SEBA Class 8 Science Chapter 7 ঘৰ্ষণ

SEBA Class 8 Science Chapter 7 ঘৰ্ষণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 7 ঘৰ্ষণ Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SEBA Class 8 General Science Textual Solutions.

SEBA Class 8 Science Chapter 7 ঘৰ্ষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.

ঘৰ্ষণ

Chapter – 7

অনুশীলনী

১। খালী ঠাই পূৰ কৰা।

(ক) পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ ______________ ঘৰ্ষণে বাধা দিয়ে।

উত্তৰঃ পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ আপেক্ষিক গতিত ঘৰ্ষণে বাধা দিয়ে।

(খ) পৃষ্ঠৰ _____________ৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।

উত্তৰঃ পৃষ্ঠৰ মসৃণতাৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।

(গ) ঘৰ্ষণে ____________ উৎপন্ন কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ঘৰ্ষণে তাপ উৎপন্ন কৰে।

(ঘ) কেৰম ব’ৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰ্ষণ ______________।

উত্তৰঃ কেৰম ব’ৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰ্ষণ হ্ৰাস

(ঙ) স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান ______________।

উত্তৰঃ স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান কম

২। চাৰিজন ছাত্ৰক ঘূৰ্ণি, স্থিতি আৰু পিছল ঘৰ্ষন বলৰ মান অধঃক্ৰমত সজাবলৈ কোৱা হ’ল। তলত উত্তৰ কেইটা উপস্থাপন কৰা হ’ল। কোনটো শুদ্ধ নিৰ্নয় কৰা–

(ক) ঘূৰ্নি, স্থিতি, পিছল।

(খ) ঘুৰ্ণি, পিছল, স্থিতি।

(গ) স্থিতি, পিছল, ঘূৰ্নি।

(ঘ) পিছল, স্থিতি, ঘূৰ্নি।

উত্তৰঃ (গ) স্থিতি, পিছল, ঘূৰ্নি।

৩। ৰাবিয়াই তাইৰ পুতলা গাড়ীখন মাৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া, মজিয়াত পাৰি থোৱা বাতৰি কাকত আৰু টাৱেলৰ ওপৰেৰে চলাইছে। বিভিন্ন পৃষ্ঠৰ গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষন বলৰ মান উৰ্দ্ধক্ৰমত লিখিলে শুদ্ধ উত্তৰ হ’ব–

(ক) মাৰ্বলৰ তিতা মজিয়া, মৰ্বলৰ শুকান মজিয়া, বাতৰি কাকত আৰু টাৱেল।

(খ) বাতৰি কাকত, টাৱেল, মৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া।

(গ) টাৱেল, বাতৰি কাকত, মৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া।

(ঘ) মৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া, টাৱেল, বাতৰি কাকত।

উত্তৰঃ (ক) মাৰ্বলৰ তিতা মজিয়া, মাৰ্বলৰ শুকান মজিয়া, বাতৰি কাকত আৰু টাৱেল।

৪। ধৰা হ’ল তোমাৰ লিখা ডেস্কখন কিছু পৰিমাণে হেলনীয়া। ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে। কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষন বলৰ দিশ দেখুওৱা।

উত্তৰঃ ঘৰ্ষণ বলে গতিশীল বস্তুৰ ওপৰত সদায়ে ক্ৰিয়া কৰে আৰু ইয়াৰ দিশ সদায় বস্তুৰ গতিৰ দিশৰ বিপৰীতমুখী হয়।

সেয়েহে, কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বলৰ দিশ কিতাপখনৰ গতিৰ বিপৰীত দিশত হ’ব, অৰ্থাৎ ঘৰ্ষণ বল ডেস্কখনৰ হেলনীয়া পৃষ্ঠৰ ওপৰৰ ফালে (ঊৰ্ধ্বমুখী) ক্ৰিয়া কৰিব।

৫। দুৰ্ঘটনাবশতঃ মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালা। ইয়াৰ বাবে মজিয়াখনত খোজ কাঢ়িবলৈ সহজ হ’ব নে টান হ’ব? কাৰণ দৰ্শোৱা।

উত্তৰঃ দুৰ্ঘটনাবশতঃ মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালে। ইয়াৰ বাবে মজিয়াখনত খোজ কাঢ়িবলৈ টান হ’ব। কাৰণ চাবোন পানীয়ে মাৰ্বলৰ পৃষ্ট ভাগৰ মসৃণতা বঢ়াই দিয়ে। ফলত তাৰ ঘৰ্ষণ কমে। গতিকে খোজ কাঢ়িলে পিছলি পৰাৰ সম্ভাৱনা অধিক থাকিব।

৬। খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা।

উত্তৰঃ যিমানে পৃষ্ঠবোৰ খহটা হয়, সিমানে ঘৰ্ষণ বেছি হয়। খেলুৱৈ সকলে সমতল পৃষ্ঠ (খেল পথাৰ)ৰ ওপৰেৰে দৌৰিব লাগে। যদি জোতাৰ তলি মিহি হয় তেতিয়া খেল পথাৰৰ পৃষ্ঠৰ লগত ইয়াৰ ঘৰ্ষন কম হয়। ফলত খেলুৱৈসকলে বেছি দ্ৰুতিৰে দৌৰিব নোৱাৰে।

যদি খেলুৱৈ সকলে গজাল থকা জোতা ব্যৱহাৰ কৰে, তেতিয়া গজাল বোৰে ঘৰ্ষণৰ মান বঢ়ায় অৰ্থাৎ জোতা যোৰ খেল পথাৰৰ পৃষ্ঠত পিছলি নেযায়। ফলত খেলুৱৈসকলে বেছি দ্ৰুতিৰে দৌৰিব পাৰে। সেয়ে খেলুৱৈ সকলে গজাল থকা জোতা ব্যৱহাৰ কৰে।

৭। ইকবালে পাতল বাকচ এটা আৰু সীমাই একে ধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে। কোনে বেছি বল প্ৰয়োগ কৰিবলগীয়া হ’ব আৰু কিয়?

উত্তৰঃ ইকবালে পাতল বাকচ এটা আৰু সীমাই একে ধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে। সীমাই ইকবালতকৈ বেছি বল প্ৰয়োগ কৰিব লাগিব। কাৰণ যিমানে বস্তুৰ ভৰ বেছি হয়, সিমানে ঘৰ্ষন বেছি হয়। সীমাৰ বাকচটোৰ ভৰ ইকবালৰ বাকচটোতকৈ বেছি। গতিকে সীমাৰ বাকচটোৰ ঘৰ্ষণ বেছি বাবে একেখন মজিয়াৰ ওপৰেৰে সীমাৰ বাকচটো ঠেলিবলৈ বেছি বলৰ প্ৰয়োজন হ’ব।

৮। স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণ কিয় কম ব্যাখ্যা কৰা।

উত্তৰঃ দুখন পৃষ্ঠ যেতিয়া সংস্পৰ্শত থাকে, তেতিয়া পৃষ্ঠ দুখনৰ অসমতা বা খলাবমাবোৰ খাজে খাজে মিলি যায় আৰু পৃষ্ঠ দুখন খাপ খাই ধৰে। গতিকে এখন পৃষ্ঠৰ ওপৰেৰে আনখন পৃষ্ঠ পিছলিবলৈ হ’লে খাপ খাই থকা অৱস্থাৰ পৰা মুক্ত কৰিবলৈ বল প্ৰয়োগ কৰিব লাগিব। স্থিৰ অৱস্থাত এই খাপ খাই ধৰা পৰিমাণ বেছি হয়। যেতিয়া এখন পৃষ্ঠ আন এখনৰ ওপৰেৰে গতি কৰে, তেতিয়া খাপে খাপে খাপ খাই ধৰা সময় কম পায়, ফলত ঘৰ্ষণ বলৰ মান কমি যায়। গতিকে স্থিতি ঘৰ্ষনতকৈ পিছল ঘৰ্ষনৰ মান কমি যায়।

1 thought on “SEBA Class 8 Science Chapter 7 ঘৰ্ষণ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top