Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, SEBA Class 9 Social Science Books Assamese Medium Question Answer and select needs one.

Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ for All Subject, You can practice these here.

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

   পাঠ – ২ (সমাজ বিজ্ঞান)

ADDITIONAL QUESTIONS ANSWERS

অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ

১। কোনে পোন প্রথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জগাই তুলিছিল ?

উত্তৰঃ ঈশ্বৰচন্দ্ৰ গুপ্তই।

২। ‘বন্দে মাতৰম’ কোনখন উপন্যাসৰ পৰা লোৱা হৈছে ?

উত্তৰঃ আনন্দ মঠ। 

৩। কলিকতাৰ পৰা দিল্লীলৈ গেওট্ৰাংক ৰোড কেডিয়া নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৮৩৯ খ্ৰী.ত।

৪। কিমান স্ত্রী.ত মাদ্ৰাজত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ? 

উত্তৰঃ ১৮৫৪ খ্রী.ত।

৫। অসমত ৰে’ল যোগাযোগৰ ব্যৱস্থা কেতিয়াৰ পৰা হয় ? 

উত্তৰঃ ১৮৮৩ খ্ৰী.ত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল যোগাযোগ আৰম্ভ হয়।

৬। কিমান খ্ৰী.ত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথমটো টেলিগ্রাফ ব্যৱস্থা বহুৱা হৈছিল ?

উত্তৰঃ ১৮৩৯ খ্ৰী.ত।

৭। কোনে আৰু কেতিয়া টেলিগ্রাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল ? 

উত্তৰঃ লর্ড ডেলহাউচিয়ে ১৮৫১ খ্রী.ত।

৮। ভাৰতীয় সমাজলৈ নৱচেতনা বোৱাই অনা প্রথম ব্যক্তিজন কোন ?

উত্তৰঃ ৰাজা ৰামমোহন ৰায়।

৯। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ ৰাজা ৰামমোহন ৰায় 

১০। কিমান স্ত্রী ত ব্রাহ্ম সভা’ নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল ? এই সভাই পিছলৈ কি নামেৰে বিখ্যাত হৈ পৰে ?

উত্তৰঃ ১৮২৮ ব্ৰাহ্ম সভা নামৰ এটা অনুষ্ঠান ৰাজা ৰামমোহন ৰায়ে স্থাপন কৰিছিল। এই ব্ৰাহ্মা সভাই পিছলৈ ব্ৰাহ্ম সমাজ’ নামেৰে বিখ্যাত হৈ পৰে।

অতি চমু / চমু উত্তৰৰ প্ৰশ্ন :

প্ৰশ্ন:- ) ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো কি?সময় উল্লেখ কৰি লিখা

উত্তৰঃ- ভাৰতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো হ’ল – পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ । ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ।

প্ৰশ্ন:- ) আনন্দমঠ কোনে লিখিছিল?

উত্তৰঃ- আনন্দমঠ বঙ্কিম চট্টোপাধ্যায়ে লিখিছিল ।

প্ৰশ্ন:-  ) ‘স্যাৰে জাহাছে আচ্ছা …………’ গীতৰ গীতিকাৰ কোন?

উত্তৰঃ- স্যাৰে জাহাছে আচ্ছা …………গীতৰ গীতিকাৰ হ’ল – চাৰ মহম্মদ ইকবল ।

প্ৰশ্ন:- ) ভাৰতত পোন প্ৰথম ৰেল যাতায়ত কেতিয়া সূচনা হৈছিল?

উত্তৰঃ:- ভাৰতত পোন প্ৰথম ৰেল যাতায়ত ১৮৫৩ খ্ৰীষ্টাব্দত , বোম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল ।

প্ৰশ্ন:-) ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া সূচনা হৈছিল?

উত্তৰঃ-১৮৩৯ খ্ৰীষ্টাব্দত , কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত

ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থাৰ সূচনা হৈছিল ।

প্ৰশ্ন :- ) ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া স্থাপন হৈছিল?

উত্তৰঃ- ভাৰতত পোন প্ৰথম ছপাশাল ১৭৯৭ খ্ৰীষ্টাব্দত , শ্ৰীৰামপুৰত স্থাপন হৈছিল ।

প্ৰশ্ন:- ) কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে প্ৰতিষ্ঠা হৈছিল?

 উত্তৰঃ:- প্ৰেছিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামেৰে , কলকাতাত প্ৰতিষ্ঠা হৈছিল। ১৮১৭ খ্ৰীষ্টাব্দত ।

প্রশ্ন:- ) লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংষ্কাৰৰ বিষয়ে লিখা।

উত্তৰঃ- লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংষ্কাৰৰ বিষয়ে তলত লিখা হ’ল –

            (১) স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে গুৰুত্ত্বপূৰ্ণ  ভূমিকা লৈছিল ।

              (2) সতীদাহ প্ৰথাৰ আইনী প্ৰক্ৰিয়াৰে নিবাৰণ কৰিবলৈ অশেষ চেষ্টা  কৰিছিল ।

প্ৰশ্ন🙁) ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্রথমখন বাতৰি কাকত কি ?

উত্তৰঃ- ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্রথমখন বাতৰি কাকত হ’ল – বেংগল গেজেট ।

 চমু/ দীঘল উত্তৰৰ প্ৰশ্ন

প্ৰশ্ন:- () চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা

উত্তৰঃ- ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহ আছিল এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন ।কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্রোহীসকলে ইংৰাজ শাসন ওফৰাই পুনৰ মোগল শাসকক সিংহাসনত বহুয়াবলৈ বিচাৰিছিল ।

বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগনৰ কাৰণে সুদূৰপ্ৰসাৰী । এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিল বুলি ক’ব পাৰি ।

         ইংৰাজ প্ৰশাসনে ভাৰতীয়ক পাশ্চাত্যৰ শিক্ষা-সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াত ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছিল । তেওঁলোকৰ মনত নতুন চেতনাৰ উন্মেষ ঘটিছিল । যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িছিল । শোষণ, অন্যান্য আদিৰ দিশবিলাক বিচাৰ কৰিবলৈ তেওঁলোককে সক্ষমতা লাভ কৰাৰ লগতে সমাজ,জাতি তথা মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ ভাৱ জগাই তুলিছিল ।

        এই নৱ নৱচেতনাকে নৱজাগৰণ বা জাতীয়তাবাদৰ উন্মেষ বুলি আখ্যা দিয়া হয়। ষষ্ঠদশ শতিকাৰ ইউৰোপৰ নৱজাগৰণে যেনেকৈ নতুন ইউৰোপৰ জন্ম দিছিল ঠিক একেদৰে ঊনবিংশ শতিকাৰ নৱজাগৰণে এখন নতুন ভাৰতৰ সৃষ্টি কৰি কৰিছিল ।

প্ৰশ্ন: () নিয়ন্ত্ৰণ সভাৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতবৰ্ষৰ আধুনিক শিক্ষাৰ বিস্তাৰত কোনে প্ৰথম সুসংহদ আঁচনি নিৰ্ধাৰণ কৰিছিল?

উত্তৰঃ- চালৰ্চ উড নিয়ন্ত্ৰণ সভাৰ প্ৰথম সভাপতি আছিল । ১৮৫৪ খ্ৰীষ্টাব্দত চালৰ্চ উডৰ ( নিয়ন্ত্ৰণৰ সভাৰ সভাপ্ৰতিৰ ) প্ৰচেষ্টাত ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ আৰম্ভ হৈছিল । তেওঁ কোম্পানীৰ চাৰকাৰলৈ শিক্ষাৰ বিস্তাৰৰ বাবে প্ৰেৰণ কৰা এই পত্ৰখনকে ‘উদৰ প্ৰেৰণ’ পত্ৰ বোলা হয় ।

এই পত্ৰখনৰ মূল উদ্দেশ্য হ’ল- প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰা । দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰধানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰা । মেধাবী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠান চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল। ইয়াৰ উপৰি প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল ।

প্ৰশ্ন:- () ‘উদাৰ প্ৰেৰণপত্ৰ মূল উদ্দেশ্য কি কি আছিল লিখা

উত্তৰঃ- ‘উদাৰ প্ৰেৰণপত্ৰ’ৰ মূল উদ্দেশ্য আছিল – প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰা । দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰধানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰা ।

মেধাবী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠান চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল । ইয়াৰ উপৰি প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল ।

প্রশ্ন:- () ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ  চাৰিটা  প্ৰভাৱৰ  বিষয়ে লিখা

উত্তৰঃভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ  চাৰিটা  প্ৰভাৱৰ  বিষয়ে তলত লিখা

          (১) ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ইংৰাজী মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ চেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ ভেটি স্থাপনৰ বীজ ৰোপন কৰা হয় প্ৰথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ আন আন ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি উঠে ।

একে সময়তে ব্ৰিটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যবস্থা হাতত লৈছিল । ১৮৩৫ খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল পৰিষদৰ আইনৰ সদস্য তথা শিক্ষা সমুতিৰ সভাপতি লৰ্ড মেক’লেৰ পৰামৰ্শৰ ভিত্তিত ১৮৪৪ খ্ৰীষ্টাব্দৰ পৰা কোম্পানীৰ চৰকাৰে আধুনিক শিক্ষা প্ৰৱৰ্তনৰ যো-জা চলাইছিল ।

           (২) ১৮৫৪ খ্ৰীষ্টাব্দত চালৰ্চ উডৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হ’ল । উডে তেওঁৰ প্ৰেৰণ পত্ৰত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰি নিন্ম পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল । মেধাবী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আচঁনি লৈছিল । প্রতিখন প্ৰদেশত শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল । 

    (৩) পাশ্চাত্য শিক্ষাই বঙ্গবাসীক পোন প্ৰথম আলোড়িত কৰিছিল, এফালে ৰাজধানী কলিকতাৰ প্রতি আকর্ষণ আৰু আনফালে ইয়াৰ শিক্ষা প্ৰতিষ্ঠান । কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ণ কৰিব পৰাটো এটা গৌৰৱৰ বিষয় হৈ পৰিছিল ।

কালিকতাত ছাত্ৰ জীৱন শেষ কৰি উভতি অহাসকলে তেওঁলোকৰ নৱচিন্তাৰ আলোক সমাজখনত ছটিয়াই দিছিল । তেওঁলোকৰ মনত একতাৰ ভাৱ গঢ়ি উঠিছিল । পৰাধীনতাৰ পৰা মুক্তি পোৱাৰ স্বপ্ন তেঁওলোকে দেখিছিল ।

     (৪) কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্রথম জাতীয় চেতনাৰ বিকাশ ঘটিছিল । ঈশ্বৰচন্দ্ৰ গুপ্তই পোন প্ৰথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল । আনন্দ মঠ উপন্যাসৰ ৰচয়িতা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে ‘বন্দেমাতৰম’ গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল । কবি ইকবালে ‘ সাৰে  জাহাছে আচ্ছা হিন্দু-চাতা হামাৰা ‘ আদি গীতেৰে জাতীয়তাবাদৰ স্পৃহা জাগ্ৰত কৰিছিল ।

প্ৰশ্ন:- ()ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা

উত্তৰ :-  কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়ত ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধন হয় ।ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী: ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়ত ব্যৱস্থা উন্নত কৰা হৈছিল । 

 ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেন্ড  ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল । দুটা বছৰৰ ভিতৰতে এই পথছোৱাত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ যাতায়ত ব্যৱস্থাৰ আমূল পৰিবৰ্তন হয় । লৰ্ড ডেলহাউচিৰ কাৰ্যকালত এই পথটো পেচোৱাৰলৈকে সম্প্ৰসাৰিত হৈছিল ।

      ১৮৩২ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ আৰ্হিত ভাৰতবৰ্ষতো ভাপ কলেৰে ৰেল যোগাযোগ আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল । ১৮৫৩ খ্ৰীষ্টাব্দত বোম্ভাই আৰু থানেৰ মাজত ২১কি.মি. পথত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয় ।১৮৫৪ খ্ৰীষ্টাব্দত মাদ্ৰাজত ৰেলপথ নিৰ্মাণ কৰে । ১৮৮৩ খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰম্ভ হয়। অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায় সাম্প্ৰসাৰণৰ বাবে এই ৰেলপথটো নিৰ্মাণ কৰা হয় ।

ৰেলপথৰ উপৰি দেশৰ মটৰ- গাড়ী চলাচল কৰিবৰ বাবে  লৰ্ড ডেলহাউচিয়ে ৰাস্তা ঘাটৰো নিৰ্মাণ কৰিছিল । ১৮৫৪ চনত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ অধিনত কেন্দ্ৰীয় গড়কাপ্তানী বিভাগ এটা খুলিছিল । এই বিভাগটোৱে ৰাস্তা, দলং আৰু খাল  আদি নির্মাণ কৰি যাতায়াত,পৰিবহণ আৰু      যোগাযোগ ব্যৱস্থাৰ উন্নতি  সাধন কৰিছিল ।                    

         ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতা আৰু ডয়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথম টেলিগ্ৰাফ লাইনৰ ব্যৱস্থা প্ৰৱৰ্তন হয়  । লৰ্ড ডেলহাউচিয়ে ১৮৫১ খ্ৰীষ্টাব্দত টেলিগ্ৰাফ ব্যৱস্থাটো চৰকাৰী নিয়ন্ত্ৰণলৈ আনি কলিকতা আৰু আগ্ৰাৰ মাজত টেলিগ্ৰাফ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাইছিল । আধুনিক যোগাযোগ ব্যৱস্থাই শিক্ষিত ভাৰতিয়ৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল ।

প্ৰশ্ন:- () ভাৰতীয় জাতীয় জগৰন গঢ়িতোলাত ৰাজা ৰামোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা

উত্তৰঃব্ৰাহ্মসমাজ ৰাজা ৰামমোহন ৰায়ে  প্রতিষ্ঠা কৰিছিল।

           ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে ৰাজা ৰামমোহন ৰায় । তেখেতক আধুনিক ভাৰতৰ জন্মদাতা বুলি অভিহিত কৰা হয় । ৰাজা ৰামমোহন ৰায়ে হিন্দু ধর্মৰ সংস্কাৰৰ মাজতে আৱব্দ নাথাকি সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতো সমানেই গুৰুত্ব দিছিল । তেওঁ বাল্য বিবাহ, পৰ্দা প্ৰথা,বহু বিবাহ আদিৰ তীব্ৰ বিৰোধীতা কৰিছিল ।

বিধৱা বিবাহ আৰু অসৱৰ্ণ বিবাহক সামাজিকভাৱে স্বীকৃতি দিয়া হৈছিল । ভাৰতবৰ্ষত প্ৰচলিত সতীদাহ প্ৰথা সম্পূৰ্ণ বন্ধ কৰাৰ ক্ষেত্ৰত ৰায়ৰ বলিষ্ঠ ভূমিকা সামাজিক বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা । স্ত্ৰী শিক্ষাৰ বিস্তাৰত মনোযোগ দিয়াৰ লগতে নাৰীসকলক সম্পত্তিৰ অধিকাৰ দিবলৈ তেখেতে দেহে-কেহে খাটিছিল ।

ডেভিদ হেয়াৰৰ সৈতে লগ লাগি ভাৰতবৰ্ষত পশ্চিমীয়া শিক্ষা বিস্তাৰৰ কাৰণে ১৮১৭ খ্ৰীষ্টাব্দত কলিকতাত তেখেতে হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল । এইখন কলেজ পিছলৈ প্ৰেছিডেন্সি কলেজ  (১৮৫৪ খ্ৰীষ্টাব্দ) তেওঁ ন্যায় পালিকাৰ পৰা  কাৰ্যপালাকাৰ পৃথকীকৰণ বিচৰাৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সসাধনৰ বাবে চৰকাৰক আবেদন  জনাইছিল । বৰ্ধিত ভূমি কৰ উঠাই দি খেতিয়কৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আহ্বান জনাইছিল ।

১৮৩৩ খ্ৰীষ্টাব্দত তেওঁ ব্ৰিটিছ হাউজ অৱ কমন্সত বাছনি কমিটিৰ সভাত ভাৰতীয়ৰ সকে সাক্ষ্য দিবলৈ লণ্ডনত উপস্থিত হৈছিল । তেওঁ ভাৰতীয়ৰ বাবে নতুন চনদ বিচাৰিছিল আৰু ভাৰতীয় নেতাৰ লগত আলোচনা কৰি চানদ ৰূপায়ণৰ পৰামৰ্শ আগবঢ়াইছিল ।

           ৰায়ে প্ৰতিভাশালী জাতীয় নেতাক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল । তেওঁলোকৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ, হেনৰি ভিভিয়ান ডেৰজিয় আদি উল্লেখযোগ্য । ৰায়ৰ আদৰ্শত বিশ্বাসী অধ্যাপাক হেনৰী ভিভিয়ান ডেৰজিয়াই ‘ইয়ং বেংগল’ নামৰ এটা অনুষ্ঠান গঠন কৰি হিন্দু কলেজৰ ছাত্ৰসকলক ইয়াৰ সদস্যপদ দিছিল ।

ডেৰজিয়ই ছাত্ৰসকলক দেশপ্ৰেমৰ মন্ত্ৰেৰে প্ৰচলিত সামাজিক অন্যায় আৰু কু-সংস্কাৰৰ প্ৰতিবাদ জনাবলৈ আহ্বান জনাইছিল । ডেৰজিয়ক প্ৰথমগৰাকী জাতীয়তাবাদী বুলি ক’বা পাৰি । তেওঁৰ স্বৰচিত কবিতাৰ মাজেৰে সমাজত বাস কৰা দুখীয়া-দুর্বলীৰ দুৰ্দশাৰ ছবিখন ফুটাই তুলিছিল । ডেৰজিয়ৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈ বঙ্কিমচন্দ্ৰই বন্দেমাতৰম গীতটি ৰচনা কৰিছিল ।

প্ৰশ্ন:- / ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা

উত্তৰঃ- সংস্কৃত বিদগ্ধ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল । ব্ৰহ্মসমাজৰ দৰে আৰ্য সমাজেও এক ঈশ্বৰক বিশ্বাস কৰি দেৱ – দেৱীৰ উপাসনা আৰু মূৰ্তিপূজাৰ অশাৰতা জনগনৰ মাজত প্ৰচাৰ কৰিছিল । আৰ্য সমাজে ধৰ্মীয় উপাসনাৰ নামত বাহ্যিকতা সমৰ্থন কৰা নাছিল ।

হিন্দু সমাজৰ বাল্য বিবাহ,’জাতি-ভেদ, বহু বিবাহক , স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে আগভাগ লৈছিল । আৰ্য সমাজে সমুদ্ৰ যাত্ৰাত সমৰ্থন জনাইছিল আৰু সকলোবিলাক অন্ধবিশ্বাস পৰিহাৰ কৰিবলৈ প্ৰচাৰ চলাইছিল । স্বামী দয়ানন্দৰ মতে বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম । ‘বেদলৈ উভতি যোৱা’ এই বাণী তেওঁ প্ৰচাৰ কৰিছিল । আৰ্য সমাজে ধৰ্মান্তৰকৰন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল । ইয়াক ‘শুদ্ধি’ বুলি জনা যায় ।

হিন্দু ধৰ্মত আগতে অহিন্দু লোকক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ কোনো প্ৰথা বা নিয়ম নাছিল । স্বামী দয়ানন্দই প্ৰথম ধৰ্মান্তৰকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধৰ্ম গ্ৰহণত অনুমতি প্ৰদান কৰিছিল । ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্ৰণী ভূমিকা লৈছিল । আৰ্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল ।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন
পাঠ-2ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
পাঠ-3মোৱামৰীয়া গণ বিদ্ৰোহ
পাঠ-4মানৰ অসম আক্ৰমণ
পাঠ-5অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
GEOGRAPHY (ভূগােল)
পাঠ-1ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
পাঠ-2বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
পাঠ-3ভাৰতবৰ্ষৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতৰ ৰাজনৈতিক দল
পাঠ-2চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
পাঠ-3অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
পাঠ-4মূল অৰ্থনৈতিক সমস্যাসমূহ

প্রশ্ন- (৮) ভাৰতীয় জাতীয় জাগৰণৰ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা ।

উত্তৰঃ- ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ অৱদান উল্লেখনীয় ।কেশৱ চন্দ্ৰ সেনে ব্ৰাহ্ম সমাজৰ আৰ্হিত মহাৰাষ্ট্ৰত  ১৮৬৭ খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰ সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল । প্রাৰ্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল । সমগ্ৰ দক্ষিণ ভাৰতত এই অনুষ্ঠানে সংস্কাৰমুখী এটা প্ৰবল আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল ।

         প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহন কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে । ৰানাডেৰ একান্ত চেষ্টাত ‘ বিধৱা বিবাহ সংস্থা’ আৰু ‘দাক্ষিণাত্য শিক্ষা সমাজ’ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল । প্ৰথমটো অনুষ্ঠানৰ যোগেদি বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগোৱাৰ লগতে অনাদৃত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল । 

           দ্বিতীয়তে দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰিছিল ।

             প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনে সমগ্ৰ দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰ প্ৰেৰণা সঞ্চাৰ কৰিছিল ।

প্ৰশ্ন:- (৯) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ- ৰামকৃষ্ণ পৰমহংসৰ মদবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল । ৰামকৃষ্ণ পৰমহংস এগৰাকী সহজ-সৰল ব্যক্তি আছিল । অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ আগবঢ়ায় অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল ।

             ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ । কলিকতা বিশ্ববিদ্যালৰ কৃতি ছাত্ৰ বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । গুৰুৰ মৃত্যুৰ পিছত তেওঁ ১৮৮৭ খ্ৰীষ্টাব্দত এটা মঠ প্ৰতিষ্ঠা কৰিছিল । স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশ বিদেশ বিস্তাৰ কৰিছিল । তেওঁৰ ধর্ম সাধনাৰ বিশেষত্ব আছিল –

         (ক) ভাৰতীয়ৰ মনত স্বদেশ প্রেম সঞ্চাৰ কৰা ,

         (খ)ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা আৰু

         (গ) ভাৰতীয়ৰ মনত অধ্যাত্মিকতা ভাবৰ বিকাশ ঘটোৱা ।

           স্বামী বিবেকানন্দই ভাৰতীয়ৰ মাজত ঐক্য-সম্প্ৰীতি ভাব গঢ়ি তুলিব বিচাৰিছিল তেওঁৰ উদ্দেশ্য আছিল বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা ।

প্ৰশ্ন:- (১০) ভাৰতীয়ৰ জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছান্টৰ অৱদানৰ বিষয়ে লিখা।

    উত্তৰঃ- ১৮৭৫ খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্ক চহৰত এটা আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰা হয় । এই অনুষ্ঠানটোৰ নাম ‘থিয়’ছফিকেল ছ’চাইটি” । এই অনুষ্ঠানটোৰ শাখা কাৰ্যালয় কৰা হয়। ১৮৮৫ খ্ৰীষ্টাব্দত মাদ্ৰাজত মুকলি কৰা হয় ।

         মাদ্ৰাজত কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত থিয়’ছফিকেল ছ’চাইটিক জনপ্ৰিয় কৰি তোলাৰ মূলতে আছিল আয়ৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টে ১৮৯৩ খ্ৰীষ্টাব্দত এই ছ’চাইটিৰ মাজত মাদ্ৰাজত উপস্থিত হৈছিল ।

           এনিবেছান্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মুনোনিবেশ কৰিছিল । ভাৰতীয় আধ্যাত্মিকতাক প্ৰাধান্য দি তেওঁ কেইবাখনো আদৰ্শ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল । ১৮৯৮ খ্ৰীষ্টাব্দত বাৰণসীত এনি বেছান্টে প্ৰতিষ্ঠা কৰা ‘চেণ্ট্ৰে’ল হিন্দু স্কুল’ খনেই ১৯১৬ খ্ৰীষ্টাব্দত মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয় ।

           মিছেছ এনিবেছান্টে ভাৰতবৰ্ষক  মাতৃভূমি হিচাপে আকোৱালি লৈছিল  । তেওঁ কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাই  ভৰতীয়ক অনুপ্ৰেৰণা যোগইছিল । ১৯১৬ খ্ৰীষ্টাব্দত বেছান্টে ‘হোমৰুল লীগ’ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্ব-শাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল ।

            এনেকৈয়ে এনি বেছান্টে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যথেষ্ট সহায় কৰিছিল ।

প্ৰশ্ন:- (১১) ‘আলিগড় আন্দোলনকি ? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তাচৰ্চাৰ পথ দেখুৱাইছিল লিখা

উত্তৰ:- ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে  আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱ-চিন্তাৰ সঞ্চাৰ কৰাটোকে আলিগড় আন্দোলন বুলি কোৱা হয় । মুছলমান সমাজক আধুনিক চিন্তা – চৰ্চাৰে পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত চাৰ ছৈয়দ আহমদ খান ( ১৮১৭-৯৮) ৰ অৱদান উল্লেখযোগ্য ।

তেওঁ মুছলমান সম্প্ৰদায়ক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে ১৮৬৪ খ্ৰীষ্টাব্দত জাগিপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰে । ১৯৭৫ খ্ৰীষ্টাব্দলৈ তেওঁ আলিগড় মহম্মদন এঙলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে । কম সময়ৰ ভিতৰতে অনুষ্ঠানটো পাশ্চাত্য সাহিত্য-সাংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চাৰ এটা অন্যতম কেন্দ্ৰত পৰিণত হৈ পৰে ।

           চৈয়দ আহমদ খানে অলিগড়ত স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটাইছিল । জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ পিছত কংগ্ৰেছ সমভাৱাপন্ন আন এটা জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ বাবে আলিগড় এঙলো ইণ্ডিয়ান কলেজে বিশেষ বৰঙণি আগবঢ়াইছি ।

এই অনুষ্ঠানটোৰ যোগেদি ভাৰতীয় মুছলমানসকল পাশ্চাত্য শিক্ষা-সাংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ বাট মুকলি লৈছিল । অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজত নেতৃত্ব গ্ৰহণ কৰি সমাজক বহু পৰিমাণে কু-সংস্কাৰৰ পৰা মুক্ত কৰিব পাৰিছিল । ১৯২০ খ্ৰীষ্টাব্দত এই কলেজখন ‘ আলিগড় মুছলিম বিশ্ববিদ্যালয়’ত পৰিনত হৈছিল ।

প্ৰশ্ন(১২) ‘বাতৰিকাকত জন্মই ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা

উত্তৰঃ- ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশিত  বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদ-পত্ৰ ইতিহাসত যেমছ আগষ্টাচ হিকিৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাত সংবাদ-পত্ৰ ‘বেংগল গেজেট’ (১৭৮০ খ্ৰীষ্টাব্দ ) প্ৰকাশ হোৱাৰ পৰা তিনিটা দশক জুৰি ইংৰাজসকলৰ দ্বাৰা প্ৰকাশিত ইংৰাজী ভাষাৰ সংবাদ-পত্ৰই প্ৰাধান্য লাভ কৰিছিল ।

            আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদ-পত্ৰৰ গুৰুত্ব উপলব্ধি কৰাৰ ফলস্বৰূপে ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহু কেইখন কাকত প্ৰকাশ পাইছিল। আঞ্চলিক ভাষাত প্ৰকাশিত সংবাদ-পত্ৰৰ জনপ্ৰিয়তা দ্ৰুতগতিৰে প্ৰকাশিত হোৱাৰ পটভূমিত সংবাদ-পত্ৰৰ স্বাধীনতা আৰু সমাজত গঢ়ি উঠা ইয়াৰ ভূমিকা সম্বন্ধে ইংৰাজ শাসকবৰ্গকো সজাগ কৰিছিল ।

           আঞ্চলিক ভাষাৰ সংবাদ-পত্ৰই ভাৰতৰ নৱজাগৰন তথা জাতীয়তাবাদ গঢ়ি তোলাত বিশেষ অৰিহণা যোগাইছিল ।  ফলস্বৰূপে চৰকাৰে আঞ্চলিক ভাষাৰ সংবাদ-পত্ৰৰ ওপৰত নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল । ২৭৯৯ খ্ৰীষ্টাব্দত ‘ প্ৰেছ ৰেগুলেচন ‘ প্ৰয়োগৰ যোগেদি লৰ্ড বৰলেছ্লিয়ে ভাৰতীয় বাতটি কাকতৰ ওপৰত বাধা-নিষেধ প্ৰয়োগ কৰি বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰিছিল ।

           ১৮১৭ খ্ৰীষ্টাব্দত লৰ্ড হেংষ্টিছে ভাৰতীয় সংবাদ-পত্ৰৰ ওপৰত বাধা – নিষেধ কিছু পৰিমানে উঠাই লয় । আকৌ ১৮২৩ খ্ৰীষ্টাব্দত ভাৰতৰ অস্থায়ী গৱৰ্ণৰ জেনেৰেল ছাৰ জন আদামে পুনৰ ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত বাধা নিষেধ আৰোপ কৰিছিল ।

          দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্যবাদী শাসনৰ কাম-কাজবোৰৰ ওপৰত কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জমন গঢ়াত সহায় কৰিছিল । ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্ৰচাৰিত কাকত ‘ বংগ দৰ্শন ‘ , ‘ সঞ্জীৱনী ‘ , ‘ আৰ্য দৰ্শন ‘ , ‘ অমৃত বজাৰ পত্ৰিকা ‘ আদি কাকতে ভাৰতীয়ৰ মাজত জাতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল ।

এই কাকতসমূহে ইংৰাজ শাখানে ভাৰতীয়ক শোষণ কৰি অহাৰ স্বৰূপটো উদঙাই দিছিল । শিক্ষিত সমাজখনত গঢ়ি উঠা , আত্মসচেতনতাই ব্ৰিটিছ শাসকসকলক চিন্তিত কৰি তুলিছিল । ১৮৭৬ চনত ইংৰাজ চৰকাৰে জাৰি কৰা প্ৰেছ আইনে ভাৰতীয়সকলক ক্ষুদ্ধ কৰি তুলিছিল আৰু আত্ম মৰ্যাদাৰ ক্ষেত্ৰত অধিক স্বচেতন কৰিছিল ।

প্রশ্ন:- (১৩) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমুটোকা লিখা

উত্তৰঃ- ভাৰতৰ জাতীয় কংগ্ৰেছৰ জন্ম লগ্নত ব্ৰিটিছ চৰকাৰৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিণৰ উল্লেখযোগ্য বৰঙণি আছে    । তেঁওৰ উৎসাহক মূলধন কৰি এগৰাকী অৱসৰ প্ৰাপ্ত অসামৰিক বিষয়াই জাতীয় কংগ্ৰেছৰ অংকুৰণ ঘটাইছিল । এলেন অক্টেভিয়ান হিউম নামৰ বিষয়া গৰাকীয়ে কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰ স্নাতকসকলক সম্বোধি এখন মুকলি চিঠিৰে ( ১ মাৰ্চ , ১৮৮৩ খ্ৰীষ্টাব্দত ) তেওঁলোকক দেশমাতৃৰ সেৱাত জপিয়াই পৰিবলৈ আহ্বান জনাইছিল ।

প্ৰায় ৫০ জন ছাত্ৰৰ সহাঁৰিত কলিকতাত এখন বৈঠক অনুষ্ঠিত হৈছিল । ‘ ইণ্ডিয়ান নেচনেল ইউনিয়ন ‘ নামেৰে নামাংকিত এই বৈঠকখনে দেশৰ উন্নতিৰ স্বাৰ্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল । বোম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল ।

           ১৮৮৫ খ্ৰীষ্টাব্দৰ ২৮ ডিচেম্বৰ বোম্বাইৰ গকুল দাস তেজপাল সংস্কৃত কলেজ মহাসভাখন অনুষ্ঠিত হৈছিল । সভাত সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্ৰ বন্দোপাধ্যায় । মহাসভাই প্ৰস্তাৱিত জাতীয় 

 অনুষ্ঠানটোৰ নাম ‘ ভাৰতীয় জাতীয় কংগ্ৰেছ ‘ বুলি নামাকৰণ কৰিছিল । সকলোবোৰ জাতি দেশ গোষ্টী , সম্প্ৰদায়ৰ জনমতৰ প্ৰতি সন্মান জনাই কংগ্ৰেছ আগুৱাই অহাৰ কাৰ্যকৰী প্ৰন্থা গ্ৰহণ কৰিছিল ।

প্ৰশ্ন:- (১৪) ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ- ১৮৯০ খ্ৰীষ্টাব্দত জাতীয় কংগ্ৰেছে সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ৰ নেতৃত্বৰ এটা স্বজাতি দলত ইংলেণ্ডলৈ পঠাইছিল । আকৌ ১৮৯২ খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইনে কাৰ্যত:ভাৰতীয় একো নিদিয়াটোৱে জাতীয় কংগ্ৰেছক হতাশ কৰিছিল ।

শান্তিপূৰ্ণ উপায়েৰে ব্ৰিটিছৰ পৰা বহু আশা কৰিও একো নোপোৱাত কংগ্ৰেছৰ এচামনেতা ও কৰ্মীৰ মনত প্ৰচলিত চিন্তা ত্যাগ কৰাৰ মানসিকতা গঢ়ি উঠিছিল । কংগ্ৰেছৰ ভিতৰতে এটা নতুন শক্তিয়ে গা কৰি উঠিছিল । তেওঁলোকে আবেদন-নিবেদনৰ পন্হা পৰিহাৰ কৰি ব্ৰিটিছৰ বিৰুদ্ধে ষষ্টম হবলৈ সকলোকে আহ্বান কৰিছিল ।

            এছিয়াৰ ক্ষুদ্ৰ শক্তি জাপানে শক্তিশালী ৰাষ্ট্ৰ ৰুছিয়াক পৰাস্ত কৰাৰ ঘটনাই ভাৰতৰ জাতীয়তাবাদী সকলৰ মনত সংগ্ৰামী চেতনা অধিক জাগ্ৰত কৰিছিল । আনহাতে কাৰ্জনৰ বংগ ভংগই জাতীয়তাবাদীসকলক তীব্ৰ ইংৰাজ বিৰোধী কৰিছিল ।

            ১৯০৫ খ্ৰীষ্টাব্দত বাৰাণসী অধিৱেশনৰ জাতীয় কংগ্ৰেছৰ সভাপতি গোপালকৃষ্ণ গুখলে নৰম সুৰৰ ভাষণ আৰু অনুনয়-বিনয় ত্যাগ কৰি কেৱল স্বদেশী কার্যসূচীক গুৰুত্ব দি কঠোৰ পন্হা গ্ৰহণ কৰিবলৈ বিপিনচন্দ্ৰ পালক আহ্বান জনাইছিল । এই ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ মাজত মতানৈক্য ঘটিছিল ।

১৯০৬ খ্ৰীষ্টাব্দত দাদাভাই নৌৰজীৰ  সভাপতিত্বত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশণে স্বদেশী আন্দোলনৰ কার্যসূচী গ্রহণ কৰাত পৰিস্থিতিত কিছু পৰিৱৰ্তন ঘটে । কিন্তু ১৯০৭ খ্ৰীষ্টাব্দত ৰাস বিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চুৰাট অধিবেশনত জাতীয় কংগ্ৰেছৰ দুটা শিবিৰত বিভক্ত হয় এটা চৰম পন্হী আনটো নৰম পন্হী ।

চৰম পন্হীৰ দলত আছিল ভালগঙ্গাধৰ তিলক ,  লালা লাজপথ ৰায় আৰু বিপিনচন্দ্ৰ পাল চৰম পন্হীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ , স্বদেশী , জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভকৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি বৰ্তাই ৰাখিছিল । ১৯১৬ খ্ৰীষ্টাব্দলৈকে চৰম পন্হীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত ৰাখিছিল । 

SEBA Class 9 Social Science (সমাজ বিজ্ঞান) Questions Answer

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top