🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 6 Assamese Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ

Class 6 Assamese Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Assamese Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ Solutions and select need one. Class 6 Assamese Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ Solutions Download PDF. Class 6 Assamese Question Answer As Per SCERT New Book Syllabus.

Class 6 Assamese Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Assamese New Textual Question Answer are part of All Subject Solutions. Here we have given SCERT Class 6 Assamese New Book Solutions, ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ Solutions for All Chapters, You can practice these here.

Chapter: 6

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা উচিত?

(i) সৰ্পই দংশন কৰিলে কি কৰা উচিত?

(ক) চাফ-চিকুণকৈ থকা উচিত।

(খ) ৰাশিফল চোৱা উচিত।

(গ) বেজৰ ওচৰলৈ যোৱা উচিত।

(ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত।

উত্তৰঃ (ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত।

(ii) আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে?

(ক) ই সৰু কথা হোৱাৰ বাবে।

(খ) ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে।

(গ) ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে।

(ঘ) আমি শিক্ষা-দীক্ষাত পিছ পৰি থকাৰ বাবে।

উত্তৰঃ (গ) ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে।

২। তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

৩। ‘ক’ অংশৰ শব্দবোৰৰ লগত ‘খ’ অংশৰ অর্থবোৰ মিলোৱা-

‘ক’ অংশ‘খ’ অংশ
অনুসন্ধিৎসুপূৰ্বৰপৰা চলি অহা নীতি
স্বাস্থ্যসন্মতকৌতূহলী
যুক্তিনিষ্ঠতীক্ষ্ণ বুদ্ধি, তত্ত্ব-জ্ঞান
বিৰলএটাৰ সলনি আন এটা
বিকল্পস্বাস্থ্যকৰ
পৰম্পৰাযুক্তি থকা
প্রজ্ঞাপাবলৈ টান

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
অনুসন্ধিৎসুকৌতূহলী
স্বাস্থ্যসন্মতস্বাস্থ্যকৰ
যুক্তিনিষ্ঠযুক্তি থকা
বিৰলপাবলৈ টান
বিকল্পএটাৰ সলনি আন এটা
পৰম্পৰাপূৰ্বৰপৰা চলি অহা নীতি
প্রজ্ঞাতীক্ষ্ণ বুদ্ধি, তত্ত্ব-জ্ঞান

৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা?

উত্তৰঃ বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে যুক্তি-তথ্য আৰু পৰীক্ষাৰ ওপৰত ভিত্তি কৰি যিকোনো বিষয়ৰ চিন্তা কৰা আৰু যিকোনো বস্তু বাচনি কৰাৰ ক্ষমতাক বুজায়। এই মনৰ অধিকাৰীয়ে যুক্তিনিষ্ঠভাৱে প্ৰতিটো বিষয়ৰ পৰা সত্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰে।

(খ) আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্রিয়া-কলাপ প্রচলিত হৈ থকাৰ কাৰণ কি?

উত্তৰঃ আমাৰ সমাজত এতিয়াও অবৈজ্ঞানিক ক্রিয়া-কলাপ প্রচলিত হৈ থকাৰ মূল কাৰণ হ’ল- শিক্ষা-দীক্ষাৰ অভাৱ, পৰম্পৰাগত বিশ্বাস আৰু কু-সংস্কাৰ। বহুত পুৰণি বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি লোকসকল কিছু অযৌক্তিক ধাৰণা পালন কৰি থাকে।

(গ) ভাল দিন-বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে?

উত্তৰঃ ভাল দিন-বাৰ চাই কাম কৰা এটি কুসংস্কাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। কামৰ সফলতা নিষ্ঠা, পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, দিন-বাৰৰ ওপৰত নহয়। কাম কৰিবলৈ সময় বা দিন-বাৰৰ কোনো সম্পর্ক নাই, এইবোৰ কেৱল মিছা বিশ্বাসৰ ওপৰত আধাৰিত।

(ঘ) ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত?

উত্তৰঃ বৈজ্ঞানিক মানসিকতা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যুক্তিসংগত চিন্তা, পৰীক্ষা, আৰু তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল’বলৈ সহায় কৰে। ইহঁতৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত বিশেষ সহায়ক।

(ঙ) অতীজত আমাৰ সমাজত অসুখ-বিসুখ হ’লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল?

উত্তৰঃ অতীতত অসুখ-বিসুখ হ’লে বেজৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। সেই সময়ত আধুনিক চিকিৎসা ব্যৱস্থাৰ সুবিধা নথকাৰ বাবে গাঁওবাসীয়ে বেজ বা বৈদ্যৰ ওপৰতে চিকিৎসাৰ বাবে বিশ্বাস কৰিছিল।

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) বাহিৰত ফুৰি-চাকি অহা কাপোৰ-কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে?

উত্তৰঃ বাহিৰত ফুৰি অহা কাপোৰ-কানিত ধূলি, ধোঁৱা, বীজাণুবোৰ লাগি থাকিব পাৰে। এইবোৰ কাপোৰ লৈ পাকঘৰত সোমালে খাদ্যসামগ্ৰীৰ সৈতে সংযোগ হৈ ৰোগ সৃষ্টি কৰে। সেয় স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচন্নতা ৰখাৰ বাবে এই নিয়মৰ বৈজ্ঞানিক ভিত্তি লুকাই আছে।

(খ) বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’ব পাৰে?

উত্তৰঃ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’বলৈ আনুষ্ঠানিক শিক্ষা সহায়ক হলেও ই আৱশ্যকীয় নহয়। এজন অশিক্ষিত ব্যক্তিয়েও যুক্তি, পর্যবেক্ষণ আৰু প্ৰমাণৰ আধাৰত চিন্তা কৰি বৈজ্ঞানিক মনোভাৱ গঢ়ি তুলিব পাৰে।

(গ) সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে?

উত্তৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানুহক অজ্ঞতা আৰু ভয়ত ৰাখে। মানুহে প্ৰমাণ বা যুক্তিৰ অবিহনে কিছুমান কথা বিশ্বাস কৰে, যাৰ ফলত সঠিক সিদ্ধান্ত ল’ব নোৱাৰে। ই মানুহৰ চিন্তা-শক্তিক বিকল কৰে আৰু সমাজত পিছপৰা মনোভাৱ সৃষ্টি কৰে। এইবোৰে বিজ্ঞান, শিক্ষা আৰু উন্নয়নক বাধা দিয়ে। কেতিয়াবা কুসংস্কাৰৰ ফলত মানুহৰ ওপৰত অন্যায়, হিংসা বা বেয়া আচৰণো কৰা হয়। সেয়ে সমাজখন সুস্থ, শিক্ষিত আৰু উন্নত কৰিবৰ বাবে এইধৰণৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্জন কৰাটো অতি প্রয়োজন।

ভাষা-অধ্যয়ন

৬। তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত। ‘-ইক’ প্রত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা।

উদাহৰণ-

বিশেষ্যবিশেষণ
উপন্যাসঔপন্যাসিক
ইতিহাস
শিক্ষা
বাণিজ্য
ভূগোল

উত্তৰঃ 

বিশেষ্যবিশেষণ
উপন্যাসঔপন্যাসিক
ইতিহাসঐতিহাসিক
শিক্ষাশিক্ষানুষ্ঠান
বাণিজ্যবাণিজ্যিক
ভূগোলভৌগোলিক

৭। তলত দিয়া শব্দযোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা।

বৈজ্ঞানিকঅবৈজ্ঞানিক
সময়
সাধু
ন্যায়
ক্লান্ত
শান্ত
ভয়

উত্তৰঃ 

বৈজ্ঞানিকঅবৈজ্ঞানিক
সময়অসময়
সাধুঅসাধু
ন্যায়অন্যায়
ক্লান্তউজ্জীৱিত
শান্তঅশান্ত
ভয়সাহস

৮। উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা।

সৰলসৰলতা
নম্ৰ
দৃঢ়
দুৰ্বল
ভদ্ৰ
উচ্চ

উত্তৰঃ 

সৰলসৰলতা
নম্ৰনম্ৰতা
দৃঢ়দৃঢ়তা
দুৰ্বলদুৰ্বলতা
ভদ্ৰভদ্ৰতা
উচ্চউচ্চতা

৯। পাঠটোত -বোৰ, -বিলাক, সমূহ, -খিনি, সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা।

উত্তৰঃ (i) মানুহবোৰ।

(ii) ঘৰৰ বিলাক।

(iii) ছাত্র-ছাত্রীসমূহ।

(iv) গাওঁখিনি।

(v) ল’ৰাসকল।

জ্ঞান-সম্প্ৰসাৰণ

১০। বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে- যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ’লে কি কৰিলাহেঁতেন?

উত্তৰঃ বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত আইমণিৰ কামত বৈজ্ঞানিক ভিত্তি আছে। কাৰণ, যাত্ৰাৰ সময়ত মেকুৰী পাৰ হোৱা মানে বিপদ হ’ব বুলি কোৱা কথা কেৱল অন্ধবিশ্বাস। ইয়াৰ পিছত কোনো বৈজ্ঞানিক কাৰণ নাই। কিন্তু আইমণিয়ে এই কথাত বিশ্বাস নকৰি নিজৰ সময় বচাই বাছত উঠি বিদ্যালয় গ’ল। ফলত, সময়মতে পৰীক্ষাত উপস্থিত হৈ ভাল ফলাফলও লাভ কৰিব পাৰিলে। সেয়ে আইমণিৰ কাম বৈজ্ঞানিক দৃষ্টিৰে সঠিক।

বাপুকণৰ ঠাইত মই হোৱা হ’লে, মই আইমণিৰ দৰে অন্ধবিশ্বাস নকৰি বাছত উঠিলোঁহেঁতেন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top