণ্ডলৰ চাপৰো হ্রাস বৃদ্ধি হয় ।

প্ৰশ্ন🙁) চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয় কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা

উত্তৰঃ- পৃথিৱীৰ বিভিন্ন অঞ্চলত বা ঠাইত সাধাৰণতে দুই প্ৰকাৰৰ বায়ুৰ চাপ পোৱা যায় – (১) উচ্চচাপ আৰু (২) নিম্নচাপ ।

মুলত: ঠাইৰ উচ্চতা আৰু উষ্ণতাৰ পাৰ্থক্যৰ বাবে বায়ুৰ চাপ তাৰতম্য ঘটি বায়ুমণ্ডলত উচ্চচাপ আৰু নিম্নচাপৰ সৃষ্টি হয় । বায়ুমণ্ডলত চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱী পৃষ্ঠতপ্ৰধানকৈ চাৰিটা চাপবলয় চিনাক্ত কৰা হৈছে ।

(ক) নিৰক্ষীয় নিম্নচাপ বলয় ।

(খ) উপ-ক্ৰান্তীয় ডচ্চ চাপ বলয় ।

(গ) উপমেৰুদেশীয় নিম্নচাপ বলয় আৰু

(ঘ ) মেৰুদেশীয় উচ্চচাপ বলয় ।

পৃথিৱীৰ প্ৰধান চাপবলয় কেইটাৰ বৈশিষ্ট্য
পৃথিৱীৰ প্ৰধান চাপবলয় কেইটাৰ বৈশিষ্ট্য

       (ক) নিৰক্ষীয় নিন্মচাপ বলয়: এই বলয়টো নিৰক্ষৰেখাৰ পৰা ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষৰেখাৰ মাজত অৱস্থিত । এই অঞ্চলত সূৰ্যৰ ৰশ্মি সদায় লম্বভাৱে পৰে কাৰণে উত্তাপ বেছি । গতিকে এই অঞ্চলৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্রাস হৈ নিন্ম চাপৰ সৃষ্টি কৰে। এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে বায়ুৰ চাপ হ্ৰাস পায় ।

এই অঞ্চলৰ বায়ু গৰম হৈ উৰ্ধগামী হয় । ইয়াত বতাহ ভূ- পৃষ্ঠৰ সমান্তৰাল ভাৱে নবলে । ইয়াত বতাহ সদায় শান্ত অৱস্থাত থাকে বাবে ইয়াক নিৰক্ষীয় শান্ত বলয়ো বোলে ।

       () উপক্ৰান্তীয় উচ্চচাপ বলয় : এই বলয়টো দুটা ভাগত বিভক্ত । ইয়াৰে এটা উত্তৰ গোলাৰ্ধত ২৫°-৩৫° উত্তৰ অক্ষৰেখাৰ মাজত আৰু আনটো দক্ষিণ গোলাৰ্ধত ২৫°-৩৫° দক্ষিণ অক্ষৰেখাৰ মাজত আছে । এই দুই উপক্ৰান্তীয় অঞ্চলত ঠাণ্ডা আৰু গধুৰ বায়ু তললৈ নামি আহি অৱস্থান কৰে । অঞ্চলত বতাহৰ গতি নথকাৰ ফলত মধ্যযুগত ইউৰোপীয় নাবিকসকলে

জাহাজৰ ওজন কমাবলৈ জাহাজত অনা ঘোঁৰাবিলাককে সাগৰত পেলাই দিব লগা হৈছিল । সেই কাৰণে এই উচ্চচাপ বলয়টোক অশ্ব অক্ষাঙশও বোলে । এই উপক্ৰান্তীয় উচ্চচাপ বলয়টো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণ লৈ প্ৰসাৰিত হয় ।

        () উপমেৰুদেশীয় নিন্মচাপ মণ্ডল : এই বলয়টো উত্তৰ গোলাৰ্ধৰ ৬০° – ৭০° উত্তৰ অক্ষাঙশ আৰু দক্ষিণ গোলাৰ্ধত ৬০° – ৭০° দক্ষিণ অক্ষাঙশত অৱস্থিত । দুই উপমেৰু অঞ্চলত পৃথিৱীৰ আৱৰ্তনিক গতিৰ কাৰণে বায়ু উপ-ক্ৰান্তীয় অঞ্চলৰ দিশে বিক্ষিপ্ত হয় । ফলত দুই উপমেৰু অঞ্চলত বায়ুৰ পৰিমাণ কমি নিম্ন চাপৰ সৃষ্টি হয় । এই চাপ মণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু দক্ষিণলৈ গতি কৰে ।

       () মেৰু দেশীয় উচ্চচাপ মণ্ডল : মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা । ইয়াৰ বায়ু অতিশয় শীতল । অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে । সেয়েহে এই অঞ্চলৰ  বায়ুত জলীয় বাষ্প প্রায় নাথাকেই । ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে । সেয়েহে এই অঞ্চলত মেৰুদেশীয় উচ্চচাপ বলয় বা  মণ্ডল বোলা হয় ।

প্ৰশ্ন🙁) পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিৱেশ  সৃষ্টিত বায়ু মণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা

উত্তৰঃ- পৃথিৱীত অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ যথেষ্ট গুৰুত্ব আছে । কাৰণ – বায়ুমণ্ডল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান । মাটি আৰু পানী বা অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে । ইয়াক জীৱজগত বা জীৱমণ্ডল বোলা হয় ।

জীৱজগতত থকা মানুহ আৰু উদ্ভিদ প্ৰাণীৰ বাবে প্ৰয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰি বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে । পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছ সমুহ এক সঠিক অনুপাতত আছে বাবেই ভূ-পৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ অনুকূল এক পৰিৱেশ বিৰাজ কৰে ।

বায়ু গতিশীল হোৱা বাবে বহু ঠাই অতিপাত ঠাণ্ডা আৰু গৰমৰ প্ৰকোপৰ পৰা কিছু হ’লেও ৰক্ষা পায় ।

         বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীৰ লৈ অহাৰ বাধা প্ৰদান কৰে । বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয় । বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ – প্ৰাণী আদি জীয়াই থাকে ।মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত অস্তিত্বৰ কথা ভাবিবই নোৱাৰি ।

প্ৰশ্ন🙁)বায়ু প্ৰবাহ কাক বোলে ? বায়ুপ্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা

উত্তৰঃ-বায়ুৱে গতি কৰিলে তাক বতাহ বুলি কোৱা হয় । বায়ুৰ গতি আকৌ দুবিধ-অনুভূমিক আৰু উলম্বিক । বতৰ বিজ্ঞানৰ মতে বায়ুৱে যেতিয়া ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাক বতাহ বা বায়ুপ্ৰবাহ বালে । বায়ুপ্ৰবাহৰ উৎপত্তিৰ প্ৰধান কাৰকসমূহ হ’ল  চাপনতি শক্তি,অপকেন্দ্ৰিক শক্তি আৰু ঘর্ষণ শক্তি ।

চাপনতি শক্তি:-ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে । ইয়াকে চাপনতি শক্তি বোলা হয়। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে।

           গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত । ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য হ’লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয় । কিন্তু দূৰত্ব বেছি হ’লে গতিবেগ হ্ৰাস পায় । যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে, সেয়েহে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে ।

মাধ্যাকৰ্ষণ শক্তি : সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়েও পৃথিৱীৰ বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে । পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনক মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে । বায়ুৰ ওজন বা চাপ মাধ্যকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে ।

বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায় সেয়েহে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু চাপ হ্ৰাস পায় । ইয়াৰ ফলত বায়ু উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ প্ৰবাহিত হয় ।


See Next Page…

2 thoughts on “Class 9 Geography পাঠ-2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ”

Leave a Reply

error: Content is protected !!
Scroll to Top