Class 9 Assamese Chapter 4 প্রচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 4 প্রচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক Solutions and select need one. Class 9 Assamese Chapter 4 প্রচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.
Class 9 Assamese Chapter 4 প্রচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.
প্রচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
Chapter: 4
| পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ |
‘ক’—ভাব বিষয়ক
১। চমু উত্তৰ দিয়া।
(ক) কবিয়ে কাক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?
উত্তৰঃ কবিয়ে আকাশক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।
(খ) কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্রশ্ন কৰিছিল?
উত্তৰঃ কবিৰ প্ৰাপ্য কি বুলি সুধি প্রচণ্ড ধুমুহাই কবিক প্রশ্ন কৰিছিল।
(গ) কবিক বিশাল দৃষ্টি কোনে দিলে?
উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিছিল।
(ঘ) ‘মুমূর্ষু মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ’—ইয়াত ‘বিদ্যুৎ’ শব্দই কি বুজাইছে?
উত্তৰঃ ইয়াত ‘বিদ্যুৎ’ শব্দই মুমূর্ষু অর্থাৎ সংসাৰৰ জ্বালা- যন্ত্ৰণাত মৃতপ্রায় হোৱা জনৰ অন্তৰত প্রাণশক্তি যোগাই তোলাৰ কথা বুজোৱা হৈছে।
(ঙ) প্রচণ্ড ধুমুহাই কবিক কি প্রশ্ন কৰিছিল?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি তাকে সুধি প্রশ্ন কৰিছিল।
২। বজ্রই কবিক কি কি দিলে?
উত্তৰঃ বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে।
৩। কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?
উত্তৰঃ ‘সচাঁ উদাৰতা’ কথাষাৰেৰে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা বুজাব খুজিছে।
৪। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।
উত্তৰঃ ধুমুহাৰ গতি আৰু বজ্ৰৰ নিনাদ সমানে শক্তিশালী। ধুমুহাৰ গতি আৰু বজ্ৰৰ নিনাদে বৰ শক্তিমন্ত তথা সাহসী জনৰ অন্তৰো কঁপাই তোলে। এই দুই মহাশক্তিক ভয় নকৰা লোক বিৰল। সেয়ে এই দুই মহাশক্তিৰ পৰা বজ্ৰৰ নিনাদৰ দৰে কণ্ঠ আৰু ধুমুহাৰ নিচিনা শক্তি কবিয়ে নিজৰ মাজত পাবলৈ বিচাৰিছে যাতে কবিয়ে বজ্ৰৰ কণ্ঠেৰে আৰু ধুমুহাৰ শক্তিৰে সমাজৰ শোষিত, বঞ্চিত, নিপীড়িত জনৰ মুক্তিৰ বাবে গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হয়।
৫। কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
উত্তৰঃ মানৱ সমাজত দানৱ সদৃশ লোকৰো অভাৱ নাই। প্রকৃত মানৱ সৃষ্টিশীল। তেওঁলোকে সৃজন প্রতিভাৰে সমাজ গঢ়ে। কিন্তু দানৱ ধ্বংসকামী। দানৱ নিজৰ বৰ্বৰোচিত অবিবেচনাৰে কৰা ধ্বংসকামী কাৰ্যৰ দ্বাৰা সমাজৰ নিয়ম- শৃংখলা ভংগ কৰি সমাজক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে। সেয়ে কবিয়ে কলিজাক সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে যাতে কবিৰ অন্তৰৰ পৰা ওলোৱা হৃদয়স্পর্শী নিৰ্ভাঁজ সুৰেৰে প্ৰকৃত মানৱ সমাজ গঢ়ি তুলিবলৈ সক্ষম হ’ব পাৰে।
৬। আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।
উত্তৰঃ কবিৰ হৃদয় অতি আলসুৱা আৰু কোমল। তেওঁৰ হৃদয় সমাজৰ শোষিত, বঞ্চিত, নিপীড়িত, নিঃকিন জনৰ বাবে চিৰ ব্যাকুল। তেওঁ সমাজৰ এই মুমূর্ষুসকলৰ মনত প্ৰাণশক্তি যোগাই তোলাৰ চেষ্টাত অহৰহ কৰ্মৰত। তেওঁৰ এই কৰ্মত তেওঁৰ নিজৰ কৰ্মশক্তিৰ লগতে প্ৰকৃতি জগতৰ সহায়ো বৰ প্ৰয়োজনীয় বুলি কবিয়ে অনুভৱ কৰিছে। সেয়ে সমাজৰ অগণন মুমূর্ষু মানুহৰ হৃদয়ত প্রাণশক্তি যোগাই তুলিবলৈ প্ৰকৃতি জগতৰ আকাশ, ধুমুহা আৰু বজ্ৰক তেওঁলোকৰ শক্তি কবিক প্ৰদান কৰিবলৈ কবিয়ে আকুল কণ্ঠে আহ্বান জনাইছে। কবিয়ে আকাশৰ পৰা বিশালতা আৰু উদাৰতা, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু অপৰিমেয় সাহস আৰু ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি পাবলৈ বাঞ্ছা কৰিছে, তাৰ বাবে আকাশ, বজ্ৰ আৰু ধুমুহাক কবিয়ে শতবাৰ প্ৰণিপাত জনাইছে।
৭। ব্যাখ্যা কৰা।
(ক) ‘বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে,
তোমাৰ কাম্য কি কোৱা?
মই ক’লোঁ, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।’
উত্তৰঃ কবিৰ কোমল হৃদয় সমাজৰ শোষিত, বঞ্চিত, নিপীড়িত মানুহৰ দুখমোচনৰ বাবে সদায় ব্যাকুল। সমাজৰ এই যন্ত্ৰণা-কাতৰ মুমূর্ষু লোকসকলৰ মনত প্রাণশক্তি যোগাই তুলিবলৈ কবি উদগ্ৰীৱ হৈ পৰিছে। কবিৰ নিজৰ যি শক্তি আছে তাৰে এই কৰ্ম সমাধা কৰাটো সম্ভৱ নহয় বুলি কবিয়ে অনুভৱ কৰিছে। সেয়ে তেওঁ এই দুঃসাধ্য কাম সমাধা কৰিবলৈ প্ৰকৃতি জগতৰ পৰাও শক্তি আহৰণ কৰিবলৈ বিচাৰিছে। বজ্ৰ হ’ল উদাত্ত কণ্ঠৰ অধিকাৰী। বজ্ৰৰ নিনাদ মহা-শক্তিশালীও। এই শক্তিলৈ ভয় নকৰা লোক নাই। সেয়ে নিঃকিন লোক সকলৰ মুমূর্ষু জীৱনত প্রাণশক্তি যোগাই তুলিবলৈ কবিক বজ্ৰৰ উদাত্ত কণ্ঠৰ আৱশ্যক। সেয়ে বজ্ৰই কবিক তেওঁৰ কাম্য কি বুলি সুধিলত কবিয়ে নিৰ্ভীক চিত্তে বজ্ৰক তেওঁৰ উদাত্ত কণ্ঠটি কবিক দিবৰ বাবে অনুৰোধ জনাইছে আৰু তাৰ বাবে বজ্ৰক শতবাৰ প্ৰণিপাত জনাইছে।
(খ) ‘সেয়েহে আকাশ তুমি দিব যদি খুজিছাই
সংকীর্ণতা এৰি দিয়া
অৱদান-ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।”
উত্তৰঃ আকাশ হ’ল উদাৰতা আৰু বিশালতাৰ প্রতীক। উদাৰ আৰু বিশাল হৃদয়ৰ লোকেহে ব্যক্তিস্বার্থ বিসর্জন দি সমাজৰ কল্যাণৰ হকে নিজক নিয়োজিত কৰিব পাৰে। উদাৰ আৰু বিশাল হৃদয়ৰ অধিকাৰী হৈ উঠিব নোৱাৰা লোকে সমাজৰ হিতাৰ্থে প্ৰকৃত কৰ্মত নিজক নিয়োজিত কৰিব নোৱাৰে। এনে কাৰণতে সমাজৰ শোষিত-বঞ্চিত-নিপীড়িত জনৰ কল্যাণৰ বাবে কাম কৰিবলৈ ইচ্ছুক কবিয়ে আকাশৰ পৰা উদাৰতা আৰু বিশালতা পাবলৈ বাঞ্ছা কৰিছে। নিজকে আনৰ বাবে বিলাই দিব পৰাটোৱে হ’ল সঁচা উদাৰ্তা। ৰাতিপুৱাৰ বেলিটোৱে ধনী-দুখীয়া, উচ্চ-নীচ সকলোকে সমানে পোহৰ বিলাই দিয়ে। এয়ে আকাশ আৰু বেলিৰ বিশালতা আৰু উদাৰতা। এবাৰ জনৈক কবিয়ে আকাশক ‘অকণি আকাশ’ বিচাৰিছিল, যদিও ইয়াত কবিয়ে সর্বাকাশ অর্থাৎ পূর্ণ আকাশৰ সত্তাই বিচাৰিছে যাতে তেওঁ তাৰে মানুহৰ দুখমোচন কৰিব পাৰে। কবি যিহেতু মুমূর্ষু সকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ অতিশয় ইচ্ছুক হৈ পৰিছে সেয়ে আকাশক তেওঁৰ পূৰ্ণ বিশালতা পলম নকৰি আজিয়েই কবিক দিবলৈ অনুৰোধ জনাইছে।
(গ) ‘মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্রচণ্ড শক্তি
বজ্রই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।’
উত্তৰঃ শোষিত-বঞ্চিত-নিপীড়িত জনৰ প্ৰতি দয়াশীল কবি এগৰাকী স্বভাৱগতভাৱে মানৱপ্রেমী। তেওঁৰ এই মানৱপ্ৰেম বিশ্বজনীন। তেওঁ বিশ্বৰ সমগ্ৰ মুমূর্ষু লোকৰ প্ৰাণ নতুন আশা-আকাংক্ষাৰে উজ্জীৱিত কৰিবলৈ বিচাৰি এই উদ্দেশ্য পূৰণৰ বাবে প্ৰকৃতি জগতৰ মহান শক্তি সমূহৰ পৰা সিবিলাকৰ শ্ৰেষ্ঠ শক্তিশালী সম্পদসমূহ বিচাৰিছে। মানৱৰদী কবিৰ এই আকাংক্ষাৰ প্ৰতি সঁহাৰি জনাই মহাকাশে কবিক প্ৰদান কৰিলে দৃষ্টিৰ বিশালতা, ধুমুহাই দিলে প্রচণ্ড শক্তি আৰু বজ্ৰই দান কৰিলে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি। কবিয়ে এইসকল প্রকৃতি প্রদত্ত সমলেৰে নিঃস্বজনৰ প্ৰাণ নতুন আশা-আকাংক্ষাৰে উজ্জীৱিত কৰিবলৈ সক্ষম হ’ব বুলি মনে-প্রাণে বিশ্বাস কৰিছে।
(ঘ) ‘মুমূর্ষু মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ।’
উত্তৰঃ মানৱ সমাজখন শোষিত, বঞ্চিত, নিপীড়িত মানুহৰে ভৰা। এইসকল লোকৰ প্ৰতি কবি সহানুভূতিশীল। এইসকল মানুহৰ জীৱন-জীৱিকাৰ তাড়নাই মানৱদৰদী কবিৰ হৃদয় ব্যথাতুৰ কৰি তোলে। সেয়েহে এইসকলৰ দুখ-যাতনা লাঘৱ কৰিবলৈ মানৱপ্ৰেমী কবি উদ্বাউল হৈ উঠিছে। এই মুমূর্ষু অর্থাৎ মৃতপ্রায় লোকসকলৰ প্ৰাণ নতুন আশা-আকাংক্ষাৰে উজ্জীৱিত কৰি তুলিবলৈ সেয়ে কবিয়ে প্রকৃতি জগতখনৰ পৰা শক্তি আহৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি আকাশক উদাৰতা, ধুমুহাক প্রচণ্ড শক্তি আৰু বজ্ৰক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিবলৈ অনুৰোধ জনাইছে। প্রকৃতি জগতৰ এই মহাশক্তিসমূহ অর্থাৎ আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা কবিয়ে উপযুক্ত সঁহাৰি লাভ কৰিছে। কবিৰ ধাৰণা, প্রকৃতি জগতৰ আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা শক্তিৰ বলত কবিও এতিয়া মহাশক্তিশালী হৈ উঠিছে আৰু তেওঁ এই মহাশক্তিৰে মৃতপ্রায় সমাজৰ দুখ মোচন কৰিব পাৰিব বুলি। ইয়াকে কবিয়ে মুমূর্ষু মানৱক জীৱনৰ বিদ্যুৎ দিয়া বুলি অভিহিত কৰি আকাশ, ধুমুহা আৰু বজ্ৰই প্ৰদান কৰা শক্তিৰ বাবে কবিয়ে আকাশ, ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত জনাইছে।
‘খ’—ভাষা বিষয়ক
৮। তলত দিয়া শব্দবোৰৰ সমার্থক শব্দ লিখা।
ধুমুহা, বুকু, কাম্য, সংকীর্ণতা, বিশাল, দানৱ, প্ৰণিপাত, সিক্ত।
উত্তৰঃ ধুমুহা – বৰদৈচিলা।
বুকু – হৃদয়।
কাম্য – কামনা কৰা, বিচৰা।
সংকীর্ণতা – ক্ষুদ্ৰতা।
বিশাল – বহল।
দানৱ – দৈত্য।
প্ৰণিপাত – সেৱা।
সিক্ত – তিতা, ভিজা।
৯। তলত দিয়া শব্দ কেইটাত কি কাৰণে ‘ণ’ হৈছে লিখা:
কণ্ঠ, পূর্ণ, প্রচণ্ড, সংকীর্ণতা, প্রণিপাত।
উত্তৰঃ কণ্ঠ – ‘ট’ বৰ্গৰ লগত যুক্ত হোৱা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।
পূৰ্ণ – একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ‘ন’ ‘ণ’ হয়।
প্ৰচণ্ড – ‘ট’ বৰ্গৰ লগত যুক্ত হোৱা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।
সংকীর্ণতা – ‘ৰ’ ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।
প্রণিপাত – ‘প্র’ উপসৰ্গৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।
১০। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ষ’ হৈছে লিখা।
মুমূর্ষু, দৃষ্টি।
উত্তৰঃ মুমূর্ষু – অ, আ ৰ বাহিৰে অন্য স্বৰবৰ্ণ বা ‘ৰ’ ৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়।
দৃষ্টি – ‘ট’ বৰ্গৰ লগত যুক্ত হোৱা দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়।
১১। সন্ধি ভাঙা।
দিগন্ত, সর্বাকাশ, সংকীর্ণ।
উত্তৰঃ দিগন্ত = দিক্ + অন্ত।
সর্বাকাশ = সর্ব + আকাশ।
সংকীর্ণ = সম্ + কীর্ণ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



