Class 9 Assamese Chapter 13 হনুমন্তৰ লংকা দৰ্শন | অসমীয়া Class 9 হনুমন্তৰ লংকা দৰ্শন

Class 9 Assamese Chapter 13 হনুমন্তৰ লংকা দৰ্শন | অসমীয়া Class 9 হনুমন্তৰ লংকা দৰ্শন, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 9 Assamese Chapter 13 হনুমন্তৰ লংকা দৰ্শন can be of great value to excel in the examination.

Class 9 Assamese Chapter 13 হনুমন্তৰ লংকা দৰ্শন

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 13 হনুমন্তৰ লংকা দৰ্শন for All Subject, You can practice these here…

      হনুমন্তৰ লংকা দৰ্শন

           -মাধৱ কন্দলী

‘ক’— ভাব বিষয়ক

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া।

(ক) মাধৱ কন্দলী কোন্ আছিল?

উত্তৰঃ মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ অৰ্থাৎ প্ৰাক্ বৈষ্ণৱ যুগৰ এগৰাকী শ্রেষ্ঠ কবি আছিল।

(খ) মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?

উত্তৰঃ মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ভাষাৰ ৰামায়ণ মহাকাব্যখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল।

(গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়?

উত্তৰঃ মাধৱ কন্দলীয়ে সম্পূৰ্ণ ৰামায়ণখন অনুবাদ কৰিছিল যদিও বর্তমান আদি আৰু উত্তৰাকাণ্ডৰ বাহিৰে তেওঁৰ ৰচনা কৰা মাজৰ পাঁচটা কাণ্ডহে পোৱা যায়।

(ঘ) মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল?

উত্তৰঃ মাধৱ কন্দলীক শংকৰদেৱে ‘পূৰ্বকবি অপ্রমাদী’ বুলি অভিহিত কৰিছিল।

(ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে?

উত্তৰঃ মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমান সন্নিৱিষ্ট উত্তৰকাণ্ডটো মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল।

(চ) ‘হনুমন্তৰ লঙ্কাদর্শন’ – কাব্যাংশ কোনটো কাণ্ড ৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘হনুমন্তৰ, লঙ্কাদর্শন’ কাব্যাংশ ৰামায়ণৰ ‘সুন্দৰকাণ্ড’ৰ পৰা লোৱা হৈছে।

প্রশ্ন ২। মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবি কেইজনৰ নাম উল্লেখ কৰা।

উত্তৰঃ মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্বযুগৰ কবি কেইজন হল – হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, কবিত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী আদি।

প্রশ্ন ৩। মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক’ৰ ৰজা আছিল?

উত্তৰঃ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূৰ্ব-মধ্যাঞ্চলৰ (নগাঁও) ৰজা আছিল।

প্রশ্ন ৪। তলত দিয়াবোৰৰ টোকা লিখা।

হনুমন্ত, সুগ্ৰীৱ, নীল, অস্ৰাৱতী, কাশ্যপ নন্দন, বিশ্বকর্মা।

উত্তৰঃ (ক) হনুমন্ত – হনুমন্ত হ’ল বায়ুৰ বা পৱনদেৱৰ পুত্ৰ। তেওঁ সৰ্বশাস্ত্র বিশাৰদ আৰু মহাবলী। প্ৰবল ৰামভক্ত। তেওঁৰ মাতৃৰ নাম অঞ্জনা। হনুমন্তই সীতাৰ অন্বেষণত সাগৰ পাৰ হৈ সীতাক লংকাত অভয়বাণী প্ৰদান কৰাৰ লগতে ৰামক সীতাৰ সম্ভেদ দিছিল ৰাম-ৰাৱণৰ যুদ্ধতো মুখ্য ভূমিকা লৈ সীতাক উদ্ধাৰ কৰি অনাত ৰামক সহায় কৰি হনুমন্তই ৰামভক্তিৰ পৰিচয় দিছিল।

(খ) সুগ্ৰীৱ – সুগ্ৰীৱ আছিল কিষ্কিন্ধ্যাৰ বানৰ সকলৰ ৰজা। ৰামে সীতা উদ্ধাৰৰ বাবে সুগ্ৰীৱৰ সহায় বিচাৰিছিল। ৰামৰ মিত্ৰ সুগ্ৰীৱৰ সহায়ত বানৰসেনা সহিতে ৰামে সাগৰত সেতু বান্ধি লংকাত উপস্থিত হৈ ৰাৱণক যুদ্ধত পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিল। ৰামে বানৰ ৰজা বালিক বধ কৰি তেওঁৰ ভ্ৰাতৃ সুগ্ৰীৱক বানৰবিলাকৰ ৰজা পাতিছিল।

(গ) নীল – নীল এগৰাকী বানৰ বীৰ। তেওঁ অংগদ, সুগ্ৰীৱ আৰু হনুমন্তৰ দৰে সমুদ্ৰ অতিক্ৰম কৰিব পৰা বীৰ। এইজনা পৰাক্ৰমী সেনাপতি বীৰেও সীতা উদ্ধাৰত ৰামক সহায় কৰিছিল।

(ঘ) অম্ৰাৱতী – অম্ৰাৱতী হ’ল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী ৷ ইয়াক দেৱপুৰীও বোলা হয়। এই নগৰ ঐশ্বৰ্য-বিভূতিৰে পৰিপূৰ্ণ, ফুল-ফলেৰে জাতিষ্কাৰ। স্বৰ্গৰ নিৰ্মাণ কৰ্মৰ দেৱতা বিশ্বকর্মাই অতি বিতোপন তথা অপৰূপ ৰূপত এই নগৰখন নিৰ্মাণ কৰিছিল।

(ঙ) কাশ্যপ-নন্দন – কাশ্যপ নন্দন সূর্য দেৱতাৰ নাম। ৰামায়ণ আৰু দুই-এখন পুৰাণ শাস্ত্রমতে সূর্যদেৱতা ঋষি কাশ্যপ আৰু অদিতিৰ পুত্ৰ হেতু তেওঁক কাশ্যপ-নন্দন নামেৰেও জনা যায়।

(চ) বিশ্বকর্মা – বিশ্বকৰ্মা নিৰ্মাণ শিল্পৰ দেৱতা। স্বৰ্গৰ ৰাজধানী ইন্দ্ৰপুৰীৰ নির্মাণ কার্য এইজনা সম্পন্ন কৰিছিল। এওঁক শ্রেষ্ঠ নির্মাতা বা শিল্পীৰূপে গণ্য কৰি তেওঁৰ পূজা-অৰ্চনা কৰা হয়।

প্রশ্ন ৫। লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই কি কি ফল-ফুলৰ গছ দেখিবলৈ পাইছিল?

উত্তৰঃ সুবেল বা ত্রিকূটগিৰি শৃংগত অৱতৰণ কৰা হনুমন্তই তাৰ পৰাই লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে দেখা বন-বননিৰ ফল-ফুলৰ গছ-গছনিবোৰ হল– সৰল, পিয়াল, খৰ, নিখৰ, খর্জুৰ, শাল, তাল, তমাল, গমাৰি, অশ্বত্থ, কপিত্থ, বট, নাৰংগ, বদৰ তেন্তেলি, কণ্টকী, আম, জাম, নাগেশ্বৰ, খাজুৰি, হাৰিঠা, আমলখি, ডহাফল, গুৱা, ছাতিয়াল, নাৰিকল, শ্রীফল, সলংগা, মহৰি, কমলা টেঙা, কৰ্দ্দৈ, আমৰা, আদি ফল-মূল আৰু গছ-গছনিৰ লগতে বিবিধ ফুল, যেনে— কদম্ব, গুলঞ্চি, গুটিমালি, পাৰিজাত, সেউতি, মালতী আদি গছ দেখিবলৈ পাইছিল।

প্রশ্ন ৬। হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল?

উত্তৰঃ হনুমন্তই নিজৰ বৃহৎ শৰীৰটো বিৰাল (মেকুৰী) সদৃশ সংকুচিত কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল।

তেওঁ সেই ৰূপ ধৰাৰ কাৰণ এয়ে যে, যদি হনুমন্তই তেওঁৰ বিৰাটাকায় দেহটোৰে লংকা নগৰীত প্ৰৱেশ কৰে তেনেহলে তেওঁক ৰাক্ষসগণে দেখা পাব আৰু শত্ৰুৰূপে আগুৰি ধৰি তেওঁৰ প্ৰাণনাশৰ চেষ্টা চলাব বুলি বিবেচনা কৰিয়েই তেওঁ নিজ ৰূপ সন্ধই লংকা নগৰীত প্ৰৱেশ কৰিছিল।

প্রশ্ন ৭। হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বর্ণনা দিয়া।

উত্তৰঃ হনুমন্তই গধূলি পৰত নিজৰ দেহৰ কলেৱৰ মেকুৰী এটাৰ সমান সংকুচিত কৰি প্ৰাচীৰৰ ওপৰত উঠি লংকাৰ গধূলিৰ ৰূপ দেখা পালে। হনুমন্তই দেখা মতে লংকা নগৰী স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীৰ দৰে সমুজ্জ্বল। যেন বিশ্বকর্মাইহে এই অপূর্ব নগৰীখন নিৰ্মাণ কৰিছে। নগৰীখন আৱৰি থকা চৌদিশৰ গড়ো যেন সোণেৰে নিৰ্মিত, যি গড়ে জলমলাই নগৰীখন সুৰক্ষিত কৰি ৰাখিছে। নগৰীখনৰ ভিতৰতো ঠায়ে ঠায়ে সুৱৰ্ণ মাণিক জ্বলি নগৰীখনক জকমকাই তুলিছে। গোটেই নগৰখনেই গড়েৰে বিভিন্ন সুৰক্ষিত দেৱালেৰে এনেভাৱে আবৃত যে তাত প্ৰৱেশ কৰা সাধাৰণ লোকৰ বাবেই যে অসাধ্য এনে নহয়, পৰাক্ৰমী দেৱতা বা অসুৰৰ পক্ষেও সেয়া অসম্ভৱ কাম। এনেদৰেই হনুমন্তই গধূলিৰ লংকা নগৰীৰ ৰূপৰ এটি বর্ণনা দিছে।

প্রশ্ন ৮। সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল?

উত্তৰঃ সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ নিৰাশ ভাব আহিছিল। তেওঁৰ মনত খেলোৱা ভাব মতে লংকাৰ দৰে চাৰিওফালে সুদৃঢ় গড়েৰে সুৰক্ষিত নগৰী এখনত বান্দৰৰ কথা বাদেই যাওক, দেৱতা বা অসুৰৰ পক্ষেও তাত প্ৰৱেশ কৰাটো সম্ভৱ নহয়। অংগদ, সুগ্ৰীৱ, নীল আৰু হনুমন্তই নিজে সমুদ্র লংঘিব পাৰে যদিও, আন বানৰ সকলৰ পক্ষে সেয়া কদাপিও সম্ভৱ নহয়। গতিকে এনে দুর্গম ঠাইলৈ তেওঁ যি উদ্দেশ্যে আহিছে সেই উদ্দেশ্য পূৰণ কৰিব পৰাটো এটা টান কাম হ’ব বুলি হনুমন্ত ভীষণ চিন্তাত পৰিছে।

প্রশ্ন ৯। সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল?

উত্তৰঃ সুবেল-শৃংগত বহি হনুমন্তই লংকা নগৰীলৈ দৃষ্টিপাত কৰি চিন্তাত পৰিছিল। তেওঁক লংকা নগৰীৰ অপৰূপ ৰূপে মোহিত কৰি পেলাইছিল। তেওঁ মনতে ভাবিছিল যে, লংকা নগৰী যেন সমুদ্ৰৰ মাজত থকা স্বৰ্গৰ ইন্দ্ৰপুৰীহে। এনেহেন লংকা নগৰীত কিদৰে তেওঁ প্ৰৱেশ কৰিব তাকে লৈ হনুমন্ত মহা চিন্তাত পৰিল। কোটি যোৰ্জন সমুদ্র অতিক্ৰম কৰোঁতে তেওঁৰ মনত কোনো শংকাৰ উদ্রেক ঘটা নাছিল যদিও এতিয়া লংকা নগৰী দেখি তাত প্ৰৱেশ কৰিবলৈ তেওঁৰ মনত শংকা জন্মিছে। এনে চিন্তাযুক্ত মনেৰে তেওঁ লংকা নগৰীলৈ চাই শেষত সিদ্ধান্ত কৰিলে যে যিকোনো উপায়েই নহওঁক কিয় তেওঁ ৰামৰ কাৰ্য সাধিবৰ বাবেই ইয়ালৈ আহিছে যেতিয়া এতিয়া তাৰহে চেষ্টা কৰিব। এই বুলি মনতে গুণি দিনৰ ভাগতে লংকা নগৰীখন চাই লোৱাৰ সিদ্ধান্ত কৰিলে।

প্রশ্ন ১০। ‘হনুমন্তৰ লঙ্কাদৰ্শন’ কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা।

উত্তৰঃ মূলকথা – ‘হনুমন্তৰ লঙ্কাদৰ্শন’ কবিতা অংশ মূল ৰামায়ণৰ সুন্দৰকাণ্ডৰ ঘাইকৈ দ্বিতীয় সৰ্গৰ আধাৰত অনুবাদ কৰা। এই অংশটোত কবিয়ে মূল বিষয়বস্তুৰ স্থানীয়ভাৱে চমু ৰূপত সংযোজন ঘটাইছে। পাঠত সন্নিৱিষ্ট অংশটোত সীতাৰ অন্বেষণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্ৰিকূটগিৰি পৰ্বতত নামিছে। এই ত্ৰিকূটগিৰি শৃংগৰ পৰাই ৰাৱণৰ লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে হনুমানৰ দৃষ্টিগোচৰ হোৱা ঘটনাৰ বিৱৰণেই হ’ল ‘হনুমন্তৰ লঙ্কাদৰ্শন’ৰ মূল বিষয়বস্তু।

ত্ৰিকূট পৰ্বতৰ ওপৰত ৰাৱণৰ ৰমকজমক লংকা নগৰী। এই নগৰীৰ চাৰিওদিশ সুদৃঢ় প্ৰাচীৰে আবৃত। এই নগৰী এনে বিতোপন আৰু সুসংৰক্ষিত যে ই ইন্দ্ৰৰ অমৰাৱতী নগৰীতকৈ কোনো গুণে কম নহয়। লংকা নগৰীৰ মনোমোহা উদ্যান, গগনচুম্বী অট্টালিকা, গড়-প্ৰাচীৰ আদিৰে সুৰক্ষিত নগৰী দেখি হনুমান, মুগ্ধ হৈছে। তেওঁৰ মনত নামভাৱৰ হেন্দোলনিয়ে থৌকি বাথৌ লগাইছে। অপাৰ ঐশ্বর্য-বিভূতিৰে পূৰ্ণ লংকা নগৰীৰ সকলোতে সোণ-ৰূপ মণি মাণিক্যৰ পয়োভৰ। প্রশস্ত সুশোভিত বাট-পথ, নানা ধৰণৰ ফল-ফুলেৰে পৰিপূৰ্ণ উদ্যান, বিভিন্ন চৰাই-চিৰিকতিৰ কলৰৱেৰে মুখৰিত আৰু বিবিধ ফুলেৰে জাতিষ্কাৰ নগৰীখনত অহৰহ বৈ থকা সাগৰীয় মৃদু মধুৰ শীতল বতাহে এই নগৰীক অমৰাৱতী সদৃশ অপৰূপ তথা মনোমুগ্ধকৰ কৰি তুলিছে ইয়াক বিশ্বকৰ্মাৰ অপূৰ্ব সৃষ্টি বুলি কবিয়ে অভিহিত কৰিছে। দিনৰ সূৰ্যৰ পোহৰে এই নগৰীক যিদৰে অনন্যৰূপৰ জলমলাই তোলে ঠিক তেনেদৰে গধূলি বেলিকাও ‘বিবিধ বস্তিৰ পোহৰে এই নগৰীক মায়াবী ৰূপত জিলিকাই তোলে। এনেদৰেই হনুমানে ত্রিকূট পৰ্বতত বহি লংকাৰ ৰূপৰ বৰ্ণনা কৰিছে।

‘খ’—ভাষা বিষয়ক

প্রশ্ন ১১। তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা।

উত্তৰঃ কণ্টকি – কাঁইটীয়া গছ।

তহিতে—তাত।

ছাতিয়াল—ছাতিয়ন গছ।

দেখিলন্ত – দেখিলে।

প্রশ্ন ১২। সমার্থক শব্দ লিখা।

উত্তৰঃ গগন—আকাশ। 

বিৰাল—মেকুৰী।

সমুদ্র—সাগৰ।

পৱন বায়ু।

গড়—প্ৰাচীৰ।

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

অতিৰিক্ত প্রশ্নোত্তৰঃ

প্রশ্ন ১। অতি-চমু প্ৰশ্নৰ উত্তৰঃ

(ক) মাধৱ কন্দলীকঁ শংকৰদেৱে কি আখ্যা দিছিল ?

উত্তৰঃ মাধৱ কন্দলীক শংকৰদেৱে ‘পূর্বকবি অপ্রমাদী’ বুলি আখ্যা দিছিল।

(খ) মাধৱ কন্দলী কোন শতিকাৰ কবি?

উত্তৰঃ মাধৱ কন্দলী চতুৰ্দ্দশ শতিকাৰ কবি।

(গ) হনুমন্তৰ লঙ্কা দৰ্শন’ কাব্যাংশ কোন কবিৰ ৰচনা?

উত্তৰঃ মাধৱ কন্দলীৰ ৰচনা।

(ঘ) পৱন নন্দন মানে কি?

উত্তৰঃ পৱন নন্দন মানে বায়ু বা পৱন দেৱতাৰ পুত্র হনুমান।

(ঙ) ‘যোজন’ শব্দই কি বুজায়?

উত্তৰঃ ‘যোজন’ শব্দই আঠ মাইল দৈৰ্ঘ্যক বুজায়।

(চ) মাধৱ কন্দলীয়ে কোন ৰজাৰ অনুৰোধত সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল।

উত্তৰঃ বৰাহী ৰজা শ্ৰীমহামাণিক্যৰ অনুৰোধত মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ ৰচনা কৰিছিল।

(ছ) কাশ্যপ নন্দন বুলি কাক বুজোৱা হৈছে?

উত্তৰঃ কাশ্যপ নন্দন বুলি কাশ্যপ আৰু অদিতিৰ পুত্ৰ সূৰ্য দেৱতাক বুজোৱা হৈছে।

(জ) নীল কোন?

উত্তৰঃ নীল বানৰ সকলৰ ৰজা সুগ্ৰীৱৰ এজন সেনাপতি।

(ঝ) ‘হনুমন্তৰ লঙ্কা দর্শন’ কাব্যাংশত থকা দুবিধ ফলৰ নাম কোৱা।

উত্তৰঃ বদৰ (বগৰী), সলংগা (এবিধ অতি টেঙা ফল)।

(ঞ) অংগদ কোন আছিল?

উত্তৰঃ কিষ্কিন্ধ্যাৰ বানৰ ৰাজ বালীৰ পুত্ৰ আছিল অঙ্গদ।

প্রশ্ন ২। ‘তৰিলন্ত সাগৰ নভৈল কিছু শংকা,সুবেলত বসিয়া বীৰে দেখিলন্ত লংকা।”

 —বাক্যাংশত প্ৰকাশ পোৱা ভাৰখিনি বুজাই দিয়া।

উত্তৰঃ পৱনপুত্ৰ হনুমন্ত এজন মহাবীৰ। তেওঁ দুর্দান্ত সাহসী আৰু শক্তিমন্ত। তেওঁ যোজন যোজন বিয়পি থকা বিশাল সাগৰো পাৰ হ’বলৈ মুঠেও ভয় নকৰে বা এই বিষয়লৈ তেওঁৰ মনত কোনো ভয়ব উদ্রেক নহয়। কিন্তু এনে দুঃসাহসী বীৰ হনুমন্তই সুবেল পর্বতত বহি চৌদিশে সুদৃঢ় প্রাচীৰেৰে আবৃত আৰু সকলো দিশৰপৰা, দেৱতা নাইবা অসুৰৰ পক্ষেও নগৰীত প্ৰৱেশ কৰিব নোৱাৰাকৈ সুৰক্ষিত লংকা নগৰীত কিদৰে প্ৰৱেশ কৰিব তাকে লৈ হনুমন্তৰ মনোজগতত ওপজা শংকা তথা দ্বিধাৰ কথা উল্লিখিত কাব্যাংশত প্ৰকাশ পাইছে।

প্রশ্ন ৩। হনুমন্তই কি কাৰণে লংকা দৰ্শন কৰিব লগা হৈছিল চমুকৈ লিখা।

উত্তৰঃ পিতৃ সত্য পালনার্থে অযোধ্যাৰ ৰাজকোঁৱৰ তথা ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামচন্দ্ৰই বনবাসলৈ যাবলগা হৈছিল। ৰামৰ এই বনবাস যাত্ৰাত তেওঁৰ প্ৰিয় পত্নী সীতা আৰু প্ৰিয় ভ্ৰাতৃ লক্ষ্মণও সংগী হৈছিল। এই বনবাস যাত্ৰাত তেওঁলোকে পঞ্চৱটী বনত বনবাসত থাকোতে এদিনাখন লংকাৰ মহাপৰাক্ৰমী ৰজা ৰাৱণে ৰাম-লক্ষ্মণৰ অনুপস্থিতিত বনৰ পৰ্ণকুটীৰৰ পৰা সীতাক হৰণ কৰি লংকালৈ লৈ যায়। কুটীৰলৈ উভতি আহি ৰাম-লক্ষ্মণে সীতাক কুটীৰত নীপাই বিচাৰ-খোচাৰ কৰোতে জটায়ুৰ পৰা ৰাৱণে সীতাক হৰণ কৰি লৈ যোৱাৰ কথা জানিব পাৰি সীতা উদ্ধাৰৰ অভিযানত অবতীর্ণ হয়। লংকা হ’ল পঞ্চৱটী বনৰ পৰা যোজন যোজন দূৰত্বত থকা সমুদ্র বেষ্টিত দুৰ্গম নগৰী। তালৈ যোৱা সহজসাধ্য নহয়। সেয়ে লংকা নগৰীত সীতা ক’ত, কেনেকৈ আছে তাৰ সবিশেষ তথ্য উদ্ঘাটন কৰিবৰ বাবেই ৰামৰ অনুৰোধত হনুমন্তই লংকালৈ যাব লগা হৈছিল। ৰামে ভালদৰেই বুজিছিল যে হনুমন্তৰ দৰে সাগৰ-পৰ্বত হেলাৰঙে অতিক্ৰম কৰিব পৰা প্ৰবল পৰাক্ৰমী বীৰ হনুমন্তৰ বাহিৰে এই কাম আন কোনোৱে কৰিব নোৱাৰে। সেয়েহে ৰামে এই কামৰ দায়িত্ব হনুমন্তৰ ওপৰত অৰ্পণ কৰিছিল আৰু ৰামৰ পৰম ভক্ত হনুমন্তই ৰামৰ এই কাৰ্য সাধিবলৈ লংকা দৰ্শন কৰিবলৈ ধাৱমান হৈছিল।

প্রশ্ন ৪। ‘ইসব শৰীৰে যেবে পেষওঁ নগৰ।

ৰাক্ষসে বান্ধিয়া ফুৰাইবে ঘৰে ঘৰ।।’

             —কাব্যাংশত প্রকাশ পোৱা কথাখিনিৰ বক্তা কোন? বক্তাই কিয় তেনেদৰে ভাবিছিল বুজাই দিয়া।

উত্তৰঃ কাব্যাংশত প্ৰকাশ পোৱা কথাখিনিৰ বক্তা হনুমন্ত। হনুমন্তই ৰামৰ অনুৰোধ মতে সীতাৰ অন্বেষণত সমুদ্র অতিক্ৰমি লংকা নগৰীত অৱস্থিত সুবেল পৰ্বতৰ শৃংগত উপস্থিত হৈছে। এই শৃংগত বহিয়েই ৰাৱণৰ ৰাজধানী লংকা নগৰীলৈ চাই নগৰীখনৰ সুৰক্ষাৰ ব্যৱস্থাই হনুমন্তক তাত কিদৰে প্ৰৱেশ কৰিব এই বিষয়ত মহা চিন্তাত পেলাইছে। হনুমন্তই চিন্তা কৰি চাইছে যে, তেওঁ যদি স্ব-শৰীৰে নগৰীত প্ৰৱেশ কৰে তেনেহলে তেওঁক লংকাৰ ৰাক্ষসগণে সহজে। আন ঠাইৰ পৰা অহা বিদেশী বুলি চিনাক্ত কৰিব পাৰিব আৰু পৰিণতি স্বৰূপে ৰাক্ষসবোৰে ধৰি-বান্ধি নানা শাস্তি দি ঘৰে ঘৰে লৈ ফুৰি তেওঁক নানা দুৰ্গতিৰ সন্মুখীন কৰাব আৰু তেতিয়া তেওঁৰ লংকালৈ অহাৰ উদ্দেশ্যও পূৰণ নহ’ব। সেইবাবে হনুমন্তই তেওঁৰ দেহৰ কলেৱৰ হ্ৰাস কৰি বিৰাল বা মেকুৰী সদৃশ ক্ষুদ্র ৰূপ ধাৰণ কৰি লংকা নগৰীত প্ৰৱেশ কৰাৰ কথা চিন্তা কৰিছে। এই ভাবখিনিয়ে উল্লিখিত কাব্যাংশত বক্তাৰ বক্তব্যত ফুটি উঠিছে।

প্রশ্ন ৫। হনুমন্তৰ লংকা দৰ্শনত প্ৰকাশ পোৱা ধৰণে লংকা নগৰীৰ সুৰক্ষা ব্যৱস্থা সম্পর্কে তোমাৰ ধাৰণা ব্যক্ত কৰা।

উত্তৰঃ ৰামৰ অনুৰোধ মৰ্মে সীতা অন্বেষণত লংকাত উপস্থিত হোৱা হনুমন্তই লংকা নগৰীত অৱস্থিত সুবেল পৰ্বতৰ শৃংগত উপবিষ্ট হৈ তাৰ পৰাই লংকা নগৰীখন প্ৰথমতে দৰ্শন কৰিছে। এই দৰ্শনত হনুমন্তই লংকা নগৰীত প্ৰৱেশৰ উপায় বিচাৰি ঘাইকৈ নগৰখনৰ সুৰক্ষাৰ দিশটো ভালদৰে নিৰীক্ষণ কৰি লৈছে। এই ক্ষেত্ৰত হনুমন্তই নগৰীখনৰ সুৰক্ষা সম্পর্কে কোৱা কথাখিনিৰ পৰা বুজিব পাৰি যে লংকা নগৰীখন চাৰিওফালে লংঘন-অসাধ্য সুদৃঢ় গড়েৰে আবৃত। এই চৌপাশৰ গড়সমূহ এনেভাৱে নিৰ্মাণ কৰা হৈছে যে তাত বাহিৰৰ লোকৰ পক্ষে প্ৰৱেশ কৰা অসম্ভৱ প্ৰায়৷ তদুপৰি গড়ৰ ভিতৰত থকা নগৰখনৰ ঠায়ে ঠায়ে থকা বাট-পথো নানাভাৱে সৈন্য-সামন্ত ৰাখি এনেভাৱে সুৰক্ষিত কৰি ৰাখিছে যে মানুহ বা বানৰৰ কথা বাদেই, দেৱতা তথা পৰাক্ৰমী অসুৰৰ বাবেও নগৰীখনত প্ৰৱেশ কৰা অতি দুরূহ কাম। হনুমন্তই দিয়া এনে ধৰণৰ বৰ্ণনাৰ পৰা সহজে অনুমেয় যে লংকা নগৰী এখনি অতি সুৰক্ষিত নগৰ আৰু তাত বাহিৰৰ লোকে প্ৰৱেশ কৰিব নোৱাৰে।

প্রশ্ন ৬। তলৰ শব্দবোৰ ‘ক’ অংশৰ লগত ‘খ’ অংশৰ অৰ্থ অনুযায়ী মিলাই লিখা

‘ক’ অংশ‘খ’ অংশ
১। বিবাল১। নিৰ্মাণ দেৱতা
২। বগৰী গছ২। সেনাপতি
৩। অংগদ৩। বদৰ
৪। নীল৪। মেকুৰী
৫। বিশ্বকর্মা৫। বালীপুত্র

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
১। বিবাল১। মেকুৰী
২। বগৰী গছ২। বদৰ
৩। অংগদ৩। বালীপুত্র
৪। নীল৪। সেনাপতি
৫। বিশ্বকর্মা৫। নির্মাণ দেৱতা

1 thought on “Class 9 Assamese Chapter 13 হনুমন্তৰ লংকা দৰ্শন | অসমীয়া Class 9 হনুমন্তৰ লংকা দৰ্শন”

  1. Please check the answers before posting. Some answers are nicely written but some are super dumb. So I would like to suggest the students to write there answers by own.

    – Thank You !

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top