SEBA Class 8 Science Chapter 3 পদাৰ্থ: ধাতু আৰু অধাতু Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Chapter 3 পদাৰ্থ: ধাতু আৰু অধাতু Solutions and select need one. SEBA Class 8 Science Notes in Assamese Download PDF. SEBA Class 8 General Science Textual Solutions.
SEBA Class 8 Science Chapter 3 পদাৰ্থ: ধাতু আৰু অধাতু
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 8 General Science Textbook Solutions are part of All Subject Solutions. Here we have given SCERT Class 8 Science Notes in Assamese for All Chapters, You can practice these here.
পদাৰ্থ: ধাতু আৰু অধাতু
Chapter – 3
| অনুশীলনী |
১। তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকৰলৈ নিব পাৰি?
(ক) জিংক।
(খ) ফছফৰাছ।
(গ) গন্ধক।
(ঘ) অক্সিজেন।
উত্তৰঃ (ক) জিংক।
২। তলত দিয়া কোনটো উক্তি শুদ্ধ?
(ক) সকলো ধাতু নমনীয়।
(খ) সকলো অধাতু নমনীয়।
(গ) সাধাৰণতে ধাতু সমূহ নমনীয়।
(ঘ) কিছুমান অধাতু নমনীয়।
উত্তৰঃ (গ) সাধাৰণতে ধাতু সমূহ নমনীয়।
৩। খালী ঠাই পূৰ কৰা–
(ক) ফছফৰাছ এবিধ অতি ____________ অধাতু।
উত্তৰঃ ফছফৰাছ এবিধ অতি সক্ৰিয় অধাতু।
(খ) ধাতু সমূহ তাপ আৰু ___________ৰ ___________ পৰিবাহী।
উত্তৰঃ ধাতু সমূহ তাপ আৰু বিদ্যুতৰ ভাল পৰিবাহী।
(গ) তামতকৈ লো ____________ সক্ৰিয়।
উত্তৰঃ তামতকৈ লো অধিক সক্ৰিয়।
(ঘ) ধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি _____________ গেছ উৎপন্ন কৰে।
উত্তৰঃ ধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
৪। উক্তিবোৰ শুদ্ধ হলে ‘শু’ আৰু অশুদ্ধ হ’লে ‘অ’ ৰে চিহ্নিত কৰিবা।
(ক) সাধাৰণতে, অধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে।
উত্তৰঃ অশুদ্ধ।
(খ) ছ’ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু।
উত্তৰঃ শুদ্ধ।
(গ) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে।
উত্তৰঃ অশুদ্ধ।
(ঘ) কয়লা টানি তাঁৰৰ ৰূপ দিব পাৰি।
উত্তৰঃ অশুদ্ধ।
৫। তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে। এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা–
| ধৰ্ম | ধাতু | অধাতু |
| (i) বাহ্যিক ৰূপ। | ||
| (ii) কঠিনতা। | ||
| (iii) ঘাতসহনীয়তা। | ||
| (iv) নমনীয়তা। | ||
| (v) তাপ পৰিবাহিতা। | ||
| (vi) বিদ্যুৎ পৰিবাহিতা। |
উত্তৰঃ
| ধৰ্ম | ধাতু | অধাতু |
| (i) বাহ্যিক ৰূপ। | ধাতুবোৰ সাধাৰণতে চিকমিকীয়া বা উজ্জ্বল হয়। | অধাতুবোৰ সাধাৰণতে অনুজ্জ্বল হয়। |
| (ii) কঠিনতা। | ধাতুবোৰ সাধাৰণতে কঠিন হয়। | অধাতুবোৰ সাধাৰণতে কোমল বা ভংগুৰ হয়। |
| (iii) ঘাতসহনীয়তা। | ধাতুবোৰ ঘাতসহনশীল। অৰ্থাৎ ইহঁতক হাতুৰীৰে পিটি পাতল পাত গঢ়িব পাৰি। | অধাতুবোৰ ঘাতসহনশীল নহয়। ইহঁতক পিটিলে ভাঙি গুৰি হৈ যায়। |
| (iv) নমনীয়তা। | ধাতুবোৰ নমনীয়। অৰ্থাৎ ইহঁতক টানি দীঘল তাঁৰ বনাব পাৰি। | অধাতুবোৰ নমনীয় নহয়। ইহঁতক টানি তাঁৰ বনাব নোৱাৰি। |
| (v) তাপ পৰিবাহিতা। | ধাতুবোৰ তাপৰ সুপৰিবাহী। | অধাতুবোৰ তাপৰ কুপৰিবাহী। |
| (vi) বিদ্যুৎ পৰিবাহিতা। | ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী। | অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী। |
৬। কাৰণ দৰ্শোৱা–
(ক) খাদ্য-সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।
উত্তৰঃ এলুমিনিয়াম এবিধ অতি ঘাতসহনশীল (malleable) ধাতু। সেয়েহে ইয়াক পিটি অতি পাতল পাত বা ফইল (foil) গঢ়িব পাৰি। ইয়াৰ উপৰিও, এলুমিনিয়ামে সাধাৰণতে খাদ্য-সামগ্ৰীৰ লগত সহজে কোনো ৰাসায়নিক বিক্ৰিয়া নকৰে আৰু বাহিৰৰ বীজাণু, ধূলি-মাকতি বা বায়ুৰ পৰা খাদ্যবিধক সুৰক্ষিত আৰু গৰম কৰি ৰখাত সহায় কৰে। সেইবাবে খাদ্য-সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।
(খ) জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত।
উত্তৰঃ ধাতুবোৰ সাধাৰণতে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰৰ (immersion rods) মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বৈদ্যুতিক শক্তিৰ সহায়ত অতি সোনকালে গৰম হৈ পৰে। যিহেতু ধাতু তাপৰ সুপৰিবাহী, সেয়েহে ই উৎপন্ন হোৱা তাপখিনি সহজে আৰু দ্ৰুতভাৱে বাহিৰৰ জুলীয়া পদাৰ্থবিধলৈ (যেনে- পানী) স্থানান্তৰিত কৰিব পাৰে আৰু জুলীয়া পদাৰ্থবিধ সোনকালে গৰম হয়। এই কাৰণেই নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মাণ কৰা হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


Which years question answer is here