Class 6 Assamese Chapter 4 ৰোওঁগৈ ব’লা গছৰ পুলি

Class 6 Assamese Chapter 4 ৰোওঁগৈ ব’লা গছৰ পুলি Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Assamese Chapter 4 ৰোওঁগৈ ব’লা গছৰ পুলি Solutions and select need one. Class 6 Assamese Chapter 4 ৰোওঁগৈ ব’লা গছৰ পুলি Solutions Download PDF. Class 6 Assamese Question Answer As Per SCERT New Book Syllabus.

Class 6 Assamese Chapter 4 ৰোওঁগৈ ব’লা গছৰ পুলি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Assamese New Textual Question Answer are part of All Subject Solutions. Here we have given SCERT Class 6 Assamese New Book Solutions, ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ Solutions for All Chapters, You can practice these here.

Chapter: 4

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পুৰ কৰা-

(i) নাটিকাখনৰ প্রথম দৃশ্যত গুণ্গুণ্কৈ গীত গাই কোনে ছবি আঁকি আছিল?

(ক) সুমনাই।

(খ) ৰিতুপনে।

(গ) মননে।

(ঘ) আকাশীয়ে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (গ) মননে।

(ii) সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কিয় কৈছিল?

(ক) গছৰ পুলিত পানী দিবৰ বাবে।

(খ) শুকান গোবৰ গুড়ি কৰিবৰ বাবে।

(গ) গছৰ পুলি ৰুবৰ বাবে।

(ঘ) গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে।

উত্তৰঃ (গ) গছৰ পুলি ৰুবৰ বাবে।ৰাৰে বেৰিবৰ বাবে।

২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তৰঃ মই ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো (গ) শুদ্ধ বুলি বাছি ল’লোঁ, কাৰণ—

পাঠখনত স্পষ্টকৈ দিয়া আছে যে গছৰ পুলি ৰুবৰ কাৰণে সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা আনি লগ ধৰিবলৈ কৈছিল। গছৰ পুলি ৰুবলৈ এই সামগ্ৰীসমূহ লাগে, যাতে মাটি খনন কৰিব পাৰি আৰু নতুন গছৰ পুলি ৰুব পাৰি।

৩। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা।

ফেৰেঙণি, প্রদর্শনী, জোপোহা, বন মহোৎসৱ, শীতল, খন্তি।

উত্তৰঃ 

শব্দঅৰ্থ
ফেৰেঙণিগছৰ ডাল।
প্রদর্শনীকোনো বস্তু, সৃষ্টি, শিল্পকলা আদিৰ দেখুওৱা আয়োজন বা অনুষ্ঠান।
জোপোহাসৰু সৰু গছপুলৰ সমষ্টি, গছৰ দলেৰে বনোৱা সৰু ঠাই।
বন মহোৎসৱবৃক্ষৰোপণ উৎসৱ।
শীতলঠাণ্ডা।
খন্তীমাটি খননত ব্যৱহাৰ কৰা সঁজুলি।

৪। পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্রকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা।

উত্তৰঃ দ্বিতীয় ছবিখনত নাটিকাৰ বন মহোৎসৱৰ অংশটোৰ দৃশ্য প্ৰকাশ পাইছে। সেই ছবিখনত দেখা যায় যে ল’ৰা-ছোৱালীবিলাক সকলে হাতে হাতে সঁজুলি লৈ গছ ৰোৱাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে। সকলোৱে একেলগে পৰিশ্ৰম কৰি গছ ৰোৱাৰ আনন্দত অংশ লইছে। ইয়াৰ দ্বাৰা সমাজত পৰিৱেশ সংৰক্ষণ আৰু একতা বজাই ৰখাৰ বাণী প্ৰকাশ পাইছে। এই দৃশ্যই প্ৰকৃতিৰ প্ৰতি দায়িত্বশীলতা আৰু একেলগে কাম কৰাৰ সৌন্দৰ্য্য প্ৰদৰ্শন কৰিছে।

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।

(ক) মননে ছবিখন কিয় আঁকিছিল?

উত্তৰঃ মননে গছ বোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাবলৈ ছবিখন আঁকিছিল।

(খ) গছে আমাক কি কি দিয়ে বুলি মননে কৈছে?

উত্তৰঃ গছে আমাক অক্সিজেন, ফল, ছাঁ, কাঠ, কাগজ আদি দিয়ে বুলি মননে কৈছে।

(গ) আকাশীয়ে গছৰ মূঢ়াটোৰ গা-গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে?

উত্তৰঃ আকাশীয়ে গছৰ মূঢ়াটোৰ গা-গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে গছ বোৱাৰ ঠাই চিনাক্ত কৰাক সূচাইছে।

(ঘ) বন মহোৎসৱ সপ্তাহৰ সামৰণী সভাখন ক’ত অনুষ্ঠিত হ’ব?

উত্তৰঃ বন মহোৎসৱ সপ্তাহৰ সামৰণী সভাখন বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হ’ব।

(ঙ) পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল?

উত্তৰঃ পৱন খুৰাই মননহঁতক বিলাহী আৰু পকা কল খুৱাব বুলি কৈছিল।

(চ) ‘যাওঁ আহা সকলোটি’- শীর্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল?

উত্তৰঃ ‘যাওঁ আহা সকলোটি’- শীর্ষক গানটো সুমনাই গাবলৈ আৰম্ভ কৰিছিল।

৬। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) মননে ছবিখনৰ জৰিয়তে কি ভাব ফুটাই তুলিব বিচাৰিছে?

উত্তৰঃ মননে ছবিখনৰ জৰিয়তে গছ ৰোৱাৰ প্ৰয়োজনীয়তা, পৰিৱেশ সংৰক্ষণ আৰু গছৰ উপকাৰিতা ফুটাই তুলিব বিচাৰিছে।

(খ) সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ’ব বুলি শংকা কৰিছে। তাইৰ এই শংকা কোনে, কেনেদৰে দূৰ হ’ব বুলি কৈছে?

উত্তৰঃ সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ গৰু-সাগলীয়ে খাই পেলাব বুলি শংকা কৰিছে। তাইৰ এই শংকা ৰিতুপনে, ক্লাবৰ নবীনদা, দীপদা, বাবুল দাদাহঁতে জেওৰা দি বেৰি দি দূৰ হ’ব বুলি কৈছে।

(গ) মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল?

উত্তৰঃ মননহঁতে গছৰ পুলি ৰোৱাৰ বাবে সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কৈ লগতে ঘৰত থকা শুকান গোবৰ গুড়ি কৰি থোৱা তাৰে এমোনা লৈ আহি গছ পুলি ৰুম বুলি পৰিকল্পনা কৰিছিল।

৭। কোনে, কাক আৰু কি প্রসংগত কৈছিল লিখা।

(ক) “আমাৰ মানুকণহঁতে, মানে ‘ক’ শ্ৰেণীৰ ল’ৰা-ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়।”

উত্তৰঃ এই কথাষাৰ ৰিতুপনে সুমনাক কৈছিল।

(খ) “তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে, তাৰে এমোনা লৈ আহিবা।” 

উত্তৰঃ সুমনাই সহপাঠীসকলক কৈছিল।

৮। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’ অংশ‘খ’ অংশ
মালতী পেহীয়েখুব ভাল পাইছে।
জোপোহা হৈ থকা পাতখিনিপকা কল এথোকা পঠাই দিব।
ঘোষকে ক’বচুলিৰ নিচিনা লাগিছে।
মাণিক বৰদেউতাই কথাটো শুনিমাননীয় ৰাইজ, আজিৰপৰা বন মহোৎসৱ আৱস্ত হৈছে।
জগত খুৰাৰ খুৰীয়েবিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে।

উত্তৰঃ 

‘ক’ অংশখ অংশ
মালতী পেহীয়েপকা কল এথোকা পঠাই দিব।
জোপোহা হৈ থকা পাতখিনিচুলিৰ নিচিনা লাগিছে।
ঘোষকে ক’বমাননীয় ৰাইজ, আজিৰপৰা বন মহোৎসৱ আৱস্ত হৈছে।
মাণিক বৰদেউতাই কথাটো শুনিখুব ভাল পাইছে।
জগত খুৰাৰ খুৰীয়েবিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে।

৯। নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ হ’ল-

(i) মনন।

(ii) সুমনা।

(iii) ৰিতুপন।

(iv) আকাশী।

(v) মনাইশ্ৰী।

(vi) চায়েৰা।

ভাষা-অধ্যয়ন

১০। ‘ক’ অংশৰ শব্দবোৰৰ লগত ‘খ’ অংশত থকা নির্দিষ্টতাবাচক প্রত্যয়বোৰ লগ লগাই শব্দ লিখা।

‘ক’ অংশ‘খ’ অংশ
ছবি-টো
আঁহত-খন
পুখুৰী-জোপা
ছোৱালী-চটা
কাঠ-জনী

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
ছবি-খন ⇒ ছবিখন
আঁহত-জোপা ⇒ আঁহতজোপা
পুখুৰী-টো ⇒ পুখুৰীটো
ছোৱালী-জনী ⇒ ছোৱালীজনী
কাঠ-চটা ⇒ কাঠচটা

১১। তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা-

মননচকুতাইমইআৰুদিওঁচুবুৰি
ধুনীয়াআহাসিহঁতভালযদিআমিজেওৰা
বিশেষ্যবিশেষণসৰ্বনামঅব্যয়ক্ৰিয়া

উত্তৰঃ

বিশেষ্যবিশেষণসৰ্বনামঅব্যয়ক্ৰিয়া
মননধুনীয়াতাইআৰুদিওঁ
চকুভালমইযদিআহা
চুবুৰিসিহঁত
জেওৰাআমি

১২। বাক্য বচনা কৰা-

(i) প্রদর্শনী।

উত্তৰঃ বিদ্যালয়ত এবাৰ বিজ্ঞান প্রদর্শনী অনুষ্ঠিত হ’ল।

(ii) খেলপথাৰ।

উত্তৰঃ শিশুসকলে খেলপথাৰত আনন্দ মনেৰে খেলি আছিল।

(iii) ধৰণী।

উত্তৰঃ মৰমৰ ঘৰটো ধৰণীৰ ওপৰত নিৰ্মাণ কৰা হয়।

(iv) পুথিভঁৰাল।

উত্তৰঃ বিদ্যালয়ৰ পুথিভঁৰালত বহুতো ভাল কিতাপ আছে।

(v) গছপুলি।

উত্তৰঃ গছপুলিবোৰ বেছিকৈ যত্ন কৰি ৰখা হৈছে।

১৩। পাঠটোৰপৰা যুৰীয়া শব্দবোৰ বিচাৰি লিখা।

যেনে- চকু-মুখ

উত্তৰঃ (i) গছ-গছনি।

(ii) কোৰ-কটাৰী।

(iii) খেল-পথাৰ।

(iv) বুট-নাৰিকল।

জ্ঞান-সম্প্ৰসাৰণ

১৪। ‘ৰোওঁগৈ ব’লা গছৰ পুলি’ শীর্ষক নাটিকাখনি শ্রেণীৰ সকলো ছাত্র-ছাত্রী লগ হৈ অভিনয় কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৫। নাটিকাখনত মানুকণে গোৱা গীতটিত বেঙেনাৰ সলনি বাদাম আৰু আলু শব্দ দুই বহুৱাই গীতটি গাওঁ আহা-

বা-আ, বা-আ         বা-আ, বা-আ        বা-আ, বা-আ

বুট নাৰিকল           বুট নাৰিকল           বুট নাৰিকল

আৰু পকাকল      আৰু পকাকল         আৰু পকাকল

কেনে মজা            কেনে মজা              কেনে মজা

বেঙেনা ভজা         ______ ভজা       _________ভজা।

উত্তৰঃ বা-আ, বা-আ         বা-আ, বা-আ        বা-আ, বা-আ

বুট নাৰিকল           বুট নাৰিকল           বুট নাৰিকল

আৰু পকাকল      আৰু পকাকল         আৰু পকাকল

কেনে মজা            কেনে মজা              কেনে মজা

বেঙেনা ভজা         বাদাম ভজা           আলু ভজা।

১৬। নাটিকাখনত ৰিতুপনে তলত দিয়া ধৰণে কোৱাৰ পাছত সুমনাহঁতে অন্য কেনেধৰণৰ সংলাপ ক’ব পাৰিলেহেঁতেন লিখা।

ৰিতুপন: সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায়, নহয়? আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে, ‘গছৰ প্ৰাণ আছে?

সুমনা: ___________________________।

মনন: ____________________________।

উত্তৰঃ সুমনা: অৱশ্যই, গছৰো আমাৰ দৰে জীৱ আছে। সিহঁতে অক্সিজেন দিয়ে আৰু আমাক জীৱন দিয়ে।

মনন: গছবোৰ আমাৰ বন্ধু, সেয়েহে সিহঁতক ৰক্ষা কৰা আমাৰ কৰ্তব্য।

১৭। বন মহোৎসৱ সম্পর্কে এটা দফা লিখা।

উত্তৰঃ বন মহোৎসৱ হৈছে গছ ৰোপণ আৰু প্ৰকৃতি সুৰক্ষাৰ উদ্দেশ্যে আয়োজিত উৎসৱ। এই উৎসৱত আমি সকলোৱে মিলি গছ ৰোপণ কৰোঁ আৰু পৰিৱেশৰ মৰম আৰু সজাগতা বৃদ্ধি কৰোঁ।

ইয়াৰ উদ্দেশ্য হৈছে মানুহৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি কৰা। এই উৎসৱ প্ৰত্যেক বছৰ জুলাই মাহত উদযাপন কৰা হয়। বন মহোৎসৱৰ সময়ত বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ সকলোৱে মিলি গছৰ পুলি ৰোপণ কৰে। ছাত্র-ছাত্রী, শিক্ষক-অভিভাৱক তথা স্থানীয় ৰাইজেও এই কাৰ্যসূচীত সক্রিয়ভাৱে অংশগ্ৰহণ কৰে। 

বিদ্যালয়বোৰত এই উপলক্ষ্যে নাটিকা, গীত, নৃত্য, ৰেলী আদিৰো আয়োজন কৰা হয়, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰকৃতি প্ৰেম আৰু দায়িত্ববোধ জন্মে। এইদৰে বন মহোৎসৱ কেৱল গছ ৰোপণৰ কাৰ্য নহয়, ই ভৱিষ্যৎ প্ৰজন্মৰ বাবে এটি সবুজ আৰু সুস্থ পৃথিৱী নিৰ্মাণৰ প্রচেষ্টা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top