Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম

Class 9 Assamese Boichitramoi Assam গৰিয়া , মৰিয়া , আৰু দেশীসকল – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান and select needs one.

Class 9 Boichitramoi Assam গৰিয়া , মৰিয়া , আৰু দেশীসকল – সমাধান

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান for All Subject, You can practice these here…

[ ( ঙ ) গৰিয়া , মৰিয়া , আৰু দেশীসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। বখতিয়াৰ খিলিজিয়ে কেতিয়া অসমত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ বখতিয়াৰ খিলিজিয়ে ১২০৫-০৬ খৃষ্টাব্দত  অসমত প্ৰৱেশ কৰিছিল ।

প্রশ্ন ২। বখতিয়াৰ খিলিজি কিহৰ বাবে অসমত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ বখতিয়াৰ খিলিজি তিব্বত চীন জয় কৰাৰ বাবে অসমত প্ৰৱেশ কৰিছিল ।

প্রশ্ন ৩। বখতিয়াৰ খিলিজি কাৰ হাতত পৰাস্ত হৈছিল ? 

উত্তৰঃ বখতিয়াৰ খিলিজি কামৰূপৰ ৰজা পৃথুৰ হাতত পৰাস্ত হৈছিল । 

প্রশ্ন ৪। ইছলাম ধৰ্মলৈ ধর্মান্তৰিত হােৱা প্রথম জনজাতীয় ৰজাজনৰ নাম কি ? 

উত্তৰঃ ইছলাম ধৰ্মলৈ ধর্মান্তৰিত হােৱা প্রথম জনজাতীয় ৰজাজনৰ নাম হ’ল- ‘আলিমেচ ’

প্রশ্ন ৫। অসমত কাক গৰিয়া বােলা হয় ? 

উত্তৰঃ অসমত মুছলমান সকলৰ আক্ৰমণৰ পিছত অসমত থাকি যােৱা যুদ্ধ বন্দীৰ অসমীয়া হিন্দু ছােৱালীৰ লগত বৈবাহিক সম্বন্ধৰ প্ৰভাৱত আৰু অসমত ইছলাম ধর্ম প্রচাৰ কৰিবলৈ অহা পীৰ সকলৰ প্ৰভাৱত অনেক হিন্দু ধৰ্মৰ লােক ইচলাম ধৰ্মলৈ ধর্মান্তৰিত হৈছিল । এনেদৰে ধর্মান্তৰিত হােৱা খিলঞ্জীয়া লােকসকল আৰম্ভণিতে মূল সমাজখনৰ পৰা বাদ পৰি ৰোৱা সমাজখনত অন্তর্ভুক্ত হৈ ইছলাম ধর্ম গ্রহণ কৰে । এই লােক সকলেই গৰীয়া বা গিয়া বুলি পৰিচিত হ’ল ।

প্রশ্ন ৬।  আহােম ৰাজত্ব কাললৈকে অসমত একাংশ খিলঞ্জীয়া লােকে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ দুটা কাৰণ বর্ণনা কৰা । 

উত্তৰঃ বখতিয়াৰ খিলিজিকে ভিতৰ কৰি মােগল সকললৈকে এই সকলৰ অসম আক্ৰমণৰ উদ্দেশ্যে আহি তাৰে কিছুলােক অসমত যুদ্ধবন্দী হিচাপে থাকি যায় । সেই সকল লােকে অসমৰ হিন্দু ছােৱালী বিয়া কৰােৱাৰ ফলত কিছু হিন্দু লােকে ইছলাম ধর্ম গ্রহণ কৰে । একাংশ খিলঞ্জীয়া লােকে ইছলাম ধর্ম গ্রহণ কৰা আন এটা কাৰণ হ’ল ইছলাম ধর্ম প্রচাৰৰ অৰ্থে অসমলৈ অহা পীৰ সকলৰ ধৰ্মৰ বাণী শুনি মােহিত হােৱা । অসমীয়া ভাষা – সাহিত্যৰ ভঁৰাল চহকী কৰা মহান পীৰ হজৰত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ সমূহ তাৰেই জীৱন্ত উদাহৰণ । 

প্রশ্ন ৭। মৰিয়া আৰু দেশী জনগােষ্ঠীৰ বিষয়ে বর্ণনা কৰা । 

উত্তৰঃ আহােম ৰাজত্ব কালত কাহ – পিতলৰ সতে জড়িত ইছলাম ধৰ্মাৱলম্বী লােকসকলক মৰিয়া বুলি জনা যায় । মৰিয়া লােকসকলৰ অৱস্থিতি উজনি অসমৰ কিছু অঞ্চল , নগাঁও জিলা , নামনিৰ গুৱাহাটীৰ উজান বজাৰ আৰু হাজোত পােৱা যায় । 

দেশীসকল মূলতঃ অবিভক্ত গােৱালপাৰা জিলাৰ বাসিন্দা । অবিভক্ত গােৱালপাৰাৰ কোচ – ৰাজবংশী ভাষা – সংস্কৃতিসম্পন্ন ইছলাম ধৰ্মী খিলঞ্জীয়া লােকসকলক দেশী বা দেশী মুছলমান বুলি জনা যায় । দেশী সকল মূলতঃ কোচ – ৰাজবংশী , মেচ কছাৰী আদি খিলঞ্জীয়া জনগােষ্ঠীৰ পৰা ধর্মান্তৰিত হােৱা লােক । 

প্রশ্ন ৮। চমুটোকা লিখা— 

( ক ) বাঘ হাজৰিকা , ( খ ) আজান ফকীৰ চাহাব , ( গ ) চৈয়দ আব্দুল মালিক ( ঘ ) নবাব ছেহিদুৰ ৰহমান ।

( ক ) বাঘ হাজৰিকা :

উত্তৰঃ বাঘ হাজৰিকা :- প্রকৃত নাম ইছমাইল ছিদ্দিকী । বাঘৰ সৈতে যুদ্ধ কৰি পৰাভূত কৰা শক্তিৰ বাবে বাঘ নাম অর্জন কৰিছিল । অদম্য সাহস আৰু কর্মদক্ষতাৰ বাবে আহােম ৰাজত্বকালত হাজৰিকা পদবী লাভ কৰিছিল । শৰাইঘাট ৰণত লাচিত বৰফুকনৰ সহযােগী পালি সেনাপতিৰূপে প্ৰৱল পৰাক্ৰমেৰে মােগলৰ বিৰুদ্ধে যুঁজিছিল ।

( খ ) আজান ফকীৰ চাহাব :

উত্তৰঃ আজান ফকীৰ চাহাব :- যিসকল মুছলমান ধর্মগুৰুৱে পৱিত্ৰ ইছলাম ধৰ্মৰ বাণীসমূহ সহজ – সৰল ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল , তাৰ ভিতৰত আজান ফকীৰ অন্যতম । আজান ফকীৰৰ অন্য নাম শাহ মিলান । আজান ফকীৰ চাহাব সুদূৰ বাগদাদৰ পৰা ইছলাম ধর্ম প্রচাৰ কৰিবলৈ ভুমি অসমত থাকিবলৈ লৈছিল বুলি কোৱা হয় । কিন্তু তেওঁৰে ৰচিত দুই – এটা জিকিৰত থকা ‘ ভিখাৰী আজানে কয় আহাে পৰদেশ , ভাটিৰ পৰা আহিল চাহাব দাড়ি পৰ্কা’, এই বাক্যটোত পৰদেশ আৰু ভাটি শব্দই তেওঁক পশ্চিম অসমৰ কামৰূপ , গােৱালপাৰা আদি ঠাইৰ পৰা অহাও বুজাব পাৰে । আজান পীৰ বা শাহ মিলানৰ নামত প্রচলিত আঠকুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ । জিকিৰসমূহৰ ৰচনা কাল কোনাে কোনােৰ মতে ১৬৩৪ খ্রীষ্টাব্দ আৰু কোনাে কোনােৰ মতে ১৭৩৪ খ্রীষ্টাব্দ । ৰজা গদাধৰ সিংহৰ দিনত ৰূপাই গৰীয়া দা – ধৰা নামৰ এজন ইছলামধর্মী বিষয়াৰ চক্ৰান্তত পৰি ৰজাই তেওঁৰ চকু কঢ়াইছিল যদিও ৰজাই পিছত নিজৰ ভুল উপলব্ধি কৰিব পাৰি তেওঁক সৰাগুৰি চাপৰিত মাটি – বৃত্তি দি স্থায়ীভাৱে থাকিবলৈ দিয়ে । তাতেই তেওঁৰ মৃত্যু হয় । তেওঁ নিতৌ পুৱা – গধূলি মছজিদত আজান দিয়াৰ বাবে মানুহে তেওঁক আজান ফকীৰ বুলি কৈছিল । 

( গ ) চৈয়দ আব্দুল মালিক :

উত্তৰঃ চৈয়দ আব্দুল মালিক :- গােলাঘাট জিলাৰ নাহৰণি গাঁৱত চৈয়দ পৰিয়ালত ১৯১৯ চনৰ ১৬ মে তাৰিখে আব্দুল মালিকৰ জন্ম হয় । পিতৃৰ নাম চৈয়দ ৰহম্মত আলী । তেওঁ এগৰাকী স্বনামধন্য সাহিত্যিক আছিল । ১৯৩৫ চনত ‘বন্ধ কোঠা’ নামৰ গল্প এটা প্রথম প্রকাশ পােৱাৰ পিছৰে পৰা তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে লিখি যােৱা গল্প , উপন্যাস , নাটক , কবিতা – পুথিৰে অসমীয়া সাহিত্য চহকী কৰি থৈ গৈছে । তেওঁ ১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লােক – সংস্কৃতি বিভাগৰ গৱেষণা আঁচনিৰ অধীনত অসমীয়া জিকিৰ আৰু জাৰী বিষয়ক গৱেষণা কৰে । ‘অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল । ১৯৯৭ চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যাচার্য উপাধি প্রদান কৰে । ১৯৯২ চনত অসম উপত্যকা বঁটা , ১৯৯৩ চনত আজান ফকীৰ বঁটা , ১৯৮৮ চনত হার্মনী বঁটা , ১৯৯৫ চনত মহাপুৰুষ শংকৰদেৱৰ জীৱনকৰ্মৰ আধাৰত লিখা ‘ ধন্য নৰ তনু ভাল ’ নামৰ উপন্যাসখনৰ বাবে শংকৰদেৱ বঁটা লাভ কৰে । এই গৰাকী সাহিত্যিকে ২০০২ চনৰ ১৯ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে ।

( ঘ ) নবাব ছেহিদুৰ ৰহমান :

উত্তৰঃ নবাব ছেহিদুৰ ৰহমান :- সুভাষ চন্দ্র বসুৰ নেতৃত্বত গঠন হােৱা ‘আজাদ হিন্দ ফৌজ’ৰ এগৰাকী অন্যতম নেতা আছিল । ভাৰতৰ স্বাধীনতা যুদ্ধত ‘আজাদ হিন্দ ফৌজ’ৰ এইগৰাকী অসমীয়াই আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম অসমীয়া শ্বহীদ । দ্বিতীয় মহাযুদ্ধৰ সময়ত মিত্র বাহিনীৰ বােমা বর্ষণত তেওঁৰ ১৯৪৫ চনৰ ৩১ মার্চত মৃত্যু হয় ।

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

[ ( চ ) গাৰােসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। গাৰােসকলৰ উপজনগােষ্ঠীবােৰ কি কি ? 

উত্তৰঃ গাৰাে সকলৰ উপ – জনগােষ্ঠীবােৰ হ’ল— আমবেং , মাতছি , মাতাবেং , গাৰা গামচি , দুৱাল , ৰুগা – আৰু মেগাম ।

প্রশ্ন ২। গাৰাে বসতি প্রধান অঞ্চলবােৰ কি কি ? 

উত্তৰঃ পশ্চিম বঙ্গৰ পৰা আদি কৰি উত্তৰ – পূৰ্বাঞ্চলৰ প্রায় প্রতিখন ৰাজ্যত গাৰােসকল সিঁচৰতি হৈ থকাৰ উপৰিও বাংলা দেশতাে বহু ঠাইত এই জনগােষ্ঠীৰ লােক সিঁচৰতি হৈ আছে । ঘাইকৈ এওঁলােক গাৰাে পাহাৰত আৰু আন এটা গােটে বাংলা দেশত থাকিবলৈ লয় ।

প্রশ্ন ৩। গাৰৰ সকলৰ পূজা কৰা লােকক কি বুলি কোৱা হয় ? 

উত্তৰঃ গাবােসকলৰ পূজা কৰা লােকক সংসাবেক বুলি কোৱা হয় । 

প্রশ্ন ৪। গাৰােসকল আদিতে কি ধৰ্মৰ আছিল আৰু পিছত কি ধর্ম গ্রহণ কৰিলে ? 

উত্তৰঃ গাৰােসকল আদিতে দেৱ – দেৱীৰ পূজা অর্চনা কৰা হিন্দুধর্মলােক আছিল । পিছত উনৈশ শতিকাৰ আৰম্ভণিৰ পৰা তেওঁলােকে খ্রীষ্টান ধর্ম গ্রহণ কৰিলে । 

প্রশ্ন ৫। গাৰােসকলৰ প্রধান বাদ্যযন্ত্র সমূহ কি কি ?

উত্তৰঃ গাৰােসকলৰ প্ৰধান বাদ্যযন্ত্র সমূহ হ’ল— ঢামা খ্রাম ( ঢােল ) , গগণা , ম’হৰ শিঙেৰে নির্মিত বাঁহৰ পাইপ লগােৱা বাংসী বাঁহী আদি । 

প্রশ্ন ৬। চমু টোকা লিখা :

( ক ) ৰামখে ওৱাথ্রে মােমিন ( খ ) ৰেভা , গিলবার্থ কে মাৰাক ( গ ) সােনাৰাম ৰংৰকগ্রে সাংমা ( ঘ ) হাৱার্ড ডেনিচন মােমিন ।

( ক ) ৰামখে ওৱাথ্রে মােমিন :

উত্তৰঃ ৰামখে ওৱাথ্রে মােমিন :- মেঘালয়ৰ বর্তমান উত্তৰ গাৰাে পাহাৰত অৱস্থিত মাটছক গ্রে নামৰ সৰু এখন পাহাৰীয়া গাঁৱত ১৮৩৪ চনত ৰামখে ওৱাথ্রে মােমিনে জন্ম গ্রহণ কৰিছিল । 

১৮৬৩ চনৰ ৮ ফেব্ৰুৱাৰীত ৰামখেই ৰেভাৰেণ্ট ড° মাইলচ ব্রনচনৰ দ্বাৰাই গুৱাহাটীৰ শুক্রেশ্বৰ ঘাটত খ্রীষ্টান ধর্মত বাপ্তিষ্ট লৈছিল । তাৰ কিছুদিনৰ পিছতে দামৰালৈ আহি ৰামখেই এখন স্কুল স্থাপন কৰিছিল আৰু অধ্যক্ষ হিচাপে কাম কৰিছিল । ৰামখে ওৱাথ্রে মােমিনে খ্রীষ্টান মিচনসমূহৰ ভাৰপ্ৰাপ্ত মিচনাৰী হিচাবেও কাম কৰিছিল । মিচনসমূহৰ ভিতৰত বর্তমান উত্তৰ গাৰো পাহাৰত অৱস্থিত ৰাজা শিমলা গাৰাে বসতি গাঁৱত চল্লিশজনীয়া সদস্যৰে পােন প্রথমে এখন খ্রীষ্টান মিচন হিচাবে এটি গীর্জা ঘৰ স্থাপন কৰিছিল । 

তেওঁৰ হাতেৰে লিখা ‘কলা আৰু সংস্কৃতি’ বিষয়ক কিতাপখন মেঘালয় চৰকাৰে ১৯৯০ চনত প্ৰকাশ কৰিছিল । তেওঁৰ লিখিত ৪৫০০০ শব্দৰে বঙালী – গাৰাে অভিধানখন চিৰস্মৰণীয় হৈ থাকিব । ৰামখে ওৱাথ্রে মােমিনে লিখা কবিতাসমূহ হ’ল- ( ১ ) ১৮৮১ চনত ‘বিচিক খ্রিতা’ ( ২ ) চনত ‘চিমানাে আটছিয়ানি’ ( ৩ ) ১৮৮৩ চনত  ‘ৰিপেংতাংখাে নিকগ্রিকানি’ ( ৪ ) ১৮৮৪ চনত  ‘আ.আকো দাকানি’ আৰু ( ৫ ) ‘ড’ অৰং’ ।

( খ ) ৰেভা , গিলবার্থ কে মাৰাক :

উত্তৰঃ ৰেভা , গিলবার্থ কে মাৰাক :- ১৯২৫ চনত গিলবার্থ কে মাৰাক পশ্চিম খাচিয়া পাহাৰ আৰু দক্ষিণ কামৰূপ জিলাৰ সীমান্তত অৱস্থিত ৰাংসাপাৰা গাঁৱত জন্ম গ্রহণ কৰিছিল । তেওঁ ৰেভা , ৰামখে আৰু সাংমাৰ একমাত্ৰ পুতেক আছিল । তেওঁ ১৯৩৩ চনত প্রাথমিক শিক্ষা সাং কৰিছিল । ১৯৪১ চনত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হােৱা মাত্রে ড ভিক্টৰ হিউগ’স্বর্ড ৰ সহযােগত চেৰাপুঞ্জি থিয়লজিকেল কলেজত পঢ়িবলৈ সুবিধা লাভ কৰিছিল আৰু ১৯৪৯ চনত এল . টি . এইচ . পৰীক্ষাত উত্তীৰ্ণ হৈছিল । গিলবার্থ কে মাৰাক ১৯৬০ চনত লিনার্ড থিওলজিকেল কলেজৰ পৰা ‘ডিগ্রী অব বেচালৰ অৱ ৰেলিজিয়াচ ইডুকেশন’ লাভ কৰিছিল । গিলৱাৰ্থ কে মাৰাক কামৰূপ জিলাৰ গােহলকোনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল । 

( গ ) সােনাৰাম ৰংৰকগ্রে সাংমা :

উত্তৰঃ সােনাৰাম ৰংৰকগ্রে সাংমা :- সােনাৰাম ৰংৰকগ্রে সাংমা উত্তৰ – পূৱ গাৰাে পাহাৰ আৰু গােৱালপাৰা জিলাৰ সীমান্তত অৱস্থিত নাছিৰংদিক নামৰ গাঁৱত ১৮৬৭ চনত জন্ম গ্রহণ কৰিছিল । তেওঁৰ পিতৃৰ নাম খলাং গাবিল মােমিন আৰু মাতৃৰ নাম ছামৰে ৰংৰকগ্রে সাংমা আছিল । নিশানগ্ৰামত প্রাথমিক শিক্ষা শেষ কৰি তেওঁ তুৰা মিচন স্কুলত ষষ্ঠ শ্রেণীলৈ পঢ়িছিল । সেই সময়ত গাৰাে পাহাৰত ষষ্ঠ শ্রেণীৰ ওপৰত শ্রেণী থকা বিদ্যালয় অর্থাৎ উচ্চ মাধ্যমিক বিদ্যালয় ক’তাে নাছিল । গতিকে সােনাৰামৰ শিক্ষা যষ্ঠ শ্রেণীতে সমাপ্ত হৈছিল । তেওঁ আছিল সাহসী , আত্মবিশ্বাসী , আনক সেৱা কৰি ভাল পােৱা আৰু মৰম – চেনেহ থকা । তদুপৰি তেওঁৰ আটাইতকৈ ভাল গুণ আছিল পৰৰ নিন্দনীয় বাক্যবােৰ হেয়জ্ঞান কৰা , বিভিন্ন ধৰণৰ অন্যায় – অত্যাচাৰবােৰ সহ্য কৰিব পৰা বিধৰ গুণবােৰাে সােনাৰামৰ আছিল । সােনাৰামে সদায় অত্যাচাৰ – উৎপীৰণৰ বিৰােধিতা কৰিছিল আৰু সেইবােৰ সমুলঞ্চে নির্মূল কৰিবলৈ আপ্রাণ চেষ্টা চলাইছিল ।

( ঘ ) হাৱার্ড ডেনিচন মােমিন :

উত্তৰঃ হাৱার্ড ডেনিচন মােমিন :- হাৱার্ড ডেনিচন মােমনিক ‘আধুনিক গাৰাে সাহিত্যৰ জনক’ বুলি আখ্যা দিয়া হৈছিল । তেৱেঁই পােন প্রথমে ‘Achik ku – rang ‘ অর্থাৎ ‘গাৰাে মানুহৰ মাত’ নামৰ গাৰো ভাষাৰ এখন আলােচনী প্রকাশ কৰিছিল । 

প্রথমাৱস্থাত শিক্ষকতাই তেওঁৰ জীৱিকাৰ মূল পথ আছিল । কিন্তু পিছৰ কালছােৱাত সামাজিক কামত ব্যস্ততাৰে জীৱন অতিবাহিত কৰিছিল । 

১৯১৩ চনৰ ২০ ফেব্ৰুৱাৰীত মেঘালয়ৰ সৰু চহৰ তুৰাত হাৱার্ড ডেনিচনৰ জন্ম হৈছিল । তেওঁৰ পিতৃ জবাং ডি মাৰাক আমেৰিকালৈ পঢ়িবলৈ যােৱা গাৰৰ সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্যক্তি আছিল । জবা ডি মাৰাক ১৯০৫ চনৰ পৰা ১৯১১ চনলৈকে আমেৰিকাৰ হাৱার্ড বিশ্ববিদ্যালয়ৰ ‘ডেনিচন স্কুলত’ শিক্ষা লাভ কৰিছিল । তাৰে স্মৃতিস্বৰূপে তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰৰ নাম  ‘হাৰৱার্ড ডেনিচন ডব্লিউ মােমিন’ বুলি ৰাখিছিল । ইয়াৰ অৰ্থ শিক্ষা আৰু ধৰ্মৰ উৎপত্তি । হাৰৱার্ড ডেনিচন ডব্লিউ মােমিনে কলিকতাত পঢ়ি থকা অৱস্থাত তেওঁৰ নাম ‘হাৱার্ড ডেনিচন মােমিন’ নামেৰে সলনি কৰিছিল ।

14 thoughts on “Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top