Class 9 Assamese Chapter 3 গীত আৰু ছবি

Class 9 Assamese Chapter 3 গীত আৰু ছবি Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 3 গীত আৰু ছবি Solutions and select need one. Class 9 Assamese Chapter 3 গীত আৰু ছবি Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 3 গীত আৰু ছবি

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 3

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’—ভাব বিষয়ক

১। চমু উত্তৰ দিয়া।

(ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?

উত্তৰঃ যি গীত আৰু ছবি সৰ্বসাধাৰণৰ বোধগম্য নহয় তাক কোনেও ভাল নোবোলে।

(খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?

উত্তৰঃ সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ’লে আমাৰ প্ৰাণ টানি ধৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ?

উত্তৰঃ কবিৰ মতে কৌশলী বিদ্যা হ’ল অজৰ-অমৰ।

(ঘ) কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?

উত্তৰঃ যিবোৰ গীত আৰু ছবিৰ অৰ্থ সৰ্বসাধাৰণে বুজি পায় বা সকলোৰে প্রিয় হয় তাক সকলোৱে ভাল, বুলি কয়।

(ঙ) ‘সিহে পায় নিজে নিজে আলাসত ঠাই’—ইয়াত ‘আলাস’ শব্দটোৰ অর্থ কি?

উত্তৰঃ ইয়াত ‘আলাস’ শব্দটোৰ অৰ্থ আকাশ।

ইয়াত যিবোৰ গীত আৰু ছবি মানুহৰ মন আকর্ষণ কৰে সেইবোৰৰ স্থান-মান উচ্চ হৈ পৰে— সেইবোৰ আকাশত স্থান পায়।

২। ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা—কবিতাটোৰ সহায়ত বুজাই লিখা।

উত্তৰঃ গীত আৰু ছবি দুয়োবিধ সুকুমাৰ কলাৰ অন্তৰ্গত। সুকুমাৰ কলা সকলো সময়তে সকলো ঠাইতে সকলো মানুহৰে জনপ্ৰিয়। সেই কাৰণে গীতক কোৱা হয় ‘সংসাৰ মৰুভূমিত গীত সৰোবৰ’। অর্থাৎ সাংসাৰিক জ্বালাযন্ত্ৰণাৰ মাজত বা অশেষ ক্লান্তিৰ অন্তত এফাঁকি গীত শুনিলে মানুহে মনত শান্তি লাভ কৰে। কিয়নো গীত আৰু ছবিৰ মাধ্যমেৰে মানুহে মনৰ দুখ-বেদনা আৰু সুখ-শান্তিক প্রকাশ কৰে। কিন্তু সেই গীত আৰু ছবিৰ অৰ্থ সহজবোধ্য হ’ব লাগিব। উদাহৰণ স্বৰূপ অসমীয়া সমাজত বিহুগীতৰ প্ৰচলন আৰু আদৰ পুৰণি কালৰেপৰা আছে। বিহুগীতৰ সুৰ আৰু কথা আমাৰ সহজবোধ্য বাবে তাক আমি সহজে বুজিব পাৰোঁ।

আনহাতে অসমীয়া বিহুগীতবোৰৰ মাজেদি সাধাৰণতে ডেকা-গাভৰুৰ প্ৰাণৰ উচ্ছ্বাসকহে প্ৰকাশ কৰা হয়। সেই কাৰণে বিহুগীতবোৰ ডেকা-গাভৰুৰ যিমান প্রিয়, বৃদ্ধ-প্ৰৌঢ়ৰ সিমান প্রিয় নহয়। কাৰণ এই গীতবোৰৰ ভাৱৰ গাম্ভীৰ্য্য কম। কিন্তু বৰগীতবোৰ ডেকা-বুঢ়া সকলোৰে প্ৰিয়। কাৰণ আধ্যাত্মিক বস্তুনিষ্ঠ, ভাৱৰ গাম্ভীৰ্য্য আৰু সুৰৰ লালিত্যই বৰগীতক যেনেদৰে উচ্চস্তৰলৈ তুলি নিছে, তেনেদৰে সকলো শ্ৰেণীৰ লোকৰে অন্তস্পৰ্শী কৰি তুলিছে। সেই কাৰণে বৰগীতক ভাল গীত বুলি আমাৰ সমাজে আদৰি লৈছে। বৰগীত বোৰৰ পৰা অসমীয়া সমাজৰ সামাজিক আৰু আধ্যাত্মিক জীবনৰো উপকাৰ হৈছে।

গীতবোৰৰ দৰে ছবিৰ মাধ্যমেদিও চিত্ৰকৰ সকলে তেওঁলোকৰ মনৰ ভাৱাবেগ প্ৰকাশ কৰে। চিত্ৰকৰে ছবিৰ যোগেদি সামাজিক হর্ষ-বিষাদ, দুখ-দৈন্য, অত্যাচাৰ-উৎপীড়ন আৰু প্ৰকৃতিৰ মনোমোহা চিত্ৰবোৰ প্ৰকাশ কৰে। গতিকে গীতেই হওক বা ছবিয়েই হওক সহজবোধ্য আৰু বাস্তৱধৰ্মী হ’লোহে এইবোৰ মানুহৰ মনত মহৎ স্থান লাভ কৰে।

৩। সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা।

উত্তৰঃ সুকুমাৰ কলা সদায় বাস্তৱ আৰু প্ৰাণৱন্ত। কলাকাৰে সাধাৰণ বস্তু এটাকে প্ৰাণৱন্ত কৰি তুলিব পাৰে । আমি বাস্তৱত দেখি থকা বস্তুবোৰৰ প্ৰতি কেতিয়াও বিশেষভাৱে মন নকৰোঁ। কিন্তু তাকে যেতিয়া কলাকাৰে তুলিকাৰে আঁকি ৰং সানি প্ৰাণৱন্ত কৰি তোলে তেতিয়া তাক আকৌ নতুনকৈ চোৱাৰ হেঁপাহ জন্মে। গছৰ পাত আমি সদায় দেখি থাকো, সৰিপৰা গছৰ পাতৰ ওপৰেদি আমি গচকি খোজ কাঢ়ি গৈ থাকো; কিন্তু পাতটোৰ প্ৰতি আমি কেতিয়াও মন নকৰোঁ। কিন্তু এই একেটা পাতেই চিত্ৰকৰৰ কল্পনা আৰু কৌশলত ছবিত মোহনীয় হৈ উঠে। এককথাত ক’বলৈ গ’লে সুকুমাৰ কলাই সকলো সময়তে মানুহৰ মনত ক্রিয়া-প্রতিক্ৰিয়া কৰি মানুহৰ মনত আন্দ দান কৰিব পাৰে।

৪। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা।

উত্তৰঃ পথিৱীৰ সকলো দেশতে সকলো জাতিৰ মাজতে গীত আৰু ছবিৰ প্রচলন আছে। দেশ আৰু জাতি অনুসাৰে মানুহৰ ভাষা বেলেগ বেলেগ। তথাপি এখন দেশৰ গীত বা ছবি আন এখন দেশৰ মানুহে ভাল পায়— তেতিয়া সি সৰ্বসাধাৰণৰ বোধগম্য হয় আৰু হৃদয় আকৰ্ষণ কৰিব পাৰে। কিন্তু কিছুমান গীত আছে যাক নিজৰ দেশৰ মানুহেও বুজিব নোৱাৰে বা গ্ৰহণ কৰিব নোৱাৰে। উদাহৰণত আমাৰ দেশত প্ৰচলিত উচ্চস্তৰৰ সঙ্গীতবোৰ সৰ্বসাধাৰণ লোকে বুজিব নোৱাৰে। সেই কাৰণে সেই গীতবোৰ উচ্চক্তৰৰ হ’লেও সকলো মানুহৰ ভাল নালাগে। আনহাতে কাৱালী বা আধুনিক গীত সৰ্বসাধাৰণে সহজে বুজিব পাৰে বাবে সকলোৰে ভাল লাগে। ছবিৰ ক্ষেত্ৰতো যি ছবিৰ মূল বা অৰ্থ মানুহে সহজে বুজিব নোৱাৰে তাক সাধাৰণ ৰাইজে ভাল নাপায়। গতিকে সৰ্বসাধাৰণৰ মনোগ্রাহী নোহোৱা গীত আৰু ছবিক মানুহে ভাল নোবোলে।

পৃথিৱীৰ জাতিবোৰৰ সকলোৰে একো একোটা সুকীয়া ভাষা আছে, আৰু সেই সুকীয়া ভাষাৰ সুকীয়া গীত আৰু ছবিও আছে। এখন দেশৰ বা এটা জাতিৰ মানুহে আন এখন দেশৰ বা আন এটা জাতিৰ ভাষা নুবুজিব পাৰে। কিন্তু ভাষা নুবুজিলেও এখন দেশৰ গীত আৰু ছবিক আন এখন দেশৰ মানুহে গ্ৰহণ কৰিব পাৰে যেতিয়া সেই গীত বা ছবি দুয়োখন দেশৰে বা দুয়োটা জাতিৰে উমৈহতীয়া হৈ উঠে। গীত আৰু ছবি উমৈহতীয়া হ’ব পাৰে একমাত্ৰ কলাকাৰৰ কৌশতলহে । গতিকে কলাকাৰৰ কৌশলত যেতিয়া গীত আৰু ছবি সৰ্বসাধাৰণৰ বোধগম্য হৈ উমৈহতীয়া হয়, তেতিয়া তাক সকলোৱে আদৰি লৈ আলাসত ঠাই দিয়ে।

৫। ‘গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ গীত আৰু ছবি সকলোৰে প্ৰিয়; কিন্তু সৰ্বসাধাৰণে বুজিব নোৱাৰিলে সেই গীত বা ছবিয়ে কেতিয়াও জনপ্রিয়তা লাভ কৰিব নোৱাৰে। আনহাতে যিবোৰ গীত আৰু ছবি সৰ্বসাধাৰণৰ বোধগম্য হয় সি বিশেষভাবে মানুহৰ মন আকৰ্ষণ কৰিব পাৰে আৰু তাৰ স্থান-মান উচ্চ হৈ পৰে। আনহাতে এনে কিছুমান গীত আছে যিবোৰ গীতৰ কথা সকলো মানুহে বুজিব নোৱাৰে ; কিন্তু সুৰৰ মূৰ্চনাৰে সৰ্বসাধাৰণৰ মন আকৰ্ষণ কৰি শ্ৰোতাক আবেগপ্ৰৱণ কৰি তুলিব পাৰে। সেইদৰে নুবুজা ছবিও ৰং আৰু কলাৰ-প্ৰয়োগৰ বাবে সৰ্বসাধাৰণৰ মনোগ্রাহী হৈ উঠে। সদায় দেখি থকা বস্তুও তুলিকাৰ কৌশলত আকর্ষণীয় ছবি হয় আৰু গীতৰ দ্বাৰাই সদায় শুনি থকা কথাও আকর্ষণীয় হয়। চিত্ৰকৰ বা গায়কে নিজৰ কৌশলেৰে যি গীত বা ছবিক আকর্ষণীয় কৰিব পাৰে সি যুগে যুগে মানুহৰ মনত সাঁচ বহুৱাব পাৰে, তাত দেশ-কাল পাত্ৰৰ কথা নাই।

৬। ব্যাখ্যা কৰা।

(ক) সদায় চকুৰে দেখা গছ-পাতটিও

                   ছবিটিত ভাল হৈ পৰে,

সদায় কাণেৰে শুনা সৰু কথাটিও

                  গীত হ’লে প্ৰাণ টানি ধৰে।

উত্তৰঃ এই কবিতা ফাকি দার্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচিত কবিতা ‘গীত আৰু ছবি’ৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে সুকুমাৰ কলাৰ আকর্ষণীয়তাৰ কথা বর্ণনা কৰাৰ প্ৰয়াস কৰিছে।

সুকুমাৰ কলা সদায় বাস্তৱ আৰু প্ৰাণৱন্ত। কলাকাৰে সাধাৰণ বস্তু এটাকে প্ৰাণৱন্ত কৰি তুলিব পাৰে। আমি বাস্তৱত দেখি থকা বস্তুবোৰৰ প্ৰতি কেতিয়াও বিশেষভাৱে মন নকৰোঁ। কিন্তু তাকে যেতিয়া কলাকাৰে তুলিকাৰে আঁকি ৰং সানি প্ৰাণৱন্ত কৰি তোলে তেতিয়া তাক আকৌ নতুনকৈ চোৱাৰ হেঁপাহ জন্মে। উদাহৰণত কবিয়ে কৈছে গছৰ পাত আমি সদায় দেখি থাকো, সৰিপৰা গছৰ পাতৰ ওপৰেদি আমি গচকি খোজ কাঢ়ি গৈ থাকো; কিন্তু পাতটোৰ প্ৰতি আমি কেতিয়াও মন নকৰোঁ। কিন্তু একেটা পাতেই চিত্ৰকৰৰ কল্পনা আৰু কৌশলত ছবিত মোহনীয় হৈ উঠে। গীতৰ ক্ষেত্ৰতো একেই কথা। গীতৰ কথা যিয়েই নহওঁক, আমি সদায় শুনি থকা কথাই হওঁক বা, নহওঁক সুৰকাৰে যেতিয়া সেই কথাক সুৰ দি সুললিত কণ্ঠস্বৰেৰে গায় তেতিয়া তাক শুনি আমাৰ সকলোৰে ভাল লাগে, আনকি বহুতো সময়ত গীতবোৰে প্ৰাণৰ জোৱাঁৰ তোলে। এককথাত ক’বলৈ গ’লে সুকুমাৰ কলাই সকলো সময়তে মানুহৰ মনত ক্রিয়া-প্রতিক্রিয়া কৰিব পাৰে।

(গ) ‘মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ

                  নাই মৃত্যু অজৰ অমৰ

য’তে-পৰে ত’তে গজে, বিভিন্ন আকাৰ—

                  ঠাই বুজি দীঘল ডাঙৰ।

উত্তৰঃ এই কবিতাফাকি দার্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচিত কবিতা ‘গীত আৰু ছবি’ৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে সুকুমাৰ কলাৰ কলাকাৰ সকলৰ কৌশলী বিদ্যাৰ স্থায়ীত্বৰ কথা প্ৰকাশ কৰিছে।

গায়কে গোৱা গীত আৰু চিত্ৰকৰে অঁকা ছবি তেওঁলোকৰ একোটা বিদ্যা। এই বিদ্যাৰ প্ৰয়োগেৰে চিত্ৰকৰ বা গায়কে সদায় দর্শক-শ্রোতাৰ মন আকর্ষণ কৰাৰ চেষ্টা কৰে। ইয়াৰ বাবে তেওঁলোকে বিভিন্ন কৌশল প্রয়োগ কৰে। যিবিলাক কলাৰ ভাৱ সৰল সহজ হয় আৰু গতিও ধীৰ হয় সেইবিলাক কলা সকলোৰে মনোগ্রাহী হৈ উঠে। এটা গীতৰ কথাবোৰ যদি সৰল সহজ শব্দৰে ৰচনা কৰে আৰু তাক যদি সুৱদী কণ্ঠেৰে সুৰৰ লালিত্যৰে গোৱা হয় ; তেন্তে সেই গীত মানুহৰ প্ৰাণত লাগি ধৰে ; তেনে গীত যি ভাষাৰেই নহওঁক কিয় সকলো ভাষাভাষী লোকৰ প্ৰিয় হৈ পৰে আৰু সকলো দেশৰ বা জাতিৰ মানুহে তাক গ্ৰহণ কৰি আপোন কৰি লয়। এই কথাকেই কবিয়ে কৈছে যে কৌশলী বিদ্যাৰ কেতিয়াও মৃত্যু নহয়, সি মানুহৰ মাজতেই জীয়াই থাকে। অৱশ্যে দেশ-কাল-পাত্র ভেদে তাৰ জনপ্ৰিয়তাৰ তাৰতম্য ঘটে।

‘খ’—ভাষা-বিষয়ক

৭। সমার্থক শব্দ লিখা।

জগত, উলাহ, চকু, সৰু, ভাল, কাণ

উত্তৰঃ জগত — বিশ্ব।

উলাহ — আনন্দ।

সৰু — ক্ষুদ্র।

ভাল — উৎকৃষ্ট।

চকু — নেত্র।

কান — কৰ্ণ।

৮। বাক্য ৰচনা কৰা।

কৌশলী বিদ্যা; অজৰ-অমৰ; আলাসত ঠাই; ডাঙৰ-দীঘল।

উত্তৰঃ কৌশলী বিদ্যা — কৌশলী বিদ্যা আয়ত্ত কৰা জনেহে মানুহৰ সমাদৰ লাভ কৰিব পাৰে।

অজৰ অমৰ — ভাল সৃষ্টিকর্ম যুগ যুগ ধৰি অজৰ অমৰ হৈ থাকে।

আলাসত ঠাই — ভাল শিল্পকর্মক মানুহে সমাদৰ কৰি আলাসত ঠাই দিয়ে।

ডাঙৰ-দীঘল — পিতৃ-মাতৃয়ে অশেষ যত্নেৰে ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰে।

৯। বিপৰীত শব্দ লিখা।

মিহি: প্রাণ; মৃত্যু; মূল; ক্ষুদ্র।

উত্তৰঃ মিহি — খহটা।

প্রাণ — নিষ্প্রাণ।

মৃত্যু — জন্ম।

মূল — গৌণ।

ক্ষুদ্র — ডাঙৰ।

2 thoughts on “Class 9 Assamese Chapter 3 গীত আৰু ছবি”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top