🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 8 Science Chapter 2 অনুজীৱ: মিত্ৰ আৰু শত্ৰু

SEBA Class 8 Science Chapter 2 অনুজীৱ: মিত্ৰ আৰু শত্ৰু Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 2 অনুজীৱ: মিত্ৰ আৰু শত্ৰু Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SEBA Class 8 General Science Textual Solutions.

SEBA Class 8 Science Chapter 2 অনুজীৱ: মিত্ৰ আৰু শত্ৰু

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.

শস্য উৎপাদন আৰু ব্যৱস্থাপনা

Chapter – 2

অনুশীলনী

১। খালী ঠাই পূৰ কৰা।

(ক) অনুজীৱ বোৰ ___________ সহায়ত দেখা পোৱা যায়।

উত্তৰঃ অনুজীৱ বোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।

(খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ _____________ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।

উত্তৰঃ নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰ’জেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।

(গ) ____________ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।

উত্তৰঃ ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।

(ঘ) ____________ৰ দ্বাৰা কলেৰা হয়।

উত্তৰঃ বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়।

২। শুদ্ধ উত্তৰত (✓) চিন দিয়া।

(ক) চেনি/ সুৰা/ হাইড্ৰ‘ক্লৰিক এচিড/অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।

উত্তৰঃ সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।

(খ) ছ’ডিয়াম বাইকাৰ্বনেট/ষ্ট্ৰেপ’মাইছিন/সুৰা/ইষ্ট এবিধ এণ্টিবায়‘টিক।

উত্তৰঃ ষ্ট্ৰেপ’মাইছিন এবিধ এণ্টিবায়’টিক।

(গ) মাইকী এন’ফিলিছ মহ/পঁইতাচোৰা/মাখি/পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জৱাৰ বাহক।

উত্তৰঃ মাইকী এন’ফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জৱাৰ বাহক।

(ঘ) পৰুৱা/মাখি/মকৰা/সংক্ৰামক ৰোগৰ বাহক।

উত্তৰঃ মাখি সংক্ৰামক ৰোগৰ বাহক।

(ঙ) তাপ/গুড়ি কৰা/ইষ্টকোষৰ বৃদ্ধি/ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে।

উত্তৰঃ ইষ্টকোষৰ বৃদ্ধিৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে।

(চ) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰ’জেন যৌগীকৰণ/সাঁচ/কিন্বন/সংক্ৰামক বোলা হয়।

উত্তৰঃ শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিন্বন বোলা হয়।

৩। ‘A’ অংশত থকা অনুজীৱবোৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলোৱা।

‘A’ অংশ‘B’ অংশ
(i) বেক্টেৰিয়া(a) নাইট্ৰ’জেন যৌগিকৰণ।
(ii) ৰাইজ’বিয়াম(b) দৈ প্ৰস্তুত কৰাত।
(iii) লেক্ট’বেছিলাছ(c) পাউৰুটিৰ প্ৰস্তুত কৰণত।
(iv) ইষ্ট(d) মেলেৰিয়া ৰোগ সৃষ্টিত।
(v) প্ৰট’জ’ৱা(e) কলেৰা ৰোগ সৃষ্টিত।
(vi) ভাইৰাছ(f) এইডছ ৰোগ সৃষ্টিত।
(g) এণ্টিবডি প্ৰস্তুত কৰাত।

উত্তৰঃ

‘A’ অংশ‘B’ অংশ
(i) বেক্টেৰিয়া(e) কলেৰা ৰোগ সৃষ্টিত।
(ii) ৰাইজ’বিয়াম(a) নাইট্ৰ’জেন যৌগিকৰণ।
(iii) লেক্ট’বেছিলাছ(b) দৈ প্ৰস্তুত কৰাত।
(iv) ইষ্ট(c) পাউৰুটিৰ প্ৰস্তুত কৰণত।
(v) প্ৰট’জ’ৱা(d) মেলেৰিয়া ৰোগ সৃষ্টিত।
(vi) ভাইৰাছ(f) এইডছ ৰোগ সৃষ্টিত।

৪। অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি?

উত্তৰঃ নাই, অনুজীৱবোৰ ইমানেই ক্ষুদ্ৰ যে সিহঁতক খালী চকুৰে দেখা পোৱা নাযায়।

সিহঁতক চাবলৈ সাধাৰণতে অণুবীক্ষণ যন্ত্ৰৰ প্ৰয়োজন হয়। অৱশ্যে কিছুমান অনুজীৱ, যেনে- পাউৰুটিত দেখা দিয়া ভেঁকুৰবোৰক আতচী কাঁচেৰে দেখা পোৱা যায়।

৫। অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি?

উত্তৰঃ অণুজীৱবোৰক ঘাইকৈ চাৰিটা ডাঙৰ শ্ৰেণীত ভাগ কৰা হৈছে।

এই ভাগবোৰ হৈছে-

(i) বেক্টেৰিয়া।

(ii) ভেঁকুৰ।

(iii) প্ৰট’জ’ৱা। আৰু

(iv) শেলাই।

৬। মাটিত বায়ুমণ্ডলীয় নাইট্ৰ’জেন যৌগীকৰন কৰিব পৰা অনুজীৱসমূহৰ নাম কোৱা।

উত্তৰঃ মাটিত বায়ুমণ্ডলীয় নাইট্ৰ’জেন যৌগীকৰন কৰিব পৰা অনুজীৱসমূহৰ নাম হ’ল–

(ক) বেক্টেৰিয়া (ৰাইজ’বিয়াম)।

(খ) নীল সেউজীয়া শেলাই।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “SEBA Class 8 Science Chapter 2 অনুজীৱ: মিত্ৰ আৰু শত্ৰু”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top