Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | অসমীয়া Class 9

Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | অসমীয়া Class 9 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ can be of great value to excel in the examination.

Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ

Join Telegram channel

Table of Contents

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ for All Subject, You can practice these here…

অন্ধবিশ্বাস আৰু কু-সংস্কাৰ

-জয়ন্ত মাধৱ বৰা

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

চমু উত্তৰ দিয়াঃ

(ক) ‘অন্ধবিশ্বাস আৰু কু-সংস্কাৰ’ প্রৱন্ধটিৰ লেখক কোন?

উত্তৰঃ জয়ন্ত মাধৱ বৰা।

(খ) জয়ন্ত মাধৱ বৰাৰ এখনি উপন্যাসৰ নাম লিখা।

উত্তৰঃ মৰিয়া হোলা।

(গ) জয়ন্ত মাধৱ বৰাৰ এখনি গল্পপুথিৰ নাম লিখা।

উত্তৰঃ জাকৈয়া ছোৱালী।

(ঘ) কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘মৰিয়া হোলা’ নামৰ উপন্যাসৰ বাবে।

(ঙ) ‘গোলাঘাট জিলা সাহিত্য সভা’ৰ চৈয়দ আব্দুল মালিক বঁটা কোনে, কিমান চনত, কোনখন উপন্যাসৰ বাবে লাভ কৰিছিল? 

উত্তৰঃ জয়ন্ত মাধৱ বৰাই ২০১৪ চনত ‘মৰিয়া হোলা’ নামৰ উপন্যাসৰ বাবে ‘গোলাঘাট জিলা সাহিত্য সভা’ৰ চৈয়দ আব্দুল মালিক বঁটা লাভ কৰিছিল।

(চ) ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ কোন?

উত্তৰঃ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।

(ছ) শদিয়ালৈ মিছনাৰী সকল কিয় আহিছিল?

উত্তৰঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ অর্থে।

(জ) মিছনাৰীসকলে কলেৰাৰ পৰা উপশম পাবৰ বাৰে কলেৰাৰ বড়ি কাক খাবলৈ দিছিল? 

উত্তৰঃ কলেৰাত আক্রান্ত স্থানীয় লোকক।

(ঝ) মিছনাৰীসকলে দিয়া কলেৰাৰ বড়ি স্থানীয় লোকে কিয় খোৱা নাছিল?

উত্তৰঃ জাত যোৱা আৰু এঘৰীয়া হোৱাৰা ভয়ত।

(ঞ) ফুটুকানিৰ মাজত কিহে হাঁহে বুলি কাহিনী শুনায়?

উত্তৰঃ যখিনীয়ে।

ভাব বিষয়ক :

প্রশ্ন ১। চমু উত্তৰ দিয়া । 

( ক ) উৰাবাতৰি মানে কি ? 

উত্তৰঃ  যিবােৰ সত্যৰ ওপৰত প্রতিষ্ঠিত নহয় , অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণেই উদ্দেশ্য প্রণােদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য , বিবেকশূন্য কিছু লােকে সেই বাতৰিকে সত্য বুলি বিশ্বাস কৰে , – সেয়াই হৈছে উৰাবাতৰি ।

( খ ) কু – সংস্কাৰ বুলিলে কি বুজা ? 

উত্তৰঃ যিবােৰ নীতি – নিয়ম , ব্যৱস্থা , পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী , সমাজৰ অগ্রগতিৰ গতিৰােধক হৈ থিয় দিয়ে , সেইবােৰেই কু – সংস্কা । 

( গ ) ‘অন্ধবিশ্বাস , কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা । ” — কথাষাৰ কোনে কৈছিল ? 

উত্তৰঃ  ‘অন্ধবিশ্বাস , কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা । ” — কথাষাৰ ড ° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল ।                   

( ঘ ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰটিছৰ  অধীনলৈ যায় ? 

উত্তৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰটিছৰ  অধীনলৈ যায় ।

( ঙ ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকল কেনে ধৰণৰ ৰােগত আক্রান্ত হৈছিল ?

উত্তৰঃ কলেৰা ৰােগত আক্ৰান্ত হৈছিল । 

প্রশ্ন ২। অন্ধবিশ্বাস মানে কি ? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা । 

উত্তৰঃ যিবােৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্রতিষ্ঠিত নহয় , বিজ্ঞানে যিবােৰ বিশ্বাসক , ধাৰণাক , ঘটনাক অসত্য আৰু অমূলক বুলি প্রতিপন্ন কৰিছে , – সেইবােৰই অন্ধবিশ্বাস । 

অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম , মমতা , মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে । জন জীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তােলে । 

প্রশ্ন ৩। কি কি কাৰণত অন্ধবিশ্বাস , কু-সংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় ? 

উত্তৰঃ অন্ধবিশ্বাস আৰু কু – সংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হােৱাৰ প্ৰধানকৈ সাতটা কাৰণ উল্লেখ কৰিছে । কাৰণকেইটা এনেধৰণৰ 

প্রথম কাৰণ , মানুহৰ জ্ঞানৰ অভাৱ । শিক্ষাৰ অভাৱতকৈ জ্ঞানৰ অভাৱতহে মানুহ অন্ধবিশ্বাস , কু – সংস্কাৰৰ বশৱৰ্তী হয় । শিক্ষা লাভ কৰিলেও মানুহ অধ্যয়নশীল নহয় । বহুতে আবেগত অন্ধবিশ্বাস , কু – সংস্কাৰক বিশ্বাস কৰে । অধ্যয়নবিমুখিতাৰ কাৰণেই মানুহে আবেগক নিয়ন্ত্রণ কৰিব নােৱাৰে । 

দ্বিতীয় কাৰণটো হ’ল – যিকোনাে কথা বা ঘটনাৰ বাবে মানুহৰ ইতিবাচক দৃষ্টিভংগীৰ অভাৱ । প্ৰায়বােৰ মানুহে কথাবােৰ , সমুখত ঘটা ঘটনাবোৰ প্রায়ে নেতিবাচক দৃষ্টিভংগীৰে চায় কাৰণে অন্ধবিশ্বাস , কু – সংস্কাৰৰ বশবর্তী হয় । 

তৃতীয় কাৰণ হ’ল , – দায়িত্বশীল মানুহ কিছুমানেও ক্ষুদ্র ক্ষুদ্র স্বার্থ সিদ্ধিৰ কাৰণে কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে । এনে কার্য সমাজৰ বাবে কেতিয়াবা ভয়ংকৰ ক্ষতিকাৰক হৈ পৰে । 

চতুর্থ কাৰণ হ’ল — ভ্ৰমণৰ ফলত মনৰ পৰিধি বহল হয় , ভাব আৰু সাহিত্য – সংস্কৃতিৰ  বিনিময় ঘটে । ইয়াৰ অভাৱৰ কাৰণেও মনৰ অন্ধবিশ্বাস , কু – সংস্কাৰ সমাজৰ পৰা আঁতৰ নহয় । 

পঞ্চমতে , – নিজ স্বার্থ পূৰণৰ কাৰণেও কিছু লােকে জানি – শুনিও অসৎভাব লৈ মানুহৰ মাজত অন্ধবিশ্বাস , কু – সংস্কাৰৰ কথা প্রচাৰ কৰাত সাধাৰণ লােকে সেইবােৰ বিশ্বাস কৰাত সমাজত কু প্রভাৱ পৰে । 

ষষ্ঠ কাৰণটো হ’ল— যত্ন নকৰাকৈ কিছুমান লােকে থাউকতে ধন – টকা – পইচা লাভ কৰিব বিচৰাৰ উপৰিও ৰোগ আদিও ভাল কৰিব বিচৰা মনােভাব হ’ল— অন্ধবিশ্বাস , কু সংস্কাৰৰ কু প্ৰভাৱ । 

সপ্তম কাৰণটো হ’ল— যুক্তিবাদী মন আৰু বিজ্ঞান মনষ্কতাৰ অভাৱতাে অন্ধবিশ্বাস , কু – সংস্কাৰে সমাজত বেয়া প্ৰভাৱ পেলায় ।

প্রশ্ন ৪। অন্ধবিশ্বাস , কুসংস্কাৰ আদি নিয়ন্ত্রণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্রহণ কৰিব পাৰি ? 

উত্তৰঃ অন্ধবিশ্বাস , কু – সংস্কাৰ আদি নিয়ন্ত্রণ কৰিবলৈ সমাজত সজাগতা সৃষ্টি কৰাৰ প্রয়ােজন , – ঘাইকৈ বিদ্যালয়ৰ পাঠ্যপুথিত এই বিষয়টো অন্তর্ভুক্ত কৰি ছাত্ৰ – ছাত্ৰীৰ মাজত সজাগতা আনিব পাৰিলে সমাজতাে সজাগতা আহি এইবােৰ নিয়ন্ত্রিত হব । 

আনহাতে তথ্যচিত্র বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তেও এইবােৰৰ বিপক্ষে সমাজত সজাগতা আনিব পাৰি আৰু এইবােৰ নিয়ন্ত্রণ কৰিব পৰা যায় । 

প্রশ্ন ৫। ‘ডাইনী’, ‘সােপাধৰা ’ — এইবােৰ অন্ধবিশ্বাস । অন্ধবিশ্বাস বুলি জানিও কিছু লােকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লােকে বিশ্বাস কৰিও লয় । ইয়াৰ কাৰণ কি কি বুলি ভাবা ? 

উত্তৰঃ  ‘ডাইনী’ বা ‘সােপাধৰা’ৰ দৰে অন্ধবিশ্বাসৰ সুযােগ গ্রহণ কৰি এচাম স্বার্থপৰ মানুহে হত্যাৰ দৰে অসামজিক আৰু অমানৱীয় কার্য সমাধা কৰি আহিছে । সাধাৰণতে দেখা গৈছে সম্পত্তিৰ লােভত বা ওচৰ চুবুৰীয়া কাৰােবাৰ যদি উন্নতি হয় তেওঁৰ প্রতি ঈর্ষান্বিত হৈয়াে সেই বিশেষ মানুহঘৰৰ কাৰােবাক ‘ডাইনী’ বুলি অভিহিত কৰি অসৎ প্রবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায় ।

এনেদৰে স্বার্থসিদ্ধিৰ বাবেই ‘সােপাধৰা’ৰ অপপ্ৰচাৰ চলায় । কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনাও সংঘটিত হয় । 

‘ডাইনী ’ অথবা ‘সােপাধ’ বিষয়টো সমাজৰ আবেগ – অনুভূতি আৰু ভুল বুজাবুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয় । অন্ধ বিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বার্থন্বেষী মানুহক উৎসাহিত কৰে । 

প্রশ্ন ৬। তােমালােকৰ অঞ্চলত প্রচলিত অন্ধবিশ্বাস , কু – সংস্কাৰ আদি তােমাৰ চকুত পৰিছে নেকি ? সেইবােৰ নিৰাময়ৰ বাবে তােমাৰ ফালৰ পৰা কি কি ব্যৱস্থা লবা— এই বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ  আমাৰ অঞ্চলত শিক্ষা – দীক্ষা লাভ কৰা , আনকি উচ্চপদত অধিষ্ঠিত তথা বিভিন্ন চাকৰি কৰি থকা ভালেমান লােক আছে যদিও এই অঞ্চল অন্ধবিশ্বাস , কু – সংস্কাৰৰ পৰা সম্পূর্ণ মুক্ত হ’ব পৰা নাই ।

সাধাৰণ মানুহৰ মাজত জৰা – ফুকা কৰি , জাব – জৰি লৈ ৰােগ ভাল কৰিব পৰা , বিয়াৰ দৰা কইনা আৰু তেওঁলােকৰ নিকটাত্মীয়ই জাব – জৰি লৈ বিপদৰ পৰা ৰক্ষা পাবলৈ বিচৰা , গ্রহৰ কু – দৃষ্টিৰ পৰা ৰক্ষা পাবলৈ বা ব্যৱসায় – বাণিজ্য , ভাগ্যোন্নতিৰ উদ্দেশ্যে বিভিন্ন পাথৰ ধাৰণ কৰা আদি অন্ধবিশ্বাস সমাজৰ পৰা আজিৰ এই বিজ্ঞানৰ চৰম উৎকৰ্ষৰ দিনতো আঁতৰা নাই ।

আনহাতে এওঁ উচ্চ জাতৰ , এওঁ নীচ জাতৰ , উচ্চ জাতৰ মানুহে নীচ জাতৰ ছােৱালী বিয়া কৰাব বা বিয়া দিব নাপায় , সম্পর্ক স্থাপন কৰিব নাপায় , তেনে বৈবাহিক সম্পর্ক কৰিলে সমাজচ্যুত কৰা বা এঘৰীয়া কৰা , জুই – পানী আলগ কৰা আদি কু – সংস্কাৰৰ পৰা এতিয়াও অঞ্চলৰ মানুহ মুক্ত হ’ব পৰা নাই ।

সেই অন্ধবিশ্বাস , কু – সংস্কাৰবােৰ নিৰাময়ৰ বাবে অঞ্চলৰ ঠায়ে ঠায়ে সজাগতা সভা পাতি ৰাইজৰ মনত থকা তথা তেনেবােৰ কাৰ্য কৰা মনােভাৱ আঁতৰ কৰিবলৈ আলােচনা বিলােচনা , মত বিনিময় আদি কৰি সজাগতা আনিব পৰা যায় ।

অন্ধবিশ্বাস , কুসংস্কাৰৰ ফলত সততে ঘটি থকা ঘটনাবােৰ , কুফলবােৰ সবিস্তাৰে খবৰ কাগজ , ৰেডিঅ ’ , টি ভি আদিত প্ৰচাৰ হৈ থকা কথাবোৰ প্ৰতি অঞ্চলৰ মানুহ সকলৰ মনােযােগ আকর্ষণ কৰি তাৰ প্রতি সজাগ হ’বলৈ বুজাব পৰা যায় । আনহাতে এইবােৰৰ ওপৰত নাটক লিখি , অভিনয় কৰি চিত্র প্রদর্শন কৰিও মানুহক ইয়াৰ কুফলৰ জ্ঞান দিব পৰা যায় । 

এনেধৰণেৰে ব্যৱস্থা ল’লে মানুহে লাহে লাহে কু – সংস্কাৰ আৰু অন্ধবিশ্বাসৰ প্ৰতি থকা বিশ্বাসৰ ভাব আঁতৰি যাব । শিক্ষণৰ লগে লগে প্রকৃত জ্ঞান লাভ হ’ব যদি এনেদৰে ব্যৱস্থা লব পৰা যায় । 

প্রশ্ন ৭। ব্যাখ্যা কৰা— 

( ক ) অন্ধবিশ্বাস , কু-সংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা । 

উত্তৰঃ উদ্ধৃত কথাফাকি প্রসিদ্ধ গল্পকাৰ , ঔপন্যাসিক জয়ন্ত মাধব বৰা ৰচিত “ অন্ধ । বিশ্বাস আৰু কুসংস্কাৰ ” প্ৰৱন্ধটিৰ অন্তর্গত । 

অন্ধবিশ্বাস , কু – সংস্কাৰে সমাজক কেনেদৰে প্ৰভাৱিত কৰি আহিছে— এই সম্পর্কে আলােচনা কৰিবলৈ গৈ প্ৰবন্ধৰ আৰম্ভণিতে ড ° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ এই উক্তিষাৰি উল্লেখ কৰিছে । 

অন্ধবিশ্বাস আৰু কু – সংস্কাৰ বৰ্তমান সময়ত সমাজৰ কাৰণে এটা ডাঙৰ অভিশাপৰ দৰে হৈ পৰিছে । অন্ধবিশ্বাস আৰু কু – সংস্কাৰে প্ৰেম – মমতা , মানৱতা আদি মানৱীয় গুণসমূহ নাইকিয়া কৰি পেলাই সভ্য সমাজ এখনক কলুষিত কৰে । জনজীৱনৰ সুস্থ আৰু শান্ত সহজ – সৰল জীৱনধাৰণ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ , জটিল কৰি তােলে ।

বর্তমান সময়ত ই ইমানেই বেছি হৈ পৰিছে যে ইয়াৰ ফলত পৃথিবীৰ প্রায়বােৰ ঠাইতে নানান অঘটন , হত্যাকাণ্ড , আত্মহত্যা আদি হ’ব লাগিছে । এই কাৰণে ড ° সর্বপল্লী ৰাধাকৃষ্ণণে এনেদৰে মন্তব্য কৰিছিল । 

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

( খ ) সংস্কাৰ এক জীৱন পদ্ধতি । 

উত্তৰঃ উদ্ধৃত কথাফাকি প্রসিদ্ধ গল্পকাৰ , ঔপন্যাসিক জয়ন্ত মাধব বৰা ৰচিত “ অন্ধ বিশ্বাস আৰু কু – সংস্কাৰ ” প্ৰৱন্ধটিৰ অন্তৰ্গত । 

অন্ধবিশ্বাস , আৰু কু – সংস্কাৰ মুক্ত  জীৱনহে যে প্রকৃত জীৱন এই কথা প্রকাশ কৰিবলৈ যাওঁতে লেখকে এনেদৰে উল্লেখ কৰিছে । 

অন্ধবিশ্বাস আৰু কু – সংস্কাৰৰ কোনাে বৈজ্ঞানিক সত্যতা নাই । অন্ধবিশ্বাস কু – সংস্কাৰে আবৰা জীৱন কেতিয়াও বিপদমুক্ত , সুখী জীৱন নহয় । প্রতি মুহূর্ততে ধন – জন হানি হােৱাৰ উপৰিও অপমানিত হােৱাৰ ভয় থাকে । অন্ধবিশ্বাস আৰু কু – সংস্কাৰ নথকা জীৱন সংস্কাৰ জীৱন ।

সংস্কাৰে মানুহৰ সভ্যতা সংস্কৃতিক নতুন চিন্তাৰে উজ্জীৱিত কৰি সমাজক সময়ৰ লগত শান্তি , সুখৰ জীৱন । সংস্কাৰেই মানুহৰ জীৱন পদ্ধতিক উন্নত কৰে , মানুহ হিচাপে জীয়াই থাকিবলৈ শিকায় । সংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত কৰে । 

( গ ) মানুহ শিক্ষিত হৈছে , কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ । 

উত্তৰঃ উদ্ধৃত কথাফাকি প্রসিদ্ধ গল্পকাৰ , ঔপন্যাসিক জয়ন্ত মাধব বৰা ৰচিত “ অন্ধ বিশ্বাস আৰু কু – সংস্কাৰ ” প্ৰৱন্ধটিৰ অন্তৰ্গত । 

মানুহ শিক্ষিত হ’লেও অধ্যয়ন নহ’লে যে প্রকৃত জ্ঞান নহয় আৰু এই জ্ঞানৰ অভাৱতেই যে সমাজত অন্ধবিশ্বাস আৰু কু – সংস্কাৰে গা কৰি উঠিছে , এই কথা প্রকাশ কৰিবলৈকে লেখকে এনেদৰে উল্লেখ কৰিছে । 

মানুহ শিক্ষিত হৈছে , কিন্তু অধ্যয়নশীল নােহােৱাৰ কাৰণে বহুত কথা নজনাকৈ থাকি যায় , সেইবােৰৰ সম্পর্কে জ্ঞানৰ অভাৱ হয় । অধ্যয়নেহে মানুহক নজনা কথাৰ সম্ভেদ দিয়ে , জ্ঞান বঢ়ায় । মহাপুৰুষ শংকৰদেৱ আদিকে ধৰি কত জন মহান ব্যক্তিয়ে মানৱতাৰ মূল্যবােধ সম্পর্কে সৰলভাবে বুজাই অমূল্য গ্রন্থ ৰচনা কৰি থৈ গৈছে ।

সেইবােৰ অধ্যয়ন নকৰাৰ ফলতেই শিক্ষিত সমাজে মানবী মূল্যবােধ অনুভৱ কৰিব নােৱাৰে আৰু সমাজক অন্ধবিশ্বাস কু – সংস্কাৰে আবৰি ধৰি আছে , সমাজত বিশৃংখল পৰিবেশ সৃষ্টি হৈছে , অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অমানৱীয় কার্যকলাপ সংঘটিত হৈছে । 

ভাষা বিষয়ক :

প্রশ্ন ৮। উদাহৰণ চাই বাকী কেইটা কৰা । 

উত্তৰঃ  

উদাহৰণ = মানৱীয়         –       অমানৱীয় । 

সজাগতা       –       অসজাগতা ।

সামাজিক       –       অসামাজিক । 

ৰাজনৈতিক    –       অৰাজনৈতিক ।

সাংবিধানিক   –      অসাংবিধানিক ।

প্ৰচাৰ            –       অপ্ৰচাৰ । 

প্রশ্ন ৯। বিপৰীতার্থক বুজোৱা শব্দ লিখা । 

উত্তৰঃ                

ইতিবাচক     –        নেতিবাচক । 

সং              –        অসৎ ।

 যোগাত্মক     –        বিয়ােগাত্মক । 

সক্ষম          –        অক্ষম ।

উচিত          –        অনুচিত ।

 অভিশাপ     –        আশীৰ্বাদ ।

প্রশ্ন ১০। পাঠত উল্লেখ থকা পাঁচটা যুৰীয়া শব্দ বিচাৰি উলিওৱা । 

উত্তৰঃ কু – সংস্কাৰ , জীৱন – পদ্ধতি , জীৱন – ধাৰণ , জাত – কুল , ভূত – প্রেত । 

প্রশ্ন ১১। বাক্য ৰচনা কৰা :

মৌলিক অধিকাৰ , অমানৱীয় কার্য , প্ৰচাৰ মাধ্যম , সজাগতা সভা , স্বার্থন্বেষী লােক আদিম স্তৰ । 

উত্তৰঃ    মৌলিক অধিকাৰ :- নির্বাচনত ভোট দিয়াটো আমাৰ মৌলিক অধিকাৰ । 

            অমানৱীয় কার্য :- মানুহক হিংসা কৰাটো অমানৱীয় কার্য । 

            প্রচাৰ মাধ্যম :- বাতৰি কাকত , ৰেডিঅ ’ , টি ভি আদি একোটা প্ৰচাৰ মাধ্যম । 

            সজাগতা সভা :- সজাগতা সভাৰ জৰিয়তে যিকোনাে কথাৰ কাৰণে মানুহক সজাগ কৰিব পাৰি । 

           স্বার্থন্বেষী লােক :- স্বার্থন্বেষী লােকে আনৰ উপকাৰৰ কথা চিন্তা কৰিব নােৱাৰে । 

          আদিম স্তৰ :- আদিম স্তৰত মানুহবিলাক অসভ্য আছিল । 

শব্দার্থ আৰু টোকা 

উত্তৰঃ   অপদেৱত      –   অহিত বা অপকাৰ সধা দেৱতা ; ভূত – প্রেত । 

           অবাঞ্ছিত       –   যিটো বাঞ্ছা কৰা নহয় ; বিচৰা নহয় । 

           ইতিবাচক      –   সন্মতি সূচক ।

           কলুষিত        –   কলংকিত ; কলংকযুক্ত । 

           গতিৰােধক    –  গতিক বাধা দিয়া ব্যৱস্থা । 

           গুজৰ           –   উৰাবাতৰি । 

           দেহাবয়ব     –   দেহৰ গঠন ; দেহৰ অৱয়ব । 

           নেতিবাচক    –   ইতিবাচকৰ বিপৰীত । অসন্মতি সূচক । 

           প্রতিকূলতা   –   বাধা , বিপৰীত অৱস্থা । 

           প্রমূল্য          –   মানদণ্ড । 

           বন্দিত         –   যাক বন্দনা কৰা হয় ; পূজনীয় । 

           বড়ি            –   ঔষধৰ সৰু – ঘূৰণীয়া গুটি । 

           ভ্রান্ত বিশ্বাস  –  ভূল ধাৰণা ।

           মনস্তাত্ত্বিক   –  মনৰ প্রকৃতি সম্পর্কীয় ।

অতিৰিক্ত প্রশ্ন আৰু উত্তৰঃ

চমু উত্তৰ দিয়া।

প্রশ্ন ১। “অন্ধবিশ্বাস আৰু কুসংস্কাৰ” পাঠটিৰ লেখক কোন?

উত্তৰঃ পাঠটিৰ লেখক জয়ন্ত মাধৱ বৰা।

প্রশ্ন ২। অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰোৱাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী আহিলা কি?

উত্তৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰোৱাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী আহিলা হল সজাগতা।

প্রশ্ন ৩। লেখক জয়ন্ত মাধৱ বৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ “মৰিয়াহোলা” উপন্যাসৰ বাৱে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

প্রশ্ন ৪। তেওঁ কোনখন গ্ৰন্থৰ বাবে সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰিছে?

উত্তৰঃ লেখকৰ গল্প-সংকলন “জাকৈয়া ছোৱালী”ৰ বাবে ২০১৩ চনত জয়ন্ত মাধৱ বৰা অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰে।

প্রশ্ন ৫। কোনখন গ্ৰন্থৰ বাবে তেওঁ অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰে?

উত্তৰঃ “অমৃত” উপন্যাসৰ বাবে ১৯৮৭ চনত তেওঁ অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰে।

প্রশ্ন ৬। লেখক জয়ন্ত মাধৱ বৰাই কোন বিশ্ববিদ্যালয়ৰপৰা কি বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে?

উত্তৰঃ লেখক জয়ন্ত মাধৱ বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা পদার্থবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

প্রশ্ন ৭। পাঠটিৰ জৰিয়তে লেখকে কি বুজাবলৈ চেষ্টা কৰিছে?

উত্তৰঃ পাঠটিৰ জৰিয়তে লেখকে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ভয়াবহতা সম্পৰ্কে বুজাবলৈ বিচাৰিছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে সেই কথা লিখকে ছাত্র-ছাত্রী সকলক বুজাব বিচাৰিছে। লগতে যি অঞ্চলত অন্ধবিশ্বাস, কুসংস্কাৰৰ ফলত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে প্রশাসনক কথাটো অৱগত কৰায় সেই সম্পর্কেও লিখকে আমাক সজাগ কৰি দিছে।

প্রশ্ন ৮। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই কেনে ধৰণৰ মানুহক উৎসাহিত কৰে?

উত্তৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বার্থান্বেষী মানুহক উৎসাহিত কৰে।

প্রশ্ন ৯। কেনে সংস্কাৰ আমাৰ সামাজিক ক্ষেত্ৰত আদৰণীয়?

উত্তৰঃ যি সংস্কাৰে মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীবিত কৰে, মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত কৰে তেনে সংস্কাৰেই আমাৰ সামাজিক ক্ষেত্ৰত আদৰণীয়।

প্রশ্ন ১০। অসমত খ্রীষ্টান ধর্ম কোনে প্ৰচাৰ কৰিছিল?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম বৃটিছৰ অধীনলৈ যায়। সেই সময়তে অসমৰ শদিয়ালৈ আহি মিছনেৰী সকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰে।

প্রশ্ন ১১। কলেৰা নিৰ্মূলৰ বাবে মিছনেৰী সকলে আগবঢ়োৱা বড়ি খাবলৈ অসমীয়া সকলে কিয় অস্বীকাৰ কৰিছিল?

উত্তৰঃ অন্ধবিশ্বাসত ডুব গৈ থকা অসমীয়া সকলে ভাবিছিল কোনোবা অপদেৱতাৰ কুপ্ৰভাৱৰ বাবেহে তেওঁলোক কলেৰাত আক্ৰান্ত হৈছিল। সেয়েহে বড়ি খোৱাৰ পৰিবৰ্তে অসমীয়া সকলে পূজা-পাতল, তন্ত্র-মন্ত্ৰ তথা বেজৰ সহায়হে লৈছিল। তাৰোপৰি বেলেগ ধৰ্মৰ মানুহৰ হাতৰপৰা কিবা খালে ধৰ্ম জাত-কুল যাব এনে ধৰণৰ মানসিকতাই তেওঁলোকৰ মনত সেই সময়ত বিৰাজ কৰিছিল।

প্রশ্ন ১২। অতি চমুকৈ উত্তৰ দিয়া।

(ক) লেখক জয়ন্ত মাধৱ বৰাৰ জন্মস্থান কত?

উত্তৰঃ অসমৰ দেৰগাঁৱত লেখক জয়ন্ত মাধৱ বৰা জন্মগ্রহণ কৰে।

(খ) তেওঁ কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ “মৰিয়াহোলা”।

(গ) অসমত শিক্ষাৰ হাৰ কিমান?

উত্তৰঃ ৭৩.১৮ শতাংশ।

(ঘ) অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰঃ ৬৭.২৭ শতাংশ।

(ঙ) জয়ন্ত মাধৱ বৰাৰ পাঁচখন গল্পপুথিৰ নাম লিখা।

উত্তৰঃ (ক) ‘যুদ্ধভূমি’। 

(খ) ‘অনুৰণন’,। 

(গ) ‘জাকৈয়া ছোৱালী’। 

(ঘ) ‘দেওলগা সময়’,। 

(ঙ) ‘বৰ ভয় লাগিছে।

(চ) জয়ন্ত মাধৱ বৰাৰ পাঁচখন উপন্যাসৰ নাম লিখা।

উত্তৰঃ (ক) ‘মৰিয়াহোলা’,। 

(খ) ‘অমৃত’,।

(গ) ‘আজান ফকিৰ’,। 

(ঘ) ‘মায়ংযাদুৰ দেশৰ গোপন গাঁথা’,। 

(ঙ) ‘নামত মাজুলী কহয় সবে।

3 thoughts on “Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | অসমীয়া Class 9”

  1. One fact that our medam also use this article for give us notes on class room . anyway thanks a lot !

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top