Class 9 Assamese Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন

Class 9 Assamese Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Solutions and select need one. Class 9 Assamese Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 10

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’—ভাব বিষয়ক

১। চমুকৈ উত্তৰ লিখা।

(ক) ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ৰাজস্থান ৰাজ্যৰ উদয়পুৰ নগৰত হৈছিল।

(খ) পিপলান্ত্রি গাঁওখন ক’ত অৱস্থিত?

উত্তৰঃ ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলোমিটাৰ আঁতৰত তথা ৰাজছমন্দ জিলাৰ অন্তৰ্গত উদয়পুৰ নগৰৰ পৰা সাত কিলোমিটাৰ আঁতৰত পিপলান্ত্ৰি গাঁওখন অৱস্থিত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) কিহৰ বাবে পিপলান্ত্ৰি গাঁওখনে ‘গ্রীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল?

উত্তৰঃ উৎকৃষ্ট মাৰ্বল পাথৰৰ বাবে পিপলান্ত্ৰি গাঁওখনে ‘গ্রীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল।

(ঘ) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে?

উত্তৰঃ ইউৰোপৰ ডেনমার্ক দেশত প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে।

(ঙ) ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নির্মাণ কৰিছিল?

উত্তৰঃ আর্জেন্টিনাৰ এটা দলে ‘Tree Sisters’ নামৰ চিনেমাখন নির্মাণ কৰিছিল।

(চ) কিৰণ কোন আছিল?

উত্তৰঃ পিপলান্ত্ৰি গাঁৱৰ নতুন ৰূপ প্ৰদান কৰোঁতা শ্যামসুন্দৰ পালিৱালৰ কন্যা আছিল কিৰণ।

(ছ) ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে?

উত্তৰঃ ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে যাতে ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক অধিক গভীৰ হৈ পৰে।

(জ) ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন কোন?

উত্তৰঃ ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন শ্যাম সুন্দৰ পালিৱাল।

(ঝ) কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে?

উত্তৰঃ কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত ১১-টা গছপুলি ৰোপণ কৰে।

২। পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল?

উত্তৰঃ বৰ্তমান সকলোৰে আদৰ্শ গাঁও হিচাপে পৰিগণিত হোৱা পিপলান্ত্রি গাঁওখনে এসময়ত পৰিৱেশ প্ৰদূষণ আৰু খেতি-বাতিৰ বাবে পানীৰ নাটনিত ভুগিছিল। প্রাকৃতিক সম্পদত অতিশয় চহকী হোৱা সত্ত্বেও গাঁওখনৰ মানুহে জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰাম কৰিছিল। পিপলান্ত্ৰি গাঁৱত ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনিবোৰ আৰম্ভ কৰাৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্রাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ যাবলৈ ধৰে। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে-নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ প্ৰদূষিত হৈছিল। যাৰ ফলত মানুহে অলপমান বিশুদ্ধ বতাহৰ বাৰে হাহাকাৰ কৰিবলগীয়া হৈছিল।

৩। শ্যামসুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ধ্বংসৰ দিশে আগবঢ়া পিপলান্ত্ৰি গাঁৱক নতুন ৰূপ দিয়াত যিজন ব্যক্তিৰ অক্লান্ত পৰিশ্ৰম জড়িত হৈ আছে তেঁৱেই হ’ল শ্যামসুন্দৰ পালিৱাল।

পিপলান্ত্ৰি গাওঁখনকে ধ্বংসৰ পৰা উদ্ধাৰ কৰি পৃথিৱীবিখ্যাত কৰি তোলাত তেওঁৰ অৱদান অপৰিসীম। কন্যাৰ মৃত্যুত তাইৰ স্মৃতিত তেওঁ ৰোপণ কৰা গছপুলিটোৰে আৰম্ভ কৰি তেওঁ গাঁৱত এটা নতুন নিয়ম প্ৰৱৰ্তন কৰে, সেইটো হ’ল— গাঁৱত জন্ম হোৱা প্ৰতিজনী কন্যাসন্তানৰ নামত ৰাইজে ১১১টা গছপুলি ৰোপণ কৰিব লাগিব ৷ তাৰ লগে লগে তেওঁ গাঁৱত পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্রতিপালন কৰা, খেতি-বাতিৰে নিজৰ প্ৰয়োজন পূৰণ কৰা, কন্যা সন্তানৰ প্রতি বৈষম্য ভাব নাইকিয়া কৰা, কন্যা ভ্রূণহত্যা বন্ধ কৰা, বাল্যবিবাহ বন্ধ কৰা, পানী সংৰক্ষণ কৰা, ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ পৰা উদ্ধাৰ কৰা আদি নানান উন্নয়নমূলক কামৰ প্ৰচলন কৰে। শ্যামসুন্দৰ পালিৱালৰ এই মহান কামসমূহে পিপলান্ত্ৰি গাওঁখনক পৃথিৱীবিখ্যাত কৰিছে আৰু গাঁৱলৈ সুখ-শান্তি ঘূৰাই আনি গাঁওখনক সমৃদ্ধিশালী কৰি তুলিছে।

৪। ‘কিৰণ নিধি যোজনা’ কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে?

উত্তৰঃ ‘কিৰণ নিধি যোজনা’ হৈছে এখন আঁচনি, যাৰ অধীনত ৰাজস্থানৰ পিপলান্ত্ৰি গাঁৱত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১টা গছপুলি ৰোপণ কৰে। এই আঁচনিয়ে গাঁৱত কন্যা সন্তানৰ প্ৰতি থকা বৈষম্যতা দূৰীকৰণত সহায় কৰে।

এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহক চাৰিটা বিশেষ দায়িত্ব পালন কৰিব লাগে—

(ক) কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা।

(খ) পানী সংৰক্ষণ কৰা।

(গ) গছ-গছনি ৰুই প্রতিপালন কৰা।

(ঘ) খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা।

এইবোৰ কামৰ দ্বাৰা পিপলান্ত্ৰি গাঁওখন সুখ-সমৃদ্ধিপূর্ণ গাঁও এটাত ৰূপান্তৰিত হৈছে।

৫। কন্যা সন্তানৰ সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল?

উত্তৰঃ আন আন ৰাজ্যৰ দৰে ৰাজস্থানতো কন্যা সন্তানৰ প্ৰতি বৈষম্যৰ ভাৱ পোষণ কৰা হৈছিল। কিন্তু পিপলান্ত্ৰি গাঁৱৰ মুখিয়াল শ্যামসুন্দৰ পালিৱালে কন্যা সন্তানৰ প্ৰতি গাওঁখনৰ লোকসকলৰ মনোভাৱ সলনি কৰে। তেওঁৰ আহ্বানত গাঁৱত ছোৱালী সন্তানৰ জন্ম হোৱাৰ লগে লগে মানুহে আনন্দ-উল্লাস কৰে আৰু সেই ছোৱালীজনীৰ নামত ১১১টা গছপুলি ৰোপণ কৰা হয়। কন্যা সন্তানৰ সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিৱালে কিছুমান আঁচনি লৈছিল। 

সেইবোৰ হ’ল—

(ক) গাঁৱৰ কোনো লোকে কন্যা-ভ্রূণ হত্যা কৰিব নোৱাৰিব।

(খ) ছোৱালীজনীক যেনেদৰে আলেফুলে তুলি-তালি ডাঙৰ কৰা হ’ব, সেই একেই মৰম-চেনেহ আৰু যত্নেৰে ১১১-টা গছপুলিকো প্রতিপালন কৰিব লাগিব।

(গ) কোনো ছোৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।

(ঘ) কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্যবিবাহ সম্পন্ন কৰিব নোৱাৰিব।

(ঙ) ছোৱালীৰ নামত বেংকত থোৱা ৩১,০০০ টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব।

৬। পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা।

উত্তৰঃ শ্যামসুন্দৰ পালিৱালৰ কন্যাৰ মৃত্যুৰ পিছত তাইৰ স্মৃতিত গছপুলি এটা ৰোপণ কৰাৰ পৰাই গাঁওখনত এটা নতুন নিয়ম প্ৰৱৰ্ত্তন হৈছিল। সেইমতে প্ৰতিজনী কন্যা সন্তানৰ জন্মৰ পাছত তাইৰ নামত ৰাইজে ১১১-টা গছপুলি ৰোপণ কৰিব লাগিব আৰু কন্যা সন্তানৰ সৈতে মৰম চেনেহ আৰু যত্নেৰে গছ পুলিবোৰকো ডাঙৰ দীঘল কৰিব লাগিব। তেতিয়াৰ পৰাই গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে পানী সংৰক্ষণ, গছ-গছনি প্রতিপালন, খেতিবাতি কৰা আদি কামৰ লগত জড়িত হৈ পৰিবলগীয়া হয়। ইয়াৰ ফলস্বৰূপে ক্রমান্বয়ে প্ৰকৃতিৰ লগত মানুহৰ একাত্মতা বাঢ়ি আহিবলৈ ধৰে। প্ৰতিজন ব্যক্তিয়ে গছপুলি এজোপাক পূর্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব পালন কৰিবলৈ লৈছিল। তাৰোপৰি ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে। ২০০৫ চনৰ পৰা যেতিয়া পিপলান্ত্ৰি গাঁৱৰ মানুহে কন্যা সন্তানৰ জন্ম হ’লে ১১১টা মূল্যৱান প্ৰজাতিৰ গছপুলি ৰোপণ কৰা আৰম্ভ কৰিলে। তেতিয়াৰে পৰাই গাঁৱত পুনৰ চৰাই-চিৰিকটি, জীৱ-জন্তুৰ আগমন ঘটিল। সময়মতে বৰষুণ আহিবলৈ লোৱাত ভূ-গৰ্ভৰ পানীৰ স্তৰ ওপৰলৈ উঠিলে আৰু পুখুৰী-জলাশয়ত পানী ভৰি পৰিল৷ এনেদৰে পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল।

৭। পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে?

উত্তৰঃ ধ্বংসৰ দিশে আগবঢ়া পিপলান্ত্ৰি গাঁৱক পুনৰ নতুন জীৱন দান কৰি সমগ্র বিশ্ববাসীকে গাঁওখন চিনাকী কৰাই দিয়াত শ্যামসুন্দৰ পালিৱালৰ অৱদান অপৰিসীম। তেওঁৰ এই মহানতা তথা গাঁওৰ সফলতাৰ কথা বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰচাৰ হৈ আহিছে। পালিৱালে নতুন ৰূপ দিয়া পিপলান্ত্ৰি গাঁওখন চাবলৈ প্ৰতিবছৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে, চৰকাৰী প্ৰতিনিধি আহে। তাৰোপৰি ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত গাঁওখনৰ সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰা হৈছে। ৰাজস্থান চৰকাৰৰ শিক্ষা বিভাগেও সপ্তম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত এই গাঁওখনৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰিছে যাতে ছাত্ৰ-ছাত্ৰীয়ে গাঁওখনৰ সফলতাৰ কাহিনী জানি তাৰপৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰে। ইয়াৰোপৰি আৰ্জেণ্টিনাৰ এটা দলে আহি এই গাঁওখনক লৈ ‘Tree Sisters’ নামৰ এখন চিনেমা নিৰ্মাণ কৰিছে। বহুতেই এই গাঁৱক লৈ শতাধিক তথ্যচিত্র প্রস্তুত কৰিছে৷ ‘পিপলান্ত্ৰি’ গাঁৱৰ নামত এখৰ হিন্দী ছবিও নিৰ্মাণ কৰা হৈছে যাৰ পৰা গাঁৱৰ সফলতাৰ কাহিনী চাৰিওদিশে বিয়পি পৰিছে৷ দেশৰ এনে এখন বাতৰি কাকত নাই, সংবাদ মাধ্যম নাই, যিয়ে পিপলান্ত্রি গাৱৰ বিষয়ে লিখা নাই বা প্ৰচাৰ কৰা নাই। ইউটিউৱ, ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমতো পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ বিষয়ে যথেষ্ট তথ্য প্রকাশ পাইছে। এনেদৰে বিভিন্ন মাধ্যমৰ জৰিয়তে গাঁওখনৰ সফলতাৰ কাহিনী প্ৰচাৰ হৈ আহিছে।

৮। পিপলান্ত্রি গাঁওখন কিয় এখন আদর্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক?

উত্তৰঃ পিপলান্ত্ৰি গাঁওখনক প্ৰকৃততে এখন আদৰ্শ গাঁও বুলি কব পাৰি। ইয়াৰ কেইবাটাও কাৰণ আছে। এখন আদর্শ গাঁও- হ’বলৈ প্ৰয়োজনীয় প্রায় প্ৰতিটো গুণেই এই গাঁওখনত বিৰাজমান। উদাহৰণস্বৰূপে, প্রথমতে, এখন গাঁও আদর্শ গাঁও হ’বলৈ হলে গাঁওখনৰ প্ৰতিজন ব্যক্তিৰে সমানে গাঁওখনক আগুৱাই নিয়াত সহায় দিব লাগিব। লাগ্নি গাঁৱত প্ৰতিজন ব্যক্তিয়ে শ্যামসুন্দৰ পালিৱালৰ কথামতে গাঁওখনক ধ্বংসৰ পৰা সফলতালৈ নিয়াত যথেষ্ট চেষ্টা কৰিছিল। দ্বিতীয়তে, গাঁওখনত প্ৰচুৰ পৰিমাণে গছ-গছনি বিৰাজমান হ’ব লাগিব। পিপলান্ত্ৰি গাঁৱত প্ৰতিজনী কন্যাসন্তানৰ জন্মৰ পিছত তাইৰ নামত ১১১-টা গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰা হয়। গাঁওখনত কন্যাসন্তানৰ প্ৰতি বৈষম্যৰ ভাব পোষণ কৰা নহয়।

২০০৫ চনৰ পৰা যেতিয়া পিপলান্ত্ৰিৰ গাঁৱৰ মানুহে কন্যা সন্তানৰ জন্ম হ’লে ১১১ -টা মূল্যৱান প্ৰজাতিৰ গছপুলি ৰোপণ কৰা কাম আৰম্ভ কৰিলে, তেতিয়াৰে পৰাই গাঁৱৰ সুদিন আৰম্ভ হ’ল। লাহে লাহে গাঁওখন সেউজীয়া হ’বলৈ আৰম্ভ কৰিলে। গছ-গছনিৰ সংখ্যা বৃদ্ধি পোৱাত পুনৰ চৰাই-চিৰিকটি, জীৱ-জন্তুৰ আগমন ঘটিল। প্ৰদূষিত বতাহৰ সলনি মুক্ত আৰু বিশুদ্ধ বায়ু বলিবলৈ ল’লে। অধিক গৰমৰ প্ৰকোপ কমিল আৰু সময় মতে বৰষুণ আহিবলৈ লোৱাত ভূ-গৰ্ভৰ পানীৰ স্তৰ ওপৰলৈ উঠিল। পুখুৰী-জলাশয়ত পানী ভৰি পৰিল। খেতি-বাতিৰ বাবেও পর্যাপ্ত পৰিমাণৰ পানী লাভ কৰিবলৈ সক্ষম হ’ল গাঁৱৰ ৰাইজে। লাহে লাহে গাঁৱলৈ সুখ-সমৃদ্ধি ঘূৰি আহিল।

৯। বহলাই বুজাই লিখা।

(ক) বাটা মাহত তেৰটা খেতি।

উত্তৰঃ বাৰ মাহত তেৰটা খেতি কথাষাৰৰ মৰ্মাথ হ’ল একেডৰা মাটিত সময় মিলাই ভিন ভিন সময়ত ভিন ভিন খেতি কৰা। কৃষি পৰিশ্ৰম সাধ্য কৰ্ম। কৃষক এজনৰ কোন সময়ত কি খেতি কৰিব লাগে তাক মাটিৰ গুণাগুণ চাই থিৰ কৰিব পৰা জ্ঞান আৰু শ্ৰম কৰিব পৰা শক্তি আৰু উদ্যগী মন থাকিব লাগে। মানুহৰ সংখ্যা অধিক, মাটিৰ পৰিমাণ কম। সেয়ে একেডৰা মাটিত সময় সাপেক্ষে কেইবাটাও ফচল কৰিব পৰাৰ মাজেদিহে কৃষকে ফচলৰ নিজা চাহিদা পূৰণ কৰাৰ লগতে উদ্বৃত্ত অংশ বিক্ৰী কৰি আৰ্থিক উন্নতি সাধিব পাৰে। এলেহুৱা তথা পৰিশ্ৰম বিমুখ কৃষকে এডৰা মাটিত বছৰত এটা মাথো খেতি কৰিলে তেনে কৃষকৰ উন্নতি নহয়। এনে কৃষকৰ অভাৱ অনাটনো নুগুছে। সেয়ে, কৃষকক এডৰা মাটিতে সময় সাপেক্ষে কেইবাটাও খেতি কৰি উন্নতি সাধনৰ প্ৰচেষ্টা হাতত ল’ব লাগে। শ্যামসুন্দৰ পালিৱালৰ প্ৰচেষ্টাত ৰাজস্থানৰ পিপলান্ত্ৰি গাঁৱৰ সামাজিক, আর্থিক উন্নতিৰ মূলতে এই প্রচেষ্টাৰে সাৰ্থক ৰূপান্তৰ ঘটিছে।

(খ) স্বচ্ছ ভাৰত অভিযান।

উত্তৰঃ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৫ চনত স্বচ্ছভাৰত অভিযানৰ পাতনি মেলে। স্বচ্ছতাই পৰিষ্কাৰ-পৰিচ্ছন্নতাক বুজায়। সেয়ে স্বচ্ছতাই ৰোগৰ বীজাণু জন্মাত বাধা দি ৰোগ নিবাৰণ সহজ সাধ্য কৰি তোলে। পৰিষ্কাৰ-পৰিচ্ছন্নতাই মানুহৰ মন প্রফুল্লিত কৰে। প্ৰফুল্লিত মনত সৎচিন্তা, সৎভাৱনাই ঠাই পায়। মানুহ কর্মোদ্যমী হয়, মনৰ দিগন্তও বহল হয়। ব্যক্তিৰ উন্নতিৰ মূলতে সুস্বাস্থ্যও এটা গুৰুত্বপূৰ্ণ কাৰক। স্বাস্থ্য ভালে ৰাখিবলৈ আমি বীজাণু মুক্ত পৰিৱেশত বসবাস কৰিব লাগিব। সেয়ে য’তে-ততে লেতেৰা আৱৰ্জনা পেলোৱা বন্ধ কৰাৰ লগতে মুকলিত শৌচ-পেচাব কৰাত বিৰত, থাকি নিজ গৃহত অনাময় ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব। ঘৰ দুৱাৰ চৌহদ, গোহালি, ৰান্ধনিঘৰ, বাসগৃহ স্বচ্ছ হ’ব লাগিব। এনে স্বচ্ছ অৱস্থা গঢ়ি তুলিব পাৰিলে আমাৰ দেশৰ পৰা ভালেমান ৰোগ-ব্যাধি আঁতৰ হ’ব। বিশেষকৈ সোঁচৰা ব্যাধি হ্রাস পাব। সেয়ে এনে এটা অভিযান ব্যতিৰেকে ভাৰতক আধুনিক ৰাষ্ট্ৰ হিচাবে গঢ়ি তোলা আৰু ভাৰতৰ উন্নয়ন ত্বৰান্বিত কৰা সম্ভৱ নহয় আৰু বিশ্বৰ বুকুত ভাৰত ৰাষ্ট্ৰৰ সুনামো বৃদ্ধি নহয় বুলি উপলব্ধি কৰিয়েই ৰাষ্ট্ৰই এই প্রয়োজনীয় অভিযানটো গঢ়ি তুলিছে।

(গ) সামাজিক মাধ্যম।

উত্তৰঃ সামাজিক মাধ্যম বুলিলে ঘাইকৈ প্ৰচাৰ মাধ্যমক বুজায়৷ প্ৰচাৰ মাধ্যমে প্ৰয়োজনীয় খা-খবৰ জনসমাজত প্ৰচাৰ কৰে। সমাজত উদ্ভৱ হোৱা সমস্যা, সেই সমস্যাৰ সমাধান আদিও প্ৰচাৰ মাধ্যমত আলোচিত হয়। সামাজিক প্ৰচাৰ মাধ্যমত সকলো সংবাদ প্রচাৰিত হয়। সকলোৰে বাবে সকলো সংবাদ প্রয়োজনীয় নহয়। ব্যক্তিভেদে সংবাদৰ প্ৰয়োজনীয়তা ভিন্নধর্মী হোৱা স্বাভাৱিক। প্রত্যেকে নিজৰ প্রয়োজনীয় সংবাদ মাধ্যম নির্বাচন কৰি লোৱা বাঞ্ছনীয়। প্রত্যেক মাধ্যমেৰে ইতিবাচক আৰু নেতিবাচক কাৰক থাকে। আমি ইতিবাচক দিশটোহে বাছি ল’ব লাগে। বাতৰি কাকত, ৰেডিঅ’, টিভি, ইউটিউব, ফেচবুক, টুইটাৰ আদিয়ে হ’ল সামাজিক মাধ্যম। এইবোৰৰ দ্বাৰা নানা তথ্যপাতি আনৰ সৈতে আদান-প্রদান কৰিব পাৰি। ইন্টাৰনেটে আজি সমগ্ৰ বিশ্বক হাতৰ মুঠিলৈ আনিছে। বিশ্বৰ সকলো তথ্য হাততে পোৱা অৱস্থা হৈছে। এই সামাজিক মাধ্যম সমুহৰ ভালেখিনি গ্রহণ কৰি আমি আমাৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ আৰু উপকৃত হ’ব পাৰোঁ।

‘খ’-ভাষা-বিষয়ক

১০। বাক্য ৰচনা কৰা।

হাতে-কামে, নিয়ম-শৃংখলা, দিনে-নিশাই, খেতি-বাতি, আনন্দ-উল্লাস, ডাঙৰ-দীঘল, ‘সুখ-সমৃদ্ধি।

উত্তৰঃ হাতে-কামে: সকলোৱে হাতে-কামে লাগিলেহে কামটো সোনকালে সম্পূৰ্ণ হ’ব।

নিয়ম-শৃংখলা: সমাজৰ নিয়ম-শৃংখলা বজাই ৰখাটো আমাৰ সকলোৰে দায়িত্ব।

দিনে-নিশাই: দিনে-নিশাই কষ্ট কৰাৰ ফলতহে এইবাৰ খেতি ভাল হ’ল।

খেতি-বাতি: খেতি-বাতিৰ উন্নতিত মন দিলে দেশ এখন অর্থনৈতিক ভাৱে চহকী হ’ব পাৰে।

আনন্দ-উল্লাস: পৰীক্ষাৰ ফলাফল পোৱাৰ পিছত তাই আনন্দ-উল্লাসত মতলীয়া হৈ পৰিছিল।

ডাঙৰ-দীঘল: সন্তানক ডাঙৰ-দীঘল কৰাত মাক-দেউতাকৰ অৱদান তুলনাবিহীন।

সুখ-সমৃদ্ধি: কৃষিকর্ম ভাল হ’লেহে দেশ এখনৰ সুখ-সমৃদ্ধি বৃদ্ধি পায়।

১১। কিয় মূৰ্দ্ধণ্য ‘ণ’ হৈছে লিখা।

বৰষুণ, পৰিমাণ, ৰূপায়ণ।

উত্তৰঃ বৰষুণ— ঋ, ৰ, ষ-ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।

পৰিমাণ—পৰি উপসৰ্গৰ পাছত ‘প’ বৰ্গৰ বৰ্ণৰ পাছৰ দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।

ৰূপায়ণ— ‘য়’ ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।

১২। তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমার্থক শব্দ লিখা।

মুক্ত; বায়ু; বৃহৎ; পানী; গছ; চকু; গাঁও।

উত্তৰঃ মুক্ত — মুকলি।

বায়ু — পৱন।

বৃহৎ — ডাঙৰ।

পানী – জল।

গছ – বৃক্ষ।

চকু – নয়ন।

গাঁও – গ্রাম।

১৩। তলৰ উপসৰ্গকেইটাৰে একোটিকৈ শব্দ গঠন কৰা।

প্ৰতি; অধি; উপ; অৱ; দুৰ্।

উত্তৰঃ প্ৰতি – প্রতিযোগিতা। 

অধি – অধিৱেশন।

উপ – উপস্থাপন।

অৱ – অৱসাদ।

দুৰ্ – দুর্যোগ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top