Class 9 Assamese Chapter 17 ঋজু ভাৰতী | অসমীয়া Class 9 ঋজু ভাৰতী

Class 9 Assamese Chapter 17 ঋজু ভাৰতী | অসমীয়া Class 9 ঋজু ভাৰতী, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 9 Assamese Chapter 17 ঋজু ভাৰতী can be of great value to excel in the examination.

Class 9 Assamese Chapter 17 ঋজু ভাৰতী

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 17 ঋজু ভাৰতী – সমাধান for All Subject, You can practice these here…

ঋজু ভাৰতী

[ (১) ইন্দ্ৰ ধনু ]

প্ৰশ্ন১। মাতৃভাষালৈ অনুবাদ কৰা :

প্রশ্ন ( ক ) যদা সূর্যমণ্ডলস্য …….. জলকণিকাসু প্রতিফলন্তি । 

উত্তৰঃ  অসমীয়া :- যেতিয়া সূর্যমণ্ডলৰ সন্মুখত ঘূৰি ফুৰা মেঘৰ ওপৰত সূৰ্যৰ ৰশ্মি(কিৰণ) পৰে , তেতিয়া আকাশত সূৰ্যৰ ৰশ্মিবােৰ ধনুৰ আকাৰত প্রকাশিত হয় । মেঘত থকা পানীৰ কণিকাবােৰত যেতিয়া সূৰ্যৰ কিৰণ পৰে তেতিয়া সূৰ্যৰ কিৰণত থকা গােটেই সাতােটা বর্ণই মেঘৰ পানীৰ কণিকাবােৰত প্রতিফলিত হয় । 

প্রশ্ন ( খ ) সূর্যমণ্ডলস্য বর্তুলত্বাৎ….ইদমেৱ নাম ইন্দ্রধনুঃ । 

উত্তৰঃ অসমীয়া :- সূর্যমণ্ডল ঘূৰণীয়া হােৱা কাৰণেই এই সাতােটা ৰং একেলগে ধনুৰ আকাৰত মেঘত থকা পানীৰ কণিকাত সূৰ্যৰ বিপৰীত দিশত প্রতিফলিত হয় । ধনুৰ আকৃতিৰ দৰে সাতােটা বৰণযুক্ত অতি ধুনীয়া এইখনেই ইন্দ্রধনু । 

প্রশ্ন ( গ ) মেঘমালাসু বর্তমানাসু ……প্রতিফলন্তি । 

উত্তৰঃ অনুবাদ :- মেঘত থকা পানীৰ কণিকাবােৰত যেতিয়া সূৰ্যৰ কিৰণ পৰে তেতিয়া সূৰ্যৰ কিৰণত থকা গােটেই সাতােটা বর্ণই মেঘৰ পানীৰ কণিকাবােৰত প্রতিফলিত হয় ।

[ (২) বিদ্যা ]

প্রশ্ন ১। মাতৃভাষালৈ অনুবাদ কৰা : 

 ( ক ) পণ্ডিতঃ জনঃ … ক্লেশান্ প্রাপ্নোতি।

উত্তৰঃ অসমীয়া :- পণ্ডিত লােকে সদায় সকলােতে সন্মান পায় । যিজন ল’ৰা বা যিজনী ছােৱালীয়ে খেলা বা হেলা কৰি শৈশৱত বিদ্যা অর্জন নকৰে সেই ল’ৰা বা ছােৱালীয়ে(পিছত) অশেষ কষ্ট পায় । 

( খ ) বিদ্যা হি নৰাণাম …. মৃতবৎ তিষ্ঠতি । 

উত্তৰঃ অসমীয়া :- বিদ্যাই পুৰুষ আৰু তিৰােতাৰ পৰম ধন । আন ধনৰ দৰে বিদ্যাৰূপ মহাধনক জ্ঞাতিসকলে ভাগ কৰিব নােৱাৰে , চোৰেও চুৰ কৰি নিব নােৱাৰে । বিদ্যাধন দানেৰে ক্ষয় নহয় , আনকি বাঢ়েহে । বিদ্যাহীনজনৰ জীৱন বৃথাই যায় । বিদ্যাহীন মানুহ জীয়াই থাকিও নাইবা বিদ্যাহীন তিৰােতা জীয়াই থাকিও মৃতৰ দৰে থাকে । 

( গ ) বিদ্যাবলেন মানৱাঃ .. স্বৈৰং বিচৰন্তি । 

উত্তৰঃ অসমীয়া :- বিদ্যাৰ বলেৰে মানুহে এমাহত যাবলগীয়া বাট এদিনতে যায় । দুস্তৰ সাগৰৰ অনায়াসে পাৰ হয় । অধিক কি , আকাশতাে ইচ্ছা অনুসাৰে বিচৰণ কৰে ।

( ঘ ) বিদ্যা হি অধনানাম্ ….অনায়াসেন সাধয়ন্তি । 

উত্তৰঃ অসমীয়া :- বিদ্যাই ধনহীনসকলৰ শ্রেষ্ঠ ধন , বন্ধুহীনসকলৰ ডাঙৰ বন্ধু , অন্ধৰ দিব্যচকু । জগতত বিদ্যাৰ সমান বন্ধু নাই । বিদ্যাৰ বলত মানুহে অতি কঠিন কামাে অনায়াসে সাধন । কৰিব পাৰে । 

[ ব্যাখ্যা ]

প্রশ্ন ( ক ) বিদ্যা দদাতি বিনয়ং … তত সুখম্ । 

উত্তৰঃ ব্যাখ্যেয় শ্লোকফাকি পাঠ্যপুথি ‘ ঋজু ভাৰতী’ৰ অন্তৰ্গত ‘ বিদ্যা ’ নামৰ প্ৰৱন্ধটোৰ পৰা তুলি দিয়া হৈছে । 

সুদূৰপ্ৰসাৰী বিদ্যাৰ সুফলৰ বিষয়ে ক’বলৈ যােৱাৰ প্ৰসংগতে করিয়ে ব্যাখ্যেয় শ্লোক ফাঁকিৰ উল্লেখ কৰিছে । 

বিনয়ী গুণ মানুহৰ অলংকাৰসদৃশ । বিদ্বান মানুহহে বিনয়ী বা নম্র হ’ব পাৰে । বিদ্যাহীন ব্যক্তি কদাপিও বিনয়ী হ’ব নােৱাৰে । এই বিনয়ী গুণটো হ’ল বিদ্যাৰ এটা সুফল । তেনে বিনয়ী লােক সমাজৰ যােগ্য ব্যক্তি বুলি স্বীকৃতি লাভ কৰে তেৱেঁই সকলােৰে মৰম চেনেহৰ পাত্র হয় । তেনে যােগ্যতা অর্জনত বিদ্যাৰ অৰিহণা গণনাতীত ।

যােগ্যতা আৰ্জি ল’ব পাৰিলে সম্পদৰাে গৰাকী হ’ব পাৰে । ধন – সম্পদৰ অধিকাৰী হ’ব পাৰিলেহে ধর্মকার্যবােৰৰাে সম্পাদনত কোনাে অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় । যিহেতু ধনেই হৈছে ধৰ্মৰ মূল । ধর্মমূলক অনুষ্ঠান আদিৰ পৰা মানুহৰ অন্তৰ শুদ্ধ হয় আৰু অতুলনীয় আনন্দ অনুভূত হয় । এই আনন্দই হ’ল সুখ । সকলােবােৰৰ পৰা বুজা গ’ল যে প্রকৃত সুখৰ হেতু হ’ল বিদ্যা ।

[ ( ৩ ) আধুনিক বিজ্ঞানস্য চমৎকাৰা ] 

প্রশ্ন ১। মাতৃভাষালৈ অনুবাদ কৰা :

 ( ক ) অস্মাকং দৃষ্টি … গন্তব্যম বিন্দতি । 

উত্তৰঃ অসমীয়া :- আমাৰ দৃষ্টি য’তেই যায় , তাতেই বিজ্ঞানৰ আচৰিত বস্তুবােৰ দেখিবলৈ পাওঁ । আকাশী জাহাজত উঠি মানুহে চৰাইৰ দৰে আকাশত উৰি ফুৰিছে । আকাশী জাহাজেৰে গৈ যাত্রীয়ে অলপ সময়ৰ ভিতৰতেই নিজৰ গন্তব্য স্থান পায় । 

( খ ) যথা বিজ্ঞানস্য কেচন … অমঙ্গলায় চ ভৱন্তি । 

উত্তৰঃ অসমীয়া :- যিদৰে বিজ্ঞানৰ কিছুমান আৱিষ্কাৰ মানুহৰ মঙ্গলৰ নিমিত্তে ঠিক তেনেদৰে আণৱিক মাৰণাস্ত্রাদি মানুহৰ অমঙ্গলৰ কাৰণ । 

( গ ) বিজ্ঞানস্যবিস্ময়াবহায়াম …….. অলংকুৰ্বন্তি । 

উত্তৰঃ অসমীয়া :- বিজ্ঞানৰ বিস্ময়াবহ এই প্রগতিত বৈদেশিক বৈজ্ঞানিকসকলৰেই অধিক অংশ আছে । কিন্তু কিছুমান ভাৰতীয় বৈজ্ঞানিকেও আমাৰ ভাৰতবৰ্ষক অলংকৃত কৰিছে । 

প্রশ্ন ২। ভাব বহলাই লিখা— 

সুলভা ৰম্যতা লােকে দুর্লভং হি গুণার্জনম । 

উত্তৰঃ মানুহৰ মাজত সুন্দৰ হৈ থাকিবৰ বাবে কোনাে পৰিশ্ৰম কৰিব নালাগে । ভাল মানুহ বুলি চিনাকি দিবলৈ হলে এযােৰ ধুনীয়া সাজ – পােছাক , ভাল মাত – কথা আৰু ভাল চলন – ফুৰণ হ’লেই যথেষ্ট হয় । কিন্তু গুণী পুৰুষ হােৱাটো অতি কঠিন । সজগুণ উপার্জন কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্রয়ােজন । তেনে শ্ৰমৰ দ্বাৰাই মহান বৈজ্ঞানিকসকলে বা মহাপুৰুষসকলে গুণাৰ্জন কৰিবলৈ সমৰ্থ হৈছিল ।

এদিন বা দুদিনতে তেনে গুণৰ অধিকাৰী হ’ব পৰা নাই । বহু বছৰৰ অক্লান্ত শ্ৰম আৰু অধ্যৱসায়ৰ গুণতহে মহান বৈজ্ঞানিক বা মহাপুৰুষ হ’ব পাৰিছে । সেয়েহে ৰূপত সুন্দৰ হ’বলৈ চেষ্টা নকৰি গুণত সুন্দৰ হ’বলৈহে মানুহে চেষ্টা কৰিব লাগে । 

[ ( ৪ ) ভাৰতেষু গণতন্ত্র পদ্ধতি ]

প্রশ্ন ১। মাতৃভাষালৈ অনুবাদ কৰা :

 ( ক ) অস্মাকং সংবিধানানুসাৰম্ … উপক্লপয়ন্তি ।

উত্তৰঃ  অসমীয়া :-  আমাৰ সংবিধান অনুসাৰে দেশৰ জনতাই নির্বাচন পদ্ধতিৰ দ্বাৰা প্রতিনিধিসকলক নির্বাচন কৰে । সেই নির্বাচিত প্রতিনিধিসকলেই লগ হৈ দেশ শাসনৰ বাবে বিধানসমূহ ৰচনা কৰে । 

( খ ) কেন্দ্রস্থা প্রতিনিধয় , …. সার্বভৌমত্বং চ অধিষ্ঠিতম । 

উত্তৰঃ অসমীয়া :- কেন্দ্ৰত থকা প্রতিনিধিসকল দুটা ভাগত বিভক্ত । তাৰে এটা ভাগক লােকসভা বুলি কোৱা হয় আৰু আনটো ভাগক ৰাজ্যসভা বােলা হয় । এই সভা দুখনৰ ওপৰতেই দেশৰ শাসনতন্ত্র , সংবিধান আৰু সার্বভৌমত্ব অধিষ্ঠিত ।

( গ ) যথা কেন্দ্রে … মন্ত্রিত্বেন বৃণীতে । 

উত্তৰঃ অসমীয়া :-  যিদৰে কেন্দ্ৰত ৰাষ্ট্রপতিয়ে প্রধানমন্ত্ৰীৰ বাবে দলৰ নেতাজনক নিমন্ত্রণ কৰে , এনেদৰেই ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ বাবে পক্ষৰ নেতাজনক আহ্বান কৰে । প্রধানমন্ত্রী দৰে মুখ্যমন্ত্ৰীয়েও নিজৰ অভিমতে সদস্যসকলক মন্ত্রীৰূপে নির্বাচন কৰে । 

( ঘ ) কেন্দ্র সভাদ্বয়েন .. ৰাজ্যে এৱ প্ৰচলন্তি । 

উত্তৰঃ অসমীয়া :- কেন্দ্রীয় সভা দুখনৰ দ্বাৰা সম্পাদিত বিধানবােৰ গােটেই দেশতেই প্রৱর্তন কৰা হয় । কিন্তু ৰাজ্যৰ বিধানসভাৰ দ্বাৰা নাইবা বিধানসভা আৰু বিধান পৰিষদৰ দ্বাৰা সম্পাদিত বিধানবােৰ ৰাজ্যতহে প্রচলন কৰা হয় । 

( ঙ ) ৰাজ্যানাম শাসনম্ … অধীষ্ঠিত । 

উত্তৰঃ অসমীয়া :- ৰাজ্যৰ শাসন প্রাদেশিক বিধানসভা নামৰ সমিতিৰ নাইবা প্রাদেশিক বিধানসভা আৰু বিধান পৰিষদ এই সমিতি দুটাৰ ওপৰত অধিষ্ঠিত থাকে ।

[ পদ্যাংশ ]

(১) ৰাম ৰাজ্যম

প্রশ্ন ১। মাতৃভাষালৈ অনুবাদ কৰা :

প্রশ্ন ( ক ) ধৰ্মেন ৰক্ষতস্তস্য … ধনধান্য সমৃদ্ধিনী । 

উত্তৰঃ অসমীয়া :- ধর্মেৰে ৰক্ষা কৰা তেওঁৰ ( ৰামচন্দ্র ) গােটেই পৃথিৱীখনেই হৃষ্ট 

( খ ) আসীদবর্য শতায়ুশ্চ …. ৰাজ্যং প্রশাসতি । 

উত্তৰঃ অসমীয়া :- ৰামে ৰাজ্য শাসন কৰাৰ সময়ত মানুহে ৰােগ , শােক আদি ভােগ নকৰি নিৰােগী হৈ পুত্র – নাতি আদিৰ সৈতে এশ বছৰলৈ জীয়াই আছিল ।

( গ ) নিত্য পুষ্পা মাৰুতঃ । 

উত্তৰঃ অসমীয়া :- ৰাম ৰাজ্যত অক্ষত গছবােৰ ফুল ফুলেৰে সদায় পৰিপূৰ্ণ হৈ আছিল । যথাসময়ত মেঘে বৰষুণ দিছিল আৰু সুখ স্পর্শ বতাহ বলিছিল । 

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

প্রশ্ন ২। ব্যাখ্যা কৰা :

( ক ) নিৰ্দসভৰল্লোকো … প্রেতকার্যাণি কুৰ্বতে । 

উত্তৰঃ ( প্রসংগ – সংগতি ( খ ) প্রশ্নৰ দৰে ৷ ) ৰামচন্দ্র আদর্শবান , ন্যায়পৰায়ণ , নিষ্ঠাবান , প্রজাৰঞ্জক ৰজা আছিল । ৰাজদণ্ড হাতত লৈ তাৰ যথাযথ প্রয়ােগ কৰিছিল । যাৰ ফলত বলীয়ে নির্বলীক কোনাে অত্যাচাৰ – উৎপীড়ন আদি কৰিব পৰা নাছিল । 

প্ৰকৃততে ৰামৰ শাসনকালত কোনাে মানুহেই দস্যু প্ৰকৃতিৰ নাছিল । ফলত সকলাে প্ৰজাই সুখ – শান্তিত কাল কটাব পাৰিছিল । হিংসা , কপটতা , চোৰ , চাতুৰি আদিয়ে ৰামৰাজ্যত স্থান পােৱা নাছিল । 

ধার্মিক ৰজাৰ শাসনত থাকি প্রজাবৰ্গয়াে মানুহৰ উপভােগ্য এশ বছৰ কাল শােক কথা দখবিহীনভাবে কটাব পাৰিছিল । ফলত অপমৃত্যু , অকাল মৃত্যুৰ কোনাে আধিপত্যই ৰামৰাজ্যত নাছিল । উপযুক্ত সময়ত মানুহৰ মৃত্যু হােৱা হেতুকে বৃদ্ধজনে কম বয়সিয়ালজনৰ প্রেতকার্যাদি কৰিব নালাগিছিল । এনেকুৱাই আছিল ৰামৰাজ্য । 

( খ ) সর্বং প্রমুদিতং … চাহিংসৎ পৰম্পৰম্ । 

উত্তৰঃ ব্যাখ্যেয় শ্লোক ফাঁকি আমাৰ সংস্কৃত পাঠ্যপুথি ‘ ঋজু ভাৰতী’ৰ অন্তৰ্গত ‘ ৰামৰাজ্য ’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে । 

আদর্শবান ৰজাৰ সুগুণসমূহ প্ৰজাই সদায় অনুধাৱন কৰে । ৰজাজন ধর্মপৰায়ণ হােৱা হেতুকে প্রজাবর্গও ধর্ম পথৰ পৰা কেতিয়াও আতৰি নাযায় । সকলাে মানুহেই ধর্ম ভাবাপন্ন হৈ বিমল আনন্দ উপভােগ কৰে । উদাহৰণতকৈ যে আৰ্হি বেছি ফলদায়ক তাৰেই প্রমাণ ৰামৰাজ্য ।

ৰাজ্যত যেতিয়া ৰজাই নিজে ধার্মিক হৈ কাকো হিংসা , দ্বেষ নকৰি প্ৰজাক পুত্রবৎ পালন কৰে , সেই ৰাজ্যত প্রজায়াে কেতিয়াও কাকো হিংসা , দ্বেষ , কপটতা আদি নকৰি পৰস্পৰে পৰম্পৰক ভাতৃবৎ জ্ঞান কৰি স্বৰ্গৰাজ্য প্রতিষ্ঠা কৰে । 

( গ ) নিত্যপুষ্প …. সুখস্পর্শশ্চ মাৰুত :। 

উত্তৰঃ ব্যাখ্যেয় শ্লোকফাঁকি সংস্কৃত পাঠ্যপুথি শ্রীবিনন্দ চন্দ্র বর্মনদেৱ সঙ্কলিত ‘ ঋজু ভাৰতী’ৰ অন্তৰ্গত ‘ ৰামৰাজ্য ’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে । 

আদর্শবান ৰজাৰ সুশাসনত প্ৰজাসকল সুখ – শান্তিত বাস কৰে আৰু তেনে ৰজাৰ প্রতি ভগৱানে যে সন্তুষ্ট হয় তাকে ক’বলৈ যােৱাৰ প্ৰসঙ্গতে ব্যাখ্যেয় প্রসঙ্গতে শ্লোকফাঁকি উল্লেখ কৰিছে । 

যিসকল সুশাসক সেইসকলৰ সুশাসনত জড়জগত , চেতন জগত উভয়েই সুখ শান্তিত দিন নিয়াব পাৰে । জড়জগতৰ গছ – গছনিয়ে সদায় ফল – ফুল ধাৰণ কৰি প্রাকৃতিক সৌন্দর্যৰে দেশৰ সৌন্দর্য বঢ়ায় । গছবিলাক সদায় অক্ষত অবস্থাত থাকে । 

দেশ কদাপিও প্রাকৃতিক দুর্যোগৰ সন্মুখীন হ’ব নালাগে । অনাবৃষ্টি , অকালবৃষ্টি আদিৰ তেনে ৰাজ্যত স্থান নাই । যথাসময়ত বৰষুণৰ পানীয়ে জান – জুৰি , নদ – নদী , গছ – গছনি আদিক শীতল কৰি ৰাখে । সেয়েহে সময়ৰ কৃষিজাত দ্রব্য সময় মতে পাব পাৰে । তেনে ৰাজ্যত ধুমুহা বা ঘূণী বতাহেও কেতিয়াও সন্ত্রাসৰ সৃষ্টি নকৰে । সদায় মৃদু বতাহ বলি মানুহৰ মন শান্ত কৰি ৰাখে । তেনে ৰাজ্যই আছিল ৰাম ৰাজ্য । যি ৰাজ্যৰ প্ৰজাবৰ্গই  আর্থিক স্বচ্ছলতা আৰু দুর্যোগহীন জীৱন যাপন কৰিছিল । 

( ঘ ) স্নেহং দয়াং চ …… নাস্তি মে ব্যথা । 

উত্তৰঃ ব্যাখ্যেয় শ্লোকফাকি ‘ ঋজু ভাৰতী’ৰ ‘ৰামৰাজ্য ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে । 

ৰামায়ণৰ বামচন্দ্ৰ বৰ প্ৰজাৰঞ্জক বজা আছিল ৷ প্ৰজাৰ সুখৰ বাবে যিকোনাে স্বার্থ ত্যাগ কৰিবলৈ তেওঁ সাজু আছিল । তেওঁ প্ৰজাৰ তুষ্টি সাধনৰ বাবে মৰম , স্নেহ , দয়া , সুখ আনকি প্রজাৰ হিতৰ বাবে যদি তেওঁ নিজৰ প্রিয়তমা পত্নী সীতাকো ত্যাগ কৰিবলগীয়া হয় তাতে তেওঁৰ কোনাে প্রকাৰৰ দুখ নাই । 

ৰামৰ আদৰ্শত ৰজা প্ৰজাৰ পালক আৰু প্ৰজা পালনত প্রজাৰ মঙ্গল সাধনত ৰজাই ত্যাগ কৰিব নােৱাৰা কোনাে বস্তুৱেই নাই । সেয়ে ৰামে ৰাজ্য শাসন কৰাৰ সময়ত সর্বসাধাৰণ প্ৰজাৰ হিতৰ বাবে তেওঁ তেওঁৰ প্রিয়তমা পত্নীকো যদি ত্যাগ কৰিব লাগে । তাৰ বাবে তেওঁৰ কোনাে ব্যথা নাই ।

[ ( ২ ) ভৰতং প্রতি ৰামায়ণে ৰামস্যোপদেশঃ ] 

প্রশ্ন ১। মাতৃভাষালৈ অনুবাদ কৰা :

( ক ) সর্বেক্ষয়ান্তা ….জীৱিতম ।।

উত্তৰঃ সকলাে বস্তু লাহে লাহে ক্ষয় হৈ থাকে , উন্নতিৰ সময়ত পতনাে হয় । মিলন আৰু বিচ্ছেদপূর্ণ মানুহৰ জীৱনত মৃত্যু হ’ল অন্তিম পৰিণতি । 

( খ ) তমেবং দুঃখিতং…..আত্মবান ।। 

উত্তৰঃ যশস্বী ভৰতক এইদৰে বিমর্ষ আৰু বিলাপৰত দেখি তান্তর্যামী মহাত্মা ৰামচন্দ্ৰই তেওঁক সান্ত্বনা প্রদান কৰিছিল । 

( গ ) যথা যশানাং……ভয়ম্।।

উত্তৰঃ পকা ফলবােৰৰ যেনেদৰে সৰি যােৱাৰ বাহিৰে আন কোনাে ভয় নাথাকে ; তেনেকৈ মানুহৰে মৃত্যুৰ বাহিৰে আন কোনাে ভয় নাথাকে । 

( ঘ ) যথাগাৰং বশংগতাঃ ।। 

উত্তৰঃ সুদৃঢ় লােৰে নির্মিত ঘৰ যেনেকৈ জীৰ্ণ হৈ লাহে লাহে ক্ষয় হয় , তেনেকৈ মানুহৰো জৰাজীৰ্ণ হৈ মৃত্যু হয় । 

তমেবং দুঃখিতং প্রেক্ষ্য বিলপম্ভং ঘশাস্বন । 

ৰাম : কৃতাত্মা ভৰতং সমাশ্বাসয়দা ত্মৱান ।।

প্রশ্ন ২। ভৰতক ৰামে কিদৰে উপদেশ দিছিল সহজ ভাষাত চমুকৈ লিখা । 

উত্তৰঃ ভৰতে বনৰ পৰা ৰামক ওভােতাই আনিবলৈ গৈ ৰামৰ অৱস্থা দেখি তেওঁ কান্দিবলৈ ধৰিলে । তেতিয়া ৰামে ভৰতক সান্ত্বনা দিবলৈ গৈ কৈছিল যে মানুহ কেতিয়াও স্বাধীন হ’ব নোৱাৰে । সকলাে নিয়তিৰ অধীন । তদুপৰি মানুহৰ জীৱন ক্ষণভংগুৰ । এই ক্ষণভংগুৰ জীৱনত উত্থান – পতন , মিলন – বিৰহ আদি ঘাত – প্রতিঘাতেৰে বাধাপ্রাপ্ত হৈ মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ থাকে ।

গছত ফল পকি সৰি পৰাৰ বাহিৰে আন ভয় নােহােৱাৰ দৰে মানুহৰাে মৃত্যুত বাহিৰে আন ভয় নাই । নতুন নতুন ঋতুৰ আগমনে মানুহৰ মনলৈ আনন্দ আনিলেও ইয়াৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ আয়ুসাে কমি গৈ থাকে । মহাসমুদ্রত কাঠবােৰ উটি আহি একগােট হৈ আকৌ সমুদ্রৰ ঢৌৱে গোট হৈ থকা কাঠবােৰক পৃথক কৰি বিভিন্ন সোঁতত উটুৱাই লৈ যােৱাৰ দৰে মানুহে এই সংসাৰ সমুদ্রত আত্মীয়তাৰ দোলেৰে বান্ধ খাই আকৌ কালৰ কৰাল গ্রাসত লােপ পাই বিচ্ছেদ ঘটে ।

সেয়েহে পিতৃ মাতৃ – ভাতৃ , পত্নী , বন্ধু , বান্ধৱ , সম্পদ আদিৰ বিচ্ছেদ অৱশ্যম্ভাৱী । ইয়াক ৰােধ কৰিব পৰা শক্তি কাৰাে নাই ৷ এনেদৰে উপদেশ দি ৰামে ভৰতক কৈছিল যে ৰামাে নিয়তিৰ অধীন । তেনেস্থলত নিয়তিৰ বিধান উলঙঘন কৰিব নােৱাৰে । সেয়েহে তেওঁৰ বিচ্ছেদত ভৰতে দুখ কৰাৰ কোনাে কাৰণ নাই । 

প্রশ্ন  ব্যাখ্যা কৰা :

( ক ) যথা ফলানাং … মৰণা ভয় ।।

উত্তৰঃ ব্যাখ্যেয় শ্লোকফাঁকি সংস্কৃত পাঠ্যপুথি ‘ ‘ঋজু ভাৰতীত’ থকা ভৰত মস্যোপদেশ ’ নামক পদ্যাংশৰ পৰা তুলি দিয়া হৈছে । 

পিতৃসত্য পালনার্থে ৰাম , সীতা আৰু লক্ষ্মণ বনলৈ যােৱাত দুখ – শােকত জৰ্জৰিত হৈ দশৰথ মৃত্যুমুখত পৰে । মাতুল গৃহত থকা ভৰতে সকলাে কথাৰ সম্ভেদ পাই মৃত পিতৃ কার্য সম্পাদন কৰি ৰামক ঘূৰাই আনিবৰ বাবে বনলৈ যাত্ৰা কৰিলে । বনত ৰাম – লক্ষ্মণক লগ পাই ভৰতে মনত বৰ দুখ পায় আৰু শােকতে বিনাবলৈ ধৰিলে।ভৰতৰ মনৰ এই শােক পাতলাবৰ বাবে ৰামচন্দ্রই ভৰতক উপদেশ দিয়াৰ চলেৰেই ব্যাখ্যেয় শ্লোকফাকি কৈছিল । 

মানুহৰ মৃত্যু অৱশ্যম্ভাৱী । সময়ৰ আহ্বান আওকাণ কৰিব পৰা শক্তি কাৰাে নাই । গছত ফুল ফুলে । ফুলৰ পৰাই হয় ফল । সেই ফল পূৰঠ হৈ পকিবলৈ ধৰে । পকাৰ পিছত ফলৰ শেষ পৰিণতি হ’ল গছৰ পৰা বিচ্যুত হােৱা , ইয়াৰ বাহিৰে আন পথ নাই ।

তদ্রুপ সংসাৰত জন্মগ্রহণ কৰা মানুহৰাে মৃত্যু বাহিৰে আন পথ নাই । গীতাতাে তাকেই কৈছে – ‘ জাতস্য হি ধ্ৰুৱাে মৃত্যুদ্রুৱং জন্ম মৃতস্য চ ’ এই জন্ম – মৃতুৰ সোঁতটো আদি কালৰে পৰা চলি আহিছে আৰু অনন্ত কাললৈ চলি থাকিব । যিহেতু শােক কৰি কোনাে লাভ নাই । 

এনেদৰেই ৰামে ভৰতক বুজাবলৈ গৈ কৈছে যে জন্ম – মৃত্যু অৱশ্যম্ভাৱী , গতিকে সাময়িক দুঃখ – শােকত কাতৰ হােৱাটো অনুচিত । 

( খ ) যথাগাৰং জৰামৃত্যু বংশগত । 

উত্তৰঃ  [ উদ্ধৃতি ( ক ) ব্যাখ্যাৰ দবে । ] মানুহৰ শৰীৰটো অশাশ্বত , অনিত্য । ক্ষিতি , অপ , তেজ , মৰুৎ , ব্যোম আদি পঞ্চভূতৰ সমষ্টিত শৰীৰটো জীর্ণ হােৱাত অলপাে সময় নালাগে । কালৰ কুটিল গতিৰ সোঁতত পৰি অতি কঠিন পদার্থটোও ক্ষয়প্রাপ্ত হয় ; আৰু সময়ত একেবাৰে দুৰ্বল হৈ কামৰ অনুপযােগী হৈ পৰে ।

ৰামচন্দ্রই এটা সুন্দৰ উপমাৰে ভৰতক বুজাই দিছে যে লােৰে নির্মিত ঘৰো কালক্ৰমত জীৰ্ণ হৈ লাহে লাহে ক্ষয় হৈ যায় । তদ্রুপ মানুহৰ শৰীৰো বার্ধক্য আৰু মৃত্যুৰ কৰাল গ্রাসত পৰি মাটিৰ লগত বিলীন হৈ পৰে । সেয়েহে অনিত্যৰ মাজতে আবদ্ধ হৈ থাকি অনিত্যৰ বিষয়ে অকণ্যে শােক কৰিব নালাগে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top