Class 6 Assamese Chapter 3 অসমীয়া ভাষাৰ বিকাশৰ কথা

Class 6 Assamese Chapter 3 অসমীয়া ভাষাৰ বিকাশৰ কথা Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 3 অসমীয়া ভাষাৰ বিকাশৰ কথা and select needs one.

SEBA Class 6 Assamese Chapter 3 অসমীয়া ভাষাৰ বিকাশৰ কথা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 3 অসমীয়া ভাষাৰ বিকাশৰ কথা Solutions for All Subject, You can practice these here.

অসমীয়া ভাষাৰ বিকাশৰ কথা

পাঠ: 3

TEXTUAL QUESTION ANSWER

১। পাঠটো শুদ্ধ উচ্চাৰণেৰে খোকোজা নলগাকৈ পঢ়া।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

২। উত্তৰ দিয়া।

(ক) নয়নাহঁতে খুড়াকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল?

উত্তৰঃ নয়নাহঁতে খুড়াকৰ পৰা অসমীয়া বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল।

(খ) হেম সৰস্বতীয়ে ৰচনা কৰা, তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি?

উত্তৰঃ হেম সৰস্বতীয়ে ৰচনা কৰা, আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ’ল- প্রহ্লাদ চৰিত্ৰ।

(গ) অলিখিত বা মৌখিক সাহিত্য মানে কি?

উত্তৰঃ অলিখিত সাহিত্য মানে হ’ল যিবোৰ সাহিত্য আখৰেৰে লিখা নহয়; বৰং, মানুহৰ মুখে মুখেহে প্রচলিত। সেইবাবে ইয়াক মৌখিক সাহিত্য বুলিও কোৱা হয়।

(ঘ) ভাষাৰ দুটা উপাদানৰ নাম লিখা।

উত্তৰঃ ভাষাৰ দুটা অন্যতম প্ৰধান উপাদান হৈছে -ধৱনি আৰু শব্দ।

(ঙ) অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে?

উত্তৰঃ অসমীয়া ভাষাটোৱে দশম শতিকাত স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে।

(চ) ‘অসমীয়া’ শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল?

উত্তৰঃ ‘অসমীয়া’ শব্দটোৰ প্ৰচলন ইংৰাজৰ আমোলত বেছিকৈ হৈছিল।

৩। শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা।

ত্ৰয়োদশ, স্থানীয়, নিগাজি, স্বকীয়, আমোল আবাসভূমি, উপাদান, অলিখিত, অনুকৃতি

উত্তৰঃ  

শব্দ অৰ্থ
ত্ৰয়োদশতেৰ সংখ্যক
স্থানীয়থলুৱা; নিজ অঞ্চলৰ
নিগাজিচিৰস্থায়ী
স্বকীয়নিজা
আমোলশাসন; প্ৰভুত্ব
আবাসভূমিবসবাস কৰা ঠাই আৰু তাৰ প্ৰাকৃতিক পৰিৱেশ
উপাদানবস্তুৰ মূল পদাৰ্থ
অলিখিতআখৰেৰে নিলিখা
অনুকৃতিসদৃশ ৰূপ

৪। অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা।

উত্তৰঃ অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে। সপ্তম শতিকামানলৈ পূব আৰু উত্তৰ-পূব ভাৰতত প্রায় একে ভাষাৰ প্রচলন আছিল। তাৰো আগতে অসমত, অর্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্যত প্রচলিত ভাৰতীয় ভাষাটোত দুটা-এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ, অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজি আবাসভূমি। সকলোবে মাজত ভাষা, সংস্কৃতি আৰু ভাবৰ আদান-প্রদান হৈছিল। ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত স্বাভাবিকভাবে সোমাই পৰিছিল।

৫। উপযুক্ত যতি চিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা।

ভাষাৰ উপাদান মানে কি খুড়া নয়নাই সুধিলে খুড়াকে উত্তৰ দিলে ধ্বনি ৰূপ শব্দ বাক্য আদিয়েই ভাষাৰ উপাদান।

উত্তৰঃ “ভাষাৰ উপাদান মানে কি খুড়া?”— নয়নাই সুধিলে। খুড়াকে উত্তৰ দিলে– “ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়ে ভাষাৰ উপাদান।”

প্ৰশ্ন ৬। তলত দিয়া বিশেষণ পদবোৰ বিশেষ‍্য পদলৈ নিয়া ।

সুন্দৰপ্ৰচলিতস্থানীয়
ৰচিতপৰিৱৰ্তিতবিকশিত

উত্তৰঃ   

বিশেষণ পদবিশেষ্য পদ
সুন্দৰ                     সৌন্দৰ
প্ৰচলিত‌   প্ৰচলন
স্থানীয়                     স্থান
ৰচিত          ৰচনা
পৰিৱৰ্তিত   পৰিৱৰ্তন
বিকশিত  বিকাশ

৭। তোমাৰ পাঠৰ পৰা পাঁচটা তৎসম শব্দ আৰু পাঁচটা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা।

উদাহৰণ: জন্ম – কাপ

উত্তৰঃ 

তৎসমবিদেশী মূলৰ শব্দ
এয়োদশবেঞ্চ
প্ৰাচীনচকলেট
পূৰ্ণপেন
সৃষ্টিফুটবল
যুগবিস্কুট

৮। তলৰ শব্দবোৰৰ একোটিকৈ সমার্থক শব্দ লিখা।

(i) ধুনীয়া __________

উত্তৰঃ সুন্দৰ।

(ii) নিগজি __________

উত্তৰঃ স্থায়ী।

(iii) প্ৰাচীন ___________

উত্তৰঃ পুৰণি।

(iv) পূৰ্বতে ___________

উত্তৰঃ আগতে।

(v) পুথি ____________

উত্তৰঃ কিতাপ।

(vi) সামৰণি ___________

উত্তৰঃ সমাপ্তি।

৯। “প্রাক্ শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুড়া?” এইটো এটা প্রশ্নবোধক বাক্য। তোমালোকেও এনেধৰণৰ তিনিটা প্রশ্নবোধক বাক্য নিজৰ মতে সাজা।

উত্তৰঃ (i) আমাৰ ৰাষ্ট্ৰীয় ভাষা কি?

(ii) ভাৰতৰ প্ৰধান মন্ত্ৰী কোন হয়?

(iii) তুমি কাইলৈ স্কুল জাবানে?

১০।  বাক্য ৰচনা কৰা।

মিচিকিয়াইচেনেহীপুৰণি
ধন্যবাদসাহিত্যযুগে যুগে

উত্তৰঃ (i) মিচিকিয়াই: ৰিনায়ে আইতাৰ কথা শুনি মিচিকিয়াই হাঁহিছে।

(ii) চেনেহী: বহু দিনৰ মূৰত মাহীয়েকৰ চেনেহী মাতটো শুনি হেমাই দৌৰি ওলাই আহিল। 

(iii) পুৰণি: পুৰণি কালৰ ৰীতি-নীতিবোৰ পালন কৰিবলৈ কলিযুগৰ মানুহে টান পায়।

(iv) সাহিত্য: সাহিত্যৰ জৰিয়তে একোটা জাতিৰ আশা-আকাংক্ষা প্ৰকাশ পায়।

(v) যুগে যুগে: যুগে যুগে সমাজৰ নিয়ম সলনি হৈ গৈ থাকে।

জানি থওঁ আহা-

প্রাক শংকৰী যুগৰ পাঁচগৰাকী বিশিষ্ট অসমীয়া কবি হ’ল-

(ক) হেম সৰস্বতী।

(খ) কবিৰত্ন সৰস্বতী।

(ঘ) হৰিবৰ বিপ্ল।

(গ) কদ্র কন্দলি।

(৫) মাধব কন্দলি।

১১। প্রাক শংকৰী যুগৰ শ্রেষ্ঠ কবি মাধৱ কন্দলি। শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন?

উত্তৰঃ প্রাক শংকৰী যুগৰ শ্রেষ্ঠ কবি মাধৱ কন্দলি। শংকৰী যুগৰ শ্ৰেষ্ঠ কবি শ্ৰীমন্ত শঙ্কৰদেৱ।

১২। মানুহৰ মুখে মুখে প্রচলিত সাহিত্যক মৌখিক সাহিত্য বোলে। মৌখিক সাহিত্য বুলিলে সাধুকথা, আইনাম, ধাইনাম, বিহুনাম, বিয়ানাম আদিক বুজা যায়। তুমি জনা এফাকি বিহুনাম আৰু এফাকি বিয়ানাম লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 6 Assamese Chapter 3 অসমীয়া ভাষাৰ বিকাশৰ কথা”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top