Class 9 Assamese Chapter 15 চোৰধৰা

Class 9 Assamese Chapter 15 চোৰধৰা Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 15 চোৰধৰা Solutions and select need one. Class 9 Assamese Chapter 15 চোৰধৰা Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 15 চোৰধৰা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 15

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’— ভাব বিষয়ক

১। (ক) কানাই বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ কানাই বুলি ভগৱান শ্ৰী কৃষ্ণৰ কথা কোৱা হৈছে।

(খ) লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?

উত্তৰঃ লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত মাখন সানি দিছিল।

(গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল- ‘নামঘোষা’ ।

(ঘ) ‘ওহি বান্দীসৱক থানে আৱৰ নাহি।’

—‘আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল?

উত্তৰঃ ‘আৱৰ নাহি’ বুলি যশোদাই শিশু কৃষ্ণক কৈছিল।

২। (ক) “হে মাই যশোদে, তোহোঁ তাপ তেজহ।’

—যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক’ব লগা হৈছিল?

উত্তৰঃ যশোদাই কৃষ্ণক বিচাৰি ফুৰোতে এগৰাকী গোপীয়ে তেওঁক লগ পাই কৈছিল যে যশোদাই শোক তাপ কৰিব নালাগে। কিয়নো গোপীয়ে যশোদাৰ পুত্ৰ কৃষ্ণক দেখিছে। লৱণু চোৰ কৰিবৰ বাবে বালগোপালে এগৰাকী গোপীৰ ঘৰত প্ৰৱেশ কৰিলে৷ গোপীয়ে কৃষ্ণক লৱণু-চোৰ বুলি ধৰিলে৷ তেতিয়া শ্ৰীকৃষ্ণই গোপীক ক’লে যে তেওঁ চোৰ নহয়। অন্য গৰকীয়া সকলৰ লগত তেওঁ ৰাজপথত খেলি আছে। গোপীয়ে নিজেই নিজৰ ঘৰৰ লৱণু খাই কৃষ্ণক চোৰ বুলিছে। কৃষ্ণৰ কথা শুনি গোপীয়ে চুবুৰীৰ আন আন গোপীসকলক মাতি আনি সাক্ষী কৰিলে। তেতিয়া কৃষ্ণই নিজৰ হাতত থকা লৱণু গোপীৰ মুখত সানি দি কলে “গোপীসকল চোৱা, সাক্ষীৰ কোনো প্রয়োজন নাই। এওঁৰ মুখেই সাক্ষী।”

কৃষ্ণৰ কথা শুনি গোপীয়ে বৰ লাজ পালে। কৃষ্ণক কথাৰে পৰাজিত কৰিব নোৱাৰি গোপীসকলে পৰাজয় মানিবলৈ বাধ্য হ’ল। কৃষ্ণই গোপীৰ কাপোৰৰ আঁচলত ধৰি টানি আনিলে। গোপীয়ে কাতৰ ভাৱে কৃষ্ণক কলে, “হে কানাই, তুমি মোক এৰা।’ তোমাক মই লৱণু দিম।” গোপীয়ে কৃষ্ণক লৱণু দিলে। কৃষ্ণই লৱণু খাই আনন্দমনে নাচিবলৈ ধৰিলে।

গোপীজনীয়ে যশোদাক ক’লে, “হে আই যশোদা! তুমিনো কি পুণ্য কৰি শ্রীকৃষ্ণক পুত্ৰৰূপে পালা? শ্রীকৃষ্ণই সমগ্ৰ গোকুলবাসীকে আনন্দ দিছে। গতিকে হে আই। তুমি চিন্তা শোক ত্যাগ কৰা।

(খ) শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল?

উত্তৰঃ এদিনাখন কৃষ্ণই গোৱালীপাৰাত গোপীৰ ঘৰত সোমাই লৱণু চোৰ কৰি খাইছিল। শেষত গোপীৰ হাতত ধৰা পৰে। গোপীয়ে কৃষ্ণক লৱণু-চোৰ বুলি ধৰাত কৃষ্ণই ক’লে যে, তেওঁ কেতিয়াও চোৰ নহয়। সাক্ষ্যদানৰ বাবে গোপীজনীয়ে চুবুৰীৰ আন আন গোপীসকলক মাতিলে। তেতিয়া কৃষ্ণই নিজে বিপদৰ পৰা হাত সাৰিবলৈ নিজৰ হাতৰ লৱণু গোপীৰ মুখত সানি দি কলে যে, সাক্ষীৰ কোনো প্রয়োজন নাই, গোপীৰ মুখেই সাক্ষী।

৩। ‘ইহা শুনি চিন্তা-শোক তেজিৱে পৰম হৰষিত ভেল?’ –কোনে, কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল?

উত্তৰঃ ৰাতিপুৱাতে খেলিবলৈ ওলাই অহা প্রাণপুত্ৰ কৃষ্ণ আবেলিপৰলৈ ঘৰলৈ উভতি নহা দেখি মাক যশোদাই শোকত বিয়াকুল হৈ কৃষ্ণক বিচাৰি ফুৰিবলৈ ধৰিলে। এইদৰে বিচাৰি ফুৰোতে এজনী গোপীয়ে কৃষ্ণ গোৱালীপাৰাত নাচি থকা বুলি যশোদাক বাতৰি দিছিল। গোপীয়ে যশোদাক কৈছিল যে, কৃষ্ণই গোৱালীপাৰালৈ গৈ এজনী গোপীৰ ঘৰত সোমাই লৱণু চোৰ কৰি খাইছিল। গোপীজনীয়ে কৃষ্ণক লৱণু চোৰ বুলি ধৰাত কৃষ্ণই ক’লে যে তেওঁ চোৰ নহয়। আন গৰখীয়া ল’ৰাৰ লগত তেওঁ ৰাজপথত ফুৰি আছিল। গোপীজনীয়ে নিজেই লৱণু খাই কৃষ্ণক চোৰ অপৱাদ দিছে। কৃষ্ণই নিজে চোৰ নহয়, গোপীজনীহে যে চোৰ এইকথা প্রমাণ কৰাৰ কাৰণে নিজহাতে লৱণু আনি গোপীৰ মুখত সানি দিয়ে৷ কৃষ্ণৰ চতুৰালিত গোপী সকলে লাজ পালে আৰু কৃষ্ণক লৱণু দিব বুলি ক’লে। লৱণু দিব খোজাত কৃষ্ণ সন্তুষ্ট হয় আৰু লৱণু হাত পাতি পাতি লৈ গোপীসকলৰ মাজত নৃত্য কৰিবলৈ ধৰিলে।

গোপীৰ মুখত যশোদাই কৃষ্ণৰ বাতৰি শুনি হৰষিত হৈছিল।

৪। মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল?

উত্তৰঃ এদিনাখন কৃষ্ণ আবেলিপৰলৈ ঘৰলৈ উভতি নহা দেখি যশোদাই বিচাৰিবলৈ ধৰিলে। এজনী গোপীয়ে বাল-গোপালৰ বাতৰি মাতৃ যশোদাক দিলে। গোৱালীপাৰাত যশোদাই গোৱালী সকলৰ মাজত কৃষ্ণই নাচি থকা দেখা পালে। তেওঁৰ গা জুৰ পৰিল৷ শ্ৰীকৃষ্ণই মাতৃৰ কোলাত উঠি স্তন পান কৰি কান্দি কান্দি গোৱালীহঁতৰ কথা ক’লে৷ শ্ৰীকৃষ্ণক লৱণু চোৰ বুলি অপযশ দিয়া বাবে যশোদাই গোৱালীহঁতক ভালকৈ এজাউৰি গালি পাৰি খেদি দিলে। ভৱিষ্যতলৈ গোৱালী পাৰালৈ আহিবলৈ যশোদাই কৃষ্ণক নিষেধ কৰিলে। যশোদাই কৃষ্ণক কলে, মোৰ ঘৰত দধি, দুগ্ধ, লৱণু কোনোৱে খাই শেষ কৰিব নোৱাৰে। তুমি যিমান খাব পাৰা সিমান দিম। তোমাৰ সকলো কষ্ট মই মূৰ পাতি লম৷

তাৰ পিছত যশোদাই কৃষ্ণক ঘৰলৈ আনি শীতল পানীৰে গা ধুৱাই পঞ্চামৃত ভোজন কৰাই, নানাপ্ৰকাৰৰ অলংকাৰ পিন্ধায় মোক্ষতকৈ অধিক সুখ লাভ কৰিলে।

‘খ’—ভাষা-বিষয়ক

৫। তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখা।

তেজহ; তোহাৰি; হামু; থিক; মাখিয়ে; উনিকৰ; ফিৰত; গাৰি ৷

উত্তৰঃ তেজহ – ত্যাগ কৰা।

তোহাৰি — তোমাৰ।

হামু – মই।

থিক – আছে।

মাখিয়ে — সানি।

উনিকৰ – এওঁৰ।

ফিৰত — ঘূৰি ফুৰা।

গাৰি — গালি।

৬। বিপৰীত শব্দ লিখা।

চোৰ; উত্তৰ; কাতৰ; পুণ্য; শোক; হৰ্ষ; শীতল।

উত্তৰঃ চোৰ – সাধু।

উত্তৰ – প্রশ্ন।

কাতৰ — অকাতৰ।

পুণ্য — পাপ।

শোক — আনন্দ।

হর্ষ – বিষাদ।

শীতল — উষ্ণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top