Class 9 Assamese Chapter 5 মোৰ দেশ

Class 9 Assamese Chapter 5 মোৰ দেশ Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 5 মোৰ দেশ Solutions and select need one. Class 9 Assamese Chapter 5 মোৰ দেশ Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 5 মোৰ দেশ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 5

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’—ভাব বিষয়ক

১। (ক) হীৰেন ভট্টাচাৰ্যৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ হীৰেন ভট্টাচাৰ্য্যৰ যোৰহাটত জন্ম হৈছিল।

(খ) হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।

উত্তৰঃ হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল— চিত্ৰবন আৰু মনন।

(গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ লুকাই আনিছে।

২। ‘মোৰ দেশ’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ কবিৰ দেশ ভাৰতবৰ্ষ তেওঁৰ বাবে প্ৰাণতকৈ আপোন, স্বৰ্গতকৈও অধিক ৰমণীয়। সেই কাৰণে এই দেশৰ প্ৰতি তেওঁৰ কৰ্তব্যও অধিক আৰু সেই কৰ্তব্যবোৰেই তেওঁৰ ভৱিষ্যত। পৃথিৱীৰ বুকুত থকা দেশবোৰলৈ তেওঁ গৈ নানা ৰং-ৰহইছ কৰিলেও পুনৰাই স্বদেশলৈ উভতি আহিবই লাগিব। কাৰণ স্বদেশত প্ৰতিজন মানুহৰে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অর্থ থাকে৷ ঋতুবোৰে, নতুন বছৰবোৰ কঢ়িয়াই আনে জীৱনৰ আশীৰ্বাদ আৰু নতুন আশা। এই দেশত নানা জাতিৰ, নানা ধৰ্মৰ, নানা শ্ৰেণীৰ লোকে বাস কৰিছে। প্রত্যেকৰে ভাষা-সংস্কৃতি, আচাৰ-নীতি আনকি খাদ্যৰ মাজতো পার্থক্য আছে। এই পার্থক্য থকা সত্ত্বেও ভাৰতীয় মানুহৰ মাজত একতা আৰু সংহতি ৰক্ষা কৰিবলৈ কবি জীয়াই থাকিব; কাৰণ তেওঁক তেওঁৰ দেশৰ সকলো লোকে আহ্বান কৰিছে। কিন্তু ভাৰতীয় মানুহৰ মাজত শান্তিক প্রতিষ্ঠা কৰিবলৈ কবিৰ আন্তৰিক মৰম আৰু কেইটামান কবিতাৰ বাহিৰে আন একোৱেই নাই। তথাপি সুখৰ আনন্দৰ কল্পনাৰে কবি আদৰ্শৰ গভীৰতৰ প্ৰদেশলৈ উঠি যায়।

৩। ব্যাখ্যা কৰা।

(ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত

সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।

উত্তৰঃ এই কবিতা দুশাৰী হীৰেন ভট্টাচাৰ্য্যৰ ‘মোৰ দেশ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। এই কবিতাশাৰীৰ মাজেৰে কবি দৃষ্টিৰ মহানতা ফুটি উঠিছে। নিজৰ দেশৰ লগত যে মানুহৰ কি গভীৰতম সম্পর্ক, সেই কথা কবিতাটোৰ মাজেৰে সুন্দৰকৈ ৰূপায়িত হৈছে। কবিৰ কাৰণে দেশখন অতি আপোন, নিজৰ প্ৰাণতকৈও আপোন; গানতকৈও মধুৰ। কবিৰ সকলো কৰ্ম, সকলো চিন্তা নিজ দেশৰ কাৰণেই নিয়োজিত হৈছে। নিজ দেশৰ চিন্তাই কবিৰ মনত শইচ সোণোয়ালী ভৱিষ্যত সপোন ৰচনা কৰে। কবিয়ে ইতিমধ্যে বহু দেশ ভ্ৰমণ কৰি তাৰ সিদ্ধি সিঁয়নিবোৰ চালে; অকলে নহয়, অন্তৰঙ্গ বন্ধুৰ হাতত হাত মিলাই কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলিত আৰু কেতিয়াবা পাহাৰৰ নামনিত জিৰাই মন খুলি কথা-বতৰা পাতিছে। তাৰ পিছত আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। সেই সকলোবোৰ যাত্ৰাৰ পৰিসমাপ্তি নিজৰ দেশত ঘটিছে। এই বুকুৰ উমেই কবিক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য। তাৰ লগতে দিছে জীৱনৰ নতুন অর্থ। নিজ দেশৰ প্ৰতিটো ৰাতিপুৱাই কবিলৈ বহন কৰি ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ আনে। নিজ দেশৰ প্ৰতিটো সন্ধিয়াই কবিক যোগান ধৰে অনেক ফুলৰ স্নিগ্ধ সুবাস। সেই দেশৰ প্ৰতিটো ঋতুৱে কবিক দি যায় জীৱনৰ আশীৰ্বাদ। নিজৰ দেশখনৰ বাবেই জীয়াই থাকিবলৈ তেওঁ মৰণ-পণ কৰিছে। এই দেশৰ ৰণুৱা, বনুৱা, হালোৱাৰ মাজত কবি জীয়াই আছে তেওঁৰ দেশৰ বাবে। ভাৰতৰ অনৈক্যৰ মাজত ঐক্যৰ সৃষ্টি কৰি কবি জীয়াই আছে, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা লৈ কবি জীয়াই আছে দেশৰ কাৰণে। 

যাতে অনৈক্যই মূৰ দাঙি উঠি, বিৰোধ ৰুদ্ৰৰূপ ধাৰণ কৰি ভাৰতৰ সংহতি নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে কবিয়ে সজাগ দৃষ্টি ৰাখি আছে। এই নিজ দেশ ভাৰতবৰ্ষত ঐক্যতকৈ অনৈক্যৰ পৰিমাণ অধিক, সংহতিতকৈ বিৰোধৰ মাত্ৰাহে অধিক। সেই অনৈক্য আৰু বিৰোধৰ অন্ত পেলাই নিজৰ দেশৰ সংহতি ৰক্ষা কৰিবলৈ কবিয়ে মৃত্যু-পণ কৰিছে। তেওঁ নিজ দেশৰ সংহতি যি কোনো প্ৰকাৰে ৰক্ষা কৰিবই। নিজ দেশৰ সংহতি ৰক্ষা কৰিব পৰাটোৱেই যেন কবিৰ জীৱনৰ সাৰ্থকতা।

(খ)                     মোৰ জীৱনৰ আঁহে আঁহে

মোৰ যৌৱনৰ কোঁহে কোহে            সেই সপোনৰ কলৰোল।

উত্তৰঃ এই কবিতা দুশাৰী হীৰেন ভট্টাচাৰ্য্যৰ ৰচিত কবিতা ‘মোৰ দেশ’ৰ পৰা তুলি দিয়া হৈছে। এই কবিতাংশৰে কবিয়ে তেওঁৰ স্বদেশপ্রেমক প্রকাশ কৰিছে।

কবিৰ বাবে তেওঁৰ দেশ ভাৰতবৰ্ষ অতিকৈ আপোন, প্রাণতকৈও বেছি আপোন আৰু গানতকৈও বেছি মধুৰ। সেইবাবে এই দেশৰ উন্নতিৰ বাবে তেওঁ সদায় কাম কৰে। কৰ্মই মানুহৰ ধৰ্ম, মানুহে যি কাম কৰে সেই কাম অনুসাৰেহে ফল ভোগ কৰে। কবিয়ে দেশৰ উন্নতিৰ বাবে কাম কৰিছে বা কৰে বাবেই ভৱিষ্যত সুখক আশা কৰিছে। তেওঁ প্ৰতিটো কামৰ বাবে চিন্তা কৰে; কিন্তু সেই চিন্তা কোনো সাধাৰণ চিন্তা নহয়, সি হৈছে জীৱনৰ আঁহে আঁহে সোমাই থকা গভীৰ চিন্তা, যি চিন্তাৰ ফলে তেওঁৰ জীৱন আৰু যৌৱনক আনন্দ দান কৰিব। তেওঁৰ চিন্তাই ভৱিষ্যতৰ সপোনবোৰক দাঙি ধৰে। কবিয়ে সেই সপোনবোৰক বাস্তৱত পৰিণত কৰিবৰ বাবেহে কৰ্ম কৰি গৈছে। কবিয়ে জীৱনৰ আনন্দ বিচাৰি নানা দেশ ভ্ৰমণ কৰিছে, নানা দেশৰ নানা বস্তু আহৰণ কৰিছে। কিন্তু নিজৰ দেশতকৈ সুখৰ ঠাই আৰু ক’তো নাই। স্বদেশৰ বায়ু পানী মাটিয়ে কবিক দিয়ে ভাল পোৱাৰ আনন্দ, যৌবনৰ প্ৰাচুৰ্য্য আৰু জীৱনৰ নতুন অর্থ। সেই কাৰণেই কবিয়ে তেওঁৰ দেশৰ বাবে জীয়াই আছে, দেশৰ আৰু দেশবাসীৰ কাম কৰিবলৈ জীয়াই আছে।

৪। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা।

উত্তৰঃ স্বদেশপ্রীতিক মূল উপজীৱ্য হিচাপে লৈ ৰচিত ‘মোৰ দেশ’ কবিতাৰ ছত্রে ছত্ৰে অনুৰণিত হৈছে স্বদেশ প্ৰেমৰ ধ্বনি আৰু দেশপ্ৰেমৰ একো একোখন প্রস্ফুটিত ছবি। স্বদেশ প্ৰেমত হিয়া উথলি উঠা কবিয়ে তেওঁ ওপজা দেশখনক প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ বুলি অভিহিত কৰাৰ মাজেদি তেওঁৰ স্বদেশ যে তেওঁৰ প্ৰাণ বা জীৱনতকৈয়ো অধিক আপোন সেই ভাব স্পষ্ট ৰূপত প্ৰকাশ পাইছে। কাৰণ কবি ওপজা দেশখনতহে তেওঁৰ কাম আৰু চিন্তা বাস্তৱত ৰূপায়িত হয় আৰু এই দেশতে তেওঁ জীৱনৰ ভৱিষ্যতৰ, সোণালী সপোন ৰচাৰ সমল আৰু অৱকাশ পায়। তেওঁ পৃথিৱীৰ নানা দেশতে ঘুৰিছে। ভিন ভিন দেশৰ ভিন ভিন মানুহৰ সৈতে ভাব-বিনিময় কৰিছে যদিও কবিৰ মনত তেওঁ ওপজা দেশখনৰ দৰে মৰমৰ দেশ, আপোন দেশ তেওঁ আৰু কতো বিচাৰি পোৱা নাই। তেওঁ ওপজা দেশখনৰ লোকৰ দৰে কোনো মানুহক তেওঁৰ আপোন যেন লগা নাই। এই দেশতে কবিয়ে লাভ কৰে ভালপোৱাৰ আনন্দ আৰু যৌৱনৰ প্ৰাচুৰ্য। এই দেশৰ প্ৰতিটো পুৱাই কবিৰ সন্মুখত তুলি ধৰে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। সেয়ে এনে এখন দেশৰ বাবে জীয়াই থাকিবলৈ কবিয়ে মৰণ পণ কৰিছে। কবিতাটোত প্ৰকাশিত এনে চিন্তা-ভাৱনা সমূহৰ মাজেদিয়ে কবিৰ স্বদেশ প্ৰীতিৰ স্বৰূপ উদ্ভাসি উঠিছে।

৫। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?

উত্তৰঃ প্ৰতিটো ঋতুৱে কবিক জীৱনৰ বাবে আশীর্বাদ দি যায় বুলি কবিয়ে কৈছে। অৰ্থাৎ ঋতু পৰিৱৰ্তনে কবিৰ মনৰ আনন্দৰো পৰিৱৰ্তন আনে।

৬। শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই কবিয়ে কি দিছে?

উত্তৰঃ শান্তিৰ চৰাইযুৰিক কবিয়ে আঁজলি ভৰাই এমুঠি ধান আৰু প্ৰাণৰ এটি গান দিছে। অর্থাৎ কবিয়ে বাঞ্ছা কৰিছে যেন নিৰিবিল শান্তিয়ে তেওঁৰ দেশখন ভৰাই তোলে। কবি হ’ল শান্তি-প্ৰয়াসী। সাধাৰণতে বিৰোধ, বা যুদ্ধবিগ্ৰহৰ মাজত কবিতা ৰচনা নচলে। সেই কাৰণে কবিয়ে যুদ্ধ-বিগ্ৰহ নিবিচাৰে, বিৰোধ বা আন্দোলন-সংঘর্ষ আদি নিবিচাৰে। তেওঁ যুদ্ধ-বিগ্ৰহ বৰ্জিত, সংঘর্ষ-বিহীন শান্ত, শীতল সমাজ এখন বিচাৰে। সেই কাৰণে কবিয়ে তেওঁৰ দেশৰপৰা সকলো সংঘর্ষ, সকলো দাঙ্গা-হাঙ্গামা আঁতৰি যোৱাটোকে বাঞ্ছা কৰিছে।

‘খ’—ভাষা বিষয়ক

৭। সমার্থক শব্দ লিখা।

দেশ, কাম, কলৰোল, সাগৰ, সপোন, বন্ধু, শেষ, সম্ভাৰ, শ‍ইচ, বুকু, তৰংগ, কল্লোল।

উত্তৰঃ দেশ — ৰাষ্ট্ৰ।

কাম — কর্ম।

কলৰোল — কলৰৱ।

সাগৰ — সমুদ্র।

সপোন — স্বপ্ন।

বন্ধু — বান্ধৱ।

শেষ — অন্ত।

সম্ভাৰ — সামগ্ৰী।

শইচ — শস্য।

বুকু — হৃদয়।

তৰংগ — ঢৌ।

কল্লোল — কলৰৱ।

৮। বিপৰীতার্থক শব্দ লিখা।

সপোন, দেশ, জীৱন, পাহাৰ, ঐক্য, সংহতি, শয়ন, বিশ্বাস, শত্রু।

উত্তৰঃ সপোন — দিঠক। 

দেশ — বিদেশ। 

জীৱন — মৰণ। 

পাহাৰ — ভৈয়াম।

ঐক্য — অনৈক্য। 

সংহতি — বিচ্ছিন্নতা। 

শয়ন — জাগ্রত। 

বিশ্বাস — অবিশ্বাস।

শত্রু — মিত্র।

1 thought on “Class 9 Assamese Chapter 5 মোৰ দেশ”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top