Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল

Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল, SEBA Class 9 Social Science Books Assamese Medium Question Answer and select needs one.

Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোলন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল Solutions for All Subject, You can practice these here.

ভাৰতবৰ্ষৰ ভূগোল

পাঠ- ৩ (সমাজ বিজ্ঞান) ভূগোল

ADDITIONAL QUESTIONS ANSWERS

অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ

১। ভাৰতবৰ্ষ পৃথিৱীৰ কোন গোলাৰ্ধত অৱস্থিত ?

উত্তৰঃ উত্তৰ গোলার্ধত।

২। আকাৰ হিচাপেত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত কিমান ?

উত্তৰঃ সপ্তম স্থানত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান ?

উত্তৰঃ ৩,২৮৭, ২৬৩ বর্গ কিলোমিটাৰ। 

৪। ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ জুৰি আছে ? 

উত্তৰঃ ২.৪ শতাংশ।

৫। ভাৰতবৰ্ষক কিয় উপমহাদেশ বুলি কোৱা হয় ?

উত্তৰঃ দেশখনৰ বিশাল আকাৰ আৰু বিস্তৃতিৰ বাবে ভাৰতবৰ্ষক উপমহাদেশ বুলি কোৱা হয়।

৬। ভাৰতবৰ্ষৰ বৰ্তমান ৰাজ্য কিমান ?

উত্তৰঃ ২৯ খন।

৭। ভাৰতবৰ্ষৰ বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন ?

উত্তৰঃ ৭ খন।

৮। ভূ-বিজ্ঞানীসকলৰ মতে হিমালয় পর্বতমালা কোন মুখ সৃষ্টি হৈছিল বুলি অনুমান কৰে ?

উত্তৰঃ টাৰচিয়েবি যুগত। 

৯। উত্তৰৰ হিমালয় পার্বত্য অঞ্চলৰ মাটিকালি কিমান ?

উত্তৰঃ প্ৰায় ৫,০০,০০০ বর্গ কিলোমিটাৰ।

১০। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ মাটিকালি কিমান ? 

উত্তৰঃ প্ৰায় ৭,০০,০০০ বর্গ কিলোমিটাৰ।

প্ৰশ্ন:- (১) ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা ।

উত্তৰঃ- ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। এই দেশখন এছিয়া মহাদেশৰ অন্তৰ্গত । ভাৰতবৰ্ষ এখন পৃথিৱীৰ বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ । ভাৰতবৰ্ষ ৮°৪/২৮//উত্তৰৰ পৰা ৩৭°১৭/৫৩// উত্তৰ অক্ষৰেখা আৰু ৬৮°৭/৩৩// পূবৰ পৰা ৯৭°২৪/৪৭// পূব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত ।

২৩°৩০/ উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ সোমাজেদি গৈছে । এই ৰেখাডাল ভাৰতক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত ভাগ কৰিছে ।ইয়াৰে দক্ষিণ ভাগটো পূবে বঙ্গোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত । ভাৰতবৰ্ষ এখন বিশাল দেশৰ ।  আকাৰত ই পৃথিৱীৰ দেশ সমূহৰ ভিতৰত সপ্তম স্থানত আছে ।

এই দেশখন যুক্ত ৰাষ্ট্ৰতকৈ ১৩ গুণ আৰু জাপানতকৈ ৪গুণ ডাঙৰ । ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ । এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ জুৰি আছে । ইয়াৰ চাৰিসীমাটো হ’ল –

         উত্তৰে – সু-উচ্চ হিমালয় পৰ্বতমালা আৰু চিন দেশ ।

         দক্ষিণে – ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা ।

          পূবে – বঙ্গোপসাগৰ আৰু ম্যানমাৰ ।

প্ৰশ্ন🙁) ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈঘ্য  কিমান ?

উত্তৰঃ- ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈঘ্য হ’ল  ৬,১০০ কিলোমিটাৰ ।

প্রশ্ন :- () ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান ?

উত্তৰঃ- ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হ’ল ১৫,২০০  কিলোমিটাৰ ।

প্রশ্ন :- () ভাৰতৰ ভূখণ্ড সম্পৰ্কে এটি চামুটোকা লিখা

উত্তৰঃ – এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ । এই মহাদেশৰ দক্ষিণ অংশত ভাৰতবৰ্ষ অৱস্থিত । ভাৰতৰ উত্তৰা – দক্ষিণালৈ থকা ভূ – খণ্ড প্ৰায় ৩,২১৪ কি. মি. আৰু পুবা – পশ্চিমাকৈ প্ৰায়  ২,৯৩৩ কিলোমিটাৰ বিস্তৃত । পূবে বঙ্গোপসাগৰ , পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ – ভাগে প্ৰায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে ।

এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে । ভাৰতৰ ভূ – খণ্ডই চুবুৰীয়া দেশসমূহৰ সৈতে স্থল – ভাগৰ সীমাৰেখাৰ সৃষ্টি কৰিছে । পশ্চিমে পাকিস্তান , উত্তৰে চীন , নেপাল আৰু ভূটান , পূবে চীন , দক্ষিণে – পূবত ম্যানমাৰ আৰু বাংলাদেশৰ  লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০  কিলোমিটাৰ ।

প্রশ্ন :- () উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য লিখা

উত্তৰঃ – উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত কিছুমান পাৰ্থক্য দেখা যায় । তাৰে চাৰিটা পাৰ্থক্য তলত উল্লেখ কৰা হ’ল – 

(১) উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গোটেই বছৰজুৰি পানীৰ সোঁত থাকে । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক নদী খৰালি কালত প্ৰায়েই শুকাই যায় ।

(২) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি , মধ্যগতি আৰু নিম্নগতি – এই তিনিটা গতি কিন্তু দক্ষিণ ভাৰতৰ নদী বিলাকত এই গতি স্পষ্ট নহয় ।

(৩) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু ইহঁতৰ গতি ধীৰ । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্ৰোতা ।

 (৪) দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল আৰু সেইবোৰ দাক্ষিণাত্য মালভূমিৰ কঠিন শিলাৰ মাজেৰে নিৰ্দিষ্ট গতিপথেৰে বৈ আছে । আনহাতে উত্তৰ ভাৰতৰ নদীবোৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন আৰু এই নদীবোৰে সঘনে সুঁতি সলাই থাকে ।

প্ৰশ্ন :- () ভাৰতৰ ভূপ্ৰাকৃতিক ভাগকেইটা কি কি ?

উত্তৰঃ – ভাৰতৰ ভূ – প্ৰাকৃতিক ভাগকেইটা হ’ল ক্ৰমে –

(১) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল   (২) উত্তৰ ভাৰতৰ সামভূমি অঞ্চল     (৩) দাক্ষিণাত্য মালভূমি অঞ্চল  আৰু   (৪) উপকূল অঞ্চল ।

প্ৰশ্ন :- () উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা

উত্তৰঃ – উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ হ’ল – হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত । এই পৰ্বতৰ বহুতো ঠাল – ঠেঙুন আছে । হিমালয় আৰু ইয়াৰ ঠাল – ঠেঙুলিবোৰ সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হয় । এই পৰ্বতমালা ভাৰতৰ লগতে নেপাল , ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে ।

ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে । ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূৱা – পশ্চিমাকৈ বিস্তৃত হৈ আছে । এই অঞ্চল প্ৰায় ২,৫০০ কিলোমিটাৰ দীঘল আৰু প্ৰায় ২৪০ কিলোমিটাৰ পৰা ৫০০ কিলোমিটাৰ পৰ্যন্ত বহল ।

এই পাৰ্বত্য অঞ্চলটোৰ মাটিকালি প্ৰায়  ৫,০০,০০০  বৰ্গ কিলোমিটাৰ এই অঞ্চলৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক ।

প্রশ্ন :- ()উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা  

উত্তৰঃ- উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই উত্তৰ ভাৰতত সমভূমি অঞ্চল । এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় ২ , ৪০০ কি . মি . বিস্তৃত। ইয়াক প্ৰধানকৈ -সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়।

সিন্ধু – গঙ্গা – সমভূমি অঞ্চলৰ প্ৰস্থ ২৪০ কিলোমিটাৰৰ পৰা ৩২০ কি.মি. পৰ্যন্ত হয় । কিন্তু ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ প্ৰস্থ গড়ে ৮০ কি.মি. হয় । উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় ৭০,০০,০০০বৰ্গ কি.মি. আগুৰি আছে ।

বৈশিষ্ট্যসমূহ হ’ল –

(ক)পাঁচখন সৰু – বৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো । এই পাঁচখন সমভূমি হৈছে – পশ্চিম সমভূমি, পাঞ্জাব – হাৰিয়ানা সমভূমি , গংগা সমভূমি , উত্তৰ বংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি ।

(খ) হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে । সিন্ধু নদীৰ উপনৈ – শতদ্রু, বিপাশা আৰু ৰাবি নদীয়ে কঢ়িয়াই অনা পলসুৱা গেদ পঞ্জাব আৰু হাৰিয়ানাৰ পূব অংশত জমা হৈ সাৰুৱা সমতল ভূমি গঠিত হৈছে ।

এই সমভূমি  দক্ষিণলৈ ঢাল খোৱা আৰু ইয়াৰ মাটি সাৰুৱা বাবে ইয়াত জনবসতি ঘন । এই সমভূমি অঞ্চলটোৱে ১.৭৫ লাখ বৰ্গ কি. মি. আগুৰি আছে  ।

(গ) হিমালয়ৰ পৰা উৎপত্তি হোৱা গংগা নদী আৰু ইয়াৰ উপনৈসমূহে এক বৃহৎ সমভূমিৰ সৃষ্টি কৰিছে । গংগা নদী উচ্চ হিমালয়ৰ গাঙ্গোত্ৰী নামৰ হিমবাহ বা বৰফৰ নৈৰ পৰা ওলাই আহিছে ।

(ঘ) হিমালয় পাৰ্বত্য অঞ্চল এৰি গংগাই উত্তৰ প্ৰদেশ , বিহাৰ আৰু পশ্চিমবংগৰ সমভূমিয়েদি বৈ আহোঁতে যমুনা , গণ্ডক , সোণ , কুশী আদি উপনৈসমূহ ইয়াৰ লগ লাগিছে । গংগা আৰু ইয়াৰ অসংখ্য উপনৈয়ে হিমালয় অঞ্চলৰ পৰা কঢ়িয়াই অনা বালি-বোকা জমা কৰি গংগা সমভূমিৰ সৃষ্টি কৰিছে  ।

এই সমভূমিতে মুঠ ৩,৫৭,০০০ বৰ্গ কি. মি. ঠাই আগুৰি আছে । সাৰুৱা মাটি আৰু সুচল যাতায়াতৰ ব্যৱস্থাৰ বাবে এই সমভূমি ঘন বসতিপূৰ্ণ আৰু কৃষিৰ ক্ষেত্ৰত আগবঢ়া ।

(ঙ) উত্তৰ ভাৰতৰ পলসুৱা সিন্ধু-গংগা ব্ৰহ্মপুত্ৰ সমভূমিৰ পশ্চিম অংশত ৰাজস্থানৰ শুকান সমভূমি অঞ্চলটো অৱস্থিত । এই অঞ্চলটো থৰ মৰুভূমিৰ অংশ । ইয়াৰ অধিকাংশ ঠাই শুকান আৰু বালিময় ।

প্ৰশ্ন :- () দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা

 উত্তৰঃ- দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ হ’ল –

(১) উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ – পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে ।

(২) বিন্ধ্য , সাতপুৰা , মহাদেশ আৰু মহাকাল পূৰ্বতে সমগ্ৰ মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে । ইয়াৰ উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত । আনহাতে দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ আৰু এই অংশটো সাতপুৰা , মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পৰ্যন্ত বিস্তৃত ।

(৩)  দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পৰ্বতৰ ফালে ওখ আৰু পূৰ্বঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলিয়া । এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায়বোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বঙ্গোপসাগৰত পৰিছে । এই নদীবিলাকৰ ভিতৰত মহানদী , গোদাবৰী , কৃষ্ণা , পেনাৰ আৰু কাবেৰীয়েই প্ৰধান ।

(৪) বিন্ধ্য আৰু সাতপুৰা পৰ্বতৰ মাজৰ অঞ্চলটো পূবৰ পৰা পশ্চিমলৈ বৈ গৈ আৰু দুয়োখন নদীয়েই কিম্বে উপসাগৰত পৰিছে ।

প্ৰশ্ন : –  (১০)  উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ –  দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বঙ্গোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল  অঞ্চল অৱস্থিত । এই উপকূল অঞ্চলটোৰ সাগপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত । উপকূল অঞ্চলৰ বৈশিষ্ট্যসমূহ হ’ল –

(১)  ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক ।

(২)  ভাৰতৰ উপকূল অঞ্চলটো পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভগাব পাৰি । ইয়াৰ পূব উপকূল অঞ্চলটো এফালে বঙ্গোপসাগৰ আৰু আন ফালে পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত ।

(৩)  ভাৰতৰ উপকূল অঞ্চলটো গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকাটালৈকে বিস্তৃত । প্ৰায় ১,১০০ কিলোমিটাৰ দীঘল এই উপকূল অঞ্চলটো গড়ে  ১২০  কিলোমিটাৰ বহল ।

 (৪) পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পৰ্বতৰ মাজত অৱস্থিত।

প্রশ্ন : – (১১ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা

উত্তৰঃ – ভাৰতৰ জলবায়ু প্ৰধানকৈ দেশখনৰ বিশালতা , বিষুবৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে । ভাৰতৰ আঞ্চলভেদে থকা জলবায়ুৰ প্ৰধান উপাদান , যেনে – উত্তাপ , বায়ুৰ চাপ , বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে । ভাৰতৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হ’ল –

(ক)  অক্ষাংশভেদে ভাৰতৰ ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাব বাবেই জলবায়ু বেলেগ বেলেগ হয় । ভাৰতৰ প্ৰায় নদীৰ সোঁমাজেদি যোৱা কৰ্কটক্ৰান্তীয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত সেয়েহে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি ।

(খ) ভাৰতৰ ভূ – খণ্ড পৰ্বত – পাহাৰ , মালাভূমি , মৰুভূমি , সমভূমি , আদি ভূ – প্ৰকৃতিৰে গঠিত । এনে ভূ – প্ৰকৃতিৰ বাবেই ঠাই বিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনিছে । ফলত জলবায়ু বেলেগ বেলেগ হয় । উদাহৰণস্বৰূপে –

(১)  একে অক্ষাংশত অৱস্থিত হ’লেও উচ্চতাৰ পাৰ্থক্য বাবেই আগ্ৰা আৰু দাৰ্জিলিংৰ জলবায়ুৰ মাজত যথেষ্ট প্ৰভেদ দেখা যায় ।

(২) হিমালয় পৰ্বত মালাই উত্তৰ দিশৰ পৰা অহা চেঁচা বতাহক বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু সিমান শীতল নহয় ।

(৩) দক্ষিণ ভাৰত যদিও গ্ৰীষ্ম মণ্ডলত পৰিছে তথাপি ইয়াৰ জলবায়ু কিছু মৃদু ।

(৪) মুম্বাইৰ অৱস্থান সাগৰৰ পাৰত হোৱাৰ বাবেই ইয়াৰ জলবায়ু সমভাপন্ন ।

প্ৰশ্ন :- (১২) ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা

উত্তৰঃ- ভাৰতৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত । দেশখনত বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে । গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্ৰবাহিত হয় ।

দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমায় । এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ -পশ্চিম মৌচুমী বতাহ বোলে । আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্ৰথম পশ্চিম ঘাট পৰ্বতত বাধা পাই ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে ।

এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় । এই বায়ুৰ এটা অংশ পশ্চিমঘাট পৰ্বত পৰা হৈ বঙ্গোপসাগৰৰ ফালে আগ বাৰে ।

বঙ্গোপসাগৰৰ ওপৰেদি আনহাতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথ্য  উত্তৰ – পূৰ্বাঞ্চলত প্ৰৱেশ কৰে । এই বতাহে মেঘালয় মালভূমিত বাধ্যপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে । এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত  বছৰি প্ৰায়  ১,২৫০  চেণ্টিমিতাৰ পৰ্যন্ত বৰষুণ হয় । এই দক্ষিণ – পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয় ।

আনহাতে উত্তৰ – পূব মৌচুমী বতাহ শীতকালত কালত বলে । এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ – পূব দিশেৰে ভাৰতলৈ প্ৰভাৱিত হয় বাঢ়ে ইয়াক উত্তৰ – পূব মৌচুমী বতাহ বোলে । উত্তৰ হিমালয় পৰ্বতে এই চেঁচা বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্ৰচণ্ড শীত অনুভৱ নহয় ।

ইয়াৰে এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে । স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান সেয়েহে ইয়াৰ ফলত বৰষুণ নহয় । কিন্তু , এই বতাহ বঙ্গোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয়ভাপ আহৰণ কৰে । জলীয়ভাপ যুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেকা খায় তেতিয়া ভাৰতৰ পূব উপকূলত বিশেষকৈ কৰমণ্ডল  উপকূলত বৰষুণ হয় ।

প্ৰশ্ন :- (১৩) ভাৰতৰ বৰষুণৰ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া

উত্তৰঃ- ভাৰতৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবেই দেশখনত অধিক বৰষুণ নহয় । কিন্তু এই বৰষুণৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে সমান নহয় । ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণৰ মানচিত্ৰ খনলৈ চালে দেখা যায় যে –

(ক) উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ , মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢালত বাৰ্ষিক গড়ে ৩০০ চেণ্টিমিটাৰৰো অধিক হয় ।

(খ) অৰুণাচল প্ৰদেশৰ বহিঃ হিমালয়ৰ অঞ্চলত বাৰ্ষিক গড়ে ৪০০ চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয় ।

(গ) ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত বছৰি গড়ে ৫০ চেণ্টিমিটাৰৰো কম বৰষুণ হয় । ইয়াৰ থৰ মৰুভূমিৰ কোনো ঠাইত বৰষুণ বাৰ্ষিক গড়ে ২০ চেণ্টিমিটাৰৰো কম হয় ।

(ঘ) দাক্ষিণাত্য মালভূমিৰ উত্তৰ আৰু পশ্চিম অংশ আৰু গুজৰাট অঞ্চলত বছৰি গড়ে ৫০ চেণ্টিমিটাৰৰ পৰা ১০০ চেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হয় ।

(ঙ) ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া । বাৰ্ষিক গড়ে ১০০ – ২০০ চেণ্টিমিটা পৰ্যন্ত বৰষুণ হয় ।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন
পাঠ-2ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
পাঠ-3মোৱামৰীয়া গণ বিদ্ৰোহ
পাঠ-4মানৰ অসম আক্ৰমণ
পাঠ-5অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
GEOGRAPHY (ভূগােল)
পাঠ-1ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
পাঠ-2বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
পাঠ-3ভাৰতবৰ্ষৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতৰ ৰাজনৈতিক দল
পাঠ-2চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
পাঠ-3অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
পাঠ-4মূল অৰ্থনৈতিক সমস্যাসমূহ

প্ৰশ্ন :- (১৪) ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা

উত্তৰঃ- ভাৰতৰ উদ্ভিদসমূহক ছয় ভাগত ভগোৱা হৈছে –

(ক) চিৰসেউজীয়া উদ্ভিদ ।

(খ) মৌচুমীয় উদ্ভিদ ।

(গ) কাঁইটীয়া মৰু উদ্ভিদ ।

(ঘ) তৃণজাতীয় উদ্ভিদ ।

(ঙ) ব-দ্বীপয় উদ্ভিদ ।

(চ) পাৰ্বত্য উদ্ভিদ ।

প্ৰশ্ন :- (১৫) ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি ?

উত্তৰঃ- যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিতাৰকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ ২৫° চেণ্টিগ্ৰেডৰ পৰা ২৭° চেণ্টিগ্ৰেড হয় , তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায় । চিৰসেউজীয়া বননিবোৰ ওখ ওখ গছ-গছনিৰে ভৰা ।

ইয়াৰ গছবিলাক ৪৫ মিটাৰ পৰ্যন্ত ওখ হয় । ওখ গছ-গছনিৰ বাহিৰে বেত , বাঁহ , ঢেঁকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায় । বছৰৰ কোনো ঋতুতে এই বিলাকৰ পাত নসৰে । সেয়েহে ইহঁতক চিৰসেউজীয়া উদ্ভিদ বোলে ।

চিৰসেউজীয়া বননিৰ গছ-গছনিবোৰে ডাঠ অৰণ্যৰ সৃষ্টি কৰে । এই অৰণ্যত শিশু , চন্দন , ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায় । পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢাল , অৰুণাচল হিমালয়ৰ নামানিভাগ , উজনি অসম , মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত এনে চিৰসেউজীয়া অৰণ্য দেখা যায় ।

প্ৰশ্ন :- (১৬) ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা

উত্তৰঃ- ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্যসমূহ হ’ল –

(ক) উদ্ভিদৰ প্ৰকাৰ আৰু বিবৰণত উচ্চতাৰ যথেষ্ট গুৰুত্ব আছে । কিয়নো উচ্চতা আৰু পৰ্বত পাহাৰৰ ঢাল অনুসৰি বৰখো , উত্তাপ আৰু মাটিৰ গুণাগুণৰ তাৰতম্য ঘটে । সেইবাবে পাৰ্বত্য অঞ্চলৰ বিভিন্ন উচ্চতাত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখা যায় ।

বহিঃহিমালয়ৰ শিৱালিক পৰ্বতকে ধৰি গড়ে  ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা ডাঠ মৌচুমীয় অৰণ্যৰে আবৃত । ইয়াত শাল গছকে ধৰি ভালেমান মূল্যবান গছ আছে । এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ পোৱা যায় ।

ইয়াৰ ঠিক ওপৰৰ  ১,০০০  মিটাৰৰ  পৰা  ২,০০০  মিটাৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলত বহল পাতৰ ওক আৰু সৰলজাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায় । ইয়াৰ উপৰিও  ১,৬০০  মিটাৰৰ পৰা  ৩,০০০  মিটাৰ উচ্চতাত সৰল গছ বেছিকৈ দেখা যায় ।

কাশ্মীৰ , হিমাচল প্ৰদেশ , উত্তৰাঞ্চল , দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে । ইয়াতকৈ অধিক উচ্চতাৰ পাৰ্বত্য অঞ্চলত আল্পীয় উদ্ভিদ দেখা যায় ।

প্রশ্ন  :- (১৭) ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান ? ইয়াৰ ঘনত্ব কিমান ?

উত্তৰঃ – ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ বৰ্তমান জনসংখ্যা হৈছে  ১২১, ০১ , ৯৩ , ৪২২ জন । ২০১১  চনৰ লোকপিয়ল মতে প্ৰতি বৰ্গকিলোমিটাৰত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব  ৩৮২ জন ।

প্রশ্ন : – (১৮) জনপ্ৰব্ৰজন কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ – মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বোলা হয় । জনপ্ৰব্ৰজন দুই প্ৰকাৰৰ –

(১) আভ্যন্তৰীণ প্ৰব্ৰজন , আৰু  (২) বাহ্যিক প্ৰব্ৰজন

 (১) আভ্যন্তৰীণ প্ৰব্ৰজন :- দেশৰ ভিতৰতে হোৱা প্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন বুলি কোৱা হয় । আভ্যন্তৰীণ প্ৰব্ৰজন দুই প্ৰকাৰৰ –

(¡) আন্তঃৰাজ্যিক প্ৰব্ৰজন ,    (¡¡) ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন ।

(¡) আন্তঃৰাজ্যিক প্ৰব্ৰজন : –  আন্তঃৰাজ্যিক প্ৰব্ৰজন দেশখনৰ ৰাজ্যবিলাকৰ মাজত হয় ।

(¡¡) ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন : – ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন কোনো ৰাজ্যৰ ভিতৰতে জিলাসমূহ বা অঞ্চলসমূহৰ মাজত সংঘটিত হয় । এই দুই প্ৰকাৰৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত চাৰিটা সোত চিনাক্ত কৰা হৈছে । যেনে –

(ক) গাঁৱৰ পৰা গাঁৱলৈ  (খ) গাৱঁৰ পৰা চহৰলৈ  (গ) চহৰৰ পৰা গাঁৱলৈ  (ঘ) চহৰৰ পৰা চহৰলৈ হোৱা প্ৰব্ৰজন ।

(২) বাহ্যিক প্ৰব্ৰজন : – ভাৰতবৰ্ষ আৰু অন্য দেশবিলাকৰ মাজত হোৱা জনপ্ৰব্ৰজনক বাহ্যিক প্ৰব্ৰজন বোলে । এই প্ৰকাৰৰ প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিও জনা যায় । যেনে – ভাৰতবৰ্ষ আৰু ইয়াৰ চুবুৰীয়া দেশসমূহৰ মাজত হোৱা প্ৰব্ৰজনক বাহ্যিক বা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয় ।

Social Path 3 Q-18 Geography
ভাৰতৰ জনপ্ৰব্ৰজন

প্ৰশ্ন :- (১৯) জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে ?

উত্তৰঃ- প্ৰব্ৰজনৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী । প্ৰব্ৰজন বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন ভাৰতবৰ্ষৰ এটা অন্যতম প্ৰধান সমস্যাৰূপে  পৰিগণিত হৈছে । প্ৰব্ৰজনৰ ফলত দেশৰ সামাজিক , অৰ্থনৈতিক , পৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহলৈ কিছুমান তাৎপৰ্যপূৰ্ণ পৰিৱর্তন আহিছে । প্ৰব্ৰজনৰ কেইটামান বিশেষ প্ৰভাৱ হ’ল –

(ক) প্ৰব্ৰজনৰ ফলত দেশৰ জাতি , ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে ।

(খ) প্ৰব্ৰজনৰ ফলত দেশৰ অৰ্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ-বাণিজ্য প্ৰসাৰ ঘটিছে ।

(গ) প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাথঁনি সলনি কৰিছে । প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি , ঘনত্ব , শিক্ষিতৰ হাৰ সলনি হৈছে । কোনো কোনো অঞ্চলত প্ৰব্ৰজনকাৰী  সংখ্যা ভূমিপুত্ৰ সকলক সংখ্যাতকৈ অধিক হোৱাৰ ফলত ভাষা , ধৰ্ম , সংস্কৃতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হৈছে ।

(ঘ) প্ৰব্ৰজনে প্রত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে । জনসংখ্যা বৃদ্ধিৰ ফলত দেশত নানা সমস্যাৰ সৃষ্টি হৈছে । দেশৰ ভূমিসম্পদৰ ওপৰত অত্যধিক হেঁচা পৰিছে ,  অৰণ্য আৰু আৰ্দ্ৰ ভূমিৰ পৰিৱেশতন্ত্ৰ বিঘ্নিত হৈছে আৰু নিয়োগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু শিক্ষা খণ্ডতো সমস্যাৰ সৃষ্টি হৈছে ।

(ঙ) প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হোৱা ধৰ্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

(চ) প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপত ভোগে ।

(ছ) প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল গঢ়ি উঠিছে । এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত নগৰীয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে ।

(জ) প্ৰব্ৰজনৰ ফলত দেশখনৰ বা ৰাজ্যসমূহৰ ৰাজনৈতিক পৰিস্থিতিৰ পট পৰিৱৰ্তন হোৱাৰ উপক্ৰম হৈছে ।

প্ৰশ্ন :- (২০) ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা

উত্তৰঃ- ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ হ’ল – (ক) নিম্ন জনভূমি আয় , (খ) জনমুৰি আয়ৰ মন্থৰ বৃদ্ধি , (গ) অত্যাধিক জনসংখ্যাৰ চাপ , (ঘ) দাৰিদ্ৰতা (ঙ) কৃষি – নিৰ্ভৰশীলতা , (চ) বৰ্ধিত নিবনুৱা সমস্যা আৰু  (ছ) পৰিকল্পনা ভিত্তিত উন্নয়ন ।

(ক) নিম্ন জনভূমি : মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে ভাগ কৰি জনমূৰি আয় নিৰ্ধাৰণ কৰা হয় ।  কোনো ব্যক্তিৰ জীৱন নিৰ্বাহৰ মানদণ্ডৰ প্ৰধান সূচক হৈছে তেওঁৰ আয় । কোনো এটা বছৰৰ জনমূৰি আয় মানে হৈছে এজন ব্যক্তিয়ে গড় হিচাপে বছৰি লাভ কৰা আয়ৰ পৰিমাণ ।

২০০৯ – ১০ বৰ্ষাৰ হিচাপত মাহে জনমূৰি আয় প্ৰায় ২৮১১ হয় ।কিন্তু বৰ্তমান সময়ত এজন ব্যক্তিৰ অন্ন , বস্ত্ৰ আৰু বাসস্থানৰ ক্ষেত্ৰত হোৱা খৰচৰ তুলনাত এই পৰিমাণৰ জনমূৰি আয় তেনেই কম হয় ।সেয়েহে এনে পৰিস্থিতিত সাধাৰণ জনগণে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে ।

()জনমুৰি আয়ৰ মন্থৰ বৃদ্ধি : প্ৰতি বছৰে জনমূৰি আয় বৃদ্ধি হৈ আছে যদিওঁ এই বৃদ্ধিৰ হাৰ সামান্য । ২০০৮ – ০৯ বৰ্ষৰ পৰা ২০০৯ – ১০ বৰ্ষৰ ভিতৰত কেৱল ১৯৩০ এটা জনমূৰি আয় বৃদ্ধি হৈছে ।

(গ) অত্যধিক জনসংখ্যাৰ চাপ : ভাৰতীয় অৰ্থনৈতিক অত্যধিক জনসংখ্যাৰ দ্বাৰা ভৰপূৰ । স্বাধীনতাৰ সময়ত  ১৯৮৭ চনত ভাৰতৰ জনসংখ্যা আছিল  ৩৫০  নিযুত । ২০১১ চনত এই জনসংখ্যা ১,২১০ নিযুতলৈ বৃদ্ধি হয় ।

জনসংখ্যাৰ হিচাপত চীন দেশৰ পিছতে বিশ্বত দ্বিতীয় স্থান অধিকাৰ কৰা ভাৰতবৰ্ষই অভাৱনীয় জনসংখ্যাৰ বৃদ্ধিৰ বাবে অন্ন , বস্ত্ৰ আৰু বাসস্থানৰ সমস্যাৰ লগতে নিবনুৱাকে ধৰি অনেক সমস্যাই দেখা দিয়ে । ভাৰতৰ জনসংখ্যাৰ দ্রুত বৃদ্ধিয়ে দেশখনৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে ।

(ঘ) দৰিদ্ৰতা : ভাৰতীয় অৰ্থনীতিৰ আন এক বিশেষ বৈশিষ্ট্য হৈছে দৰিদ্ৰতা । পৃথিৱীৰ মুঠ দৰিদ্ৰলোকৰ এক – তৃতীয়াংশ ভাৰতত বাস কৰে । অন্ন , বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত ভাৰতৰ গাঁও আৰু চহৰ অঞ্চলত বহুতো লোকে কষ্টকৰ জীৱন কটাইছে ।

২০১১ চনৰ লোকপিয়ল তথ্য অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ২৭.৫ শতাংশ লোক দৰিদ্ৰ অৰ্থাৎ দেশখনত ৩০ কুটিৰো অধিক দাৰিদ্ৰ লোকে বাস কৰে ।

(ঙ) কৃষি – নিৰ্ভৰশীলতা :- কৃষি নিৰ্ভৰশীলতা ভাৰতীয় অৰ্থনীতিৰ আন এক বৈশিষ্ট্য । জীৱন নিৰ্বাহৰ বাবে দেশৰ জনসাধাৰণে কৃষি , শিল্প , ব্যৱসায় , চাকৰি আদিৰ দৰে কৰ্মত আত্মনিয়োগ কৰে । পৰম্পৰাগতভাৱে দেশৰ বেছিসংখ্যক লোকেই কৃষি কাৰ্যৰ লগত জড়িত আৰু সেয়েহ ভাৰতৰ অৰ্থনীতি প্ৰধানকৈ কৃষি নিৰ্ভৰশীল ।

জনসাধাৰনে কৃষি , শিল্প , ব্যৱসায় , চাকৰি আদিৰ দৰে কৰ্মত আত্মনিয়োগ কৰে । পৰম্পৰাগতভাৱে দেশৰ বেছি সংখ্যক লোকেই কৃষি কাৰ্যৰ লগত জড়িত আৰু সেয়েহে ভাৰতৰ অৰ্থনীতি প্ৰধানকৈ কৃষি নিৰ্ভৰশীল ।

(চ) বৰ্ধিত নিবনুৱা সমস্যা : বৰ্ধিত নিবনুৱা সমস্যা ভাৰতীয় অৰ্থনীতিৰ আন এক বৈশিষ্ট্য । দেশৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে স্বাভাৱিকতে কৰ্মক্ষম লোকৰ সংখ্যাও বৃদ্ধি হৈ থাকে । কিন্তু দেশৰ শিল্প , বাণিজ্য , ব্যৱসায় , যাতায়াত আদি ক্ষেত্রসমূহৰ বিকাশ সঠিক অনুপাতে নোহোৱাৰ বাবে সকলো কৰ্মক্ষম লোকে কৰ্মসংস্থাপন লাভ কৰিব পৰা নাই ।

ইয়াৰ ফলত দেশত নিবনুৱা সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে আৰু অৰ্থনৈতিক বিকাশৰ বাধাৰ সৃষ্টি কৰিছে ।

() পৰিকল্পনা ভিত্তিক উন্নয়ন : ১৯৫১ চনত গ্ৰহণ কৰা প্ৰধান পঞ্চবাৰ্ষিক পৰিকল্পনাকে ধৰি যোৱা প্রায় ৬০ বছৰে অব্যাহত থকা পৰিকল্পনা ভিত্তিক উন্নয়নৰ প্ৰচেষ্টাই দেশৰ প্ৰগতিত যথেষ্ঠ অৰিহনা যোগায় আহিছে । দেশৰ সামাজিক , শৈক্ষিক আৰু বিশেষকৈ অৰ্থনৈতিক সমস্যাসমূহ নিৰাময় কৰিবলৈ এই  গ্ৰহণ কৰা হৈছে ।

প্ৰশ্ন :- (২১) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা কি কি ?

উত্তৰঃ- ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা হ’ল : –

Class 9 Geography Q-21
ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল

প্ৰশ্ন :- (২২) ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন কি কি  নাম লিখা

উত্তৰঃ- ভাৰতৰ বৰ্তমান ৰাজ্য ২৯ খন ।সেইকেইখন হ’ল –

Class 9 geography Q-22
ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন নাম

প্ৰশ্ন :- (২৩) ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি ? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান ?

উত্তৰঃ-  ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হ’ল -তেলেংগানা । ইয়াৰ সৰ্বমুঠ মাটিকালি হ’ল – ১,১৪,৮৪০ বৰ্গ কি. মি. আৰু ইয়াৰ জনসংখ্যা ৩৫.১৯ মিলিয়ন ।

SEBA Class 9 Social Science (সমাজ বিজ্ঞান) Questions Answer

5 thoughts on “Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top