Class 9 Assamese Chapter 7 সময়

Class 9 Assamese Chapter 7 সময় Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 7 সময় Solutions and select need one. Class 9 Assamese Chapter 7 সময় Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 7 সময়

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 7

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’—ভাব-বিষয়ক

১। চমু উত্তৰ দিয়া।

(ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।

(খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?

উত্তৰঃ কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি?

উত্তৰঃ যুগ, কল্প, শতাব্দী আদি সময়ৰ ডাঙৰ ভাগ।

(ঘ) সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়?

উত্তৰঃ দণ্ড, পল, অনুপলক সময়ৰ ভগ্নাংশ বোলা হয়।

(ঙ) সময় কি গতিত ঘূৰে?

উত্তৰঃ সময় বৃত্তাকাৰ গতিত ঘূৰে।

২। তাৎপর্য ব্যাখ্যা কৰা।

(ক) এলেহুৱাৰ দিন নাযায় নুপুৱায়৷

উত্তৰঃ সময়ৰ হিচাব কামৰ দ্বাৰাহে হয়। কৰ্মী মানুহৰ সময় কেতিয়া পাৰ হৈ যায় উমানকে নাপায়। কৰ্মী মানুহৰ দিনটো চকুৰ পচাৰতে শেষ হোৱা যেন লাগে। কিন্তু কাম নথকা বা কাম থাকিও কাম নকৰা এলেহুৱা মানুহৰ বাবে দিনটো বৰ দীঘলীয়া। তেওঁৰ বাবে দিনটো শেষ হৈ নাযায়। কামত ব্যস্ত থাকিলে সময় কেতিয়া অতিবাহিত হয় ধৰিব নোৱাৰি। কিন্তু সেই ছোৱা সময়ত সম্পন্ন কৰা কামে সময়ৰ জোখ নিৰূপণ কৰে। এই কাৰণতে মানুহৰ বাবে যেতিয়া এক কল্প বা এহেজাৰ যুগ হয় তেতিয়া ব্রহ্মাণ্ড সৃষ্টি কৰ্ত্তা ব্ৰহ্মাৰ বাবে মাত্র এদিন এৰাতিহে হয়। অর্থাৎ ব্যস্তজনৰ মতে সময় চুটি আৰু এলেহুৱা বা কর্মহীন জনৰ বাবে সময় শেষ নোহোৱাকৈ দীঘলীয়া।

(খ) মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন।

উত্তৰঃ কাম নকৰা বা কাম নথকাজনৰ বাবে সময় বহুত দীঘলীয়া। কিন্তু কাম থকাজনৰ বাবে সময় তাকৰীয়া। এলেহুৱা মানুহৰ বাবে দিনটো কোনোমতে শেষ নহয়। কিন্তু এটাৰ পিছত এটাকৈ কামত আহৰি নোপোৱাজনৰ বাবে দিনটো পলকতে শেষ হয়। ব্যস্ত হ’লেও মানুহৰ বাবে যি সময়ৰ জোখ ব্ৰহ্মাৰ বাবে সেই জোখ নহয়। বিশ্ব-ব্ৰহ্মাণ্ডখন বৰ্ত্তাই ৰখাৰ বাবে ব্রহ্মা অতিশয় ব্যস্ত হৈ থাকিব লাগে। কম সময়ে তেওঁক নাটে। মানুহ কৰ্মব্যস্ত হ’লেও ব্ৰহ্মাৰ সমান কাম মানুহৰ নাই। মানুহৰ কাম কম হোৱা বাবে সময়ৰ ভাগো কম হয়। সেই ভাগ অনুসৰি মানুহৰ যেতিয়া এক কল্প বা এহেজাৰ যুগ অতিবাহিত হয় তেতিয়া ব্ৰহ্মাৰ এদিন এৰাতিহে হয়। অর্থাৎ মানুহৰ বাবে যি সময় দীঘলীয়া ব্ৰহ্মাৰ বাবে সেই সময় তাকীয়া। যেনেকৈ এলেহুৱাৰ বাবে সময় দীঘলীয়া কৰ্মীলোকৰ বাবে তাকৰীয়া হয়। সেইদৰে, ক্ষুদ্ৰ পৰিসৰত কৰ্ম ব্যস্ত মানুহৰ বাবে দীঘলীয়া সময় বৃহৎ পৰিসৰত কৰ্ম ব্যস্ত ব্ৰহ্মাৰ বাবে তাকৰীয়া বা কম হয়।

(গ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।

উত্তৰঃ কামত ব্যস্ত নাথাকিলে সময় অতিবাহিত নোহোৱা যেন লাগে। অলসভাৱে কটোৱা সময় দীঘলীয়া যেন লাগে। ৰে’লগাড়ীখন সময়মতে এৰিব বুলি দৌৰা-দৌৰিকৈ ৰে’লষ্টেছন পাই এঘণ্টা দেৰিকৈ গাড়ী এৰিব বুলি জানিলে অসন্তোষ লাগে। সেই এঘণ্টা সময় কোনোমতে শেষ হৈ নাযায়। কাৰণ তেতিয়া সময় খিনি অবাবত, কাম নোহোৱাকৈ কটাব লগা হয়। কামত ব্যস্ত থাকিলে সময় কিমান সোনকালে অতিবাহিত হয় তাৰ উমান পোৱা যায়। নিৰ্দ্দিষ্ট এটা সময়ত কৰি শেষ কৰা কামৰ দ্বাৰা, অতিবাহিত সময় উপলব্ধি কৰিব পৰা যায়। দিনটোত সম্পন্ন কৰিব লগা কামৰ নিৰিখ যি সকলৰ থাকে সেই সকলৰ বাবে সময় খৰ গতিত অতিবাহিত হোৱা যেন লাগে। কামত ব্যস্ত থাকোতে দিনটো কেতিয়া পাৰ হৈ যায় তাক ধৰিব নোৱাৰি; কিন্তু পাৰ হৈ যোৱা সময়ৰ হিচাপ দিয়ে সেই ছোৱা সময়ত সম্পন্ন কৰা কামে।

৩। পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।

উত্তৰঃ নীলমণি ফুকন ‘সময়’ প্ৰৱন্ধটিৰ লেখক। তেখেতৰ ৰচিত সাহিত্যৰাজি ক্ৰমে— সাহিত্য কলা, চিন্তামণি, জ্যোতিকণা, মানসী, সন্ধানী আদি। ইয়াৰ বাহিৰেও তেখেত ‘আলোচনী’ আৰু ‘ন-জোন’ কাকতৰ সম্পাদক আৰু ‘অসম সাহিত্য সভা’ৰ শিৱসাগৰ অধিবেশনৰ সভাপতি আছিল।

৪। চাৰিটা-পাঁচোটা বাক্যত উত্তৰ দিয়া:

(ক) প্রাকৃতিক জগত বুলিলে কাক বুজায়?

উত্তৰঃ প্ৰাকৃতিক জগত বুলিলে সাল-সলনি হোৱা ঋতু, কুঁহিপাত মেলা বা ফুল-ফল ধৰা গছ-গছনি, সূৰ্যৰ উদয়-অস্ত, শস্য পকা, কেকোঁৰা, শামুক, বালিমাহী আদি চৰাই বা প্রাণীবোৰ ওলোৱা, ভেকুলীয়ে টোটোৰোৱা আদি সামৰি যি জাগতিক কার্য-কলাপ তাকে প্রকৃতি বোলে। প্ৰকৃতিৰ গতি-বিধি, আচৰণ বা পৰিবৰ্তন আদিলৈ লক্ষ্য কৰি সময়, ঋতু বা কাল নিৰূপণ কৰা হয়।

(খ) কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?

উত্তৰঃ উল্লেখযোগ্য একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্য-কলাপৰ ওপৰত ভিত্তি কৰিও সময়ৰ একোটা ভাগ নিৰূপণ কৰিব পাৰি। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ-বিগ্রহ, কোনো ৰাজবংশৰ ৰ’ঈত্ব, ঐতিহাসিক কোনো লোকৰ জন্ম বা মৃত্যু আদিয়ে সময়ৰ একো একোটা ভাগ বা চাপৰ সীমা নিৰূপণ কৰে। এনে একোটা ৰেখাপাত কৰা ঘটনাক কেন্দ্ৰ কৰিয়েই সংবৎ, শকাব্দ, হিজৰি, শংকৰাব্দ আদি সময়ৰ বিভাগবোৰৰ সৃষ্টি হৈছে।

(গ) লক্ষণাক্রান্ত মানে কি?

উত্তৰঃ লক্ষণাক্রান্ত মানে লক্ষণযুক্ত বা লক্ষণ থকা। সময়ৰ ভাগবোৰৰ ক্ষেত্ৰত কিছুমান বিশেষ লক্ষণ স্পষ্ট হয়। গ্রীষ্ম, শীত, হেমন্ত, বর্ষা আদি সময়ৰ ভাগ বুজোৱা ঋতু সমূহ বিশেষ লক্ষণৰ ওপৰত ভিত্তি কৰিয়েই চিহ্নিত হৈছে। যুগ বিভাজনো এনে লক্ষণৰ ওপৰতে কৰা হয়; যেনে– কলি যুগৰ অন্ত হ’লে কল্কি অৱতাৰ হব। কল্কিৰ পিছত সত্য যুগ প্ৰৱৰ্তন হব। সেইদৰে যীশুৰ আবির্ভাব, ইমাম মেহদি’ৰ আগমন আদি একো-একোটা যুগৰ লক্ষণ।

(ঘ) বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল?

উত্তৰঃ বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্রাকৃতিক জগতৰ পৰিবৰ্ত্তন লক্ষ্য কৰি সময় সম্পর্কে অৱগত হৈছিল। কাম কৰাৰ ক্ষেত্ৰত একোটা সাধাৰণ কথাক ভিত্তি কৰি সময় নিৰূপণ কৰিছিল; যেনে— এখনমান তামোল খোৱাৰ সময়, ৰিংটোৰে শুনা দূৰত্ব, বেলিৰ গতিৰ লগত সংগতি ৰাখি নিজৰ ছাঁ-টো দীঘল-চুটি হোৱা আদি লক্ষ্য কৰি সময় নিৰূপণ কৰিছিল। জীৱ-জন্তুৰ আচৰণলৈ লক্ষ্য কৰি সময় সলনি হোৱা বা ঋতু পৰিবৰ্ত্তন হোৱাৰ সম্ভেদ লৈছিল।

৫। তলৰ প্ৰশ্নকেইটাৰ অন্তর্নিহিত ভাৱ বিশ্লেষণ কৰা:

(ক) সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্রান্ত।

উত্তৰঃ কোনো এটা নির্দিষ্ট সময়ত প্রধানভাৱে দেখা দিয়া সমস্যা, কোনো ডাঙৰ ঘটনা বা সমাজৰ মানুহৰ আচৰণ আদিৰ প্ৰতি লক্ষ্য কৰি সময়ৰ ভাগ কৰা হয়। হিন্দু শাস্ত্ৰত এই লক্ষণ বা বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি চাৰি যুগৰ বিভাজন কৰা হৈছে। সেই অনুসৰি কলি কালৰ অন্তত সত্য যুগৰ প্ৰৱৰ্তন হব। কল্কি অৱতাৰ হ’লেই কলি যুগৰ অন্ত পৰিব। খৃষ্টান সকলৰ মতে হাজাৰ বছৰলৈ যীশুৰ ৰাজত্ব বা খৃষ্টৰ প্ৰভাৱ থাকিব। সেইদৰে ইচলাম সকলৰ ধৰ্ম বিশ্বাস মতে শেষ ইমাম হিচাপে মেহদি’ৰ আগমন ঘটিব। এই বিশেষ ঘটনা বিলাকক কেন্দ্র কৰিয়েই হয় একোটা যুগৰ সৃষ্টি। যুগৰ পৰিবৰ্তনেই কল্পান্তৰ।

(খ) সময়ৰ টিকনিডাল হেনো আগফালে।

উত্তৰঃ প্ৰবাদ বাক্যৰ দৰে প্ৰচলিত হোৱা উক্ত বাক্যটি প্ৰৱন্ধকাৰ বাগ্মীবৰ নীলমণি ফুকনৰ ‘সময়’ নামৰ প্ৰৱন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে।

সময়ক বোৱতী নদী আৰু পাখি লগোৱা কাঁড়ৰ লগত তুলনা কৰা হয়। বোৱতী নদীৰ পাৰ হৈ যোৱা পানীৰ সোঁত আৰু ধনুৰ পৰা এৰি দিয়া কাঁড় আৰু কেতিয়াও ওভতি নাহে। তাতে পাখি লগোৱা কাঁড় হ’লে সি আৰু তীব্র গতিত আগৰ পিনে গতি কৰে। বোৱতী সৃতি আৰু পাখি লগোৱা কাঁড়ৰ দৰে দ্ৰুত গতি সম্পন্ন সময়ক ধৰি ৰাখিব লাগিলে নির্দিষ্ট সময়ৰ আগতে সাজু হব লাগিব। ইয়াৰদ্বাৰা প্ৰৱন্ধকাৰে সম্পন্ন কৰিবলগীয়া কোনো কামৰ বাবে নিৰ্দিষ্ট সময়তকৈ আগেয়ে প্রস্তুত থকাৰ বাবে সকিয়াই দিছে।

(গ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই।

উত্তৰঃ ঘড়ীৰ কাঁইটকেইডালে সময় অতিবাহিত হৈ যোৱাৰ ইংগিত দিয়ে। কিন্তু ঘড়ীৰ কাঁইট কেইডালৰ পিনে চাই অতিবাহিত কৰা সময়ৰ একো জোখ বা মূল্য নাই। কাম নকৰাকৈ এনেয়ে পাৰ কৰা সময়ৰ জোখৰ কোনো মূল্য বা অর্থ নাই। সময় অতিবাহিত হৈ থকাৰ সমান্তৰালভাৱে কিবা এটা কাম কৰি থব পাৰিলে পাৰ হৈ যোৱা সময়খিনিৰ জোখ আমাৰ হাতত ৰৈ যায়; যেনে— তিনি ঘণ্টা সময় পৰিশ্ৰম কৰি এখন ভাল চিত্ৰ অঁকা হ’ল। আঁকি লোৱা সেই চিত্ৰখনে পাৰ হৈ যোৱা সময় খিনিৰ জোখ বা মূল্য নিৰূপণ কৰি ৰাখিলে। ছাত্র এজনে তিনি ঘণ্টা সময় পৰীক্ষা লিখি পৰীক্ষা এটা পাছ কৰিলে ছাত্ৰজনৰ চিৰ জীৱনৰ বাবে সেই তিনি ঘণ্টা সময়ৰ জোখ বা মূল্য তেওঁৰ হাতত অমূল্য সময় হিচাপে থাকি গ’ল। কামৰদ্বাৰা সময়ক এইদৰে ধৰি ৰাখিব পাৰি বা তাৰ মূল্য বা জোখ নিৰূপণ কৰিব পাৰি বাবেই সময়ৰ জোখ কামতহে বুলি কোৱা হৈছে।

(ঘ) সময় অমূল্য ধন বোলা কথাষাৰ সঁচা।

উত্তৰঃ কম সময়ৰ ভিতৰত কিমান বেছি মূল্যৰ কাম কৰিব পাৰি তাৰ ওপৰতে সময়ৰ অমূল্য গুণৰ নিৰ্ণয় কৰিব পাৰি। কোনো ধনকুবেৰে নিমিষতে লাখ লাখ টকা উপাৰ্জন কৰে আৰু কোনোৱে গোটেই জীৱনতো এক লাখ টকা উপাৰ্জন কৰিব নোৱাৰে। এই ক্ষেত্ৰত সমুদায় জীৱনতো এক লাখ টকা উপার্জন কৰিব নোৱাৰা মানুহজনৰ সময়তকৈ নিমিষতে লাখ লাখ টকা উপাৰ্জন কৰিব পৰা মানুহ জনৰ সময়ৰ মূল্য অধিক। সেইদৰে ঘণ্টাত ৬০ কি.মি. অতিক্ৰম কৰা ট্রাক এখনৰ মূল্য ঘণ্টাত ২ কি.মি. অতিক্ৰম কৰা গৰু গাড়ী এখনতকৈ বহুত বেছি। ঘনাই মাকো মাৰি দিনটোত তিনিখন গামোচা বব পৰা শিপিনীজনীৰ কামৰ মূল্য তিনিবাৰ টোৱাই মাকো মাৰি দিনটোত এখন গামোচা বব পৰা শিপিনীজনীৰ সময়ৰ মূল্যতকৈ বহু গুণে বেছি। অবাবত সময় নষ্ট নকৰি, অতিবাহিত সময় খিনিত কিমান মূল্যৱান কাম কৰিব পাৰি তাৰেহে যত্ন কৰিব লাগে ৷ উপাৰ্জনমুখী কামৰ মাজেৰে কটোৱা সময় অমূল্য হৈ পৰে। সেই কাৰণেই সময়ক অমূল্য ধন বোলে।

৬। “প্রাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়’—

প্রাকৃতিক জগতৰ গতি-বিধিবোৰ কি কি? কেনেকৈ এই গতি-বিধিৰ দ্বাৰা সময় নিৰূপণ (নিৰ্ণয়) কৰিব পাৰি পাঠভিত্তিক আলোচনা কৰা।

উত্তৰঃ শীত, বসন্ত আদি ঋতু, সূৰ্যৰ  উদয়-অস্তুত পদুম ফুল ফুলা আৰু জাপ খোৱা, সূৰ্যৰ ঘূৰণৰ সৈতে সংগতি ৰাখি বেলি ফুল ঘূৰা, কঠালে মুচি পেলোৱা, আম মলিওৱা, ধান পকা, বাঁহৰ গাজ ওলোৱা, কেতেকী ফুলি গোন্ধ বিলোৱা, কেকোঁৰা গাতত সোমোৱা, শামুক পথাৰত ওলোৱা, বালিমাহী, কেতেকী আদি চৰায়ে মতা, মাছে কণী পৰা, চৰায়ে কুটা কঢ়িওৱা, ভেকুলীয়ে টোটোৰোৱা, গৰু গধূলি ঘৰলৈ অহা, শিয়ালে হোৱা দিয়া, আদি প্রাকৃতিক জগতৰ গতি-বিধি।

এই প্রাকৃতিক গতি-বিধিবোৰৰ প্ৰতি লক্ষ্য কৰি সময় নিৰূপণ বা নির্ণয় কৰা হয়। পাত-ফুল সৰি লঠৰা হোৱা গছৰ ডাল দেখিলে শীতকালৰ আগমন, গছৰ ডালত কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমন, পদুম ফুল ফুলা আৰু জাপ খোৱা কাৰ্যত সূৰ্যৰ উদয় আৰু অস্তৰ প্ৰভাৱ, কঠালৰ মুচি আৰু বাঁহগাজ ওলোৱা আদি প্রাকৃতিক কার্য দেখিলে একোটা ঋতুৰ সম্ভেদ পোৱা যায় ৷ চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ আচৰণেও ঋতু বা সময় সলনি হোৱাৰ ইংগিত বহন কৰে। আধুনিক চিন্তা-চৰ্চা আৰু যন্ত্ৰ-পাতি আৱিষ্কাৰ হোৱাৰ পূৰ্বে মানুহে প্রাকৃতিক জগতৰ এই গতি-বিধি বা পৰিৱৰ্ত্তনবোৰ লক্ষ্য কৰিয়েই সময় নিৰূপণ কৰিছিল আৰু তদনুসৰি নিজৰ কাম পৰিচালনা কৰিছিল। পাৰই ৰুণ দিলে ৰাতি পোহৰ হোৱাৰ সংকেত পাইছিল। পদুম ফুল জাপ খালে, সূর্য নেদেখা বতৰত গধূলি হোৱাৰ উমান পাইছিল৷ গছত কুঁহিপাত ওলাই বসন্ত কাল অহাৰ ইংগিত দিলে মানুহে কৃষি-কৰ্মৰ সময় সমুপস্থিত বুলি বুজিছিল।

৭। “নিয়মানুৱর্তিতা আৰু সময়ৰ সদ্ ব্যৱহাৰ”—ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা।

উত্তৰঃ প্ৰকৃতি জগতত কিছুমান চিৰাচৰিত নিয়ম আছে। সেই নিয়মবোৰৰ ব্যতিক্রম নহয়। শীত কালত গছৰ ডালত পাত-ফুল নথকা, বসন্ত কালত গছৰ ডালত কুঁহিপাত ওলোৱা, ফুল ফুলা, বাৰিষা কালত ভেকুলীয়ে মাতা আদি প্রাকৃতিক চিৰাচৰিত কাম। এইবোৰ কামৰ সাধাৰণতে ব্যতিক্রম নহয়। এই নিয়মবোৰৰ ব্যতিক্রম হ’লে অঘটন ঘটিব, দুর্দিন হব, আনকি প্রলয়ো হব পাৰে। প্রকৃতিয়ে মানি চলা এই নিয়মবোৰ নিয়মানুৱর্তিতা। প্ৰকৃতিৰ দৰে মানুহৰ সমাজতো কিছুমান নিয়ম আছে। সকলো মানুহে সেই নিয়মবোৰ মানি চলিলে কোনোকামত আউল নালাগে। যেনে— ছাত্ৰৰ কাম অধ্যয়ন। তেঁও পুৱা-গধূলি সময় অপব্যয় নকৰি নিয়মমতে পঢ়া শুনা বা অধ্যয়ন কৰিব লাগিব। নিতৌ সময়মতে (নির্দিষ্ট সময়ত) স্কুললৈ যাব লাগিব। সেইদৰে শিক্ষক সকলো সময়মতে স্কুলত উপস্থিত হৈ পাঠদানত ব্ৰতী হব লাগিব। শিক্ষক-ছাত্র স্কুলত নিয়মমতে উপস্থিত হব নোৱাৰিলে স্কুলৰ পাঠদানত আউল লাগিব। নিজৰ কৰ্ত্তব্যটো নিয়ম বা সময়মতে কৰাই নিয়মানুৱর্তিতা বা সময়ানুৱর্তিতা।

সময়ৰ কাম সময়মতে কৰিলে সময়ৰ সদ্ ব্যৱহাৰ কৰা হয়। এলাহত বা অবাবত সময় নকটাই কিবা নহয় কিবা কামত সময় কটালে অতিবাহিত হোৱা সময়ৰ মূল্য ৰৈ যায়। ছাত্র সকলে অধ্যয়ন নকৰি কটোৱা সময়ৰ কোনো মূল্য নাই। অৱশ্যে অধ্যয়ন নকৰা সময়ত যদি কোনোবাই খেল-ধেমালি, চিত্রাঙ্কন আদিত সময় খটায় তেনেহলে সেই সময়ৰ মূল্য নিৰূপিত হয়। নিয়মানুৱর্তিতা, সময়ানুৱর্তিতা আৰু সময়ৰ সদ্ ব্যৱহাৰ অংগাংগী নিয়ম অনুসৰি সময়ৰ কাম সময়ত কৰি নিয়মানুৱর্তি বা সময়ানুৱর্তি হব পাৰি। আকৌ সময়ৰ কাম সময় মতে কৰি সময়ৰ মূল্য আৰোপিত কৰিব পাৰি। গতিকে সময়ৰ কাম সময়ত কৰাৰ অভ্যাস গঠন কৰা সকলোৰে বাবে হিতকাৰী। সময়ৰ কাম সময়ত কৰোতেই সময়ৰ সদ্ ব্যৱহাৰো কৰা হয়।

‘খ’—ভাষা বিষয়ক

৮। ভাব সম্প্ৰসাৰণ কৰা।

(ক) আইৰো বাৰ্ত্তা গংগাৰো যাত্রা।

উত্তৰঃ ‘আই, জন্মদাত্রী, সকলো সন্তানৰ অতি মৰমৰ। কিবা কাৰণত মাকৰপৰা দূৰত থকা সন্তান সকলে মাকৰ বা-বাতৰি পোৱাৰ আগ্ৰহত থাকে। সেইদৰে গংগা পৱিত্ৰ তীর্থস্থান। ধর্মপ্রাণসকলে গংগা স্নানৰ বাবে গংগাৰ তীৰৰ কোনো তীৰ্থলৈ যায়। মাকৰ বাতৰি লোৱাৰ বাবে আগ্রহী হৈ থকাজনে দুয়োটা কামকে একেটা যাত্রাতে কৰাৰ যত্ন কৰে। গংগা যাত্ৰাৰ লগতে মাকৰ খবৰো লব পাৰে। এটা কাম কৰাৰ লগতে প্ৰয়োজনীয় অইন এটা কাম কৰাৰ সুবিধা লোৱাৰ ক্ষেত্ৰত অসমীয়া ভাষাত এই প্ৰৱচনটিৰ প্ৰচলন আছে।

(খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়াও সম্ভৱ হৈ উঠে। ৰাইজৰ নখৰ পানী অলপকৈ অলপকৈ পৰি নৈ বয় যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে। গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰা উচিত।

এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়। কিন্তু গোটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন বোৱাই নিয়াটো একো টান কাম নহয়। ৰাইজৰ নখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বোৱাব পৰাৰ দৰে, এপইচা, দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্রতিষ্ঠান গঢ়াৰ দৰে মহৎ কার্যও অনায়াসে সম্পাদন কৰিব পাৰি।

(গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।

উত্তৰঃ মানুহ বা আন চিকাৰী জন্তু দেখিলেই শৰ পহু তীব্র গতিৰে আঁতৰি যায়। এই শৰ পহুৰ মঙহ খাবলৈ আশা কৰি ইয়াক বধ কৰিব খুজিলে ঠিক সময়ত শৰ মাৰিব নােৱাৰিলে সেই শৰে শৰ পহুক আঘাত কৰিব নােৱাৰে। গতিকে শৰ পহু বধ কৰিবলৈ হ’লে এটা মুহূর্তও পলম নকৰি শৰ নিক্ষেপ কৰিব লাগে। ঠিক তেনেদৰে ঠিক সময়ৰ কাম ঠিক সময়ত নকৰিলে সেই কামৰ ভাল ফল কেতিয়াও আশা কৰিব নােৱাৰি। ভােগ লগাৰ সময়ত ভাত নাখাই পিছত খালেও খােৱাৰ তৃপ্তি নাপায়েই। বতৰ চাইকঠীয়া নাপাৰিলে জেঠৰ বাৰখৰত সিঁচিলে সেই কঠীয়াই গুণ নধৰে। ঠিক সময়ত ঔষধ ব্যৱহাৰ নকৰিলে ঔষধে ৰােগী বচাব নােৱাৰে। সময়ৰ শৰ মাৰিব নজনা’কথাই সময়ৰ সদ্ব্যৱহাৰ কৰিব নজনাৰ কথাকেই বুজাইছে। গতিকে সকলাে কামৰে সুফল পাবলৈ হ’লে যিটো কাম যিটো সময়ত কৰিব লাগে, ঠিক সেই সময়তেই কৰা উচিত। ইয়াৰ অকণমানাে হেৰফেৰত সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰিব নােৱাৰাৰ দৰে সেই কামৰ সুফলাে আশা কৰিব নােৱাৰি।

৯। সন্ধি ভাঙা।

শকাব্দ, খ্ৰীষ্টাব্দ, শংকৰাব্দ, চৈতন্যাব্দ, লক্ষণাক্রান্ত, কল্পান্তৰ, কৰায়ত্ত, মনস্তাপ।

উত্তৰঃ তলত প্রদত্ত শব্দবোৰৰ সন্ধি ভাঙি দেখুওৱা হ’ল—

শকাব্দ = শক্ + অব্দ। 

খ্রীষ্টাব্দ = খ্ৰীষ্ট + অব্দ।

শংকৰাব্দ = শংকৰ + অব্দ।

চৈতন্যাব্দ = চৈতন্য + অব্দ।

লক্ষণাক্রান্ত = লক্ষণ + আক্রান্ত।

কল্পান্তৰ = কল্প + অন্তৰ।

কৰায়ত্ত = কৰ + আয়ত্ত।

মনস্তাপ = মনঃ + তাপ।

১০। ‘সময়’ নামৰ পাঠটিতে থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা।

উত্তৰঃ ‘সময়’ নামৰ পাঠৰ পৰা কেইটামান যুৰীয়া শব্দ বাছি তলত উল্লেখ কৰা হ’ল-

গতি-বিধি: আগৰ দিনত প্ৰাকৃতিক কাৰ্যসমূহৰ গতি-বিধি লক্ষ্য কৰি সময়ৰ ভাগ কৰা হৈছিল।

কুলি-কেতেকী: কুলি-কেতেকী আদিৰ আবিৰ্ভাৱেও একোটা সময়ৰ ভাগৰ বা ঋতুৰ সম্ভেদ দিয়ে।

ঢাৰি-পাটী: পাৰই ৰুণ দিলে বা কুকুৰাই ডাক দিলে ৰাতি পুৱাল বুজি মানুহে ঢাৰি-পাটী এৰে।

যন্ত্ৰ-পাতি: ঘড়ীৰ দৰে সময়ৰ জোখ লোৱা যন্ত্র আবিষ্কাৰ হ’লেও সময় জোখ লোৱা প্ৰকৃত যন্ত্ৰ-পাতি হৈছে অতিবাহিত হোৱা সময়ছোৱাত কৰি তোলা কাম।

দিন-ৰাতি: মানুহৰ এক কল্প বা এহেজাৰ যুগত ব্ৰহ্মাৰ এটা দিন-ৰাতি হয়।

দেশ-বিদেশ: বিজ্ঞানে আবিষ্কাৰ কৰা যান-বাহনৰ দ্বাৰা মানুহে দেশ-বিদেশ ভ্ৰমণ কৰিব পৰা হ’ল।

গৰু-গাড়ী: মন্থৰ গতিৰ গৰু-গাড়ী দীঘলীয়া বাট ভ্ৰমণৰ উপযোগী বাহন নহয়।

নাযায়-নুপুৱায়: এলেহুৱা লোকৰ বাবে দিনটোৰ সময় কোনোমতে নাযায়-নুপুৱায়

১১। সময়ৰ সদ্ব্যৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছা– ইয়াকে জনাই তুমি তোমাৰ আইতাৰালৈ এখন চিঠি লিখা।

উত্তৰঃ পৰম পূজনীয়া আইতা,

প্রথমে তুমি আৰু দেউতা মোৰ সেৱা আৰু মৰম গ্ৰহণ কৰিবা। মই তোমালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত বর্তমান ভালে আছো। আশাকৰো ভাইটিৰে সৈতে তোমালোক আটায়ে কুশলে আছা। মই হ’ষ্টেলত থাকি নিয়ম মতে পঢ়া-শুনা কৰি আছো। আমাৰ বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পিছতহে মই ঘৰলৈ যাম বুলি ভাবি আছো।

পূজাৰ বন্ধত মই ঘৰলৈ যাও বুলি ভাবিও নগ’লো। ঘৰলৈ গলে বন্ধৰ কেইদিনত একো পঢ়া-শুনা কৰিব নোৱাৰিলোহেঁতেন। সেই সময়খিনি ইয়াতে থকাতে আমাৰ বৰ উপকাৰ হ’ল। বন্ধত হ’ষ্টেলত থকা ছাত্ৰসকলে আমাৰ গণিত, বিজ্ঞান আৰু ইংৰাজীৰ শিক্ষকসকলক কেইটামান হৈ যোৱা কঠিন পাঠ শিকাই দিয়াৰ বাবে অনুৰোধ জনাইছিল। ছাত্ৰসকলৰ উৎসাহ-আগ্রহ দেখি তিনি গৰাকী শিক্ষকে বিনামূলীয়াকৈ সেই কঠিন পাঠ কেইটা খৰচি মাৰি পুনৰালোচনা কৰি দিছিল। সেইকেইটা পাঠত মোৰো খোকোজা আছিল। ঘৰলৈ নোযোৱাত মোৰ ভালেই হ’ল। সময় খিনিৰো সদ্ব্যৱহাৰ হ’ল আৰু মোৰো অসুবিধা আঁতৰিল ৷ পুনৰ সেৱা জনাই আজিলৈ সামৰিলো। ভাইটিক মোৰ মৰম জনাবা।

ইতি,

তোমালোকৰ মৰমৰ অনির্বাণ

1 thought on “Class 9 Assamese Chapter 7 সময়”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top