Class 9 Assamese Chapter 16 সন্মান

Class 9 Assamese Chapter 16 সন্মান Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 16 সন্মান Solutions and select need one. Class 9 Assamese Chapter 16 সন্মান Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 16 সন্মান

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 16

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’— ভাব-বিষয়ক

১। অতি চমু উত্তৰ দিয়া।

(ক) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে?

উত্তৰঃ অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ আচৰণ কৰে।

(খ) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে?

উত্তৰঃ ছাতৰে শিক্ষকৰ ধাৰ শুজিব নোৱাৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) ‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ — ‘তেওঁ’ কোন?

উত্তৰঃ ‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ — ইয়াত ‘তেওঁ’ বুলি ইশ্বৰক বুজোৱা হৈছে।

(ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল।

(ঙ) ‘হেমকোষ’ কি?

উত্তৰঃ হেমকোষ হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাৰ দশমতম অভিধান।

(চ) ‘কানীয়া কীৰ্তন’ৰ ৰচক কোন?

উত্তৰঃ ‘কানীয়া কীৰ্তন’ৰ ৰচক হেমচন্দ্ৰ বৰুৱা।

২। ‘ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়’ — কথাষাৰ বুজাই লিখা।

উত্তৰঃ ঈশ্বৰ সকলোৰে স্ৰষ্টা আৰু পালন কর্তা হিচাপে আমাৰ সৰ্বপ্ৰথম শ্রদ্ধা আৰু সন্মানৰ পাত্ৰ আৰু ঈশ্বৰৰ পাচতে পিতৃ-মাতৃয়ে হ’ল আমাৰ শ্ৰদ্ধাৰ আৰু সন্মানৰ পাত্র-পাত্রী। পিতৃ-মাতৃয়ে আমাক জন্ম দিয়াৰ লগতে নানা-দুখযন্ত্রণা সহ্য কৰি আমাক ডাঙৰ-দীঘল কৰে। নিজে-নাখাই আমাক খুৱাই আনন্দ লভে, আমাৰ দুখ-কষ্ট দেখিলেই শোকত ভাগি পৰে আৰু দুখ-কষ্ট নিবাৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি দুখ কষ্ট লাঘৱ কৰে। পিতৃ-মাতৃৰ চেষ্টাৰ বলতে আমি বিদ্যা লাভ কৰোঁ। আমাক ধনী, মানী, গুণী, জ্ঞানী ৰূপত চাবলৈ তেওঁলোকৰ হেঁপাহৰ আদি-অন্ত নাই। আমাৰ সুখত তেওঁলোক সবাতোকৈ সুখী হয়, একেদৰে আমাৰ দুখতো তেওঁলোকেই আটাইতকৈ বেছি দুখ অনুভৱ কৰে। সেয়ে আমি পিতৃ-মাতৃৰ আদেশ বা আজ্ঞা সততে মানি চলিব লাগে আৰু তেওঁলোকে দুখ পোৱা কাৰ্যৰ পৰা নিজক আতঁৰাই ৰাখিব লাগে। বুঢ়া কালত তেওঁলোকক সেৱা-শুশ্রূষা কৰাৰ লগতে এধানমান দুখকষ্ট নোপোৱাকৈ পোহপাল দি তেওঁলোকক সুখত ৰাখিবৰ বাবে চেষ্টা কৰিব লাগে।

৩। শিক্ষকৰ প্ৰতি ছাত্ৰই মান-সৎকাৰ কিয় ৰাখিব লাগে?

উত্তৰঃ কণা মানুহক চকু দিয়া জনে কণামানুহৰ বাবে পৰম হিতকাৰী আৰু কণাৰ বাবে তেওঁ পৰম শ্ৰদ্ধাৰ পাত্ৰ। একেদৰে অজ্ঞানতাৰ অন্ধকাৰত ডুবি থকা ছাত্ৰৰ জ্ঞান চকু শিক্ষকেই মুকলি কৰি দিয়ে। শিক্ষকে অশেষ যত্নেৰে ছাত্ৰক জীৱনৰ বাবে লাগতিয়াল সকলো প্ৰকাৰৰ শিক্ষা প্ৰদান কৰি ছাত্ৰক একো একোজন জীৱন যুঁজৰ পৈণত সৈনিক ৰূপে গঢ়ি তোলে। শিক্ষকে হ’ল ছাত্ৰক মানুহ হিচাপে গঢ়ি তোলা ঘাই কাৰিকৰ। শিক্ষকৰ পৰা আহৰণ কৰা জ্ঞান ভাণ্ডাৰক আশ্ৰয় কৰিয়েই ছাত্ৰ এজন মানুহ হিচাপে গুণী-জ্ঞানী, ধনী-মানী আৰু যশস্বী হয়। শিক্ষকৰ পৰা লাভ কৰা জ্ঞানৰ ঋণ ছাত্ৰই জীৱনত কোনোদিন শুজিব নোৱাৰে। সেয়ে ছাত্ৰই জীৱনৰ সকলো সময়তে শিক্ষকৰ প্ৰতি শ্ৰদ্ধা-ভক্তি তথা সন্মান অটুট ৰাখিব লাগে। ছাত্ৰৰ পৰা লাভ কৰা শ্ৰদ্ধা-ভক্তিয়ে শিক্ষকৰ জীৱন সুখৰূপী আনন্দৰে পৰিপূৰ্ণ কৰি তোলে আৰু তেওঁলোকে জীৱনত সাৰ্থকতা লাভ কৰা বুলি বিবেচনা কৰে। শ্রদ্ধাভক্তিৰ বাহিৰে শিক্ষকে ছাত্ৰৰ পৰা ধন-সম্পদ কোনোদিন নিবিচাৰে। ছাত্ৰৰ শ্ৰদ্ধা-ভক্তিকেই তেওঁলোকে জীৱনৰ পৰম সম্পদ বুলি গণ্য কৰে। সেয়ে আমি আমাৰ জ্ঞান চকু মুকলি কৰি দি শিক্ষকৰ প্রতি সদায় শ্রদ্ধা-ভক্তি আৰু সন্মান প্ৰদৰ্শন কৰিব লাগে।

৪। ‘সন্মান’ পাঠটোৰ পৰা কি কি শিকিলা, চমুকৈ লিখা।

উত্তৰঃ মানৱ জীৱনৰ উদ্‌গতিৰ বাবে অতী প্ৰয়োজনীয় তথ্য সমৃদ্ধ ‘সন্মান’ পাঠটিৰ পৰা বহুতখিনি শিকিবলগীয়া কথা আছে। ‘সন্মান’ শব্দৰ সৰল অৰ্থ শ্ৰদ্ধা বা ভক্তি। পাঠটোত ‘সন্মান’ শব্দটোৱে ব্যাপকতা লাভ কৰি গুণ, পদমর্যাদা, জ্যেষ্ঠতা আদিৰ ভিত্তিত লাভ কৰা শ্ৰদ্ধা বা সমাদৰক বুজাইছে। সহজকৈ ক’বলৈ হ’লে এজনে আনজনৰ প্ৰতি প্ৰদৰ্শন কৰা শ্ৰদ্ধা বা সমাদৰৰ নামেই হ’ল সন্মান। সমাজ এটাক সুশৃংখল ৰূপত ধৰি ৰাখিবলৈ হ’লে প্রত্যেকে প্রত্যেকৰ প্ৰতি সন্মান তথা সমাদৰ প্ৰদৰ্শন কৰিবই লাগিব। আনক সন্মান কৰিব পৰাটো মানুহৰ মহানতাৰ পৰিচয় ৷ প্ৰথমতে, ঈশ্বৰ হ’ল সকলোৰে স্ৰষ্টা আৰু পালনকর্তা। ঈশ্বৰে সৃষ্টি কৰা বাবেই আমি বিশ্ব ব্ৰহ্মাণ্ডৰ বিনন্দীয়া ৰূপ দৰ্শন কৰিবলৈ সক্ষম হৈছোঁ। সেয়ে প্ৰথমতে আমি ঈশ্বৰৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ঈশ্বৰৰ প্ৰতি সততে সন্মান প্ৰদৰ্শন কৰিব লাগে।

দ্বিতীয়তে, পিতৃ-মাতৃৰ পৰা জন্ম লাভ কৰি আমি জীৱন লাভ কৰিছোঁ। সেই জন্মৰ দিন ধৰি পিতৃ-মাতৃয়ে আমাক অশেষ কষ্টেৰে ডাঙৰ-দীঘল কৰি, আমাক শিক্ষা-দীক্ষাৰে মানুহ কৰি সততে আমাৰ দুখত দুখী আৰু আমাৰ সুখত সুখী হৈ ওৰে জীৱন আমাৰ মংগল কামনা কৰে। তেওঁলোকে আমাক ধনী-মানী, গুণী-জ্ঞানী ৰূপত সুপ্রতিষ্ঠিত হোৱাটো বিচাৰে। এই হেন পিতৃ-মাতৃৰ প্ৰতি আমি দায়বদ্ধ হৈ তেওঁলোকক বুঢ়া কালত সেৱা সুশ্রূষা কৰি সদায় সুখত ৰখাৰ চেষ্টা কৰিব লাগে আৰু যথোচিত সন্মান আৰু ভক্তি কৰিব লাগে। শিক্ষাগুৰু সকলে আমাৰ জ্ঞান চকু মোকলাই দি জগতখনক চিনাকি কৰি দি আমাক গুণী, জ্ঞানী, যশস্বী হোৱাত সহায় কৰে। এনে শিক্ষাগুৰুৰ ঋণ কোনেও শুজিব নোৱাৰে। এনে শিক্ষকৰ প্ৰতি আমি সর্বদা শ্ৰদ্ধাৱনত হৈ থাকিব লাগে। দেশৰ শাসনকর্তা সকলে দেশক অৰাজ। হোৱাৰ পৰা ৰক্ষা কৰাৰ লগতে আমাৰ ধন-সম্পদ আৰু প্ৰাণ ৰক্ষা কৰে। এই সকলৰ প্ৰতিও আমি সন্মান প্ৰদৰ্শন কৰিব লাগে। লগতে বুঢ়া-মেথা আৰু আমাতকৈ জ্যেষ্ঠ সকলৰ প্ৰতিও আমি সন্মান অটুট ৰাখিব লাগে। আনক সন্মান কৰিব নজনা জনে নিজকো সন্মান কৰিব নাজানে। আনহাতে, আনক সন্মান কৰাজনহে নিজেও সন্মানিত হয়। সফল জীৱনৰ বাবে অতীৱ প্রয়োজনীয় ভালেমান সজকথা ‘সন্মান’ পাঠটোৰ পৰা শিকিবলগীয়া, অনুশীলন কৰিবলগীয়া আছে।

‘খ’—ভাষা-বিষয়ক

১। তলৰ শব্দবোৰৰ সমার্থক শব্দ লিখা।

নৰিয়া; জগত; লোতক; চকু; হেতু; মান।

উত্তৰঃ নৰিয়া – ৰোগ।

জগত – বিশ্ব।

লোতক – অশ্ৰু।

চকু – নয়ন।

হেতু – কাৰণ।

মান – সন্মান।

২। বিপৰীত শব্দ লিখা।

শ্রদ্ধা, শলাগ, আদি, দুষ্ট, জ্যেষ্ঠ, ন্যায়।

উত্তৰঃ শ্ৰদ্ধা – অশ্রদ্ধা।

শলাগ – অশলাগ।

আদি – অন্ত।

দুষ্ট – শান্ত।

জ্যেষ্ঠ – কনিষ্ঠ।

ন্যায় – অন্যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top