Class 6 Assamese Chapter 2 শহা আৰু সিংহ

Class 6 Assamese Chapter 2 শহা আৰু সিংহ Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Assamese Chapter 2 শহা আৰু সিংহ Solutions and select need one. Class 6 Assamese Chapter 2 শহা আৰু সিংহ Solutions Download PDF. Class 6 Assamese Question Answer As Per SCERT New Book Syllabus.

Class 6 Assamese Chapter 2 শহা আৰু সিংহ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Assamese New Textual Question Answer are part of All Subject Solutions. Here we have given SCERT Class 6 Assamese New Book Solutions, ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ Solutions for All Chapters, You can practice these here.

Chapter: 2

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

(i) জীৱ-জন্তুবোৰে অৰণ্যৰপৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল?

(ক) অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে।

(খ) মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে।

(গ) সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে।

(ঘ) হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (খ) মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে।

(ii) মন্দমতিয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাঁপ দিছিল?

(ক) কুঁৱাটো ফট্ফটীয়া পানীৰে ভৰি থকাৰ বাবে।

(খ) কুঁৱাটোৰ ভিতৰত আন চাৰিটা শহা থকা বুলি ভবাৰ বাবে।

(গ) ভোকত মন্দমতিৰ পেটে কাঁও-কাঁও কৰাৰ বাবে।

(ঘ) কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে।

উত্তৰঃ (ঘ) কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে।

২। তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৩। ‘শহা আৰু সিংহ’ সাধুটো কোৱা।

উত্তৰঃ ‘শহা আৰু সিংহ’ সাধুটোৱে বুজাইছে যে বুদ্ধিমত্তাই শক্তিতকৈ ডাঙৰ। মন্দমতি নামৰ সিংহটোৱে অৰণ্যৰ সকলো জন্তুৰ ওপৰত অত্যাচাৰ চলাইছিল। জীৱন ৰক্ষাৰ বাবে জন্তুবোৰে প্রতিদিনে এটাকৈ জন্তু পঠাবলৈ সিদ্ধান্ত ল’লে। সিহঁতে সিংহক বুজালে যে, যদি প্রতিদিনে স্বইচ্ছাৰে এটা জন্তু নিজে নিজে তেওঁৰ আহাৰ হ’বলৈ আহে, তেন্তে তেওঁক চিকাৰ কৰিবলৈ কষ্ট নকৰিলেও হ’ব। এদিন শহাৰ পাল আহিল। শহাই কৌশলে মন্দমতিক কুঁৱাটোৰ ওচৰলৈ লৈ গ’ল আৰু ক’লে যে আন এখন সিংহ কুঁৱাত লুকাই আছে। কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখি মন্দমতি গৰজি উঠিল, আৰু তাৰ প্রতিধ্বনি শুনি ভাবিলে সেয়া আন সিংহৰ গৰ্জন। খঙত কুঁৱালৈ জাঁপ দিয়াৰ ফলত সি প্ৰাণ হেৰুৱালে। এই সাধুটোৱে দেখুৱায় যে উপস্থিত বুদ্ধিৰে শক্তিশালী বিৰোধীকো পৰাস্ত কৰিব পৰা যায়।

৪। তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাওঁ আহা-

শব্দঅৰ্থ
ক্ষুধাবাধাকৰণ, গুচোৱা কার্য
নিবাৰণসিংহৰ ডিঙিৰ দীঘল নোম
প্রতিবিম্বঅইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কার্য
হাজিৰৰক্ষা, উদ্ধাৰ
বন্ধকভোক
কেশৰছাঁ, আর্চী বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি
নিস্তাৰউপস্থিত

উত্তৰঃ 

শব্দঅৰ্থ
ক্ষুধাভোক
নিবাৰণবাধাকৰণ, গুচোৱা কার্য
প্রতিবিম্বছাঁ, আর্চী বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি
হাজিৰউপস্থিত
বন্ধকঅইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কার্য
কেশৰসিংহৰ ডিঙিৰ দীঘল নোম
নিস্তাৰৰক্ষা, উদ্ধাৰ

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।

(ক) অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে জধে-মধে বধ কৰিছিল?

উত্তৰঃ অৰণ্যৰ জীৱ-জন্তুবোৰ মন্দমতি নামৰ সিংহটোৱে জধে-মধে বধ কৰিছিল।

(খ) শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ পাঁচটা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল?

উত্তৰঃ শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ পাঁচটা শহা অহা বুলি কৈছিল। দৰাচলতে এটা শহা আহিছিল।

(গ) কুঁৱাৰ পানীত প্রতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল?

উত্তৰঃ কুঁৱাৰ পানীত প্রতিবিম্বটো দেখি মন্দমতিয়ে আন এটা সিংহ আছে বুলি ভাবি খঙতে জাঁপ মাৰিছিল।

৬। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা।

(ক) অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ’ব বুলি ভাবিছিল?

উত্তৰঃ অৰণ্যৰ সকলো জীৱ-জন্তুৱে মিলি আলোচনা কৰি এই সিদ্ধান্ত লৈছিল যে, প্ৰতিদিনে পালক্রমে এটি জন্তু সিংহটোৰ আহাৰ হিচাপে পঠোৱা হ’ব। সিহঁতে সিংহক এই বিশ্বাস দিছিল যে, এনে কৰিলে তেওঁৰ খাদ্যৰ অভাৱ নহ’ব আৰু তেওঁক চিকাৰৰ বাবে বেছিকৈ কষ্ট কৰিব নালাগে।

লাভঃ এই ব্যৱস্থাই সিংহৰ ক্ষুধা নিবাৰণ কৰাৰ লগতে অৰণ্যৰ জীৱ-জন্তুবোৰকো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব।

(খ) কুঁৱাৰ পানীত শহাটোৱে তাৰ প্রতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল?

উত্তৰঃ কুঁৱাৰ পানীত শহাটোৱে তাৰ প্রতিবিম্বটো দেখি বুদ্ধি পাঙিলে আৰু মন্দমতিক কুঁৱাটোৰ ওচৰলৈ লৈ গ’ল। কুঁৱাটোৰ কাষত পাই শহাটোৱে ক’লে- “মহাৰাজ, আপোনাক দেখি সি এই কুঁৱাটোতে লুকাইছে।” শহাৰ কথা সম্পূৰ্ণ হোৱাৰ আগতেই মন্দমতিয়ে খঙত কুঁৱাটোত জুমি চালে। কুঁৱাৰ পানীত সি নিজৰ প্রতিবিম্বটো দেখি আন এটা সিংহ আছে বুলি ভাবি গৰজি উঠিল। সিংহৰ সেই গর্জন কুঁৱাৰ ভিতৰৰপৰা প্রতিধ্বনি হৈ ওলাই আহিল। গর্জন আৰু প্ৰতিধ্বনি শুনি মন্দমতিয়ে বিশ্বাস কৰিলে যে কুঁৱাৰ ভিতৰত আন এটা সিংহ আছে, আৰু তাক ধৰিবলৈ কুঁৱালৈ জাঁপ দিলে।

(গ) সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই-বিনাই কি কথা কৈছিল?

উত্তৰঃ সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই-বিনাই কৈছিল যে আন এটা সিংহ সিহঁতৰ আগত ৰজা হৈ থকাৰ দাবী কৰিছিল।

(ঘ) কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিলনে? যদি নাছিল, মন্দমতিয়ে কিয় কুঁৱাটোত জাঁপ মাৰিছিল?

উত্তৰঃ সিংহক সন্তুষ্ট কৰি বিপদৰ পৰা ৰক্ষা পাবলৈ শহাই ভয়তে ইনাই-বিনাই কৈছিল যে, আন এটা সিংহ আহি তেওঁলোকৰ আগত ৰজা হিচাপে নিজৰ অধিকাৰ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে।

৭। কোনে, কাক আৰু কিয় কৈছিল লিখা।

(ক) “এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই-বই থাকিব পাৰিব।”

উত্তৰঃ অৰণ্যৰ জীৱ-জন্তুবোৰে মন্দমতিক কৈছিল।

(খ) “কি! তাৰ ইমান সাহ্! এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব’ল। আজি মোৰ হাতৰপৰা সি কোনোমতেই নিস্তাৰ নাপাব।”

উত্তৰঃ মন্দমতি সিংহটোৱে শহাটোক কৈছিল।

ভাষা-অধ্যয়ন

২৮। বিপৰীত অর্থ বুজোৱা শব্দবোৰ পাঠৰপৰা বিচাৰি উলিয়াই লিখা।

নিৰ্বলী
সুখ
স্থিৰ
দূৰ
বৰ্জন
প্ৰজা
অসন্মত
চঞ্চল

উত্তৰঃ 

নিৰ্বলীবলী
সুখদুখ
স্থিৰঅস্থিৰ
দূৰওচৰ
বৰ্জনগ্ৰহণ
প্ৰজাৰজা
অসন্মতসন্মত
চঞ্চলগহীন

৯। বাক্য বচনা কৰা-

(ক) ৰাজত্ব: _________________________

উত্তৰঃ শহা আৰু সিংহ সাধুত মন্দমতি নামৰ সিংহই ৰাজত্ব কৰিছিল।

(খ) প্রস্তাৱ: _________________________

উত্তৰঃ বিয়াত যাবৰ কাৰণে মীনাৰ ঘৰৰ পৰা সুনিতাৰ ঘৰলৈ প্ৰস্তাৱ আগবঢ়ালে।

(গ) প্রতিবিম্ব: _________________________

উত্তৰঃ কুঁৱাৰ পানীত মন্দমতিয়ে প্রতিবিম্বটো দেখি আন এটা সিংহ আছে বুলি ভাবি গৰজি উঠিল।

(ঘ) প্রতিধ্বনি: _________________________

উত্তৰঃ সিংহৰ সেই গর্জন কুঁৱাৰ ভিতৰৰপৰা প্রতিধ্বনি হৈ ওলাই আহিল।

(ঙ) অনায়াসে: _________________________

উত্তৰঃ সঠিক পৰিকল্পনাৰে কাম কৰিলে যিকোনো লক্ষ্য অনায়াসে অর্জন কৰিব পৰা যায়।

১০। দলত আলোচনা কৰি ফুলপাহৰ গাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূর্ণ কৰা-

জুমণিহতঁৰ ঘৰৰ কাষেৰে এটি নিজৰা _____________ কৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ

____________ কৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই ____________ কৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ __________ কৈ সৰিছে। ___________ কৈ বতাহ বলিছে। গোলাপৰ পুলিটো ____________ কৈ বাঢ়ি আহিছে। তাকে দেখি জুমণিয়ে ____________ কৈ হাঁহিছে।

উত্তৰঃ জুমণিহতঁৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলকুল কৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ

জক্ মক্ কৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণ্ গুণ্ কৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টোপ্ টোপ্ কৈ সৰিছে। লহ্পহ্ কৈ বতাহ বলিছে। গোলাপৰ পুলিটো ৰিব্ ৰিব্ কৈ বাঢ়ি আহিছে। তাকে দেখি জুমণিয়ে খিল্ খিল্ কৈ হাঁহিছে।

১১। দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্ত্যমিল থকা আন আন শব্দ গঠন কৰা-

গলগলীয়াসলসলীয়াচল্চলীয়ামলমলীয়া
টিক্টিকীয়া
জক্মক্
টিক্টিক্

উত্তৰঃ

গলগলীয়াসলসলীয়াচল্চলীয়ামলমলীয়া
টিক্টিকীয়াখৰচীয়াজৰজৰীয়ামচমচীয়া
জক্মক্চকমক্জগমগ্ৰক্মক্
টিক্টিক্খটখট্খচখচ্কটকট্

১২। তলত দিয়া দফাটোৰ উপযুক্ত স্থানত যতি-চিহ্ন ব্যৱহাৰ কৰা।

শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে কেশৰ ফুলাই গল্পলীয়া মাতেৰে ক’লে কি তাৰ ইমান সাহ্ এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব’ল আজি মোৰ হাতৰপৰা সি কোনোমতেই নিস্তাৰ নাপাব।

উত্তৰঃ শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে কেশৰ ফুলাই গল্পলীয়া মাতেৰে ক’লে, “কি! তাৰ ইমান সাহ্! এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব’ল। আজি মোৰ হাতৰপৰা সি কোনোমতেই নিস্তাৰ নাপাব।”

১৩। তোমালোকে পাঠাটোত জীৱ-জন্ত, লাহে-ধীৰে আদি যুৰীয়া শব্দবোৰ পাইছা। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ। দলত ভাগ হৈ তালিকাত দিয়া ধৰণৰ বিভিন্ন যুৰীয়া শব্দ লিখা।

জা-জলপানজধে-মধেজীৱন-মৰণ
বা-বাতৰিলাহে-ধীৰেতর্জন-গর্জন

উত্তৰঃ 

জা-জলপানজধে-মধেজীৱন-মৰণ
বা-বাতৰিলাহে-ধীৰেতর্জন-গর্জন
ইনাই-বিনাইখাই-বইজীৱ-জন্তু
ফল-মূলঅহা-যোৱাসাজ-পাৰ
ঘূৰি-ফুৰাখোৱা-বোৱাচোৱা-চিতা
সুখ-দুখভাল-বেয়াখেল-ধেমালি
জ্ঞান-সম্প্ৰসাৰণ

১৪। শহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিলনে? দলত আলোচনা কৰি নিজৰ মতামত প্রকাশ কৰা।

উত্তৰঃ শহাটোৰ মনত খেলোৱা বুদ্ধিটো যথেষ্ট সঠিক আছিল। শহাটোৱে মন্দমতিক কুঁৱাৰ ওচৰত লৈ গৈ তাৰ নিজৰ প্ৰতিবিম্ব দেখুৱাই বিশ্বাস কৰালে যে কুঁৱাৰ পানীত আন এটা সিংহ আছে। মন্দমতিয়ে খঙত কুঁৱাটোত জুমি চালে। কুঁৱাৰ পানীত সি নিজৰ প্ৰতিবিম্বটো দেখি আন এটা সিংহ আছে বুলি ভাবি গৰজি উঠিল। সিংহৰ সেই গর্জন কুঁৱাৰ ভিতৰৰপৰা প্রতিধ্বনিত হৈ ওলাই আহিল। লগে লগে মন্দমতিয়ে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰোঁ বুলি কুঁৱাটোত জাঁপ দিলে। শহাটোৱে সাহস আৰু বুদ্ধিৰে নিজৰ লগতে সকলো জীৱৰ প্ৰাণ ৰক্ষা কৰিছিল।

১৫। সাধুটোত শহাটোৱে বুদ্ধিৰে অৰণ্যৰ জীৱ-জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰিলে। তোমাৰ অঞ্চলত যদি এটা গঁড় বা হাতী হঠাৎ আহি ওলায়, তেতিয়া তুমি কি কৰিবা? ভাবি কোৱা আৰু লিখা।

উত্তৰঃ যদি মোৰ অঞ্চলত এটা গঁড় বা হাতী হঠাৎ ওলাই আহে, তেতিয়া মই ভয় নকৰাকৈ শান্তি মনেৰে থাকিম। মই চিঞৰ-বাখৰ নকৰোঁ যাতে জন্তুৱে ভয় নাপায় আৰু আগ্ৰাসী নহয়। মই সাৱধান হৈ নিজৰ লগতে আন সকলোকে সতৰ্ক কৰিম। তৎক্ষণাৎ মই নিৰাপদ ঠাইলৈ সৰি পৰিম আৰু বন বিভাগ বা আৰক্ষীক খবৰ দিম যাতে তেওঁলোকে সঠিক ব্যৱস্থা গ্ৰহণ কৰে।

১৬। শহাটোৱে কৌশলেৰে মন্দমতিৰপৰা নিজৰ লগতে অৰণ্যৰ জীৱ-জন্তুবোৰক ৰক্ষা কৰিলে। শহাটোৱে অৱলম্বন কৰা এই কৌশলৰ লগত তুমি সহমত হয়নে। সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।

উত্তৰঃ সপক্ষে যুক্তি:

শহাটোৱে নিজৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে অৰণ্যৰ সকলো জীৱ-জন্তুবোৰৰ ৰক্ষা কৰিলে। সিংহৰ সৈতে যুঁজ নকৰি বুদ্ধিৰে সমস্যাটোৰ সমাধান কৰিলে। শহাটোৱে সিংহৰ পথ বাচি লোৱাতকৈ চতুৰতাৰে সিংহক ভুল ধৰাই কুৱালৈ জাঁপ দিবলৈ বাধ্য কৰালে।

বিপক্ষে যুক্তি:

শহাটোৱে মিছা কথাৰে সিংহক বিভ্রান্ত কৰিছিল, যাক নৈতিকভাৱে ঠিক বুলি ক’ব নোৱাৰি। যদি সিংহই সত্য জানিলেহেঁতেন তেন্তে অৰণ্যৰ জীৱ-জন্তুক বিপদত পাৰিলেহেঁতেন।

১৭। দলত ভাগ হৈ প্রতিটো দলে তলত দিয়া শব্দসমূহৰপৰা অতি কমেও পাঁচটাকে শব্দ ব্যৱহাৰ কৰি একোটাকৈ দফা লিখা।

টংটংপৰিপাটিটিক্টিকীয়াজক্মক্
খপ্জপ্মিচীক্-মিচীক্গলগলীয়াৰজন্জনা

উত্তৰঃ টংটং: আমাৰ বিদ্যালয়ৰ বেলখন টংটং কৈ বাজে।

পৰিপাটি: কাকত সাজি কৃত্য-স্থলটো পৰিপাটি কৰি ৰখা হৈছিল।

টিক্টিকীয়া: ঘড়ীটোৱে টিক্টিকীয়া শব্দ কৰি সময়ৰ লগত আগবাঢ়ি গৈছে।

জক্মক্: নতুন পলিশ কৰা জোতা জোৰ জক্মক্ কৰি উঠিল।

খপ্ জপ্: চৰাইবোৰ খপ্ জপ্ কৰি ডাঠ গছৰ ডালত বহি থাকিল।

মিচীক্-মিচীক্: সুনিতাই  মিচীক্-মিচীক্ কৈ হাঁহি আছিল।

গলগলীয়া: কাঁহ ধৰাৰ পাছত ৰাহুলৰ কণ্ঠটো গলগলীয়া হৈ পৰিছিল।

ৰজন্জনা: ৰজন্জনা ফুলবোৰ বাগিচাখনত বৰ ধুনীয়া দেখা গৈছে। 

১৮। আগৰ শ্ৰেণীত পাই অহা নাটিকাৰ আর্হিত ‘শহা আৰু সিংহ’ সাধটো নাট্যৰূপত লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top