Class 9 Assamese Chapter 5 মোৰ দেশ | অসমীয়া Class 9 মোৰ দেশ, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 5 মোৰ দেশ can be of great value to excel in the examination.
Class 9 Assamese পাঠ – 5 মোৰ দেশ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 5 মোৰ দেশ – সমাধান for All Subject, You can practice these here…
মোৰ দেশ
– হীৰেন ভট্টাচাৰ্য
১/ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
মূল্যাংক:- ১
(ক) হীৰেন ভট্টাচাৰ্যৰ জন্ম ক‘ত হৈছিল?
উত্তৰঃ হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল যোৰহাটত ।
(খ) ‘মোৰ দেশ‘ কবিতাটিত কবিৰ কি ফুটি ওলাইছে?
উত্তৰঃ ‘মোৰ দেশ’ কবিতাটিত কবিৰ স্বদেশ প্ৰেমৰ ভাব ফুটি ওলাইছে ।
(গ) কবিৰ শেষ যাত্ৰা কি?
উত্তৰঃ কবিৰ শেষ যাত্ৰা হ’ল- নিজৰ দেশ ।
(ঘ) “এনে বহু যাত্ৰা শেষ মোৰ দেশ“- কাৰ আৰু ক‘ত বহু যাত্ৰাৰ শেষ হৈছে ?
উত্তৰঃ “এনে বহু যাত্ৰা শেষ মোৰ দেশ”- কবি হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ দেশ’ত যাত্ৰাৰ শেষ হৈছে ।
(ঙ) ‘সুগন্ধি পখিলা‘ৰ কবি কোন?
উত্তৰঃ ‘সুগন্ধি পখিলা’ৰ কবি হ’ল- হীৰেন ভট্টাচাৰ্যৰ ।
২/ চমু প্ৰশ্নৰ উত্তৰ দিয়া ।
(ক) কবি হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা ।
উত্তৰঃ কবি হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল- ‘চিত্ৰবন’, আৰু ‘মনন, ।
(খ) ‘মোৰ দেশ‘ কবিতাটোৰ মাজেৰে কবিৰ কি ভাৱ প্ৰকাশ হৈছে ? প্ৰতিটো পুৱাই কবিলৈ কি লুকাই এনে ?
উত্তৰঃ মোৰ দেশ’ কবিতাটোৰ মাজেৰে কবিৰ দেশৰ প্ৰতি ভাল পুৱা । প্ৰতিটো পুৱাই কবিলৈ ঐশ্বৰিক বিপুল সম্ভাৰ লুকাই এনে ।
(গ) হীৰেন ভট্টাচাৰ্যৰ কবি পৰিচয় দাঙি ধৰা ।
উত্তৰঃ অসমীয়া কাব্য জগতত ‘সুগন্ধি পখিলাৰ কবি’ হিচাপে সমাদৃত হীৰেন ভট্টাচাৰ্যদেৱৰ জন্ম হৈছিল যোৰহাটত । অসমীয়া আধুনিক কবিতাত সাৱলীনতাৰ সুৰ বোৱাই কবিগৰাকীয়ে চপাশালৰ কাম,শিক্ষকতাৰ লগতে ‘চিত্ৰবন’ নামৰ প্ৰেচৰ গৰাকী হিচাপে কৰ্মজীৱন অতিবাহিত কৰিছিল ।
তেখেতে ‘চিত্ৰবন’, ‘মনন’ আৰু ‘আন্তৰিক’ নামৰ কাকতৰ সম্পাদনা কৰিছিল । কবি হিচাপে ভট্টাচাৰ্যদেৱ আছিল অন্যতম জনপ্ৰিয় । তেখেতৰ কবিতাৰ সংকল্প হ’ল – ‘ৰৈদ্ৰ কামনা’, ‘তোমাৰ বাঁহী’, ‘সুগন্ধি পখিলা’, বিভিন্ন দিনৰ কবিতা’, ‘শইচ পথাৰ মানুহ’ ইত্যাদি । কবিগৰাকীৰ কবিতাত জাপানী হাইকু কবিতাৰ প্ৰতিধ্বনি শুনা যায় ।
৩/ কবি পৰিচয় দি তোমাৰ পাঠ্যপুথিৰ ‘মোৰ দেশ‘ কবিতাটিৰ মূলভাৱ লিখা ।
উত্তৰঃ পিতৃ তীৰ্থনাথ ভট্টাচাৰ্য্যৰ ঔৰসত আৰু মাতৃ স্নেহলতা ভট্টাচাৰ্য্যৰ গৰ্ভত জন্মলাভ কৰা হীৰেন ভট্টাচাৰ্য্যৰ জন্ম হয় যোৰহাটত ১৯৩২ চনত ।
বিশিষ্ট কবি হীৰেন ভট্টাচাৰ্য্যৰ কাব্যসমূহ হ’ল- ৰৈদ্ৰ কামনা, কবিতাৰ ৰ’দ, সুগন্ধি পখিলা আদি । ভট্টাচাৰ্য্য এগৰাকী সাৰ্থক গীতিকাৰ । ‘তোমাৰ গান’ তেওঁৰ অনবাদ্য গীতৰ সংকল্প ।
মূলভাৱ: হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ দেশ’ নামৰ কবিতাটিত গভীৰ দেশপ্ৰেমৰ ভাব প্ৰকাশ পাইছে । দেশৰ বাবে প্ৰতি মুহূৰ্ততে কবিয়ে গৌৰৱ অনুভৱ কৰিছে । যাযাবৰী কবি দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থাকোতে এবাৰো দেশক পাহৰি যোৱা নাই । বৰং পৃথিৱীৰ অৰঙে দৰঙে ঘূৰি ফুৰোতে সকলোতে দেশৰ শ্রেষ্টতাৰ সন্ধান কৰিছে ।
বন্ধুৰ স’তে দেশে দেশে ঘূৰি ফুৰিছে । কিন্তু সকলো যাত্ৰাৰ শেষ হ’ল কবিৰ নিজৰ দেশ । বন্ধুৰ স’তে কেতিয়াবা হাঁহিছে, কেতিয়াবা অন্তৰংগ আলাপ আলোচনা কৰিছে । কেতিয়াবা সমুদ্ৰতীৰত, কেতিয়াবা মৰুভূমিত, কেতিয়াবা খেজুৰ গছৰ তলত বন্ধুৰ লগত মনৰ ভাব ব্যক্ত কৰিছে । কিন্তু এই আনন্দ কবিৰ বাবে খন্তেকীয়া কাৰণ কবিৰ যাত্ৰা ‘মোৰ দেশ’ ।
৪/ ব্যাখা কৰা :
মূল্যাংক:-৪/৫
(ক) অনৈক্যৰ মাজত ঐক্য হৈ
বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো ।
উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি হীৰেন ভট্টাচাৰ্যৰ ৰচিত ‘মোৰ দেশ’ নামৰ কবিতাটিৰ অন্তৰ্গত । কবিতাটিৰ জৰিয়তে কবিয়ে নিজৰ দেশৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ ভাব প্ৰকাশ কৰিছে । কবিয়ে নিজৰ দেশখন সেউজী সোণালী কৰাৰ বাবে অহৰহ চিন্তা কৰিছে । কবিৰ প্ৰতিটো ভাব, প্ৰতিটো চিন্তাই দেশৰ সেউজ সোনোৱালী ভৱিষ্যতৰ সপোন দেখিছে ।
প্ৰতিটো ঋতুৱে কবিক দি যায় জীৱনৰ মাদকতা, দি যায় অফুৰন্ত আশীৰ্বাদ । কবিয়ে নিজৰ দেশৰ কৃষক, মজদূৰৰ লগত থাকি কাম কৰিব খোজে । সকলো জাতি – জনগোষ্ঠীৰ মাজত অনৈক্যৰ মাজত ঐক্যৰে কবি জীয়াই থাকিব খোজে । সকলো বিৰোধৰ মাজতে ঐক্য সৃষ্টি কবিৰ মহান উদ্দেশ্য ।
(খ) মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে
সেই সপোনৰ কলৰোল ।
উত্তৰঃ আলোচ্য কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেন ভট্টাচাৰ্যদেৱৰ ‘মোৰ দেশ’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে । দেশৰ ভবিষ্যত সমৃদ্ধিশালী কৰি তোলাৰ চিন্তাই কবিক কিদৰে আহৰ্নিৰ্দেশে অনুপ্ৰাণিত কৰিছে তাকে ক’বলৈ গৈ কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে ।
কবিৰ বাবে স্বদেশ অতি সপোন । সেয়েহে স্বদেশ ভাৰতবৰ্ষৰ ভৱিষ্যত সমৃদ্ধিশালী কৰি তোলাৰ চিন্তাত কবি ব্ৰত হৈ পৰিছে । দেশখনক ‘শইচ ফচলেৰে সমৃদ্ধিশালী কৰি উন্নতিৰ পথত আগুৱাই নিয়াৰ চিন্তাই কবিক অনবৰতে কৰ্মপ্ৰেৰণা দিছে । জীৱনৰ পল অনুপলক তেওঁ কপাহৰ অহৰ লগত তুলনা কৰিছে ।
সেইদৰে শৈশৱৰ পৰা ক্ৰমে বাঢ়ি অহা শক্তিক সমাৰ্থক কবিয়ে কোঁহে কোঁহে বাঢ়ি অহা যৌৱন বুলি অভিহিত কৰিছে । তেওঁৰ জীৱনৰ প্ৰতিটো প’ল অনুপলতে, যৌৱনৰ প্ৰতি শক্তি আৰু উদ্যমত কেৱল স্বদেশৰ ভৱিষ্যত সমৃদ্ধিশালী কৰি তোলাৰ সপোনটোৱে শব্দধৱনী তুলি অহৰহ তেওঁৰ কাণত বাজীব লাগিছে ।
S.L. No. | Contents |
পাঠ-1 | শিশুলীলা |
পাঠ-2 | মানৱ বন্ধনা |
পাঠ-3 | গীত আৰু ছবি |
পাঠ-4 | প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক |
পাঠ-5 | মোৰ দেশ |
পাঠ-6 | অন্যৰ প্ৰতি ব্যৱহাৰ |
পাঠ-7 | সময় |
পাঠ-8 | অন্ধবিশ্বাস আৰু কু-সংস্কাৰ. |
পাঠ-9 | ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য |
পাঠ-10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন |
পাঠ-11 | যুঁজ |
পাঠ-12 | লোক সংস্কৃতি |
পাঠ-13 | হনুমন্তৰ লংকা দৰ্শন |
পাঠ-14 | সুখ |
পাঠ-15 | চোৰধৰা |
পাঠ-16 | সন্মান |
পাঠ-17 | ঋজু ভাৰতী |
পাঠ-18 | বৈচিত্র্যময় অসম |
ভাষা বিষয়ক:
( ক) সমাৰ্থক শব্দ
উত্তৰঃ
দেশ – ৰাষ্ট্ৰ
কাম – কৰ্ম
কলৰোল – কলৰৱ
সপোন – স্বপ্ন
সাগৰ – সমুদ্ৰ
বন্ধু – মিত্ৰ
শেষ – অন্ত
সম্ভাৰ – ভঁৰাল
তৰংগ – ঢৌ
বুকু – বক্ষ
(খ) বিপৰীতাৰ্থক শব্দ:
উত্তৰঃ
সপোন – দিঠক
দেশ – বিদেশ
জীৱন – মৰণ
পাহাৰ – ভৈয়াম
ঐক্য – অনৈক্য
সংহতি – বিৰোধ
শয়ন – জাগৰণ
বিশ্বাস – অবিশ্বাস
সত্ৰ – মিত্ৰ

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.