Class 6 Assamese Chapter 7 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 7 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা and select needs one.
SEBA Class 6 Assamese Chapter 7 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 7 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা Solutions for All Subject, You can practice these here…
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
পাঠ: 7
ক্ৰিয়া-কলাপ
চমুকৈ উত্তৰ দিয়া
১। উত্তৰ লিখা :-
(ক) লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘ৰসৰাজ’ উপাধি দিয়া হৈছিল ?
উত্তৰঃ বেজবৰুৱাদেৱৰ লেখাৰ প্ৰায়বোৰ কথাই ৰসেৰে উপচি থকা বাবে তেখেতক ‘ৰসৰাজ’ উপাধি দিয়া হৈছিল ।
(খ) তেখেতৰ আত্মজীৱনীখনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আত্মজীৱনীখনৰ নাম ‘মোৰ জীৱন সোঁৱৰণ’ ।
(গ) লক্ষ্মীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ কৈছিল ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ বৰবৌয়েকে চিঠিখন ডাকত দিবলৈ কৈছিল ।
(ঘ) চিঠিখন লক্ষ্মীনাথে বেজবৰুৱাই ক’ত সুমুৱাই দিছিল ?
উত্তৰঃ বৰবৌৱেকে ডাকত দিবলৈ দিয়া চিটিখন বেজবৰুৱাদেৱে ডাকঘৰৰ সমুখৰ পৰি থকা ভাগ পেৰা এটাৰ ভিতৰত সুমুৱাই দিছিল ।
(ঙ) শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়াপৰৱশ হৈছিল ?
উত্তৰঃ শিশু লক্ষ্মীনাথৰ প্ৰতি পোষ্ট মাষ্টৰ দয়া পৰৱশ হৈছিল ।
(চ) লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথিৰ নাম লিখা ।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু কথাৰ পুথি হৈছে ‘বুঢ়ী আইৰ সাধু’ আৰু ককাদেউতা আৰু নাতি-ল’ৰা ।
২। চমু উত্তৰ দিয়া :-
(ক) অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল ?
উত্তৰঃ অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই যৎপৰোনাস্তি চেষ্টা কৰিছিল । কলিকতাত পঢ়ি থকাৰ সময়তে তেখেতে আন আন অসমীয়া ছাত্ৰৰ সহযোগত ‘অসমীয়া সাহিত্য চ’ৰা’ স্থাপন কৰিছিল । পৰৱৰ্তী কালত এই চ’ৰাৰ নাম হয়গৈ ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ ।
(খ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘সাহিত্যৰথী’ উপাধিৰে সন্মানিত কৰা হৈছিল ?
উত্তৰঃ অসমীয়া সাহিত্যৰ প্ৰায় প্ৰতিটো দিশলৈ লক্ষ্মীনাথ বেজবৰুৱাই অৱদান আগবঢ়াই থৈ গৈছে । সেইবাবে তেখেতক ‘সাহিত্যৰথী’ উপাধিৰে সন্মানিত কৰা হৈছে ।
(গ) ‘অ মোৰ আপোনৰ দেশ’ গীতটিক কি সংগীত বোলা হয় ?
উত্তৰঃ অ মোৰ আপোনৰ দেশ’ গীতটিক অসমৰ জাতীয় সংগীত বোলা হয় ।
প্ৰশ্ন ৩। পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ৰ ঘটনাটো নিজৰ কথাৰে কোৱা আৰু লিখা ।
উত্তৰঃ পাঠৰ উল্লেখ মতে লক্ষ্মীনাথ বেজবৰুৱাদেৱে সৰু থকাৰ সময়ত জীয়ৰী-বোৱাৰীয়ে চিঠি লেখাটো অকৰণীয় কাৰ্য বুলি ধৰা হৈছিল । এদিনখন বৰবৌৱেকে চিঠি এখন লিখি মনে মনে শিশু লক্ষ্মীনাথক ডাকত দিবলৈ দিছিল । বেজবৰুৱাদেৱে চিঠিখন চেলেঙৰ তলত ভৰাই আনি ডাকঘৰৰ সমুখত পৰি থকা ভাগ কাঠৰ বাকচ এটাত ভৰাই দিলে । তেতিয়া ওচৰৰে পৰা দেখি থকা মানুহ এজনে আনফালে দেখুৱাই ক’লে যে চিঠিখন সৌ তাতহে দিব লাগিছিল । তেতিয়া বেজবৰুৱাদেৱৰ ওঁঠ-মুখ শুকাই গৈ পেৰাটোৰ পৰা চিঠিখন উলিয়াবলৈ যত্ন কৰিবলৈ ধৰিলে । সেই দৃশ্য দেখি পোষ্ট মাষ্টৰে পেৰাৰ ভগা অংশটো ভাঙি বহলাই চিঠিখন উলিয়াই আনিলে । তাৰ পাছত ক’ত চিঠি দিব লাগে, সেয়া দেখুৱাই দিলে।
প্ৰশ্ন ৪। কোনে কাক কি প্ৰসংগত কৈছিল পাঠৰ আধাৰত লিখা
“সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমাই দিলা কিয় ?
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা কথাখিনি ডাকঘৰৰ সমুখত ৰৈ থকা এজন মানুহে লক্ষ্মীনাথ বেজবৰুৱাক কৈছিল । সৰুকালি বেজবৰুৱাদেৱে বৰবৌৱেকে ডাকত দিবলৈ দিয়া চিঠি এখন আনি নাজানি ডাকঘৰৰ সমুখৰ ভগা পেৰা এটাৰ ভিতৰলৈ চিঠিখন ভৰাই দিওঁতে উক্ত কথাখিনি মানুহজনে কৈছিল ।
প্ৰশ্ন ৫। পাঠত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা ।
ভিৰাই, সংগোপন, দয়াপৰৱশ, যৎপৰোনাস্তি,হাস্যব্যংগাত্মক,বহুমুখী, তত্ত্বগধুৰ, পৰিগণিত, জেঙা,নিশ্চিন্ত, সুৰুঙা ।
উত্তৰঃ
শব্দ অৰ্থ
ভিৰাই……….উলটি বেগাই
সংগোপন…….. গুপুত; লুকাই থকা
দয়াপৰৱশ…….দয়াযুক্ত
যৎপৰোনাস্তি…….যথাসাধ্য, অতিশয়
হাস্যব্যংগাত্মক…..হাঁহিৰ লগত ঠাট্টা-বিদ্ৰূপ থকা
বহুমুখী…….. নানা বিষয়ত ব্যুৎ্পত্তি থকা
তত্ত্বগধুৰ…….তত্ত্বৰে সমৃদ্ধ
পৰিগণিত……..গণ্য; নিশ্চিন্ত
জেঙা……..লেঠা
নিশ্চিন্ত…….চিন্তা নথকা
সুৰুঙা…… বিন্ধা; জলঙা
প্ৰশ্ন ৬। আমি অসমীয়া নহয় দুখীয়া
কিহৰ দুখীয়া হ’ম ?
সকলো আছিল সকলো আছে,
নুবুজোঁ নলওঁ গম ।
(ক) ওপৰৰ কবিতাফাকি কোনটো কবিতাৰপৰা তুলি দিয়া হৈছে ?
উত্তৰঃ প্ৰশ্নোক্ত কবিতাফাকি ‘অসম সংগীত’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
(খ) কবিতা ফাকি কাৰ ৰচনা ?
উত্তৰঃ ‘অসম সংগীত’ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰিছিল ।
(গ)কবিতাফাকিৰ জৰিয়তে কবিয়ে কি ক’বলৈ বিচাৰিছে ?
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা কবিতাফাকিৰ জৰিয়তে কবিয়ে ইয়াকেই ক’বলৈ বিচাৰিছে যে– অসমীয়াসকল কোনো ক্ষেত্ৰতে দুখীয়া নহয় । আমাৰ সকলো আছে; কিন্তু আমি আমাৰ থকাবোৰ বিচাৰি চাবলৈ ইচ্ছা নকৰোঁ ।
Sl. No. | Contents |
Chapter 1 | সবাতোকৈ আপোন |
Chapter 2 | বুধিয়ক বীৰবল |
Chapter 3 | অসমীয়া ভাষাৰ বিকাশৰ কথা |
Chapter 4 | বিহু আদৰণি |
Chapter 5 | গুৰুদক্ষিণা |
Chapter 6 | মিত্ৰামিত্ৰ |
Chapter 7 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা |
Chapter 8 | বেবৰিবাং |
Chapter 9 | আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ |
Chapter 10 | মহীয়সী হেলেন কেলাৰ |
Chapter 11 | সঞ্চয় |
Chapter 12 | মনোৰম মাজুলী |
Chapter 13 | আবিষ্কাৰৰ কাহিনী |
Chapter 14 | স্কাউট আৰু গাইড |
Chapter 15 | মহো-হো গীত |
প্ৰশ্ন ৭। লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে দহটা বাক্য লিখা ।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা এগৰাকী বহুমুখী প্ৰতিভাসম্পন সাহিত্যিক আছিল। তেখেতে অসমীয়া সাহিত্যৰ প্ৰায় সকলোবোৰ দিশলৈ অৱদান আগবঢ়াই থৈ গৈছে । “বুঢ়ী আইৰ সাধু’ তেখেতৰ প্ৰসিদ্ধ সাধুকথাৰ সংকলন । বেজবৰুৱাদেৱে ছাত্ৰাৱস্থাৰ পৰাই অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে অহোপুৰুষাৰ্থ কৰিছিল । কলিকতাত পঢ়ি থকাৰ সময়ত তেখেতে ‘অসমীয়া সাহিত্য চ’ৰা’ স্থাপন কৰিছিল। তেখেতে এগৰাকী গীতিকাৰো আছিল । ‘অ’ মোৰ আপোনাৰ দেশ’ শীৰ্ষক গীতটিৰো ৰচক লক্ষ্মীনাথ বেজবৰুৱা । আকৌ, ‘আমি অসমীয়া নহয় দুখীয়া’ শীর্ষক’অসম-সংগীত’টো তেখেতেই ৰচনা কৰিছিল । বেজবৰুৱাদেৱৰ লেখাবোৰ ৰসেৰে ভৰপূৰ আছিল । সেইবাবে তেখেতক ‘ৰসৰাজ’ উপাধি দিয়া হৈছিল ।
প্ৰশ্ন ৮। তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ তালিকাখন শ্ৰেণীভুক্ত কৰা ।
লক্ষ্মীনাথ তেওঁ মই কলকাতা শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ মোৰ কৰে ধুনীয়া তাই শুৱনি সি তোমালোক দুষ্টালি ৰসাল দীঘল মিঠা দয়া ডাকঘৰ ভগা পেৰা অথবা চন্দ্ৰকুমাৰ গুৱাহাটী আৰু মাৰিছিল যদি
ক্ৰম নং | বিশেষ্য | বিশেষণ | সৰ্বনাম | অব্যয় | ক্ৰিয়া |
1 | |||||
2 | |||||
3 | |||||
4 | |||||
5 |
উত্তৰঃ

প্ৰশ্ন ৯। তোমাৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখন পূৰ কৰা ।

উত্তৰঃ

প্ৰশ্ন ১০। বাক্য পৰিবৰ্তন কৰা
(ক) যিজন লোক চোৰ স্বভাৱৰ, তেওঁক সকলোৱে সন্দেহৰ চকুৰে চায় । (সৰল বাক্যলৈ নিয়া)
উত্তৰঃ চোৰ স্বভাৱৰ লোকক সকলোৱে সন্দেহৰ চকুৰে চায় ।
(খ) ৰমেনে মাকৰ কথা শুনি গাঁৱতে থাকি খেতি-বাতি কৰিবলৈ ধৰিলে । (যৌগিক বাক্যলৈ নিয়া )
উত্তৰঃ ৰমেনে মাকৰ কথা শুনিলে আৰু গাঁৱতে থাকি খেতি-বাতি কৰিবলৈ ধৰিলে ।
(গ) আমি আজি নগৰলৈ যাম । (প্ৰশ্নবোধক বাক্যলৈ নিয়া)
উত্তৰঃ আমি আজি ক’লৈ যাম ?
(ঘ) তোমালোকে ৰাতিপুৱা সোনকালে উঠা উচিত । (অনুজ্ঞাবোধক বাক্যলৈ নিয়া)
উত্তৰঃ তোমালোকে ৰাতিপুৱা সোনকালে উঠিবা ।
প্ৰশ্ন ১১। উপযুক্ত যোজক অব্যয়েৰে খালি ঠাই পূৰ কৰা ।
(ক) মই উদ্যানলৈ যাম–মুক্ত বায়ু সেৱন কৰিম। (কিন্তু/আৰু)
উত্তৰঃ মই উদ্যানলৈ যাম আৰু মুক্ত বায়ু সেৱন কৰিম।
(খ) ৰাম স্কুললৈ নগ’ল,– ৰহিম গ’ল (যদি/আৰু/কিন্তু)
উত্তৰঃ ৰাম স্কুললৈ নগ’ল, কিন্তু ৰহিম গ’ল ।
(গ) আমি ফল-মূল কিনি খাম–ৰেস্তোৰাঁত বহি চাহ, মিঠাই খাম । (কিন্তু/নাইবা/যদি)
উত্তৰঃ আমি ফল-মূল কিনি খাম নাইবা ৰেস্তোৰাঁত বহি চাহ, মিঠাই খাম ।
প্ৰশ্ন ১২। ফুলপাহত থকা শব্দবোৰ পঢ়া আৰু যদি তাৰ পৰা শব্দ আনি তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা ।
(ক) শ্ৰী ৰামৰ–সীতাও বনলৈ গৈছিল ।
উত্তৰঃ শ্ৰী ৰামৰ সৈতে সীতাও বনলৈ গৈছিল ।
(খ) মাকে জীয়েকৰ– কিতাপ কিনিছে ।
উত্তৰঃ মাকে জীয়েকৰ বাবে কিতাপ কিনিছে।
(গ) তুমি–সময়মতে আহা–মই যাম।
উত্তৰঃ তুমি যদি সময়মতে আহা তেহে মই যাম।
(ঘ) মোৰ–তুমি চিন্তা নকৰিবা ।
উত্তৰঃ মোৰ কাৰণে তুমি চিন্তা নকৰিবা ।
(ঙ) প্ৰচণ্ড বৰষুণৰ–ৰাস্তাত পানী জমা হৈছে ।
উত্তৰঃ প্ৰচণ্ড বৰষুণৰ বাবে ৰাস্তাত পানী জমা হৈছে ।
(চ) তেওঁ–তুমি গুৱাহাটীলৈ যাবা ।
উত্তৰঃ তেওঁ নাইবা তুমি গুৱাহাটীলৈ যাবা ।
(ছ) তোমাক–সিহঁতে বৰ ভাল পালে ।
উত্তৰঃ তোমাক কিন্তু সিহঁতে বৰ ভাল পালে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Sumon