Class 9 Assamese Chapter 7 সময় | অসমীয়া Class 9 সময়

Class 9 Assamese Chapter 7 সময় | অসমীয়া Class 9 সময়, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 7 সময় can be of great value to excel in the examination.

Class 9 Assamese Chapter 7 সময়

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese পাঠ – 7 সময় Solutions for All Subject, You can practice these here.

সময়

                                       – নীলমণি ফুকন(ককা)

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

অতি চমু উত্তৰ দিয়াঃ

(ক) নীলমণি ফুকন অসমীয়া সমাজত কি উপাধিৰে পৰিচিত?

উত্তৰঃ ‘বাগ্মীবৰ’ উপাধিৰে।

(খ) নীলমণি ফুকনৰ দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ‘জ্যোতিকণা’, ‘চিন্তামণি’।

(গ) হিন্দু শাস্ত্রমতে যুগ কেইটা?

উত্তৰঃ চাৰিটা।

(ঘ) কল্কি অৱতাৰৰ পিছত কি যুগ প্ৰৱৰ্তন হ’ব বুলিছে?

উত্তৰঃ সত্যযুগ প্ৰৱৰ্তন হ’ব বুলিছে।

(ঙ) মানুহৰ এবছৰে দেৱতাৰ কিমান দিন বুলি কোৱা হৈছে?

উত্তৰঃ এদিন।

(চ) সময়ৰ ডাঙৰ ভাগবিলাক কি কি?

উত্তৰঃ যুগ, কল্প, শতাব্দী।

(ছ) সময়ৰ মজলীয়া ভাগবোৰ কি কি?

উত্তৰঃ ঋতু, বছৰ, মাহ।

(জ) সময় কিহেৰে জুখিব পাৰি?

উত্তৰঃ কামেৰে।

(ঝ) কি শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণৰ কৌশল উলিয়াব ধৰে?

উত্তৰঃ উদ্ভাৱিকা শক্তিৰ বলত।

(ঞ) ‘সময়’ নামৰ পাঠটিৰ লেখক কোন?

উত্তৰঃ বাগ্মীবৰ নীলমণি ফুকন।

১. চমু প্ৰশ্নৰ উত্তৰ:  

(ক) সময় কি গতিত ঘূৰে?

উত্তৰঃ সময় বৃত্ত আকাৰ গতিত ঘূৰে।

(খ) ‘সাৰথি’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ ‘সাৰথি’ পুথিখন হত্যানাথ বৰাদেৱৰ ৰচনা ।

(গ) কিহৰ ওপৰত ভিক্তি কৰি সময় ভাগ কৰা হয়?

উত্তৰঃ কাৰ্য্যক্ৰমৰ  ওপৰত ভিক্তি কৰি সময় ভাগ কৰা হয় ।

(ঘ)সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়?

উত্তৰঃ সময়ৰ দণ্ড, পল, অনুপলক ভগ্নাংশ বোলা হয় ।

(ঙ) সময়ৰ ডাঙৰ ভাগবোৰ কি?

উত্তৰঃ সময়ৰ ডাঙৰ ভাগবোৰ হল-যুগ,কল্প,শতাব্দী ।

২/ চাৰিটা পাঁচটা বাক্যত উত্তৰ দিয়া:-  

(ক) প্ৰাকৃতিক জগত বুলিলে কি বুজা?

উত্তৰঃ প্ৰাকৃতিক জগত বুলিলে আমাৰ চাৰিওফালে আগুৰি থকা প্ৰাকৃতিক আৱস্থাটোক বুজায় । যেনে:- নদ-নদী, আকাশ- বতাহ,গছ-গছনি, জীৱ-জন্তু, জলবায়ু আদি প্ৰাকৃতিক জগতৰ উপাদান ।

প্ৰাকৃতি জগতত বেলিয়ে পোহৰ দিয়ে, ৰাতি জোন-তৰাই আকাশ উজ্বলাই, ঋতু পৰিৱৰ্তন হয়,গছ-বন শুৱনি হয়,জীৱ-জন্তুৱে বিচৰণ কৰে । মানুহ আৰু প্ৰকৃতিৰ মাজতো গভীৰ সম্বন্ধ থাকে আৰু ভৱিষ্যততো থাকিব ।

(খ) কোনো ঘটনাৰ ওপৰত ভিক্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?

উত্তৰঃ কোনো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্য্য- কলাপৰ ওপৰতো ভিক্তি কৰি সময়ক ভাগ কৰা হয় ।

যেনে:- ধৰ্ম,কলা,বুৰঞ্জী,কিম্বদন্তি, যুদ্ধ বিগ্রহ,ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায় ।সৎবৎ,শতাদ্ধ,খ্ৰীষ্টাব্দ,হিজৰী, সংক্ৰৱদ্ধ, চৈত্যন্নাব্দ ইত্যাদি সময় বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে ।

(ঘ) লক্ষণাক্ৰান্ত মানে কি?

উত্তৰঃ লক্ষণাক্ৰান্ত মানে হল লক্ষণযুক্ত । সময়ৰ ভাগবিলাকৰ কিছুমান বিশেষ লক্ষণ আছে ।সেই লক্ষণসমুহেৰে একোটা সময়ৰ বিভাগ কল্পনা কৰা হয় । সেই কাৰণেই হিন্দুসাশ্ৰমতে চাৰি যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি যোৱা আছে । খ্ৰীষ্টানৰ মিলেনিয়াম, ইছলামৰ শেষ ইমান মেহদিৰ আগমন আদি কিছুমান সময়ৰ ভাগৰ লক্ষণ ।

(ঙ) বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল?

উত্তৰঃ বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবোৰ চাই সময় সম্পৰ্কে অৱগত হৈছিল । গ্ৰহ নক্ষেত্ৰৰ গতিৰ লগত সম্বন্ধ ৰাখি সময় সম্পৰ্কে স্থিৰ কৰি লৈ । চন্দ্ৰ-সূৰ্যৰ গতি চাই দিন,মাহ গণনা কৰিবলৈ ধৰে ।

৩/ দীঘল প্ৰশ্নৰ উত্তৰ: 

(ক)মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন আৰু এৰাতি কথাষাৰ অৰ্থ বুজাই লিখা

উত্তৰঃ ইয়াত কৰ্মী মানুহৰ কথা কোৱা হৈছে ।কৰ্মী মানুহে কৰ্ম ব্যস্ততাত থাকোতে গমকে নেপাই সময়বোৰ কেতিয়া পাৰ হৈ যায় । কিন্তু এলেহুৱাৰ সময় নাযায় – নুপুৱাই । এটা দিন এবছৰ যেন অনুভৱ কৰে ।

কিন্তু মহান কৰ্মী, ব্রহ্মাৰ কাৰণে ই একো দীঘলীয়া সময় নহয়। মানুহৰ কাৰণে যি এটি যোগ, ব্রহ্মাৰ কাৰণে এটি কল্পহে মাত্ৰ । অৰ্থাৎ কৰ্মৰ মাজেদিহে সময়ৰ গতি নিৰূপন কৰিব পাৰি,সময়ৰ দ্বাৰা নহয় ।

(খ) অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা:

সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষনাক্ৰান্ত ।

উত্তৰঃ সময়ৰ ভাগ বিলাকৰ কিছুমান বিশেষ বিশেষ লক্ষণ থাকে । সেই লক্ষণবিলাকৰে একোটা সময়ৰ ভাগ কৰা হয় । হিন্দুসাশ্ৰমতে চাৰিযুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে ।

কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টান- সকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমান মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একে একো যুগৰ লক্ষণ । এই যুগবিলাকৰ পৰিৱৰ্তনেই কল্পন্তৰ,চাইক্লিক আদি বিভিন্ন নামেৰে প্ৰখ্যাত ।

(গ) সময় অমূল্য ধন বোলা কথাষাৰ সঁচা ।

উত্তৰঃ নীলমণি ফুকনদেৱে সময়ৰ গুৰুত্ব বর্ণনা কৰিবলৈ গৈ তেখেতৰ “সময়” নামৰ – প্ৰবন্ধটিত আলোচ্য কথাষাৰ সন্নিবিষ্ট কৰিছে ।

সময় অমূল্য ধন । একোজন ধনকুৱেৰে এক মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে । এজন মানুহে হয়তো গোটেই জীৱনত একেলগে হাজাৰ টকা চকুৰে নেদেখে । ঘোঁৰা চেকুৰত এক মূহুৰ্তৰ আগতে অহা ঘোঁৰাৰ গিৰিহঁতে লক্ষ লক্ষ টকা পোৱাৰ দৃষ্টান্ত আছে ।

ঘণ্টাত কুৰি মাইল যোৱা লৰী মটৰ এখনৰ উপাৰ্জন ঘণ্টাত দুমাইল যোৱা   গৰু গাড়ীখনতকৈ বেছি । পৰীক্ষাৰ প্রশ্নকাকত পিটিকি থাকি সময় নষ্ট কৰা পৰীক্ষাৰ্থীতকৈ তলৰ মোৰ ওপৰ কৰিবলৈ সময় নোহোৱা পৰীক্ষাৰ্থীয়ে নম্বৰ বেছি পায় । গীতিকে দেখা যায় সময় অমূল্য ধন বোলা কথাষাৰ সঁচা ।

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

অতিৰিক্ত প্রশ্ন আৰু উত্তৰঃ

চমু প্ৰশ্নৰ উত্তৰ।

প্রশ্ন ১। নীলমনি ফুকনৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ ১৮৮০ চনত ডিব্ৰুগড় জিলাত নীলমণি ফুকনৰ জন্ম হৈছিল।

প্রশ্ন ২। নীলমনি ফুকনে কি কাম কৰিছিল?

উত্তৰঃ নীলমনি ফুকনে বি.এ. পাছ কৰাৰ পাছত জর্জ ইন্‌ষ্টিটিউট্‌ হাইস্কুলত প্রধান শিক্ষকৰ চাকৰিত সোমাইছিল যদিও পিছলৈ চাহ বাগিচাৰ ব্যৱসায়ত লাগিছিল।

প্রশ্ন ৩। ‘সময়’ প্ৰৱন্ধটি কাৰ ৰচনা?

উত্তৰঃ ‘সময়’ প্ৰৱন্ধটি নীলমণি ফুকনৰ ৰচনা।

প্রশ্ন ৪। নীলমনি ফুকনক আমি সচৰাচৰ কি কি আখ্যায়িত নামেৰে জানো?

উত্তৰঃ নীলমণি ফুকন দেৱক আমি ‘ককা নীলমণি ফুকন’ আৰু ‘বাগ্মীবা নীলমণি ফুকন’ এই দুই আখ্যায়িত নামেৰে জানো।

প্রশ্ন ৫। সময়ৰ বৈ যোৱা সোঁত আমি চকুৰে দেখোনে?

উত্তৰঃ সময়ৰ বৈ যোৱা সোঁত আমি চকুৰে নেদেখো।

প্রশ্ন ৬। সময় বৈ যোৱাৰ উমান আমি ক’ত পাওঁ?

উত্তৰঃ সময় বৈ যোৱাৰ উমান আমি কার্যক্ষেত্ৰতহে পাওঁ।

প্রশ্ন ৭। সময় কেনেকৈ ভাগ কৰা হয়?

উত্তৰঃ কার্যক্রম অনুসৰি সময় ভাগ কৰা হয়।

প্রশ্ন ৮। হিন্দু শাস্ত্ৰত কেইটা যুগৰ নিৰ্ণয় আছে।

উত্তৰঃ হিন্দু শাস্ত্ৰত চাৰিটা যুগৰ নিৰ্ণয় আছে।

প্রশ্ন ৯। সময় কি গতিত ঘূৰে বুলি কোৱা হৈছে?

উত্তৰঃ সময় বৃত্তাকাৰ গতিত ঘূৰে বুলি কোৱা হৈছে।

প্রশ্ন ১০। বেলি ফুলক কি বুলি জনা যায়?

উত্তৰঃ বেলি ফুলক বেলি ঘড়ীও বোলে।

প্রশ্ন ১১। পাৰই ৰুণ দি কি জনায়?

উত্তৰঃ পাৰই ৰুণ দি জনায় যে পোহৰ হবলৈ বেছি সময় নাই।

প্রশ্ন ১২। সময়ৰ প্ৰকৃত যন্ত্ৰ-পাতি কি বুলি কৈছে?

উত্তৰঃ সময়ৰ প্ৰকৃত যন্ত্ৰ-পাতি হৈছে কৰ্ম।

প্রশ্ন ১৩। সময়ৰ গতি কেনেকৈ ধৰিব পাৰি?

উত্তৰঃ কামৰ মাজেদি সময়ৰ গত ধৰিব পাৰি।

প্রশ্ন ১৪। মানুহৰ এবছৰত দেৱতাৰ কিমান দিন হয়?

উত্তৰঃ মানুহৰ এবছৰত দেৱতাৰ এদিন হয়।

প্রশ্ন ১৫। মানুহৰ এক কল্প বা এহেজাৰ যুগত ব্ৰহ্মাৰ কিমান দিন হয়?

উত্তৰঃ মানুহৰ এক কল্প বা এহেজাৰ যুগত ব্ৰহ্মাৰ এদিন-এৰাতি হয়।

প্রশ্ন ১৬। দ্বিগ্বিজয়ী বীৰ নেপোলিয়ন কোনখন যুদ্ধত কিয় পৰাজিত হৈছিল?

উত্তৰঃ সহায়কারী সৈন্যদল গৈ পোৱাত মাত্র পাচঁ মিনিট পলম হোৱাৰ বাবে ৱাটালু যুঁজত দিগ্বিজয়ী বীৰ নেপোলিয়ন শোচনীয়ভাবে পৰাজিত হৈছিল।

প্রশ্ন ১৭। মানুহৰ টিকনি আৰু সময়ৰ টিকনিৰ পাৰ্থক্য কি?

উত্তৰঃ প্ৰৱন্ধকাৰৰ মতে মানুহৰ টিকনি আৰু সময়ৰ টিকনিৰ পাৰ্থক্য হৈছে এয়ে যে মানুহৰ টিকনি মূৰৰ পাছফালে আৰু সময়ৰ টিকনি আগফালে থাকে।

প্রশ্ন ১৮। আগমন, অস্ত, বিৰাট, কল্পনা, উপস্থিত, ৰোগী, শ্রম—এই শব্দবিলাকৰ বিপৰীত শব্দবোৰ লিখা।

উত্তৰঃ প্রদত্ত শব্দ – বিপৰীত শব্দ।

আগমন – গমন।

অস্ত – উদয়।

বিৰাট – ক্ষুদ্র।

কল্পনা – বাস্তৱ।

উপস্থিত – অনুপস্থিত।

ৰোগী – নিৰোগী।

শ্রম – জিৰণি।

ব্যাখ্যা কৰা

(ক) সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে।

উত্তৰঃ এই বাক্যটি ককা নীলমণি ফুকনৰ ‘সময়’ নামৰ প্ৰৱন্ধটিৰপৰা উদ্ধৃত কৰা হৈছে।

বিশেষ কেতবোৰ লক্ষণ অনুসৰি সময়ৰ বৃহৎ ভাগবোৰ নিৰ্ণয় কৰা হয়। হিন্দু সকলৰ মতে কলি যুগৰ শেষত কল্কিৰ অৱতাৰ হব আৰু তাৰ পিচত পুনৰ সত্য যুগৰ প্ৰৱৰ্তন হব। খৃষ্টান সকলৰ মতে এহেজাৰ বছৰ যীশু খৃষ্টৰ ৰাজত্ব হব বা এক মিলেনিয়াম হব। ইছলামসকলৰ মতে ইমাম মেহদিৰ আগমন হব। এটা যুগৰ পিচত অইন এটা যুগ আৰম্ভ হোৱাকে কল্পান্তৰ অথবা চাইক্লিক অৰ্থাৎ বৃত্তাকাৰ বোলা হয়। সময়ৰ মজলীয়া ভাগবোৰো সেইদৰে এটাৰ পিচত অইন এটা যেনে বছৰৰ পিচত বছৰ আৰম্ভ হয়। সৰু ভাগ দিনৰ পিচত ৰাতি বৃত্তাকাৰ গতিত হয়। সময়ৰ এই বৈশিষ্ট্যৰ প্ৰতি লক্ষ কৰিয়েই প্ৰৱন্ধকাৰে সময়ৰ গতি বৃত্তাকাৰ আৰু অবিৰাম বুলিছে। কেতিয়াবা কোনো ক্ষেত্ৰত এই গতিৰ পৰিধি বাঢ়ি গৈছে, কেতিয়াবা আকৌ কমি গৈছে। যুগ বা কল্পান্তৰৰ ক্ষেত্ৰত সময়ৰ গতিৰ পৰিধি স্থূল বা বৃহৎ ; কিন্তু বছৰ, ঋতু, মাহ, দিন, ৰাতি আদিৰ বৃত্তাকাৰ গতিৰ ক্ষেত্ৰত পৰিধি কম হয়। বছৰ, ঋতু, মাহ, দিন-ৰাতি আদি নিয়মিত ভাবে এক বৃত্তাকাৰ গতিত সংঘটিত হয় বাবে প্ৰৱন্ধকাৰে সময়ক অবিৰাম বৃত্তাকাৰ গতিত ঘূৰি থকাৰ ব্যাখ্যা দাঙি ধৰিছে।

(খ) সময়ৰ সদ্ব্যৱহাৰ কৰা কথাৰ ওপৰতে তাৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি।

উত্তৰঃ এই বাক্যটি ককা নীলমণি ফুকনৰ ‘সময়’ নামৰ প্ৰৱন্ধটিৰ পৰা লোৱা হৈছে। সময়ৰ ব্যৱহাৰৰ ওপৰতহে সময়ৰ মূল্য নির্ণয় কৰিব পৰা সন্দৰ্ভত প্ৰৱন্ধকাৰে বাক্যটি প্ৰয়োগ কৰিছে।

কোনো এজন মানুহে নিজৰ কৰিবলগীয়া কামখিনি শৃঙ্খলা লগাই কৰিলেই সেই সময়খিনিৰ সদ্ব্যৱহাৰ হোৱা বুলি কব পাৰি। শৃঙ্খলা লগাই ৰেল, মটৰ, উৰাজাহাজ আদিৰ সময় তালিকা নিৰূপণ কৰি লোৱাৰ বাবেই মানুহে গছে গছে বগাই ফুৰা কেৰ্কেটুৱাৰ দৰে এখন যান-বাহন এৰি অইন এখনত উঠি ভিন্ন ভিন্ ঠাই ভ্ৰমণ কৰি ফুৰিব পাৰিছে। ঘৰখনত থকা মানুহে আয়াসতে বৰ ঘৰ এৰি মাৰল ঘৰত সোমাব পৰাৰ দৰেই শৃঙ্খলিত সময়ৰ ৰেল-মটৰত উঠি মানুহে সহজে দেশ-বিদেশ ভ্রমণ কৰিব পাৰিছে। ব্যক্তিগত জীৱনৰ কাম-কাজ, ঘৰুৱা কাম বা দেশৰ কাম চম্ভালিবৰ বাবে সময়-তালিকা নিৰূপণ কৰি ন’ললে আউল লগাৰ আশঙ্কা থাকে। শৃঙ্খলিত সময়-তালিকা নাথাকিলে দেশ নালাগে নিজৰ ঘৰখনো ঘৰ গুচি বাঁহতল অর্থাৎ অশান্তি আবৰ্জনাৰ ঠাই হয় বুলি প্ৰৱন্ধকাৰে মন্তব্য কৰিছে। নিৰূপিত সময় তালিকা অবিহনে দেশ পৰিচালনা কৰা অসম্ভৱ। শৃঙ্খলাবদ্ধ ভাবে সময়ৰ কাম সময়মতে কৰিব নোৱাবিলে দেশ অৰাজক হৈ পৰে। শৃঙ্খলা লগাই কৰিবলগা কাম কৰিব পাৰিলেই সময়ৰ সজ ব্যৱহাৰ কৰা হয়। সময়ৰ এনে সদ্ব্যৱহাৰৰ ওপৰতেই সময়ৰ মূল্যও নিৰূপিত হয়।

অতি চমু প্রশ্নোত্তৰঃ

প্রশ্ন ১। সময়ক কিহৰ লগত তুলনা কৰা হয়?

উত্তৰঃ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয়।

প্রশ্ন ২। সময়ৰ সোঁতৰ কেনেকৈ উমান (গম) পোৱা যায়?

উত্তৰঃ কাৰ্য্য ক্ষেত্ৰতহে সময়ৰ সোঁতৰ উমান পোৱা যায়।

প্রশ্ন ৩। সময়ৰ ডাঙৰ ভাগবিলাক কি কি?

উত্তৰঃ সময়ৰ ডাঙৰ ভাগবিলাক হৈছে যুগ, কল্প আৰু শতাব্দী আদি।

প্রশ্ন ৪। দণ্ড, পল, অনুপল আদি কি?

উত্তৰঃ দণ্ড, পল, অনুপল আদি সময়ৰ সৰু ভাগ। দিন, ৰাতি আদিৰ ভগ্নাংশ।

প্রশ্ন ৫। হিন্দু শাস্ত্র মতে কল্কিৰ অৱতাৰ কেতিয়া?

উত্তৰঃ হিন্দু শাস্ত্র মতে কলি যুগৰ শেষত কল্কিৰ অৱতাৰ।

প্রশ্ন ৬। ঋতুৰ উদ্ভৱ ক’ত?

উত্তৰঃ প্ৰকৃতিৰ জগতৰ গতি-বিধি লক্ষ্য কৰি সময় নিৰূপণ কৰাতেই ঋতুৰ উদ্ভৱ।

প্রশ্ন ৭। বসন্ত ঋতুৰ আগমন কেনেকৈ ধৰিব পাৰি?

উত্তৰঃ গছৰ ডালত কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমন ধৰিব পাৰি।

প্রশ্ন ৮। মানুহে কিহৰ সহায়ত ক্ষুদ্রতম সময়ৰ অংশও স্থিৰ কৰিব পাৰিছে?

উত্তৰঃ ঘড়ি আদি বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ সহায়ত মানুহে সময়ৰ ক্ষুদ্রতম অংশও স্থিৰ কৰিব বা জুখিব পাৰিছে।

প্রশ্ন ৯। প্ৰৱন্ধকাৰৰ মতে সময়ৰ প্ৰকৃত যন্ত্রপাতি কি?

উত্তৰঃ প্ৰৱন্ধকাৰৰ মতে সময়ৰ প্ৰকৃত যন্ত্রপাতি হৈছে কর্ম বা কাম।

প্রশ্ন ১০। কেতিয়া ঘৰ গুচি বাঁহতল আৰু ৰাজ্য গুচি অৰাজকতাত পৰিণত হয়?

উত্তৰঃ সময়ৰ সদ্ব্যৱহাৰ নকৰিলে ঘৰ গুচি বাঁহতল আৰু ৰাজ্য গুচি অৰাজকতাত পৰিণত হয়।

প্রশ্ন ১১। কোনজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বেছি নম্বৰ পায়?

উত্তৰঃ পৰীক্ষাত তলৰ মূৰ ওপৰ কৰিবলৈ সময় নোপোৱা পৰীক্ষাৰ্থীজনে বেছি নম্বৰ পায়।

প্রশ্ন ১২। ৰোগীৰ ঔষধৰ ব্যৱস্থা কেতিয়া কৰিব লাগে?

উত্তৰঃ ৰোগদেখা দিওতেই ৰোগীৰ ঔষধৰ ব্যৱস্থা কৰিব লাগে।

প্রশ্ন ১৩। পৰুৱাৰ দৰে লানি নিছিগা কামেও কর্মীলোকসকলক কিয় জুমুৰি দি ধৰিব নোৱাৰে?

উত্তৰঃ শৃঙ্খলা লগাই কামৰ বাবে সময় নিৰ্দ্ধাৰণ কৰি লোৱাৰ বাবেই পৰুৱাৰ দৰে লানি নিছিগা কামেও কর্মীলোকসকলক জুমুৰি দি ধৰিব নোৱাৰে।

প্রশ্ন ১৪। সময়ৰ জোখ ক’ত? ঘড়ীৰ কাঁইটত আছেনে?

উত্তৰঃ সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইট কেইডালত নাই।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

প্রশ্ন ১। সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মাংস খাবলৈ আশা কৰা মিছা। —প্ৰৱন্ধকাৰৰ এই মন্তব্যৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ ‘সময়’ প্ৰৱন্ধত প্ৰৱন্ধকাৰ ককা নীলমণি ফুকনদেৱে সময়ৰ সদ্ব্যৱহাৰৰ সুফল আৰু সদ্ব্যৱহাৰ কৰিব নোৱাৰাৰ কুফলৰ বিষয়ে আলোচনা কৰিছে উপৰোক্ত বাক্যটিত নিৰ্দ্ধাৰিত সময়ত কৰা কামক ধনুৰ শৰ বা কাঁড় আৰু কামৰ সুফলক শৰ পহুৰ মাংসৰ লগত তুলনা কৰিছে।

শৰ পহুৰ মাংস বৰ সোৱাদ লগা বাবে চিকাৰী সকলে শৰ পহু চিকাৰ কৰি মাৰে। কিন্তু শৰ পহু মাৰিব খুজিলে চিকাৰী নিপুণ হব লাগিব। উপযুক্ত সময়ত কাঁড় এৰিব নোৱাৰিলে শৰ পহু মাৰি তাৰ মাংস খোৱা সম্ভব নহয়। ‘সময়ৰ শৰ’ অর্থাৎ যেতিয়াৰ যি কাম তাক ছেগ বুজি সম্পাদন কৰিব নোৱাৰিলে কামৰ সুফল আশা কৰিব নোৱাৰি। সকলো কামৰে একোটা নির্দিষ্ট সময় থাকে। যেতিয়া ভোক লাগে তেতিয়া ভাত খালেহে উপকাৰ হয়। ভোক গুচাৰ পিচত মাছেমঙহে উদৰ পূৰাই খোৱাৰ পৰা ৰোগত কষ্ট পোৱাৰহে সম্ভাৱনা বেছি। সময়ৰ কাম সময়মতে নকৰি সময় উকলি যোৱাৰ পিচত কৰিলে সুফল নোপোৱাৰ কথা স্পষ্ট কৰিবৰ বাবে কঠিয়া সিঁচাৰ এটা উদাহৰণ দিছে। শালি ধানৰ খেতিৰ বাবে বহাগ মাহৰ বৰষুণ দিয়া বতাৰত কঠিয়া সিচিব লাগে। জেঠৰ মাহত বাৰ দিন খৰাং বতৰ হয় বুলি প্রবাদ আছে। জেঠৰ সেই বাৰ দিন খৰাং বতৰত কঠিয়া সিঁচিলে তাৰ ফল পোৱা নাযায়। সেই দৰে চোৰে চুৰ কৰি পেৰা-পেটাৰি উলিয়াই নিয়াৰ পিচত সিন্ধিৰ মুখত চোৰ ধৰাৰ খাপ লোৱাও অৰ্থহীন। ৰোগীজনক ৰোগে দেখা দিয়াৰ লগে লগেই ঔষধ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে আৰোগ্য লাভৰ আশা থাকে। তাকে নকৰি ৰোগীৰ অন্তিম সময় আহি উপস্থিত হলে, অর্থাৎ তুলসী গুৰিলৈ নিয়াৰ সময় হলে অর্থাৎ ঘৰৰ বাহিৰলৈ নিয়াৰ সময় হোৱাত বেজ বা ধন্বন্তৰী মাতি চিকিৎসা কৰিলেও আৰোগ্য হোৱাৰ সমূলি আশা নাথাকে।

সেইবাবে সুফল পাবৰ বাবে সকলো কাম সময়মতে সম্পন্ন কৰাৰ যত্ন কৰিব লাগে। সময়ৰ কাম সময়মতে কৰাকে অথবা কোনো কামৰ বাবে নিৰ্দ্ধাৰিত কৰি ৰখা সময়খিনিতে কামটো শেষ কৰাকে সময়ৰ সদ্ব্যৱহাৰ কৰা বোলে। সময়ৰ সদ্ব্যৱহাৰ কৰিলেই সকলো কামৰ সুফল পোৱা যায়। তেতিয়াই শৰ পহুৰ সোৱাদ লগা মাংস খাই তৃপ্তি পোৱাৰ দৰে কামৰ সুফল ভোগ কৰি তৃপ্তি লাভ কৰিব পাৰি।

প্রশ্ন ২। ‘সময়’ পাঠটিৰ সাৰাংশ লিখা।

উত্তৰঃ নৈৰ সোঁত বৈ যোৱাৰ দৰেই সময়ৰ সোঁতো বৈ যায়। কিন্তু নৈৰ সোঁতৰ দৰে সময়ৰ সোঁত আমি চকুৰে নেদেখো। কিন্তু সময়ৰ লগে লগে হোৱা পৰিবৰ্ত্তন চাই সময়ৰ সোঁতৰ কথা আমি অনুমান কৰিব পাৰো। সময়ক যুগ, কল্প, শতাব্দী আদি ডাঙৰ ভাগত, ঋতু, বছৰ, মাহ আদি মজলীয়া ভাগত আৰু দিন ৰাতি, প্ৰহৰ, পল, দণ্ড, আদি ক্ষুদ্ৰ ভাগত ভগাব পাৰি।

ওপৰত উল্লেখ কৰা সময়ৰ এই ভাগ বিলাক বিশেষ বিশেষ লক্ষণ যুক্ত হয়। হিন্দু শাস্ত্ৰত এই লক্ষণ সম্বন্ধে কোৱা আছে। কলিযুগৰ শেষত কল্কি আবির্ভার হব। তাৰ পিছতেই পুনৰ সত্য যুগৰ প্ৰৱৰ্তন হব। এনে পৰিবৰ্তনেই একো একোটা যুগ। খৃষ্টান সকলৰ মতে হাজাৰ বছৰ যীশুখৃষ্টৰ ৰাজত্ব, মুছলমান সকলৰ মতে শেষ ইমাম মেহদিৰ আগমন একো একোটা যুগৰ পৰিবৰ্তন। যুগ পৰিবৰ্তনকেই কল্পান্তৰ বোলা হয়। যুগ বা কল্পান্তৰৰ বাবে সময় সদায় অবিৰাম গতিত ঘূৰিছে বা বৈ আছে।

একোটা ঘটনা বা কোনো সময়ত হোৱা কোনো কাৰ্য্য-কলাপে সময়ক সীমাবদ্ধ কৰি থয়। খ্ৰীষ্টাব্দ, শকাব্দ, হিজৰি, শঙ্কৰাব্দ আদি তেনে সীমাবদ্ধতা।

প্রাকৃতিক জগতত হোৱা পৰিবৰ্তন, জীৱ-জন্তুৰ আচৰণ, ফল-ফুল ধাৰণ আদিয়ে সময়ৰ পৰিবৰ্তন বা ঋতুক নিৰ্দ্দেশ কৰে। সূৰ্য্য উদয় হলে দিন, অস্ত গলে ৰাতি, পাৰই ৰুণ দিলে ৰাতিপুৱাবৰ পলম হোৱাৰ ইঙ্গিত, কুকুৰাৰ ডাকে ৰাতিপুৱা হোৱা আদি সময় নিৰ্দেশ কৰে।

পুৰণি কালত মানুহে ৰিং এটা মৰা, তামোল এখন খোৱা আদি কাৰ্য্যৰ দ্বাৰা সময়ৰ সাধাৰণ জোখ বুজোৱাৰ যত্ন কৰিছিল। পিচলৈ মানুহৰ উদ্ভাৱিকা শক্তিৰ বলত বিজ্ঞানৰ প্ৰয়োগেৰে গ্ৰহ-নক্ষত্ৰৰ লগত সম্পর্ক স্থাপন কৰি ঘড়ী আদি বৈজ্ঞানিক যন্ত্ৰ নিৰ্মাণ কৰি মানুহে সময় নিৰূপণ কৰিব পৰা হ’ল। কিন্তু সেয়ে হলেও সময় জোখাৰ প্ৰকৃত যন্ত্ৰ হৈছে কামহে। কৰ্মী মানুহে ইটোৰ পিচত সিটো কাম কৰি থাকোতে উমান নোপোৱাকৈয়ে দিনটো শেষ হৈ যায়, কিন্তু এলেহুৱা মানুহৰ বাবে দিনটো কোনোমতে শেষ হৈ নাহে।

কোনো কামৰ মাজেদি অতিবাহিত কৰা সময়খিনিক সজ ব্যৱহাৰত লাগোৱা বুলি কোৱা হয়। সময়ৰ এনে সজ ব্যৱহাৰৰ ওপৰতে সময়ৰ মূল্য নির্ণয় কৰা হয়। শৃঙ্খলা লগাই কৰিব লগা কামখিনি কৰিব পাৰিলেই সময়ৰ সজ ব্যৱহাৰ কৰা হয় । সময়ৰ এনে পৰিকল্পিত শৃঙ্খলাৰ বাবেই মানুহে ৰেল-মটৰ-উৰাজাহাজ আদিৰে আউল নলগাকৈ পৃথিৱীৰ বিভিন্ন দেশ বা ঠাই ভ্ৰমণ কৰি ফুৰিব পাৰিছে। শৃঙ্খলা লগাই কাম নকৰিলে দেশ শাসন কৰিবও নোৱাৰি আনকি নিজৰ ঘৰখনো ঘৰ-গুচি বাহতল যেন হৈ পৰিব। শৃঙ্খলা হীন দেশ অৰাজক হৈ পৰে।

পাৰ হৈ যোৱা সময়ক ওভোতাই পাব নোৱাৰি বাবে সময়ৰ টিকনিডাল আগফালে বুলি কোৱা হয়। অর্থাৎ কোনো কাম কোনো নির্দিষ্ট সময়ত কৰিব লগা থাকিলে সেই সময় আহি পোৱাৰ আগতে সাজু হৈ থাকিব লাগিব। ৰেল গাড়ীৰে কৰবালৈ যাব লগা থাকিলে ৰেল-গাড়ী আহি পোৱাৰ আগতে ষ্টেছনত উপস্থিত হব লাগিব। তেনে নকৰিলে দুই মিনিটৰ বাবে ৰেল ধৰিব নোৱাৰি ওৰে দিনটো কষ্ট ভোগ কৰিব লগা হয়। পিছফালৰ পৰা বল দিয়া সৈন্যদল গৈ পাওতে পাঁচ মিনিট পলম হোৱা বাবেই দিগ্বিজয়ী বীৰ নেপোলিয়ন বোনাপার্ট ৱাটালু যুঁজত শোচনীয়ভাৱে পৰাজিত হৈছিল। সময়ৰ মূল্য বুজি বীৰ লাচিতে মোমায়েকৰ মূৰ কাটি পেলাইছিল কাৰ্য্য সিদ্ধিৰ বাবে। সময়ৰ কাম সময়তে কবাৰ সচেতনতাৰ বাবেই লাচিত আজি মৰিও অমৰ।

কম সময়ৰ ভিতৰত বেছি উপাৰ্জন কৰিব পৰা বা বেছি কাম কৰিব পৰা কথাৰ ওপৰত ভিত্তি কৰিয়েই সময়ক অমূল্য ধন বোলা হৈছে। এক মিনিটৰ বাবে ঘোঁৰা দৌৰত প্ৰথম হৈ লাখ টকা পুৰস্কাৰ পোৱা, ঘণ্টাত ২ মাইল যোৱা গৰু গাড়ীতকৈ ঘণ্টাত ২০ মাইল যোৱা লৰী মটৰ আদিৰ সৈতে সময়ৰ মূল্য নিহিত হৈ আছে।

সময়ৰ কাম সময়মতে কৰিব পাৰিলে সুফল পোৱা যায়। শৰ পহুৰ সোৱাদ লগা মঙহ খাব খুজিলে সময়মতে শৰ মাৰিবও জানিব লাগিব। ভোকৰ সময়তহে ভাত খাব লাগিব। ভোক পাৰ হৈ যোৱাত খোৱা ভাত, বতৰ পাৰ হোৱাত সিচা কাঠিয়া, চোৰ যোৱাৰ পিচত বুদ্ধি, বৰষুণ যোৱাৰ পিচত জাপি, ৰোগীৰ অন্তিম অৱস্থাত দিয়া ঔষধ আদিৰ সুফল পোৱা নাযায়৷ কাৰণ এইবোৰ কাম সময় পাৰ হোৱাত কৰা হৈছে।

কৰ্মীলোকসকলৰ সময়ৰ ভাগবিলাক আশ্চর্যজনক। মহাত্মা গান্ধীৰ দিনটোৰ কাম পৰুৱাৰ দৰে লানি-নিছিগা আছিল বাবে সুশৃঙ্খলভাবে সজোৱা বাবে নিয়াৰিকৈ সমাধা কৰিব পাৰিছিল৷ এনে কর্মীলোকসকলৰ বাবে সময়ৰ কোনো সুৰুঙা বা জিৰণি নাই। সুৰুঙা বা জিৰণি থাকিলেও সেই সুৰুঙা বাঁহীৰ সুৱদী মাত্ৰ ওলোৱা সুৰুঙাৰ দৰে। অৰ্থাৎ বাঁহীৰ ফুটাৰ দ্বাৰাই সুৰৰ সৃষ্টি হোৱাৰ দৰে কৰ্মীলোকৰ সময়ৰ সুৰুঙাই মহৎ কাম সমাধা কৰে। সেই বাবেই তেওঁলোকৰ বাবে বিশ্রাম মানে বিশেষ বিধৰ শ্ৰম । বিৰতি-বিহীন কামৰ দ্বাৰাই তেওঁলোকে সময়ক বান্ধি ৰাখে আৰু নিজেও অমৰত্ব লাভ কৰে। এই বিলাক কাৰণতে প্ৰৱন্ধকাৰে সময়ৰ জোখ কামতহে আছে, ঘড়ীৰ কাঁইট কেইডালত নাই বুলি মন্তব্য কৰিছে।

ব্যাকৰণ

প্রশ্ন ১। সন্ধি ভাঙা।

উত্তৰঃ শতাব্দী = শত + অব্দ + ঈ।

লক্ষণাক্রান্ত = লক্ষণ + আক্রান্ত।

শঙ্কৰাব্দ = শঙ্কৰ + অব্দ।

চৈতন্যাব্দ = চৈতন্য + অব্দ।

ইত্যাদি = ইতি + আদি।

কল্পান্তৰ = কল্প + অন্তৰ।

সম্ভেদ = সম্ + ভেদ।

সদ্ব্যৱহাৰ = সৎ + ব্যৱহাৰ।

নিৰ্দ্ধাৰিত = নিঃ + ধাৰিত।

মনস্তাপ = মনঃ + তাপ।

দৃষ্টান্ত = দৃষ্ট + অন্ত।

উপার্জন = উপ + অর্জন।

কিংবদন্তি = কিম + বদন্তি।

বৃত্তাকাৰ = বৃত্ত + আকাৰ।

সীমাবদ্ধ = সীমা + আবদ্ধ।

ভগ্নাংশ = ভগ্ন + অংশ।

কৰায়ত্ত = ক + আয়ত্ত।

যথার্থ = যথা + অর্থ।

প্রশ্ন ২। প্রত্যয় ভাঙি দেখুওৱা।

উত্তৰঃ মজলীয়া = মাজ + অলীয়া।

স্মৰণীয় = স্মৃ (স্মৰণ) + ঈয়।

উদ্ভাৱিকা = উৎ + ভাৱ + ইকা।

ক্ষুদ্রতম = ক্ষুদ্র + তম।

কৰিবলগীয়া = কৰিবলগা + ঈয়া।

থাকিবলগীয়া = থাকিবলগা + ঈয়া।

প্রশ্ন ৩। পাঠটোত ক্ষুদ্রতম, সূক্ষ্মতম আদি শব্দ ব্যৱহাৰ কৰা হৈছে। বিশেষণৰ তুলনা কৰাৰ বাবে মূল বিশেষণ শব্দৰ পিচত ‘তৰ’ যোগ কৰি এটাতকৈ ভাল বা বেয়া আৰু ‘তম’ যোগ কৰি বহুতৰ মাজত ভাল-বেয়া, উৎকৃষ্ট-নিকৃষ্ট, বুজোৱা হয়। এইদৰে তৰ আৰু তম প্রত্যয় যোগ কৰি কেইটামান শব্দ লিখা।

উত্তৰঃ বিশেষণ শব্দ – তৰ – তম।

মধুৰ – মধুৰতৰ – মধুৰতম।

উচ্চ – উচ্চতৰ – উচ্চতম।

নিম্ন – নিম্নতৰ – নিন্মতম।

গুৰু – গুৰুতৰ – গুৰুতম।

লঘু – লঘুতৰ – লঘুতম।

নিভৃত – নিভৃততৰ – নিভৃততম।

নিকট – নিকটতৰ – নিকটতম।

গভীৰ – গভীৰতৰ – গভীৰতম।

কঠিন – কঠিনতৰ – কঠিনত।

দ্রুত – দ্রুততম – দ্রুততৰ।

প্রশ্ন ৪। ব্যাস বাক্য লিখি সমাসৰ নাম লিখা।

উত্তৰঃ কলি-যুগ— কলি নামৰ যুগ = মধ্যপদলোপী কর্মধাৰয় সমাস।

কল্পান্তৰ– কল্পৰ অন্তৰ = ষষ্ঠী তৎপুৰুষ সমাস।

যুদ্ধ-বিগ্ৰহ— যুদ্ধ আৰু বিগ্ৰহ = দ্বন্দ্ব সমাস।

কুলি-কেতেকী – কুলি আৰু কেতেকী = দ্বন্দ্ব সমাস।

ঢাৰি-পাটী – ঢাৰি আৰু পাটী = দ্বন্দ্ব সমাস।

দিন-ৰাতি – দিন আৰু ৰাতি = দ্বন্দ্ব সমাস।

ৰেল-গাড়ী – ৰেলৰ ওপৰত চলা গাড়ী = মধ্যপদলোপী কর্মধাৰয় সমাস।

সময়-তালিকা – সময়ৰ তালিকা = ষষ্ঠী তৎপুৰুষ।

বৰঘৰ-মালঘৰ – বৰঘৰ আৰু মাৰলঘৰ = দ্বন্দ্ব সমাস।

বাঁহ-তল – বাঁহৰ তল = ষষ্ঠী তৎপুৰুষ।

ধন-কুবেৰ – ধনৰ কুবেৰ = ষষ্ঠী তৎপুৰুষ সমাস।

ঘোঁৰা-চেকুৰ – ঘোঁৰাৰ চেকুৰ = ৬ষ্ঠী তৎপুৰুষ সমাস।

অনন্ত – নাই অন্ত যাৰ = নঞ তৎপুৰুষ সমাস।

অৰাজক – ৰজা নাই যত = অব্যয়ীভাব সমাস।

1 thought on “Class 9 Assamese Chapter 7 সময় | অসমীয়া Class 9 সময়”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top