SEBA Class 8 Science Chapter 6 বল আৰু চাপ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 6 বল আৰু চাপ Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SEBA Class 8 General Science Textual Solutions.
SEBA Class 8 Science Chapter 6 বল আৰু চাপ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.
বল আৰু চাপ
Chapter – 6
| অনুশীলনী |
১। বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া।
উত্তৰঃ বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ হ’ল–
(ক) টেবুলৰ ওপৰত থোৱা কিতাপ এখন লৰচৰ কৰা: স্থিৰ অৱস্থাত থকা কিতাপ এখনক গতিশীল কৰিবলৈ ইয়াক ঠেলিব বা টানিব লগা হয়।
(খ) দুৱাৰ এখন খোলা বা বন্ধ কৰা: দুৱাৰ এখন খোলিবলৈ বা বন্ধ কৰিবলৈ ইয়াক ঠেলা বা টনা কাৰ্যৰ প্ৰয়োজন হয়।
২। বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হ’ল–
(ক) আটাৰ লদাত হেঁচা দিয়া: এখন থালত থোৱা আটাৰ লদা এটাক হাতেৰে তললৈ হেঁচি দিলে বা বেলি ৰুটি বনালে বল প্ৰয়োগৰ ফলত ইয়াৰ আকৃতিৰ পৰিৱৰ্তন ঘটে।
(খ) বেলুন বা ৰবৰৰ বল চেপি ধৰা: দুয়োখন হাতৰ তলুৱাৰ মাজত ফুলাই থোৱা বেলুন এটা চেপি ধৰিলে, অথবা টেবুলৰ ওপৰত থোৱা ৰবৰৰ বল এটা হেঁচি ধৰিলে ইয়াৰ আকৃতি সলনি হয়।
৩। তলৰ উক্তি বোৰত খালী স্থান পূৰ কৰা:
(ক) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছী ডাল _____________ লাগে।
উত্তৰঃ কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছী ডাল টানিব লাগে।
(খ) এটা আধান যুক্ত বস্তুৱে আন এটা আধান হীন বস্তুক নিজৰ ফালে _____________ কৰে।
উত্তৰঃ এটা আধান যুক্ত বস্তুৱে আন এটা আধান হীন বস্তুক নিজৰ ফালে আকৰ্ষণ কৰে।
(গ) বোজাই কৰা ট্ৰলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ______________ লাগিব।
উত্তৰঃ বোজাই কৰা ট্ৰলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ঠেলিব লাগিব।
(ঘ) এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক ______________ কৰে।
উত্তৰঃ এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰে।
৪। এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্য লৈ টোৱাই টানি ধৰে। তেওঁ নিক্ষেপ কৰা কাঁড়পাত লক্ষ্যলৈ ধাৱমান হয়। এই কথাখিনিৰ আধাৰত তলত লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাই সমূহ পূৰ কৰা:
পেশীয়, স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ।
(ক) ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ ______________ পৰিৱৰ্তন ঘটায়।
উত্তৰঃ ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ আকৃতিৰ পৰিৱৰ্তন ঘটায়।
(খ) ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল _____________ বলৰ উদাহৰণ।
উত্তৰঃ ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল পেশীয় বলৰ উদাহৰণ।
(গ) কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে ____________ বলৰ উদাহৰণ।
উত্তৰঃ কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে অস্পৰ্শ বলৰ উদাহৰণ।
(ঘ) কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে _____________ আৰু বায়ুৰ বাবে হোৱা ______________।
উত্তৰঃ কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে মাধ্যাকৰ্ষণ আৰু বায়ুৰ বাবে হোৱা ঘৰ্ষণ।
৫। তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা। প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা।
(ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা।
উত্তৰঃ বল প্ৰয়োগ কৰা কাৰক: হাতৰ আঙুলি।
বল প্ৰয়োগ হোৱা বস্তু: নেমু টেঙাৰ ৰস।
বলৰ পৰিণতি: বল প্ৰয়োগৰ ফলত নেমুটোৰ আকৃতিৰ পৰিৱৰ্তন ঘটে আৰু তাৰ পৰা ৰস ওলাই আহে।
(খ) টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা।
উত্তৰঃ বল প্ৰয়োগ কৰা কাৰক: হাতৰ আঙুলি।
বল প্ৰয়োগ হোৱা বস্তু: টুথ পেষ্টৰ টিউব।
বলৰ পৰিণতি: বল প্ৰয়োগৰ ফলত টুথ পেষ্টৰ টিউবটোৰ আকৃতিৰ পৰিৱৰ্তন ঘটে আৰু ভিতৰৰ পৰা পেষ্টখিনি বাহিৰলৈ ওলাই আহে।
(গ) বেৰৰ হাকোটাৰ পৰা ওলোমাই থোৱা স্প্রিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে।
উত্তৰঃ বল প্ৰয়োগ কৰা কাৰক: ওলোমাই ৰখা গধুৰ ভাৰটো।
বল প্ৰয়োগ হোৱা বস্তু: স্প্ৰিংডাল।
বলৰ পৰিণতি: বল প্ৰয়োগৰ ফলত স্প্ৰিংডালৰ আকৃতিৰ পৰিৱৰ্তন ঘটে।
(ঘ) নিৰ্দিষ্ট উচ্চতাত প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জপিওৱা।
উত্তৰঃ বল প্ৰয়োগ কৰা কাৰক: খেলুৱৈজনৰ ভৰিৰ পেশী।
বল প্ৰয়োগ হোৱা বস্তু: খেলুৱৈজনৰ নিজৰ শৰীৰ।
বলৰ পৰিণতি: পেশীয় বল প্ৰয়োগৰ ফলত খেলুৱৈজনৰ শৰীৰৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটে, যাৰ ফলত তেওঁ মাটিৰ পৰা ওপৰলৈ জঁপিয়াব পাৰে আৰু দণ্ডডাল অতিক্ৰম কৰিব পাৰে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



You are vary saxy