Class 6 Assamese Chapter 3 পুথি অধ্যয়ন

Class 6 Assamese Chapter 3 পুথি অধ্যয়ন Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Assamese Chapter 3 পুথি অধ্যয়ন Solutions and select need one. Class 6 Assamese Chapter 3 পুথি অধ্যয়ন Solutions Download PDF. Class 6 Assamese Question Answer As Per SCERT New Book Syllabus.

Class 6 Assamese Chapter 3 পুথি অধ্যয়ন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Assamese New Textual Question Answer are part of All Subject Solutions. Here we have given SCERT Class 6 Assamese New Book Solutions, ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ Solutions for All Chapters, You can practice these here.

Chapter: 3

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

(i) বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি?

(ক) সৎ স্বভাৱ।

(খ) পুথি অধ্যয়ন।

(গ) চঞ্চল মন।

(ঘ) সৎসংগ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ঘ) সৎসংগ।

(ii) সংসাৰত উদ্‌গতি কৰিবলৈ কি লাগে?

(ক) ভোটা বুদ্ধি।

(খ) চেলেংপেতেং স্বভাৱ।

(গ) চঞ্চল মন।

(ঘ) মনৰ একাগ্রতা।

উত্তৰঃ (ঘ) মনৰ একাগ্রতা।

২। তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে। সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অর্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্রয়োজন হ’লে অভিধান নাইবা শিক্ষকৰ সহায় ল’বা।

১। সুখ বা দুখ পোৱা কাৰ্য ___________।

উত্তৰঃ ভোগ।

২। উন্নত অৱস্থা ___________।

উত্তৰঃ উদ্গতি।

৩। যত্ন ___________।

উত্তৰঃ পুৰুষাৰ্থ।

৪। সাঁচি ৰখা কাৰ্য ___________।

উত্তৰঃ সঞ্চয়।

৫। বিদ্যুৎ ___________।

উত্তৰঃ বিজুলী।

৬। এবিধ বহুমূলীয়া মণি বা বাখৰ __________।

উত্তৰঃ মাণিক।

৭। কোনো বিষয়ত আগ্রহেৰে লগা ___________।

উত্তৰঃ একাগ্ৰতা।

৮। আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা ___________।

উত্তৰঃ একানপতীয়া।

৯। ক্রমান্বয় ___________।

উত্তৰঃ অনুক্ৰম।

১০। প্রক্রিয়া, বিধি ___________।

উত্তৰঃ প্ৰণালী।

৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি?

উত্তৰঃ পঢ়নৰ জৰিয়তে দূৰৈৰ মাণিক হাততে পাব পাৰি।

(খ) পুথি এখনৰ আচল ভাব কেনেদৰে উদ্ধাৰ কৰিব পাৰি?

উত্তৰঃ পুথি এখনৰ আচল ভাব মনপুতি পৰিলে উদ্ধাৰ কৰিব পাৰি।

(গ) পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে?

উত্তৰঃ পুথিৰ বিদ্যাক ধনৰ লগত তুলনা কৰিছে।

(ঘ) পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা-বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি?

উত্তৰঃ পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা-বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰি।

৪। আর্হিটোত দেখুৱাৰ দৰে তলৰ বাক্যকেইশাৰীৰ ভাব বহলাই লিখা।

আর্হিঃ

‘পঢ়নৰপৰা দূৰৈৰ মাণিক হাততে পোৱা যায়।’

মাণিক হৈছে সোণ, ৰূপ, হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু। ইয়াক আমি সততে লাভ কৰিব নোৱাৰোঁ। পাঠটিত মাণিক বুলি দেশ-বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে। আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান-গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰপৰাই জানিব পাৰোঁ। পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে। আনহাতে খৰচ আৰু পৰিশ্রমো নহয়। ঘৰত থাকিয়েই তেওঁলোকৰ জ্ঞান-গর্ভ কথাবোৰ জানিব পাৰোঁ। সেইবাবে দূৰৈৰ মাণিক সদৃশ জ্ঞানসমূহ পঢ়নৰপৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে।

(ক) পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা।

উত্তৰঃ পুথিত থকা বিদ্যা আমাৰ বাবে এক মূল্যৱান সম্পদ। পুথিৰ জ্ঞান সংগ্ৰহ কৰাটো যেন ধন সঞ্চয় কৰাৰ দৰে মূল্যৱান। যিদৰে আমি ধন সঞ্চয় কৰোঁ, তেনেকৈয়ে পঢ়াৰ জৰিয়তে বিদ্যা সঞ্চয় কৰিব লাগে।

(খ) বিদ্যা আৰ্জনৰ প্ৰণালী প্রায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা।

উত্তৰঃ ধন আৰ্জনৰ বাবে যেনেকৈ কষ্ট, ধৈৰ্য আৰু পৰিশ্ৰমৰ প্রয়োজন হয়, তেনেদৰে বিদ্যা লাভ কৰিবলৈও কঠোৰ অধ্যয়ন, ধৈর্য, আৰু সময়ৰ লগত একাগ্রতাৰ প্রয়োজনীয়। ধনৰ দৰে বিদ্যা অর্জনো এক দীঘলীয়া যাত্রা।

(গ) সৎসংগৰপৰা মানুহৰ সৎ স্বভাৱ জন্মে।

উত্তৰঃ যেনে সংগ, তেনে প্ৰভাৱ– মানুহে যিসকল লোকৰ সৈতে সময় কটায়, সেইবোৰৰ আচৰণ আৰু মনোভাৱ তেওঁৰ ওপৰতো পৰে। সৎ মানুহৰ সংগত থাকিলে তেওঁলোকৰ উত্তম গুণ, নীতি আৰু চিন্তাধাৰাৰ পৰা শিক্ষা ল’ব পৰা যায়। ফলস্বৰূপে, মানুহৰ চিন্তা-চৰ্চা, ব্যৱহাৰ আৰু স্বভাৱো সৎগুণেৰে ভৰপূৰ হয়। সেইবাবে কোৱা হৈছে যে সৎসংগৰ ফলত মানুহৰ ভিতৰত সৎ স্বভাৱ গঢ়ি উঠে।

৫। “ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়।” পাঠটোৰ আধাৰত কথাষাৰ বহলাই লিখা।

উত্তৰঃ মানুহে যি ধৰণৰ পুথি পঢ়ে, তাৰ গভীৰ প্ৰভাৱ তেওঁৰ চিন্তা-চৰ্চা, আচৰণ আৰু জীৱন দৃষ্টিভংগীত পৰে। যিদৰে ভাল মানুহৰ সংগত থাকিলে ভাল চিন্তা আৰু সৎ স্বভাৱ গঢ়ি উঠে, ঠিক তেনেদৰে ভাল পুথি পঢ়িলে পাঠকৰ ভিতৰত উত্তম গুণ, নৈতিকতা আৰু জ্ঞানৰ বিকাশ ঘটে। ভাল পুথিৰ দ্বাৰা মানুহে দেশ-বিদেশৰ জ্ঞানীগুণীসকলৰ মূল্যৱান চিন্তাধাৰা, জীৱনদৰ্শন আৰু অভিজ্ঞতাৰ সৈতে পৰিচিত হ’ব পাৰে।

আনহাতে, যদি কোনো পুথিৰ বিষয়বস্তু অপসংস্কৃতি, অসৎ আচৰণ বা অপযুক্তি প্ৰচাৰৰ ওপৰত আধাৰিত হয়, তেন্তে সেইবোৰ পুথি পঢ়িলে পাঠকৰ মনোভাব বেয়া দিশত গতি লাভ কৰিব পাৰে। বেয়া পুথি পঢ়াটো যেন বেয়া লোকৰ লগত সময় কটোৱাৰ নিচিনা, যাৰ ফলত মনৰ অপকট হয়।

ভাষা-অধ্যয়ন

৬। উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা।

উপকূল ⇒ উপ + কূল

(i) বেদখল ⇒

উত্তৰঃ বেদখল ⇒ বেদ + খল।

(ii) সুনাম ⇒

উত্তৰঃ সুনাম ⇒ সু + নাম।

(iii) বিখ্যাত ⇒

উত্তৰঃ বিখ্যাত ⇒ বি + খ্যাত।

(iv) আওবাট ⇒

উত্তৰঃ আওবাট ⇒ আও + বাট।

৭। তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা-

(i) থুপাই।

উত্তৰঃ ৰামে বহুত ধন ঘৰত থুপাই ৰাখিছে।

(ii) পার্গত

উত্তৰঃ গীতাঞ্জলি অংকত খুব পার্গত ছাত্রী।

(iii) একাগ্রতা।

উত্তৰঃ একাগ্রতাৰে পঢ়া ছাত্ৰ-ছাত্ৰীয়ে ভাল নম্বৰ পাইছে।

(iv) পুৰুষাৰ্থ।

উত্তৰঃ পুৰুষাৰ্থ আৰু ধৈৰ্য্য থকা মানুহে জীৱনত সকলো বাধা পাৰ কৰিব পাৰে।

(v) স্বভাৱ।

উত্তৰঃ মিতা বৰ সুন্দৰ স্বভাৱৰ এগৰাকী ছোৱালী।

জ্ঞান-সম্প্ৰসাৰণ

৮। তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তাৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ মই বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপ পঢ়া তালিকা হ’ল-

(i) বিজ্ঞান কিতাপ।

(ii) গনিত কিতাপ।

(iii) ইংৰাজী কিতাপ।

(iv) অসমীয়া কিতাপ।

(v) সমাজ বিজ্ঞান কিতাপ।

৯। তমি প্রস্তুত কৰা গ্ৰন্থৰ তালিকাখনৰপৰা তোমাৰ ভাল লগা গ্রন্থখনৰ বিষয়ে লিখা আৰু শ্রেণীত পঢ়ি শুনোৱা-

● গ্ৰন্থৰ নাম।

● লেখক/সংকলকৰ নাম।

● গ্ৰন্থখন ভাল লগাৰ কাৰণ।

● গ্রন্থখনবপৰা শিকিবলগীয়া।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১০। প’ষ্টাৰখন পড়া আৰু প্রশ্নকেইটাৰ উত্তৰ দিয়া-

(ক) অসম গ্রন্থমেলাখন কেতিয়াৰপৰা আৰম্ভ হ’ব?

উত্তৰঃ অসম গ্রন্থমেলাখন ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।

(খ) গ্রন্থমেলাখন ক’ত অনুষ্ঠিত হ’ব?

উত্তৰঃ গ্রন্থমেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, খানাপাৰা, গুৱাহাটীত অনুষ্ঠিত হ’ব।

(গ) গ্রন্থমেলাখন কেইবজাৰপৰা কেইবজালৈ খোলা থাকিব?

উত্তৰঃ গ্রন্থমেলাখন পুৱা ১০ বজাৰপৰা নিশা ৯ বজালৈকে খোলা থাকিব।

(ঘ) গ্রন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে?

উত্তৰঃ গ্রন্থমেলাখনত ১০ শতাংশ ৰেহাই দিছে।

(ঙ) গ্রন্থমেলাখনত কিমানখন বিপণীয়ে অংশ গ্রহণ কৰিব?

উত্তৰঃ গ্রন্থমেলাখনত দুই শতাধিক বিপণীয়ে অংশ গ্রহণ কৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top