🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 6 Assamese Chapter 5 ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে

Class 6 Assamese Chapter 5 ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Assamese Chapter 5 ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে Solutions and select need one. Class 6 Assamese Chapter 5 ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে Solutions Download PDF. Class 6 Assamese Question Answer As Per SCERT New Book Syllabus.

Class 6 Assamese Chapter 5 ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Assamese New Textual Question Answer are part of All Subject Solutions. Here we have given SCERT Class 6 Assamese New Book Solutions, ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ Solutions for All Chapters, You can practice these here.

Chapter: 5

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

(i) ৰ’দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে?

(ক) হাঁহি থাকে।

(খ) দোঁ খাই থাকে।

(গ) নাচি থাকে।

(ঘ) ওফোন্দ পাতি থাকে।

উত্তৰঃ (খ) দোঁ খাই থাকে।

(ii) কবিয়ে কবিতাটোত কি গণিব নোৱৰাৰ কথা কৈছে?

(ক) পানীৰ টোপ।

(খ) ঘাঁহ-বন।

(গ) সেউজী পাত।

(ঘ) পূবালী বতাহ।

উত্তৰঃ (ক) পানীৰ টোপ।

২। শব্দ-তার্থ মিলাও আহা-

শব্দঅৰ্থ
দোঁ খাইবাহিৰলৈ
ওফোন্দওপঙে
বাজলে’বেঁকা হৈ মূৰ তল কৰি
ভাহেঠেহ

উত্তৰঃ 

শব্দঅৰ্থ
দোঁ খাইবেঁকা হৈ মূৰ তল কৰি
ওফোন্দঠেহ
বাজলে’বাহিৰলৈ
ভাহেওপঙে

৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ’দত কেনেদৰে থাকে বুলি কৈছে।

উত্তৰঃ কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ’দত দোঁ খাই থাকে বুলি কৈছে।

(খ) কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে?

উত্তৰঃ কবিয়ে পানীৰ টোপালবোৰ বেছি হোৱাৰ কাৰণে গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে।

(গ) কবিয়ে কি গীত শুনি ভাল পায়?

উত্তৰঃ কবিয়ে ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে গীত শুনি ভাল পায়।

(ঘ) কবিতাটোত কোনে কোনে হাঁহে, ওফোন্দ পাতে আৰু চকুপানী টোকে বুলি কৈছে?

উত্তৰঃ কবিতাটোত গছ-লতা ঘাঁহ-বনে, বিজুলীয়ে হাঁহে, ডাৱৰে ওফোন্দ পাতে আৰু আকাশে চকুপানী টোকে বুলি কৈছে।

(ঙ) কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক’ত মেলি দিয়ে?

উত্তৰঃ কবিয়ে বৰষুণ আঁতৰিলে, নিজৰাত কাগজৰ নাও মেলি দিয়ে।

(চ) কবিয়ে কোনে, ক’ত আৰু কি হৈ ভাহে বুলি কৈছে?

উত্তৰঃ কবিয়ে নাওখন ঢৌৱে ঢৌৱে নাচি নীলা আকাশত জোনটি হৈ ভাহে বুলি কৈছে।

৪। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা।

গপূবালী
ছগণিব
ৰআকাশ
বৰষুণ

(ক) কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে?

উত্তৰঃ কবিয়ে পূবালী বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে।

(খ) কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰোঁ বুলি কৈছে?

উত্তৰঃ কবিয়ে পানীৰ টোপ গণিব নোৱাৰোঁ বুলি কৈছে।

(গ) কাৰ সেউজী পাত দোঁ খাই থাকে?

উত্তৰঃ গছৰ সেউজী পাত দোঁ খাই থাকে।

(ঘ) কবিয়ে ৰিম ঝিম ঝিম ঝিমকৈ কি অহাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে ৰিম ঝিম ঝিম ঝিমকৈ বৰষুণ অহাৰ কথা কৈছে।

৫। তলত দিয়া কবিতাৰ স্তৱককেইটা গদ্যৰূপত লিখা আৰু পঢ়া।

উদাহৰণ-

পদ্যৰূপগদ্যৰূপ
এটোপা দুটোপা কৰি বৰষুণ আহে গছ-লতা ঘাঁহ-বনে। মিচিকি হাঁহে।যেতিয়া এটোপ দুটোপকৈ বৰষুণ পৰে, তেতিয়া গছ-লতা, ঘাঁহ-বনে মিচিকিয়াই হাঁহে। অর্থাৎ, বৰষুণৰ পানী পাই গছ-লতা, ঘাঁহ-বনবোৰ সজীৱ হৈ উঠে।
ইমান পানীৰ টোপ নোৱাৰোঁ গণিব ভাল পাওঁ ৰিম ঝিম গীতহে শুনিব।
বৰষুণ আঁতৰিলে বাজলে’ ওলাওঁ মেলি দিওঁ নিজৰাত কাগজৰ নাও।

উত্তৰঃ 

পদ্যৰূপগদ্যৰূপ
এটোপা দুটোপা কৰি বৰষুণ আহে গছ-লতা ঘাঁহ-বনে। মিচিকি হাঁহে।যেতিয়া এটোপ দুটোপকৈ বৰষুণ পৰে, তেতিয়া গছ-লতা, ঘাঁহ-বনে মিচিকিয়াই হাঁহে। অর্থাৎ, বৰষুণৰ পানী পাই গছ-লতা, ঘাঁহ-বনবোৰ সজীৱ হৈ উঠে।
ইমান পানীৰ টোপ নোৱাৰোঁ গণিব ভাল পাওঁ ৰিম ঝিম গীতহে শুনিব।বৰষুণৰ টোপালবোৰ ইমান বেছি যে সিহঁতক গণিব নোৱাৰি। কবিয়ে ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে গীত শুনি ভাল পায়।
বৰষুণ আঁতৰিলে বাজলে’ ওলাওঁ মেলি দিওঁ নিজৰাত কাগজৰ নাও।বৰষুণ আঁতৰাৰ পিছত, কবিয়ে বাহিৰলৈ ওলাই মেলি, নিজৰাত কাগজৰ নাও ভাহে।

৬। কবিতাটোৰপৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা।

শুকাইকথাহে
আহেগণি
গণিবনাও
বিতাহেখাই
অকণীশুনিব
ওলাওঁহাঁহে

উত্তৰঃ 

শুকাইখাই
আহেহাঁহে
গণিবশুনিব
বিতাহেকথাহে
অকণীগণি
ওলাওঁনাও

৭। কবিতাটিৰ মূলভাব কোৱা আৰু লিখা।

উত্তৰঃ কবিতাটোৰ জৰিয়তে কবিয়ে বর্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। খৰালি কালত বৰষুণৰ পৰিমাণ অতি কম থাকে। পানীৰ অভাৱত গছ-গছনি নিস্তেজ আৰু শুকান হৈ পৰে। কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত আমাৰ চৌপাশে সেউজীয়া ৰূপ লয় আৰু প্ৰকৃতি উজ্জীৱিত হৈ উঠে। নৈ-বিল, খাল-ডোং আদি পানীৰে পৰিপূৰ্ণ হৈ পৰে। কেতিয়াবা বৰষুণৰ অতিপাতত পানী বাট-পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে তেতিয়া কণ কণ ল’ৰা-ছোৱালীহঁতে কাগজৰ নাও সাজি এই পানীত ওমলে।

ভাষা-অধ্যয়ন

৮। তলত দিয়া শব্দকেইটাৰ বিপৰীত অর্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা।

(i) কান্দে _________।

উত্তৰঃ হাঁহে।

(ii) ডুবে _________।

উত্তৰঃ ভাহে।

(iii) আৰম্ভ ________।

উত্তৰঃ শেষ।

(iv) পাৰোঁ ________।

উত্তৰঃ নোৱাৰোঁ।

(v) জপাই ________।

উত্তৰঃ মেলে।

(vi) সোমাওঁ ________।

উত্তৰঃ ওলাওঁ।

৯। বাক্য বচনা কৰা-

(i) পথাৰ।

উত্তৰঃ খুৰায়ে পথাৰত হাল বাই আছে।

(ii) বৰষুণ।

উত্তৰঃ বাৰিষাৰ সময়ত বেছিকৈ বৰষুণ পৰে।

(iii) ডাৱৰ।

উত্তৰঃ ডাৱৰে আকাশটো আৱৰি ধৰিলে।

(iv) নিজৰা।

উত্তৰঃ পাটকাই পৰ্বতৰ পৰা নিজৰা বৈ যায়।

(v) নাও।

উত্তৰঃ মই নাওঁত উঠি ভাল পাওঁ।

১০। পঢ়া আৰু লিখা।

(ক) তলত দিয়া পদ্যফাকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা।

বগাকৈ বগলী বহলাই বহিছে 

বলুকাত বিয়লি বেলা, 

বকুল বাগৰিছে ববচা বনতে 

বুটলি বিলাওঁগৈ ব‘লা।

উত্তৰঃ পদ্যফাকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো হ’ল- ব।

(খ) তলত দিয়া পদ্যফাকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা।

ইমান পানীৰ টোপ 

নোৱাৰোঁ গণিব 

ভালপাওঁ ৰিম ঝিম 

গীতহে শুনিব।

উত্তৰঃ পদ্যফাকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো হ’ল- ব।

(গ) শংকৰদেৱৰ পদফাকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা।

হেন শুনি জাম্বৱন্ত। 

ধাইলা মহা বলৱন্ত।।

উত্তৰঃ শংকৰদেৱৰ পদফাকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো হ’ল- ৱন্ত।

১১। তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা-

বিশেষ্যবিশেষণবাক্য
ঘৰঘৰুৱাঘৰুৱা কাম-কাজবোৰ নিয়াৰিকৈ কৰিবা।
সাৰ
নিথৰ
ভাগৰ
জাবৰ

উত্তৰঃ

বিশেষ্যবিশেষণবাক্য
ঘৰঘৰুৱাঘৰুৱা কাম-কাজবোৰ নিয়াৰিকৈ কৰিবা।
সাৰসাৰুৱাখেতিৰ বাবে সাৰুৱা মাটি উপযোগী।
নিথৰনিথৰুৱাবৃদ্ধ ব্যক্তি জন নিথৰুৱা হৈ পথৰ দাঁতিত আছে।
ভাগৰভাগৰুৱাখেতিয়ক জন ভাগৰুৱা হৈছে।
জাবৰজাবৰুৱাল’ৰা-ছোৱালীবোৰে খেল পথাৰখন জাবৰুৱা কৰি তুলিছে।
জ্ঞান-সম্প্ৰসাৰণ

১২। পঢ়া আৰু আবৃত্তি কৰা-

বসন্ত

১। মালতী ফুলিল, সেউতী উঠিল, 

কেতেকী গা-মুৰি দিলে; 

সুৰীয়া কুলিয়ে গল কঁপাই গাই 

বননিৰ বাতৰি দিলে।

২। বকুলে সিঁচিলে তৰা একোকণি 

মদাৰে খেলিলে ফাঁকু,

যুতি ফুলজুপি নিশাহ এৰিলে

পদুমে মেলিলে চকু।

৩। থুৰিত কৰবীৰে সাঁচিলে মৌটুপি,

ভূমিয়ে মেলিলে চঁপা,

চৰাই হালধীয়া মৌ-মতলীয়া

উলটি কৰিলে কৃপা।

১৩। ওপৰৰ কবিতাকেইফাকিত উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ লিখা।

উত্তৰঃ ওপৰৰ কবিতাকেইফাকিত উল্লেখ থকা চৰাই নাম হ’ল- কুলি চৰাই, মৌ-মতলীয়া চৰাই (হালধীয়া চৰাই)।

ফুলৰ নাম হ’ল- মালতী, সেউতী, কেতেকী, বকুল, মদাৰ, যুতি, পদুম, কৰবীৰ চঁপা।

১৪। দলত ভাগ হৈ তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰা-

আকাশপাহাৰফুলমেঘ
নদীগছ-গছনিপখিলাবৰষুণ

উত্তৰঃ নীল আকাশত উৰে পখিলা,

গছ-গছনিত ফুলে মালতী ফুল,

পাহাৰৰ কোলাত মেঘৰ ৰহস্য,

নদীৰ চকুত পৰি সেউজীয়া মলয়।

বৰষুণে নামি ধূসৰ মাটি ধুই,

পাহাৰৰ বগা মেঘ উৰে আকাশত,

গছত ৰং ধৰে বসন্তৰ ফুলে,

প্ৰকৃতিৰ সুৰে মনত আনে আনন্দ।

১৫। কবিতাটোত থকা এখন ছবিত ল’ৰা-ছোৱালীবোৰে কাগজৰ নাও সাজি খেলি আছে। বৰষুণৰ বতৰত তোমালোকে কোনে কি কাম কৰি ভালপোৱা তাৰ এখন তালিকা প্রস্তুত কৰা-

বৰষুণৰ বতৰত তুমি কৰি ভালপোৱা কামবোৰ

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১৬। দলত আলোচনা কৰি কোৱা।

(ক) ধুমুহা-বৰষুণ আহিলে তুমি কি কৰা?

উত্তৰঃ ধুমুহা-বৰষুণ আহিলে মই ঘৰৰ ভিতৰত থাকি দুৱাৰ-খিৰিকী বন্ধ কৰি ৰিম ঝিম শব্দ শুনি থাকোঁ।

(খ) শিল-বৰষুণ পৰিলে তোমাৰ কেনে লাগে?

উত্তৰঃ শিল-বৰষুণ পৰিলে প্ৰথমে ভয় লাগে, কিন্তু তাৰ পিছত ঠেহা শিলবোৰৰ শব্দ শুনি এক ধৰণৰ আনন্দ অনুভৱ কৰোঁ।

(গ) বৰষুণ দিলে তোমাৰ চৌপাশৰ কি কি পৰিৱৰ্তন চকুত পৰে?

উত্তৰঃ বৰষুণ দিলে গছ-লতা সেউজীয়া হৈ পৰে, পথাৰত পানী জমা হয়, পখিলা আৰু কেঁচুৱাই ওলাই আহে, আৰু পথবোৰ কাঁদাৰে ভৰি যায়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top