Class 8 Science Chapter 8 কোষ – গঠন আৰু কাৰ্য

Class 8 Science Chapter 8 কোষ – গঠন আৰু কাৰ্য answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Science Chapter 8 কোষ – গঠন আৰু কাৰ্য – সমাধান and select needs one.

Class 8 Science Chapter 8 কোষ – গঠন আৰু কাৰ্য

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Science Chapter 8 কোষ – গঠন আৰু কাৰ্য Solutions for All Subject, You can practice these here…

কোষ – গঠন আৰু কাৰ্য

পাঠ – ৮ ( বিজ্ঞান )

) তলৰ উক্তি বোৰ সত্য নে অসত্য চিনাক্ত কৰা

) এককোষী জীৱৰ দেহত এটা কোষ থাকে

উত্তৰ:- সত্য ।

) পেশী কোষবোৰ শাখা যুক্ত

উত্তৰ:- অসত্য ।

) এটা জীৱৰ মৌলিক জীৱিত একক হল অংগ

উত্তৰ:- অসত্য ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

) এমিবাৰ আকৃতি অনিয়মীয়া

উত্তৰ:- সত্য ।

) মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা স্নায়ু কোষে কি কাম কৰে ?

উত্তৰ:-

মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা
মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা

স্নায়ু কোষে সংকেত গ্ৰহণ আৰু প্ৰেৰণ কৰে । কেন্দ্ৰীয় স্নায়ু তন্ত্ৰক এই সংকেত যোগান ধৰে আৰু এনেদৰে দেহৰ বিভিন্ন অংগৰ মাজত সমন্ধ স্থাপন কৰে ।

) তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা

) কোষ প্ৰৰস

উত্তৰ:- কোষ প্ৰৰস হল কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য । কোষৰ আন বহু উপাদান বা কোষাংগ কোষ প্ৰৰসত পোৱা যায় । সেইবোৰ হল মাইট্ৰ’কণ্ডিয়া, গলগি বডি, ৰাবি’জ’ম ইত্যাদি ।

) কোষ কেন্দ্ৰ

উত্তৰ:- ই জীৱৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান । ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত । ইয়াক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি । এখন আবৰণে কোষ কেন্দ্ৰক কোষ প্ৰৰসৰ পৰা পৃথক কৰিছে । এই আৱৰণ খনক কোষ কেন্দ্ৰীয় আৱৰণ বোলে । এই আৱৰণ খন বিন্ধা যুক্ত ।

ই কোষ প্ৰৰস আৰু কোষ কেন্দ্ৰৰ মাজত পদাৰ্থৰ চলাচলত সহায় কৰে । কোষ কেন্দ্ৰৰ ভিতৰৰ অতি সৰু গোলাকাৰ অংশটোক অতিকোষ কেন্দ্ৰ বোলে । ক্ৰম’জ’ম নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন কোষ কেন্দ্ৰত থাকে । এইবোৰে জিন কঢিয়াই আৰু বংশানুক্ৰমে পোৱা গুণ বোৰ পিতৃ – মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে ।

) কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে ?

উত্তৰ:- কোষৰ কোষপ্ৰৰসত কোষাংগবোৰ থাকে ।

) প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা

উত্তৰ:-

প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি
প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি

সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য হল –

ক) প্ৰাণী কোষত কোষ বেৰ নাথাকে, কোষাৱৰণ   থাকে । কোষাৱৰণ বোৰ প্লাজমাৰে তৈয়াৰী থাকে । আনহাতে উদ্ভিদ কোষত ডাঠ কোষ বেৰ থাকে, কোষ বেৰ বোৰ ছেলুল’জেৰে তৈয়াৰী থাকে ।

খ) প্ৰাণী কোষত প্লাষ্টিড তথা ক্লৰ’প্লাষ্ট পোৱা নাযায় আনহাতে উদ্ভিদ কোষত প্লাষ্টিড তথা ক্লৰ’প্লাষ্ট পোৱা যায় ।

গ) প্ৰাণী কোষত ভেকুঅ’ল ( ৰসধানী ) নাথাকে বা সৰু কৈ থাকে আনহাতে উদ্ভিদ কোষত ভেকুঅ’ল ( ৰসধানী ) অতি ডাঙৰ থাকে ।

) ইউকেৰিঅটছ আৰু প্ৰকেৰিঅটছৰ মাজত পাৰ্থক্য উল্লেখ কৰা

উত্তৰ:- ইউকেৰিঅ’টছ আৰু প্ৰ’কেৰিঅটছৰ মাজত পাৰ্থক্য হল –

ক) ইউকেৰিঅ’টছত সুসংগঠিত কোষ কেন্দ্ৰ থাকে আনহাতে প্ৰ’কেৰিঅটছত সুসংগঠিত কোষ কেন্দ্ৰ নাথাকে ।

খ) ইউকেৰিঅ’টছত কোষ কেন্দ্ৰীয় দ্ৰব্য সমূহ আৱৰণৰ মাজত থাকে আনহাতে প্ৰ’কেৰিঅটছত কোষ কেন্দ্ৰীয় দ্ৰব্য সমূহ আৱৰণ নোহোৱাকৈ থাকে ।

গ) ইউকেৰিঅ’টছ বোৰ উচ্চ পৰ্যায়ৰ প্ৰাণীৰ দেহত পোৱা যায় । উদাহৰণ স্বৰুপে :- গৰু, ম’হ, চৰাই, ছাগলী, মানুহ, সাপ আদিৰ দেহত পোৱা যায় । আনহাতে প্ৰ’কেৰিঅটছ নিন্ম খাপৰ প্ৰাণীৰ দেহত পোৱা যায় । উদাহৰণস্বৰূপে :- নীল শেলাই আৰু সেউজ শেলাই, বেক্টেৰিয়া আদিৰ দেহত পোৱা যায় ।

) কোষৰ কোনটো অংশত ক্ৰম পোৱা যায় ? সিহঁতৰ কামবোৰ উল্লেখ কৰা

উত্তৰ:- কোষৰ কোষকেন্দ্ৰত ক্ৰম’জ’ম পোৱা যায় ।  ক্ৰম’জ’মৰ গাত ‘ জিন ‘ থাকে । এই জিনে এটা পুৰুষৰ পৰা পৰবৰ্তী পুৰুষলৈ চৰিত্ৰ বহন কৰে ।

) ‘ কোষ জীৱৰ মৌলিক গঠনগত একক ব্যাখ্যা কৰা

উত্তৰ:- জীৱৰ দেহৰ গঠনত ভাগ লোৱা ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশ হল কোষ । জীৱ বোৰ বিভিন্ন প্ৰজাতিৰ হলেও সকলো বোৰ জীৱ দেহ কিন্তু কোষেৰে গঠিত । এটা জীৱৰ কোষ বেৰ একেধৰণৰ । দেৱাল এখন বনোৱাত যিদৰে একে ধৰণৰ ইটা লগলগাই সম্পূৰ্ণ দেৱাল খন বনোৱা হয়, তেনেদৰে একে ধৰণৰ কোষেও একেটা জীৱ দেহৰ সৃষ্টি কৰে ।

গতিকে কোষক জীৱ দেহ গঠনৰ মৌলিক একক বোলা হয় । জীৱৰ সকলো বোৰ কাৰ্য কোষৰ কোষাংগ সমূহৰ দ্বাৰা পৰিচালিত হয় । এটা জীৱৰ কোষ বোৰ একে কিন্তু আন এটা জীৱৰ কোষৰ আকৃতিৰ লগত নিমিলে । কোষ বোৰৰ গঠন অতি জটিল ।

) কিয় হৰিৎকণা মাথোঁ উদ্ভিদৰ কোষতহে পোৱা যায় ? ব্যাখ্যা কৰা

উত্তৰ:- উদ্ভিদ বোৰে তাৰ সেউজীয়া পাতত থকা হৰিৎকণাৰ সহায়ত নিজৰ খাদ্য নিজে তৈয়াৰ কৰে । প্ৰাণীয়ে নকৰে । উদ্ভিদৰ খাদ্য তৈয়াৰ কৰা প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বোলে । উদ্ভিদৰ পাতত সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় হৰিৎকণা তাৰ পাতত থকা কোষৰ কোষ প্ৰৰসত সিঁচৰিত হৈ থকা প্লাষ্টিডত থাকে ।

যদি হৰিৎকণা নাথাকিল হেঁতেন তেন্তে উদ্ভিদে সালোক সংশ্লেষণ ঘটাব নোৱাৰিলে হেঁতেন । সেইবাবে উদ্ভিদৰ কোষতহে হৰিৎকণা থাকে । প্ৰাণীয়ে খাদ্য প্ৰস্তুত দেহত নকৰে বাবে প্ৰাণী দেহত হৰিৎকণা নাথাকে ।

১০) তলৰ শব্দ সাঁথৰ সম্পূৰ্ণ কৰা

) কোষ কেন্দ্ৰত থকা পকোৱাসূতা সদৃশ গঠনৰ উপাদান

উত্তৰ:- ক্ৰম’জ’ম ।

) কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য

উত্তৰ:- কোষ প্ৰৰস ।

) পাতৰ কোষৰ কোষ প্ৰৰসত থকা ৰঙীণ পদাৰ্থ

উত্তৰ:- প্লাষ্টিড ।

) এবিধ এককোষী জীৱ

উত্তৰ:- এমিবা ।

) কোষ প্ৰৰসত থকা খালী ঠাই বিশিষ্ট গঠন

উত্তৰ:- ৰবাৰ্টহুক ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: কোষৰ আৱিষ্কাৰক কোন আছিল? তেওঁ বিমান চনত কিধৰণে ইয়াক আবিষ্কাৰ কৰিছিল?

উত্তৰঃ কোষ আবিষ্কাৰক ৰবাৰ্ট হুক। 

সৰল আতী কাচ সম্বলিত এবিধ যন্ত্ৰৰ সহায়ত কক’ৰ চকল এডোখৰ নিৰীক্ষণ কৰি 1665 চনত তেওঁ কোষ আবিষ্কাৰ কৰিছিল। কক’ৰ গাত তেওঁ মৌচাকৰ দৰে সৰু  সৰু কিছুমান পৃথক পৃথক কোঠালি দেখা পাইছিল।

প্রশ্ন ২: কোষৰ গঠনৰ ভিত্তিত জীব কেই প্ৰকাৰৰ উদাহৰণ দিয়া।

উত্তৰঃ কোষৰ গঠনৰ ভিত্তিত জীৱ দুই প্ৰকাৰৰ – এককোষী জীৱ আৰু বহুকোষী জীৱ। 

উদাহৰণ: এককোষী জীব – এমিবা, পেৰামছিয়াম আদি। 

বহুকোষী জীৱ – মানুহ, বাঘ, সিংহ, হাতী, কল, আম, ভেকুলী, মাছ, পৰুৱা আদি।

প্রশ্ন ৩: এমিবা আৰু পেৰামছিয়ামৰ কোষৰ চিত্ৰ অংকন কৰা।

উত্তৰঃ      

প্রশ্ন ৪: এমিবাই কিহৰ সহায়ত চলাচল কৰে?

উত্তৰঃ এমিবাই কূটপদৰ সহায়ত চলাচল কৰে। 

প্রশ্ন ৫:  মানুহৰ পেশীকোষ আৰু লোহিত ৰক্ত কণাৰ চিত্ৰ অংকন কৰা। 

উত্তৰঃ     

চিত্ৰ: (ক) মানুহৰ গোলাকাৰ লোহিত ৰক্ত কণিকা। 

(খ) মাকো আকাৰৰ পেশী কোষ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top