Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ

Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ and select needs one.

SEBA Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ Solutions for All Subject, You can practice these here.

মহীয়সী হেলেন কেলাৰ

পাঠ: 10

TEXTUAL QUESTION ANSWER

১। পাঠটো শুদ্ধ উচ্চাৰণেৰে থোকোজা নলগাকৈ পঢ়া।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

২। পাঠটো পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰৰ অর্থ অভিধান বা শব্দ সম্ভাৰ চাই লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

৩। তলৰ বাক্যশাৰী পঢ়ি কোনে, কেতিয়া, কিয় আপ্রাণ চেষ্টা কৰিছিল কোৱা আৰু লিখা।

“বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেখেতসকলে আপ্রাণ চেষ্টা কৰিছিল।”

উত্তৰঃ সন্তান হেলেন কেলাৰৰ বিষাদপূৰ্ণ অৱস্থা দেখি তেখেতৰ মনত বিভিন্ন উপায়েৰে সাহস আৰু আত্মবিশ্বাস জাগ্ৰত কৰিবলৈ পিতৃ-মাতৃয়ে আপ্ৰাণ চেষ্টা চলাইছিল। ছোৱালীজনীৰ অৱস্থা দেখি যেতিয়া তেখেতসকল মৰ্মাহত হৈছিল, তেতিয়াই তেনে চেষ্টা চলাইছিল।

৪। পাঠটো পঢ়ি উপযুক্ত শব্দ আৰু চন খালী ঠাইত বহুওৱা।

(ক) _____________ চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি ____________ কৰি সকলোকে _____________ কৰিলে।

উত্তৰঃ ১৯৫৪ চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি স্পৰ্শ কৰি সকলোকে অবাক কৰিলে।

(খ) ______________ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক _____________ পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত ____________ ৰোগত আক্ৰান্ত হৈছিল।

উত্তৰঃ ১৮৮০ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰ ডেৰ বছৰ বয়সত মেনিন্‌জাইটিছ ৰোগত আক্ৰান্ত হৈছিল।

(গ) নিঃস্বার্থ আৰু পবিত্র প্রেমেৰে ____________ সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ____________ চনত।

উত্তৰঃ নিঃস্বার্থ আৰু পবিত্র প্রেমেৰে অন্যলোক সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ১৯৬৮ চনত।

(ঘ) ____________ ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন বিততকৈ মৰম ____________ আৰু ____________ বেছি প্ৰয়োজন।

উত্তৰঃ গ্রাহাম বেলে ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন বিততকৈ মৰম চেনেহ আৰু আত্মবিশ্বাসহে বেছি প্ৰয়োজন।

৫। মহীয়সী নাৰীগৰাকীৰ জীবন বৃতান্ত তোমাৰ কথাৰে লিখা।

উত্তৰঃ মার্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালৰ প্রথম সন্তান আছিল হেলেন কেলাৰ। ১৮৮০ চনত জন্ম গ্রহণ কৰা হেলেন কেলাৰ ডেৰ বছৰ বয়সত মেনিনজাইটিছ ৰোগত আক্ৰান্ত হৈছিল। মৃত্যুৰ দুৱাৰডলিৰ পৰা কোনোমতে উভতি আহিছিল। তেখেতে কাণেৰে নুশুনা আৰু চকুৰে নেদেখা হৈছিল আৰু বাকশক্তিও লোপ পাইছিল। অন্ধ আৰু মূক-বধিৰ হোৱা বাবে পৃথিৱীৰ হাঁহি-কান্দোন, ৰূপ-সৌন্দৰ্যৰ লগত হেলেন কেলাৰে সম্পর্ক সাধন কৰিব নোৱাৰি হতাশাত ভূগিছিল। সশব্দে হাঁহি আৰু অস্বাভাবিক অংগ-ভংগী কৰি তেখেতে মনৰ ভাব ব্যক্ত কৰিবলৈ চেষ্টা কৰিছিল। সন্তানৰ এনে বিষাদপূর্ণ অবস্থা দেখি মাক-দেউতাকৰ মন ভাগি পৰিছিল। গ্রাহাম বেলে হেলেন কেলাৰৰ শাৰীৰিক সমস্যাৰ কথা মন দি শুনিলে। তেখেতে ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ- ভাবে সক্ষম ব্যক্তিসকলৰ বাবে ধন- বিততকৈ মৰম, চেনেহ আৰু আত্মবিশ্বাসৰহে বেছি প্রয়োজন। তেখেতে হেলেন কেলাৰক এনি চুলিভান নামৰ শিক্ষয়িত্ৰী এগৰাকীৰ ওচৰলৈ লৈ গ’ল। চুলিভান অত্যন্ত আত্মবিশ্বাসী, সাহসী আৰু মৰমিয়াল আছিল। গ্রাহাম বেলে চুলিভানক ওঁঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল শিকাইছিল।

৬। দলত আলোচনা কৰি উত্তৰ লিখা।

“চুলিভানে গ্রাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে।”

(ক) চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছে?

উত্তৰঃ চুলিভান বুলি ইয়াত শিক্ষয়িত্ৰী কথা কোৱা হৈছে।

(গ) চুলিভানে গ্রাহাম বেলৰ পৰা কি শিকিছিল?

উত্তৰঃ চুলিভানে গ্রাহাম বেলৰ পৰা ওঁঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল শিকিছিল।

(ঘ) চুলিভানে হেলেনক কি শিকাইছিল?

উত্তৰঃ চুলিভানে গ্রাহাম বেলৰ পৰা শিকা ওঁঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল হেলেনক শিক্ষইছিল।

৭। তলৰ শব্দবোৰ সন্ধি ভাঙি পঢ়োঁ আহা।

(i) হিম + অচল = হিমাচল।

(ii) পৰি + ঈক্ষা = পৰীক্ষা।

(iii) বিদ্যা + আলয় = বিদ্যালয়। 

(iv) অতি + আচাৰ = অত্যাচাৰ।

(v) হিম + আলয় = হিমালয়।

(vi) যথা + ইষ্ট = যথেষ্ট।   

(vii) মণি + ইন্দ্ৰ = মণীন্দ্ৰ।

(viii) যথা + উপযুক্ত = যথোপযুক্ত। 

(ix) অতি + ইন্দ্ৰিয় = অতীন্দ্ৰিয়।

(x) নৌ + ইক = নাৱিক।

৮। ইচ্ছাশক্তি, কল্যাণ, নিঃস্বাৰ্থ, আত্মবিশ্বাস, প্ৰয়োজন, প্ৰবল, সহায়, কৰ্মপ্ৰৱণতা, দুঃসাহসী। এই শব্দকেইটা ব্যৱহাৰ কৰি কমেও পাঁচটা বাক্য সাজা। 

উদাহৰণ: প্ৰবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ দ্বাৰা ছোৱালীজনীয়ে জীৱনত সফলতা লাভ কৰিব পাৰিলে। 

উত্তৰঃ (ক) সমাজৰ কল্যাণৰ বাবে আজি প্ৰয়োজন হৈছে প্ৰবল কৰ্ম প্ৰৱণতা।

(খ) দুঃসাহসী আৰু নিঃস্বাৰ্থ লোক আছিল বাবেই বৰুৱাই সকলোৰে প্ৰতি সহায়ৰ হাত আগবঢ়াইছিল।

(গ) তোমালোকৰ আত্মবিশ্বাসে নিশ্চয়কৈ দেশৰ কল্যাণ সাধন কৰিব।

(ঘ) হেলেন কেলাৰ প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী হোৱাৰ উপৰি তেখেতৰ আত্মবিশ্বাস আৰু কৰ্মপ্ৰৱণতাও শলাগিবলগীয়া আছিল। 

(ঙ) দুর্গতজনক সহায় কৰা নিঃস্বাৰ্থ লোকেহে প্ৰয়োজন সাপেক্ষে নিজেও সহায় পায় আৰু সকলোৱে তেনে লোকৰ কল্যাণ কামনা কৰে।

৯। শব্দবোৰ অভিধানৰ দৰে বৰ্ণমালাৰ ক্ৰমত-সজোৱা। প্ৰয়োজন হ’লে শিক্ষকৰ সহায় ল’বা। 

উদাহৰণ–অধ্যক্ষ,অবাক,আনুষ্ঠানিক, আপ্ৰাণ।

মহীয়সী নিঃস্বাৰ্থ উপলব্ধি আপ্ৰাণ ফলপ্ৰসূ মধ্যবিত্ত দুঃসাহসী আনুষ্ঠানিক খুঁত কৰ্মপ্ৰৱণতা বিষাদপূৰ্ণ জৰিয়তে প্ৰতিষ্ঠিত শিক্ষা সংস্থাপন শাৰীৰিক অবাক চিকিৎসক ওঁঠ উৎসৰ্গা অধ্যক্ষ টেলিফোন ডিগ্ৰী আৰম্ভ ছোৱালী গ্ৰাহাম হতাশ নেহেৰু যুক্তৰাষ্ট্ৰ ইচ্ছাশক্তি হতভম্ভ হাঁহি কৰ্ম ।

উত্তৰঃ অধ্যক্ষ,অবাক,আনুষ্ঠানিক, আপ্ৰাণ, আৰম্ভ, ইচ্ছাশক্তি, উপলব্ধি, উৎসৰ্গা, ওঁঠ, কৰ্ম, কৰ্মপ্ৰৱণতা, খুঁত, গ্ৰাহাম, চিকিৎসক, ছোৱালী, জৰিয়তে, টেলিফোন, ডিগ্ৰী, দুঃসাহসী, নিঃস্বাৰ্থ, নেহেৰু, প্ৰতিষ্ঠিত, ফলপ্ৰসূ, বিষাদপূৰ্ণ, মধ্যবিত্ত, মহীয়সী, যুক্তৰাষ্ট্ৰ, শাৰীৰিক, শিক্ষা, সংস্থাপন, হতভম্ভ, হতাশ, হাঁহি।

১০। তলত দিয়াবোৰৰ পুংলিংগ, স্ত্রীলিংগ আৰু উভয়লিংগ নির্ণয় কবি তালিকা প্রস্তুত কৰা।

মহিলা, নাৰী, শিক্ষক, সন্তান, প্রধানমন্ত্ৰী ছোৱালী, পিতৃ, মাতৃ, শিক্ষয়িত্ৰী, শিশু, অধ্যক্ষ, ব্যক্তি, দেউতা, কেঁচুৱা, পুৰুষ, লোক

উদাহৰণ:

পুলিংগস্ত্ৰীলিংগউভৈলিংগ
পুৰুষমাতৃকেঁচুৱা

উত্তৰঃ 

পুলিংগস্ত্ৰীলিংগউভৈলিংগ
পুৰুষমাতৃকেঁচুৱা
শিক্ষকমহিলাসন্তান
পিতৃনাৰীপ্ৰধানমন্ত্ৰী
অধ্যক্ষছোৱালীশিশু
দেউতামাতৃব্যক্তি
পুৰুষশিক্ষয়িত্ৰীকেঁচুৱা

১১। “বিশেষভাবে সক্ষম ব্যক্তিসকল সমাজৰ সম্পদ”-এইসকলৰ বাবে তুমি কি কৰিবা, দলত আলোচনা কৰি লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১২। “বিশেষভাবে সক্ষম ব্যক্তিসকল দেশ তথা সমাজৰ সম্পদ”- এই বিষয়ে তোমাৰ শ্রেণীকোঠাত এটি বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৩। শ্রুতলিপি লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

1 thought on “Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ”

  1. I like this app very useful for me I like too much I didn’t understand anything then I will open this app when teachers will give homework then I will open this how I understand you that how much I love it it’s like a friend of my study 😊 🤗all types of questions and answers here I really love it 🙂

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top