Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য | অসমীয়া Class 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য

Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য | অসমীয়া Class 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য can be of great value to excel in the examination.

Join Telegram channel

Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese পাঠ-9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য – সমাধান for All Subject, You can practice these here…

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য

                                – ড°হেমন্ত কুমাৰ শর্মা    

১/ চমু প্রশ্ন উত্তৰ: 

মূল্যাংক:১

(ক) প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?

উত্তৰঃ প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বোলা হয় ।

(খ) বুদ্ধদেৱৰ আচল নাম কি?

উত্তৰঃ বুদ্ধদেৱৰ আচল নাম হ’ল গৌতম ।

(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা কোন?

উত্তৰঃ মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা হ’ল ব্যাসদেৱ ।

(ঘ) কুশান বংশৰ শ্রেষ্ঠ ৰজাজনৰ নাম কি?

উত্তৰঃ কুশান বংশৰ শ্রেষ্ঠ ৰজাজনৰ নাম হ’ল কনিষ্ক ।

(ঙ) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ জৈন ধৰ্মৰ প্ৰৱৰ্তক হ’ল- মহাবীৰ ।

২/ চমু প্ৰশ্ন উত্তৰঃ

মূল্যাংক:- ২/৩

(ক) সুকুমাৰ কলা বুলিলে কি বুজা? চমুকৈ লিখা ।

উত্তৰঃ মানুহৰ জন্মগত প্ৰক্ৰিয়া হৈছে কলা । কলাই কঠোৰ মনোকো কোমল কৰিব পাৰে । কলা মুঠতে ৬৪ বিধ । হ’লেও ৬৪ বিধৰ ভিতৰত ৫ বিধক সুকুমাৰ কলাৰ ভিতৰত ধৰা হয় । যেনে:- সংগীত, কবিতা,স্থাপত্য, ভাস্কৰ্য্য, আৰু চিত্ৰবিদ্যা ।

ভাৰতৰ অনৈক্যৰ মাজত ঐক্য সৃষ্টিৰ মূলতে হ’ল- সুকুমাৰ কলা ।

(খ) কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি?

উত্তৰঃ ভৌগলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম,ভাষা,আচাৰ-ব্যৱহাৰ,কলা-সংস্কৃতি আদি বিষয়ত ভাৰতত বিচিত্ৰতা লক্ষ্য কৰিব পাৰি ।

(গ) আৰ্যসকলে ভাৰতলৈ অহাৰ পাছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বিৰ্ণনা দিয়া ।

উত্তৰঃ আৰ্যসকলৰ পিছতো ভাৰতবৰ্ষলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহৰ সোঁত বৈ আহিছে । আৰ্যসকল অহাৰ বহুবছৰৰ পিছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতবৰ্ষত ৰাজ্য স্থাপন কৰিছিল । সেইসকলৰ ভিতৰত শক, কুশান, পাঠন, মোগল,পর্তুগীজ,ইংৰাজ, ফৰাচী আদিয়েই প্ৰধান ।

(ঘ) ভাৰতৰ বিভিন্নতা অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্য অভ্যাস ভিন ভিন । উদাহৰণস্বৰূপে পূৱ আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত । কিন্তু উত্তৰ , মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান অহাৰ ৰুটি । উত্তৰ দক্ষিণ আৰু পশ্চিম ভাৰতৰ সকলো মানুহেই মাছ- মাংস খায়।

(ঙ) ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ লিখা

উত্তৰঃ ভাৰতৰ বিভিন্নয় অঞ্চলৰ মানুহৰ সাজ-পোছাক বেলেগ – বেলেগ । পূৱ ভাৰতৰ মানুহে  পোন্ধ মাৰি চুৰিয়া পিন্ধে । কিন্তু দক্ষিণ ভাৰতৰ মানুহে পোন্ধ নামাৰি লুঙীৰ দৰে চুৰিয়া পিন্ধে । উত্তৰ ভাৰতত পাইজামাৰ আদৰ বেছি ।

আজিকালি শিক্ষিত সমাজত লং-পেন্টৰ প্ৰচলন বেছি । ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰোতাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়ীদাৰ, পাইজামা পিন্ধে ।

(চ) আৰ্যসকলৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া ।

উত্তৰঃ আৰ্যসকলৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতি হ’ল- শক আৰু মোগল ।

    শক:- যাযাবৰ জাতি বিশেষ । পোনতে ওখ  নদীৰ পাৰত এওঁলোক বাস কৰিছিল । পিছত এই জাতিয়ে যাযাবৰী অভ্যাস এৰি গৃহস্থ বৃত্তি গ্ৰহণ কৰে । তাৰ ভিতৰত কুশান বংশই শ্ৰেষ্ঠ ।  কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক ।

  মোগল:- পাৰস্যৰ পৰা ভাৰতলৈ অহা মোগলসকলে তৰাইনৰ যুদ্ধত পৃথিৰাজ চৌহানক পৰাস্ত কৰি ভাৰতৰ ৰাজ সিংহাসন অধিকাৰ কৰে ।

প্রথম মোগল সম্ৰাট আছিল বাবাৰ । মোগলসকল যুদ্ধ বিদ্যাত যিদৰে পাকৈত আছিল শিল্পতো আগৰণুৱা আছিল । মোগল সম্রাট সহাজাহানে বিখ্যাত স্থাপত্য তাজমহল নিৰ্মান কৰোৱাইছিল । অকবৰ মোগলৰ শ্রেষ্ঠ ৰজা আছিল ।

(ছ) “যিবোৰ বিভিন্ন দিশত ভাৰতত বৈচিত্ৰ আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ হেতু নিৰ্মাণ কৰি দিছে।”- কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা ।

উত্তৰঃ ভাৰতত বিৰাজ কৰা বৈচিত্ৰই দেশখনক এখন বিহুৰঙি সূতাৰ দলিচাৰ দৰে শুৱনি কৰিছে । কিছুমান ক্ষেত্ৰত বিচিত্ৰতাৰ সৃষ্টি হ’লেও সেই বিচিত্ৰতাই আকৌ আন এটা দিশত ঐক্য সৃষ্টিৰ কাৰণ হৈ পৰিছে ।

উদাহৰণস্বৰূপে অসমত বিভিন্ন ধৰ্মৰ লোক আছে যদিও অসমীয়া মাতৃভাষাই তেওঁলোকক একতাৰ ডালেৰে বান্ধিছে । অসমীয়া সিন্ধু এজনৰ ভাষা আৰু আচাৰ-নীতি দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতিৰ লগত নিমিলিলেও ধৰ্মই তেওঁলোকৰ মাজত ঐক্যভাব সৃষ্টি কৰিছে ।

এইদৰে ভিন -ভিন ক্ষেত্ৰত ভিন-ভিন ধৰণেৰে বৈচিত্ৰতাৰ মাজতে ঐক্যৰ সৃষ্টি কৰিছে ।

৩/ চমু প্ৰশ্নৰ উত্তৰ:

  মূল্যাংক:- ২/৩

(ক) “ভাৰতীয় সংস্কৃতি এক সমন্ধয়ৰ বস্তু।” -ভাব বিশ্লেষণ কৰা ।

উত্তৰঃ ভারতীয় সংস্কৃতি সমন্ধয়ৰ ফলস্বৰূপে সৃষ্টি হোৱা এক মহৎ সংস্কৃতি সমন্ধয়ৰ সাধন হৈছে ইতিহাসৰ বিভিন্ন সময়ত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা এই দেশলৈ আহি বসতি স্থাপন কৰা লোকসকল আৰু অতীজৰে পৰা ইয়াত বসবাস কৰি থকা থলুৱা লোকসকলৰ সাংস্কৃতিক উপাদানৰ সংমিশ্ৰণৰ যোগেদি ।

ধৰ্ম,ভাষা, আচাৰ-ব্যৱহাৰ, সাজ-পাৰ, ৰীতি-নীতি আদি সকলোতে সমন্ধয়ৰ গভীৰ প্ৰভাৱ পৰিলক্ষিত হয় । যুগে – যুগে নিজস্ব সাংস্কৃতিক উপাদান লৈ বিভিন্ন জাতি-উপজাতি ভাৰতলৈ আহিছে । কিন্ত সেই জাতিবোৰৰ কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই ।

পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত তেওঁলোক বিহীন হৈ পৰিছে । এইদৰে যুগে যুগে ঘটা সমন্ধয়ৰ ফলতে ভাৰতীয় সংস্কৃতি অৱিছিন্নভাৱে প্ৰৱাহিত হৈ আহিছে ।

(খ) কি কি পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকসকলৰ মাজত এটা সামূহিক মিল আছে ।

উত্তৰঃ ভাষাগত, ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকসকলৰ মাজত সামূহিক মিল আছে ।

(গ) উত্তৰ ভাৰতৰ তিৰোতাসকলে কেনে সাজ-পাৰ পৰিধান কৰে বৰ্ণনা দিয়া ।

উত্তৰঃ সাধাৰণতে ভাৰতীয় তিৰোতাৰ প্রধান সাজ শাৰী । কিন্তু উত্তৰ ভাৰতৰ তিৰোতাই চুৰিদাৰ আৰু পাইজামাও পিন্ধে । অসমীয়া তিৰোতাই মেখেলা-চাদৰ পিন্ধে । ভাৰতৰ উত্তৰ পূৱ অঞ্চলৰ জনজাতীয় মহিলাসকলে নিজ নিজ জনজাতীয় সাজ পৰিধান কৰে ।

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

৪/ চমু টোকা লিখা:

(ক) মহাবীৰ

উত্তৰঃ মহাবীৰ: জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ প্ৰকৃত নাম বৰ্ধমান । উত্তৰ বিহাৰৰ বৈশালি নগৰত জন্ম হয় মহাবীৰৰ । তেওঁ পোনতে গ্ৰাহস্ত জীৱন পালন কৰি সাংসাৰিক কামত ব্ৰতী হয়।

প্ৰায় ত্ৰিশ বছৰ গ্ৰাহস্ত জীৱন-যাপন কৰাৰ পিছত তেওঁ গ্ৰাহস্ত জীৱন ত্যাগ কৰে । তেওঁ বিপদ দমন কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হোৱা কাৰণে মহাবীৰ নাম পায় ।

(খ) সুকুমাৰ কলা কোনবিলাক ?

উত্তৰঃ কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য্য সুকুমাৰ কলা ।

৫/ দীঘল প্ৰশ্নউত্তৰ:

 মূল্যাংক:-৪/৫

(ক) “ভাৰতীয় সংস্কৃতি এক সমন্ধয়ৰ বস্তু।” – তাৎপৰ্য ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰতলৈ যুগ-যুগ ধৰি বিভিন্ন জাতি-উপজাতি স্বকীয় সংস্কৃতি লৈ আহিছে । কোনেও কিন্ত এই স্বকীয়তা ধৰি ৰাখিব পৰা নাই । ভাৰতত চলি থকা বিৰাট সংস্কৃতিত ই বিহীন হ’ল । জাতি,ভাষা, ধৰ্মৰ বিৰাট পাৰ্থক্য থকা স্বত্তেও ভাৰতীয় লোকৰ মাজত থকা মিলটো হ’ল – সাংস্কৃতিক মিল । এই মিলনে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ ।

(খ) ঐক্যসাধনৰ ক্ষেত্ৰত কি কি ভাৰতীয় গ্ৰন্থই সহায় কৰি আহিছে?

উত্তৰঃ ভাৰতৰ প্ৰাচীন কালৰে পৰা আদৰ্শৰ ক্ষেত্ৰত ঐক্য ভাব দেখা যায় । বৈচিত্ৰৰ মাজত ঐক্য হ’ল ভাৰতীয় সংস্কৃতিৰ আধাৰ । প্ৰাচীন কালৰ পৰা মুঠতে কেইখনমান গ্ৰন্থই ভাৰতীয় ঐক্য-সংহতি বজাই ৰখাত বিশেষ সহায় কৰি আহিছে । সেই কেইখন হ’ল- বেদ-উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ,মহাভাৰত আদি ।

(গ) “ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙনিও ওলাই কৰিব নোৱাৰি ।”- তাৎপৰ্য ব্যাখ্যা কৰা ।

উত্তৰঃ বিচিত্ৰতাৰ মাজত একেটা ভাৰতীয় সংস্কৃতিৰ ঘাই বৈশিষ্ট্য । সুকুমাৰ কলা আৰু সংস্কৃতি মানুহৰ জাতীয় অনুভৱৰ প্ৰকাশ । অতীতৰে পৰা বৈচিত্ৰময় দেশ ভাৰতবৰ্ষত ঐক্য স্থাপনৰ সুকুমাৰ কলা আৰু সংস্কৃতিৰয়ে বৰঙণি যোগায় আহিছে । সংগীত, চিত্ৰকলা,কবিতা,স্থাপত্য-ভাস্কৰ্য্য আদিয়েই সুকুমাৰ কলা । আনহাতে ৰীতি-নীতি উৎসৱ পাৰ্ৱণ আদিয়ে সাংস্কৃতিক ধাৰাক প্ৰবাহিত কৰি ৰাখে ।

৬/ সন্ধি ভঙা

অনুষ্ঠান : অনু+স্থান       জনাকীৰ্ণ : জন+একীৰ্ণ

 স্বাধীন  : স্ব +অধীন      জন্মাষ্টমী : জন্ম +অষ্টমী

৭/ প্ৰত্যয় নিৰ্ণয় কৰা

শাৰীৰিক : শৰীৰ+ইক    সামাজিক : সমাজ+ইক

সুকীয়া : সুখ+ঈয়া        ভৌগোলিক : ভূগোল+ইক

ফুলনী : ফুল+অনি        ভাৰতীয় : ভাৰত +ঈয়

ফুলাম : ফুল+আম।      অবিনাশী : অবিনাশ+ঈ

বাল্মীকি  : বল্মীক+ঈ

৮/ সমাৰ্থক শব্দ লিখা

হেতু- কাৰণ                 পৃথিৱী – মেদিনী

গ্ৰন্থ – পুথি                    মাতা – জননী

/ বিপৰীত শব্দ লিখা

পাৰ্থক্য – সাদৃশ্য           ত্যাগ – গ্ৰহণ

বৈচিত্ৰ – ঐক্য              প্ৰাচীন – অৰ্বাচীন

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising