Class 6 Assamese Chapter 9 আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 9 আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ and select needs one.
SEBA Class 6 Assamese Chapter 9 আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 9 আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ Solutions for All Subject, You can practice these here…
আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ
মূল লেখক: সুধা মূৰ্তি
অনুবাদক: অঞ্জন শৰ্মা
পাঠ: 9
ক্ৰিয়া-কলাপ
চমুকৈ উত্তৰ দিয়া
প্ৰশ্ন ১। পাঠটো মনোযোগেৰে পঢ়া । পাঠৰ কোনখিনি কথা তোমাৰ আটাইতকৈ ভাল লগিছে আৰু কিয় ভাল লাগিছে কোৱা ।
উত্তৰঃ কৃছ্তাক্কাই নাতিনীয়েকৰ সমুখত ‘শিক্ষাৰ কোনো বয়স নাই’ বুলি কোৱা দফাটো মোৰ আটাইতকৈ ভাল লাগিছে । কাৰণ, কৃছ্তাক্কাৰ প্ৰতিজ্ঞা সকলো পঢ়িবলৈ সুবিধা নোপোৱা, কিন্তু পঢ়াৰ প্ৰতি আগ্ৰহ থকা নিৰক্ষৰ লোকৰ বাবেই আদৰ্শ উচিত । শিক্ষাই যেনেদৰে কৃছ্তাক্কাক পঢ়াৰ স্বাধীনতা দিলে, তেনেদৰে প্ৰতিজ্ঞাই তেওঁক স্বাধীনতাৰ বাট মুকলি কৰিলে ।
প্ৰশ্ন ২। সৰু সৰু দলত ভাল হোৱা । এতিয়া; প্ৰতিটো দলৰ সদস্যসকলে পাঠৰ প্ৰথম দফাটো পঢ়া আৰু আলোচনা কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ।
(ক) দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা ‘মই’ শব্দটোৱে কাক বুজাইছে ?
উত্তৰঃ দফাটোত উল্লেখ কৰা ‘মই’ হৈছে সুধা মূৰ্তি ।
(খ) সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল ?
উত্তৰঃ সুধা মূৰ্তিৰ বাল্যকালত ভিতৰুৱা গাঁওবোৰৰ যাতায়াত ব্যৱস্থা বৰ বেয়া আছিল ।
(গ) প্ৰতিদিনে কাকত-পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল ?
উত্তৰঃ প্ৰতিদিনে কাকত-পত্ৰবোৰ এখন বাছত আহিছিল ।
(ঘ) বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ
কি ?
উত্তৰঃ সকলোৱে কাকত-পত্ৰবোৰৰ বাবে বাছখন অধীৰ আগ্ৰহেৰে বাট চাই আছিল ।
প্ৰশ্ন ৩। উত্তৰ লিখা ।
(ক) পাঠত উল্লেখ থকা সপ্তাহিক কাকতখনৰ নাম লিখা ।
উত্তৰঃ পাঠত উল্লেখ থকা সপ্তাহিক কাকতখনৰ নাম আছিল ‘কৰ্মবীৰ’ ।
(খ) আইতাকে কাকতখন কিয় ভাল পাইছিল ?
উত্তৰঃ কন্নড় ভাষাৰ জনপ্ৰিয় লেখক ত্ৰিবেণীৰ ‘কাশীযাত্ৰী’ নামৰ উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছিল বাবে আইতাকে ‘কৰ্মবীৰ’ কাকতখন ভাল পাইছিল ।
(গ) আইতাকে লোৱা দৃঢ় সংকল্পটো কি ?
উত্তৰঃ আইতাকে কন্নড় ভাষাৰ বৰ্ণমালা শিকিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল ।
প্ৰশ্ন ৪। পাঠটোত থকা কিছুমান জটিল শব্দ বাওঁফালে দিয়া হৈছে । সোঁফালে শব্দবোৰৰ অৰ্থ আছে । আৰু সৰু দলত বহি সেইবোৰৰ অৰ্থ মিলাই লিখা । প্ৰয়োজন হ’লে শিক্ষকৰ সহায় ল’বা ।
বাওঁফাল | সোঁফাল |
স্বচ্ছল, অতিক্ৰম | কঠোৰ পণ, নিশ্চিত |
উদ্গ্ৰীৱ, দৃঢ়সংকল্প, | সংকল্প পাৰ হৈ যোৱা |
অক্ষম, প্ৰচেষ্টা | কাৰ্য বিশেষ চেষ্টা,যত্ন |
সিদ্ধান্ত | ব্যগ্ৰ, উৎকণ্ঠিত, |
আগ্ৰহান্বিত নোৱৰা, | |
অপাৰগ সুচল অৱস্থা, | |
ফটফটীয়া স্থিৰ মত, | |
নিশ্চিত হোৱা |
উত্তৰঃ
বাওঁফাল | সোঁফাল |
স্বচ্ছল | সুচল অৱস্থা, ফটফটীয়া |
অতিক্ৰম | পাৰ হৈ যোৱা কাৰ্য |
উদ্গ্ৰীৱ | ব্যগ্ৰ, উৎকণ্ঠিত,আগ্ৰহান্বিত |
দৃঢ়সংকল্প | কঠোৰ পণ, নিশ্চিত সংকল্প |
অক্ষম | নোৱৰা, অপাৰগ |
প্ৰচেষ্টা | বিশেষ চেষ্টা,যত্ন |
সিদ্ধান্ত | স্থিৰ মত, নিশ্চিত হোৱা |
প্ৰশ্ন ৫ । দুজনীয়া দলত ভাগ হোৱা আৰু পাঠটোৰ কোনটো অংশত আইতাকৰ মনৰ দৃঢ়তা প্ৰকাশ পাইছে, আলোচনা কৰি কোৱা ।
উত্তৰঃ আইতাকে ‘কাইলৈৰ পৰা কন্নড় বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিম’ বুলি কোৱা কথাষাৰত আইতাকৰ দৃঢ়সংকল্প প্ৰকাশিত হৈছে । পাঠটোৰ সেই অংশতে তেওঁৰ মনৰ দৃঢ়তা প্ৰকাশ পাইছে ।
প্ৰশ্ন ৬। তলৰ বাক্যকেইটা কোনে,কেতিয়া আৰু কিয় কৈছিল । — “ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে শতেক বাধা-বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ’ব পাৰিবা । – ” যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰীক মই কিয় বা সন্মান নকৰিম ?
উত্তৰঃ প্ৰথম বাক্যটো আইতাক কৃছ্তাক্কাই সুধা মূৰ্তিক তেতিয়া হৈছিল যেতিয়া বাষষ্ঠি বছৰ বয়সীয়া আইতাকে পঢ়িব নোৱাৰিব বুলি সন্দেহ প্ৰকাশ কৰিছিল ।
দ্বিতীয় বাক্যটোও আইতাকে শিক্ষয়িত্ৰী শিশু সুধা মূৰ্তিক কৈছিল । আইতাকে সুধাৰ চৰণ স্পৰ্শ কৰা বাবে তেওঁ আচৰিত হোৱাত আইতাকে কথাষাৰ কৈছিল ।
প্ৰশ্ন ৭। পাঠটোৰ পৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বিচাৰি উলিয়াই তালিকা কৰা । যুক্তাক্ষৰবিলাক ভাঙি দেখুওৱা।
উত্তৰঃ



প্ৰশ্ন ৮। উপযুক্ত স্থানত যতি চিহ্ন বহুৱাই তলৰ দফাটো পুনৰ লিখা ।
আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ হাঁহি হাঁহি ক’লোঁ বাষষ্ঠি বছৰ বয়সত আপুনি লিখা-পঢ়া শিকিব আইতা আপোনাৰ আটাইবোৰ চুলি পকিছে হাত-মুখৰ ছাল শোটোৰা-শোটোৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চচ্মা পিন্ধিছে এইবোৰৰ উপৰি ৰান্ধিনি ঘৰৰ কাম পাৰিব আপুনি
উত্তৰঃ আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ । হাঁহি হাঁহি ক’লোঁ — ‘বাষষ্ঠি বছৰ বয়সত আপুনি লিখা-পঢ়া শিকিব আইতা ? আপোনাৰ আটাইবোৰ চুলি পকিছে । হাত-মুখৰ ছাল শোটোৰা-শোটোৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চচ্মা পিন্ধিছে । এইবোৰৰ উপৰি ৰান্ধিনি ঘৰৰ কাম ! পাৰিব আপুনি ?”
Sl. No. | Contents |
Chapter 1 | সবাতোকৈ আপোন |
Chapter 2 | বুধিয়ক বীৰবল |
Chapter 3 | অসমীয়া ভাষাৰ বিকাশৰ কথা |
Chapter 4 | বিহু আদৰণি |
Chapter 5 | গুৰুদক্ষিণা |
Chapter 6 | মিত্ৰামিত্ৰ |
Chapter 7 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা |
Chapter 8 | বেবৰিবাং |
Chapter 9 | আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ |
Chapter 10 | মহীয়সী হেলেন কেলাৰ |
Chapter 11 | সঞ্চয় |
Chapter 12 | মনোৰম মাজুলী |
Chapter 13 | আবিষ্কাৰৰ কাহিনী |
Chapter 14 | স্কাউট আৰু গাইড |
Chapter 15 | মহো-হো গীত |
প্ৰশ্ন ৯। পাঠটোৰ পৰা পাঁচটা বিশেষণ পদ বাছি উলিয়াই লিখা ।
উত্তৰঃ বেয়া, অধীৰ, জনপ্ৰিয়, প্ৰবল, স্বচ্ছল ।
প্ৰশ্ন ১০। পাঠটোত থকা যুৰীয়া শব্দবোৰ চিনাক্ত কৰা ।
উত্তৰঃ ককাদেউতা-আইতা, কাকত-পত্ৰ, কাম-কাজ, লুকা-চুৰি, লেখা-পঢ়া, ল’ৰা-ছোৱালী, মনে-প্ৰাণে, শিক্ষা-দীক্ষা, ধন-সম্পত্তি, হাঁহি-হাঁহি, শোটোৰা-শোটোৰ, বাধা-বিঘিনি, ছাত্ৰ-ছাত্ৰী।
প্ৰশ্ন ১১। তলৰ বাক্যকেইটাৰ পদৰ লগত যুক্ত বিভক্তিবোৰ বাছি উলিওৱা আৰু কোনবোৰ ক্ৰিয়া বিভক্তি আৰু কোনবোৰ শব্দ বিভক্তি লিখা ।
(ক) ৰামে লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাস খাটিছিল ।
উত্তৰঃ ৰামে = ৰাম + এ — শব্দবিভক্তি ।
সীতাৰ = সীতা + ৰ — শব্দবিভক্তি ।
(খ) বনত তেওঁলোকে ফল-মূল খাই জীৱন নিৰ্বাহ কৰিছিল ।
উত্তৰঃ বনত = বন + অত — শব্দবিভক্তি ।
তেওঁলোকে = তেওঁলোক + এ –শব্দবিভক্তি ।
খাই = খা + ই — ক্ৰিয়াবিভক্তি ।
কৰিলে = কৰ্ + ইল্ + এ — ক্ৰিয়াবিভক্তি ।
(গ) চৈধ্য বছৰৰ পাছত তেওঁলোকে অযোধ্যালৈ উভতি আহিল ।
উত্তৰঃ বছৰৰ = বছৰ + ৰ — শব্দবিভক্তি ।
অযোধ্যালৈ = অযোধ্যা + লৈ — শব্দবিভক্তি ।
প্ৰশ্ন ১২। অসম তথা ভাৰতৰ কেইখনমান দৈনিক আৰু সাপ্তাহিক বাতৰি কাকতৰ নাম লিখা।
উত্তৰঃ দৈনিক অসম, দৈনিক বাতৰি, অসমীয়া প্ৰতিদিন, আমাৰ অসম, The Assam Tribune, The Times of India, আজকাল, অসম বাণী, সাদিন, অগ্ৰদূত ইত্যাদি ।
প্ৰশ্ন ১৩। চাৰি-পাঁচজনীয়া দলত1ভাগ হোৱা । প্ৰতিটো দলে তলৰ যিকোনো এটাৰ বিষয়ে স্থানীয় দৈনিক বাতৰি কাকতত দিবলৈ এটি বাতৰি যুগুত কৰা ।
(ক) তোমালোকৰ অঞ্চলত এটা বাঘ ওলাইছে ।
উত্তৰঃ আমিনগাঁও, ২ নৱেম্বৰ : আজি পুৱতি নিশা আমিনগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পাহাৰৰ নামনিত এটা বাঘ দেখা গৈছে । প্ৰথমে সেই সময়ত কৰ্মৰত ‘পুঞ্জ লয়ড’ৰ কৰ্মীসকলে উক্ত নাহৰফুটুকী বাঘটো এটা মৃত ছাগলীৰ সৈতে প্ৰত্যক্ষ কৰে। তাৰ পাছত ওচৰৰ গাঁৱৰ মানুহে বাঘটো চাবলৈ হৈ-চৈ লগোৱাত বাঘটোৱে পাহাৰৰ ওপৰলৈ পলাই যায় । ইতিমধ্যে বন-কৰ্মী আৰু গৌৰীপুৰ চকীৰ আৰক্ষীসকল উপস্থিত হয় । স্থানীয় ৰাইজৰ অভিযোগমতে যোৱা এমাহ ধৰি সেই অঞ্চলৰ গৰু পোৱালি, ছাগলী, হাঁহ আদি বাঘৰ হাতত নিধন হৈছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।
(খ) তোমালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে ।
উত্তৰঃ নলবাৰী, ২৬ জানোৱাৰী : এই বছৰ উৎকৃষ্ট শিক্ষকতাৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা শিক্ষকসকলৰ ভিতৰত নলবাৰীৰ চেপাকুচিৰ ২ নং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীনৰেন গোস্বামীয়েও স্থান কৰিছে । বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা শ্ৰীযুত গোস্বামীয়ে আহোপুৰুষাৰ্থ কৰি স্থানীয় কৃষক-বনুৱাৰ সন্তানসকলক বিনামূলীয়াকৈ শিক্ষা লাভৰ সুযোগ দি আহিছিল । ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী গোস্বামীদেৱে হয়তো তেখেতে ডিগ্ৰী লাভ কৰাৰ সময়ত যিকোনো উচ্চ দৰমহা থকা চৰকাৰী চাকৰি পালেহেঁতেন । কিন্তু তাকে নকৰি শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ বাবে সদায়ে সংগ্ৰাম চলাই গ’ল । গোস্বামীদেৱে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাত স্থানীয় ৰাইজে অতিশয় সন্তোষ আৰু আনন্দ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্ৰতিষ্ঠিত ঠিকাদাৰ, গোস্বামীদেৱৰ প্ৰাক্তন ছাত্ৰ মঃ মেহবুব আলীয়ে গুৰুদক্ষিণাস্বৰূপে এখন চাৰিচকীয়া গাড়ী কৃতি শিক্ষকগৰাকীক অৰ্পণ কৰিছে ।
(গ) এই বছৰৰ গ্ৰন্থমেলাত কেইবাখনো শিশু উপযোগী পুথি প্ৰকাশ পাইছে ।
উত্তৰঃ গুৱাহাটী, ৬ নৱেম্বৰ : গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক ইনষ্টিটিউটৰ খেলপথাৰত চলি থকা এইবেলিৰ গ্ৰন্থমেলাত শিশু-উপযোগী গ্ৰন্থৰ নতুন প্ৰকাশ আৰু বিক্ৰীয়ে নতুন মাত্ৰা লাভ কৰিছে । দেশী-বিদেশী শিশু উপযোগী গ্ৰন্থই গ্ৰন্থমেলাৰ বিপণিসমূহৰ সৌন্দৰ্যই বৃদ্ধি কৰিছে । গ্ৰন্থমেলাৰ মঞ্চত অসমৰ প্ৰতিষ্ঠিত গ্ৰন্থ প্ৰকাশকসকলে ন ন শিশু উপযোগী পুথি প্ৰকাশ কৰিছে । এইবাৰৰ গ্ৰন্থমেলাত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী’ আইৰ সাধু’ৰ ইংৰাজী অনুবাদ আৰু হেৰি প’টাৰৰ নতুন ‘চিৰিজ’ সমূহে বিশেষ সমাদৰ লাভ কৰা দেখা গৈছে ।
(ঘ) বৰষুণৰ পানীয়ে বিদ্যালয়ৰ চৌহদ বুৰাই পেলাইছে ।
উত্তৰঃ ঢেকীয়াজুলি, ২৭ জুন : যোৱা ৰাতি এজাক বৰষুণ ঢেকীয়াজুলিৰ পানীখোৱা উচ্চ মাধ্যমিক বিদ্যালয় চৌহদ বুৰাই পেলায় । ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ অভিযোগমতে স্থানীয় ঠিকাদাৰ এজনে পানী ওলাই যোৱা নলাটো বন্ধ কৰি শিল-বালি জমা কৰাৰ ফলতে বিদ্যালয়ৰ পাঠদান বন্ধ কৰি দিয়াৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ’ল । স্থানীয় সচেতন ৰাইজে মহকুমাধিপতিক লগ কৰি উচিত ব্যৱস্থা লোৱাৰ বাবে দাবী কৰাৰ পোষকতা কৰিছে । উল্লেখযোগ্য যে আজিৰ কৃত্ৰিম বানপানীত বিদ্যালয়খনৰ চৌহদলৈ লেতেৰা পানী সোমাই ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ উপৰি আচবাব আৰু নথিপত্ৰও কিছু পৰিমাণে নষ্ট কৰিছে ।
প্ৰশ্ন ১৪। এখন দৈনিক বাতৰি কাকত এসপ্তাহৰ বাবে ভালদৰে চোৱা আৰু কোন দিনা কি কি শিতান থাকে, সেয়া বাৰৰ নামেৰে সৈতে এখন তালিকা যুগুত কৰা । যেনে—

উত্তৰঃ

প্ৰশ্ন ১৫। ছবি পৰ্যৱেক্ষণ কৰি উত্তৰ দিয়া পাঠৰ ছবি চাই ল’লোঁ ।

(ক) ছোৱালীজনীয়ে কি কৰি আছে ?
উত্তৰঃ ছোৱালীজনীয়ে বয়োজ্যেষ্ঠসকলক বৰ্ণমালা আৰু অংক শিকাই আছে ।
(খ) আইতাকে কৰি থকা কামটো তোমালোকৰ ঘৰত কোনে কোনে কৰি ভাল পায় ?
উত্তৰঃ আমাৰ ঘৰত দেউতাই বাতৰি কাকত পঢ়ি বৰ ভাল পায় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.