Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ

Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ Solutions and select need one. Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 8

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’—ভাব বিষয়ক

১। চমু উত্তৰ দিয়া।

(ক) উৰাবাতৰি মানে কি?

উত্তৰঃ যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছুলোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে সেয়াই উৰাবাতৰি।

(খ) কুসংস্কাৰ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) ‘অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।’—কথাষাৰ কোনে কৈছিল?

উত্তৰঃ কথাষাৰ ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।

(ঘ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায়?

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৬ খ্ৰীষ্টাব্দত অসম বৃটিছৰ অধীনলৈ যায়।

(ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল?

উত্তৰঃ অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল।

২। অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।

উত্তৰঃ যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস।

অন্ধবিশ্বাস আমাৰ সমাজৰ এক ডাঙৰ ব্যাধি। অন্ধবিশ্বাসৰ বাবেই আমাৰ সমাজখনত বিভিন্ন সময়ত নানাধৰণৰ অপ্রীতিকৰ সমস্যাই গা কৰি উঠে। তথ্য-প্রযুক্তিৰ উন্নয়নৰ দিশে আগবঢ়া বৰ্তমানৰ সময়তো আমাৰ সমাজত বৰ্তি আছে ভূত-প্রেত সম্বন্ধীয় বহুতো অন্ধবিশ্বাস। সৰু ল’ৰা-ছোৱালীক ভূতৰ ভয় দেখুৱাই খাবলৈ, শুবলৈ বাধ্য কৰোৱা হয়। জীৱনৰ আৰম্ভণি কালত অর্থাৎ সৰুতেই মনত খোপনি পোতা এই ভ্রান্ত ধাৰণাই ডাঙৰলৈকে ক্রিয়া কৰে। অথচ বিজ্ঞানে নস্যাৎ কৰিছে ভূত-প্রেত, ডাইনী-যখিনিৰ অস্তিত্ব।

অমানবীয়তাৰ চূড়ান্ত ৰূপ হৈছে ডাইনী হত্যা। ডাইনী এক সম্পূৰ্ণৰূপে ভ্রান্ত বিশ্বাস। অথচ এই অন্ধবিশ্বাসৰ বলি হৈ বহুতো নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। বৰ্তমান সমাজৰ ই এক জ্বলন্ত সমস্যা। অজ্ঞানতাৰ বাবেই হওক নাইবা কোনো স্বার্থান্বেষী লোকৰ কুচক্ৰান্তৰ বাবেই হওক বর্তমান সমাজত কোনো এক নির্দিষ্ট লোকক ডাইনী সজাই গোটেইখিনি দোষ বা পাপকৰ্মৰ বোজা তেওঁৰ ওপৰত জাপি দিয়া হয়। ফলত সমাজৰ ৰোষৰ বলি হয় সেই নির্দিষ্ট ব্যক্তিজন।

৩। কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়?

উত্তৰঃ বহুতো কাৰণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হ’ব পাৰে।

প্ৰথমতে, অসমত শিক্ষাৰ হাৰ ৭৩.১৮ শতাংশ হোৱা সত্ত্বেও অজ্ঞানতাৰ বাবেহে মানুহ অন্ধবিশ্বাস, কুসংস্কাৰৰ বলি হয় বুলি কব পাৰি। কাৰণ অসমৰ ৭৩.১৮ শতাংশ মানুহ শিক্ষিত, যদিও আমাৰ সমাজত এতিয়াও অন্ধবিশ্বাস, কুসংস্কাৰৰ বলি হয় বহুতো নিৰীহ লোক। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হলেই মানুহক জ্ঞানী বুলি কব নোৱাৰি। অজ্ঞানতাৰ বাবেই মানুহে আবেগক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে। সাম্প্ৰতিক সময়ৰ উন্মত্ত ভোগবাদৰ কাৰণে শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিবৰ্তে ধন উপাৰ্জনৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰা দেখা গৈছে। ভোগ-বিলাস আৰু ধনৰ লোভে মানুহক কৃচ্ছ্রসাধনাৰ পৰা বহুদূৰলৈ আঁতৰাই নিছে। ফলত সমাজত বিশৃংখল, অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

দ্বিতীয় কাৰণ হ’ল চিন্তাৰ দৃষ্টিভঙ্গী। চিন্তাৰ দৃষ্টিভঙ্গী যদি ইতিবাচক হয় তেতিয়া প্ৰতিটো সমস্যাৰ সমাধান সহজে হয়। সমাজত ঘটি থকা ঘটনাবোৰৰ নেতিবাচক দিশটোক আওকাণ কৰি ইতিবাচক দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰিলে ফলাফলবোৰো ইতিবাচক হোৱাৰ সম্ভাবনা থাকে।

তৃতীয়তে, নেতৃস্থানীয় ব্যক্তিয়ো যেতিয়া ক্ষুদ্রস্বাৰ্থৰ বাবে নেতিবাচক কাম কৰে তেতিয়া তেওঁৰ অনুগামী সকলেও তেওঁক অনুকৰণ আৰু অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। যি কার্য সমাজৰ বাবে ক্ষতিকাৰক।

চতুৰ্থতে, ভ্ৰমণৰ জৰিয়তে মানুহৰ বহুতো নজনা কথা জনাৰ লগতে মনৰ পৰিধি বহল হয়। বাহিৰৰ অঞ্চলৰ মানুহৰ সৈতে মিলামিছা, ভাৱ-বিনিময় নকৰি যদি মানুহে অন্ধবিশ্বাস, কুসংস্কাৰক সাৱটি এক ঠেক গণ্ডীৰ মাজত জীয়াই থাকে তেতিয়া মনৰ দিগন্ত প্ৰসাৰিত হব নোৱাৰে। অন্ধবিশ্বাস আৰু কুসংস্কাৰক সাৱটি থকাৰ ইও এক অন্যতম কাৰণ। সেইদৰে স্বাৰ্থপূৰণৰ বাবেও কিছুমান অসৎ প্রবৃত্তিৰ লোকে সমাজত উৰাবাতৰি বিয়পাই মানুহক উত্তেজিত কৰি তোলে। এনে অন্ধবিশ্বাসৰ বশবর্তী কেৱল অশিক্ষিত মানুহকেও নহয় শিক্ষিত মানুহকেও হোৱা দেখা যায়। এনে স্বাৰ্থপৰ লোকে সমাজখনক ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰি তোলাত সহায় কৰে।

ষষ্ঠ কাৰণ হিচাপে কব পাৰি সহজলভ্য ধনৰ আশাত ধাৱমান সমাজ। বিনাকষ্টে কম আয়াসতে সকলো পোৱাৰ আশাৰ বাবেও মানুহ অন্ধবিশ্বাসী হয়।

সপ্তমতে কব পাৰি, যুক্তিবাদী মন, বিজ্ঞানমনস্কতাৰ অবিহনে সমাজৰ কুসংস্কাৰ, অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হোৱাটো অসম্ভৱ। মানুহৰ মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হলেহে সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ দূৰ হোৱাৰ আশা কৰিব পাৰি।

৪। অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি?

উত্তৰঃ অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমেই আমি সজাগ হ’ব লাগিব। বিভিন্ন সামাজিক প্রথাবোৰ বিজ্ঞানসন্মত দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰিবলৈ শিকিব লাগিব। বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়ৰ সম্যক জ্ঞান ছাত্র-ছাত্রীয়ে সৰুৰেপৰা শিকিবলৈ পাব লাগিব, ফলত ছাত্ৰ-ছাত্ৰীয়ে সৰুৰেপৰা বুজি পাব, অন্ধবিশ্বাস, কুসংস্কাৰৰ ভয়াবহতা। এই বিষয়ত বিদ্যালয়, মহাবিদ্যালয় সমূহত ৰচনাই হওক নাইবা তর্ক প্রতিযোগিতাই হওক অনুষ্ঠিত হব লাগিব। তেন্তে ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ ভয়াবহতা হৃদয়ঙ্গম কৰি সামাজিক প্রথাবোৰ বিজ্ঞানসন্মত দৃষ্টিভঙ্গীৰে চাবলৈ শিকিব। এই ভয়াবহতা নিয়ন্ত্ৰণ কৰিবলৈ তথ্যচিত্র বা নাটক মঞ্চস্থ কৰিও সজাগতা আনিব পাৰি। অলৌকিক শক্তিৰ গৰাকী, সোপাধৰা, ডাইনী আদি বিষয়বোৰ মূলতঃ অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰিণতি! সমাজৰ কিছুমান স্বাৰ্থপৰ ব্যক্তিৰ কুচক্ৰান্তৰ বাবে এনেবোৰ সমস্যাই সমাজত গা কৰি উঠে। গতিকে তেনে স্বার্থান্বেষী লোকক শাস্তিৰ ব্যৱস্থা কৰিলে এনেবোৰ সমস্যা নিয়ন্ত্ৰণ কৰা সম্ভব হব।

৫। “ডাইনী”, “সোপাধৰা” —এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা?

উত্তৰঃ উৰাবাতৰি বুলি জানিও কিছু মানুহে ডাইনি, সোপাধৰা এইবোৰ কথাক বিশ্বাস কৰে। ইয়াৰ কাৰণ অজ্ঞানতা বুলি কব পৰা যায় কাৰণ বৰ্তমান সমাজত শিক্ষাৰ অভাবত মানুহে এইবোৰ কথা বিশ্বাস কৰে বুলি কব নোৱাৰি। জ্ঞানৰ অভাবৰ বাবেহে মানুহ অন্ধবিশ্বাসৰ বশবর্তী হয়। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হলেও নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ দোষতে মানুহ অন্ধবিশ্বাসৰ বশবর্তী হয়। উদাহৰণস্বৰূপে কব পাৰি— কোনো অঞ্চলত যদি এজন বা দুজন অচিনাকি ব্যক্তি মানুহৰ চকুত পৰে সেই অচিনাকি ব্যক্তিক ‘সোপাধৰা’ বা ‘লৰাধৰা’ বুলি দুষ্ট লোকে উৰাবাতৰি প্ৰচাৰ কৰি দিয়ে। এনে ধৰণৰ গুজব ওলালে মানুহে সত্যাসত্য বিচাৰ নকৰি সেই অচিনাকি ব্যক্তিক আক্ৰমণ কৰে। ফলত এক অপ্রীতিকৰ অমানবীয় পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে অজ্ঞানতা হল অন্ধবিশ্বাসৰ প্রথম কাৰণ।

আনহাতে স্বাৰ্থপূৰণৰ বাবেও কিছুমান অসৎ প্রবৃত্তিৰ লোকে সমাজত উৰাবাতৰি বিয়পাই দিয়ে। ইমান চতুৰালিৰে মানুহে অন্ধবিশ্বাস বিয়পাই দিয়ে যে অশিক্ষিত লোকৰ উপৰিও শিক্ষিত লোকেও সেইবোৰ বিশ্বাস কৰি লয়। ফলত কোনো নির্দোষী মানুহক কুচক্ৰান্তৰ বলি হব লগা হয়। উদাহৰণস্বৰূপে কব পাৰি– গাওঁ এখনৰ দুজন ব্যক্তিৰ মাজত দুৰ্ঘোৰ শত্ৰুতা আছে। অসৎ প্রবৃত্তিৰ লোক এজনে আনজনৰ অনিষ্ট কৰিবলৈ গাওঁখনত প্ৰচাৰ কৰি দিলে যে সেই ব্যক্তিজনৰ গাত ডাইনী লন্তিছে। তাৰ বাবেই গাওঁখনত অপায়-অমঙ্গলে দেখা দিছে। ইয়াৰ ফলত অসৎ প্রবৃত্তিৰ লোকজনৰ স্বার্থসিদ্ধি হল আৰু আন মানুহজন গাওঁবাসীৰ ৰোষৰ বলি হল।

এনে ধৰণৰ কিছুমান দুষ্ট প্ৰকৃতিৰ লোকৰ বাবে সমাজত উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই অন্ধবিশ্বাস বুলি জানিও বহুত মানুহে ঊাবাতৰিক বিশ্বাস কৰি লয়।

৬। তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল’বা— এই বিষয়ে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ বৰ্তমান আমি একবিংশ শতিকাৰ বাসিন্দা, যদিও আমি বাস কৰা সমাজখনতো অন্ধবিশ্বাস, কুসংস্কাৰে শিপাই থকা দেখা পাওঁ। অলৌকিক শক্তিৰ অধিকাৰী মানুহ, সোপাধৰা বা লৰাধৰা, ডাইনী, গোসাঁনী লম্ভা ইত্যাদি বহুতখিনি কাণ্ডই আমাৰ সমাজখনক অস্থিৰ কৰি তোলা দেখা গৈছে। এইবোৰ অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিৰাময়ৰ বাবে আমি সকলোৱে প্ৰথমে সজাগ হব লাগিব। বৰ্তমানৰ যুগ বিজ্ঞানৰ যুগ। আমি শুই উঠাৰপৰা ৰাতি শোৱালৈকে বিজ্ঞানৰ ওপৰতে প্রায় সম্পূর্ণৰূপে নিৰ্ভৰ কৰোঁ । বিজ্ঞানক বুজি পাবলৈ হলে প্রকৃততে শিক্ষাৰে জ্ঞান আহৰণ কৰিব লাগে। কেৱল আনুষ্ঠানিকভাৱে শিক্ষিত হ’লেই নহব, মনোবৃত্তিও বিজ্ঞানসন্মত হব লাগিব। সেইকথা পাঠ্যপুথিৰ শিক্ষাৰে শিক্ষিত হৈ বয়োজ্যেষ্ঠ সকলক বুজাই দিয়াটো আমাৰ কৰ্তব্য। যি সকলে পুৰণিকলীয়া ৰীতিনীতিক অনুসৰণ কৰি অন্ধবিশ্বাস, কুসংস্কাৰক সাৱটি ধৰি আছে।

বাটৰ নাট, মঞ্চনাট বা তথ্যচিত্ৰ প্ৰদৰ্শন কৰি সমাজৰপৰা অন্ধবিশ্বাস, কুসংস্কাৰ নিৰাময়ৰ বাবে চেষ্টা কৰিব পাৰোঁ।

৭। ব্যাখ্যা কৰা।

(ক) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।

উত্তৰঃ উদ্ধৃত বাক্যটো জয়ন্ত মাধৱ বৰাৰ “অন্ধবিশ্বাস আৰু কুসংস্কাৰ” নামৰ পাঠটিৰ পৰা উদ্ধৃত। উক্ত বাক্যটি কৈছিল ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণদেৱে।

সাম্প্ৰতিক অসমৰ এক জ্বলন্ত সমস্যা হ’ল কুসংস্কাৰ আৰু অন্ধবিশ্বাস। একবিংশ শতিকাৰ বাবে এই সমস্যা যে এক অভিশাপস্বৰূপ তাকে প্রতিপন্ন কৰিবলৈ লিখকে বিচাৰিছে।

পৰম্পৰাৰ নামত আমাৰ সমাজত অতীজৰেপৰা চলি আহিছে কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ। এইবোৰে সমাজখনক বিপথে পৰিচালিত কৰি সামাজিক পৰিৱেশ অস্থিৰ কৰি তোলে। ফলত মানুহেই মানুহৰ শত্ৰু হৈ পৰে। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানবতা আদি মানৱীয় প্রমূল্য সমূহৰ বিলুপ্তি ঘটাই সমাজ ব্যৱস্থাটোকে বিপর্যস্ত কৰি তুলিছে। আনহাতে মানুহৰ অন্ধবিশ্বাসৰ সুবিধা লৈ কিছুমান চতুৰ ব্যক্তিয়ে নিজ স্বাৰ্থ পূৰণৰ লগতে সামাজিক পৰিৱেশো অস্থিৰ কৰি তুলিছে। ফলত সামাজিক উন্নয়নৰ গতি স্থবিৰ হৈছে। এটা জাতিৰ প্ৰগতি নিৰ্ভৰ কৰে একোখন সুস্থ সমাজৰ ওপৰত। আমাৰ সমাজৰ উন্নয়নেহে দেশৰ প্ৰগতি আনিব। গতিকে যি সমাজত অন্ধবিশ্বাস, কুসংস্কাৰ বৰ্তি থাকে সেই সমাজৰ উন্নয়ন হব কেনেদৰে? এই কথাক উপলব্ধি কৰিয়েই নিশ্চয় ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণে কৈছিল—“অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিবীৰ আটাইতকৈ গধুৰ বোজা।”

(খ) সংস্কাৰ এক জীৱন পদ্ধতি।

উত্তৰঃ উক্ত বাক্যশাৰী লেখক জয়ন্ত মাধৱ বৰাদেবৰ “অন্ধবিশ্বাস আৰু কুসংস্কাৰ” শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংস্কাৰ এক জীৱন পদ্ধতি। সংস্কাৰে অনাগত সময়বোৰ সুন্দৰ কৰে। সমাজখনো সংস্কাৰ অবিহনে উন্নয়নৰ দিশত যে আগুৱাব নোৱাৰে সেইকথাকে প্ৰতিপন্ন কৰিবলৈ লেখকে বিচাৰিছে।

অতীজৰে পৰা পৰম্পৰাৰ নামত আমাৰ সমাজত বহুতো নীতি-নিয়ম, ব্যৱস্থা পৰম্পৰা চলি আহিছে। কিন্তু যিবোৰ নীতি-নিয়ম, ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ উন্নয়নৰ পৰিপন্থী তেনেবোৰ নীতি-নিয়ম, ব্যৱস্থা পৰম্পৰাক পৰিহাৰ কৰি নতুন চিন্তাৰে উজ্জীবিত হৈ সময়ৰ লগত সমানে দৌৰিব পৰিলেহে সমাজৰ সংস্কাৰ সাধন সম্ভব হব। সংস্কাৰে নতুন সভ্যতাৰ সৃষ্টি কৰে, মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত কৰে। গতিকে সংস্কাৰেই হ’ল এক জীৱন পদ্ধতি।

(গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।

উত্তৰঃ উক্ত বাক্যশাৰী লেখক জয়ন্ত মাধৱ বৰাদেবৰ “অন্ধবিশ্বাস আৰু কুসংস্কাৰ” নামক পাঠটিৰপৰা তুলি দিয়া হৈছে।

অধ্যয়নবিমুখ হোৱাৰ বাবেই মানুহে আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে আক সেই বাবেই সমাজত নানাধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। পৰোক্ষভাৱে সমাজত কুসংস্কাৰ, অন্ধবিশ্বাস বৰ্তি থকাৰ এইটো এটা কাৰণ হিচাপে লেখকে চিহ্নিত কৰিব বিচাৰিছে।

মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। বৰ্তমানৰ সমাজত শিক্ষাই প্রাধান্য লাভ কৰিছে সেয়া সর্বজনবিদিত। কাৰণ সম্প্ৰতি অসমৰ শিক্ষাৰ হাৰ ৭৩.১৮ শতাংশ। সেই দৃষ্টিকোণৰপৰা শিক্ষাৰ অভাৱৰ বাবে নহয়, অজ্ঞানতাৰ বাবেহে মানুহ কুসংস্কাৰ, অন্ধবিশ্বাসৰ বশবর্তী হয়। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ’লেই মানুহ জ্ঞানী নহয়। শিক্ষাৰ প্ৰকৃত উদ্দেশ্য জ্ঞান আহ সেই জ্ঞান আহৰণৰ উদ্দ্যেশ্যেৰে শিক্ষা ললেহে মানুহ জ্ঞানী হয়। বর্তমান সমাজত মানুহে শিক্ষাক ধন আহৰণৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰে বুলি লিখকে মতামত ব্যক্ত কৰিছে। আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই সমাজত বিশৃংখল, অপ্রীতিকৰ পৰিস্থিতি, অমানবীয় কার্য-কলাপ সংগঠিত হয়। আৰু অধ্যয়নবিমুখিতাৰ বাবেই মানুহে আবেগ নিয়ন্ত্রণ কৰিব নোৱাৰে। সেয়ে মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে অধ্যয়নবিমুখ হোৱা বুলি লিখকে পাঠটিত উল্লেখ কৰিছে।

‘খ’—ভাষা বিষয়ক

৮। উদাহৰণটো চাই বাকীকেইটা কৰা।

উদাহৰণ : মানবীয়—অমানবীয়।

সজাগতা, সামাজিক, ৰাজনৈতিক, সাংবিধানিক, প্ৰচাৰ।

উত্তৰঃ সজাগতা — অসজাগতা।

সামাজিক — অসামাজিক।

ৰাজনৈতিক — অৰাজনৈতিক।

সাংবিধানিক — অসাংবিধানিক।

প্ৰচাৰ – অপপ্ৰচাৰ।

৯। তলৰ শব্দবোৰৰ বিপৰীতাৰ্থক বুজোৱা শব্দবোৰ লিখা।

ইতিবাচক, সৎ, যোগাত্মক, সক্ষম, উচিত, অভিশাপ।

উত্তৰঃ ইতিবাচক — নেতিবাচক।

সৎ – অসৎ।

যোগাত্মক — বিয়োগাত্মক।

সক্ষম — অক্ষম।

উচিত — অনুচিত।

অভিশাপ — আশীর্বাদ।

১০। পাঠত উল্লেখ থকা পাঁচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা।

উত্তৰঃ (ক) বুজা-বুজি।

(খ) জাত-কুল।

(গ) ভূত-প্রেত।

(ঘ) অসুখ-বিসুখ।

(ঙ) ভোগ-বিলাস।

১১। বাক্য ৰচনা কৰা।

মৌলিক অধিকাৰ; অমানবীয় কাৰ্য; প্ৰচাৰ মাধ্যম; সজাগতা সভা; স্বার্থান্বেষী লোক; আদিম স্তৰ।

উত্তৰঃ মৌলিক অধিকাৰ: ভাৰতীয় সংবিধান অনুসৰি স্বাধীনতাৰ অধিকাৰ আমাৰ এক মৌলিক অধিকাৰ

অমানবীয় কার্য: আমাৰ সমাজত বর্তমানেও ডাইনী হত্যাৰ দৰে অমানবীয় কার্য সংগঠিত হয়।

প্ৰচাৰ মাধ্যম: অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিৰ্মূলৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে।

সজাগতা সভা: কেৱল সজাগতা সভাই আমাৰ সমাজৰপৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব নোৱাৰে।

স্বার্থান্বেষী লোক: কিছুমান স্বার্থান্বেষী লোকৰ বাবে সমাজত মাজে সময়ে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

আদিম স্তৰ: অজ্ঞানতাৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰে আমাৰ সমাজখনক আকৌ আদিম স্তৰলৈ লৈ যাব পাৰে।

3 thoughts on “Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top