Class 6 Assamese Chapter 8 বেবৰিবাং The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 8 বেবৰিবাং and select needs one.
SEBA Class 6 Assamese Chapter 8 বেবৰিবাং
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 8 বেবৰিবাং Solutions for All Subject, You can practice these here…
বেবৰিবাং- ডঃ নিৰ্মলপ্ৰভা বৰদলৈ
পাঠ: 8
ক্ৰিয়া-কলাপ
চমুকৈ উত্তৰ দিয়া
১। কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা ।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা)
প্ৰশ্ন ২। দলত ভাগ হৈ কবিতাফাকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া ।
(ক) ফুচুক ফাচাক কথা এটাই
চুচুক চামাক কৈ
জুপুক জাপাক বুঢ়াৰ পেটত
আছিল কথমপি
-কেনেকুৱা কথাই চুচুক চামাককৈ ৰৈ আছিল ? – কাৰ পেটত কথাটো কথমপি ৰৈ আছিল ।
উত্তৰঃ -ফুচুক ফাচাক কথা এটাই চুচুক চামাককৈ ৰৈ আছিল । – জুপুক জাপাক বুঢ়াৰ পেটত কথাটো ৰৈ আছিল ।
(খ) পোলোক পালাক চকুৰে চাই
মোলোক দেউ আহিল
গুজুক গাজাক কথাৰ মেল
তিনি পৰ মান বহিল ।
– পোলোক পালাক চকুৰে চাই কোন আহিছিল ? – কথাৰ মেল কিমান পৰ বহিছিল ?
উত্তৰঃ – পোলোক পালাক চকুৰে চাই মোলোক দেউ আহিছিল । – কথাৰ মেল তিনিপৰ মান বহিছিল ।
(গ) কবিতাটিৰ কথাখিনি গদ্য ৰূপত কোৱা আৰু লিখা ।
উত্তৰঃ বুঢ়া এজনে এটা গুপুত কথা জানিছিল । কথাটো জানি তেওঁৰ কাক কওঁ কাক কওঁ লাগি আছিল। কিন্তু কষ্ট কৰি তেওঁ কথাটো গুপুতে ৰাখিবলৈ যত্ন কৰিছিল । তেনেতে আনৰ কথা বুটলি ফুৰা মোলোক দেউ আহি বহিল । দুয়োৰে মাজত দীঘলীয়া গল্প-গুজব চলিল । চাহ-পানী, তামোল-পাণ খাই-বৈ মোলোক দেউ যাবলৈ ওলাল । বুঢ়াই আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে । তেওঁ ইফালে সিফালে চাই কথাটো পূৰা বৰ্ণনা কৰি ক’লে । মোলোক দেৱে সুযোগ পাই কথাটো ভালদৰে হজম কৰিলে আৰু মিচিকিয়া হাঁহিৰে (আনক ক’বলৈ) বাট বুলিলে ।
প্ৰশ্ন ৩। ভল ভলীয়া বুঢ়া সলসলীয়া মুখ
এবাৰ সুৰুঙা পাই
ঢোলোক ঢালাক বাগৰি পৰিল
ফুচুক ফাচাক কাই ।
-কথাখিনিৰ ভাব বহলাই লিখা ।
উত্তৰঃ গুপুত কথাটি বুঢ়াই কাকো নকওঁ বুলি ভাবি আছিল । মোলোক দেউকো প্ৰথমে ক’ব খোজা নাছিল । বুঢ়াৰ মুখেৰে কথাটো সলসলীয়াকৈ আদিৰ পৰা অন্তলৈ ওলাল ।
প্ৰশ্ন ৪। কবিতাটিৰ পৰা ‘ক’ বৰ্ণৰে শেষ হোৱা শব্দবোৰ বাছি উলিয়াই লিখা ।
উত্তৰঃ ফুচুক, ফাচাক, চুচুক, জুপুক, পোলোক, পালাক, মোলোক, গুজুক, গাজাক, ঘোটোক, ঘাটাক, মটক, মাটাক, খটক, খাটাক, ভুতুক, ভাটাক, ঢোলোক, ঢালাক, টুপুক, টাপাক, মুচুক, মাচাক ।
প্ৰশ্ন ৫। উত্তৰ দিয়া ।
(ক) ভাত উতলাদি ভুতুক ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱাৰা হৈ আছিল ।
উত্তৰঃ ফুচুক ফাচাক কথাই ভাত উতলাদি ভুতুক ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱাৰা হৈ আছিল ।
(খ) মোলোক দেউ কেনেকৈ যাবলৈ ওলাল ?
উত্তৰঃ মোলোক দেউৱে খৰমৰ খটক্খাটাক শব্দ কৰি যাবলৈ ওলাল ।
(গ) মোলোক দেউৱে কেনেদৰে বাট বুলিছিল ?
উত্তৰঃ মোলোক দেউৱে মিচিকিয়া হাঁহিৰে বাট বুলিছিল ।
প্ৰশ্ন ৬ । ভাত উতলাদি উতলি আছিল
ভুতুক ভাতাক কৈ ।
ভাত শব্দটো বিশেষ্য পদ । ইয়াৰ বিশেষণৰ ৰূপটো ভতুৱা ।
এনেধৰণৰ শব্দ আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা ।

উত্তৰঃ

প্ৰশ্ন ৭। উদাহৰণ চাই দুজনকৈ লগ হৈ অন্ত্যমিল থকা আন আন শব্দ গঠন কৰিবলৈ চেষ্টা কৰা ।

উত্তৰঃ

প্ৰশ্ন ৮। কবিতাকেইফাকি পঢ়া আৰু অনুৰূপ শব্দবোৰত () চিন দিয়া ।
ঘৰ চৰ ভাঙি নিলে
বৰদৈচিলাই
ৰহিমলাই কান্দি আছে
ইনাই বিনাই ।
চাউল টাউল একো নাই
খৰিবোৰো তিতা
ছাগলী টাগলী কেনি গ’ল
ছেদেলি ভেদেলি ভিঠা ।
উত্তৰঃ (ঘৰ চৰ) ভাঙি নিলে
বৰদৈচিলাই
ৰহিমলাই কান্দি আছে
(ইনাই বিনাই ।)
(চাউল টাউল) একো নাই
খৰিবোৰো তিতা
(ছাগলী টাগলী) কেনি গ’ল
(ছেদেলি ভেদেলি) ভিঠা ।
প্ৰশ্ন ৯। কবিতাটিত তোমালোকে ‘তিতা’ শব্দটো পাইছা । এই ‘তিতা’ শব্দটোৱে বাক্য ভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে । তলৰ বাক্য দুটালৈ মন কৰা আৰু তাৰ পাৰ্থক্যটো বুজি লোৱা ।
(ক) তিতা কাপোৰবোৰ ৰ’দত দিয়া ।
উত্তৰঃ তিতা– ভিজা; সিক্ত ।
(খ) পংকজে তিতা বস্তু খাবলৈ বেয়া পায় ।
উত্তৰঃ তিতা— তিক্ত; তিক্ততা ভৰা ।
প্ৰশ্ন ১০। শব্দৰ লগত অৰ্থ মিলোৱা ।
শব্দ অৰ্থ
আটা – শুনা ইন্দ্ৰিয়
আতা – কান্ধ
কাণ – ঘেঁহুৰ গুড়ি
কান – পিতাকৰ পিতাক
উত্তৰঃ শব্দ অৰ্থ
আটা – ঘেঁহুৰ গুড়ি
আতা – পিতাকৰ পিতাক
কাণ – শুনা ইন্দ্ৰিয়
কান – কান্ধ
Sl. No. | Contents |
Chapter 1 | সবাতোকৈ আপোন |
Chapter 2 | বুধিয়ক বীৰবল |
Chapter 3 | অসমীয়া ভাষাৰ বিকাশৰ কথা |
Chapter 4 | বিহু আদৰণি |
Chapter 5 | গুৰুদক্ষিণা |
Chapter 6 | মিত্ৰামিত্ৰ |
Chapter 7 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা |
Chapter 8 | বেবৰিবাং |
Chapter 9 | আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ |
Chapter 10 | মহীয়সী হেলেন কেলাৰ |
Chapter 11 | সঞ্চয় |
Chapter 12 | মনোৰম মাজুলী |
Chapter 13 | আবিষ্কাৰৰ কাহিনী |
Chapter 14 | স্কাউট আৰু গাইড |
Chapter 15 | মহো-হো গীত |
প্ৰশ্ন ১১। চকৰিটোত থকা শব্দৰে কবিতা দুফাকি সম্পূৰ্ণ কৰা ।

(ক) নিজৰা বৈ যায়
……কৈ ।
ভোমোৰাই উৰি ফুৰে
…….কৈ ।
বতাহত বাঁহ জোপাই
…..কৰে ।
আকাশত তৰাবোৰে
…..কৰে ।
(খ) নপঢ়িলে দেউতা
……কৰে ।
…..হাঁহি মাৰি
ভাইটি লৰ মাৰি
আইতা আহে ওচৰ চাপি
……কৰি ।
ভন্টিও আহে ওচৰ চাপি
. …..কৰি ।
উত্তৰঃ (ক) নিজৰা বৈ যায়
কুলকুলকৈ ।
ভোমোৰাই উৰি ফুৰে
গুণ্ গুণ্ কৈ ।
বতাহত বাঁহ জোপাই
কেৰ্ মেৰ্ কৰে ।
আকাশত তৰাবোৰে
তিৰ্ বিৰ্ কৰে ।
(খ) নপঢ়িলে দেউতা
খেচ্ খেচ্ কৰে ।
মিচিক্ মাচাক হাঁহি মাৰি
ভাইটি লৰ মাৰি
আইতা আহে ওচৰ চাপি
থৰক্ বৰক্ কৰি ।
ভন্টিও আহে ওচৰ চাপি
মচক্ মচক্ কৰি ।
প্ৰশ্ন ১২। কবি লীলা গগৈৰ ‘আঘাইটং ল’ৰা’ নামৰ কবিতাটিৰ পৰা কিছু অংশ দিয়া হৈছে; পঢ়ি চোৱা ।
পঢ়াশালিত ভোটাৰাম
ঘৰত মাতে ভটং,
ল’ৰা নহয় এলাপেচা
বৰ আঘাইটং ।
এদিনাখন ভটং বোপাই
ঘটং ঘটং কৰি
হাত এখনি পতং পেলালে
গছৰ পৰা পৰি ।
কলং নদীৰ দলংখনত
তলং তলং কৰি,
জপং কৰে ভটং বোপাই
দিয়ে পানীত পৰি ।
ৰংমনে খং কৰি
ৰং লগাই কয়,
ভটং বোপাই খাটাং কথা
মনত পেলাই থয় ।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা)
প্ৰশ্ন ১৩। দলত বহি তলত দিয়া শব্দসমূহ ব্যৱহাৰ হোৱাকৈ একোটিকৈ কবিতা লিখিবলৈ যত্ন কৰা।
খট খট্ টং টং জক্ মক্
গুৰুম, গুৰুম্ মুৰুক্ মাৰাক্ খপ্ জপ্
টিক্ টিক্ কক্ বক্ ঢলং পলং
উত্তৰঃ ঠিক সময়ত ঘড়ী কৰে টিক্ টিক্,
সৰু সৰু তৰাবোৰ জ্বলে চিক্ মিক্ ।
টং টং মন্দিৰৰ ঘণ্টা বাজিল,
খপ্ জপ্ কৰি তাই লৱৰি উঠিল।
গুৰুম, গুৰুম্ মাত আহিল দেৱলী,
ফুলজাৰি, চকৰি, বোমা ফুটিল জ্বলি ।
ভুক্ ভুক্ কৰে টমে ঢলং পলং,
জক্ মক্ পোহৰত পলাই পত্ৰং ।
ভাইটীয়ে চানা খায় মুৰুক্ মাৰাক্,
ফুলজাৰ নজ্বলাই চুমুক চামাক ।
খট্ খট্ জোতাৰে মামাও আহিল,
বেমাৰ মাতত হেনো অৱস্থা কাহিল ।
প্ৰশ্ন ১৪। দলত আলোচনা কৰি কাষৰ শব্দৰে দফা এটা লিখা ।
গলগলীয়া মাতেৰে সভাত নয়নে ছহিদসকলৰ বিষয়ে ভাষণ দিছিল । ভাষণ শুনি কৰবীৰ চকু…………… হৈছিল । গলগলীয়া
………………………………… সলসলীয়
………………………………… ফুচ ফুচাই
………………………………… গিৰিপ্ গাৰাপ্
………………………………… চল্ চলীয়া
………………………………… ৰং চঙীয়া
………………………………… তজ্ বজীয়া
…………………………………. খদম্ দম্
…………………………………. খপ্ জপ্
উত্তৰঃ গলগলীয়া মাতেৰে সভাত নয়নে ছহিদসকলৰ বিষয়ে ভাষণ দিছিল । ভাষণ শুনি কৰবীৰ চকু চল্ চলীয়া হৈছিল । তাকে দেখি মাধুৰীৰ মাকে কৰবীৰ মাকক কিবা এটা ফুচ ফুচাই কৈছিল । ৰংচঙীয়া কাপোৰ পিন্ধি মঞ্চৰ সমুখৰ আসনত টোপনি মাৰি থকা বৰুৱানীয়ে নয়নৰ সলসলীয় ভাষণ শুনি খপ্ জপ্ কৈ উঠিছিল । সভাগৃহ মানুহেৰে খদম্ দম্ কৰিছিল । বাহিৰত সেনাবাহিনীৰ জোৱানে গিৰিপ্ গাৰাপ্ কৈ ‘ফ্লেগমাৰ্চ’ কৰিছিল । তাকে চাবলৈ কৰবীৰ তজ্ বজীয়া ভায়েকটোৱে বাহিৰলৈ লৰ মাৰিছিল ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Please give me your whatsapp Number