Class 9 Assamese Chapter 11 যুঁজ

Class 9 Assamese Chapter 11 যুঁজ Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 11 যুঁজ Solutions and select need one. Class 9 Assamese Chapter 11 যুঁজ Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 11 যুঁজ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 11

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’—ভাব বিষয়ক

১। অতি চমুকৈ উত্তৰ লিখা।

(ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল?

উত্তৰঃ প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল।

(খ) সিদ্ধাৰ্থহঁতৰ শ্রেণী শিক্ষক গৰাকীৰ নাম কি?

উত্তৰঃ সিদ্ধাৰ্থহঁতৰ শ্রেণী শিক্ষক গৰাকীৰ নাম হ’ল– মহেন্দ্ৰ মাষ্টৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) নির্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল?

উত্তৰঃ নির্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল।

(ঘ) সিদ্ধার্থই পেঞ্চিলবক্সত কি সাঁচি থৈছিলে?

উত্তৰঃ সিদ্ধার্থই পেঞ্চিলবক্সত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল।

(ঙ) নির্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল?

উত্তৰঃ নির্মলে এক জটিল ৰোগৰ চিকিৎসা কৰিবলৈ বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল।

২। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(ক) সিদ্ধার্থই কিয় প্রশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল?

উত্তৰঃ পিতৃ-মাতৃৰ অৱহেলাত সিদ্ধাৰ্থ সম্পূর্ণ নিঃসঙ্গ হৈ পৰিছিল। একাকীত্বই তাক খুলি খুলি খাইছিল। সেই পৰিস্থিতিৰ পৰা ৰেহাই পাবলৈ সিদ্ধাৰ্থই ড্ৰাগছ খাবলৈ লৈছিল। কিন্তু ড্ৰাগছ্ কিনিবলৈ টকা ক’ত পাব? সেয়ে সি চুৰ কৰিবলৈ লৈছিল। সমনীয়াৰ বেগৰ পৰা, মাকৰ বেগৰ পৰা লাহে লাহে সি চুৰ কৰিবলৈ লৈছিল। ড্ৰাগছ কিনিবলৈ টকাৰ প্ৰয়োজনত সি প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ কৰিছিল।

(খ) কি কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল?

উত্তৰঃ বুজা হোৱা বয়সৰ পৰাই সিদ্ধাৰ্থই দেখিছিল মাক-বাপেকৰ দুৰ্বাদল কাজিয়া। প্রচণ্ড গালি-গালাজত সিদ্ধার্থই ভাবি পোৱা নাছিল কাৰ পক্ষ লব বুলি । তাৰ কোমল মনটো ভাগি চুচুঁমৈ হৈছিল। ৰাতিবোৰ সি কান্দি কান্দি পাৰ কৰি দিছিল। কিন্তু তাৰ চকুপানী মচিবলৈ তাৰ কাষলৈ মাক বা দেউতাক কোনেও যোৱা নাছিল।

এদিন দেউতাকে তেওঁলোকক এৰি থৈ কৰবালৈ গুচি গৈছিল। সি যেন একেবাৰে অকলশৰীয়া হৈ পৰিছিল। সিদ্ধাৰ্থই স্কুল চুটিৰ পিছত য’ত-ত’ত অনাই বনাই ঘূৰি পলমকৈ ঘৰ সোমাইছিল। লাহে লাহে তাৰ স্কুলতো মন নবহা হৈছিল। তাৰ জীৱনটো বঠা নোহোৱা নাৱৰদৰে হৈছিল। সেইসময়তে তাৰ পাণদোকানীটোৰ লগত চিনাকি হৈছিল। দোকানীজনে তাৰ হাতত এটা চিগাৰ্টে তুলি দিছিল। লাহে লাহে সেই চিগাৰেট সি এৰিব নোৱাৰা হৈছিল। এনেবোৰ পাৰিবাৰিক কাৰণতে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল।

(গ) নির্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণদোকানখনলৈ গৈছিল?

উত্তৰঃ নির্মলে কৌতূহল আৰু সন্দেহৰ বশবর্তী হৈ পাণদোকানখনলৈ গৈছিল। সি জানিছিল সিদ্ধার্থ নিশ্চয় পাণদোকানখনতে থাকিব। কাৰণ নির্মলে প্রায়েই সিদ্ধাৰ্থক পাণদোকানখনত দেখা পায়। দুই-এদিন দোকানৰ আঁৰত সিদ্ধাৰ্থক চিগাৰেট টানি থকাও নির্মলে দেখা পাইছিল। পাণদোকানখনৰ দোকানীজনক নিৰ্মলৰ মুঠেও ভাল নালাগে। কাৰণ মানুহজনৰ কথা-বতৰাত নিৰ্মলে কিবা ৰহস্যৰ গোন্ধ থকা যেন লাগিছিল। দোকানলৈ যোৱা লৰা-ছোৱালীক দোকানীজনে গভীৰভাবে নিৰীক্ষণ কৰা যেন লাগিছিল ৷ নিৰ্মলৰ ভাল নলগা মানুহজনৰ লগত সিদ্ধাৰ্থৰনো কি ইমান কথা থাকিব পাৰে ভাবি সি আচৰিত হৈছিল, লগতে সন্দেহ আৰু গভীৰ হৈছিল। তাৰ উৱাদিহ লবলৈকে নির্মলে সিদ্ধাৰ্থক বিচাৰি পাণদোকানখনলৈ গৈছিল।

(ঘ) সিদ্ধার্থই প্রথমতে কিয় নিৰ্মলৰ মুখামুখি হ’ব খোজা নাছিল?

উত্তৰঃ নির্মলৰ চিধা প্ৰশ্নৰ উত্তৰ দিবলৈ সিদ্ধাৰ্থ সহজ হব পৰা নাছিল। নির্মলে সিদ্ধাৰ্থৰ চকুলৈ চাই তাৰ কি হৈছে প্ৰশ্ন কৰিছিল। বন্ধুত্বৰ অকৃত্রিম মৰম-কৰ্তৃত্বৰ ওচৰত সিদ্ধাৰ্থ দুৰ্ব্বল হৈ পৰিছিল। গুৰু-গোঁসাই নমনা সিদ্ধার্থই একো কব পৰা নাছিল। সিদ্ধার্থ এসপ্তাহ বিদ্যালয়লৈ যাবলৈও সাহস কৰিব পৰা নাছিল। কঠোৰ বাস্তৱৰ সৈতে যুঁজি যুঁজি সিদ্ধাৰ্থ ল’ৰাটো বৰ কৰ্কশ হৈ পৰিছিল। মহেন্দ্ৰ মাষ্টৰৰ কঠোৰ বাক্যবাণৰ মুখামুখি হোৱাটো তাৰ বাবে সহজ আছিল, কিন্তু নিৰ্মলৰ মুখামুখি হবৰ বাবে তাক মানসিক প্রস্তুতিৰ প্ৰয়োজন হৈছিল। সেয়ে সিদ্ধাৰ্থই প্ৰথমে নিৰ্মলৰ মুখামুখি হ’ব খোজা নাছিল।

(ঙ) নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল?

উত্তৰঃ নির্মলৰ দেহত যে এক জটিল ৰোগে বাহ লৈ আছে সেইকথা গম পাই সিদ্ধার্থই প্রচণ্ড মানসিক আঘাত পাইছিল। কিছুসময়ৰ বাবে সিদ্ধার্থ নির্বাক নিস্পন্দ হৈ পৰিছিল। নিৰ্মলৰ কথাৰ উত্তৰত সিদ্ধাৰ্থই নিৰ্মলৰ হাতখন খামুচি কৈছিল, “মই নিশ্চয় চেষ্টা কৰিম নিৰ্মল। চকুৰ সন্মুখত নাথকিলেও মোৰ বুকুৰ ভিতৰৰ পৰাই তই মোক বাধা দি থাকিবি—মই জানো।” নির্মলে বাহিৰলৈ যোৱাৰ আগতে সিদ্ধাৰ্থক মৰমেৰে আদেশৰ সুৰত কৈছিল যে, সি নাথাকিলেও সিদ্ধার্থ যাতে সেই পাণদোকানখনলৈ কাহানিও নাযায়। নিৰ্মলৰ মৰমৰ আদেশত সিদ্ধাৰ্থই যেন নিজৰ কোনোবা আপোন মানুহকে বিচাৰি পাইছিল।

৩। ‘তোৰ কি হৈছে, মোক ক’বই লাগিব সিদ্ধাৰ্থ’ – নির্মলৰ এই কথাখিনিয়ে সিদ্ধার্থক কেনেকৈ প্ৰভাৱিত কৰিছিল?

উত্তৰঃ পাণদোকানখনতে নির্মলে সিদ্ধার্থক লগ পাইছিল। সিদ্ধার্থই নির্মলক চকুলৈ চাব পৰা নাছিল। নিৰ্মলৰ বন্ধুত্বৰ মৰমৰ আঁৰত কৰ্তৃত্বৰ সুৰ বাজি উঠিছিল। সিদ্ধার্থই আত্মবিশ্বাস হেৰুৱাই পেলাইছিল। নিৰ্মলৰ সন্মুখত সি নিষ্প্রভ হৈ পৰিছিল। কিন্তু নির্মলে চিঞৰি উঠিছিল—“তোৰ কি হৈছে মোক ক’বই লাগিব সিদ্ধার্থ।” নিৰ্মলৰ কথাৰ উত্তৰ দিবলৈ সিদ্ধাৰ্থ দুৰ্ব্বল হৈ পৰিছিল। সি আঁতৰি আহিছিল, বিদ্যালয়লৈ যাবলৈকো এৰি দিছিল ৷ নিৰ্মলৰ কথাষাৰ তাৰ যন্ত্ৰণাদগ্ধ বুকুৰ মাজত শান্তিৰ সংগীত হৈ বিৰাজ কৰিছিল। তেনেকৈ কৰ্তৃত্ব দেখুৱাব পৰা মানুহ সিদ্ধাৰ্থৰ জীৱনৰ পৰা হেৰাই গৈছিল। নোপোৱা মৰম পোৱাৰ আশাই সিদ্ধাৰ্থক দুৰ্বল কৰি তুলিছিল। অস্বস্তিকৰ মৌনতাৰ মাজত সিদ্ধার্থ চটফটাইছিল। তাৰ অকলশৰীয়া জীৱনটোত একমাত্ৰ নিৰ্মলৰ কথাৰ মাজতে মৰমৰ সুৰ বিচাৰি পাইছিল। নিৰ্মলৰ কৰ্তৃত্বভৰা এষাৰ কথাত এনেদৰে সিদ্ধাৰ্থই পোহৰৰ ৰেঙনি দেখা পাইছিল।

৪। সিদ্ধার্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা।

উত্তৰঃ বুজা হোৱাৰে পৰা সিদ্ধার্থ মাক দেউতাকৰ দুৰ্ব্বাদল কাজিয়াৰ সাক্ষী হৈছিল। পাৰিবাৰিক কন্দলৰ বলি হৈছিল সিদ্ধার্থ। তাৰ প্ৰতি মাক-দেউতাকৰ কোনো ভ্রূক্ষেপ নাছিল। গালি-গালাজ, চিঞৰ-বাখৰৰ মাজত সি চাই ৰৈছিল মাক-দেউতাকৰ ফালে। কিন্তু তেওঁলোকৰ কোনো এজনেও তাক বুজিবলৈ চেষ্টা কৰা নাছিল। তাৰ মনৰ মাজত সি অকলে যুঁজিছিল, কাৰ পক্ষ লব সি? মাক-নে দেউতাকৰ? তাৰ কোমল হৃদয়খনে মাথো মনে মনে কান্দিছিল। কান্দি কান্দি সিদ্ধাৰ্থৰ নিশাবোৰ উজাগৰে পাৰ হৈছিল। কিন্তু চকুপানী মচিবলৈ তাৰ কাষত কোনেও নাছিল। এদিন দেউতাকে তাক মাকৰ লগতে এৰি থৈ ক’ৰবালৈ গুচি গৈছিল। মাকো তাৰ প্ৰতি নিৰুদ্বেগ আছিল। ফলস্বৰূপে সিদ্ধার্থই নিঃসংগতাত ভুগিবলৈ ল’লে। সি ইমানেই নিঃসংগতাত ভুগিবলৈ ল’লে যে লাহে লাহে সি ড্ৰাগছ লবলৈ আৰম্ভ কৰিলে।

৫। নির্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা।

উত্তৰঃ পাণদোকানখনলৈ সিদ্ধার্থক সঘনাই যোৱা দেখি নিৰ্মলৰ মনত অলপ সন্দেহ হৈছিল। কাৰণ পাণদোকানীজনক নিৰ্মলৰ মুঠেও ভাল লগা নাছিল। কিবা এক ৰহস্যৰ গোন্ধ পাইছিল নির্মলে। সেয়ে এদিন স্কুল চুটিৰ পিছত নির্মলে সিদ্ধাৰ্থক বিচাৰি পাণদোকানখনলৈ গৈছিল৷ তেতিয়া দোকানীজনে নির্মলক অলপ কঠোৰ ব্যৱহাৰ কৰিছিল। নির্মলৰ সন্দেহ আৰু গভীৰ হৈছিল। সি সিদ্ধাৰ্থক প্রশ্ন কৰিছিল যে তাৰ কি হৈছে। কিন্তু সিদ্ধার্থই সেই প্রশ্ন এৰাই চলিছিল। এদিন সিদ্ধাৰ্থক বিচাৰি পাণদোকানখনলৈ যাওঁতে নির্মলক বাইকত থকা দুজন লৰাৰ পিছৰ জন মানুহে এক প্রচণ্ড ঘোচা মাৰে৷ নিৰ্মলৰ নাক ভাগি তেজৰ সোঁত ববলৈ ধৰে। সেইসময়তে সিদ্ধার্থ আহি সেইঠাইত উপস্থিত হয়। নিৰ্মলৰ কাষলৈ দৌৰি গৈ তাক দাঙি ধৰি প্ৰশ্ন কৰে “কোনে মাৰিলে তোক?” নিৰ্মলে সকলো বিৱৰি কোৱাত সিদ্ধার্থ যেন অনুশোচনাত দগ্ধ হয়। তাৰ বাবেই নিৰ্মলৰ সেই অৱস্থা হ’ল। তেজেৰে ৰাঙলী হল নির্মল। প্রচণ্ড যন্ত্ৰণাত সেহাই সেহাই নির্মলে তেতিয়াও সিদ্ধাৰ্থক প্রশ্ন কৰিছিল—“তোৰ কি হৈছে মোক কবই লাগিব সিদ্ধার্থ।”

বন্ধুত্বৰ স্নেহৰ ওচৰত সিদ্ধাৰ্থ নিৰুত্তৰ হৈ গৈছিল। তাৰ মৰম নোপোৱা পৃথিবীখনত যেন এচেৰেঙা পোহৰে দেখা দিলে। সকলো অৱলম্বন হেৰুৱাই পেলোৱা সিদ্ধাৰ্থই যেন দেখা পাইছিল অলপ হ’লেও স্নেহৰ ছায়া। গুৰু-গোঁসাই নমনা হোৱা সিদ্ধাৰ্থই কিন্তু নিৰ্মলৰ চকুত চকু থৈ কথা কবা পৰা নাছিল। সিদ্ধাৰ্থৰ মনৰ জগতখনত নানানটা প্রশ্ন উঠিছিল—তাক বিচাৰি নিৰ্মল কিয় গৈছিল পাণদোকানখনলৈ, কি দৰ্কাৰ তাৰ কথাবোৰ জনাৰ? কি লাভ হ’ব তাৰ? সিদ্ধাৰ্থৰ মনৰ মাজত নিৰ্মলৰ ৰক্তাক্ত মুখখনে অগাদেবা কৰিছিল। লাভ-লোকছানৰ বাহিৰৰ পৃথিবী এখন এতিয়াও আছে নে সেইকথা উপলব্ধি কৰিছিল সিদ্ধাৰ্থই। বন্ধুত্বৰ মৰমৰ ওচৰত তাৰ বেপৰোৱা স্বভাৱ নিষ্প্রভ হৈ গৈছিল। সেয়ে সিদ্ধাৰ্থই নিৰ্মলৰ আগত তাৰ সমস্ত দুখৰ কাহিনী অকপটত প্ৰকাশ কৰি আক্ষেপেৰে কৈছিল—“হয়তো জীৱনটোৱে মোক প্ৰবঞ্চনা কৰিলে।” নিৰ্মলেও তাৰ সমস্ত দুখৰ কাহিনী মন দি শুনিলে। নির্মলে বুজি পালে বাহিৰত বেপৰুৱা, কঠোৰ সিদ্ধাৰ্থৰো আছে এটি স্পর্শকাতৰ ধুনীয়া মন। নিৰাশ্রয়, নিৰাৱলম্বন, আৰ মমতাৰ অভাবত যি মন থানবান হৈ গৈছিল। সিদ্ধাৰ্থৰ সকলো দুখৰ কাহিনী শুনি নিৰ্মলে কৈছিল যে সিদ্ধাৰ্থক সকলো বদঅভ্যাস এৰিব লাগিব। নিৰ্মলৰ সেই কথাষাৰত অনুৰোধ, মৰম, শাসন যেন সকলো লুকাই আছিল। অলপ চিন্তা কৰি সিদ্ধাৰ্থই উত্তৰ দিছিল যে সেইকাম ইমান সহজ নহয় ৷ নির্মলে তাক বুজাবলৈ চেষ্টা কৰিলে যে ড্ৰাগছৰ এই ভুলপথে মানুহক অকাল মৃত্যু আৰু অপৰাধ জগতলৈ টানি নিয়ে গতিকে তাক সেইপথ এৰিব লাগিব। নির্মলে সিদ্ধার্থক আশ্বাস দিছিল যে তাৰ সেই সমস্যাৰ কথা ডাক্তৰৰ লগত আলোচনা কৰিব লাগিব। সকলো সমস্যাৰে সমাধান আছে। সিদ্ধাৰ্থই প্রতিবাদ কৰা নাছিল। বহুদিনৰ পিছত তাৰ মনটোৱেও অলপ শান্তিৰ ছাঁত জিৰাবলৈ বিচাৰিছিল। এনেদৰেই নির্মলে সিদ্ধাৰ্থক ভুল বাটৰপৰা আঁতৰাই আনিবলৈ সক্ষম হৈছিল।

৬। ‘তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি, অস্বস্তিকৰ মৌনতাৰ মাজত মাথোঁ ছট্‌ফটাবহে পাৰি’ — কথাষাৰৰ অন্তনিৰ্হিত ভাব বিশ্লেষণ কৰা।

উত্তৰঃ নিৰ্মলৰ চকুত সিদ্ধাৰ্থৰ অস্বাভাবিক পৰিবৰ্তনবোৰ ধৰা পৰিছিল। কাৰণ সিদ্ধাৰ্থ আগতে এনেকুৱা বেপৰুৱা স্বভাৱৰ নাছিল। সি সকলোৰে লগত হাঁহিছিল, খেলিছিল। কিন্তু কেইমাহমানৰ পৰাহে সি শ্ৰেণীত বন্ধুবোৰৰপৰা আঁতৰি গৈছিল, শিক্ষকে দিয়া ঘৰৰ কামবোৰ কৰা নাছিল, আনকি মাজে মাজে স্কুল খটিও কৰিছিল। সেই পৰিবৰ্ত্তনবোৰ দেখি নিৰ্মলে অনুমান কৰিছিল যে নিশ্চয় সিদ্ধাৰ্থৰ মনৰ ভিতৰত কোনো অশান্তিয়ে বাহ লৈছিল। সিদ্ধাৰ্থৰ মাক-দেউতাকৰ ঘৰুৱা কাজিয়া-পেচালৰ কথাও নির্মলে ইকান-সিকানকৈ শুনিবলৈ পাইছিল। হয়তো ঘৰুৱা অশান্তিৰ বাবেই সিদ্ধাৰ্থৰ সেই পৰিবৰ্ত্তন হৈছে। কিন্তু যিয়েই নহওঁক এক অজান ৰহস্যৰ পকনীয়াত আপোন বন্ধু এজনক নির্মলে হেৰুৱাবলৈ বিচৰা নাছিল। গতিকে সিদ্ধার্থক ভুল পথৰপৰা আতৰাই অনাৰ বাবে চেষ্টা কৰিছিল। 

নিজৰ মাক-দেউতাকৰ অনাদৰ অৱহেলাৰ মাজত নোপোৱা মৰম পোৱাৰ আশাত সিদ্ধাৰ্থই চট্‌ফটাইছিল। কাৰণ মৰমেৰে শাসন কৰিবপৰা মানুহবোৰ তাৰ কাষৰপৰা কেতিয়াবাই আঁতৰি গৈছিল। মহেন্দ্ৰ মাষ্টৰৰদৰে কঠোৰ মানুহৰ চকুত চকু থৈ প্ৰত্যুত্তৰ দিব পাৰে কিন্তু নির্মলৰ দৰে ল’ৰাৰ মুখামুখি হ’বৰ বাবে সিদ্ধাৰ্থই সাহস কৰিব পৰা নাছিল। কাৰণ সিদ্ধাৰ্থই হেৰুৱাই পেলোৱা সেই মাতৰ অমিয়া সুৰ নিৰ্মলৰ কথাত সি শুনিবলৈ পাইছিল। সেয়ে সিদ্ধার্থই উপলব্ধি কৰিছিল—“তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি, অস্বস্তিকৰ মৌনতাৰ মাজত মাথো চট্‌ফটাবহে পাৰি।”

৭। ‘হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি—ইমানেই তীব্র সেই শূন্যতাৰ ভাৰ-দুখৰ দাহন’—কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা।

উত্তৰঃ কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। কাৰণ দেউতাকে এৰি যোৱাৰ পিছত সিদ্ধাৰ্থই অসহনীয় মানসিক চাপত ভুগিছিল। দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সিদ্ধাৰ্থই এটা ডাঙৰ পেঞ্চিল বক্সত সাঁচি ৰাখিছিল৷ দেউতাকে দিয়া চক’লেটত কামোৰ দিয়াৰ লগে লগে সিদ্ধাৰ্থৰ দুচকু পানীৰে উপচি পৰিছিল। চক’লেটৰ কাগজবোৰে তাৰ পেঞ্চিল বক্সটো ভৰি পৰিছিল। লগে লগে তাৰ বুকুখনো অসহনীয় শূন্যতাৰে ভৰি পৰিছিল। সেইয়া আছিল ইমানেই অসহনীয় যে সিদ্ধার্থই হাঁহিব নোৱাৰিছিল, খেলিব নোৱাৰিছিল, আনকি শুবও নোৱাৰিছিল। সেই শূন্যতাৰ ভাৰ আছিল অসহনীয়, সেই দুখে দহিছিল সিদ্ধার্থক।

৮। সিদ্ধার্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰ কৰিছিল আৰু পাছত তাৰ কিয় অন্তর্দ্বন্দ হৈছিল বুজাই লিখা।

উত্তৰঃ পাণদোকানীজনৰ কথাত সিদ্ধাৰ্থই যেন বিচাৰি পাইছিল সামান্য স্নেহস্পৰ্শ। সি তাৰ বুকু উজাৰি সকলো কথা বিৱৰি পাণদোকানীজনক কৈছিল। সেই অজুহাতেই বিচাৰি আছিল পাণদোকানীজনে। এদিন দোকানীজনে সিদ্ধাৰ্থৰ হাতত তুলি দিছিল এটা চিগাৰেট। সিদ্ধাৰ্থই খাব খোজা নাছিল যদিও দোকানীজনৰ নানান কথাত ভোল গৈ চিগাৰেটডাল সিদ্ধার্থ মুখাত লৈছিল। সেইখিনি সময়ত তাক বাধা দিবপৰা কাৰো চেহেৰা তাৰ মনলৈ নাহিল। চিগাৰেটডাল শেষ হোৱাৰ পিছত সি অনুভব কৰিছিল তাৰ দেহৰ ভিতৰত এক উল্লাসৰ ঢৌ। সেই ঢৌবোৰে তাৰ দুখবোৰ যেন উটুৱাই লৈ গ’ল। এক গভীৰ প্ৰশান্তিৰ ভাৱত সিদ্ধাৰ্থৰ দেহ-মন আছন্ন হৈ পৰিছিল। সেইনিশা তাৰ গভীৰ টোপনি হৈছিল। কিন্তু পিছদিনা সি দ্বিতীয় এটা চিগাৰেটৰ বাবে উদ্বাউল হৈ পৰিছিল। সেইয়ে সি পাণদোকানখনলৈ ঢাপলি মেলিছিল৷ সেইদৰেই সিদ্ধাৰ্থ ক্রমান্বয়ে নিচাসক্ত হৈ পৰিছিল। লাহে লাহে সি মাকে দিয়া হাতখৰচৰ উপৰিও অ’ত-ত’ত ৰখা টকা-পইছাবোৰ দোকানীজনৰ হাতত তুলি দিছিল। এদিন মাকে গা ধুবলৈ বাথৰুমত সোমাওঁতে মাকে খুলি থোৱা সোণৰ খাকযোৰ চুৰ কৰি দোকানীজনৰ হাতত দিছিল। যি সময়ত সিদ্ধার্থই সোণৰ খাৰুযোৰ দোকানীজনৰ হাতত তুলি দিছিল, ঠিক সেই সময়তে তাহাঁত ঘৰত কাম কৰা ছোৱালীজনীক পুলিচে খাৰু চুৰ কৰা অপৰাধৰ অনুমানত ধৰি নি লক-আপত ভৰাইছিল।

অস্থিৰ হৈ পৰিছিল সিদ্ধার্থ। শুদ্ধ-অশুদ্ধ, ভাল বেয়া, কামকৰা ছোৱালীজনীৰ কৰুণ মুখখন আৰু নিজৰ নিচাৰ প্ৰতি তীব্র আসক্তি এই সকলোবোৰৰ টনা-আজোৰাত তাৰ অন্তর্দ্বন্দ্ব হৈছিল। সি অনুভব কৰিছিল যেন তাৰ ভিতৰৰ মানুহটোৰ ইতিমধ্যে মৃত্যু হৈছে।

৯। ‘আচলতে মন গ’লেই সুখী হ’ব পাৰি জান।’—নির্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা।

উত্তৰঃ বন্ধুত্বসুলভ মৰমেৰে নিৰ্মলে সিদ্ধাৰ্থক বুজাবলৈ সক্ষম হৈছিল যে সি অবাটে গৈছে। নির্মলে সিদ্ধার্থক ভাগি পৰিবলৈ দিয়া নাছিল। তাৰ মনোবল বঢ়াত সহায় কৰিছিল। তাক বুজাইছিল যে সকলো সমস্যাৰে সমাধান আছে। ডাক্তৰৰ পৰামৰ্শ ল’লে সিদ্ধার্থ নিশ্চয় সুস্থ হ’ব। নিৰ্মলৰ বুজনিত সিদ্ধার্থ সন্মত হৈছিল। কাৰোবাৰ আশ্ৰয়ত সিদ্ধাৰ্থৰ অলপমান জিৰাবলৈ মন গৈছিল। নির্মলে আৰু কৈছিল যে জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰৱঞ্চনা নকৰে। প্ৰকৃতিৰ সৌন্দৰ্যৰ আকৰ নদী, পাহাৰ, আকাশ, জোন, বেলি, তৰা—এইবোৰক ইচ্ছা কৰিলে আপোন কৰি ল’ব পাৰি। এইবোৰক ভালপোৱা মানুহ কেতিয়াও নিঃস্ব নহয় । আচলতে মন গ’লেই যে সুখী হব পাৰি তাকে নির্মলে সিদ্ধাৰ্থক বুজাবলৈ চেষ্টা কৰিছিল। সুখী হবলৈ লাগে মাথোঁ এটি সুন্দৰ মন। নির্মলে সিদ্ধাৰ্থক জীৱনটোক ভাল পাবলৈ শিকোৱাৰ প্ৰসঙ্গতে উক্ত কথাষাৰ কৈছিল।

১০। ব্যাখ্যা কৰা।

(ক) নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে।

উত্তৰঃ উক্ত বাক্যটি ড॰ মৃণাল কলিতাৰ “যুঁজ” নামৰ গল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে। পাৰিবাৰিক কন্দলৰ বলি হোৱা সিদ্ধাৰ্থই পিতৃ-মাতৃৰ মৰম স্নেহৰপৰা কেতিয়াবাই বঞ্চিত হৈছিল। সি সৰুৰে পৰা লগ-সমনীয়াৰ লগত খেলিছিল, হাঁহিছিল, কিন্তু লাহে লাহে ল’ৰাটোৰ স্বভাৱৰ পৰিবৰ্তন হৈছিল। কাৰণ— বুজা হোৱাৰপৰা সি মাক-দেউতাকৰ দুৰ্বাদল কাজিয়াৰ সাক্ষী হৈছিল। তাৰ মৰম, স্নেহ-স্পৰ্শৰ অভাৱ হৈছিল। পিতৃ-মাতৃ দুয়ো আছিল তাৰপ্ৰতি নিৰুদ্বেগ। তাৰ সেই অস্বাভাবিক পৰিবৰ্তন কিন্তু নিৰ্মলৰ চকুত ধৰা পৰিছিল। কাৰণ সিদ্ধাৰ্থই স্কুলত মন দিব পৰা নাছিল। আনকি মাজে মাজে সি স্কুললৈ নহাকৈ আছিল। তেনে সময়তে নির্মলে যেতিয়া তাক কৈছিল—“তোৰ কি হৈছে মোক কবই লাগিব সিদ্ধার্থ।”—সিদ্ধাৰ্থ আচৰিত হৈছিল কাৰণ তেনেকৈ কবপৰা মানুহবোৰেই তাৰ জীৱনৰপৰা আঁতৰি গৈছিল। নোপোৱা মৰম পোৱাৰ আশা সিদ্ধার্থক দুর্বল আৰু অভিমানী কৰি তুলিছিল। নিৰ্মলৰ কথাষাৰত সিদ্ধাৰ্থই যেন হেপাহৰ পোহৰৰ ৰেঙণি দেখা পাইছিল।

(খ) মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য।

উত্তৰঃ উক্ত বাক্যটি ড॰ মৃণাল কলিতাৰ ‘যুঁজ’ শীৰ্ষক গল্পটিৰ পৰা তুলি দিয়া হৈছে। বাক্যটিৰ জৰিয়তে লেখকে কব বিচাৰিছে যে আমি চকুৰে দেখা পোৱা কিছুমান ঘৃণনীয় কথা-কাণ্ডৰ আঁৰতো আচলতে কিছুমান কৰুণ সত্য লুকাই থাকে। আপাতদৃষ্টিত সিদ্ধার্থ এটা বেয়া ল’ৰা। কিন্তু সি যে বেয়া ল’ৰা হোৱাৰ আঁৰত তাৰ পিতৃ-মাতৃৰে হাত আছে সি এক কৰুণ সত্য।

সিদ্ধাৰ্থহঁতৰ শ্ৰেণীকোঠাত কেবাবাৰো পইচা চুৰ হৈছিল। এদিন প্রশান্তৰ বেগৰপৰা পঞ্চাশটকীয়া দুখন নোহোৱা হ’ল। মহেন্দ্ৰ মাষ্টৰে কৰ্কশ মাতেৰে সকলোকে জেৰা কৰিলে। যেতিয়া সিদ্ধাৰ্থৰ বেগত পইচা ওলাল মহেন্দ্ৰ মাষ্টৰে তাকে চকুপকাই ধৰিলে। কিন্তু বেপৰোৱা সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ মুখে মুখে ভেকাহি মাৰি উত্তৰ দিছিল।

ইফালে ঘৰৰ ভিতৰৰ অসহনীয় কথা-কান্ডত সিদ্ধাৰ্থ অকলশৰে চট্‌ফটাই থাকে, নির্জনতাত ডুব গৈ থাকে। লাহে লাহে সিদ্ধার্থই স্কুল যোৱাও বাদ দিলে। এদিন শ্ৰেণীকোঠাত সোমায়েই মহেন্দ্ৰ মাষ্টৰে ছাত্ৰ-ছাত্ৰীবোৰৰ মুখবোৰত চকু ফুৰালে। তাৰপিছত এক সন্তোষ্টিৰ হাঁহি মাৰি কৈছিল—“এই বজ্জাতটো আজিও স্কুললৈ অহা নাই। চোৰধৰা পৰি এতিয়া লাজতে আহিব নোৱাৰা হৈছে।” মহেন্দ্ৰ মাষ্টৰৰ কথাষাৰে নিৰ্মলক বৰ দুখ দিলে। কাৰণ নিৰ্মলে জানে সিদ্ধাৰ্থৰ ভিতৰৰ কথাবোৰ। তাৰ মনটো সেমেকি উঠিছিল। উপলব্ধি কৰিছিল যে মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো লুকাই থাকে আন কিছুমান কৰুণ সত্য।

(গ) পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ।

উত্তৰঃ উক্ত বাক্যশাৰী ড॰ মৃণাল কলিতাৰ ‘যুঁজ’ নামৰ গল্পটিৰ পৰা তুলি দিয়া হৈছে। সিদ্ধার্থ আছিল মাক-বাপেকৰ একমাত্র সন্তান। একমাত্র সন্তান হিচাপে যিমান আদৰ-স্নেহ পাব লাগিছিল তাৰ বিপৰীতে সি পাইছিল অসহ্যকৰ নিঃসংগতা। মাক-দেউতাকৰ দুৰ্বাদল কাজিয়া, তীক্ষ্ণ মন্তব্যই তাৰ হৃদয়খন থকা-সৰকা কৰিছিল। সি অনুভৱ কৰিছিল চৰম একাকীত্ব। ঘৰত তাৰ ভাল নলগা হৈ আহিছিল। স্কুল চুটীৰ পিছত অনাই বনাই ঘূৰি ফুৰিছিল। মাকৰ প্ৰতি আছিল তীব্র আক্রোশ। সেয়ে মাকৰ প্ৰতি মনোযোগ কমি আহিছিল। সেয়ে গল্পলেখকে বুজাব খুজিছে যে পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সিদ্ধাৰ্থ এক কৰুণ চৰিত্ৰ।

(ঘ) সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ।

উত্তৰঃ উক্ত বাক্যশাৰী সাহিত্যিক ড॰ মৃণাল কলিতাৰ ‘যুঁজ’ নামৰ গল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে।

গল্পটিত লিখকে আমাৰ জীৱন সংগ্ৰামৰ এখন চিত্র আঁকিছে। প্রত্যেক মানুহেই এই সংগ্ৰামৰ একো একোজন যোদ্ধা। নির্মলে সিদ্ধার্থক সৎপথলৈ আনিবলৈ প্ৰায় সকলো প্ৰকাৰে চেষ্টা কৰিছিল। সেই চেষ্টাত সি সফলো হৈছিল। কাৰণ নিৰ্মলৰ বুজনিত পতিয়ন গৈ সিন্ধাৰ্থই নিজকে নিচামুক্ত কৰিবলৈ ডাক্তৰৰ ওচবলৈ যাবলৈ মান্তি হৈছিল। কিন্তু সেই কাম ইমান সহজ নহয়। তেতিয়া নির্মলে সিদ্ধার্থক বুজাইছিল যে—“সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ।” কেবল সিয়েই যোদ্ধা নহয়, সকলো মানুহেই একো একোজন যোদ্ধা। জীৱনটো এখন যুদ্ধক্ষেত্র। সেই যুদ্ধতেই জীৱনৰ আমেজ আছে। পাৰিবাৰিক কাৰণত আজি সিদ্ধার্থই অকলে যুঁজি আছে। সেইদৰে নিৰ্মলেও এক জটিল ৰোগৰ সৈতে যুঁজি আছে। মানুহৰ জীৱনটোৱেই এখন যুঁজ। এনেদৰে জীৱন যুঁজৰ কথা প্ৰসংগতে নির্মলে উক্ত কথাষাৰ কৈছিল।

১১। ‘যুঁজ’ গল্পটোৰ শিৰোনামাৰ তাৎপর্য বুজাই লিখা।

উত্তৰঃ “যুঁজ” গল্পটোত লিখক ড॰ মৃণাল কলিতাই মানুহৰ জীৱন যুঁজৰ এখন সঁচা ছবি অংকন কৰিছে। আচলতে মানুহৰ জীৱনটোৱেই এখন যুদ্ধক্ষেত্র। গল্পটিত সিদ্ধাৰ্থই যুঁজিছে ড্ৰাগছৰ বিৰুদ্ধে, নিৰ্মলে যুঁজিছে জটিল ৰোগৰ বিৰুদ্ধে, শিক্ষকে যুঁজিছে ছাত্র-ছাত্ৰীক ভুলপথে যোৱাৰ বিৰুদ্ধে, সিদ্ধাৰ্থৰ পিতৃ-মাতৃয়ে যুঁজিছে ঘৰুৱা কন্দলৰ বিৰুদ্ধে। প্ৰকৃতাৰ্থত সকলো মানুহৰেই জীৱনবোৰ একো একাখন যুঁজ। সেই প্ৰতিখন যুদ্ধতেই আছে হৰা-জিকা। তাতেই আছে জীৱনৰ আমেজ। হৰা-জিকা পাছৰ কথা, জীৱনত যুঁজ কৰি যাবই লাগিব।

নিচাৰ প্ৰতি আসক্তিও এখন যুঁজ। সিদ্ধার্থই পাৰিবাৰিক কন্দলৰ বলী হৈ নিঃসংগতাত চট্‌টাইছে। তাৰপৰা উদ্ধাৰ পোৱাৰ আশাতেই হওঁক নাইবা পাহৰি থাকিবৰ বাবেই হওঁক সিদ্ধাৰ্থই লাহে লাহে নিচাতে বুৰ যাবলৈ লয়। কিন্তু বন্ধু নির্মলে যেতিয়া তাক বুজাই দিলে যে—সেই পথ শুদ্ধ নহয়, তেতিয়া শুদ্ধ পথলৈ আহিবলৈ সিদ্ধাৰ্থইও যুঁজিছে নিজৰ বিৰুদ্ধে। প্ৰকৃতাৰ্থত নিজৰ বিৰুদ্ধেও যুঁজি মানুহে ইয়াৰপৰা মুক্ত হ’ব পাৰে।

গল্পটোৰ জৰিয়তে লিখকে সামাজিক দায়বদ্ধতাৰ কথাও আঙুলিয়াই দেখুৱাইছে। নিচাসক্তজনৰ প্ৰতি সমাজৰ আন মানুহৰো কিবাকিবি কৰণীয় আছে। সেই যুঁজত ভুক্তভোগীজনক আমিও সহায় কৰা উচিত। এনেদৰে লেখকে গল্পটোৰ কাহিনীৰ লগত শিৰোনামাৰ সুন্দৰ মিল ৰাখিছে।

‘খ’–ভাষা-বিষয়ক

১২। ব্যাসবাক্যসহ সমাসৰ নাম লিখা।

মৃত্যুশীতল; অসহনীয়; অতল; অমীমাংসিত; বেপৰোয়া; অচিনাকি।

উত্তৰঃ 

সমস্ত পদসমাসবাক্যসমাসৰ নাম
মৃত্যুশীতলমৃতুৰ দৰে শীতলকর্মধাৰয়
অসহনীয়যাক সহন কৰিব নোৱাৰিঅব্যয়ভাৱ
অতলযাৰ কোনো তলি নাইঅব্যয়ভাৱ
অমীমাংসিতযাৰ মীমাংসা নাইঅব্যয়ভাৱ
বেপৰোৱাযি কোনো কথা লৈ চিন্তা নকৰে।অব্যয়ভাৱ
অচিনাকিযাক চিনি পোৱা নাযায়অব্যয়ভাৱ

১৩। বাক্য ৰচনা কৰা।

উজাগৰ; অবাধ্য; অৱলম্বন; খেৰকুটা

উত্তৰঃ উজাগৰ: খং, ক্ষোভ, অভিমানত সিদ্ধাৰ্থৰ নিশাবোৰ উজাগৰে পাৰ হৈছিল।

অবাধ্য: পিতৃ-মাতৃৰ অবাধ্য হব নালাগে।

অৱলম্বন: সকলো অৱলম্বন হেৰুৱাই সিদ্ধাৰ্থই হতাশাত ড্ৰাগছৰ প্ৰতি আসক্ত হৈছিল।

খেৰকুটা: নিচাসক্ত সিদ্ধাৰ্থৰ বাবে মাক-দেউতাকৰ অবিহনে নিৰ্মলৰ কথাবোৰেই আছিল সেন সামান্য আশাৰ খেৰকুটা

১৪। সমার্থক শব্দ লিখা।

নীৰৱতা; বিষাদ; প্রস্তৰ; একাকীত্ব; আন্ধাৰ।

উত্তৰঃ নীৰৱতা — নিস্তব্ধতা।

বিষাদ — দুখ।

প্রস্তৰ — শিল।

একাকীত্ব — অকলশৰীয়া।

আন্ধাৰ — অন্ধকাৰ।

3 thoughts on “Class 9 Assamese Chapter 11 যুঁজ”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top