Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ

Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ Solutions and select need one. Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 6

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’—ভাব-বিষয়ক

১। (ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা।

(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলে পায়?

উত্তৰঃ মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে- সন্তোষে কাল নিয়াব পাৰি সেই কথা নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়।

(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।

(খ) সজ ব্যৱহাৰৰ অনুপান কি?

উত্তৰঃ ‘নম্ৰতা’ সজ ব্যৱহাৰৰ অনুপান।

(ঙ) মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক কি কৰা হয়?

উত্তৰঃ মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক ছল কৰা হয়।

(চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল।’ ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?

উত্তৰঃ যিবোৰ মানুহে লগ-লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে তেনেকুৱা মানুহৰ স্বভাৱ নিচেই পাতল।

(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?

উত্তৰঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।

(জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ ‘বহল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা।

২। চমুকৈ বুজাই লিখা।

(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?

উত্তৰঃ সমাজ জীৱনত বহুতো মানুহক লগ পোৱা যায়। সেই মানুহবিলাকৰ কাক কেনেকৈ ব্যৱহাৰ কৰিলে সকলোৰে সৈতে সুখে সন্তোষে জীৱন যাপন কৰিব পাৰি সেই বিষয়ে জনাৰ প্ৰয়োজন আছে। ব্যৱহাৰ কৰিব নজনা বা নকৰাৰ দোষত বহুতো চৰিত্ৰবান লোকো গৰিহণাৰ পাত্ৰ হোৱা দেখা যায়। দুষ্ট ছলাহী মানুহেও মিঠা ব্যৱহাৰৰ ফলত আনৰ মৰম আদৰ লাভ কৰিবলৈ সক্ষম হয়। মিঠা ব্যৱহাৰ সকলোৱে ভাল পায়। সেইবাবে ব্যৱহাৰ প্ৰণালী অৱহেলাৰ বিষয় বা সৰু কথা নহয়। মানুহে কয় কথাত কটা যায়, কথাত বঁটা পায়। কথা কব জনাৰ ওপৰত মানুহ আনৰ প্ৰিয় আৰু বিশ্বাসী হ’ব পাৰে। গতিকে ব্যৱহাৰত আমি নম্ৰ হোৱা উচিত।

(খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?

উত্তৰঃ মানুহৰ লগত কথা বতৰা পাতোতে স্বাভাৱিক বিনয় ভাবেৰে কথা-পতা উচিত। অকাৰণতে মানুহক কেটেৰ-জেঙেৰ কৰিলে মানুহ অসন্তুষ্ট হয়। তেনে ব্যৱহাৰে নিজক অপ্রিয় কৰে আৰু শত্রুতা বঢ়ায়। বিনয়ী বা নম্র ব্যৱহাৰে মানুহৰ মন কোমল কৰে, বিনয়ী ব্যৱহাৰৰ দ্বাৰা মানুহৰ অন্তৰ জয় কৰি নিজৰ উদ্দেশ্য সাধন কৰিব পাৰি। মাটিৰে সজা প্রতিমাখনও ৰং বা ৰহণ সানি ধুনীয়া কৰাৰ দৰে নম্ৰ ব্যৱহাৰৰ দ্বাৰা মুখৰ কথা মনোগ্রাহী কৰিব পাৰি। বেজে অকটা দৰৱ ৰোগীক দিওঁতেও মিঠা অনুপানৰ কলপ বা ৰহণ সানিহে দিয়ে। মানুহৰ বহুত সজ গুণ থাকিলেও ব্যৱহাৰ বেয়া হ’লে সেই গুণৰ আনে প্ৰশংসা নকৰে বৰং গৰিহণাহে দিয়ে। সেই কাৰণে জ্ঞানীপুৰুষ সকোলে বিনয় ভাবত দান কৰিব লাগে বুলি কৈছে।

৩। তাৎপর্য ব্যাখ্যা কৰা।

(ক) নম্রতা সজ ব্যৱহাৰৰ অনুপান।

উত্তৰঃ বেজে মূল দৰৱৰ লগত মিহলাই খাব দিয়া উপকৰণ বা বস্তুবোৰেই হ’ল অনুপান। দৰৱ অকটা হ’লেও মিঠা অনুপানে অকটা গুণ কমাই সেৱনৰ উপযোগী কৰি তোলে। মানুহৰ ব্যৱহাৰৰ ওপৰত নিজৰ গুণ নিৰ্ভৰ কৰে। আনৰ প্ৰতি ব্যৱহাৰ নীৰস, কঠুৱা বা খিংখিঙীয়া হ’লে, তেনে মানুহ আনৰ অপ্রিয় হয়। নম্ৰ ব্যৱহাৰে মানুহক অইনৰ প্ৰিয় পাত্ৰ কৰিব পাৰে। অনুপানে যেনেকৈ বেজৰ দৰৱৰ গুণ বঢ়ায়, সজ ব্যৱহাৰে তেনেকৈ মানুহৰ জনপ্ৰিয়তা বঢ়ায়, গুণ বঢ়ায়, আনৰ শ্ৰদ্ধা বঢ়ায়। নম্ৰতাৰ এই গুণৰ বাবে নম্ৰতাক সজ ব্যৱহাৰৰ অনুপান বুলি কোৱা হৈছে।

(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।

উত্তৰঃ সোণ এবিধ মূল্যৱান ধাতু। সোণৰ বৰণ উজ্বল। সোণৰ এই উজ্বলতা বা জেউতিক কোনোৱে অমান্য কৰিলেও সেই জেউতি নকমে। সেইদৰে সমাজত যি সকল প্রতিভাধৰ গুণশালী মহৎ ব্যক্তি আছে, সেইসকলক অমান্য কৰিলে তেওঁলোকৰ মানসম্ভ্রম কেতিয়াও কমি নাযায়। জ্ঞানীজনক বা গুণীজনক অপমান বা দুৰ্য্যৱহাৰ কৰি বহুতে ডাঙৰ কাম কৰা বুলি ভাবে। কিন্তু তেনে কুকৰ্মৰ দ্বাৰা নিজৰ অমঙ্গল সাধনৰ বাহিৰে আন একো কার্য সাধন নহয়; তাত জ্ঞানীজনৰ গুণৰ উজ্বলতা বাঢ়ে। গতিকে বৰ লোকক, গুণী-জ্ঞানীজনক বেয়া ব্যৱহাৰ কৰি নিজৰ অনিষ্ট সাধন নকৰিবলৈ এই বচন ফাঁকিৰে উপদেশ দিয়া হৈছে।

‘খ’—ভাষা-বিষয়ক

৪। বিপৰীতার্থক শব্দ লিখা।

সুখ; সন্তোষ; সজ; চৰিত্ৰৱন্ত; কপটীয়া; মিঠা; বিনয়; নম্রতা; লঘু; উচ্চ; নিন্দা; গুপ্ত; দোষ; গহীন; আঢ্যৱন্ত।

শব্দ – বিপৰীতার্থক শব্দ

সুখ – দুখ।

সন্তোষ – অসন্তোষ।

সজ – অসজ।

চৰিত্ৰৱন্ত – চৰিত্ৰহীন।

কপটীয়া – সৰল।

মিঠা – তিতা।

বিনয় – উগ্ৰ।

নম্ৰতা – উগ্ৰতা।

লঘু – গুৰু।

উচ্চ – নীচ।

নিন্দা – প্রশংসা।

গুপ্ত – মুক্ত।

দোষ – গুণ।

গহীন – চঞ্চল।

আঢ্যৱন্ত – দৰিদ্ৰ।

৫। বাক্য ৰচনা কৰা।

চকুৰ কুটা; পেটত কথা ৰাখ।

উত্তৰঃ চকুৰ কুটা (অপ্ৰিয় লোক): কঠুৰ ব্যৱহাৰে মানুহক আনৰ চকুৰ কুটা যেন কৰে।

পেটত কথা ৰাখ (মনৰ কথা লুকাই ৰখা): পেটত কথা ৰাখিব নোৱাৰা মানুহে আনৰ গুপ্তকথা শুনিব নালাগে।

4 thoughts on “Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ”

  1. Krishti Borthakur

    It was really helpful for me in making notes.. my teacher gave some of the notes and told us to do the rest ourselves.. but it was not easy as our assamese vocabulary is not that strong.. glad to find some content like this.. thanks a lott🫶🏻

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top