Class 6 Assamese Chapter 2 বুধিয়ক বীৰবল

Class 6 Assamese Chapter 2 বুধিয়ক বীৰবল Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 2 বুধিয়ক বীৰবল and select needs one.

SEBA Class 6 Assamese Chapter 2 বুধিয়ক বীৰবল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 2 বুধিয়ক বীৰবল Solutions for All Subject, You can practice these here.

বুধিয়ক বীৰবল

পাঠ: 2

TEXTUAL QUESTION ANSWER

১। তলৰ ছবি দুখনে সাধুটোৰ কোন কোন অংশ প্রকাশ কৰিছে কোৱা।

উত্তৰঃ প্ৰথম ছবিত: বীৰবলে সম্ৰাট আকবৰৰ সম্মুখত ফেঁচা দুটাৰ কথোপকথন ব্যাখ্যা কৰিছে।

দ্বিতীয় ছবিত: ফেঁচা দুটা দুখন অবণ্যৰ ৰজা সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে।

২। ‘বুধিয়ক বীৰবল’ কাহিনীটো নিজৰ কথাৰে কোৱা।

উত্তৰঃ ডেকা কালত আকবৰে চিকাৰ কৰি বৰ ভাল পাইছিল। চিকাৰলৈ গ’লে সদায় লগত বীৰবলক নিছিল। পিছে সম্রাটৰ এই কার্য বীৰবলে পেটে পেটে ভাল নাপাইছিল। কাৰণ অৱসৰ বিনোদনৰ বাবে এনেদৰে চিকাৰ কৰিলে অৰণ্যৰ পশু- পক্ষী দিনক দিনে কমি যাব। কিন্তু এই কথা তেওঁ সম্রাটক পোনে পোনে ক’লে সম্রাট বিতুষ্ট হ’ব বুলি ভয় কৰিছিল।

এদিন চিকাৰলৈ যাওঁতে দুয়ো ভাগৰ পলুৱাবলৈ এজোপা গছৰ তলত জিবাইছিল। তেওঁলোকে যিজোপা গছৰ তলত বহিছিল, সেই গছজোপাৰ ডালত পৰি দুটা ফেচাই কুৰুলিয়াই আছিল। এনে হেন লাগিছিল যেন সিহঁতে কথা পাতি আছে। তাকে দেখি আকবৰে বীৰবলক সুধিলে “বীৰবল, তুমিতো পশু- পক্ষীৰ মাত বুজি পোৱা! কোৱাচোন, এই ফেঁচা দুটাই কি কথা পাতি আছে।” সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথন শুনাৰ ভাও জুৰিলে। কিছুপৰ এনেদৰে শুনি থাকি তেওঁ ক’বলৈ ধৰিলে “জাহাপনা, ফেঁচা দুটা দুখন অবণ্যৰ বজা। সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। বাজকোঁৱৰৰ পিতাকে সুধিছে যে ধন্য সমাজৰ প্রচলিত নিয়ম অনুসবি বাজকন্যাৰ লগত এনে চল্লিশখন অবণ্য দিব পৰা যাবনে, য’ত এটাও পশু-পক্ষী নাই। উত্তৰত বাজকন্যাৰ পিতাকে ক’লে যে আজিৰ তাৰিখত পঁচিশখনমানহে তেনে অৰণ্য দিব পৰা যাব। বিচৰামতে দিবলৈ হ’লে আৰু দুমাহমান অপেক্ষা কৰিব লাগিব হেনো।”

৩। কোৱা আৰু লিখা।

(ক) অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল?

উত্তৰঃ অৰণ্যত চিকাৰ কৰি অকবৰে ভাল পাইছিল।

(খ) ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল?

উত্তৰঃ ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিছিল “বীৰবল, তুমিতো পশু- পক্ষীৰ মাত বুজি পোৱা! কোৱাচোন, এই ফেঁচা দুটাই কি কথা পাতি আছে।

(গ) আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল?

উত্তৰঃ আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কলে “জাহাপনা, ফেঁচা দুটা দুখন অবণ্যৰ ৰজা সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে।

(ঘ) পশু-পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি বাজকোঁৱৰৰ পিতৃয়ে সুধিছিল?

উত্তৰঃ পশু-পক্ষী নোহোৱা চল্লিশখন অৰণ্য দিব পৰা যাব বুলি বাজকোঁৱৰৰ পিতৃয়ে সুধিছিল।

(ঙ) ৰাজকন্যাৰ পিতাকে বর্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল?

উত্তৰঃ ৰাজকন্যাৰ পিতাকে বর্তমান পঁচিশখনমানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল।

(চ) ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল?

উত্তৰঃ বন্য সমাজৰ প্ৰচলিত নিয়ম অনুসৰি ৰাজকন্যাৰ লগত এনে চল্লিশখন অবণ্য দিব পৰা নাছিল। সেই কাৰণে ৰাজকন্যাৰ পিতাকে ক’লে যে আজিৰ তাৰিখত পঁচিশখনমানহে তেনে অৰণ্য দিব পৰা যাব। বিচৰামতে দিবলৈ হ’লে আৰু দুমাহমান অপেক্ষা কৰিব লাগিব হেনো।

(ছ) অৰণ্যত চিকাৰ কৰি থাকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল?

উত্তৰঃ অৰণ্যত চিকাৰ কৰি থাকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলী বীৰবলে কৈছিল।

(জ) বীৰবলে কোৱা কথাখিনি শুনি আকববে কি উপলব্ধি কৰিলে?

উত্তৰঃ বীৰবলে কোৱা কথাখিনি শুনি আকববে গমি-পিতি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু-পক্ষী নাথাকিব।

(ঝ) আকবৰে শেষত বীৰবলক কি কথা কৈছিল?

উত্তৰঃ আকবৰে শেষত বীৰবলক কলে আমাৰ আজিৰ অবণ্য ভ্রমণ বৰ ফলপ্রসূ হ’ল আৰু ভবিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোব নাইকিয়া হ’ল। গতিকে ব’লা, ৰাজপ্রাসাদলৈ উভতি যাও।”

৪। পাঠটোৰ কঠিন শব্দবিলাকৰ অর্থ শিক্ষকক সুধি বা শব্দ সম্ভাৰ চাই জানি লোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৫। দলত আলোচনা কৰি উত্তৰ লিখা।

(ক) আকবৰে কোৱাৰ দৰে বীৰবলে প্রকৃততে পশু-পক্ষীৰ মাত বুজি পাইছিল নে? যদি বুজি পোৱা নাছিল, তেনেহ’লে কিয় বুজাৰ ভাও জুৰিছিল?

উত্তৰঃ আকবৰে কোৱাৰ দৰে বীৰবলে প্রকৃততে পশু-পক্ষীৰ মাত বুজি পোৱা নাছিল। দৰাচলতে বীৰবলে দেখিছিল যে, ৰজাই সদায় অৰণ্যত চিকাৰ কৰি পশু-পক্ষী নিঃশেষ কৰি আছে তেনেদৰে চলি থাকিলে অৰণ্যবোৰ মৰিশালী লৈ ৰূপান্তৰ হব সেই কাৰণে বীৰবলে মনতে এটা কাহিনী সজাই লৈ আকবৰৰ চিকাৰকাৰ্যৰ পৰা বিৰত কৰাৰ উপায় উলিয়ালে আৰু সেয়েহে তেওঁ তেনেদৰে  কাণ পাতি ফেঁচা দুটাৰ কথা-বতৰা শুনাৰ ভাও জুৰিলে।

(খ) উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে?

উত্তৰঃ উপস্থিত বুদ্ধিৰ সহায়ত বীৰবলে সম্ৰাটৰ চিকাৰকাৰ্য বন্ধ কৰিবলৈ সক্ষম হ’ল। 

৬। কোনে কাক কিয় কৈছিল?

(ক) “কি কাৰণে সি বাৰু তেনেদবে বুকু ডাঠি ক’ব পাৰিছে?”

উত্তৰঃ এই কথাষাৰ অকবৰে বীৰবলক কৈছিল। কাৰণ চৰাই কেইটা কথা পাতি থকা কথা বীৰবলে অকবৰক কলে যে জন্মপনা, পাত্রীৰ পিতৃয়ে কৈছে যদি দুমাহ সময় অপেক্ষা কৰে তেনেহলে চল্লিশখন কিয়,পঞ্চাশখনতকৈও অধিক পশু-পক্ষীহীন অৰণ্য দিব পাৰিব। এই কথাৰ প্ৰসংগত অকবৰে বীৰবলক উক্ত কথাষাৰী কৈছিল।

(খ) “আমাৰ আজিৰ অবণ্য ভ্রমণ বৰ ফলপ্রসূ হ’ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ’ল। গতিকে ব’লা, ৰাজপ্রাসাদলৈ উভতি যাওঁ।”

উত্তৰঃ এই কথাষাৰ আকবৰে বীৰবলক কৈছিল। উপস্থিত বুদ্ধিসম্পন্ন বীৰবলে ফেঁচা দুটাক লৈ এটা কাহিনীৰ সৃষ্টি কৰি সম্ৰাটৰ মন সলনি কৰিলে। তেতিয়াই আকবৰে ভবিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত কৰি উক্ত কথাষাৰ কৈছিল।

৭। পাঠটো  পঢ়ি যুক্তাক্ষৰ থকা শব্দকেইটা বিচাৰি উলিওৱা আৰু প্ৰতিটো যুক্তাক্ষৰেৰে দুটাকৈ নতুন শব্দ লিখা।

যেনে – চল্লিশ      ল্ল        দিল্লী     কল্লোল

উত্তৰঃ  

সম্ৰাট        ম্ৰ          তাম্ৰ         নম্ৰ

কাৰ্য          ৰ্য           সূৰ্য         দুৰ্যোধন

কিন্তু         ন্তু          সন্তুষ্ট       জন্তু

বিতুষ্ট        ষ্ট           দুষ্ট          কষ্ট 

অৰণ্য      ণ‍্য          পণ‍্য        নগণ্য

সন্তান      ন্ত           শান্ত       অনন্ত

বন্য         ন্য           ধন্য       মান্য

উত্তৰ       ত্ত            উত্তম     উত্তীৰ্ণ

পাত্রী       ত্র            ত্ৰিশ       পাত্ৰ

পিতৃ        তৃ            ভাতৃ        মাতৃ

পঞ্চাশ    ঞ্চ            পঞ্চম      অঞ্চল

উপলদ্ধি   দ্ধ‍           লব্ধ        বৃদ্ধি

ফলপ্ৰসূ    প্ৰ           প্ৰস্থান     বিপ্ৰ 

ভৱিষ্যতে  ষ্য          শিষ‍্য      ভৱিষ্যদ্বক্তা

৮। পাঠটোত পশু-পক্ষী, জীৱ-জন্তু আদি যুৰীয়া শব্দ পাইছা। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যবহাৰ কৰোঁ। দলত ভাগ হৈ বিভিন্ন যুৰীয়া শব্দ লিখা।

উত্তৰঃ মানুহ- দুনুহ, চৰাই-চিৰিকটি, গছ-গছনি, কাপোৰ-কানি, ৰজা-প্ৰজা, ভাত-পানী, সুখ-দুখ, নদ-নদী, জান-জুৰি, পৰ্বত-পাহাৰ, খাল-বিল, আও-ভাও, নীতি-নিয়ম, ৰীতি-নীতি, কাগজ-কলম, আৱেগ-অনুভূতি, হাঁহি-কান্দোন, আই-বাই, পুথি-পাঁজি, মাক-বাপেক, পিতৃ-মাতৃ, স্কুল-কলেজ, গান-বাজনা, গীত-মাত, খেল-ধেমালি, দোষ-গুণ, চিঠি-পত্ৰ, আদান-প্ৰদান, আমদানি-ৰপ্তানি, নাজল-নাথল, গাড়ী-মটৰ, ঘাত-পতিঘাত, চাকৰি-বাকৰি ইত্যাদি।

৯। ‘সুবিধা পাই বীৰবলে অতি মনোযোগেবে ফেঁচা দুটাব কথোপকথন শুনাৰ ভাও জুৰিলে।”

এই বাক্যটোত ‘ভাও জুৰিলে’ খণ্ড বাক্যই এনেয়ে শুনি থকা যেন বুজাইছে। তলৰ বাক্যবোৰত ব্যৱহাৰ হোৱা ‘জুৰিলে’ শব্দটোৱে কোনটো বাক্যত কি অর্থ প্রকাশ কৰিছে কোৱা।

উত্তৰঃ (ক) ভোজৰ ভাত-আঞ্জা কাণে কাণ মাৰিহে জুৰিলে। 

প্ৰয়োজনৰ জোখাৰে যথোচিত হোৱা বুজাইছে।

(খ) ৰামচন্দ্ৰই ধনুত বাণ জুৰিলে।

উত্তৰঃ ধনুত বাণ লগোৱা বুজাইছে।

(গ) তাঁত-বাটি জুৰিলে বোৱানীৰ গাত ত‍ৎ নাথাকে।

উত্তৰঃ আৰম্ভ কৰা বুজাইছে।

(ঘ) পুনীযে পুখুৰী জুৰিলে তাৰ যথোচিত হোৱা বুজাইছে।

উত্তৰঃ ভৰি পৰা বুজাইছে।

১০। “কোৱাচোন, এই ফেঁচা দুটাই কি কথা পাতি আছে!” 

ওপৰৰ বাক্যটোত ব্যৱহাৰ হোৱা ‘কথাপাতি’ বাক্যাংশই আলোচনা কৰা অৰ্থ প্ৰকাশ কৰিছে। সেইদৰে ‘কথা’ শব্দটোৰ লগত আন শব্দ লগ লাগি গঠিত হোৱা জতুৱা ঠাঁচকেইটা চোৱা। শিক্ষকক সুধি অৰ্থ আৰু ব্যৱহাৰ জানি লোৱা।

কথা ককথা লকথা-বতৰা
কথা হকথা চোৱাকথা চহকী

উত্তৰঃ কথা-ক: মুখেৰে প্ৰকাশ কৰ্; গোপনতা ভংগ  কৰ্। যেনে — “জয়মতী, তই গিৰিয়েৰৰ কথা ক।” 

কথা ল: প্ৰতিশ্ৰুতি আদায় কৰ। যেনে– “চলিহাই বৰুৱাৰ পৰা টকাখিনি সময়ত ঘূৰাই দিয়াৰ কথা ল’লে।”

কথা-বতৰা: কথোপকথন। যেনে — ” তেওঁলোকৰ কথা-বতৰাত আওতায়ো ভাগ লৈছিল।” 

কথা হ: কোনো বিশেষ উদ্দেশ্যত আলোচনা কৰ্। যেনে— “শৰ্মাই মন্ত্ৰীৰ লগত কথা হৈ পীড়িতসকলৰ বাবে সাহায্য দিবলৈ সাজু হ’ল।”

কথা চোৱা: প্ৰয়োজনে-অপ্ৰয়োজনে কথা কৈ থা্ক। যেনে— “মৌচুমীহঁতে লগৰীয়াৰ লগত কথা চোৱাই থাকোঁতে ৰে’ল-গাদীয়ে ষ্টেচন এৰি গুচি গ’ল।”

কথা-চহকী: বৰকৈ কথা কওঁতা। যেনে— “গাওঁবুঢ়া মানুহজন ইমান কথা-চহকী যে মেল পকাই থাকোঁতে আচল কামৰ কথা পাহৰি যায়।”

১১। বাক্য ৰচনা কৰা।

কথা-চহকী, কথা চোৱা, কথা শুন, কথা ৰাখ্,

উত্তৰঃ (i) কথা-চহকী: নীলমণি খুড়া বৰ কথা-চহকী মানুহ আছিল।

(ii) কথা চোৱা: চুবুৰীয়াৰ লগত কথা চোৱাই থাকোঁতে বৰুৱানীৰ গা ধুবলৈকে সময় নহয়।

(iii) কথা শুন: শিক্ষকৰ কথা শুনিলেহে জীৱনত উন্নতি কৰিব পাৰি।

(iv) কথা ৰাখ্: পূৰ্বতে দিয়া কথা ৰাখি ৰজাই সেনাপতিৰ পুত্ৰলৈ নিজ কন্যাক বিয়া দিলে।

১২। তোমাৰ অঞ্চলত চৰাইৰ সংখ্যা আগতকৈ কমিছেনে বাঢ়িছে? চৰাইবোৰ কি কাৰণত কমি যায়? চৰাইৰ সংখ্যাৰ লগত গছ-গছনিৰ সম্পর্ক কি? দলত আলোচনা কৰা। প্রয়োজনবোধে শিক্ষকৰ সহায় ল’বা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১৩। অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম লিখা। কোনখন ৰাষ্ট্ৰীয় উদ্যান কি কাৰণে বিখ্যাত, শিক্ষকক বা ডাঙৰক সুধি জানি লৈ তিনি-চাৰিটা বাক্যত লিখা।

উত্তৰঃ (ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

(খ) মানস ৰাষ্ট্ৰীয় উদ্যান।

(গ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান।

(ঘ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

(ঙ) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান: ভাৰতৰ অসম ৰাজ্যত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ জনসংখ্যাৰ বাবে বিখ্যাত। ইয়াৰ উপৰিও বাঘ, হাতী, বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান।

(খ) মানস ৰাষ্ট্ৰীয় উদ্যান: অসমতো থকা মানস ৰাষ্ট্ৰীয় উদ্যান ইউনেস্ক’ৰ আন এক বিশ্ব ঐতিহ্য ক্ষেত্ৰ। বংগ বাঘ, ভাৰতীয় হাতী, ভাৰতীয় গঁড় আদি চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে ইয়াৰ পৰিচিত। ইয়াৰ উপৰিও বাঘ সংৰক্ষিত বনাঞ্চল আৰু হাতী সংৰক্ষিত বনাঞ্চল।

(গ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান: মধ্য অসমৰ জিয়াভৰলীৰ পাৰে পাৰে, অৰুণাচল প্ৰদেশৰ নামনিত এই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত । ৰঙা পাণ্ডা, বাঘ, ধোঁৱাবৰণীয়া নাহৰফুটুকী বাঘ আদিৰ বাবে এই অৰণ্য বিখ্যাত। ইয়াত বিভিন্ন প্ৰজাতিৰ অজস্ৰ পখিলাও পোৱা যায়।

(ঘ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান: ৰাজীৱ গান্ধী নামেৰেও পৰিচিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ জনসংখ্যাৰ বাবে বিপন্ন ভাৰতীয় একশিং গঁড়ৰ বাবে জনাজাত।

(ঙ) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান: ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ অনন্য পৰিৱেশ তন্ত্ৰৰ বাবে পৰিচিত, য’ত আৰ্দ্ৰ মিশ্ৰিত অৰ্ধ-চিৰসেউজ অৰণ্য, গ্রীষ্মমণ্ডলীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য, আৰু জলাশয় আৰু ঘাঁহনিৰ টুকুৰা আদি অন্তৰ্ভুক্ত।

১৪। তলৰ তালিকাখনৰ কোনকেইবিধ চৰাই তুমি চিনি পোৱা? চিনি পোৱা যিকোনো তিনিবিধ চৰাইৰ বিষয়ে তিনি-চাৰিটাকৈ বাক্য লিখা।

উত্তৰঃ 

শালিকা কেতেকী মাছৰোকা 
ভাটৌ দহিকতৰা কণামূচুৰী
টেলটুপি পাটমাদৈবালিমাহী 
বৰটোকোলা হাইটাকপৌ 
ভীমৰাজ শৰালিপাৰ 
পানী-কাউৰী বুলবুলি টোকোবা
ডাউকবগলী মৌ-পিয়া
কুৰুৱা শেনপাতসিয়া
ঘনচিৰিকা চিলনী ৰাজহাঁহ
কুলি শগুনমই

উত্তৰঃ ১৷ শালিকা, ২৷ ভাটৌ, ৩। বৰটোকোলা, ৪। পানী-কাউৰী, ৫। ডাউক, ৬।ঘনচিৰিকা, ৭। কুলি, ৮। পাটমাদৈ, ৯। শৰালী, ১০। বুলবুলি, ১১। বগলী, ১২। চিলনী, ১৩। শগুন, ১৪। মাছৰোকা, ১৫। কণামুচৰি, ১৬। কপৌ, ১৭। পাৰ, ১৮। টোকোৰা, ১৯। মৌ-পিয়া, ২০। ৰাজহাঁহ। আৰু ২১। মইনা।

শালিকা: শালিকা অসমৰ সকলো ঠাইতে দেখা যায়। ই শস্যৰ দানা, পোক-পৰুৱা, মানুহে দিয়া বিস্কুটৰ টুকুৰা আদি খায়। মেকুৰী, সাপ আদি দেখিলে শালিকাবোৰে বৰকৈ চিঞৰে। শালিকাই সহজতে মানুহৰ পোহ মানে আৰু মানুহৰ বহুতো কথা বুজিও পায়।

বৰটোকোলা: বৰটোকোলাই ওখ গছত জেং-জোঙেৰে বাহ সাজে। ই বৰ ডাঙৰ চৰাই। সাপ, ভেকুলী, কুচিয়া, মাছ আদিৰ লগতে মৰা গৰু-ছাগলীৰ মাংসৰ টুকুৰাও খায় । ইয়াক প্ৰায়ে পথাৰ, বাম জলাশয় আদিত দীঘল ঠেং আৰু প্ৰকাণ্ড ঠোঁটটোৰে গহীন গহীনকৈ চিকাৰ কৰি থকা দেখা যায়।

কুলি: কুলি চৰাই বৰ শুৱলা মাতটোৰ কাৰণে বিখ্যাত। বসন্ত কালত অসমৰ হাবি-বননিয়ে কুলিৰ মাত শুনা যায়। মতা কুলিটো কিচ্কিচীয়া ক’লা বৰণৰ তাইৰ মাতটো বৰ উগ্ৰ। কুলি চৰাইৰ চকু ৰঙা।

১৫। চৰাইৰ ছবিকেইখন চোৱা আৰু তলত নামটো লিখা।

উত্তৰঃ (i) শগুন।              

(ii) কুলি।                  

(iii) বুলবুলি।

2 thoughts on “Class 6 Assamese Chapter 2 বুধিয়ক বীৰবল”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top