Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল

Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল, SEBA Class 9 Social Science Books Assamese Medium Question Answer and select needs one.

Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোলন

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল Solutions for All Subject, You can practice these here.

ভাৰতবৰ্ষৰ ভূগোল

পাঠ- ৩ (সমাজ বিজ্ঞান) ভূগোল

ADDITIONAL QUESTIONS ANSWERS

অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ

১। ভাৰতবৰ্ষ পৃথিৱীৰ কোন গোলাৰ্ধত অৱস্থিত ?

উত্তৰঃ উত্তৰ গোলার্ধত।

২। আকাৰ হিচাপেত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত কিমান ?

উত্তৰঃ সপ্তম স্থানত।

৩। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান ?

উত্তৰঃ ৩,২৮৭, ২৬৩ বর্গ কিলোমিটাৰ। 

৪। ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ জুৰি আছে ? 

উত্তৰঃ ২.৪ শতাংশ।

৫। ভাৰতবৰ্ষক কিয় উপমহাদেশ বুলি কোৱা হয় ?

উত্তৰঃ দেশখনৰ বিশাল আকাৰ আৰু বিস্তৃতিৰ বাবে ভাৰতবৰ্ষক উপমহাদেশ বুলি কোৱা হয়।

৬। ভাৰতবৰ্ষৰ বৰ্তমান ৰাজ্য কিমান ?

উত্তৰঃ ২৯ খন।

৭। ভাৰতবৰ্ষৰ বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন ?

উত্তৰঃ ৭ খন।

৮। ভূ-বিজ্ঞানীসকলৰ মতে হিমালয় পর্বতমালা কোন মুখ সৃষ্টি হৈছিল বুলি অনুমান কৰে ?

উত্তৰঃ টাৰচিয়েবি যুগত। 

৯। উত্তৰৰ হিমালয় পার্বত্য অঞ্চলৰ মাটিকালি কিমান ?

উত্তৰঃ প্ৰায় ৫,০০,০০০ বর্গ কিলোমিটাৰ।

১০। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ মাটিকালি কিমান ? 

উত্তৰঃ প্ৰায় ৭,০০,০০০ বর্গ কিলোমিটাৰ।

প্ৰশ্ন:- (১) ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা ।

উত্তৰঃ- ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। এই দেশখন এছিয়া মহাদেশৰ অন্তৰ্গত । ভাৰতবৰ্ষ এখন পৃথিৱীৰ বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ । ভাৰতবৰ্ষ ৮°৪/২৮//উত্তৰৰ পৰা ৩৭°১৭/৫৩// উত্তৰ অক্ষৰেখা আৰু ৬৮°৭/৩৩// পূবৰ পৰা ৯৭°২৪/৪৭// পূব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত ।

২৩°৩০/ উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ সোমাজেদি গৈছে । এই ৰেখাডাল ভাৰতক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত ভাগ কৰিছে ।ইয়াৰে দক্ষিণ ভাগটো পূবে বঙ্গোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত । ভাৰতবৰ্ষ এখন বিশাল দেশৰ ।  আকাৰত ই পৃথিৱীৰ দেশ সমূহৰ ভিতৰত সপ্তম স্থানত আছে ।

এই দেশখন যুক্ত ৰাষ্ট্ৰতকৈ ১৩ গুণ আৰু জাপানতকৈ ৪গুণ ডাঙৰ । ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ । এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ জুৰি আছে । ইয়াৰ চাৰিসীমাটো হ’ল –

         উত্তৰে – সু-উচ্চ হিমালয় পৰ্বতমালা আৰু চিন দেশ ।

         দক্ষিণে – ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা ।

          পূবে – বঙ্গোপসাগৰ আৰু ম্যানমাৰ ।

প্ৰশ্ন🙁) ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈঘ্য  কিমান ?

উত্তৰঃ- ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈঘ্য হ’ল  ৬,১০০ কিলোমিটাৰ ।

প্রশ্ন :- () ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান ?

উত্তৰঃ- ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হ’ল ১৫,২০০  কিলোমিটাৰ ।

প্রশ্ন :- () ভাৰতৰ ভূখণ্ড সম্পৰ্কে এটি চামুটোকা লিখা

উত্তৰঃ – এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ । এই মহাদেশৰ দক্ষিণ অংশত ভাৰতবৰ্ষ অৱস্থিত । ভাৰতৰ উত্তৰা – দক্ষিণালৈ থকা ভূ – খণ্ড প্ৰায় ৩,২১৪ কি. মি. আৰু পুবা – পশ্চিমাকৈ প্ৰায়  ২,৯৩৩ কিলোমিটাৰ বিস্তৃত । পূবে বঙ্গোপসাগৰ , পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ – ভাগে প্ৰায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে ।

এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে । ভাৰতৰ ভূ – খণ্ডই চুবুৰীয়া দেশসমূহৰ সৈতে স্থল – ভাগৰ সীমাৰেখাৰ সৃষ্টি কৰিছে । পশ্চিমে পাকিস্তান , উত্তৰে চীন , নেপাল আৰু ভূটান , পূবে চীন , দক্ষিণে – পূবত ম্যানমাৰ আৰু বাংলাদেশৰ  লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০  কিলোমিটাৰ ।

প্রশ্ন :- () উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য লিখা

উত্তৰঃ – উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত কিছুমান পাৰ্থক্য দেখা যায় । তাৰে চাৰিটা পাৰ্থক্য তলত উল্লেখ কৰা হ’ল – 

(১) উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গোটেই বছৰজুৰি পানীৰ সোঁত থাকে । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক নদী খৰালি কালত প্ৰায়েই শুকাই যায় ।

(২) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি , মধ্যগতি আৰু নিম্নগতি – এই তিনিটা গতি কিন্তু দক্ষিণ ভাৰতৰ নদী বিলাকত এই গতি স্পষ্ট নহয় ।

(৩) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু ইহঁতৰ গতি ধীৰ । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্ৰোতা ।

 (৪) দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল আৰু সেইবোৰ দাক্ষিণাত্য মালভূমিৰ কঠিন শিলাৰ মাজেৰে নিৰ্দিষ্ট গতিপথেৰে বৈ আছে । আনহাতে উত্তৰ ভাৰতৰ নদীবোৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন আৰু এই নদীবোৰে সঘনে সুঁতি সলাই থাকে ।

প্ৰশ্ন :- () ভাৰতৰ ভূপ্ৰাকৃতিক ভাগকেইটা কি কি ?

উত্তৰঃ – ভাৰতৰ ভূ – প্ৰাকৃতিক ভাগকেইটা হ’ল ক্ৰমে –

(১) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল   (২) উত্তৰ ভাৰতৰ সামভূমি অঞ্চল     (৩) দাক্ষিণাত্য মালভূমি অঞ্চল  আৰু   (৪) উপকূল অঞ্চল ।

প্ৰশ্ন :- () উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা

উত্তৰঃ – উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ হ’ল – হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত । এই পৰ্বতৰ বহুতো ঠাল – ঠেঙুন আছে । হিমালয় আৰু ইয়াৰ ঠাল – ঠেঙুলিবোৰ সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হয় । এই পৰ্বতমালা ভাৰতৰ লগতে নেপাল , ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে ।

ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে । ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূৱা – পশ্চিমাকৈ বিস্তৃত হৈ আছে । এই অঞ্চল প্ৰায় ২,৫০০ কিলোমিটাৰ দীঘল আৰু প্ৰায় ২৪০ কিলোমিটাৰ পৰা ৫০০ কিলোমিটাৰ পৰ্যন্ত বহল ।

এই পাৰ্বত্য অঞ্চলটোৰ মাটিকালি প্ৰায়  ৫,০০,০০০  বৰ্গ কিলোমিটাৰ এই অঞ্চলৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক ।

প্রশ্ন :- ()উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা  

উত্তৰঃ- উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই উত্তৰ ভাৰতত সমভূমি অঞ্চল । এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় ২ , ৪০০ কি . মি . বিস্তৃত। ইয়াক প্ৰধানকৈ -সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়।

সিন্ধু – গঙ্গা – সমভূমি অঞ্চলৰ প্ৰস্থ ২৪০ কিলোমিটাৰৰ পৰা ৩২০ কি.মি. পৰ্যন্ত হয় । কিন্তু ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ প্ৰস্থ গড়ে ৮০ কি.মি. হয় । উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় ৭০,০০,০০০বৰ্গ কি.মি. আগুৰি আছে ।

বৈশিষ্ট্যসমূহ হ’ল –

(ক)পাঁচখন সৰু – বৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো । এই পাঁচখন সমভূমি হৈছে – পশ্চিম সমভূমি, পাঞ্জাব – হাৰিয়ানা সমভূমি , গংগা সমভূমি , উত্তৰ বংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি ।

(খ) হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে । সিন্ধু নদীৰ উপনৈ – শতদ্রু, বিপাশা আৰু ৰাবি নদীয়ে কঢ়িয়াই অনা পলসুৱা গেদ পঞ্জাব আৰু হাৰিয়ানাৰ পূব অংশত জমা হৈ সাৰুৱা সমতল ভূমি গঠিত হৈছে ।

এই সমভূমি  দক্ষিণলৈ ঢাল খোৱা আৰু ইয়াৰ মাটি সাৰুৱা বাবে ইয়াত জনবসতি ঘন । এই সমভূমি অঞ্চলটোৱে ১.৭৫ লাখ বৰ্গ কি. মি. আগুৰি আছে  ।

(গ) হিমালয়ৰ পৰা উৎপত্তি হোৱা গংগা নদী আৰু ইয়াৰ উপনৈসমূহে এক বৃহৎ সমভূমিৰ সৃষ্টি কৰিছে । গংগা নদী উচ্চ হিমালয়ৰ গাঙ্গোত্ৰী নামৰ হিমবাহ বা বৰফৰ নৈৰ পৰা ওলাই আহিছে ।

(ঘ) হিমালয় পাৰ্বত্য অঞ্চল এৰি গংগাই উত্তৰ প্ৰদেশ , বিহাৰ আৰু পশ্চিমবংগৰ সমভূমিয়েদি বৈ আহোঁতে যমুনা , গণ্ডক , সোণ , কুশী আদি উপনৈসমূহ ইয়াৰ লগ লাগিছে । গংগা আৰু ইয়াৰ অসংখ্য উপনৈয়ে হিমালয় অঞ্চলৰ পৰা কঢ়িয়াই অনা বালি-বোকা জমা কৰি গংগা সমভূমিৰ সৃষ্টি কৰিছে  ।

এই সমভূমিতে মুঠ ৩,৫৭,০০০ বৰ্গ কি. মি. ঠাই আগুৰি আছে । সাৰুৱা মাটি আৰু সুচল যাতায়াতৰ ব্যৱস্থাৰ বাবে এই সমভূমি ঘন বসতিপূৰ্ণ আৰু কৃষিৰ ক্ষেত্ৰত আগবঢ়া ।

(ঙ) উত্তৰ ভাৰতৰ পলসুৱা সিন্ধু-গংগা ব্ৰহ্মপুত্ৰ সমভূমিৰ পশ্চিম অংশত ৰাজস্থানৰ শুকান সমভূমি অঞ্চলটো অৱস্থিত । এই অঞ্চলটো থৰ মৰুভূমিৰ অংশ । ইয়াৰ অধিকাংশ ঠাই শুকান আৰু বালিময় ।

প্ৰশ্ন :- () দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা

 উত্তৰঃ- দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ হ’ল –

(১) উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ – পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে ।

(২) বিন্ধ্য , সাতপুৰা , মহাদেশ আৰু মহাকাল পূৰ্বতে সমগ্ৰ মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে । ইয়াৰ উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত । আনহাতে দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ আৰু এই অংশটো সাতপুৰা , মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পৰ্যন্ত বিস্তৃত ।

(৩)  দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পৰ্বতৰ ফালে ওখ আৰু পূৰ্বঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলিয়া । এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায়বোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বঙ্গোপসাগৰত পৰিছে । এই নদীবিলাকৰ ভিতৰত মহানদী , গোদাবৰী , কৃষ্ণা , পেনাৰ আৰু কাবেৰীয়েই প্ৰধান ।

(৪) বিন্ধ্য আৰু সাতপুৰা পৰ্বতৰ মাজৰ অঞ্চলটো পূবৰ পৰা পশ্চিমলৈ বৈ গৈ আৰু দুয়োখন নদীয়েই কিম্বে উপসাগৰত পৰিছে ।

প্ৰশ্ন : –  (১০)  উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ –  দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বঙ্গোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল  অঞ্চল অৱস্থিত । এই উপকূল অঞ্চলটোৰ সাগপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত । উপকূল অঞ্চলৰ বৈশিষ্ট্যসমূহ হ’ল –

(১)  ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক ।

(২)  ভাৰতৰ উপকূল অঞ্চলটো পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভগাব পাৰি । ইয়াৰ পূব উপকূল অঞ্চলটো এফালে বঙ্গোপসাগৰ আৰু আন ফালে পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত ।

(৩)  ভাৰতৰ উপকূল অঞ্চলটো গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকাটালৈকে বিস্তৃত । প্ৰায় ১,১০০ কিলোমিটাৰ দীঘল এই উপকূল অঞ্চলটো গড়ে  ১২০  কিলোমিটাৰ বহল ।

 (৪) পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পৰ্বতৰ মাজত অৱস্থিত।


5 thoughts on “Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top