Class 9 Social পাঠ-1 ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন

Class 9 Social পাঠ-1 ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Social পাঠ-1 ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন – সমাধান and select needs one.

Class 9 Social পাঠ-1 ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমনসমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social পাঠ-1 ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন Solutions for All Subject, You can practice these here…


Questions

Class 9 Social পাঠ-1 ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন

               পাঠ – ১ ( সমাজ বিজ্ঞান )

অতি চমু  প্ৰশ্ন উত্তৰ :

প্ৰশ্ন:- / ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আবিষ্কাৰ কৰা প্ৰথম পতুৰ্গীজ নাৱিজন কোন ? তেওঁ কেতিয়া আৰু ভাৰতৰ পোন প্ৰথমে উপস্থিত হৈছিল ?

উত্তৰ :- ভাৰত আৰু পাশ্চাত্যৰ মাজত  সাগৰীয় পথ আবিষ্কাৰ কৰা প্ৰথম পতুৰ্গীজ নাৱিকজন ভাস্ক‘-ডাগামাই।তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোন প্ৰথমে উপস্থিত হৈছিল।

প্ৰশ্ন:- / জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাৱিকজন কোন আছিল ?

উত্তৰঃজলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাৱিকজন ফান্সিছ ড্ৰেক

প্ৰশ্ন :- / ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল ?

উত্তৰ:- ভাৰত ভূমিত পোন প্ৰথমেজন মিলডেন হলনামৰ ইংৰাজ নাৱিক এজনে ১৫৯৯ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুমতিপত্ৰ লৈ প্ৰৱেশ কৰিছিল।

প্ৰশ্ন:- / ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল ?

উত্তৰ :- ১৬০০ খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া  কোম্পানী লণ্ডনত গঠন হৈছিল।

প্রশ্ন:-/ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা?

উত্তৰ :- ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱা দুটা উদ্দেশ্য / ভাৰতৰ লগত বেহাবেপাৰ কৰা আৰু / ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।

প্ৰশ্ন:- / ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ কেতিয়া স্থাপিথ হৈছিল?

উত্তৰ:- ইংৰাজ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্ৰমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপিথ হৈছিল।

প্রশ্ন:-/ ‘ফৰ্ট উইলিয়ামকি?

উত্তৰ:- ফৰ্ট উইলিয়াম এটা বাণিজ্যিক কেন্দ্ৰৰ নাম

প্ৰশ্ন:- / পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভাগাব  কৰিব পাৰি সময় উল্লেখ কৰি লিখা

উত্তৰঃপৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ মূল ভাগ দুটা 

() প্ৰথমটো , মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে

() দ্বিতীয়টো ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে

প্ৰশ্ন:-/ ‘ভাৰত চৰকাৰ আইনকোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল?

উত্তৰ:- ‘ভাৰত চৰকাৰ অইন১৮৫৮ খ্ৰীষ্টাব্দত অগষ্ট তাৰিখে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল

এই আইনখনৰ উদ্দেশ্য আছিলইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া।

প্ৰশ্ন:-১০/ ‘ভাৰতীয় পৰিষদ অইনকেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল ?

উত্তৰঃ– ‘ভাৰতীয় পৰিষদ অইনব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল

এই আইনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।

    দীঘলীয়া প্ৰশ্নৰ উত্তৰঃ

প্ৰশ্ন:- / ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল , তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা

উত্তৰঃ– ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টাসমূহ ১৭১৫ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হৈছিল । প্ৰাচ্যৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে ১৬০০ খ্ৰী:ত ইংৰাজ সদাগৰসকলে এই প্ৰতিষ্ঠানটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে জনাজাত হৈছিল।

ইংলেণ্ডৰ ৰাণী অলিজাবেথে এই কোম্পানীক দক্ষিণ আফ্ৰিকাৰ উত্তমাশা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালন প্ৰণালী পৰ্যন্ত বিশাল সাগৰীয় এলেকাত ১৫ বছৰৰ বাবে বেহা-বেপাৰ কৰিবলৈ অনুমতি দিছিল।এই কোম্পানীটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগেয়ে ‌মালাক্কা ,সুমাত্ৰা, জাভা আদি ঠাইৰ সৈতে মচলা ব্যৱসায় কৰিছিল।

  ১৬০৮ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন ইউলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট  জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল।তেওঁ ১৬০৯ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত আগ্ৰাত উপস্থিত হৈ মোগল ৰাজদৰবাৰত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়াই আছিল ইংৰাজৰ আগ্ৰাত প্ৰথম পদৰ্পণ।

কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্যি চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল।১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ টামাচৰ’   নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল।ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যক সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল।

 ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল।সাম্ৰাটে সঁজাতী দলটোৰ প্ৰতি সদয়ৰ ভাৱ দেখুৱাইছিল।

এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমাৰ আডাই কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে।

প্রশ্ন:- / ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পৰ্কে লিখা।

উত্তৰঃ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ

 (john surman) নেতৃত্বত ইংৰাজ লোকৰ

 এটা সঁজাতী দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক (১৭১৩-১৭১৯) সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সঁজাতী দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাব দেখুৱাইছিল।

এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফাৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নির্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে।ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানীয়ে নিজৰ ভৱিষ্যৎ সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল।

  তিনিখন মূল কৌশল হ’ল –

(ক) ১৬১১ খ্ৰীষ্টাব্দত গুলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।১৬১১ খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল।১৬৩৯ খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাত লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই অটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি নতুন নাম দিয়া হয় ফৰ্ট ছেন্ট জর্জ।

(খ) ১৬৬১ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্টুগীজ ৰাজকণ্যা কেথৰিনক বিয়া কৰাই যৌতুক গিচাপে বোম্বাই চহৰ লাভ কৰিছিল।ৰজা চাৰ্লছে ১৬৬৮ খ্ৰীষ্টাব্দত পঞ্চাশ হেজাৰ পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ  কোম্পানীক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল

(গ) ১৬৯০ খ্ৰীষ্টাব্দত জব চাৰ্ণক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাৱৰ লগত কৰা এখন চুক্তিৰ যোগেদি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালীঘাট (কলিকতা),সূতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জামিদাৰী স্বত্ত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল।

তিনিখন ঠাইৰ সমষ্টিয়ই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল।ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়াম সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফৰ্ট উইলিয়াম’ ৰখা হয়।

প্ৰশ্ন :- / ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।

উত্তৰঃভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইটকৈ উল্লেখযোগ্য ব্যক্তিজন ৰবাৰ্ট ক্লাইব

   ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰা কৌশল চাৰিটা হ’ল –

১/ৰবাৰ্ট ক্লাইবে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল।

 ২/ তেওঁ যুদ্ধ নাইবা মিত্ৰতাৰে পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল।

  ৩/ বংগৰ নৱাব, সায়দৰাবাদৰ নীজাম অযোধ্যাৰ নৱাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জন দিবলগীয়া হৈছিল।

 ৪/ পলাচী যুদ্ধত (১৭৫৭ খ্ৰীষ্টাব্দ) বংগ ,বিহাৰ আৰু উৰিষ্যাৰ নৱাব ছিৰাজ উদ্-দৌলাক (১৭৫৬-৫৭) চালচাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল। ৰবাৰ্ট ক্লাইবৰ পৰা লৰ্ড ডেলহাউচিৰ (১৮৪৮-৫৬) শাসনৰ সময়লৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কালক্ৰমত সমগ্ৰ ভতারবৰ্ষ ত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল।

প্ৰশ্ন:- / চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা।

উত্তৰঃ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ সৃষ্টিৰ কৰণবোৰ

  ১/ৰাজনৈতিক কাৰণ: লৰ্ড ডেলহাউছিৰ স্বত্ব বিলোপ নীতিৰ প্ৰয়োগে দেশীয় ৰাজ্য কেইবাখনৰো স্বাধীনতা, পদবি , বৃত্তি আদি কৰ্তন কৰে।যাৰ ফলত সমসায়িক ভাৰতৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উঠিছিল।এনেবোৰ কাৰণ ফলত বহুতো ভাৰতীয়ই ব্ৰিটিছ কোম্পানীৰ শাসনৰ প্ৰতি ক্ষুদ্ধ হৈ পৰিছিল।

 ২/ অৰ্থনৈতিক কাৰণ: ব্ৰিটিছসকলে ভাৰতত কোম্পানীৰ শাসনযোগে অর্থনৈতিক দিশত লুন্ঠন কৰিছিল।ভাৰতৰ পৰা কেঁচা মালসমূহ কম দামত ক্ৰয় কৰি নিজ দেশলৈ নিছিল আৰু  তেওঁলোকৰ দেশৰ প্ৰস্তুত বস্তুৰে ভাৰতৰ বজাৰ উপচাই পেলাই দিছিল।এইদৰে তেওঁলোকে কেৱল কৃষিজাত সমগ্ৰীয়ে নহয় খনিজ সম্পদৰো গৰাকী হৈছিল।

 ৩/ সামাজিক কাৰণ: সামাজি অসন্তুতিও বিদ্ৰোহৰ কাৰণ হৈ পৰিছিল।কোম্পানীয়ে সতীদাহ ,বাল্যবিবাহ,নৰৱলী শিশু কান্যাবধ আদিৰ বিৰোধিতা কৰিছিল।ন্যায় বিচাৰৰ ক্ষেত্ৰতো বৰ্ণ বৈষম্যক প্ৰশ্ৰয় দিয়াৰ বাবেও ভাৰতীয় সকলৰ মনত ব্ৰিটিছ বিৰোধী মনোভাৱ গঢ়ি উঠিছিল।

  ৪/ এনফিল্ড ৰাইফল সম্বন্ধীয় ঘটনা: এনফিল্ড ৰাইফল সম্বন্ধীয় ঘটনাক এই বিদ্ৰোহৰ প্ৰত্যক্ষ কাৰণ বুলি ক’ব পাৰি।এই ৰাইফলৰ কাৰ্টিজ বা গুলীত এটা আৱৰণ আছিল আৰু ইয়াক দাঁতেৰে কামুৰি খুলিব লাগিছিল।এই আৱাৰণটো কোমল কৰি ৰাখিবলৈ তাত চৰ্বী সনা হৈছিল।

কিছুমান বিদ্ৰোহী ভাৱাপন্ন চিপাহীয়ে এই চৰ্বী গৰু আৰু গাহৰিৰ বুলি সন্দেহ কৰি এটা জনৰৱ প্ৰচাৰ কৰাত এই আৱাৰণটো দাঁতেৰে কামুৰিবলৈ হিন্দু আৰু মুছলিম চিপাহীসকলে অস্বীকাৰ কৰিছিল।এইদৰে তেওঁলোকে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰে।

Leave a Reply

error: Content is protected !!
Scroll to Top