Class 9 Assamese Chapter 14 সুখ

Class 9 Assamese Chapter 14 সুখ Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 14 সুখ Solutions and select need one. Class 9 Assamese Chapter 14 সুখ Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 14 সুখ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 14

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’— ভাব-বিষয়ক

১। অতি চমু উত্তৰ দিয়া।

(ক) মানুহৰ সুখ-দুখৰ আচল কথা কি?

উত্তৰঃ মানুহে মনক থিৰভাৱে ৰাখিব নোৱাৰাটোৱে মানুহৰ সুখ-দুখৰ আচল কাৰণ হৈ পৰে।

(খ) কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে?

উত্তৰঃ কবিয়ে ‘মই’, ‘মোৰ’ ভাৱে মানুহক তললৈ বুৰায় বুলি কৈছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) নিস্বাৰ্থৰ বাট কেনেকুৱা?

উত্তৰঃ নিস্বাৰ্থৰ বাট সুগন্ধি কুসুম ফুলা সেন্দুৰীয়া আলিস্বৰূপ।

(ঘ) কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ‘ভাঙনি কোঁৱৰ’ বুলি কোৱা হয়?

উত্তৰঃ কবি আনন্দ চন্দ্ৰ আগৰৱালাই ভালেমান ইংৰাজী কবিতা নিজ প্ৰতিভাৰ অপূৰ্ব দক্ষতাৰে অসমীয়া ভাষালৈ সার্থকভাবে ভাঙনি কৰা বাবেই তেওঁক ‘ভাঙনি কোঁৱৰ’ বোলা হয়।

(ঙ) কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে?

উত্তৰঃ কবিয়ে ‘পৰক আপোন কৰিব পাৰিলে’ সংসাৰত দুখ নাই বুলি কৈছে।

(চ) কবিৰ মতে প্রকৃত সুখ কেনেকৈ পাব পাৰি?

উত্তৰঃ কবিৰ মতে, মানুহে স্বার্থ ত্যাগ কৰিব পৰাৰ মাজেদিহে প্রকৃত সুখ পাব বা উপলব্ধি কৰিব পাৰে।

২। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা।

উত্তৰঃ সুখৰ সন্ধান মানুহৰ স্বাভাৱিক প্ৰক্ৰিয়া। পৃথিৱীত এনে মানুহ নাই, যি জনে সুখৰ সন্ধানত ৰত নহয়। এই সুখ হল মানুহৰ দেহখনত অনুভূত হোৱা এক তৃপ্তিকৰ বা সন্তুষ্টিজনক অৱস্থা। সেয়ে এই সুখদায়ক অৱস্থা পাবলৈ মানুহে সুখৰ সন্ধানত অহৰহ লাগি থাকে। যদিও সুখ বিচৰা সাংসাৰিক লোকে দুখ-যন্ত্ৰণাৰহে সম্মুখীন হব লগাত পৰে। কবিৰ মতে, সুখৰ সন্ধান কৰি বলিয়া হোৱা মানুহে প্ৰকৃত সুখ পাবলৈ বা উপলব্ধি কৰিবলৈ হলে স্বাৰ্থত্যাগ কৰিব লাগিব, অকল নিজৰ বাবে নহয় আনৰ বাবে খাটিব লাগিব, আনৰ সুখ-দুখৰ ভাগী হ’ব লাগিব। পৰক আপোন কৰি, নিজৰ শক্তি-সামর্থ্য পৰৰ সুখৰ বাবে বিলাব পৰা, নিস্বাৰ্থ লোকেহে জীৱনত সুখ লাভ কৰিব পাৰে। এই পৃথিৱীৰ পৰম পিতাৰ সন্তান সকলো নৰ-নাৰী পৃথিৱীৰূপী আমাৰ বৰ্তমান ঘৰৰ সকলো আপোনজন। গাই-গোটা পেটে ভঁৰাল নহৈ এই সকল আপোনজনৰ পূজা-সেৱাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি বিশ্বপ্ৰেমেৰে হৃদয় পুৰ কৰি বিশ্বৰ সকলো মানুহক নিজৰ ভাই-ভনী ৰূপে জ্ঞান কৰি যিয়ে প্রত্যেক মানুহৰ সুখৰ নিমিত্তে নিজক নিয়োজিত কৰিব পাৰে তেনে লোকহে জীৱনত সুখৰ গৰাকী হয় আৰু তেওঁৰ এনে সুখৰ কোনো দিন ওৰ নপৰে৷

৩। ব্যাখ্যা কৰা।

(ক) অকল নিজৰ           নিমিত্তে নহয়

                 আমাৰ জীৱন ভাই,

পৰৰ কাৰণে                   খাটিব পাৰিলে

                 সংসাৰ সুখৰ ঠাই।

উত্তৰঃ ব্যাখ্যেয় কবিতাংশ আমাৰ পাঠ্যক্ৰমৰ অন্তর্ভুক্ত আনন্দ চন্দ্ৰ আগৰৱালা প্রণীত ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিতাংশৰ মাজেদি কবিয়ে পাঠকক সুখৰ সন্ধান দিয়াৰ প্ৰয়াস কৰিছে। পৃথিৱীত জন্মগ্ৰহণ কৰা সকলো মানুহে জীৱনত সুখ ভোগ কৰিবলৈ বিচাৰে অর্থাৎ কোনেও দুখ ভোগ কৰিবলৈ নিবিচাৰে। কিন্তু সুখ বিচৰা মানুহে পৃথিৱীৰ ঘাত-প্রতিঘাতত জুৰলাহে হ’বলৈ ধৰে। ইয়াৰ হেতু মানুহৰ গাই-গোটা পেটে ভঁৰাল মনোবৃত্তি । আমি নিজৰ সুখ-দুখৰ প্ৰতিহে মন-কাণ দিওঁ, আনৰ সুখ-দুখৰ প্ৰতি লক্ষ্যই নকৰোঁ। এয়াই হ’ল স্বাৰ্থপৰতা। এই স্বাৰ্থপৰতা ত্যাজী কেৱল নিজৰ বাবে নহয় আনব বাবেও খাটিব পাৰিলে, আনৰ সুখ-দুখৰো সমভাগী হ’ব পাৰিলেহে মানুহৰ হৃদয়ত সুখৰ অনুভূতি জাগিব পাৰে। সেয়ে সকলো মানুহে নিজৰ সুখ-দুখৰ লগতে আনৰ সুখ-দুখ লাভৰ বাবেও নিজৰ শক্তি-সামর্থ্য প্রয়োগ কৰিব লাগে। পৰৰ কাৰণে খাটিৰ পৰাৰ মাজেদিহে মানুহে জীৱনত সুখ লাভ কৰিব পাৰে বুলি কবিয়ে ওপৰোক্ত কবিতাখনৰ মাজেদি সুখৰ এক নিদর্শন দাঙি ধৰিছে।

(খ) গাই-গোটা পেটে            ভঁৰাল নহ’বা

                       লোকৰ দুখলৈ চোৱা,

      মানুহৰ সেৱা                    মানুহৰ পূজা

                        পৱিত্ৰ বৰত লোৱা।

উত্তৰঃ উল্লিখিত কবিতাংশ আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ভাঙনি কোঁৱৰ কৰি আনন্দ চন্দ্ৰ আগৰৱালা বিবচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিয়ে মানুহক সুখৰ সন্ধান দিয়াৰ প্ৰয়াস কৰা প্ৰসংগতে উদ্ধৃত কবিতাংশৰ অৱতাৰণা কৰিছে।

সুখ মানুহৰ দেহ-মনত অনুভূত হোৱা এক তৃপ্তিকৰ বা আত্মসন্তুষ্টিজনক অৱস্থা। এই অৱস্থা পাবলৈ হ’লে মানুহক ব্যক্তিস্বার্থৰ ঊৰ্দ্ধত অৱস্থান কৰিব লাগিব। ব্যক্তিস্বাৰ্থৰ ঊৰ্দ্ধত অৱস্থান ল’ব নোৱাৰা মানুহে কোনোদিন প্রকৃত সুখ লাভ কৰিব বা উপলব্ধি কৰিব নোৱাৰে। গাই-গোটা পেটে ভঁৰাল অৰ্থাৎ কেৱল নিজৰ কাৰণেহে ভবা স্বাৰ্থপৰ লোকে সুখ বিচাৰি হাহাকাৰ কৰি ফুৰিলেও সুখৰ সন্ধান পাব নোৱাৰে। আনৰ সুখ-দুখ অনুভৱ কৰি আনৰ সুখৰ বাবে নিজস্বার্থ বলি দিব পৰা লোকেহে সুখৰ সন্ধান লাভ কৰে আৰু সুখৰ অধিকাৰী হয়। উদ্ধৃত কবিতাংশৰ মাজেদি সেয়ে কবিয়ে মানুহক গাই-গোটা পেটে ভঁৰাল নহৈ আন মানুহকো আপোনজন হিচাপে গ্ৰহণ কৰি এই মানুহ সকলৰ পূজা-সেৱাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি সুখৰ অধিকাৰী হ’বলৈ আহ্বান জনাইছে।

(গ) স্বাৰ্থৰ বাটত               দুখৰ কাঁইট

               খোজেপতি বিন্ধে হুলে,

নি স্বাৰ্থৰ বাট,                  সেন্দুৰীয়া আলি,

                সুগন্ধি কুসুম ফুলে।

উত্তৰঃ অসমীয়া সাহিত্যৰ কাব্যজগতখনত ভাঙনি কোঁৱৰ ৰূপে খ্যাত কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ ‘সুখ’ নামৰ কবিতাটোৰ পৰা ওপৰোক্ত কবিতাংশ তুলি দিয়া হৈছে।

মানুহক সুখৰ সন্ধান দিবলৈ প্ৰয়াস কৰা কবিয়ে উদ্ধৃত স্তৱকটিৰ মাজেদি স্বাৰ্থৰ বাট আৰু নিস্বাৰ্থৰ বাটৰ মাজত থকা পার্থক্য দাঙি ধৰাৰ লগতে স্বাৰ্থ আৰু নিস্বাৰ্থৰ বাটে সুখ প্রাপ্তিত কি ধৰণৰ বেলেগ বেলেগ ভূমিকা ল’ব পাৰে তাৰো ইংগিত দাঙি ধৰিছে।

ব্যক্তিস্বার্থ জড়িত পথ মসৃণ নহয়; ই কণ্টকাকীর্ণ। এনে পথেদি যাত্ৰা কৰা লোকৰ পথ বিপদসংকুল অর্থাৎ খোজেপতি হুলে বিন্ধাৰ ভয় থাকে। ব্যক্তিস্বাৰ্থৰ বশীভূত হৈ কেৱল নিজ সুখৰ কাম-কাজতে নিমগ্ন থকা মানুহজনে দুখৰ উপৰি দুখ হে জীৱনলৈ আদৰি আনিব লগাত পাৰে। কেৱল ব্যক্তিস্বাৰ্থত নিমগ্ন থকা জনৰ হৃদয়ত কদাপি সুখৰ অনুভূতি জাগৃত নহয়। সেয়ে কবিয়ে এনে পন্থাক স্বাৰ্থৰ বাট বুলি অভিহিত কৰিছে। ইয়াৰ বিপৰীতে ব্যক্তিস্বার্থ ত্যাগী নিস্বার্থভাবে আনৰ সুখ-দুখত সমভাগী হৈ আনৰ বাবে খাটিব পৰা লোকৰ হৃদয়তহে সুখানুভূতি জাগৃত হয় আৰু এনে লোকেহে প্রকৃত সুখ লাভ কৰিব পাৰে। কবিয়ে উদ্ধৃত কবিতাংশত ইয়াকে নিস্বাৰ্থৰ বাট বুলি কৈছে। নিস্বাৰ্থৰ বাট কণ্টকহীন। কণ্টকহীন বাটৰ যাত্ৰা মসৃণ। এনে নিস্বাৰ্থৰ বাটক কবিয়ে সেন্দুৰীয়া আলিৰ লগত ৰিজাই এনে বাটত হে সুখ ৰূপ সুগন্ধি কুসুম ফুল ফুলে বুলি আমাক সঁকীয়াই দিছে।

‘খ’-ভাষা-বিষয়ক

১। উদাহৰণটো চাই বাকীকেইটা কৰা:

উদাহৰণ – আপোন – পৰ।

উত্তৰঃ দুখ – সুখ।

স্বাৰ্থ – নিস্বার্থ।

অভাৱ – উভৈনদী।

সন্তোষ – অসন্তোষ।

হাঁহি – কান্দোন।

২। উদাহৰণটো চাই ৰাকীকেইটা কৰা।

উদাহৰণ – সামৰথ – সামর্থ্য।

উত্তৰঃ ধৰম – ধর্ম।

কৰম – কৰ্ম

বিৰিখ – বৃক্ষ।

যতন – যত্ন।

মুকুতি – মুক্তি।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top