Class 9 Assamese Chapter 1 শিশুলীলা Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 1 শিশুলীলা Solutions and select need one. Class 9 Assamese Chapter 1 শিশুলীলা Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.
Class 9 Assamese Chapter 1 শিশুলীলা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.
শিশুলীলা
Chapter: 1
| পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ |
‘ক’— ভাব বিষয়ক
১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা।
(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।।
— কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?
উত্তৰঃ কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ’ল যশোদা।
(খ) ‘কৰ্ণত কুণ্ডল দোলে আতি।’
—কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে?
উত্তৰঃ যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে।
(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’
—ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?
উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে।
(ঘ) ‘মথনিত ধৰিয়া নিষেধি’।
—‘মথনি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘মথনি’ শব্দৰ অৰ্থ হ’ল- গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।
(ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’ –ইয়াত কাৰ জৰীৰ নাটনি হৈছে।
উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাতৃ যশোদাৰ জৰীৰ নাটনি হৈছে।
(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’।
—কাৰ কেয়ুৰ কঙ্কণৰ ‘ৰুণ ঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?
উত্তৰঃ ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণ ঝুণ’ শব্দৰ কথা কোৱা হৈছে।
২। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্রীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
উত্তৰঃ ‘শিশুলীলা’ কবিতাখণ্ডত মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে শ্ৰীকৃষ্ণ মহাপ্রভুক এজন সাধাৰণ মানৱ শিশু ৰূপত সজোৱাৰ যত্ন কৰিছে। সাধাৰণ মানৱ শিশুৰ দৰেই লগৰ লগৰীয়াৰ সৈতে খেলা-ধূলা কৰি ফুৰিছে। সাধাৰণ শিশুৰ দৰেই শিশু সুলভ দুষ্টালি কৰিছে, মাকক অসুবিধা দিছে। মাতৃ যশোদাই সাধাৰণ মাতৃৰ দৰেই শিশুকৃষ্ণৰ অতপালি দুষ্টালি দেখি অসন্তুষ্ট হৈছে, যদিও পুত্রস্নেহত আকুলিত হৈ মৰম-চেনেহ কৰিবলৈ বাধ্য হৈছে। সাধাৰণ শিশুৰ দৰে কৰা আচৰণৰ মাজতো কিন্তু শ্ৰীকৃষ্ণৰ ঐশ্বৰিক লীলা মালা আংশিক ৰূপে প্ৰকাশ নোপোৱাকৈ থকা নাই। মাতৃ যশোদাই কৃষ্ণক গাখীৰৰ কলহ ভঙাৰ দোষৰ বাবে খেদি খেদি ধৰিব পৰা নাই। তেওঁ কৃষ্ণক খেদি ভাগৰি পৰিছে। তেতিয়া কৃষ্ণই নিজে ধৰা দিছে। যশোদাই কৃষ্ণৰ সেই ঐশ্বৰিক গুণৰ অনুমান কৰা নাই। সেইদৰে উৰলত বান্ধি থব খোজোতে দুই আঙুল পৰিমাণৰ ৰচীয়ে জোড়া নাই। সেয়াও যে কৃষ্ণৰ ঐশ্বৰিক ক্ষমতা বা লীলা সেইকথা যশোদা মাতৃয়ে অনুমান কৰিব পৰা নাই। তেওঁ কৃষ্ণক সাধাৰণ শিশু বুলিয়েই গণ্য কৰিছে। অথচ শ্ৰীকৃষ্ণৰ শিশু সুলভ চতুৰালিৰ মাজতে ঐশ্বৰিক গুণও নিহিত আছে।
৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীৰ্তন-ঘোষা’ৰ বিষয়ে এটি চমুটোকা লিখা।
উত্তৰঃ ‘কীৰ্তন’ পুথি মহাপুৰুষ শংকৰদেৱৰ শ্ৰেষ্ঠ সাহিত্যিক নিদৰ্শন, বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ। কীর্তন ঘোষাত থকা কাহিনীসমূহত হর্ষবিষাদ, প্রেম-হিৰহ, ক্রোধ-ক্ষমা আদিৰ মিলন হৈছে। শ্ৰীকৃষ্ণ হ’ল সাক্ষাৎ ভগৱান। কীৰ্তনত সন্নিবিষ্ট ২৯টা অধ্যায়ৰ মাজেদি ভগৱানৰ শ্রেষ্ঠত্ব নিৰূপণ কৰিছে। মুঠতে কীৰ্তন অসমীয়া সাহিত্যৰ অনুপম সৃষ্টি।
৪। ‘শিশুলীলা’ পাঠটিৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰ, ধৰ্ম-শিক্ষা আৰু ধৰ্ম-জীৱন গঢ়িবলৈ ‘কীর্তন ঘোষা’ এই সৰ্বাংগ সুন্দৰ পুথিখন ৰচনা কৰে। শ্রীকৃষ্ণই শিশুৰূপ ধৰি গোকুলত নন্দ-যশোদাৰ ঘৰত থাকোতে এজন চিৰন্তন শিশুৰূপ ধৰি আছিল। আচলতে ভগৱান ভক্তৰ অধীন। ভক্তই যেনেকৈ ভগৱানক বিচাৰে ভগৱানে ভক্তৰ ওচৰত তেনেদৰে ধৰা দিয়ে। যশোদাই শ্ৰীকৃষ্ণক পুত্ৰ হিচাপে বিচাৰিছিল, গতিকে তেনেৰূপত যশোদাই পাইছে আৰু ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে। সেয়েহে কবিয়ে কৈছে—
নাহি আদি অন্ত পূৰ্বাপৰ/পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ
তাহাংক তনয় মানি বলে/যাশোদা বান্ধন্ত উড়খলে।
শিশু কালত কেনেকৈ কৃষ্ণই যশোদাৰ মনৰবাঞ্ছা পূৰ্ণ কৰিছিল সেই কথা শিশুলীলাত প্ৰকাশ পাইছে।
প্রশ্ন ৫। ‘তাহাঙ্ক তনয় মানি বলে।
যশোদা বান্ধন্ত উডুখলে।’ —কথাষাৰৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা।
উত্তৰঃ যিজনা জগতৰ গৰাকী ভগৱান শ্রীকৃষ্ণ তেওঁৰ কোনো আদি অন্ত, আগ-পিচ নাই। তেওঁ পূৰ্ণব্ৰহ্ম জগতৰ ঈশ্বৰ। সেইজনা ঈশ্বৰে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ ইচ্ছাৰে দৈৱকীৰ গৰ্ভত জন্মলাভ কৰি গোকুলৰ নন্দ-যশোদাৰ ঘৰত শিশুকাল কটাইছিল। তেতিয়া যশোদাই শিশু কৃষ্ণক নিজৰ তনয় বুলি ভাবি মাকে সৰু লৰা-ছোৱালীক যেনে আচৰণ কৰে ঠিক তেনেকুৱা আচৰণ কৰিছিল৷ শ্ৰীকৃষ্ণই উদ্ভণ্ডালি কৰিলে মাকে কোবাইছিল নাইবা হাতত জৰি লগাই বান্ধি থৈছিল। এদিন যশোদাই কৃষ্ণক কোলাত লৈ গাখীৰ খুৱাই থাকোতে চৌকাত দি অহা গাখীৰ উতলি পৰিল। লগে লগে মাকে কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গ’ল। শিশুকৃষ্ণই খঙতে হাত মুখ কৰচি গাখীৰৰ ভাণ্ড ভাঙি লৱণু বিলাক সিঁচি লৈ উড়লৰ ওপৰত বহি গৈ নিজেও খাইছে, বান্দৰকো খুৱাইছে। তাকে দেখি যশোদাই হাতত বাৰি লৈ কৃষ্ণক নিজৰ সন্তান বুলি ভাবি উড়লত বান্ধি থৈ দিছিল।
৬। ‘নাহি আদি অন্ত পূৰ্বাপৰ।
পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ।।’ —ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
উত্তৰঃ কবিয়ে ভগৱান শ্রীকৃষ্ণৰ বিষয়ে নন্দ-যশোদাৰ ঘৰত এজন চিৰন্তন শিশুৰূপে থাকি নানা চাতুৰি খেলাৰ কাৰণে, যশোদাই নিজৰ পুত্ৰ বুলি ভাবি দুষ্টালি কৰা আৰু যশোদাই জৰিৰে ভগৱান কৃষ্ণক উড়ালত বান্ধিব যোৱা প্ৰসংগত এই কথাষাৰ কৈছে। যশোদাই জনা নাই তেওঁৰ ঘৰত পুত্ৰৰূপে থকা এইজনা যে অনাদি অনন্ত, পূর্ণব্রহ্ম ভগৱান ৷ নাজানি যশোদাই হাতত জৰি লৈ উড়ালত তৈওঁক বান্ধিবলৈ গৈছে। ভগৱানও ভক্তৰ হাতত বান্ধ খাইছে।
৭। ব্যাখ্যা কৰা-
(ক) যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।।
উত্তৰঃ এই কবিতাফাঁকি আমাৰ পাঠ্য ‘অসমীয়া সাহিত্য চয়নিকা’-ৰ মহাপুৰুষ শংকৰদেৱ ৰচনা কৰা “শিশুলীলা” নামৰ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে।
ইয়াত কবিয়ে ভগৱান শ্রীকৃষ্ণই নন্দৰ গৃহত শিশুৰূপ ধৰি থাকোতে মাকৰ ভয়ত পলোৱা কথা উল্লেখ কৰিছে।
যোগী সকলে শ্রীকৃষ্ণক পাবলৈ নানা ধৰণে ধ্যানত নিমগ্ন হয়। কিছুমান যোগীয়ে ঠাণ্ডাৰ দিনত পানীত নামি আৰু গৰমৰ দিনত চাৰিওফালে জুই ধৰি ধ্যানত নিমগ্ন হয়। কিছুমানে আকৌ এখন ভৰিৰ ওপৰত থিয় হৈ ধ্যান কৰে। কিন্তু তথাপিতো তেওঁলোকে কৃষ্ণক পাব নোৱাৰে, নাপায়—বেচি কঠোৰ ভাৱে ধ্যান কৰিবলৈ আৰম্ভ কৰে। ইমান কষ্ট কৰিও যি ভগৱানক বিচাৰি নাপায় সেই ভগৱানে আহি নন্দ-যশোদাৰ ঘৰত শিশুৰূপ ধৰি নানা চাতুৰি খেলে সকলো গোপবাসীক আনন্দ প্রদান কৰি আছে। সেই শিশু কৃষ্ণই জগতৰ গৰাকীয়ে মাকে যশোদাৰ ভয়ত পলাব লগা অৱস্থা হৈছে। মাকে আধা গাখীৰ খুৱাই কোলাৰ পৰা নমাই যোৱা দেখি খঙতে দধিভাণ্ড বিলাক ভাঙি, লৱণু সিঁচি নিজেও খাই, বান্দৰকো খুৱাই থাকোতে মাক যশোদাই হাতত বাৰি লৈ অহা দেখি ভয়তে শিশু কৃষ্ণ মাকৰ আগে আগে দৌৰি গৈছিল।
(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
খাইবো আজি কৃষ্ণ তোৰ মাথা।
উত্তৰঃ কবিতা দুশাৰি আমাৰ পাঠ্য-পুথিৰ ‘শিশু লীলা’ নামৰ পাঠৰপৰা লোৱা হৈছে।
মাকৰ গাখীৰ খোৱা আধৰুৱা হোৱাৰ খঙত কৃষ্ণ কোঠাত সোমাই শিলগুটি দলিয়াই দধি ভান্ড ভাঙি পেলাইছিল। লৱণু সিঁচৰিত কৰি পেলাইছিল আৰু খাইছিল। উড়লৰ ওপৰত উঠি শিকিয়াৰ পৰা লৱণু আনি বান্দৰকো দিছিল। তাকে দেখি মাতৃ যশোদাৰ খং উঠিছিল আৰু হাতত মাৰি লৈ কৃষ্ণক খেদি গৈছিল৷ গাখীৰ ভাণ্ড ভঙাৰ উচিত শাস্তি দিয়াৰ ভাবেৰে ক’ত মাৰিৰি বুলি খেদি যোৱাত কৃষ্ণ উড্লৰপৰা নামি দৌৰিবলৈ ধৰিছিল। যশোদাই খেদি খেদি ভাগৰি পৰা দেখি ভয়ৰুভাব দেখুৱাই চকুমুদি কৃষ্ণ বহি পৰাত যশোদাই হাতত ধৰি ভান্ড ভঙাৰ উচিত শাস্তি দিয়াৰ ভয় খুৱাইছিল। কৃষ্ণক নি উড়লত বান্ধিব খুজিছিল। কিন্তু ঈশ্বৰ পুৰুষ কৃষ্ণই নিজৰ লীলা-বলেৰে বান্ধ নোখোৱাকৈ থাকিবলৈ যত্ন কৰিছিল। যশোদা মাতৃয়ে ৰচী সিমান আনিলেও দুই আঙুলে নোজোড়া অৱস্থা হৈছিল। শেষত কৃষ্ণই লীলা সম্বৰণ কৰি যশোদা মাতৃৰ হাতত বান্ধ খাইছিল।
(গ) পাচে পাচে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদন্ত।।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ ৰচিত ‘শিশুলীলা’ পাঠটোৰ পৰা ওপৰৰ কবিতাফাকি তুলি দিয়া হৈছে।
এদিনাখন বালকৰূপী কৃষ্ণই মাতৃ যশোদাৰ কোলাত উঠি মাতৃদুগ্ধ পান কৰি থকা সময়তে চৌকাৰ উতলা গাখীৰ পৰিবলৈ ধৰাত যশোদা কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰৰ পাত্ৰটো নমাই থ’বলৈ বুলি চৌকালৈ দৌৰ মাৰিলে৷ ইয়াতে ঠেহ লাগিল বালককৃষ্ণৰ। মাকৰ ওপৰত উঠা খং আৰু অভিমানত বিতুষ্ট হৈ বালক কৃষ্ণ দধিৰ ভাণ্ডবোৰ থৈ দিয়া কোঠাত সোমাই সেইবোৰ শিলগুটিৰে ভাঙিলে। শিকিয়াত তুলি থোৱা ভাঙবোৰো নমাই আনি কিছু গাখীৰ নিজে খালে, কিছুমান গাখীৰ বান্দৰক খুৱালে আৰু অৱশিষ্টখিনিও মজিয়াত ছটিয়াই দিলে। যশোদাই উতলা গাখীৰ চৌকাৰ পৰা নমাই থৈ পুত্ৰৰ এনে অবাক কাণ্ড দেখি খঙৰ ভমকাতে হাতত এছাৰি লৈ পুত্ৰক মাৰিবলৈ খেদি গ’ল। মাকৰ মূৰ্তি দেখি শিশু কৃষ্ণই ভয়ত বিতত হৈ দৌৰিবলৈ ধৰিলে। যশোদায়ো পিছে পিছে কৃষ্ণক ধৰিবলৈ দৌৰ দিলে। বালক কৃষ্ণৰ এনে অশিষ্টাচাৰী কর্মকাণ্ডই যশোদাক যথেষ্ট আহত কৰিছিল। সেই দধিৰ ভাণ্ড ভঙা পুত্ৰক শাস্তি দিব নোৱাৰালৈকে যশোদাৰ খঙে যেন শাম নাকাটে। সেয়ে তেওঁ পুত্ৰৰ পাছে পাছে দৌৰি থাকিল৷ ইফালে মাতৃৰ কোব খোৱাৰ পৰা ৰক্ষা পৰিবলৈ বালক কৃষ্ণয়ো একেদৰে দৌৰি থাকিল। ভয়ত কৃষ্ণৰ মুখ শুকাই গৈছে। যশোদাও ক্লান্ত হৈ পৰিছে। তথাপি কোনোজনে দৌৰিবলৈ এৰা নাই। মাকক ধৰা নিদিয়াটোৱে যে বালক কৃষ্ণৰ মূল উদ্দেশ্য সেয়া কবিতাফাকিৰ মাজেদি ভালদৰে ফুটি উঠাৰ লগে লগে যশোদাৰ পুত্ৰৰ ওপৰত উঠা খঙৰ মাত্ৰাও প্রকাশ পাইছে।
৮। ‘শিশুলীলা’’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ শিশুলীলা কবিতাৰ মাজেৰে শ্ৰীকৃষ্ণৰ ল’ৰাকালৰ বিভিন্ন লীলা অথবা কাৰ্যৰ সুন্দৰ বৰ্ণনা এটা দাঙি ধৰিছে।
এদিন নন্দৰাণী যশোদাই শ্ৰীকৃষ্ণৰ শিশুকালৰ কাৰু-কাৰ্য (শিশুলীলা) স্মৰণ কৰি, গীত গাই গাই, সুন্দৰ পাটৰ কাপোৰ পিন্ধি পুত্ৰ স্নেহত দুয়ো স্তনৰ দুগ্ধ নিগৰাই, কেয়ূৰ কঙ্কণৰ ৰুণ-জুন শব্দ তুলি দধি মথি আছিল। পৰিশ্ৰমৰ ফলত তেওঁৰ মুখ উজ্বল হৈ পৰিছিল আৰু খোপাৰ ফুল খহি পৰিছিল। এইদৰে যত্ন কৰি গাখীৰ মথি থাকোতে শ্রীকৃষ্ণ আহি মাকক সাৱতি ধৰি মথনিত ধৰি গাখীৰ মথাত বাধা দিয়াত যশোদাই কৃষ্ণক স্তন পান কৰাইছিল। সেই সময়তে চৌকাত গাখীৰ উতলি পৰাৰ উপক্ৰম দেখি কৃষ্ণক গাখীৰ খুৱাব এৰি যশোদা বেগাই গৈছিল। গাখীৰ খাব নাপাই কৃষ্ণৰ বৰ খঙ উঠি কোঠাত সোমাই দধি-ভাণ্ড শিলগুটিৰে ভাঙি দধি খাই আৰু সিঁচি পেলাইছিল। শিকিয়াৰ পৰা লৱণুৰ পাত্ৰ নমাই নিজেও খাইছিল আৰু বান্দৰকো খাবলৈ ছটিয়াই দিছিল। তাকে দেখি যশোদাই হাতত মাৰি লৈ খেদি অহাত উৰলৰপৰা নামি কৃষ্ণ দৌৰিবলৈ ধৰিলে। যশোদাই পিচে পিচে খেদি খেদি ভাগৰি পৰা দেখি কৃষ্ণই ধৰা দিলে ৷ ভয় ভাৱে কৃষ্ণই যশোদাৰ মুখলৈ চোৱাত যশোদাই শাস্তিৰ ভয় দেখুৱাই মাৰি ডাল এৰি কৃষ্ণক বান্ধি থোৱাৰ মন কৰিলে। ৰচীৰে উৰলত বান্ধিবৰ বাবে যত্ন কৰি যশোদা দেখে দুই আঙুল পৰিমাণৰ ৰচীয়ে নোজোড়ে। এই সকল ঘটনা শ্ৰীকৃষ্ণৰ শিশুলীলাৰ বিভিন্ন নিদর্শন হিচাবে আমাৰ সন্মুখত শ্ৰীমন্ত শংকৰদেৱে দাঙি ধৰিছে।
৯। “মহাকোপে কোঠা পশিলন্ত।
সিঞ্চিৰাই লৱণু ভুঞ্জন্ত।।
—কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।
উত্তৰঃ শ্ৰীকৃষ্ণই অতি খঙত কোঠাত সোমাইছিল।
শিশুকৃষ্ণই মাকৰ গাখীৰ খোৱাৰ আশাৰে দধি মথনত ব্যস্ত থকা মাতৃ যশোদাক দধি মথনত বাধা দিছিল। তেতিয়া যশোদা মাতৃয়ে কৃষ্ণক স্তন পান কৰাবলৈ লৈছিল। কিন্তু সেই সময়তে গাখীৰ উতলি পৰাৰ উপক্ৰম হোৱাত কৃষ্ণক স্তন পান কৰাত এৰি গাখীৰ নমাবলৈ যোৱাত কৃষ্ণৰ ভীষণ খং উঠিছিল। যশোদা মাতৃ ওভতি অহাৰ আগতে কৃষ্ণ ৰঙে-দুখে কোঠাত সোমাই দধি ভাণ্ড শিলগুটিৰে দলিয়াই ভাঙি, লৱণু সিঁচৰতি কৰি পেলাই খাই উড়লৰ ওপৰত বহিছিল। শিকিয়াৰপৰা লৱণু নমাই বান্দৰবোৰকো দিছিল। হেপাহ পলুৱাই মাকৰ গাখীৰ খাব নোপোৱাৰ খঙত এইদৰে কৃষ্ণই অতপালি কৰিছিল।
১০। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
উত্তৰঃ মাতৃ যশোদাই পৰম যতনেৰে দধি-দুগ্ধ থোৱা কোঠা এটাত কেইবাটাও দধিভাণ্ড মাটিত আৰু কেইটামান লৱণুৰ ভাণ্ড শিকিয়াত তুলি সাঁচি থৈছিল। এদিনাখন শিশুকৃষ্ণ স্তন্য পান কৰি থকা সময়ত হঠাৎ যশোদাই চৌকাত থোৱা পাত্ৰটোৰ পৰা গাখীৰ উতলি পৰা দেখি কৃষ্ণক কোলাৰ পৰা নমাই থৈ পাত্ৰটো নমাই থ’বলৈ গল। ইয়াতে অভিমান-খঙত বিতুষ্ট হৈ বালক কৃষ্ণই দধি-লৱণুৰ ভাণ্ডবোৰ ভাঙি, শিকিয়াৰ ভাণ্ডবোৰ তললৈ নমাই আনি কিছুমান দধি নিজেও খালে আৰু কিছুমান বান্দৰবোৰকো খুৱাই বাকীবোৰ মজিয়াত ছটিয়াই দিলে।
বালক কৃষ্ণৰ এনে কাণ্ডই যশোদাক খঙাল কৰি তুলিলে। তেওঁ হাতত এডাল এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদি গ’ল। মাতৃ যশোদাৰ উগ্রমূর্তি দেখি কৃষ্ণই বৰ ভয় পালে। তেওঁৰ মুখ শুকাই গ’ল আৰু মাতৃৰ এছাৰিৰ কোব খোৱাৰ পৰা ৰক্ষা পাবলৈ তৰা নৰা ছিগি দৌৰিবলৈ ধৰিলে। যিজনক যোগীসকলে ধ্যান কৰিয়ো সান্নিধ্য লাভ কৰিব নোৱাৰে সেই শ্রীহৰিয়ে যশোদাৰ ভয়ত পলাবলৈ ধৰিলে। ইফালে কৃষ্ণৰ পাছে পাছে দৌৰি মাতৃ যশোদাৰ অৱস্থাও শোচনীয় হৈ পৰিল ৷ চুলিৰ খোপা সলকি পৰিল আৰু খোপাত পিন্ধা মালতীও সৰি পৰিল। বেগেৰে দৌৰাত যশোদা ক্লান্ত হৈ ফেঁপাবলৈ ধৰিলে। আৰু দৌৰিবলৈ গাত শকতি নোহোৱা হ’ল। মাতৃ যশোদাৰ এনে নাজেহাল অৱস্থা হোৱা দেখি, বালক কৃষ্ণৰ মাতৃলৈ দয়া উপজিল আৰু ভয়ত বিতত হোৱাৰ ভাওজুৰি মাতৃ যশোদাৰ হাতত ধৰা দিলে। ইফালে পুত্ৰক ধৰিব পাৰি যশোদাৰো ক্লান্তিৰ ওৰ পৰিল আৰু হাতৰ এছাৰি পেলাই দি কৃষ্ণক উৰালত বান্ধি থোৱাৰ বাবে সাজু হ’ল।
‘খ’—ভাষা বিষয়ক
১১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমার্থক শব্দ লিখা।
কৰ্ণ, অৰুণ, দধি, বস্ত্ৰ বদন, লৱণু, কোপ, দশন, দুগ্ধ, ঈশ্বৰ।
উত্তৰঃ কৰ্ণ—কাণ, শ্ৰৱণোন্দ্ৰিয়।
অৰুণ—সূৰ্য্য, বেলি।
দখি—দৈ।
বস্ত্ৰ–বসন, কাপোৰ।
বদন—মুখ, আনন।
লৱণু— মাখন, সৰ।
কোপ—খং, ৰাগ।
দশন—দাঁত, দত্ত।
দুগ্ধ—স্তন্য, গাখীৰ ।
ঈশ্বৰ—ভগৱান, আল্লাহ।
১২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা।
তাহাঙ্ক, নোজোৰে, খসি, ৰহিল, আসি, ভৈলা, আসন্ত, শিলায়ে, কাম্পে, মাৱক; বসি; প্রয়াসি; খেদন্ত।
উত্তৰঃ তাহাঙ্ক—তেওঁক; তাক ৷
নোজোৰে — নাটে।
খসি – খহি।
ৰহিল — ৰ’ল।
আসি — আহি।
ভৈলা — হ’ল।
আসন্ত — আহিছে।
শিলায়ে – শিলেৰে।
কাম্পে – কঁপে।
মাৱক — মাকক।
বসি – বহি।
প্ৰয়াসি — চেষ্টা কৰা।
খেদন্ত – খেদিলে।
১৩। তলৰ শব্দ কেইটাত কি কি কাৰণত মূৰ্দ্ধণ্য ‘ণ’ আৰু মূৰ্দ্ধণ্য ‘ষ’ হৈছে বুজাই লিখা: অৰুণ; কঙ্কণ; কর্ণ; শ্রোণী; ভাণ্ড; নিষেধি।
উত্তৰঃ অৰুণ– ঋ, ৰ, ষ আৰু ‘নʼ ৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে ‘নʼ ৰ ঠাইত ‘ণʼ হৈছে।
কঙ্কণ— স্বাভাৱিকতে ‘ণʼ হৈছে।
কৰ্ণ— ঋ, ৰ, ষ ‘নʼ মাজত থাকিলে শেষৰ ‘নʼ ‘ণʼ হয়।
শ্রেণি—– ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ ‘নʼ ‘ণ ‘ হৈছে।
ভাণ্ড– ‘টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে ‘নʼ ‘ণʼ হৈছে।
নিষেধি— ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্, সিচ, লস্ প্ৰভৃতি ধাতুৰ ‘সʼ ‘ষʼ হয়।
১৪। পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
উত্তৰঃ পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দ পাঁচোটা হ’ল-
গৈয়া, পিন্ধি, বান্ধি, ধৰিয়া, এৰি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.





M.C.Q questions answer option