SEBA Class 8 Science Chapter 4 কয়লা আৰু পেট্ৰ’লিয়াম Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 4 কয়লা আৰু পেট্ৰ’লিয়াম Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SEBA Class 8 General Science Textual Solutions.
SEBA Class 8 Science Chapter 4 কয়লা আৰু পেট্ৰ’লিয়াম
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.
কয়লা আৰু পেট্ৰ’লিয়াম
Chapter – 4
| অনুশীলনী |
১। চি. এন. জি. আৰু এল. পি. জি. ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি?
উত্তৰঃ চি. এন. জি. আৰু এল. পি. জি. ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল–
(i) পৰিষ্কাৰ ইন্ধন: এইবোৰ কম বায়ু-প্ৰদূষক হোৱাৰ বাবে তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন।
(ii) সহজ পৰিবহণ: এই গেছসমূহ নলীৰ মাজেদি সহজেই পৰিবহণ কৰিব পাৰি।
(iii) পোনপটীয়া যোগান আৰু ব্যৱহাৰ: চি. এন. জিৰ এটা ডাঙৰ সুবিধা এয়ে যে ঘৰ আৰু কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ ইয়াক পোনপটীয়াকে নলীৰে যোগান ধৰিব পাৰি। একেদৰে এল. পি. জি. ঘৰ আৰু উদ্যোগৰ বাবে ইন্ধন হিচাপে সহজেই ব্যৱহাৰ কৰিব পাৰি
২। ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰ’লিয়ামজাত সামগ্ৰীটোৰ নাম কি?
উত্তৰঃ ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰ’লিয়ামজাত সামগ্ৰীটোৰ নাম বিটুমেন/বিটুমিন।
৩। মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়া টোৰ নাম কি?
উত্তৰঃ মৃত গছ-গছনিৰ পৰা কয়লা সৃষ্টি হোৱাৰ প্ৰক্ৰিয়াটো তলত বৰ্ণনা কৰা হ’ল-
প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্ন ভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল। বানপানীৰ নিচিনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সংকুচিত হৈ গৈছিল। এইবিলাক যিমানে গভীৰলৈ সোমাই গৈছিল, এইবোৰৰ উষ্ণতা সিমানেই বাঢ়ি গৈছিল। এনেদৰে উচ্চ চাপ আৰু উচ্চ উষ্ণতাত মাটিৰ তলত পোত খাই থকা এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হৈছিল।
মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ (Carbonisation) বোলা হয়।
৪। খালী ঠাই পূৰ কৰা।
(ক) _____________, ____________ আৰু _____________ হৈছে জীৱাশ্ম ইন্ধন।
উত্তৰঃ কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন।
(খ) পেট্ৰ’লিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক _____________ বোলা হয়।
উত্তৰঃ পেট্ৰ’লিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক শোধন বোলা হয়।
(গ) আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হ’ল _____________।
উত্তৰঃ আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হ’ল চি. এন. জি.।
৫। তলত দিয়া উক্তিসমূহত শুদ্ধ/অশুদ্ধ বাছি উলিওৱা।
(ক) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি।
উত্তৰঃ অশুদ্ধ।
(খ) পেট্ৰ’লতকৈ চি. এন. জি. বেছি প্ৰদূষক ইন্ধন।
উত্তৰঃ অশুদ্ধ।
(গ) ক’ক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ।
উত্তৰঃ শুদ্ধ।
(ঘ) আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ।
উত্তৰঃ শুদ্ধ।
(ঙ) কেৰাচিন জীৱাশ্ম ইন্ধন নহয়।
উত্তৰঃ অশুদ্ধ।
৬। জীৱাশ্ম ইন্ধন সমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা।
উত্তৰঃ জীৱাশ্ম ইন্ধনসমূহ নিঃশেষীয় প্ৰাকৃতিক সম্পদ, ইয়াৰ মূল কাৰণসমূহ হ’ল-
(i) সৃষ্টিৰ মন্থৰ প্ৰক্ৰিয়া: মৃত জীৱসমূহৰ পৰা জীৱাশ্ম ইন্ধনলৈ পৰিৱৰ্তিত হ’বলৈ বহু নিযুত বছৰৰ প্ৰয়োজন হয়। ইয়াক মানুহে কৃত্ৰিমভাৱে কম সময়ৰ ভিতৰত সৃষ্টি কৰিব নোৱাৰে।
(ii) সীমিত ভাণ্ডাৰ: প্ৰকৃতিত এইবোৰৰ পৰিমাণ সীমিত। পৃথিৱীত থকা এইবোৰৰ জ্ঞাত ভাণ্ডাৰসমূহ মাত্ৰ কেইশমান বছৰলৈকেহে বৰ্তি থাকিব।
যিহেতু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা অনবৰত ব্যৱহাৰৰ ফলত এই সম্পদসমূহ এদিন শেষ হৈ যাব পাৰে আৰু শেষ হোৱাৰ পিছত ইয়াক সোনকালে পুনৰ ঘূৰাই পাব নোৱাৰি, সেয়েহে জীৱাশ্ম ইন্ধনসমূহক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়।
৭। ক‘কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা।
উত্তৰঃ ক’কৰ বৈশিষ্ট্য সমূহ হ’ল–
(ক) ক’ক এবিধ টান পদাৰ্থ।
(খ) ক’ক ছিদ্ৰ যুক্ত লা পদাৰ্থ।
(গ) ক’ক কাৰ্বনৰ বিশুদ্ধ ৰূপ।
(ঘ) অতি কম বায়ু বা বায়ুৰ অনুপস্থিতিত কোমল কয়লাক দহন কৰি ক’ক উৎপন্ন কৰা হয়।
(ঙ) ক’কৰ দহনত যথেষ্ট তাপ উৎপন্ন হয়।
(চ) ক’ক কলা বৰণীয়া পদাৰ্থ।
ব্যৱহাৰ: ইয়াক তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


[email protected]