Class 8 Science Chapter 2 অনুজীৱ : মিত্ৰ আৰু শত্ৰু

Join Telegram channel

Class 8 Science Chapter 2 অনুজীৱ: মিত্ৰ আৰু শত্ৰু answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Science Chapter 2 অনুজীৱ: মিত্ৰ আৰু শত্ৰু – সমাধান and select needs one.

Class 8 Science Chapter 2 অনুজীৱ : মিত্ৰ আৰু শত্ৰু – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Science Chapter 2 অনুজীৱ: মিত্ৰ আৰু শত্ৰু Solutions for All Subject, You can practice these here.

অনুজীৱ : মিত্ৰ আৰু শত্ৰু

পাঠ – ২ ( বিজ্ঞান )

) খালী ঠাই পূৰ কৰা

) অনুজীৱ বোৰ ……………………….. সহায়ত দেখা পোৱা যায়

উত্তৰ:- অণুবীক্ষণ যন্ত্ৰৰ ।

) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ ……………………. গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে

উত্তৰ:- নাইট্ৰ’জেন ।

) ……………………. সহায়ত সুৰা প্ৰস্তুত কৰা হয়

উত্তৰ:- ইষ্ট ।

) ……………………… দ্বাৰা কলেৰা হয়

উত্তৰ:- বেক্টেৰিয়া ।

) শুদ্ধ উত্তৰত (✓   )  চিন দিয়া

) চেনি/ সুৰা/ হাইড্ৰক্লৰিক এচিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়

উত্তৰ:- সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ।

) ছডিয়াম বাই কাৰ্বনেট/ ষ্ট্ৰেপমাইছিন/ সুৰা/ ইষ্ট এবিধ এণ্টিবায়টিক

উত্তৰ:- ষ্ট্ৰেপ’মাইছিন এবিধ এণ্টিবায়’টিক ।

) মাইকী এনফিলিছ মহ/ পইতাচোৰা/ মাখি/ পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটৱাৰ বাহক

উত্তৰ:- মাইকী এন’ফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জ’ৱাৰ বাহক ।

) পৰুৱা/ মাখি/ মকৰা/ সংক্ৰামক ৰোগৰ বাহক

উত্তৰ:- মাখি ৰোগৰ বাহক ।

) তাপ/ গুড়ি কৰা/ ইষ্ট কোষৰ বৃদ্ধি/ ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে

উত্তৰ: ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।

) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ/ সাঁচ/ কিন্বন/ সংক্ৰামক বোলা হয়

উত্তৰ:- শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিন্বন বোলা হয় ।

৩) ‘ A ‘ অংশত থকা অনুজীৱ বোৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলোৱা।

‘ A ‘ অংশ‘B’ অংশ
i) বেক্টেৰিয়াi) নাইট্ৰজেন যৌগিকৰণ ।
ii) ৰাইজ’বিয়ামii) দৈ প্ৰস্তুত কৰাত ।
iii) লেক্টবেছিলাছiii) পাউৰুটিৰ প্ৰস্তুত কৰণত ।
iv) ইষ্টiv) মেলেৰিয়া ৰোগ সৃষ্টিত ।
v) প্ৰট’জ’ৱাv) কলেৰা ৰোগ সৃষ্টিত ।
vi) ভাইৰাছvi) এণ্টিবডি প্ৰস্তুত কৰাত ।

উত্তৰ:-

‘ A ‘ অংশ‘B’ অংশ
i) বেক্টেৰিয়াকলেৰা ৰোগ সৃষ্টিত ।
ii) ৰাইজ’বিয়ামনাইট্ৰজেন যৌগিকৰণ ।
iii) লেক্টবেছিলাছদৈ প্ৰস্তুত কৰাত ।
iv) ইষ্টপাউৰুটিৰ প্ৰস্তুত কৰণত ।
v) প্ৰট’জ’ৱামেলেৰিয়া ৰোগ সৃষ্টিত ।
vi) ভাইৰাছএইডছ ৰোগ সৃষ্টিত ।

) অনুজীৱ বোৰ খালী চকুৰে দেখা পোৱা যায়নে ? সিহঁতক কেনেকৈ দেখা পাব পাৰি ?

উত্তৰ:- অনুজীৱ বোৰ খালী চকুৰে দেখা পোৱা নাযায় ।

      সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি । ভেঁকুৰ জাতীয় কিছুমান অনুজীৱক আতচী কাঁচেৰে দেখা পোৱা যায় ।

) অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি ?

উত্তৰ:- অণুজীৱৰ ডাঙৰ ভাগবোৰ হল –

ক) বেক্টেৰিয়া ।

খ) ভেঁকুৰ।

গ) প্ৰট’জ’ৱা ।

ঘ) শেলাই আদি ।

) মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰন কৰিব পৰা অনুজীৱ সমূহৰ নাম কোৱা

উত্তৰ:- মাটিত বায়ুমণ্ডলীয় নাইট্ৰ’জেন যৌগীকৰন কৰিব পৰা অনুজীৱ সমূহৰ নাম হল –

ক) বেক্টেৰিয়া ( ৰাইজ’বিয়াম ) ।

খ) নীল হৰিৎ শেলাই আদি ।

) আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা

উত্তৰ:- আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতা বোৰ হল –

ক) দৈ, পাউৰুটি, কেক আদি প্ৰস্তুত কৰণত অণুজীৱৰ ব্যৱহাৰ কৰা হয় ।

খ) কিছুমান বেক্টেৰিয়া আৰু নীলা সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰ’জেন স্থিৰ কৰণ কৰি মাটিত নাইট্ৰ’জেনৰ পৰিমাণ বঢ়াই উৰ্বৰতা বৃদ্ধি কৰে ।

গ) সুৰা, মদ আৰু ভিনেগাৰ আদি ব্যৱসায়িক ভিত্তিক প্ৰস্তুত কৰাৰ বাবে অনুজীৱ ব্যৱহাৰ কৰা হয় ।

ঘ) বিভিন্ন ৰোগ নিবাৰণৰ কাৰণে ব্যৱহাৰ হোৱা এণ্টিবায়’টিক বেক্টেৰিয়া, ভেঁকুৰ আদি কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা হয় ।

ঙ) কলেৰা, যক্ষ্মা, বসন্ত, হেপটাইটিছ আদি বহুতো ৰোগ প্ৰতিষেধক ছিটা দি প্ৰতিৰোধ কৰিব পাৰি ।

চ) অনুজীৱ বোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থ বোৰ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে । এই সৰল পদাৰ্থবোৰ উদ্ভিদ বা প্ৰাণীয়ে পুনঃ ব্যৱহাৰ কৰিব পাৰে ।

ছ) অনুজীৱ বোৰে অনিষ্টকাৰী আৰু দুৰ্গন্ধ যুক্ত পদাৰ্থবোৰ পচাবলৈ পৰিবেশ নিৰ্মল কৰে ।

) অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা

উত্তৰ:- বিভিন্ন ধৰনে কিছুমান অনুজীৱই আমাৰ অপকাৰ কৰে । মানুহৰ মাৰাত্মক কিছুমান ৰোগ যেনে – যক্ষ্মা, কলেৰা, টায়ফয়েড, নিউম’নিয়া আদি ৰোগ বেক্টেৰিয়াই সৃষ্টি কৰে । পলিঅ’ , বসন্ত, এনকেফেলাইটিছ আদি ভয়ানক ৰোগ ভাইৰাছৰ দ্বাৰা সৃষ্টি হয় । প্ৰাণী আৰু উদ্ভিদৰো নানা ধৰণৰ ৰোগ সৃষ্টি কৰি অণুজীৱ বোৰে আমাৰ অশেষ ক্ষতি কৰে ।

আমাৰ ব্যৱহাৰৰ বস্তু যেনে – কাপোৰ, চামৰা, প্লাষ্টিক আদি প্ৰায় সকলো ধৰণৰ বস্তুৰ ওপৰত অণুজীৱই ক্ৰিয়া কৰি সেইবোৰ নষ্ট কৰে । ইয়াৰ উপৰি অনুজীৱ বোৰে খাদ্যৰ পচন ঘটাই আৰু খাদ্যৰ ওপৰত বিষক্ৰিয়া সৃষ্টি কৰে ।

) এণ্টিবায়টিক কি ? এণ্টিবায়টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

উত্তৰ:- ৰোগ সৃষ্টিকাৰী অনুজীৱক ধ্বংস কৰিবলৈ কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা ঔষধ বোৰক এণ্টিবায়’টিক বোলে ।

ডাক্তৰৰ পৰামৰ্শমতে এণ্টিবায়’টিক গ্ৰহণ কৰিব লাগে । ডক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ ক’ৰ্ছ শেষ কৰিব লাগে । অপ্ৰয়োজনীয় ভাৱে এণ্টিবায়’টিক গ্ৰহণ কৰা উচিত নহয় কাৰণ শৰীৰত থকা উপকাৰী অণুজীৱৰ মৃত্যু হব পাৰে ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: অণুজীব কি? মাটিত থকা অণুজীৱবোৰ কেনেকৈ দেখা পাব পাৰি? 

উত্তৰঃ বৰফাবৃত পৰিৱেশৰ পৰা গৰম পানীৰ উহঁলৈ আৰু মৰুভূমিৰ পৰা আৰ্দ্ৰভূমিলৈ সকলো পৰিৱেশতে তিষ্ঠি থাকিব পৰা, সাধাৰণ চকুৰে মনিব নোৱাৰা যিবিলাক ক্ষুদ্র ক্ষুদ্র জীৱক অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা পোৱা যায় সেইবোৰ জীৱক অণুজীৱ বুলি কোৱা হয়।

মাটিত থকা অণুজীৱ দেখা পাবলৈ প্ৰথমে অলপ পথাৰৰ সেমেকা মাটি এটা বিকাৰত পানী লৈ মিহলাই ল’ব লাগে। কিছু সময়ৰ পিছত বিকাৰৰ এটোপাল পানী শ্লাইড এখনত ৰাখি অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা চালে মাটিত থকা অণুজীৱবোৰ দেখা পাব পাৰি। 

প্রশ্ন ২:  সংক্ৰামক ৰোগ কাক বোলে? এই ৰোগ বিয়পোৱাত কেনেকৈ বাধা দিব পাৰি?

উত্তৰঃ অণুজীৱৰ পৰা হোৱা যিবিলাক ৰোগ বায়ু, পানী, আহাৰ বা ইজন-সিজনৰ সংস্পৰ্শৰ দ্বাৰা ৰুগীয়া লোকৰ পৰা সুস্থ লোকলৈ বিয়পে সেইবোৰক সংক্ৰামক ৰোগ বোলে। 

এই ৰোগ বিয়পোৱাত বাধা দিবলৈ তলৰ ব্যৱস্থাবোৰ গ্ৰহণ কৰিব পাৰি-

(ক) ৰোগীক আচুতীয়াকৈ ৰাখিব লাগে।

(খ) ৰোগীৰ বস্তু বাহানি আন মানুহৰ বস্তু বাহানিৰ পৰা আঁতৰাই থব লাগে।

(গ) পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগে।

(ঘ) ভাল অনাময় অভ্যাস গঢ়িব লাগে।

(ঙ) পানী উতলাই খাব লাগে।

(চ) উপযুক্ত সময়ত প্ৰতিষেধক ছিটা দিব লাগে।

প্রশ্ন ৩: ভাইৰাছ কি? ভাইৰাছৰ দ্বাৰা হোৱা কেইবিধমান ৰোগৰ নাম উল্লোখ কৰা।

উত্তৰঃ ভাইৰাছবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা কিছুমান অণুজীব। ইহঁত কেৱল পোষক জীৱ অর্থাৎ বেক্টেৰিয়া, উদ্ভিদ বা প্রাণীবোৰৰ ভিতৰতহে বংশ বৃদ্ধি কৰিব পাৰে। চৰ্দি, জ্বৰ, কাঁহ, পলিঅ’ আদি ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ।

প্রশ্ন ৪: খাদ্য সংৰক্ষণৰ প্ৰয়োজন কি?

উত্তৰঃ অণুজীৱবোৰে আমাৰ খাদ্যত কেতিয়াবা বিষাক্ত পদার্থ উৎপন্ন কৰে। সেমেকা অৱস্থাত কিছুমান অণুজীৱ খাদ্যত জন্মে আৰু খাদ্যত বিষক্রিয়া ঘটায়। সেইকাৰণে খাদ্য সামগ্রী নষ্ট নোহোৱাকৈ সংৰক্ষণ কৰাটো অতি প্রয়োজন।

প্রশ্ন ৫: খাদ্য সংৰক্ষণৰ তাপ আৰু শীতলীকৰণ পদ্ধতি বর্ণনা কৰা। 

উত্তৰঃ তাপ আৰু শীতলীকৰণ পদ্ধতিৰে খাদ্য সংৰক্ষণ কৰিব পাৰি। তাপ দি উতলালে বহুতো অণুজীৱ ধ্বংস হ’ব। কম উষ্ণতাত অণুজীৱৰ বৃদ্ধি হ’ব নোৱাৰে। পাষ্টয়ৰী কৰা গাখীৰ উতলাই নোলোৱাকৈও খাব পাৰি। এনে গাখীৰ ১৫ ৰ পৰা ৩০ ছেকেণ্ডলৈ ৭০ ডিগ্রী ছেলছিয়াছলৈ উতলাই হঠাতে বৰফ ঠাণ্ডা কৰি জমা কৰা হয়। পেকেটৰ গাখীৰ সেইকাৰণে বেয়া হৈ নাযায়।

2 thoughts on “Class 8 Science Chapter 2 অনুজীৱ : মিত্ৰ আৰু শত্ৰু”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top