Class 9 Assamese Chapter 13 হনুমন্তত লঙ্কাদৰ্শন Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 13 হনুমন্তত লঙ্কাদৰ্শন Solutions and select need one. Class 9 Assamese Chapter 13 হনুমন্তত লঙ্কাদৰ্শন Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.
Class 9 Assamese Chapter 13 হনুমন্তত লঙ্কাদৰ্শন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.
হনুমন্তত লঙ্কাদৰ্শন
Chapter: 13
| পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ |
‘ক’— ভাব বিষয়ক
১। চমুকৈ উত্তৰ দিয়া।
(ক) মাধৱ কন্দলী কোন আছিল?
উত্তৰঃ মাধৱ কন্দলী প্ৰাক্-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল।
(খ) মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?
উত্তৰঃ মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ভাষাৰ ৰামায়ণ মহাকাব্যখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল।
(গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়?
উত্তৰঃ মাধৱ কন্দলীয়ে সম্পূৰ্ণ ৰামায়ণখন অনুবাদ কৰিছিল যদিও বর্তমান আদি আৰু উত্তৰাকাণ্ডৰ বাহিৰে তেওঁৰ ৰচনা কৰা মাজৰ পাঁচটা কাণ্ডহে পোৱা যায়।
(ঘ) মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল?
উত্তৰঃ মাধৱ কন্দলীক শংকৰদেৱে ‘অপ্রমাদী’ কবি বুলি অভিহিত কৰিছিল।
(ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে?
উত্তৰঃ মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমান সন্নিৱিষ্ট উত্তৰকাণ্ডটো মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল।
(চ) ‘হনুমন্তৰ লঙ্কাদর্শন’ – কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘হনুমন্তৰ লঙ্কাদর্শন’ – কাব্যাংশ ৰামায়ণৰ ‘সুন্দৰকাণ্ড’ৰ পৰা লোৱা হৈছে।
২। মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবি কেইজনৰ নাম উল্লেখ কৰা।
উত্তৰঃ মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবি কেইজন হ’ল– হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, কবিত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী আদি।
৩। মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক’ৰ ৰজা আছিল?
উত্তৰঃ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূৰ্ব-মধ্যাঞ্চলৰ ৰজা আছিল।
৪। তলত দিয়াবোৰৰ টোকা লিখা:
হনুমন্ত, সুগ্ৰীৱ, নীল, অম্ৰাৱতী, কাশ্যপ নন্দন, বিশ্বকর্মা।
উত্তৰঃ (ক) হনুমন্ত: হনুমন্ত হ’ল বায়ুৰ বা পৱনদেৱৰ পুত্ৰ। তেওঁ সৰ্বশাস্ত্র বিশাৰদ আৰু মহাবলী। প্ৰবল ৰামভক্ত। তেওঁৰ মাতৃৰ নাম অঞ্জনা। হনুমন্তই সীতাৰ অন্বেষণত সাগৰ পাৰ হৈ সীতাক লংকাত অভয়বাণী প্ৰদান কৰাৰ লগতে ৰামক সীতাৰ সম্ভেদ দিছিল ৰাম-ৰাৱণৰ যুদ্ধতো মুখ্য ভূমিকা লৈ সীতাক উদ্ধাৰ কৰি অনাত ৰামক সহায় কৰি হনুমন্তই ৰামভক্তিৰ পৰিচয় দিছিল।
(খ) সুগ্ৰীৱ: সুগ্ৰীৱ আছিল কিষ্কিন্ধ্যাৰ বানৰ সকলৰ ৰজা। ৰামে সীতা উদ্ধাৰৰ বাবে সুগ্ৰীৱৰ সহায় বিচাৰিছিল। ৰামৰ মিত্ৰ সুগ্ৰীৱৰ সহায়ত বানৰসেনা সহিতে ৰামে সাগৰত সেতু বান্ধি লংকাত উপস্থিত হৈ ৰাৱণক যুদ্ধত পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিল। ৰামে বানৰ ৰজা বালিক বধ কৰি তেওঁৰ ভ্ৰাতৃ সুগ্ৰীৱক বানৰবিলাকৰ ৰজা পাতিছিল।
(গ) নীল: নীল এগৰাকী বানৰ বীৰ। তেওঁ অংগদ, সুগ্ৰীৱ আৰু হনুমন্তৰ দৰে সমুদ্ৰ অতিক্ৰম কৰিব পৰা বীৰ। এইজনা পৰাক্ৰমী সেনাপতি বীৰেও সীতা উদ্ধাৰত ৰামক সহায় কৰিছিল।
(ঘ) অম্ৰাৱতী: অম্ৰাৱতী হ’ল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী ৷ ইয়াক দেৱপুৰীও বোলা হয়। এই নগৰ ঐশ্বৰ্য-বিভূতিৰে পৰিপূৰ্ণ, ফুল-ফলেৰে জাতিষ্কাৰ। স্বৰ্গৰ নিৰ্মাণ কৰ্মৰ দেৱতা বিশ্বকর্মাই অতি বিতোপন তথা অপৰূপ ৰূপত এই নগৰখন নিৰ্মাণ কৰিছিল।
(ঙ) কাশ্যপ-নন্দন: কাশ্যপ নন্দন সূর্য দেৱতাৰ নাম। ৰামায়ণ আৰু দুই-এখন পুৰাণ শাস্ত্রমতে সূর্যদেৱতা ঋষি কাশ্যপ আৰু অদিতিৰ পুত্ৰ হেতু তেওঁক কাশ্যপ-নন্দন নামেৰেও জনা যায়।
(চ) বিশ্বকর্মা: বিশ্বকৰ্মা নিৰ্মাণ শিল্পৰ দেৱতা। স্বৰ্গৰ ৰাজধানী ইন্দ্ৰপুৰীৰ নির্মাণ কার্য এইজনা সম্পন্ন কৰিছিল। এওঁক শ্রেষ্ঠ নির্মাতা বা শিল্পীৰূপে গণ্য কৰি তেওঁৰ পূজা-অৰ্চনা কৰা হয়।
৫। লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই কি কি ফল-ফুলৰ গছ দেখিবলৈ পাইছিল?
উত্তৰঃ সুবেল বা ত্রিকূটগিৰি শৃংগত অৱতৰণ কৰা হনুমন্তই তাৰ পৰাই লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে দেখা বন-বননিৰ ফল-ফুলৰ গছ-গছনিবোৰ হ’ল– সৰল, পিয়াল, খৰ, নিখৰ, খর্জুৰ, শাল, তাল, তমাল, গমাৰি, অশ্বত্থ, কপিত্থ, বট, নাৰংগ, বদৰ তেন্তেলি, কণ্টকী, আম, জাম, নাগেশ্বৰ, খাজুৰি, হাৰিঠা, আমলখি, ডহাফল, গুৱা, ছাতিয়াল, নাৰিকল, শ্রীফল, সলংগা, মহৰি, কমলা টেঙা, কৰ্দ্দৈ, আমৰা, আদি ফল-মূল আৰু গছ-গছনিৰ লগতে বিবিধ ফুল, যেনে— কদম্ব, গুলঞ্চি, গুটিমালি, পাৰিজাত, সেউতি, মালতী আদি গছ দেখিবলৈ পাইছিল।
৬। হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল?
উত্তৰঃ হনুমন্তই নিজৰ বৃহৎ শৰীৰটো বিৰাল (মেকুৰী) সদৃশ সংকুচিত কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল।
তেওঁ সেই ৰূপ ধৰাৰ কাৰণ এয়ে যে, যদি হনুমন্তই তেওঁৰ বিৰাটাকাৰ দেহটোৰে লংকা নগৰীত প্ৰৱেশ কৰে তেনেহ’লে তেওঁক ৰাক্ষসগণে দেখা পাব আৰু শত্ৰুৰূপে আগুৰি ধৰি তেওঁৰ প্ৰাণনাশৰ চেষ্টা চলাব বুলি বিবেচনা কৰিয়েই তেওঁ নিজ ৰূপ সন্ধই লংকা নগৰীত প্ৰৱেশ কৰিছিল।
৭। হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বর্ণনা দিয়া।
উত্তৰঃ হনুমন্তই গধূলি পৰত নিজৰ দেহৰ কলেৱৰ মেকুৰী এটাৰ সমান সংকুচিত কৰি প্ৰাচীৰৰ ওপৰত উঠি লংকাৰ গধূলিৰ ৰূপ দেখা পালে। হনুমন্তই দেখা মতে লংকা নগৰী স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীৰ দৰে সমুজ্জ্বল যেন বিশ্বকর্মাইহে এই অপূর্ব নগৰীখন নিৰ্মাণ কৰিছে। নগৰীখন আৱৰি থকা চৌদিশৰ গড়ো যেন সোণেৰে নিৰ্মিত, যি গড়ে জলমলাই নগৰীখন সুৰক্ষিত কৰি ৰাখিছে। নগৰীখনৰ ভিতৰতো ঠায়ে ঠায়ে সুৱৰ্ণ মাণিক জ্বলি নগৰীখনক জকমকাই তুলিছে। গোটেই নগৰখনেই গড়েৰে বিভিন্ন সুৰক্ষিত দেৱালেৰে এনেভাৱে আবৃত যে তাত প্ৰৱেশ কৰা সাধাৰণ লোকৰ বাবেই যে অসাধ্য এনে নহয়, পৰাক্ৰমী দেৱতা বা অসুৰৰ পক্ষেও সেয়া অসম্ভৱ কাম। এনেদৰেই হনুমন্তই গধূলিৰ লংকা নগৰীৰ ৰূপৰ এটি বর্ণনা দিছে।
৮। সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল?
উত্তৰঃ সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ নিৰাশ ভাব আহিছিল। তেওঁৰ মনত খেলোৱা ভাব মতে লংকাৰ দৰে চাৰিওফালে সুদৃঢ় গড়েৰে সুৰক্ষিত নগৰী এখনত বান্দৰৰ কথা বাদেই যাওক, দেৱতা বা অসুৰৰ পক্ষেও তাত প্ৰৱেশ কৰাটো সম্ভৱ নহয়। অংগদ, সুগ্ৰীৱ, নীল আৰু হনুমন্তই নিজে সমুদ্র লংঘিব পাৰে যদিও, আন বানৰ সকলৰ পক্ষে সেয়া কদাপিও সম্ভৱ নহয়। গতিকে এনে দুর্গম ঠাইলৈ তেওঁ যি উদ্দেশ্যে আহিছে সেই উদ্দেশ্য পূৰণ কৰিব পৰাটো এটা টান কাম হ’ব বুলি হনুমন্ত ভীষণ চিন্তাত পৰিছে।
৯। সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল?
উত্তৰঃ সুবেল-শৃংগত বহি হনুমন্তই লংকা নগৰীলৈ দৃষ্টিপাত কৰি চিন্তাত পৰিছিল। তেওঁক লংকা নগৰীৰ অপৰূপ ৰূপে মোহিত কৰি পেলাইছিল। তেওঁ মনতে ভাবিছিল যে, লংকা নগৰী যেন সমুদ্ৰৰ মাজত থকা স্বৰ্গৰ ইন্দ্ৰপুৰীহে। এনেহেন লংকা নগৰীত কিদৰে তেওঁ প্ৰৱেশ কৰিব তাকে লৈ হনুমন্ত মহা চিন্তাত পৰিল। কোটি যোৰ্জন সমুদ্র অতিক্ৰম কৰোঁতে তেওঁৰ মনত কোনো শংকাৰ উদ্রেক ঘটা নাছিল যদিও এতিয়া লংকা নগৰী দেখি তাত প্ৰৱেশ কৰিবলৈ তেওঁৰ মনত শংকা জন্মিছে। এনে চিন্তাযুক্ত মনেৰে তেওঁ লংকা নগৰীলৈ চাই শেষত সিদ্ধান্ত কৰিলে যে যিকোনো উপায়েই নহওঁক কিয় তেওঁ ৰামৰ কাৰ্য সাধিবৰ বাবেই ইয়ালৈ আহিছে এতিয়া তাৰহে চেষ্টা কৰিব। এই বুলি মনতে গুণি দিনৰ ভাগতে লংকা নগৰীখন চাই লোৱাৰ সিদ্ধান্ত কৰিলে।
১০। ‘হনুমন্তৰ লঙ্কাদৰ্শন’ কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা।
উত্তৰঃ ‘হনুমন্তৰ লঙ্কাদৰ্শন’ কবিতা অংশ মূল ৰামায়ণৰ সুন্দৰকাণ্ডৰ ঘাইকৈ দ্বিতীয় সৰ্গৰ আধাৰত অনুবাদ কৰা। এই অংশটোত কবিয়ে মূল বিষয়বস্তুৰ স্থানীয়ভাৱে চমু ৰূপত সংযোজন ঘটাইছে। পাঠত সন্নিৱিষ্ট অংশটোত সীতাৰ অন্বেষণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্ৰিকূটগিৰি পৰ্বতত নামিছে। এই ত্ৰিকূটগিৰি শৃংগৰ পৰাই ৰাৱণৰ লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে হনুমানৰ দৃষ্টিগোচৰ হোৱা ঘটনাৰ বিৱৰণেই হ’ল ‘হনুমন্তৰ লঙ্কাদৰ্শন’ৰ মূল বিষয়বস্তু।
ত্ৰিকূট পৰ্বতৰ ওপৰত ৰাৱণৰ ৰমকজমক লংকা নগৰী। এই নগৰীৰ চাৰিওদিশ সুদৃঢ় প্ৰাচীৰে আবৃত। এই নগৰী এনে বিতোপন আৰু সুসংৰক্ষিত যে ই ইন্দ্ৰৰ অমৰাৱতী নগৰীতকৈ কোনো গুণে কম নহয়। লংকা নগৰীৰ মনোমোহা উদ্যান, গগনচুম্বী অট্টালিকা, গড়-প্ৰাচীৰ আদিৰে সুৰক্ষিত নগৰী দেখি হনুমান, মুগ্ধ হৈছে। তেওঁৰ মনত নামভাৱৰ হেন্দোলনিয়ে থৌকি বাথৌ লগাইছে। অপাৰ ঐশ্বর্য-বিভূতিৰে পূৰ্ণ লংকা নগৰীৰ সকলোতে সোণ-ৰূপ মণি মাণিক্যৰ পয়োভৰ। প্রশস্ত সুশোভিত বাট-পথ, নানা ধৰণৰ ফল-ফুলেৰে পৰিপূৰ্ণ উদ্যান, বিভিন্ন চৰাই-চিৰিকতিৰ কলৰৱেৰে মুখৰিত আৰু বিবিধ ফুলেৰে জাতিষ্কাৰ নগৰীখনত অহৰহ বৈ থকা সাগৰীয় মৃদু মধুৰ শীতল বতাহে এই নগৰীক অমৰাৱতী সদৃশ অপৰূপ তথা মনোমুগ্ধকৰ কৰি তুলিছে ইয়াক বিশ্বকৰ্মাৰ অপূৰ্ব সৃষ্টি বুলি কবিয়ে অভিহিত কৰিছে। দিনৰ সূৰ্যৰ পোহৰে এই নগৰীক যিদৰে অনন্যৰূপৰ জলমলাই তোলে ঠিক তেনেদৰে গধূলি বেলিকাও ‘বিবিধ বস্তিৰ পোহৰে এই নগৰীক মায়াবী ৰূপত জিলিকাই তোলে। এনেদৰেই হনুমানে ত্রিকূট পৰ্বতত বহি লংকাৰ ৰূপৰ বৰ্ণনা কৰিছে।
‘খ’—ভাষা বিষয়ক
১১। তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা।
কণ্টকি; ছাতিয়াল; তহিতে; দেখিলন্ত।
উত্তৰঃ কণ্টকি – কাঁইটীয়া গছ।
ছাতিয়াল — ছতিয়না গছ।
তহিতে — তাত।
দেখিলন্ত – দেখিলে।
১২। সমার্থক শব্দ লিখা।
গগন; বিৰাল; গড়; সমুদ্ৰ; পৱন ।
উত্তৰঃ গগন — আকাশ।
বিৰাল — মেকুৰী।
গড় — দুৰ্গ।
সমুদ্র — সাগৰ।
পৱন — বায়ু।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.




Please check the answers before posting. Some answers are nicely written but some are super dumb. So I would like to suggest the students to write there answers by own.
– Thank You !