Class 9 Assamese Chapter 10 পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন | অসমীয়া Class 9 পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

Class 9 Assamese Chapter 10 পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন | অসমীয়া Class 9 পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 10 পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন can be of great value to excel in the examination.

Class 9 Assamese Chapter 10 পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 10 পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন for All Subject, You can practice these here.

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

– জ্যোতিপ্রসাদ বুঢ়াগােহাঞি

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

চমু উত্তৰ দিয়াঃ

(ক) ৰাজস্থানৰ ৰাজধানী কি?

উত্তৰঃ জয়পুৰ।

(খ) পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন বুলি কোনখন গাঁৱৰ কথা কৈছে?

উত্তৰঃ ৰাজস্থানৰ ‘পিপলান্ত্রি’ নামৰ গাঁওখনৰ কথা কৈছে।

(গ) উদয়পুৰ কাৰ জন্মস্থান বুলি কৈছে?

উত্তৰঃ মহাৰাণা প্রতাপৰ।

(ঘ) উদয়পুৰ কোন জিলাৰ অন্তৰ্গত?

উত্তৰঃ ৰাজছমন্দ জিলাৰ।

(ঙ) মাৰ্বল পাথৰৰ বাবে কোনখন গাঁও ‘গ্রীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান পাইছিল?

উত্তৰঃ ৰাজস্থানৰ পিপলান্ত্রি গাঁওখন।

(চ) পিপলান্ত্রি গাঁওখনি পুনৰ জীয়াই তোলাৰ আঁৰত কোন আছিল?

উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল।

(ছ) কোন কোন শ্ৰেণীত ৰাজস্থানৰ শিক্ষা বিভাগে পিপালান্ত্রি গাঁওৰ বিষয়ে পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিছে?

উত্তৰঃ সপ্তম আৰু অষ্টম শ্ৰেণীৰ।

(জ) পিপালান্ত্রি গাঁওখনক লৈ নিৰ্মাণ কৰা হিন্দী ছবিখনৰ নাম কি?

উত্তৰঃ ‘পিপলান্ত্রি’।

(ঝ) শ্যাম সুন্দৰ পালিৱালৰ মৃত কন্যাজনীৰ নাম কি আছিল?

উত্তৰঃ কিৰণ।

(ঞ) শ্যাম সুন্দৰ পালিৱালে তেওঁৰ কিমান বছৰ বয়সত মাতৃক হেৰুৱাইছিল?

উত্তৰঃ ছয় বছৰ বয়সত।

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

ভাৱ বিষয়ক

প্রশ্ন ১। চমুকৈ উত্তৰ লিখা :

( ক ) ৰাজপুত বীৰ ৰাণা প্রতাপৰ জন্ম কত হৈছিল ? 

উত্তৰঃ ৰাজপুত বীৰ ৰাণা প্রতাপৰ জন্ম হৈছিল ৰাজস্থানৰ উদয়পুৰত ।

( খ ) পিপলান্ত্রি গাঁওখন ক’ত অৱস্থিত ? 

উত্তৰঃ ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলােমিটাৰ আঁতৰত অৱস্থিত । 

( গ ) কিহৰ বাবে পিপলান্ত্রি গাঁওখনে ‘গ্রীণিজ ৱর্ল্ড ৰেকৰ্ডছ’ত স্থান পাইছিল ? 

উত্তৰঃ মাৰ্বল পাথৰৰ বাবে পিপলান্ত্রি গাঁওখনে ‘গ্রীণিজ ৱর্ল্ড ৰেকৰ্ডছ’ত স্থান পাইছিল ।

( ঘ ) পৃথিবীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে ? 

উত্তৰঃ পৃথিবীৰ ডেনমার্ক দেশৰ পাঠ্যক্ৰমত পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে  ।

( ঙ ) ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নির্মাণ কৰিছিল ? 

উত্তৰঃ ‘Tree Sisters’ নামৰ চিনেমাখন আর্জেন্টিনাৰ এটা দলে নির্মাণ কৰিছিল ।

( চ ) কিৰণ কোন আছিল ? 

উত্তৰঃ  কিৰণ পিপলান্ত্রি গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিয়ালৰ কন্যা আছিল । 

( ছ ) ৰাখী বন্ধনৰ দিনা পিপলান্ত্রি গাঁৱৰ মানুহে কি কৰে ? 

উত্তৰঃ ৰাখী বন্ধনৰ দিনা পিপলান্ত্রি গাঁৱৰ মানুহে  গছত ৰছী বান্ধে । 

( জ ) ‘ কিৰণ যােজনা’ৰ আঁৰৰ মানুহজন কোন ? 

উত্তৰঃ  ‘ কিৰণ যােজনা’ৰ আঁৰৰ মানুহজন হ’ল- শ্যাম সুন্দৰ পালিৱাল । 

( ঝ ) কোনাে এজন মানুহৰ মৃত্যুত পিপলান্ত্রি গাঁৱৰ মানুহে কি কৰে ? 

উত্তৰঃ কোনাে এজন মানুহৰ মৃত্যুত পিপলান্ত্রি গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত ১১ জোপা গছপুলি ৰােপণ কৰে ।

প্রশ্ন ২। পিপলান্ত্রি গাঁৱৰ পৰিবেশ কিয় দূষিত হৈছিল ? 

উত্তৰঃ পিপলান্ত্রি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাৰ ফলত প্রকৃতিও ধ্বংস হ’বলৈ ধৰে । মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবােৰত দিনে – নিশাই কাম চলাৰ ফলত পিপলান্ত্রি গাঁৱৰ পৰিবেশ দূষিত হয় । গছ – গছনি কমি অহাত বৰষুণৰ পৰিমাণে কমি আহিল ; ফলত অধিক মাত্রাত পৰিবেশ দূষিত হৈ পৰিল । 

প্রশ্ন ৩। শ্যাম সুন্দৰ পালিৱাল কোন ? পিপলান্ত্রি গাঁওখন পৃথিৱী বিখ্যাত হােৱাত তেওঁৰ অৱদান সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল আছিল ৰাজস্থানৰ পিপলান্ত্রি গাঁৱৰ এজন আদর্শ ব্যক্তি । মাত্র ছয় বছৰ বয়সতে মাতৃক হেৰুওৱা শ্যাম সুন্দৰ পালিৱালে এটা সময়ত জীৱন – সংগ্ৰামৰ কাৰণে নিজ গাঁও এৰি গৈছিল যদিও পিছত বৃহৎ মাৰ্বল খনিয়ে বিধ্বস্ত কৰা গাঁওখনলৈ ঘূৰি আহি গাঁও আৰু গাঁওবাসীক উদ্ধাৰ কৰিবলৈ মনে প্রাণে নামি পৰে । 

২০০৫ চনত তেওঁ গাঁওখনৰ মুখিয়াল হ’ল আৰু আকস্মিকভারে মৃত্যু হােৱা তেওঁৰ কন্যা কিৰণৰ স্মৃতিত এটা গছ পুলি ৰুলে । সেইদিনাই তেওঁ এটা নিয়ম কৰি দিলে যে গাঁওখনত জন্ম হােৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰােপণ কৰিব লাগিব , আৰু এই কাম ‘ ‘কিৰণ নিধি যােজনাৰ অধীনত আৰম্ভ হয় ।

২০০৫-২০১০ চনলৈ গাঁৱত মুখিয়াল হিচাপে কার্যনির্বাহ কৰা শ্যাম সুন্দৰ পালিৱালে গ্ৰহণ কৰা এই নীতিয়ে গাঁওখনলৈ নতুন জীৱন আনি দিলে । পানীৰ গভীৰতা শুকাই গৈ ইতিমধ্যে ৮০০ ফুট তললৈ নামি গৈছিল যদিও তেওঁ পানী সংৰক্ষণৰ ব্যৱস্থা কৰি দিয়াত গাঁওবাসী পানীৰ অভাৱৰ পৰা মুক্ত হ’ল । তেওঁ গাঁওবাসীক চাৰিটা দায়িত্ব কঠোৰভাৱে পালন কৰিবলৈ বাধ্য কৰাইছিল ।

—এই চাৰিটা হ’ল— কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা , পানী সংৰক্ষণ কৰা , গছ – গছনি ৰুই প্রতিপালন কৰা আৰু খেতিবাতি কৰি নিজৰ প্রয়ােজন পূৰণ কৰা । গাঁৱত ৰাইজে এই চাৰিটা দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰাৰ ফলত গাঁৱৰ চেহেৰাই সলনি হ’বলৈ ধৰিলে।সংৰক্ষিত পানী আৰু গছ – গছনিয়ে গাঁওখনকেই জীপাল আৰু সাৰুৱা কৰি তুলিলে । 

শ্যাম সুন্দৰ পালিৱালে কন্যা সন্তানৰ প্রতি গাঁওখনৰ মনােভাব সলনি কৰি পেলালে । তেওঁৰ আহ্বানত ছােৱালী সন্তান জন্ম হােৱাৰ লগে লগে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় । তেওঁ নিয়ম কৰি দিছিল । গাঁৱৰ কোনাে লােকে কন্যা ভূণ হত্যা কৰিব নােৱাৰিব , ছােৱালীক যেনেদৰে মৰমেৰে তুলি – তালি ডাঙৰ – দীঘল কৰা হয় —১১১ টা গছ পুলি তেনেদৰে তুলি – তালি ডাঙৰ – দীঘল কৰিব লাগিব ।

কোনাে ছােৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নােৱাৰিব , বাল্যবিবাহ দিব নােৱাৰিব । ছােৱালী জন্মৰ লগে লগে ছােৱালীজনীৰ নামত ৰাইজে ২১ হাজাৰ আৰু ছােৱালীৰ মাক – দেউতাকে ১০ হাজাৰ মুঠ ৩১ হাজাৰ টকা বেংকত ফিক্স জমা থব লাগিব । সেই টকা সেই ছােৱালীজনীৰ পঢ়া আৰু বিয়াৰ ক্ষেত্ৰতহে উলিয়াই খৰচ কৰিব পাৰিব । প্রতিঘৰ মানুহৰ অনাময় শৌচালয় ব্যৱস্থা কৰা হ’ল । পিপলান্ত্রি গাঁওখন কম দিনৰ ভিতৰতে পর্যটনৰ থলী হৈ পৰিল ।

গাঁওখন চাবলৈ প্রতিবছৰে বিভিন্ন প্রান্তৰ মানুহ আৰু চৰকাৰী প্রতিনিধি আহে । ইতিমধ্যে ডেনমার্কৰ প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁওখনৰ সফলতা আৰু কাম – কাজৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰা হৈছে । আর্জেন্টিনাৰ এটা দলে এই গাঁওখনক লৈ Tree Sister নামৰ এখনি চিনেমা নির্মাণ কৰিছে । 

এনেদৰে পিপলান্ত্রি গাঁওখন পৃথিৱী বিখ্যাত হােৱাত শ্যাম সুন্দৰ পালিৱালে অৱদান । আগবঢ়াইছিল । 

প্রশ্ন ৪। ‘ কিৰণ নিধি যােজনা ’ কি ? এই যােজনাৰ অধীনত পিপলান্ত্রি গাঁৱত মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে ? 

উত্তৰঃ ‘ কিৰণ নিধি যােজনা’ৰ আঁৰৰ মানুহজন হ’ল শ্যাম সুন্দৰ পালিৱাল । শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যাৰ কিৰণৰ স্মৃতিত এই ‘ কিৰণ নিধি যােজনা’ৰ সূচনা । কৰে । গাঁওখনত তেওঁ এই যােজনাৰ অধীনত এটা নিয়ম প্ৰৱৰ্তন কৰিছিল যে পিপলান্ত্রি – গাঁওখনত জন্ম হােৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছ পুলি ৰােপণ কৰিব লাগিব । ‘ কিৰণ নিধি যােজনা’ৰ অধীনত পিপলান্ত্রি গাঁৱত মানুহে এই চাৰিটা বিশেষ দায়িত্ব পালন কৰিব লাগে । 

১। কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ – দীঘল কৰা ।

২। পানী সংৰক্ষণ কৰা ।

৩। গছ – গছনি ৰুই প্রতিপালন কৰা ।

৪। খেতি – বাতি কৰি নিজৰ প্ৰয়ােজন পূৰণ কৰা ।

প্রশ্ন ৫। কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল ? 

উত্তৰঃ কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিৱালে আঁচনিৰ জৰিয়তে কেইটামান নিয়ম কৰি দিছিল । সেই কেইটা এনেধৰণৰ 

প্ৰথমতে , গাঁৱৰ কোনাে লােকে কন্যাভ্রণ হত্যা কৰিব নােৱাৰিব ।

দ্বিতীয়তে , ছােৱালীজনীক যেনে আলফুলে ডাঙৰ – দীঘল কৰা হ’ব সেই একেই মৰম চেনেহ আৰু যত্নেৰে ১১১ টা গছ – পুলিকো প্রতিপালন কৰিব লাগিব । 

তৃতীয়তে , কোনাে ছােৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নােৱাৰিব । 

চতুর্থতে , কোনাে পৰিস্থিতিতে বাল্যবিবাহ সম্পন্ন কৰিব নােৱৰিব । প

ঞ্চমতে , ছােৱালীৰ নামত বেংকত থোৱা ৩১ হাজাৰ টকা ছােৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব । 

শেষত , ছােৱালীৰ জন্মৰ সময়ত ৰােৱা গছপুলিবােৰ গাঁৱৰ সম্পত্তি হ’ব । এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তি স্বাক্ষৰ কৰি গাঁৱত ৰাইজে প্রতিশ্রুতি দিব  লগীয়া হয় । 

প্রশ্ন ৬।পিপলান্ত্রি গাঁৱত প্রকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল , পাঠৰ সহায়ত লিখা । 

উত্তৰঃ ‘কিৰণ নিধি যোজনা’ৰ আঁচনি মতে প্ৰতি গৰাকী কন্যা সন্তান জন্ম পোৱাৰ লগে লগে ৰাইজে ১১১ টা গছপুলি ৰুব লাগিছিল আৰু কন্যা সন্তানৰ দৰেই গছ পুলিবােৰ লালন – পালন কৰি ডাঙৰ – দীঘল কৰিব লাগিছিল । পানী সংৰক্ষণ কৰি আৰু গছ – গছনিৰ দ্বাৰা গাঁওখনত প্রাকৃতিক পৰিবেশ সুন্দৰ হৈ পৰিছিল ।

একোজোপা গছ পূর্ণাংগ গছ হৈ উঠালৈকে গাঁওখনৰ মানুহে সন্তান পালন কৰাদি পালন কৰিছিল । ৰাখী বন্ধনৰ দিনা গাঁৱত ছােৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে আৰু এই কার্যৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে , প্রকৃতি আৰু মানুহৰ মাজত আত্মিক সম্পর্ক গঢ় লৈ উঠে । 

প্রশ্ন ৭। পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে ? 

উত্তৰঃ শ্যামসুন্দৰ পালিৱালে নতুন ৰূপ দিয়া  পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী সেই গাঁও চাবলৈ অহা বিভিন্ন প্রান্তৰ মানুহ আৰু চৰকাৰী প্রতিনিধিৰ দ্বাৰা প্ৰচাৰ হােৱাৰ উপৰিও আর্জেন্টিনাৰ এটা দলে এই গাঁওখনক লৈ ‘ Tree Sisters ’ নামৰ এখনি চিনেমা নির্মাণ কৰিছে । বহুতেই এই গাঁৱক লৈ শতাধিক তথ্যচিত্র নির্মাণ কৰিছে । ‘পিপলান্ত্রি’ নামৰ এখন হিন্দী ছবিও নির্মাণ হৈছে ।

এনেদৰেই পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী প্রচাৰ হৈছে । ইয়াৰ ফলত ডেনমার্কৰ প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁৱত সফলতা আৰু কাম – কাজৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰা হৈছে আৰু ছাত্ৰ – ছাত্ৰীসকলক ইয়াৰ বিষয়ে অধ্যয়ন কৰি নিজ দেশৰ প্রতি দায়িত্ব পালন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে । ৰাজস্থানত চৰকাৰৰ শিক্ষা বিভাগেও সপ্তম আৰু অষ্টম শ্রেণীৰ পাঠ্যক্ৰমত এই গাঁৱৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰিছে আৰু ছাত্ৰ – ছাত্ৰীয়ে গাঁওখনৰ বিষয়ে পঢ়ি তেনে কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছে । 

প্রশ্ন ৮। পিপলান্ত্রি গাঁওখন কিয় আদর্শ গাঁও বুলি তুমি ভাবা ? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক ? 

উত্তৰঃ পিপলান্ত্রি গাঁওখন মই আদর্শ গাঁও বুলি ভবাৰ কাৰণ আছে । মাৰ্বলখনিৰ দ্বাৰা প্রায় বিধ্বস্ত আৰু নিঃস্ব গাঁও এখনি শ্যাম সুন্দৰ পালিৱাল নামৰ লােকজনৰ নেতৃত্ব আৰু সুপৰিকল্পিত নির্দেশত ঠন ধৰি পৃথিৱীৰ মানুহক চমক লগাইছে । গছ ধ্বংস হৈ একেবাৰে উদং হােৱা গাঁওখনি এক নীতি – নিয়মৰ মাজেৰে গছ পুলি ৰুই পুনৰ সেউজ সুন্দৰ কৰি তুলিলে ।

মানুহখিনিৰ কঠোৰ শ্ৰম আৰু কার্য তৎপৰতাই সকলােকে আকর্ষণ কৰিলে । ছােৱালী সন্তান প্রতি লােৱা আকর্ষণী আৰু আদৰণীয় ব্যৱস্থাই সকলাে শ্রেণী মানুহকে এক নতুন দিশৰ সন্ধান দিছে । এই গাঁৱত কাম-কাজ,প্ৰাকৃতিক শোভাই পৃথিৱীৰ লোকক আকর্ষিত কৰিছে । প্রকৃতি প্রেম এই গাঁৱৰ মানুহৰ আন এক প্ৰেৰণাৰ উৎস ।

এই গাঁৱক লৈ চিনেমা , চলচ্চিত্র , তথ্যচিত্র , আদি শতাধিক নির্মাণ হৈছে । বিদেশত আৰু নিজ ৰাজ্যতাে এই গাঁৱত সফলতাৰ পাঠ্যক্রম অন্তর্ভুক্ত কৰি ছাত্ৰ – ছাত্ৰীক প্রেৰণা দিবলৈ চেষ্টা কৰা হৈছে । এনেবােৰ কাৰণতেই সকলােৰে বাবে , মােৰ বাবে পিপলান্ত্রি গাঁও এখন আদর্শ গাঁও । 

এই পাঠটোৰ শিক্ষণীয় দিশ হ’ল — পাঠটিৰ জৰিয়তে মানুহৰ মানসিক দৃঢ়তা , সুচিন্তিত পৰিকল্পনা , উদ্যম , আগ্রহ আদিৰ দ্বাৰা কেনেকৈ অসম্ভৱ বুলি ভবা কাম এটাও সম্ভৱ কৰি তুলিব পাৰি তাৰ আভাস পােৱা যায় । যৌথ প্রচেষ্টাৰে সমাজ তথা নিজৰ নিজৰ অঞ্চলৰ সর্বাংগীন বিকাশৰ বাবে আগবাঢ়ি অহাটো উচিত ।

কন্যা সন্তানৰ প্ৰতি দেখুওৱা অৱহেলাৰ বিপৰীতে ল’ৰা – ছােৱালী সকলাে সন্তানেই পিতৃ – মাতৃৰ বাবে সমান হ’ব লাগে । সমাজৰ প্রতি আমি সকলােৱে সমানে দায়বদ্ধ । এনেবােৰ শিক্ষণীয় দিশ এই পাঠটিৰ পৰা পােৱা যায় । 

প্রশ্ন ৯। বহলাই বুজাই লিখা –

( ক ) বাটা মাহত তেৰটা খেতি । 

( খ ) স্বচ্ছ ভাৰত অভিযান । 

( গ ) সামাজিক মাধ্যম । 

উত্তৰঃ ( ক ) বাটা মাহত তেৰটা খেতি :- পানীৰ অভাৱত আৰু কর্ম তৎপৰতাৰ অভাৱত মানুহে বাৰটা মাহত দুই এটা খেতিও কৰিব নােৱাৰে । পানী থাকিলেও কর্ম তৎপৰ নহ’লে অথবা কর্মতৎপৰ , কিন্তু খেতিৰ কাৰণে পানীৰ অভাৱ এনে কাৰণতে মানুহবােৰৰ অৱস্থা দুখ লগা হয় । পানী আৰু কর্ম তৎপৰতা বাবেই মানুহে উচিত সময়ত উচিত খেতি কৰি লাভবান হব পাৰে  অভাৱহীনভাৱে জীৱন কটাব পাৰে । 

একেবাৰে বিধ্বংস হ’বলৈ ধৰা পিপলান্ত্রি গাঁওখনৰ মানুহবােৰ এগৰাকী সুচিন্তিত আদর্শ ব্যক্তি শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত অতি কর্মঠ হৈ পৰিল । পানী সংৰক্ষণ আৰু গছৰােপণ কৰা ব্যৱস্থাই মাটি সাৰুৱা কৰি তুলিলে । সেই কাৰণেই সেই গাঁৱৰ মানুহে বাৰটা মাহত তেৰটা , অর্থাৎ গােটেই বছৰ ধৰি খেতি কৰি লাভবান হৈছে । 

( খ ) স্বচ্ছ ভাৰত অভিযান :- এখন পৰিষ্কাৰ – পৰিচ্ছন্ন ভাৰতৰ কল্পনা কৰি ভাৰত চৰকাৰে ২০১৫ চনত স্বচ্ছ ভাৰত অভিযান’আঁচনি আৰম্ভ কৰে । মুকলি স্থানত কোনােৱে যাতে শৌচ – প্ৰস্ৰাৱ নকৰে , প্রতিঘৰ মানুহে নিজাকৈ একোটা শৌচালয় কৰি লব পাৰে , গাঁও , নগৰ – চহৰ ; ঘৰৰ পদূলি , চৌহদ আদি নিজে নিজে তথা ৰাইজে সহযােগিতাৰে পৰিষ্কাৰ – পৰিচ্ছন্ন কৰি ৰাখি পৰিৱেশ সুন্দৰ কৰি ৰাখে , সেয়াই হৈছে ‘ স্বচ্ছ ভাৰত অভিযান’ৰ মূল উদ্দেশ্য আৰু কাম ।

এই ক্ষেত্ৰত উৎকৃষ্টতা দেখুওৱা গাঁও , চহৰ , জিলা , ৰাজ্য আদিক বিশেষভাৱে সাহায্য আৰু পুৰষ্কৃত কৰাৰ ব্যৱস্থা আছে আৰু বিগত সময়ছােৱাত ভালেমান গাঁও আৰু চহৰ , জিলা পুৰস্কৃত হৈছেও । ভাৰত চৰকাৰৰ এই অভিযানে এতিয়ালৈকে যথেষ্ট সফলতা লাভ কৰিছে । ইয়াত সাধাৰণ জনগণৰ পৰা আৰম্ভ কৰি চৰকাৰী – বেচৰকাৰী একেবাৰে উচ্চ পদস্থ বিষয়া কৰ্মচাৰী মন্ত্ৰী এম.এল.এ. সাংসদ আদিয়ে ইয়াত হাতে – কামে সহযােগ কৰিছে । 

( গ ) সামাজিক মাধ্যম :- ফেচবুক্ টুইটাৰ আদি হৈছে সামাজিক মাধ্যম । এই মাধ্যমৰ জৰিয়তে যিকোনো কথা বা কাৰ্য আদি দেশ- বিদেশ, জনগণৰ মাজত প্ৰচাৰ কৰিব পৰা যায় । বাতৰি কাকত , সংবাদ মাধ্যম , ৰেডিঅ ’ , টি . ভি . আদিৰ দৰে প্ৰচাৰত সামাজিক মাধ্যমেও কম কৰে ।

ভাষা বিষয়ক

প্রশ্ন ১০। বাক্য ৰচনা কৰা : 

হাতে – কামে , নিয়ম – শৃংখলা , দিনে – নিশাই , খেতি – বাতি , আনন্দ – উল্লাস , ডাঙৰ – দীঘল , সুখ – সমৃদ্ধি । 

উত্তৰঃ হাতে–কামে :- মুখেৰে কৈ থাকিলে নহয় , হাতে – কামে কৰি দেখুৱাব লাগে । 

নিয়ম – শৃংখলা :- সকলাে ক্ষেত্রতে নিয়ম – শৃংখলা মানি কাম কৰিব লাগে । 

দিনে – নিশাই :- অকণাে জিৰণি নােহােৱাকৈ দিনে – নিশাই কাম কৰি থাকিলে দেহা ৰুগীয়া হয় । 

খেতি–বাতি :- খেতিয়কে খেতি – বাতিত মনপুতি লাগিলেহে খেতি ভাল কৰিব পাৰে । 

আনন্দ – উল্লাস :- ‘স্বচ্ছ ভাৰত অভিযান ’ অনুসৰি কাম কৰাত গাঁওখনে পুৰস্কাৰ লাভ কৰাত সকলােৰে মনত আনন্দ – উল্লাসে ভৰি পৰিছে । 

ডাঙৰ – দীঘল :- ল’ৰা সন্তানৰ দৰেই কন্যা সন্তানকো লালন – পালন কৰি ডাঙৰ – দীঘল কৰিব লাগে । 

সুখ – সমৃদ্ধি :- কঠোৰ পৰিশ্ৰম কৰাৰ ফলত ঘৰখনলৈ পুনৰ সুখ – সমৃদ্ধি আহি পৰিছে । 

প্রশ্ন ১১। কিয় মূর্ধণ্য ‘ ণ ’ হৈছে লিখা 

বৰষুণ , পৰিমাণ , ৰূপায়ণ । 

উত্তৰঃ  বৰষুণ     –    মূর্ধণ্য ‘ষ’ ৰ পিছৰ ন মূর্ধণ্য ণ হয় কাৰণে ।

         পৰিমাণ  –    ‘প’ বৰ্গৰ আখৰ মাজত থাকিলে ‘ৰ’ৰ পিছত ন মূর্ধণ্য ‘ণ’ হয় কাৰণে ।

         ৰূপায়ণ  –    ‘য়’ ৰ পিছৰ ‘ ন ’ মূর্ধণ্য ‘ ণ ’ হয় কাৰণে । 

প্রশ্ন ১২। তলৰ শব্দবােৰৰ প্ৰতিটোৰ একোটাকৈ সমার্থক শব্দ লিখা । 

মুক্ত , বায়ু , বৃহৎ , পানী , গছ , চকু , গাঁও । 

উত্তৰঃ      মুক্ত        –       মুকলি ।

              বায়ু         –       বতাহ ।

              বৃহৎ        –        ডাঙৰ ।

              পানী       –        জল ।

              গছ        –        বৃক্ষ ।

               চকু       –        চক্ষু,আখ ।

               গাঁও      –        গ্ৰাম ।

প্রশ্ন ১৩। তলৰ উপসর্গ কেইটিৰে একোটিকৈ শব্দ গঠন কৰা । 

প্রতি , অধি , উপ , অৱ , দুৰ । 

উত্তৰঃ         প্রতি      –        প্রতিকাৰ ।

                  অধি     –         অধিকাৰ ।

                  উপ      –         উপকাৰ ।

                  অৱ      –         অৱতৰণ ।

                  দুৰ       –         দুর্নীতি ।

শব্দার্থ আৰু টোকা :

উত্তৰঃ        অক্লান্ত          –      ভাগৰ নলগাকৈ থকা ; ক্লান্ত নােহােৱা । 

                অনায়াসে     –      হেলাৰংগে ; আৰাম অর্থাৎ পৰিশ্ৰম নকৰাকৈ ; যত্ন নকৰাকৈ ; সহজে ।

                 আহি            –       নমুনা ; চানেকী ; যাক চাই আন বস্তু বা কার্য কৰা হয় । 

                 আলফুল      –       আলসুৱা ; অতি কোমল ; ঢিলা । 

                 উর্বৰা          –        সাৰুৱা সাৰ থকা ; শস্য বেছিকৈ হােৱা মাটি । 

                কোঙা         –         বাঢ়িবা বা লৰচৰ কৰিব নােৱাৰা ; উদগতি কৰিব নােৱাৰা । 

               জলাশয়     –         নৈ , বিল , পুখুৰী , হ্রদ আদি পানী থকা ঠাই ; জলাধাৰ । 

               তথ্যচিত্র     –          ৰেডিঅ ’ টেলিভিছন আদিত প্ৰচাৰৰ কাৰণে যি কোনাে বিষয়ৰ বিস্তৃত বর্ণনা থকা আলেখ্য । 

               প্রতিশ্রুতি   –          প্রতিজ্ঞা ; অংগীকাৰ । 

               ভূ-গৰ্ভ       –          পৃথিবীৰ ভিতৰভাগ । 

               ভ্ৰূণ          –          গৰ্ভত থকা সন্তান । 

               মচ্            –          কোনাে বস্তু মােহাৰি গুচা । 

               ৰক্ষণা-বেক্ষণ –     ভালকৈ ৰক্ষা কৰা কার্য । 

               সাৰােগত কৰা  –  অতি মূল্যবান ৰূপে গ্রাহ্য কৰা । 

               হ্রাস          –        কমি যােৱা । 

              ৰােপণ       –        ৰােৱা কার্য । 

               স্বচ্ছ         –       পৰিষ্কাৰ ; ফটফটীয়া । 

               অভিযান  –        নির্দিষ্ট কামৰ বাবে আগবঢ়া ।

অতিৰিক্ত প্রশ্নোত্তৰঃ

প্রশ্ন ১। পিপলাথ্রি গাঁও কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰঃ ৰাজস্থান ৰাজ্যত অৱস্থিত।

প্রশ্ন ২। পিপলান্ত্রি গাঁওখন কোনখন জিলাত অৱস্থিত?

উত্তৰঃ ৰাজস্থানৰ ৰাজছমন্দ জিলাত অৱস্থিত।

প্রশ্ন ৩। কোনজন মানুহে পিপলান্ত্ৰি গাঁওৰ পৰিবর্তন সাধিলে?

উত্তৰঃ শ্যাম সুন্দৰ পালিৱালে।

প্রশ্ন ৪। কোনদেশৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ বিষয়টো অন্তর্ভুক্ত হৈছে?

উত্তৰঃ ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁওখনৰ সফলতা আৰু কাম-কাজৰ বিষয়টো পাঠ্যক্রমত অন্তর্ভুক্ত কৰা হৈছে।

প্রশ্ন ৫। ৰাজস্থান চৰকাৰৰ কোন শ্রেণীৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁওৰ বিষয়টো অন্তর্ভুক্ত হৈছে?

উত্তৰঃ ৰাজস্থান চৰকাৰৰ শিক্ষা বিভাগে সপ্তম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁওখনৰ বিষয়টো পাঠ্যক্রমত অন্তর্ভুক্ত কৰিছে।

প্রশ্ন ৬। কোনখন দেশৰ এটা দল আহি পিপলান্ত্রি গাঁওখনক লৈ চিনেমা নিৰ্মাণ কৰিছে?

উত্তৰঃ আর্জেন্টিনাৰ এটা দল আহি এই গাঁওখনক লৈ ‘Tree Sisters নামৰ এখন চিনেমা নিৰ্মাণ কৰিছে।

প্রশ্ন ৭। কোন চনত পালিৱালে পিপলান্ত্ৰি গাঁৰৰ মুখিয়ালৰ দায়িত্ব লাভ কৰে?

উত্তৰঃ ২০০৫ চনত শ্যাম সুন্দৰ পালিৱাল পিপলান্ত্ৰি গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰে।

প্রশ্ন ৮। কন্যা কিৰণৰ মৃত্যুতে পালিৱালে কি কৰে?

উত্তৰঃ পালিৱালে এয়া নিয়তিৰ ইচ্ছা বুলি ভাবি লৈ কন্যাৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰে।

প্রশ্ন ৯। কন্যাসন্তানৰ জন্ম হ’লে পিপলান্ত্ৰি গাঁৱত কি কৰা হয়?

উত্তৰঃ প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১টা গছপুলি ৰোপণ কৰে।

প্রশ্ন ১০। পিপলান্ত্ৰি গাঁৱত বর্তমান জনসংখ্যা কিমান?

উত্তৰঃ পিপলান্ত্ৰি গাঁৱত এতিয়া ৮০০০-ৰো অধিক লোক আছে।

প্রশ্ন ১১। ১১১-জোপা গছৰ পূৰ্ণতাপ্রাপ্তিত মূল্য কিমান হয়?

উত্তৰঃ ছোৱালীজনীৰ জন্মৰ সময়ত ৰোৱা গছপুলিটো এজোপা পূর্ণাংগ গছলৈ ৰূপান্তৰিত হোৱাত ১১১-জোপা গছৰ মূল্যত ১ কোটি ১১ লাখ টকা হয়।

প্রশ্ন ১২। ২০০৭ চনত পিপলান্ত্ৰি গাঁৱ কি পুৰস্কাৰ লাভ কৰে?

উত্তৰঃ খ্ৰীষ্ট্ৰীয় ২০০৭ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামে পিপলান্ত্ৰি গাঁৱলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ আগবঢ়ায়।

প্রশ্ন ১৩। বর্তমান গাঁওখনত কোনোবা মানুহ ঢুকালে কি কৰা হয়?

উত্তৰঃ বৰ্তমান গাঁওখনত কোনোবা মানুহে ঢুকালে তেওঁৰ স্মৃতিত ১১-টা গছপুলি ৰোপণ কৰা হয়।

প্রশ্ন ১৪। ইউনিয়ন বেংক অৱ ইণ্ডিয়া গাঁওখনত কি সহায়তা আগবঢ়াইছে?

উত্তৰঃ ইউনিয়ন বেংক অব ইণ্ডিয়াই গাঁওখনৰ তিনিশ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে ৬০ লাখ টকা আগবঢ়াইছে।

প্রশ্ন ১৫। বৰষুণৰ পানী সংৰক্ষণ কৰাৰ কাৰণ কি?

উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণ কৰিলে ইয়াৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি তথা ই ভূ-গৰ্ভত পানীৰ পৰিমাণ বৃদ্ধি কৰে আৰু ফলত উক্তস্থানত খেতি-পথাৰৰ উৰ্বৰা শক্তি বৃদ্ধি হয়।

প্রশ্ন ১৬। কেতিয়াৰ পৰা পিপলান্ত্ৰি গাঁৱত সুদিন আৰম্ভ হৈছিল?

উত্তৰঃ ২০০৫ চনব পৰা যেতিয়া পিপলান্ত্ৰি গাঁৱৰ মানুহে কন্যা-সন্তানৰ জন্ম হ’লে ১১১টা মূল্যবান প্ৰজাতিৰ গছপুলি ৰোপণ কৰা কাম আৰম্ভ কৰিলে তেতিয়াৰে পৰা পিপলান্ত্ৰি গাঁৱত সুদিন আৰম্ভ হ’ল।

প্রশ্ন ১৭। শ্যামসুন্দৰ পালিৱালে দেশৰ প্ৰতিজন নাগৰিকক কি আহ্বান জনাইছে?

উত্তৰঃ শ্যামসুন্দৰ পালিৱালে আৰু পিপলান্ত্ৰি গাঁৱৰ লোকে দেশৰ প্ৰতিজন নাগৰিকক আহ্বান জনাইছে যে, গছপুলি ৰোপণ কৰক, প্রতিপালন কৰক, কাম কাজ কৰক, তেতিয়া নিজে বাস কৰা স্থানেই হৈ পৰিব স্বৰ্গসদৃশ।

প্রশ্ন ১৮। আমাৰ দেশত বিভিন্ন ৰাজ্যত কন্যা সন্তানৰ প্ৰতি কেনে মনোভাৱ পোষণ কৰা হয়?

উত্তৰঃ আমাৰ দেশৰ বিভিন্ন ৰাজ্যত এতিয়াও কন্যা সন্তানৰ প্ৰতি বৈষম্যৰ ভাৱ পোষণ কৰা হয়। বহুতে কন্যা সন্তানক পেলাই দিবলৈ বিচাৰে বা গৰ্ভতে হত্যা কৰিব বিচাৰে। ভ্রূণ-হত্যা অতিশয় গুৰুতৰ অপৰাধ বুলি জানিও বহুতে গোপনে গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষণ কৰাই ছোৱালী সন্তান বুলি জানিলে গর্ভপাত কৰায়। ইয়াৰ ফলত দেশৰ কিছুমান ৰাজ্যত ল’ৰা আৰু ছোৱালীৰ অনুপাতৰ অনাকাংক্ষিত ভাৱে তাৰতম্য ঘটিছে।

প্রশ্ন ১৯। পিপলান্ত্ৰি গাঁৱত কন্যাসন্তানক আর্থিকভাৱে কেনেদৰে সহায় কৰা হয়?

উত্তৰঃ পিপলান্ত্ৰি গাঁৱত প্ৰতিবছৰে এশৰো অধিক সন্তানৰ জন্ম হয় আৰু ইয়াৰ আধাই হৈছে কন্যা সন্তান। যেতিয়া কন্যা সন্তান এটিৰ জন্ম হয়, তেতিয়া গাঁৱৰ ৰাইজে ২১,০০০ টকা তোলে আৰু সন্তানৰ পিতৃ-মাতৃৰ পৰা ১০,০০০ টকা লোৱা হয়। মুঠ ৩১,০০০ টকা উক্ত কন্যা সন্তানটিৰ নামত বেংকত ফিক্সড ডিপজিট কৰি ৰখা হয়। এই ধনখিনি পিতৃ-মাতৃয়ে কোনো কাৰণতে আগতীয়াকৈ ‘বেংকৰ পৰা উলিয়াব নোৱাৰিব। পঢ়া-শুনা কৰি ছোৱালীয়ে যেতিয়া বিয়াৰ উপযুক্ত বয়সত উপনীত হ’ব, তেতিয়াহে এই ধন বেংকৰ পৰা উলিয়াব পাৰিব। ফিক্সড্ ডিপ’’জিট কৰি ৰখা সেই ধনখিনি তেতিয়া লাখৰো অধিক হ’বগৈ। ছোৱালীৰ বাহিৰে সেই ধনখিনি যাতে বেলেগত খৰচ কৰা নহয় তাৰো নিয়ম কৰা হৈছে। এনেদৰে গাঁওখনৰ কন্যাসন্তানক অর্থনৈতিক ভাবে সহায় কৰা হয়।

প্রশ্ন ২০। পিপলান্ত্ৰি গাঁৱত কেনেধৰণৰ প্ৰাকৃতিক পৰিৱৰ্ত্তন ঘটিছে?

উত্তৰঃ ২০০৫ চনৰ পৰা পিপলান্ত্ৰি গাঁৱৰ মানুহে কন্যা সন্তানৰ জন্ম হ’লে ১১১টা মূল্যৱান প্ৰজাতিৰ গছপুলি ৰোপণ কৰা আৰম্ভ কৰাৰে পৰা গাঁৱত সুদিন আহিল। গাঁওখনৰ প্ৰাকৃতিক পৰিবেশৰ পৰিৱৰ্তন হৈ গাঁওখন সেউজীয়া হ’বলৈ আৰম্ভ কৰিলে। গছ-গছনিৰ সংখ্যা বৃদ্ধি পোৱাত চৰাই-চিৰিকটি, জীৱ-জন্তুৰ আগমন ঘটিল। প্ৰদূষিত বতাহৰ সলনি মুক্ত আৰু বিশুদ্ধ বায়ু বলিবলৈ ল’লে। অধিক গৰমৰ প্ৰকোপ কমিল আৰু সময়মতে বৰষুণ আহিবলৈ লোৱাত ভূ-গৰ্ভৰ পানীৰ স্তৰ ওপৰলৈ উঠিল। পুখুৰী-জলাশয়ত পানী ভৰি পৰিল। খেতি-বাতিৰ বাবেও পর্যাপ্ত পৰিমাণৰ পানী লাভ কৰিবলৈ সক্ষম হ’ল গাঁৱৰ ৰাইজে, ফলত লাহে লাহে গাঁৱলৈ সুখ-সমৃদ্ধি ঘূৰি আহিল।

প্রশ্ন ২১। পিপলান্ত্রি গাঁওৰ উন্নয়নত চৰকাৰৰ ভূমিকা কি?

উত্তৰঃ পিপলান্ত্ৰি গাঁৱৰ উন্নয়নত চৰকাৰেও উল্লেখনীয় ভূমিকা পালন কৰিছে। গাঁৱৰ কাষত চলি থকা প্ৰকৃতি ধ্বংসকাৰী অবৈধ খনিবোৰ চৰকাৰে বন্ধ কৰি দিছে। পিপলান্ত্ৰি গাঁৱখন চাবলৈ বিদেশৰ পৰাও যেতিয়া মানুহ আহিবলৈ ধৰিলে, বিশেষকৈ গৱেষকৰ দল, তথ্যচিত্র নির্মাণকাৰীদল, চিনেমা নির্মাণকাৰী দল তেতিয়া ৰাজস্থান চৰকাৰে গাঁওখনৰ ৰাস্তাবোৰ পকী কৰি দিলে। তাৰোপৰি চৰকাৰৰ তৰফৰ পৰা গাঁওখনত বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে গাঁও পঞ্চায়তৰ কাৰ্য্যালয় স্থাপন কৰি দিছে। অংগনবাড়ী কাৰ্য্যালয়, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিয়াৰ লগতে বিভিন্ন চৰকাৰী আঁচনিবোৰৰ সুধিবাও চৰকাৰে কৰি দিছে। গাঁৱৰ ৰাইজৰ যি যি সমস্যা আছে, সেইবোৰ লৈ তেওঁলোক চৰকাৰৰ ওচৰলৈ যোৱা নাই, চৰকাৰৰ লোকে নিজেই আহি যি যি সমস্যা আছে, সেইবোৰৰ বুজ লৈ সমাধান কৰি দিছে । ৰাজস্থান চৰকাৰৰ জনকল্যাণমূলক আঁচনিবোৰ পিপলান্ত্ৰি গাঁৱত সফল ৰূপায়ণ হৈছে।

You Might Like:

Assamese Medium Solutions

Bengali Medium Solutions

  • Class 9 Advanced Mathematics Question Answer

English Medium Solutions

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top