Class 9 Assamese Chapter 12 লোকসংস্কৃতি

Class 9 Assamese Chapter 12 লোকসংস্কৃতি Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 12 লোকসংস্কৃতি Solutions and select need one. Class 9 Assamese Chapter 12 লোকসংস্কৃতি Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 12 লোকসংস্কৃতি

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 12

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’— ভাব-বিষয়ক

১। তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা।

(ক) লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?

উত্তৰঃ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলে।

(খ) লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ?

উত্তৰঃ লোক সমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) লোককৃষ্টি কাক বোলা হয়?

উত্তৰঃ গঞা বা গাৱঁলীয়া সমাজে প্রয়োজনবোধে সম্পাদন কৰা কৰ্মৰ মাজতে উৎসৱ, গীত-নাচ, অভিনয় আদিৰ সমষ্টিকে লোককৃষ্টি বোলা হয়।

(ঘ) লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়?

উত্তৰঃ লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তুসংস্কৃতি বোলা হয়।

(ঙ) পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা সাধুকথাৰ পুথিখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা সাধুকথাৰ পুথিখনৰ নাম হ’ল- ‘বুঢ়ী আইৰ সাধু’।

২। লোকসমাজ সম্পর্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি?

উত্তৰঃ লোকসমাজক বিশেষকৈ গাৱঁলীয়া লোক সমাজক কোনো কোনো লোকতত্ত্ববিদে সমাজৰ নিম্নস্তৰ বুলি কব খোজে। কিন্তু এই ধাৰণা লেখকে গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰিছে। গাৱেঁ ভূঞে থাকিলেও লোকসমাজ নিম্নস্তৰৰ নহয়, কাৰণ বহুতো শিক্ষিত লোক গাৱঁত থাকে। আনহাতে কেৱল আঢ্যৱন্ত লোকেই নগৰত নাথাকে। বনুৱা কামিলা আদিও নগৰত বাস কৰে। নগৰত বাস কৰিলেও বনুৱা বা কামিলা শ্ৰেণীৰ লোকক লিখক উন্নত বুলি স্বীকাৰ কৰা নাই।

৩। চমুটোকা লিখা।

নিচুকনী গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্রুতি, জিকিৰ, দেহবিচাৰৰ গীত, হুচৰি গীত।

উত্তৰঃ নিচুকনী গীত: নিচুকনী গীতসমূহ অসমীয়া লোক-সংস্কৃতিৰ এক গুৰুত্বপূর্ণ আৰু অবিচ্ছেদ্য অংগ। প্ৰাচীন কালৰ পৰা এই গীতসমূহে অসমৰ জন-জীৱন আৰু সামাজিক পৰিৱেশত গভীৰ প্ৰভাৱ পেলাই আহিছে। সাধাৰণতে শিশুক নিচুকাবলৈ বা টোপনি নিয়াবলৈ যিবিলাক স্নেহময় গীত গোৱা হয়, তাকে নিচুকনী গীত বুলি কোৱা হয়। এই গীতসমূহত মাতৃস্নেহ, মমতা আৰু শান্তিৰ সুৰ একেলগে প্ৰকাশ পায়। অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত কেইটামান নিচুকনী গীত হ’ল — ‘শিয়ালী এ নাহিবি ৰাতি’, ‘আমাৰে মইনা শুব এ’ আদি।

মালিতা বা কাহিনী গীত: অসমীয়াৰ লোক-সংস্কৃতিৰ এটা গুৰুত্বপূর্ণ আৰু অবিচ্ছেদ্য অংগ হৈছে মালিতা বা কাহিনী গীত। এই গীতসমূহৰ জৰিয়তে যিকোনো কাহিনী বা ঘটনাৰ মনোমোহা ৰূপত অৱতাৰণা কৰা হয়। সাধাৰণতে কাব্যৰ ৰূপত ৰচিত এই গীতসমূহ সুৰ লগাই গোৱা হয় আৰু গীতৰ অন্তত কাহিনীৰ সাৰাংশ প্ৰকাশ পায়। শুনিবলৈ মিঠা, মনোমুগ্ধকাৰী আৰু সুৰেলীয়া হোৱাৰ বাবে মালিতা বা কাহিনী গীতসমূহ আমাৰ লোক-সংস্কৃতিৰ এক আদৰণীয় আৰু অমূল্য সম্পদ।

উদাহৰণস্বৰূপে—

হা-অ-হা-অ-হা-এ-হা-হা,

হা-ইয় হ নমো নাৰায়ণ।

সাঁথৰ: মূলতঃ মানুহৰ মুখে মুখে চলি অহা প্ৰবাদসমূহকেই সাঁথৰ বোলা হয়। ই অসমীয়া লোক-সংস্কৃতিৰ এটা অনন্য বৈশিষ্ট্য, যাৰ দৰে বৈশিষ্ট্য আন কোনো সংস্কৃতিত পোৱা নাযায়। ধেমালি, ৰস আৰু বুদ্ধিচাতুৰীৰ সমন্বয়ে গঠিত এই সাঁথৰসমূহে মানুহৰ চিন্তাশক্তি আৰু বুদ্ধিমত্তা পৰীক্ষা কৰাৰ লগতে বৃদ্ধি কৰাতো সহায় কৰে। সেয়েহে সাঁথৰসমূহ অসমীয়াৰ লোক-সংস্কৃতিৰ এক গৌৰৱজনক ঐতিহ্য।

উদাহৰণ—

ঘৰৰ ওপৰত ঘৰ, তাতে পৰি মৰ।

—আঁঠুৱা।”

জনশ্ৰুতি: মানুহৰ মুখে মুখে চলি অহা কিছুমান কাহিনীৰ বিশ্বাসক জনশ্ৰুতি বোলা হয়। সমাজত প্ৰচলিত ভালেমান ৰীতি-নীতি, উৎসৱ-পাৰ্বণ আদি জনশ্রুতি অনুসৰি অনুষ্ঠিত হৈ অহা দেখা যায়।

জিকিৰ: জিকিৰ হৈছে এক প্ৰকাৰৰ ইছলাম ধৰ্মীয় স্তুতি গীত যাৰ দ্বাৰা অসমৰ থলুৱা ইছলাম ধৰ্মী লোকসকলে আল্লাহৰ স্তুতি কৰে। জিকিৰ শব্দটো আৰবী শব্দ ‘জিকিঅৰ’ শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হ’ল আল্লাৰ নাম স্মৰণ কৰা বা ঘনে ঘনে উচ্চাৰণ কৰা। এয়া ইছলাম ধৰ্মৰ পৱিত্ৰ কাম বুলি গণ্য কৰা হয়। আজান ফকীৰে অসমীয়া ভাষাত জিকিৰ ৰচনা কৰিছিল। আজান ফকীৰৰ আগমনৰ সময়ত অসমৰ মুছলমানসকলে নামাজ, ৰোজা, জাকাত আদি ইছলামীয় ৰীতি-নীতি, আচাৰ-অনুষ্ঠান নৈষ্ঠিকভাবে পালন কৰা নাছিল। আজান পীৰ চাহাবে তেওঁলোকক ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জিকিৰ লিখিছিল। জিকিৰৰ ভাষা, ছন্দ, উপমা, সুৰ আদি অসমীয়া যদিও ইছলাম ধৰ্ম সম্বন্ধীয় কিছুমান পাৰ্চী, আৰবী শব্দ গীতসমূহত সোমাই পৰিছে। অসমীয়া দেহ বিচাৰ গীতৰ লগত সাদৃশ্য থকা এই গীতসমূহত আল্লাৰ নাম-কলিমা, দেহৰ ভংগুৰতা আদি বিষয়বোৰ অন্তৰ্ভুক্ত হৈছে।

দেহবিচাৰৰ গীত: এদেহবিচাৰৰ গীত অসমীয়া সমাজত প্ৰচলিত আধ্যাত্মিক ভাবযুক্ত তত্ত্বগধুৰ লোকগীতৰ শ্ৰেণী। সাধাৰণতে বৃদ্ধ, ভকত, বৈৰাগী, সন্ন্যাসী, মগনীয়া আদিয়ে দেহ বিচাৰ গীত গায়। সংসাৰৰ মায়া-মোহ, জ্বালা-যন্ত্ৰণা, বেদনা আদিৰ পৰা হাত সাৰিবলৈ অথবা মুক্তি পাবলৈ সাধকসকলে মনৰ বৈৰাগ্য ভাব শ্ৰেণী গীতত প্ৰকাশ পায়।

হুচৰি গীত: হুঁচৰি গীত অসমীয়াৰ অন্যতম অমূল্য সম্পদ, যাৰ সৈতে জড়িত আছে অসমবাসীৰ গভীৰ আৱেগ, সংস্কৃতি আৰু গৌৰৱ। হুঁচৰি বিশেষকৈ ব’হাগ বিহুৰ লগত অঙ্গাঅঙ্গিকভাৱে জড়িত। আঁহতৰ তলত, পথাৰত বা গাঁওৰ চোতালত ডেকা-গাভৰু সকলে হুঁচৰি গীতৰ মিঠা তালত নৃত্য কৰি আনন্দ প্ৰকাশ কৰে। হুঁচৰি গীত পৰিৱেশনৰ নিৰ্দিষ্ট নিয়ম-নীতি আৰু আচাৰ-অনুষ্ঠান থাকে, যাৰ মাধ্যমেৰে অসমীয়াৰ ঐতিহ্য, মিলন আৰু আনন্দৰ ভাব প্ৰকাশ পায়।

৪। “লোকজীৱন তিনিটা ভাগত বিভক্ত” —লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া।

উত্তৰঃ লোকজীৱনৰ ভাগ তিনিটা হৈছে— 

(ক) সামাজিক আচাৰ অনুষ্ঠান: মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন। পৰম্পৰাগত জীৱন, মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজৰ সংযোগ সেতু। সমাজ আক পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-বিবাহ মৃত্যু আদি বিষয়ক ৰীতি-নীতি, আচাৰ-ব্যৱস্থা-অনুষ্ঠান আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান। এইবোৰ প্রধানভাৱে লোকবিশ্বাসৰ সৈতে জড়িত। সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত। যেনে- উৎসৱ-অনুষ্ঠান, অৱসৰ-বিনোদন আৰু খেল-ধেমালি, লোকঔষধ আৰু লোকধর্ম।

(খ) ভৌতিক বা বস্তু সংস্কৃতি: ভৌতিক বা বস্তুসংস্কৃতি হ’ল লোকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্ৰস্তুতি আদিয়েই ভৌতিকসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপ-বিভাগকেইটা হৈছে- লোককলা, লোকশিল্প, লোক-স্থাপত্যকলা, লোকআভৰণ আৰু লোকৰন্ধন প্ৰণালী।

(গ) লোক পৰিৱেশ্য কলা: লোকজীৱনৰ শেষভাগটো হৈছে一 লোক পৰিৱেশ্য কলা। পৰম্পৰাগত গীত, নৃত্য-নাচ আৰু নাট- আদিয়েই লোক পৰিৱেশ্য কলাৰ উপাদান। কোনো এটা সাধুকথা কোৱা বা লোকগীত গোৱাকে পৰিৱেশন কৰা বোলে। পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্য, নাটক, বাদ্যযন্ত্ৰ আদিক সামৰে। লোকনাট হ’ল গীত আৰু নৃত্যৰ সমষ্টি। সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি।

৫। বহলাই লিখা।

(ক) সামাজিক আচাৰ অনুষ্ঠান।

উত্তৰঃ মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন। পৰম্পৰাগত জীৱন, মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজৰ সংযোগ সেতু। সমাজ আক পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-বিবাহ মৃত্যু আদি বিষয়ক ৰীতি-নীতি, আচাৰ-ব্যৱস্থা-অনুষ্ঠান আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান। এইবোৰ প্রধানভাৱে লোকবিশ্বাসৰ সৈতে জড়িত। সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত। যেনে- উৎসৱ-অনুষ্ঠান, অৱসৰ-বিনোদন আৰু খেল-ধেমালি, লোকঔষধ আৰু লোকধর্ম।

(খ) লোক পৰিৱেশ্য কলা।

উত্তৰঃ লোকজীৱনৰ শেষভাগটো হৈছে一 লোক পৰিৱেশ্য কলা। পৰম্পৰাগত গীত, নৃত্য-নাচ আৰু নাট- আদিয়েই লোক পৰিৱেশ্য কলাৰ উপাদান। কোনো এটা সাধুকথা কোৱা বা লোকগীত গোৱাকে পৰিৱেশন কৰা বোলে। পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্য, নাটক, বাদ্যযন্ত্ৰ আদিক সামৰে। লোকনাট হ’ল গীত আৰু নৃত্যৰ সমষ্টি। সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি।

(গ) ভৌতিক বা বস্তু সংস্কৃতি।

উত্তৰঃ ভৌতিক বা বস্তুসংস্কৃতি হ’ল লোকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্ৰস্তুতি আদিয়েই ভৌতিকসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপ-বিভাগকেইটা হৈছে- লোককলা, লোকশিল্প, লোক-স্থাপত্যকলা, লোকআভৰণ আৰু লোকৰন্ধন প্ৰণালী।

৬। লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰঃ লোকনাট গীত আৰু নৃত্যৰ সমষ্টি বুলি লিখকে কৈছে। লোকনাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া নহয়। সংলাপতকৈ গীত আৰু নৃত্যৰ ওপৰতহে গুৰুত্ব দিয়া হয়।

লোকনাট হৈছে লোক পৰিৱেশ্য কলা। পৰম্পৰাগত সংগীত, নৃত্য-নাচ আৰু নাট আদিয়েই লোক পৰিৱেশ্য কলাৰ উপাদান। পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্য, বাদ্যযন্ত্র আদিক সামৰে।

৭। লোকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবোৰৰ নাম লিখা।

উত্তৰঃ লোক সাহিত্যক পাঁচটা উপভাগত ভগাব পাৰি।

সেই ভাগবোৰ হৈছে–

(ক) লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত।

(খ) গদ্যধর্মী লোককথা।

(গ) প্রবচন, বচন, লোকোক্তি, যোজনা, পটন্তৰ।

(ঘ) সাঁথৰ, আৰু

(ঙ) লোকভাষা।

৮। ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্রী কি? ইয়াৰ উপ-বিভাগ কি কি?

উত্তৰঃ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল, সা-সামগ্রী নির্মাণ, খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক বা বস্তুসংস্কৃতিৰ সামগ্ৰী। ইয়াৰ উপ-বিভাগ কেইটা হৈছে— লোককলা, লোকশিল্প, লোক-স্থাপত্যকলা, লোকআভৰণ আৰু লোকৰন্ধন প্রণালী।

৯। ‘অ’ মাই যশোৱা হে, মাই হে যশোৱা…..’ গীতটি কোনে লিখিত ৰূপ দিয়ে?

উত্তৰঃ ‘অ’ মাই যশোৱা হে, মাই হে যশোৱা’ গীতটি ড॰ ভূপেন হাজৰিকাদেৱে লিখিত ৰূপ দিয়ে।

১০। তাৎপর্য ব্যাখ্যা কৰা।

(ক) লোক সংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি।

উত্তৰঃ লোকসংস্কৃতিৰ উপাদানসমূহ মূলত মানুহৰ মুখে মুখে যুগে যুগে পৰম্পৰাগতভাৱে চলি আহিছে। লোকসংস্কৃতিত অন্তৰ্গত বিভিন্ন বিষয় যেনে— লোকগীত, হুঁচৰি, বিহুগীত, বিয়ানাম, লোকনাট, লোকসাহিত্য, জিকিৰ, মালিতা আদি বহুযুগৰ পৰা মানুহৰ মুখে মুখে পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে আৰু আগলৈও চলি থাকিব। এই উপাদানসমূহ পীৰিৰ পৰা আন এটা পীৰিলৈ সম্প্ৰসাৰিত হোৱা সময়ত কেতিয়াবা ৰূপ পৰিবর্তন কৰি নতুন ৰূপতো পৰিণত হৈছে। শিক্ষিত সমাজৰ স্পৰ্শ পাই লোকসংস্কৃতিৰ বহু অংশ আধুনিক বা সম্পাদিত ৰূপ লাভ কৰিছে। উদাহৰণস্বৰূপে, লক্ষ্মীনাথ বেজবৰুৱাদেৱে বুঢ়ী আইৰ সাধু সংকলন সম্পাদনা কৰি নতুন ৰূপত প্ৰকাশ কৰিছিল, যদিও ইয়াত অন্তৰ্ভুক্ত সাধুসকল আইতা-আচলিৰ মুখে মুখে প্ৰচলিত আছিল। একেদৰে “অ’ মাই যশোৱা হে” নামৰ গীতখন ড° ভূপেন হাজৰিকাই আধুনিক ৰূপত পুনৰ ৰচনা কৰি গাইছিল। সেয়েহে দেখা যায় যে লোকসংস্কৃতিৰ উপাদানসমূহ কাল-পৰম্পৰাত সদায় জীৱন্ত — পুৰণি হৈও নতুন আৰু নতুন হৈও পুৰণি।

(খ) সমাজৰ পৰিবৰ্তনৰ লগে লগে লোক সংস্কৃতিৰো পৰিবৰ্তন ঘটে।

উত্তৰঃ পৰম্পৰাগতভাবে মানুহে জীৱন ধাৰণৰ প্ৰয়োজনত তৈয়াৰ কৰি লোৱা সা-সঁজুলি, বছৰ, মাহ, পষেক আদিত পালন কৰা লোকবিশ্বাস জনিত উৎসৱ পাৰ্বণ, মানুজৰ সাজ সজ্জা, খোৱা-লোৱা বস্তু-বেহানি, খোৱা বস্তু ৰন্ধাৰ পদ্ধতি, উৎসৱ সমূহত পৰিবেশন কৰা গীত-নাট এই সকলো বিলাকেই লোক সংস্কৃতিৰ অন্তৰ্গত।

সময় গতিশীল আৰু পৰিবৰ্ত্তনশীল। পৰিবৰ্ত্তনশীল সময়ে সকলোকে পৰিবৰ্ত্তন কৰে। সময়ে লোকসংস্কৃতিকো পৰিবৰ্ত্তন কৰে। সময়ৰ পৰিবৰ্ত্তনত মানুহৰ সমাজৰ নিয়ম নীতিৰো কিছু পৰিবৰ্ত্তন ঘটে। অর্থাৎ মানুহৰ নিয়ম-নীতিৰ পৰিবৰ্ত্তনে লোক সংস্কৃতিৰ পৰিবৰ্ত্তন ঘটায়। ওপৰৰ বাক্যটিত এই কথাকে প্ৰকাশ কৰা হৈছে।

‘খ’—ভাষা-বিষয়ক

১১। তলৰ শব্দকেইটাত মূৰ্দ্ধণ্য ‘ণ’ আৰু ‘ষ’ হোৱাৰ কাৰণ দর্শোৱা।

কৃষি, অনুষ্ঠান, ধাৰণ, আহৰণ।

উত্তৰঃ কৃষি — ‘ক’ বা ‘ৰ’ ৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়।

অনুষ্ঠান — ই কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য স মূর্দ্ধন্য ষ হয়।

ধাৰণ — একেটা পদতে থকা ঋ, ৰ, ষ আৰু ন ৰ মাজত স্বৰবৰ্ণ, ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা য, ৱ, হ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

আহৰণ — একেটা পদতে থকা ঋ, ৰ, ষ আৰু ন ৰ মাজত স্বৰবৰ্ণ, ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা য, ৱ, হ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

১২। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

বিশ্বাস; মৌখিক সংযোগ; প্রয়োজনীয়; জন্ম; উচিত।

উত্তৰঃ বিশ্বাস – অবিশ্বাস।

মৌখিক – লিখিত।

সংযোগ – বিয়োগ।

প্রয়োজনীয় – অপ্রয়োজনীয়।

জন্ম – মৃত্যু।

উচিত – অনুচিত।

১৩। সমার্থক শব্দ লিখা।

গঞা; পিতা; বেমাৰ; চহৰ; লোক।

উত্তৰঃ গঞা – গাৱঁলীয়া।

পিতা – দেউতা।

বেমাৰ – ৰোগ।

চহৰ – নগৰ।

লোক – জন।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top