Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য

Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য Solutions and select need one. Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 9

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’—ভাব বিষয়ক

১। অতি চমু উত্তৰ দিয়া।

(ক) প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?

উত্তৰঃ প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দাত বাস কৰিছিল তেওঁলোকক ‘আদিম অধিবাসী’ বোলা হৈছিল।

(খ) বুদ্ধদেৱৰ আচল নাম কি?

উত্তৰঃ বুদ্ধদেৱৰ আচল নাম সিদ্ধার্থ, গৌতম আৰু শাক্যসিংহ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন?

উত্তৰঃ মহৰ্ষি ব্যাসদেৱ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা বুলি খ্যাত।

(ঘ) কুশাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?

উত্তৰঃ কুশাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কণিষ্ক।

(ঙ) জৈন ধৰ্মৰ প্ৰৱর্তক কোন?

উত্তৰঃ মহাবীৰ বা বৰ্দ্ধমান জৈন ধৰ্মৰ প্ৰৱৰ্তক।

২। কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্রতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা।

উত্তৰঃ ভৌগোলিক অৱস্থিতি, মানুহৰ ধৰ্ম-ভাষা, কলা-সংস্কৃতি আদি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি। এফালে সুউচ্চ পর্বতমালা আনফালে সুগভীৰ সাগৰ-মহাসাগৰ, এফালে বিস্তীর্ণ সমতলভূমি আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা আনফালে হ্রদ-জলাশয়, এফালে গ্ৰীষ্মৰ তীব্রতা আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ-নৃত্য আনফালে শুকান মৰুভূমি আদিয়ে ভাৰতবৰ্ষৰ ভৌগোলিক বৈচিত্র্যপূৰ্ণ অৱস্থিতি সূচাইছে।

ভাৰতবৰ্ষৰ মানুহৰ গোষ্ঠী বা জাতিগত বৈশিষ্ট্যও মনকৰিবলগীয়া। ভাৰতবৰ্ষৰ আদিম অধিবাসীসকলৰ বংশধৰ, বৰ্ত্তমান মধ্যভাৰত, বিহাৰ, উড়িষ্যা আদিত বাস কৰা কোল-মুণ্ডা-চাওঁতাল আদি, অতি প্রাচীন কালত ভাৰতবৰ্ষলৈ অহা দ্রাবিড়সকল, যিসকলৰ বংশধৰ, বৰ্ত্তমান দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কর্ণাড আদি, ভাৰতবৰ্ষৰ উত্তৰ-পূব চুকেৰে সোমাই অহা অষ্ট্ৰিক আৰু মংগোলীয় গোষ্ঠীৰ নগা, বড়ো, মিছিং, কাৰ্বি, গাৰো আদি উত্তৰ-পশ্চিম চুকেৰে সোমাই অহা আৰ্যসকলৰ বংশধৰ ব্ৰাহ্মণ-ক্ষত্রিয়, বৈশ্য-শূদ্র আদি—লোকেৰে বিচিত্র ভাৰতীয় সমাজ গঠিত হৈছে। এই সকলো জাতি-গোষ্ঠীৰ ধৰ্ম-ভাষা, সংস্কৃতি বেলেগ বেলেগ হৈয়ো আজিৰ ভাৰতীয় এক মহান জাতি।

আৰ্যসকলৰ পিছতো শক, কুশাণ, পাঠান, মোগল, পর্তুগীজ, ইংৰাজ, ফৰাচী আদি জাতিৰ লোক আহি বৃহৎ ভাৰতীয় সমাজৰ লগত চামিল হৈ ভাৰতীয় মহাজাতি গঠনত ইন্ধন যোগাইছে।

৩। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা।

উত্তৰঃ এখন দেশৰ চাৰিওফালে ভূ-ভাগ, সাগৰ বা পৰ্বতৰ কোনো এটাই থাকিলে তাত বিচিত্রতা নাই। এফালে সাগৰ আনফালে ভূ-ভাগ থাকিলেও বিশেষ বিচিত্ৰতা নাথাকে। ভাৰতবৰ্ষৰ চাৰিওফালে বেলেগ বেলেগ প্ৰকৃতিৰ সীমা আছে। দেশখনৰ উত্তৰ দিশত আছে পৃথিৱীৰ ভিতৰতে ওখ হিমালয় পর্বত আৰু ইয়াৰ ঠাল-ঠেঙুলি। দক্ষিণ দিশত আছে সুগভীৰ সাগৰ আৰু মহাসাগৰ। পশ্চিম দিশত আছে মালভূমি, মৰুভূমি আৰু পূবত আছে সাগৰীয় দ্বীপমালা। দেশখনৰ জলবায়ুৰ ক্ষেত্ৰতো আছে বিভিন্নতা। একেখন, দেশৰে এফালে গৰমৰ তীব্রতা আনফালে শীতৰ কঠোৰতা। এফালে মৌচুমী বতাহে আনে প্ৰচুৰ বৃষ্টিধাৰা আৰু আনফালে পানীৰ অভাৱে কৰিছে মৰুভূমি। একেখন দেশৰ ক্ষেত্ৰত থকা এই বিভিন্নতাৰ বাবেই ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্র্যপূৰ্ণ বুলি কোৱা হৈছে।

৪। আৰ্যসকল ভাৰতলৈ অহাৰ পাছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতৰ আদিম অধিবাসীসকলৰ মাজলৈ অতি প্রাচীন কালত আহিছিল দ্রাবিড় সকল। উত্তৰ ভাৰতত দ্ৰাবিড়সকলে বসবাস কৰি থকা সময়তে ভাৰতবৰ্ষত প্রৱেশ কৰা আৰ্যসকলে দ্রাবিড়সকলক দক্ষিণ ভাৰতলৈ খেদি পঠাই উত্তৰ ভাৰতত বসবাস কৰিবলৈ লৈছিল। আৰ্যসকলৰ পিছতো ভাৰতবৰ্ষলৈ বহিৰাগতৰ সোঁত বন্ধ হোৱা নাছিল। পৃথিৱীৰ ভিন্‌ ভিন্ দেশৰ পৰা মানুহ ভাৰতবৰ্ষলৈ সময়ে সময়ে আহি ভাৰতবৰ্ষত স্থায়ীভাৱে বসতি কৰিবলৈ লৈছিল। সেই সকলৰ ভিতৰত এছিয়া আৰু ইউৰোপৰপৰা অহা শক, কুশাণ, পাঠান, মোগল, পর্তুগীজ, ইংৰাজ, ফৰাচী আদি প্ৰধান৷ ভাৰতবৰ্ষ আক্ৰমণকাৰী হিচাপে অহা এই জাতিসমূহে ভাৰতবৰ্ষকে নিজৰ দেশ হিচাপে গ্ৰহণ কৰি ভাৰততেই ৰৈ গৈছিল। বৈচিত্র্যপূর্ণ এই দেশখনৰ প্ৰতি বিদেশীৰ থিৰ চকু আজিও নোহোৱা নহয়। আজিও এইখন দেশলৈ বিদেশী বহিৰাগতৰ সোঁত বৈয়েই আছে।

৫। ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য-প্ৰকৰণৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্যৰ বিভিন্নতা দেখা যায়। পূৱ আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত। আনহাতে উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুসকলে মাছ-মাংস নাখায়, তেওঁলোক নিৰামিষ ভোজী। ইয়াৰ বিপৰীতে পূব ভাৰতৰ প্ৰায় সকলো মানুহেই জাতি-বর্ণ নির্বিশেষে মাছ-মাংস খায়। কিন্তু খাদ্যৰ বিভিন্নতা থাকিলেও সকলো ভাৰতীয় উচ্চ হিন্দু, নিম্ন হিন্দু, আন আন ধৰ্মৰ লোক ভাৰতবাসী হিচাপে এক মনৰ।

৬ ৷ ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ভাষা, ধর্ম, খাদ্যৰ বিভিন্নতা থকাৰ দৰে বিভিন্ন ঠাইৰ ভাৰতীয় মানুহৰ মাজত সাজ-পাৰৰো বিভিন্নতা আছে। পূব ভাৰতৰ পুৰুষসকলে পোন্ধ মাৰি চুৰিয়া বা ধুতি পিন্ধে, কিন্তু দক্ষিণ ভাৰতৰ পুৰুষসকলে পোন্ধ নমৰাকৈ লুঙিৰ দৰে চুৰিয়া বা ধুতি পিন্ধে। প্রথমে উত্তৰ ভাৰতৰ পুৰুষসকলে পায়জামাক আদৰ কৰি পিন্ধিছিল যদিও আজি-কালি লং পেন্টৰো প্ৰচলন হৈছে। শিক্ষিত লোকসকলে লং পেন্ট পিন্ধিবলৈ লৈছে। ভাৰতীয় মহিলাসকলৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া মহিলা সকলে মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতৰ মহিলাসকলে চুড়িদাৰ, পায়জামা, কামিজ আদি পৰিধান কৰে। মুচলমান মহিলাসকলে বোৰখা পিন্ধে।

৭। আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশীজাতিৰ পৰিচয় দিয়া।

উত্তৰঃ আৰ্যসকল অহাৰ বহুদিনৰ পিছত এছিয়া আৰু ইউৰোপ মহদেশৰ পৰা ভাৰতবৰ্ষলৈ অহা জাতি বিলাকৰ ভিতৰত মোগল আৰু ইংৰাজসকলৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। ভাৰতবৰ্ষত হুমায়ুনে প্রতিষ্ঠা কৰা মোগল সাম্ৰাজ্য ছাহজাহান আৰু ঔৰঙ্গজেৱৰ ৰাজত্বকালত উন্নতিৰ চৰম সীমা পাইছিলগৈ। মোগলসকল অতি পৰাক্ৰমী জাতি আছিল। ঔৰঙ্গজেৱৰ পিছত মোগল সাম্ৰাজ্যৰ অৱনতি ঘটিব ধৰিলে আৰু শেষত এই সাম্ৰাজ্য অৱলুপ্ত হয়।

ইষ্ট ইণ্ডিয়া কোম্পানী নাম লৈ ব্যৱসায়ৰ বাবে ভাৰতবৰ্ষলৈ অহা ইংৰাজসকলে ভাৰতবৰ্ষৰ সেই সময়ৰ স্বাধীন ৰাজ্যবোৰ এখন এখনকৈ নিজৰ অধীনলৈ নি ভাৰতত নিগাজী সাম্ৰাজ্য গঠন কৰি ভাৰতীয় জাতিক পৰাধীন জাতিত পৰিণত কৰিছিল। ইংৰাজসকলৰ শাসন-শোষণত এসময়ত ভাৰতীয়সকল অতিষ্ঠ হৈ পৰিছিল আৰু স্বাধীনতা লাভৰ বাবে ভাৰতীয় জনতাই দীর্ঘদিন ধৰি সংগ্ৰাম কৰিবলগীয়া হৈছিল। ভাৰতবৰ্ষ ১৯৪৭ চনত ইংৰাজৰ অধীনতাৰ পৰা স্বাধীনতা লাভ কৰিছিল।

৮। “যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নির্মাণ কৰি দিছে।” —এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।

উত্তৰঃ ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত ধৰ্ম, ভাষা, সংস্কৃতিৰ পার্থক্য বা অমিল আছে। কিন্তু বিচিত্রতা এয়ে যে পার্থক্য সূচোৱা এই হেতুবোৰেই কোনো কোনো ক্ষেত্ৰত আকৌ নিবিড় ঐক্যতাও আনি দিছে। অসম এই ক্ষেত্ৰত এটা ভাল উদাহৰণ। অসমৰ মানুহৰ ধৰ্ম-সংস্কৃতি বিভিন্ন হ’লেও সকলোৰে উমৈহতীয়া ভাষা অসমীয়া। এই ভাষাই সকলো জাতি-ধর্মসংস্কৃতিৰ অসমীয়া সকলক একত্ৰিত কৰি ৰাখিছে। সেইদৰে যেতিয়া অসমীয়া মানুহে ভাষা-সংস্কৃতিৰ ভিন্নতা থাকিলেও ভাৰতৰ আন ঠাইৰ মানুহৰ সৈতে ধৰ্মৰ মিল দেখে তেতিয়াই ভাৰতীয় অনুভূতিত একত্ৰিত হৈ পৰে। আন আন ধৰ্ম-সংস্কৃতিৰ মানুহৰ ক্ষেত্ৰতো সেই একেই পৰিস্থিতি হোৱাৰ বাবেই সকলো ভাৰতবাসী হিচাপে একত্ৰিত হৈছে। উক্ত কথাষাৰৰ মাজেৰে এই সত্যটোকে বুজোৱাৰ চেষ্টা কৰা হৈছে।

৯। “ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি।” —এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা।

উত্তৰঃ ভাষা-ধৰ্মৰ মিল একত্ৰিত হোৱাৰ কাৰণ হোৱাৰ দৰে সুকুমাৰ কলা-সংস্কৃতিৰ মিলেও ঐক্য স্থাপনত সহায় কৰে। সংগীত, চিত্রকলা, স্থাপত্য-ভাস্কর্য আদিয়ে অতি প্রাচীন কালৰেপৰা ভাৰতবাসীসকলক একতাৰ ভোলেৰে বান্ধি ৰাখিছে। সংস্কৃতিৰেই অংশ উৎসৱ-পাৰ্বণ আদিৰ মিল ভাৰতবাসীসকলৰ ঐক্য স্থাপনৰ আন এটি সহায়ক। দুর্গা, লক্ষ্মী, গণেশ আদি দেৱী-দেৱতাসকলৰ পূজা-পাৰ্বণ, শিৱৰাত্ৰি, হোলি, দেৱালী, জন্মাষ্টমী আদি উৎসৱে ভাৰতৰ ৱিভিন্ন ঠাইত বসবাস কৰা ভাৰতীয়সকলক ঐক্যবদ্ধতাৰ অনুভূতি-প্ৰেৰণা যোগাই আহিছে। সেই কাৰণেই প্ৰৱন্ধকাৰে ঐক্য স্থাপনত সুকুমাৰ কলা-সংস্কৃতিৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উনুকিয়াইছে।

১০। “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।” —তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ অতি প্রাচীন কালৰেপৰা ভাৰতবৰ্ষলৈ বিদেশী বহিৰাগত বিভিন্ন জাতিৰ আগমন ঘটি আহিছে। সেই স্নাতি-গোষ্ঠীসকলৰ কোনোবা জীৱিকাৰ সন্ধানত, কোনোবা বিজেতা অথবা আক্রমণকাৰীৰ ৰূপত, কোনোবা ব্যৱসায়ী ৰূপত আৰু আন কোনোবা হয়তো ধৰ্ম প্ৰচাৰকৰ ৰূপত ভাৰতবৰ্ষত সোমাইছে। বহিৰাগত এই সকলো জাতিৰে একো একোটা স্বকীয় ভাষা-সংস্কৃতি আছে। ভাৰতৰ থলুৱা সংস্কৃতিকো বহিৰাগতসকলে উলাই কৰা নাই বৰং থলুৱা সংস্কৃতিৰ লগত মিলি যাব বিচাৰিছে। আনহাতে প্রাচীন ভাৰতীয় সংস্কৃতিয়েই বহিৰাগত জাতিসমূহৰ সংস্কৃতি আহৰণ কৰিছে। সংস্কৃতিৰ এই আদান-প্রদানে ভাৰতীয় সংস্কৃতিক এক সমন্বয় বা সংমিশ্রিত সংস্কৃতিৰ ৰূপত সজাই তুলিছে। ফলত ভাষা-ধর্ম লগত পার্থক্য অতিক্ৰম কৰি এক সামূহিক সংস্কৃতি গঢ়ি উঠিছে। সেই কাৰণেই যিকোনো ধৰ্মৰ এজন ভাৰতীয় পৃথিৱীৰ যি কোনো দেশত থাকিলেও তেওঁৰ প্ৰাথমিক পৰিচয় ভাৰতীয় বুলিহে হয়।

১১। চমু উত্তৰ লিখা।

(ক) কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ?

উত্তৰঃ ভাৰতবৰ্ষত থকা নগা, বড়ো, মিছিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ।

(খ) সুকুমাৰ কলা কোন বিলাক?

উত্তৰঃ কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য্য -এই পাঁচবিধক সুকুমাৰ কলা বোলে।

(গ) কি কি গ্রন্থই প্রাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে?

উত্তৰঃ বেদ-উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ, মহাভাৰত আদি গ্ৰন্থই প্রাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে।

১২। কি কি পার্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে?

উত্তৰঃ ভাষাগত, ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে।

১৩। উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বর্ণনা দিয়া।

উত্তৰঃ উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ, পায়জামা পৰিধান কৰে।

১৪। চমু টোকা লিখাঃ

(ক) সুকুমাৰ কলা।

উত্তৰঃ কবিতা, সংগীত, চিত্রবিদ্যা, স্থাপত্য আৰু ভাস্কর্য -এই পাঁচবিধক সুকুমাৰ কলা বোলা হয়। এই কলাবিদ্যাসমূহে অনেক ক্ষেত্ৰত মানুহক ঐক্যবদ্ধ কৰি ৰাখে, মূল্যবোধৰ শিক্ষা দিয়ে। সুকুমাৰ কলাই মানুহৰ মনত বিমল আনন্দৰ সৃষ্টি কৰে।

(খ) সংগীত।

উত্তৰঃ সুকুমাৰ কলাৰ পাঁচবিধৰ এবিধ হৈছে সংগীত বা গান। সংগীতে মানুহৰ মনৰ দুখ-বেদনা লাঘৱ কৰিব পাৰে। সেই কাৰণেই সংগীত বা গানক সংসাৰ মৰুভূমিত সৰোবৰ বোলা হয়। সমাজত সংগীতৰ আদৰ সদায় আছে। গীত-বাদ্য-নৃত্য এই তিনি বিধৰ সমলয়ক সংগীত বোলে। ‘গীতম্ বাদ্যম্ নৃত্যম্ সংগীতম্ উচ্যতে’ বুলি সংস্কৃতত কোৱা হৈছে।

(গ) কুশান।

উত্তৰঃ শক নামৰ যাযাবৰ জাতি এটাই প্রথমে অক্ষু নামৰ নদীৰ পাৰত বাস কৰিছিল। এই শক বা ইউচি জাতিয়ে পিছত যাযাবৰী অভ্যাস এৰি গৃহস্থী জীৱন-বৃত্তি গ্ৰহণ কৰে। জাতিটো পিছলৈ পাঁচটা ভাগত বিভক্ত হৈ পৰে আৰু তাৰ ভিতৰত কুশান ফৈদ শক্তিশালী হৈ উঠে আৰু ৰাজপাট দখল কৰে। কণিষ্ক এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।

(ঘ) ব্যাস।

উত্তৰঃ হিন্দু শাস্ত্ৰৰ চাৰি বেদৰ বিভাগ কৰোতা এগৰাকী ঋষি। সেই কাৰণে ব্যাসক ‘বেদ-ব্যাস’ নামে জনা যায়। ব্যাসদেৱক মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা বুলি বিশ্বাস কৰা হয়।

(ঙ) মক্কা।

উত্তৰঃ আৰৱ দেশৰ প্ৰাচীন ৰাজধানী চহৰ আছিল। ইছলাম ধৰ্মগুৰু হজৰত মহম্মদৰ জন্মস্থান। মক্কাৰ মছজিদ পৃথিৱী বিখ্যাত। এখন প্রসিদ্ধ তীর্থস্থান। পৃথিৱীৰ বিভিন্ন দেশৰ ধৰ্মপ্ৰাণ ইছলাম সকল মক্কালৈ হজ কৰিবলৈ যায়।

(চ) বশিষ্ঠ।

উত্তৰঃ ব্ৰহ্মাৰ মানসপুত্ৰ আৰু মন্ত্ৰদ্ৰষ্টা ঋষি। শ্ৰীৰামচন্দ্ৰ প্ৰমুখ্যে সূর্যবংশী ৰজাসকলৰ কুল পুৰোহিত। গুৱাহাটী মহানগৰীৰ ৭ মাইল দক্ষিণে সন্ধ্যাচল পৰ্বতৰ কাষত অৱস্থিত এখন তীর্থস্থান। ইয়াত বশিষ্ঠই আশ্ৰম পাতি আছিল। সেইবাবে এই ঠাই ‘বশিষ্ঠাশ্রম’ নামে জনাজাত।

১৫। “ভাৰতবৰ্ষ এখন অতি পুৰণি, সুসভ্য, ঐতিহ্যপূর্ণ দেশ” – কথাষাৰ বহলাই লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ সভ্যতা অতি পুৰণি। হাজাৰ হাজাৰ বছৰ আগৰে পৰাই ভাৰতবৰ্ষত দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি উচ্চ স্তৰীয় জ্ঞানৰ চৰ্চা হৈছিল। ভাৰতবৰ্ষত যেতিয়া এই উচ্চস্তৰৰ জ্ঞানৰ চৰ্চা আৰু বিকাশ ঘটিছিল তেতিয়া পৃথিৱীৰ বহুতো জাতি অজ্ঞান অন্ধকাৰতে আছিল। তেওঁলোকৰ মাজত কোনো জ্ঞানৰ চৰ্চা বা বিকাশ হোৱা নাছিল। আনকি বর্তমান পৃথিৱীৰ ভিতৰত সভ্য আৰু উন্নত বুলি খ্যাত ইংৰাজ জাতিও ১৯০০ বছৰৰ পূৰ্বে অসভ্য বৰ্বৰ আছিল। কিন্তু ভাৰতবর্ষ তেতিয়াই এখন সুসভ্য সাহিত্য, দর্শন, বিজ্ঞান, সুকুমাৰ কলা আদি বিষয়ত উন্নত দেশ আছিল। পুৰণি কালৰেপৰা ভাৰতত বিভিন্ন ধৰ্ম-ভাষা জাতিৰ মানুহ ঐক্যবদ্ধ ভাৱে বাস কৰিছিল। সেইবাবেই ভাৰতবৰ্ষ এখন বৈচিত্র্যপূর্ণ দেশ। সেই কথাকেই উক্ত বাক্যটিত প্ৰকাশ কৰা হৈছে।

১৬। তোমাৰ দৈনন্দিন খাদ্য সম্ভাৰত বাহিৰৰ কোন কোন মানৱজাতিৰ খাদ্যাভ্যাস পোৱা যায় চমুকৈ লিখা।

উত্তৰঃ ‘মোৰ’ মানে মোৰ দেশ ‘অসম’ৰ খাদ্য সম্ভাৰত আমাৰ ভাৰত ৰাষ্ট্ৰৰ ভিন্‌ ভিন্‌ অঞ্চলৰ খাদ্যাভাসৰ আভাষ পোৱা যায়। ভাৰতীয় জাতিসমূহৰ খাদ্যাভ্যাসৰ বাহিৰেও ভাৰতৰ বাহিৰৰ বিশেষকৈ পশ্চিমীয়া দেশ ইংলেণ্ড, আমেৰিকা আদি দেশৰ খাদ্যাভ্যাসো সম্প্রতি আমাৰ খাদ্য সম্ভাৰত সোমোৱা দেখা পৃথিৱীৰ জাতিসমূহৰ মাজত হোৱা সুলভ যাতায়াত আৰু আদান-প্ৰদানৰ ফলতেই খাদ্য-সম্ভাৰত বিদেশী খাদ্য-সম্ভাবৰ সমাবেশ ঘটা বুলি কব লাগিব। আমাৰ খাদ্যাভাসত মোগল, উপসাৰীয় আৰু চীন অদি দেশৰ খাদ্যাভাস চামিল হৈ গৈছে।

‘খ’—ভাষা বিষয়ক 

১৭। তলৰ শব্দবোৰৰ সন্ধি ভাঙা।

অনুষ্ঠান; জনাকীর্ণ; স্বাধীন; জন্মাষ্টমী।

উত্তৰঃ অনুষ্ঠান = অনু + স্থান।

জনাকীর্ণ = জনা +  অকীৰ্ণ।

স্বাধীন = স্ব + অধীন।

জন্মাষ্টমী = জন্ম + অষ্টমী।

১৮। তলৰ শব্দবোৰৰ প্ৰত্যয় নির্ণয় কৰা।

শাৰীৰিক; সামাজিক; সুকীয়া; ভৌগোলিক; ফুলনি; ভাৰতীয়; ফুলাম; অৱিনাশী; বাল্মীকি।

উত্তৰঃ শাৰীৰিক – শৰীৰ + ইক।

সামাজিক – সমাজ + ইক।

সুকীয়া – সুক + ঈয়া।

ভৌগোলিক – ভূগোল + ইক্।

ফুলনি – ফুল + অনি।

ভাৰতীয় – ভাৰত + ঈয়।

ফুলাম – ফুল + আম।

অৱিনাশী – অৱিনাশ + ঈ।

বাল্মীকি – বাল্মীক + ই।

১৯। প্রত্যেকৰে এটা বা দুটাকৈ সমার্থক শব্দ লিখা।

হেতু; পৃথিৱী; গ্রন্থ; মাতা।

উত্তৰঃ হেতু – কাৰণ।

পৃথিৱী – বসুন্ধৰা, ধৰিত্ৰী।

গ্রন্থ – পুথি, কিতাপ ।

মাতা – মাতৃ, আই।

২০। বিপৰীত শব্দ লিখা।

পার্থক্য; ত্যাগ; বৈচিত্র্য; প্রাচীন।

উত্তৰঃ পার্থক্য – সাদৃশ্য।

ত্যাগ – গ্ৰহণ।

বৈচিত্র্য – ঐক্য।

প্রাচীন – আধুনিক।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top