Class 9 Social Science Political Lesson 4 মূল অৰ্থনৈতিক সমস্যাসমূহ

Class 9 Social Science Political Lesson 4 মূল অৰ্থনৈতিক সমস্যাসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Social Science Political Lesson 4 মূল অৰ্থনৈতিক সমস্যাসমূহ and select needs one.

Join Telegram Groups

Class 9 Social Science Political Lesson 4 মূল অৰ্থনৈতিক সমস্যাসমূহ

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science Political Lesson 4 মূল অৰ্থনৈতিক সমস্যাসমূহ Solutions for All Subject, You can practice these here…

মূল অৰ্থনৈতিক সমস্যাসমূহ

পাঠ ৪  (সমাজ বিজ্ঞান) তৃতীয় খণ্ড

সংজ্ঞা লিখা

প্ৰশ্ন :-  (দৰিদ্ৰতা

উত্তৰঃ দৰিদ্ৰতাদৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য’ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে বাসস্থান , খাদ্য , বস্ত্ৰ , শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয় । দৰিদ্ৰতা আপেক্ষিক আৰু চৰম দুই প্ৰকাৰৰ হ’ব পাৰে ।

প্ৰশ্ন : – (নিবনুৱা

উত্তৰঃ নিবনুৱা : কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা থকাৰ পাছতো যদি কোনো উপযুক্ত সংস্থাপন নাপায় তেনে ব্যক্তিক নিবনুৱা কোৱা হয় ।

নিবনুৱা সাধাৰণতে দুই প্ৰকাৰৰ(১) গ্ৰাম্য নিবনুৱা আৰু  (২) চহৰীয়া নিবনুৱা ।

প্ৰশ্ন : – (জনসংখ্যাৰ ঘনত্ব

উত্তৰঃ জনসংখ্যাৰ ঘনত্ব : কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ হিচাব কৰাকে জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয় ।

প্ৰশ্ন : – () লিংগ অনুপাত

উত্তৰঃ লিংগ অনুপাত : কোনো এখন ঠাইৰ মুঠ জনসংখ্যাৰ প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা গণনা কৰাকে লিংগ অনুপাত বোলে ।

প্ৰশ্ন : – ()   চৰম দৰিদ্ৰতা

উত্তৰঃ  চৰম দৰিদ্ৰতা :  ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংখ্যা মতে গাঁও অঞ্চলত দৈনিক জনমূৰি নূন্যতম  ২৪০০  কেলৰি আৰু চহৰ অঞ্চলত দৈনিক  ২১০০  কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয় । যিসকল লোকে এই নূন্যতম পৰিমানতকৈও কম খাদ্যহে আহৰণ কৰিব পাৰে তেনেবোৰ লোকৰ দৰিদ্ৰ অৱস্থাটোক চৰম দৰিদ্ৰতা বুলি কোৱা হয় ।

প্ৰশ্ন : –  () আপেক্ষিক দৰিদ্ৰতা

উত্তৰঃ আপেক্ষিক দৰিদ্ৰতা : যিসকল  লোকে সমাজত জীৱন ধাৰণৰ সাধাৰণ মান – সন্মান বচাই ৰাখিবলৈ প্ৰয়োজন হোৱা নিম্নতম আয় উপাৰ্জন কৰিবলৈও সক্ষম নহয় তেনে লোকসকলক আপেক্ষিক দৰিদ্ৰতা বুলি কোৱা হয় ।

প্ৰশ্ন : – (বহনক্ষম উন্নয়ন

উত্তৰঃ বহনক্ষম উন্নয়ন : বহনক্ষম উন্নয়ন হৈছে এক বিবেচনাসম্পন্ন উন্নয়ন ব্যৱস্থা । যি ব্যৱস্থাই সমাজৰ বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষাৰ অনুকূলে ক্ৰিয়া কৰে ।

প্ৰশ্ন  : – (সেউজ অৰ্থনীতি

উত্তৰঃ সেউজ অৰ্থনীতি : যি অৰ্থনীতিয়ে পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ প্ৰতি থকা ভাবুকিসমূহ দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰিব বিচৰা অৰ্থনৈতিক সেউজ অৰ্থনীতি বোলা হয় ।

প্রশ্ন : – (দৰিদ্ৰতাৰ সীমাৰেখা কি ? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি ?

উত্তৰঃ ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞা মতে গ্ৰাম্য অঞ্চলৰ প্ৰতিজন লোকৰ বাবে দৈনিক নিম্নতম  ২৪০০  কেলৰি আৰু নগৰ অঞ্চলৰ প্ৰতিজন লোকৰ বাবে দৈনিক নিম্নতম  ২১০০  কেলৰি বা প্ৰটিনযুক্ত  আহাৰ উপভোগৰ বাবে ব্যয় কৰিব নোৱাৰে , তেওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব বা যিসকল লোকে এনে পৰিমাণৰ খাদ্য পাবৰ বাবে ব্যয় কৰিব নোৱাৰে তেওঁলোকেই হ’ব দৰিদ্ৰ লোক । গাঁও অঞ্চলত দৈনিক নিম্নতম  ২৪০০  কেলৰি আৰু চহৰ অঞ্চলত  ২১০০   কেলৰি আহাৰ আহৰণ কৰিব নোৱাৰা লোকক দৰিদ্ৰতাৰ সীমাৰেখাৰ ভিতৰত ধৰা হয় 

প্ৰশ্ন  : – (২০১১ চনৰ লোকপিয়লমতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান ?

উত্তৰঃ ২০১১ চনৰ লোকপিয়লমতে   –   ভাৰতবর্ষৰ জনসংখ্যা  –   ১২১  কোটি । অসমৰ জনসংখ্যা  –    প্ৰায়   ৩  কোটি  ১২  লাখ ।

প্ৰশ্ন : –  (বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে ?

উত্তৰঃ বিশ্বৰ মাটিকালিৰ  ২.৪ শতাংশ ভাৰতত আছে ।

প্ৰশ্ন : – () ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান ?

উত্তৰঃ ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্যখন হৈছে কেৰেলা । ই হ’ল  ১০৮৪  । 

প্ৰশ্ন : – (অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান ?

উত্তৰঃ অসমৰ জনসংখ্যাৰ ঘনত্ব হ’ল ৩৯৭  জন ।

প্ৰশ্ন  : – (ছদ্মবেশী নিবনুৱা কাক বোলে  ?

উত্তৰঃ ছদ্মবেশী নিবনুৱাসকল বনুৱা হয় যদিও উৎপাদন কাৰ্যত মুঠ উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা নাথাকে । এনেধৰণৰ নিবনুৱাক , ছদ্মবেশী নিবনুৱা বুলি কোৱা হয় । প্ৰয়োজনতকৈ অধিক থকা বনুৱাক এইবিধ নিবনুৱাত ধৰা হয় ।

প্ৰশ্ন  : – ()   মুদ্ৰাস্ফীতি কি ?

উত্তৰঃ কোনো এখন দেশৰ অৰ্থনীতিত যেতিয়া বস্তুৰ মূল্য বৃদ্ধি পায় আৰু মুদ্ৰাৰ মূল্য হ্ৰাস পায় , তেতিয়া মুদ্ৰাস্ফীতি হোৱা বুলি ধৰা হয় ।

প্ৰশ্ন : – () মুদ্ৰাস্ফীতিৰ কৰণবোৰ কি কি ?

উত্তৰঃ মুদ্ৰাস্ফীতিৰ কাৰণ প্ৰধানকৈ দুটা । সেই দুটা

(১)  চাহিদাজনিত (Demand pull)

(২) ব্যয়জনিত  (Cost – push) ।

প্ৰশ্ন : – (১০দমিত মুদ্ৰাস্ফীতি কাক বোলে ?

উত্তৰঃ  চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা , চৰকাৰী ভাবে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে । এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস হয় । এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বুলি কোৱা হয় ।

প্রশ্ন  : – (১১) কৰ্মী জনসংখ্যা অনুপাত সম্পৰ্কে লিখা

উত্তৰঃ মুঠ কৰ্মী – সংখ্যাক জনসংখ্যাৰে ভাগ কৰি   ১০০  ৰে পুনৰ কৰিলে কৰ্মী জনসংখ্যা অনুপাত পোৱা যায় । যিমানে এই অনুপাত বেছি হয় সিমানেই নিবনুৱাৰ সংখ্যা হ্ৰাস পায় ।

তালিকা : ভাৰতবৰ্ষত কৰ্মী – জনসংখ্যা অনুপাত ( ১৯৯৯ – ২০০০ )

তালিকাগাঁও অঞ্চলচহৰ অঞ্চলমুঠ
পুৰুষ৫৩ . ১৫১ . ৮৫২.৭
মহিলা২৯ . ৯১৩ . ৯৩৯.৫
মুঠ৪১ . ৭ ৩৩ . ৭ ২৫.৪

প্ৰশ্ন : – (১২) কৰ্মী জনসংখ্যা = মুঠ কৰ্মী সংখ্যা / × ১০০   সম্পূৰ্ণ কৰা

উত্তৰঃ ছাত্ৰ – ছাত্ৰীয়ে নিজে কৰা ।

প্ৰশ্ন  : – (১৩) বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল ?

উত্তৰঃ ব্ৰোটলেণ্ড বা পৰিবেশ আৰু উন্নয়নৰ বিশ্ব আয়োগে ।  ১৯৮৭ চনত  ।

প্রশ্ন  : – (১৪) পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ কি হোৱাটো বিচাৰে ?

উত্তৰঃ পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ  : চিন্তা বিশ্বব্যাপী হওক , কাৰ্যপন্হা স্থানীয় হওক   ( Think globally  ; act locally  )  ।

দীঘল উত্তৰৰ প্ৰশ্ন

প্ৰশ্ন : – () ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কৰণবোৰ আলোচনা কৰা

উত্তৰঃ – ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ সমূহ

(১) উচ্চ জন্ম হাৰ ।

(২) নিৰক্ষৰতা ।

(৩) দৰিদ্ৰতা ।

(৪) সামাজিক অজ্ঞতা ।

(৫) জনসংখ্যা শিক্ষাৰ অভাৱ ।

() উচ্চ জন্ম হাৰ : কোনো এখন দেশৰ জন্মৰ হাৰ যদি মৃত্যুৰ হাৰতকৈ বেছি হয় , তেতিয়া সেই দেশৰ জনসংখ্যা স্বাভাৱিকতে  বৃদ্ধি হয় । আকৌ চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে মানুহৰ গড় আয়ুস তুলনামূলকভাৱে বৃদ্ধি পোৱাৰ বাবে জনসংখ্যা বৃদ্ধি হৈছে ।

() নিৰক্ষৰতা : ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বহুতো লোকে এতিয়াও শিক্ষাৰ পৰা বঞ্চিত হৈ আছে । এনে লোক অদূৰদৰ্শী আৰু অন্ধবিশ্বাসৰ বলি হয় । জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হ’ব পৰা সমস্যাৰাজিৰ বিষয়ে এওঁলোক একেবাৰেই অজ্ঞ । ফলত কোনো পৰিকল্পনা নকৰাকৈ এনে লোকে যধে মধে সন্তান জন্ম দিয়াৰ ফলত জনবিস্ফোৰণ ঘটে ।

() দৰিদ্ৰতা : পৃথিৱীৰ বিভিন্ন দেশে সন্মুখীন হৈ অহা এক জ্বলন্ত সমস্যা হৈছে দৰিদ্ৰতা । দৰিদ্ৰতাৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে । বহল অৰ্থত দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য’ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনে খাদ্য , বস্ত্ৰ , বাসস্থান , শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয় । সম্পদ আৰু আয়ৰ অসম বিতৰণে এখন দেশৰ অৰ্থনীতিত অৰ্থনৈতিক অসমতাৰ সৃষ্টি কৰে । ইয়াৰ ফলস্বৰূপে ধনী আৰু দুখীয়াৰ মাজত থকা ব্যৱধান বৃদ্ধি পায় । ফলত দৰিদ্ৰ লোকসকল দৰিদ্ৰতাৰ পাকচক্ৰ ( Vicious Circle of Poverty ) ত পৰি দৰিদ্ৰৰ পৰা আৰু অধিক দৰিদ্ৰতাৰ মাজলৈ গতি কৰে ।

() সামাজিক অজ্ঞতা : জাতিভেদ আৰু বৰ্ণভেদ প্ৰথাৰ ফলত জনসংখ্যাৰ বুজনসংখ্যক লোক আৰ্থ – সামাজিক উন্নয়নৰ সুফলবোৰৰ পৰা বঞ্চিত হৈ পৰাত দৰিদ্ৰতাৰ সমস্যাটোৱে এক জটিল ৰূপ ধাৰণ কৰিছে ।

(৫) জনসংখ্যা শিক্ষাৰ অভাৱ : গ্ৰাম্য ভাৰতবৰ্ষত দৰিদ্ৰতাৰ মূল কাৰণসমূহৰ হ’ল – ভূমিৰ মালিকীস্বত্ত্বৰ অভাৱ , কৃষি খণ্ডৰ বাহিৰত কৰ্মসংস্থাপনৰ অভাৱ , কৃষিখণ্ডত উদ্ভৱ হোৱা ঋতুজ নিবনুৱা , অশিক্ষিত আৰু অদক্ষ শ্ৰমিকৰ প্ৰাদুৰ্ভাৱ , সীমিত কৃষি উৎপাদনৰ পৰিমাণ ,  নিম্ন মজুৰি হাৰ ইত্যাদি । ইয়াৰ পৰা আমি ইয়াকে কবপাৰি যে অৰ্থনৈতিক কাৰণ সমূহৰ ফলতে জনসংখ্যা শিক্ষাৰ অভাৱৰ সৃষ্টি হয় ।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন
পাঠ-2ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
পাঠ-3মোৱামৰীয়া গণ বিদ্ৰোহ
পাঠ-4মানৰ অসম আক্ৰমণ
পাঠ-5অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
GEOGRAPHY (ভূগােল)
পাঠ-1ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
পাঠ-2বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
পাঠ-3ভাৰতবৰ্ষৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতৰ ৰাজনৈতিক দল
পাঠ-2চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
পাঠ-3অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
পাঠ-4মূল অৰ্থনৈতিক সমস্যাসমূহ

প্ৰশ্ন : – (দৰিদ্ৰতা কাক কয় ? দৰিদ্ৰতাৰ সীমাৰেখাৰই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা কৰা

উত্তৰঃ দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য’ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে – বাসস্থান ,  খাদ্য ,  বস্তু , শিক্ষা , আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণৰ পৰা বঞ্চিত হয় । দৰিদ্ৰতাৰ সীমাৰেখাই এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে । ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞাৰ মতে গাঁও অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২১০০  কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি ধৰা হয় ।

প্ৰশ্ন  : – () মুদ্ৰাস্ফীতি কাক কয় ? মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা

উত্তৰঃ সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাস্ফীতি বুলি কোৱা হয় । মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ তলত আলোচনা কৰা () মৌলিক নীতি : চৰকাৰে গ্ৰহণ কৰা মৌলিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযোগ্য । বেংকৰ হাৰ হ’ল সেই হাৰ যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে । মুদ্ৰাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয় , যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে । ইয়াৰ ফলত ঋণ গ্ৰহনকাৰীয়ে ঋণ ল’বলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্ৰাস হৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয় ।

() ৰাজকোষীয় নীতি : এই নীতিক  ‘ আয় আৰু ব্যয় ‘ নীতি বুলিও কোৱা হয় । চৰকাৰী ব্যয় কৰ্তন কৰি দেশত সামগ্ৰিক চাহিদা হ্ৰাস কৰিব পাৰি আৰু মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰিত কৰিব পাৰি । তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্ৰা চৰকাৰৰ হাতলৈ আনিব পাৰি । ইয়াৰ ফলত সামগ্ৰিক চাহিদা হ্ৰাস পাব আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হ’ব । ইয়াৰ উপৰিও চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে ।

() উৎপাদন বৃদ্ধি নীতি : দেশৰ চৰকাৰে অব্যৱহৃত সম্পদৰাজি সঠিক ভাবে ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হ’ব আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্ৰিত হ’ব ।

প্ৰশ্ন  : – (নিবনুৱা সমস্যা কাক বোলে ? ইয়াৰ প্ৰকাৰ কি কি ? এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কৰা

উত্তৰঃ অৰ্থনীতিত যিসকল লোকে দেশৰ প্ৰচলিত মজুৰিত উপযুক্ত আৰু কৰ্মক্ষম লোকসকলে কাম কৰিবলৈ ইচ্ছুক হৈয়ো যদি কৰ্মসংস্থান নাপায় তেনে লোকসকলক নিবনুৱা বুলি কোৱা হয় । নিবনুৱা সাধাৰণতে দুই প্ৰকাৰৰ

(১) গ্ৰাম্য নিবনুৱা  আৰু (২) চহৰীয়া  ননিবনুৱা

(১) গ্ৰাম্য নিবনুৱা : গ্ৰাম্য নিবনুৱা আকৌ দুই প্ৰকাৰৰ । যেনে

(¡) ঋতুজ নিবনুৱা আৰু (¡¡) ছদ্মবেশী বা প্ৰছন্ন নিবনুৱা ।

(২) চহৰীয়া নিবনুৱা :- চহৰীয়া নিবনুৱাও দুই প্ৰকাৰৰ । যেনে –

(¡) ঔদ্যোগিক নিবনুৱা আৰু

(¡¡) শিক্ষিত নিবনুৱা ।

নিবনুৱা সমস্যাৰ মূল কৰণসমূহ – (ক) দ্ৰুত জনসংখ্যা বৃদ্ধি ,  (খ)  নিয়োগ বিহীন উন্নয়ন ,   (গ)   স্থবিৰ কৃষি উন্নয়ন ,   (ঘ)  ঔদ্যোগিকৰণৰ মন্থৰ গতি ,  (ঙ)   ক্ৰটিপূৰ্ণ শিক্ষা ব্যৱস্থা ।

 (ক) দ্ৰুত জনসংখ্যা বৃদ্ধি :  দ্ৰুত জনসংখ্যা  বৃদ্ধিয়ে নিবনুৱা সমস্যাৰ সৃষ্টিত বৰঙণি যোগাইছে । বৰ্ধিত জনসংখ্যা অনুপাতে নিয়োগৰ সা – সুবিধা পৰ্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লৈছে ।

(খ) নিয়োগ বিহীন উন্নয়ন : দেশখনত ৰাষ্ট্রীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধি হাৰৰ ব্যৱধান বৃদ্ধি পাইছে । এনে অৱস্থাক নিয়োগবিহীন উন্নয়ন  ( Jobless growth )  বুলি কোৱা হয় । ফলশ্ৰুতিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ।

( গ )  স্থবিৰ কৃষি উন্নয়ন  : ভাৰতবৰ্ষৰ দৰে এখন কৃষি প্ৰধান দেশত কৃষি ব্যৱস্থাৰ যি উন্নয়ন হ’ব লাগিছিল সেয়া হৈ উঠা নাই । ফলস্বৰূপে কৃষিজীৱী লোকৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে ।

(ঘ) ঔদ্যোগিকৰণৰ মন্থৰ গতি : দেশখনত ঔদ্যোগিক উন্নয়ন যি হাৰত হ’ব লাগিছিল সেয়া হৈ নুঠাত ঔদ্যোগিক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে ।

(ঙ)  ক্ৰটিপূৰ্ন শিক্ষা ব্যৱস্থা : প্ৰচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ।

( চমুটোকা লিখা

প্ৰশ্ন : – ( ) ঋতুজ নিবনুৱা

উত্তৰঃ জলবায়ু আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি থকা পৰস্পৰাগত কৃষিখণ্ডই বছৰৰ সকলো সময়তে নিবনুৱাভাৱে কৰ্ম সংস্থাপনৰ সুবিধা আগবঢ়াব নোৱাৰে । ফলস্বৰূপে বছৰৰ কেইমাহমান  সময় বাবে কৃষি শ্ৰমিকসকলে ঘৰত বহি থাকিব লগাত পৰে । এনে নিবনুৱাক ঋতুজ নিবনুৱা বোলে । অৰ্থাৎ যদি শ্ৰমিকসকল বছৰৰ কোনোবা এটা নিৰ্দ্দিষ্ট সময় বা ঋতুতহে নিয়োজিত হয় আৰু বাকীখিনি সময়ত অনিয়োজিত হৈ থাকে তেন্তে তাক ঋতুগত  নিবনুৱা বা ঋতুজ নিবনুৱা বোলে । উদাহৰণস্বৰূপে কৃষি শ্ৰমিকসকল কৃষি উৎপাদনৰ সময়ত যেনে শস্যৰ গুটি সিঁচা , শস্য ৰোপন কৰা , শস্য চপোৱা আদি সময়ত ব্যস্ত থাকে অথবা নিয়োজিত হয় । এনেবোৰ কাম চলি নথকা অৱস্থাত তেওঁলোক নিবনুৱা হৈ পৰে । সেয়েহে ঋতুজ নিবনুৱাসকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা , বাকী সময়ত তেওঁলোক বনুৱা হয় ।

প্রশ্ন : – () চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি

উত্তৰঃ অৰ্থনীতিত মুদ্ৰাস্ফীতি সংঘটিত হোৱা মূল কাৰণ দুটা (১) চাহিদাজনিত মুদ্ৰাস্ফীতি ,  (২) ব্যয়জনিত মুদ্ৰাস্ফীতি ।

(১) চাহিদাজনিত মুদ্ৰাস্ফীতি : চাহিদাজনিত মুদ্ৰাস্ফীতি হ’ল জনসাধাৰণৰ যেতিয়া দ্ৰব্য আৰু সেৱাৰ প্ৰতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যোগান বৃদ্ধি নাপায় । এনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্ৰা বা ক্ৰয় ক্ষমতা থাকে আৰু ইয়াৰে বজাৰত থকা কম পৰিমাণৰ দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা বাঢ়ে । ফলত দ্ৰব্য আৰু সেৱাবিলাকৰ মূল্য বা দৰ বৃদ্ধি পায় । গতিকে দ্ৰব্য বা সেৱাৰ যোগানৰ তুলনাত ইয়াৰ চাহিদা বৃদ্ধি পালেই মূল্যস্তৰ বৃদ্ধি বা মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়  ।

(২) ব্যয়জনিত মুদ্ৰাস্ফীতি : মুদ্ৰাস্ফীতিৰ আন এটা কাৰণ হ’ল দ্ৰব্য আৰু সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি । ইয়াক ব্যয়জনিত মুদ্ৰাস্ফীতি বুলি কোৱা হয় । দ্ৰব্য আৰু সেৱাবিলাকৰ উৎপাদন ব্যয় বৃদ্ধি পালেও মুদ্ৰাস্ফীতিৰ সৃষ্টি হ’ব পাৰে । ব্যয়জনিত মুদ্ৰাস্ফীতি বা উৎপাদন ব্যয় বৃদ্ধিৰ বাবে হোৱা মুদ্ৰাস্ফীতি প্ৰধানকৈ তিনিটা কাৰণৰ ফলত সংঘটিত হয় – (¡) মজুৰি বৃদ্ধি ,  (¡¡) লাভৰ পৰিমাণ বৃদ্ধি , (¡¡¡) দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বোজা । মুদ্ৰাস্ফীতিৰ আন এটা কাৰণ হ’ল মুদ্ৰা সংক্ৰান্তীয় । দেশত মুদ্ৰাৰ যোগান বৃদ্ধি পালে জনসাধাৰণৰ হাতলৈ অধিক ক্ৰয় ক্ষমতা আহে । জনসাধাৰণৰ ক্ৰয়ক্ষমতা যদি অধিক হয় সেই অনুপাতে যদি উৎপাদিত দ্ৰব্য আৰু সেৱাৰ পৰিমাণ কম হয় তেনে ক্ষেত্ৰতো মুদ্ৰাস্ফীতিৰ সৃষ্টি হ’ব পাৰে ।

প্ৰশ্ন : – () বহনক্ষম উন্নয়ন

উত্তৰঃ অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিবেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি  ১৯৮৭  চনত ‘ Brundltland ‘  আয়োগে অবিৰত বা বহনক্ষম উন্নয়নৰ ধাৰণাটো দাঙি ধৰিছিল । বহনক্ষম উন্নয়ন এনে এক বিবেচনা সম্পন্ন উন্নয়ন ব্যৱস্থা যি সমাজৰ বৰ্তমান আৰু ভৱিষ্যতৰ অনুকূলে দীৰ্ঘকাল ধৰি অব্যাহত থাকিব পাৰে । পৰিৱেশৰ ধ্বংস কৰি সমাজৰ সবল শ্ৰেণীৰ স্বাৰ্থৰ হকে কৰা বৈষম্যমূলক উন্নয়ন বহনক্ষম উন্নয়নৰ পৰিপন্থী । বহনক্ষম উন্নয়নৰ ধাৰণাটোৰ ভেটিত আৰ্থ – সামাজিক উন্নয়ন পৰিচালিত কৰিব পাৰিলে পাৰিৱেশিক সমস্যা বহুপৰিমাণে লাঘৱ কৰিব পাৰি । বহনক্ষম উন্নয়নৰ প্ৰধান লক্ষ্যসমূহ

(১) উন্নয়নে পৰিৱেশৰ অনিষ্ট যথাসম্ভৱ কম পৰিমাণে কৰে ।

(২) উন্নয়ন সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কাৰণে উপকাৰী আৰু গ্রহণযোগ্য হয় ।

(৩) উন্নয়ন অৰ্থনৈতিক দিশৰ পৰা সুচল বা ফলপ্ৰসূ হয় ।

(৪) উত্তৰ পুৰুষৰ মৌলিক প্ৰয়োজন সুৰক্ষিত হৈ থাকে ।

প্ৰশ্ন : – () সেউজ অৰ্থনীতি

উত্তৰঃ যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা , তেনে অৰ্থনীতিক সেউজ অৰ্থনীতি বোলা হয় । পৰিৱেশ সচেতন ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ বাবে এতিয়া মূলমন্ত্ৰ হৈছে – চিন্তা বিশ্বব্যাপী হওঁক , কাৰ্যপন্হা স্থানীয় হওঁক ।

প্ৰশ্ন : – (মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি

উত্তৰঃ মুক্ত মুদ্ৰাস্ফীতি : যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাক মুক্ত মুদ্ৰাস্ফীতি বুলি কোৱা হয় ।

দমিত মুদ্ৰাস্ফীতি : চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে : ৰাজহুৱা বিতৰণ ব্যৱস্থা , চৰকাৰীভাৱে দৰ  নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে । এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস হয় । এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বুলি কোৱা হয় ।

SEBA Class 9 Social Science (সমাজ বিজ্ঞান) Questions Answer

1 thought on “Class 9 Social Science Political Lesson 4 মূল অৰ্থনৈতিক সমস্যাসমূহ”

Leave a Reply

error: Content is protected !!
Scroll to Top