Class 9 Assamese Chapter 11 যুঁজ | অসমীয়া Class 9 যুঁজ

Class 9 Assamese Chapter 11 যুঁজ | অসমীয়া Class 9 যুঁজ, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 11 যুঁজ can be of great value to excel in the examination.

Join Telegram channel

Class 9 Assamese Chapter 11 যুঁজ – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 11 যুঁজ for All Subject, You can practice these here…

যুঁজ

ড ° মৃণাল কলিতা

ভাব বিষয়ক

প্রশ্ন ১। অতি চমুকৈ উত্তৰ লিখা :

( ক ) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল ? 

উত্তৰঃ প্রশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল ।

( খ ) সিদ্ধার্থহঁতৰ শ্রেণী শিক্ষক গৰাকীৰ নাম কি ? 

উত্তৰঃ সিদ্ধার্থহঁতৰ শ্রেণী শিক্ষক গৰাকীৰ নাম হ’ল- মহেন্দ্র । 

( গ ) নির্মলে কাক বিচাৰি দোকানলৈ গৈছিল ? 

উত্তৰঃ নির্মলে সিদ্ধার্থক বিচাৰি দোকানলৈ গৈছিল । 

( ঘ ) সিদ্ধার্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল ?

উত্তৰঃ সিদ্ধার্থই পেঞ্চিল বক্সত বাপেকে দিয়া চকলেটৰ কাগজ সাঁচি থৈছিল ।

( ঙ ) নির্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল ? 

উত্তৰঃ নিৰ্মলৰ দেহত হােৱা জটিল ৰােগৰ চিকিৎসাৰ বাবে বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল । 

প্রশ্ন ২। তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়া : 

( ক ) সিদ্ধার্থই কিয় প্রশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ? 

উত্তৰঃ সিদ্ধার্থ মাক বাপেকে সকলাে সময়তে কাজিয়া কৰি আছিল আৰু অৱশেষত বাপেকে সিহঁতক এৰি থৈ ক’ৰবালৈ গুচি গ’ল । মাকেও তাৰ কোনাে যত্ন নােলােৱা হ’ল । সি মনত দাৰুণ আঘাত পাই দোকানীজনৰ কুপৰামর্শ ক্রমে মনৰ এই অশান্তি , দুখ দূৰ কৰিবলৈ চিগাৰেট হুপিবলৈ আৰম্ভ কৰে । চিগাৰেট কিনিবলৈ পইচাৰ অভাৱত সিদ্ধার্থই বেগৰ পৰা পইচা চুৰি কৰিছিল । 

( খ ) কি কি কাৰণত সিদ্ধার্থ নিচাসক্ত হৈ পৰিছিল ? 

উত্তৰঃ সিদ্ধার্থ বুজা হােৱা বয়সৰ পৰাই সি দেখিছিল – তাৰ মাক – বাপেকৰ মাজত দুর্বাদল কাজিয়া । প্রচণ্ড চিঞৰ – বাখৰ , গালি – গালাজ আদিয়ে তাক বিতত কৰি তুলিছিল । অবশেষত বাপেকে এদিন সিহঁতক এৰি ক’ৰবালৈ গুচি গ’ল । মাকৰ পৰাও সি পাবলগীয়া মৰম – চেনেহ আলপৈচান নেপায় ; তাৰ প্ৰতি মাকৰ মনােযােগ একেবাৰে নােহােৱা হৈ পৰাত সি অন্তৰত দাৰুণ আঘাত পায় , ভীষণ অশান্তি ভুগিবলৈ ধৰে ।

তাৰ এনে অবস্থাৰ উমান পাই দুষ্ট বুদ্ধিৰ দোকানীজনৰ কু পৰামর্শত মনৰ অশান্তি দূৰ কৰিবলৈ প্রথমে চিগাৰেট আৰু পিছত ড্রাগছ আদি নিচা জাতীয় বস্তু ব্যৱহাৰ কৰিবলৈ ধৰিলে । সি নিচাসক্ত হৈ পৰিল । 

( গ ) নির্মলে সিদ্ধার্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল ? 

উত্তৰঃ সিদ্ধার্থই আগতে নির্মলহঁতৰ লগত হাঁহিছিল , খেলিছিল । কেইমাহ মানৰ পৰা সি গহীন , খিংখিঙীয়া আৰু বেপৰােৱা হৈপৰিছে , —বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে , শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কাম প্রায়েই নকৰে , আনকি মাজে মাজে স্কুলাে খতি কৰে । নির্মলে তাৰ মাক – দেউতাকৰ বিষয়ে কিছু কথা ইকাণ – সিকাণকৈ শুনিছে । নির্মলে ভাবিছিল তাৰ পৰিবর্তন চাগে সেইবােৰ কাৰণতে হৈছে ।

হয়তাে সেই কথাও সঁচা । কিন্তু এই ৰহস্যময় পাণ দোকনত তাৰ সঘন উপস্থিতিয়ে যেন নির্মলক দুর্বোধ্য সাথৰৰ মাজলৈ টানি লৈ গ’ল । এই সাঁথৰৰ সমাধান , এই ৰহস্য উদ্ঘাটন কৰিব লাগিব । এই ৰহস্যৰ পকনীয়াত আপােন বন্ধু এজনক হেৰাই যাবলৈ দিব নােৱাৰি । সেই কাৰণেই নির্মলে সিদ্ধার্থক বিচাৰি পাণ দোকানখনলৈ গৈছিল । 

( ঘ ) সিদ্ধার্থই প্ৰথমতে কিয় নির্মলৰ মুখামুখি হ’ব খােজা নাছিল ? 

উত্তৰঃ সদায় নির্মলহঁতৰ লগত হাঁহি ধেমালি কৰা সিদ্ধার্থ কেইমাহ মানৰ পৰা গহীন , খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰা , সিহঁতক এৰি শ্ৰেণীত পিছফালে বহা আৰু শিক্ষকে কবিব দিয়া ঘৰৰ কাম প্রায়ে নকৰা আদি পৰিবর্তন লক্ষ্য কৰি নির্মলে আপােন বন্ধু সিদ্ধার্থক বাৰে বাৰে সুধিছিল— “ তােৰ কি হৈছে মােক ক’বই লাগিব সিদ্ধার্থ ।

” সিদ্ধার্থই নির্মলৰ দৰে তাক অতিকৈ ভাল পােৱা বন্ধু , তাৰােপৰি মনৰ শান্তি পাবলৈ বুলি পাণ দোকানখনত চিগাৰেট হুপি থকা অৱস্থাতে ধৰা পৰাত অতিকৈ লজ্জিত হােৱাত নির্মলৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল । সি ভাবিছিল মহেন্দ্র মাষ্টৰৰ কর্কশ – কঠোৰ বাক্যবাণৰ মুখামুখি হােৱা সহজ হ’লেও নির্মলৰ দৰে ইমান ভাল বন্ধু এজনৰ মুখামুখি হােৱা সহজ নহয় । তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নােৱাৰি সিদ্ধার্থই প্রথমতে নির্মলৰ মুখামুখি হ’ব খােজা নাছিল । 

( ঙ ) নির্মলৰ জটিল ৰােগৰ কথা জানি সিদ্ধার্থই কি কৈছিল ? 

উত্তৰঃ নির্মলৰ জটিল ৰােগৰ কথা জানি সিদ্ধার্থ প্রচণ্ড আঘাতত যেন নির্বাক নিস্পন্দ হৈ পৰিল । কি ক’ব ভাবি পােৱাৰ আগতেই নির্মলৰ কোমল শব্দবােৰ আন্ধাৰ উজাই আহি তাৰ কাণত বাজিল— “ বাধা দিবলৈ , বুজাবলৈ , সাহস দিবলৈ মই নাথাকিলেও তই সেই পাণ দোকানখনলৈ নাযাবি । ” 

সিদ্ধার্থৰ বুকুখন মােচৰ খাই উঠিল। সি নির্মল হাত এখনত খামুচি সেপ ঢুকি ক’লে— “ মই নিশ্চয় চেষ্টা কৰিম নির্মল । চকুৰ সমুখত নাথাকিলেও মােৰ বুকুৰ ভিতৰৰ পৰাই তই মােক বাধা দি থাকিবি , – মই জানাে । 

প্রশ্ন ৩। “ তােৰ কি হৈছে , মােক ক’বই লাগিব সিদ্ধার্থ । ” — নির্মলৰ এই কথাখিনিয়ে সিদ্ধার্থক কেনেকৈ প্ৰভাৱিত কৰিছিল ? 

উত্তৰঃ সিদ্ধার্থ মন , কাম কাজ আৰু স্বভাৱ , চাল – চলনৰ পৰিবর্তন দেখি সিদ্ধার্থ আপােন বন্ধু নির্মল বৰকৈ চিন্তিত হৈ পৰিছিল । পাণ দোকানখনত চিগাৰেট হুপি থকা নির্মলে মাতি আনি প্রশান্তৰ বেগৰ পৰা টকা চুৰি কৰি অনাৰ কথাকে ধৰি তাৰ কিয় এনে হৈছে ক’বলৈ টানি ধৰিছিল । এই কথাৰ উত্তৰ নিদি সিদ্ধার্থই দৌৰি গৈ বাছত উঠাৰ সময়তাে নির্মলে কৈছিল । “ তােৰ কি হৈছে মােক ক’বই লাগিব সিদ্ধার্থ । ” 

ইয়াৰ পিছত সিদ্ধার্থ এসপ্তাহলৈ বিদ্যালয়লৈ যােৱা নাই , —গলেই নির্মলক লগ পাব । সেই কাৰণে যাবলৈ সাহ হােৱা নাই । নির্মলৰ কথাষাৰ তাৰ যন্ত্রণাদগ্ধ বুকুৰ মাজত বাজি শান্তিৰ সংগীত হৈ ৰৈছে । সিদ্ধার্থই অনুভৱ কৰিছে “ তােৰ কি হৈছে মােক কবই লাগিব সিদ্ধার্থ । ” — এইষাৰ কথা কব পৰা মানুহবােৰেই তাৰ জীৱনৰ পৰা বহুদূৰলৈ গুচি গ’ল । এইষাৰ কথা উত্তৰ দিব নােৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত সিদ্ধার্থ ছটফটাই থাকিল । 

প্রশ্ন ৪। সিদ্ধার্থই কিয় নিঃসংগতাত ভুগিছিল , বুজাই লিখা । 

উত্তৰঃ সিদ্ধার্থই বুজা হােৱাৰ পৰাই দেখিছিল মাক – দেউতাকৰ দুর্বাদল কাজিয়া , চিঞৰ বাখৰ , গালি – গালাজ । সি নিঃচুপ হৈ সকলাে লক্ষ্য কৰিছিল আৰু দাৰুণ অশান্তিত ভুগিছিল । এনেতে এদিন দেউতাকে সিহঁতক এৰি গুচি গ’ল । মাকৰ পৰা পাবলগীয়া মৰমবােৰ সি নােপােৱা হ’ল । ঘৰুৱা এই ঘটনাই তাক বিদ্রোহী , খিংখিঙীয়া কৰি তুলিলে । সদায় লগৰীয়াৰ লগত হাঁহি – ধেমালি কৰি থকা সিদ্ধার্থৰ মুখৰ হাঁহি নােহােৱা হ’ল ।

অতি খঙাল আৰু কঠোৰ শাসন কৰা শিক্ষকৰ কথাতো সি টান মুখে উত্তৰ দি প্রতিবাদ কৰিব পৰা হ’ল । মনৰ এনে হতাশ আৰু অশান্তি দূৰ কৰিবৰ বাবে পাণ দোকানীয়ে দিয়া কু – পৰামৰ্শত সি চিগাৰেট হুপিবলৈ ধৰিলে । ড্ৰাগছত ধৰিলে । এইবােৰ কাৰণতে সিদ্ধাই শ্রেণীতে কাৰাে লগত নবহি একেবাৰে শেষৰ বেঞ্চত বহিবলৈ ল’লে। তাৰ কি হৈছে— সেই কথা ক’বই লাগিব  বুলি তাৰ অতি আপােন বন্ধু নির্মলে টানি ধৰাত নির্মলকো সি এৰাই চলিব ধৰিলে ।

তাৰ কথা বতৰা , চাল – চলন , আচাৰ – ব্যৱহাৰৰ পৰিবর্তন ঘটিল , কাৰাে লগত নিমিলা হ’ল । কোনে তাক মনৰ এই অশান্তি , হতাশা , দুখ – বেদনা দূৰ কৰিব আদি চিন্তাই তাক অতিষ্ঠ কৰি তুলিছিল । এইবােৰ কাৰণতেই সিদ্ধার্থই নিঃসংগতাত ভুগিছিল । 

প্রশ্ন ৫। নির্মলে কেনেদৰে সিদ্ধার্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা । 

উত্তৰঃ সিদ্ধার্থ আছিল নির্মলৰ সহপাঠী আৰু অতি অন্তৰংগ আপােন বন্ধু । ঘৰুৱা সমস্যাই সিদ্ধার্থক পঢ়া – শুনাত বাধা দিয়াৰ উপৰিও হতাশাত অন্তৰ অস্থিৰ কৰি তুলিছিল । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অতি বেয়া মনৰ পাণ দোকানীজনৰ কথামতে মনত শান্তি পাবলৈ , হতাশ ভাব আঁতৰাবলৈ , সি প্রথমে চিগাৰেট হুপিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত ড্ৰাগছত ধৰে । 

এই অধঃপতিত অৱস্থাৰ পৰা ; ভুল বাটৰ পৰা আঁতৰাই আনিবলৈ নির্মল দৃঢ় সংকল্প হৈছিল । এজন আপােন বন্ধু এনেদৰে ভুল বাটে আগবঢ়াত নির্মল অতিকৈ উদ্বিগ্ন আৰু দুখিত হৈছিল । 

পাণ দোকানখনলৈ সঘনাই সিদ্ধার্থ গৈ থকাত নির্মলে কিবা ৰহস্যৰ গােন্ধ পাই তালৈ গৈ দেখিলে সিদ্ধার্থই তাত চিগাৰেট হুপি আছে । তাক তাৰ পৰা মাতি আনি সি কিয় এনেকুৱা হৈছে , তাৰ কি হৈছে তাক ক’বলৈ টানি ধৰিছিল । এই কথাৰ কোনাে উত্তৰ নিদি সিদ্ধার্থ গুচি গ’ল যদিও এদিন তাক অকলশৰে মাতি নি সকলাে কথা সুধিলে । সিদ্ধার্থই এজন আপােন বন্ধুৰ কথা এৰাব নােৱাৰি তাৰ দুখৰ কাহিনী বিবৰি ক’লে ।

তেতিয়া নির্মলে সিদ্ধার্থক বুজাইছিল যে আচল কথা হ’ল মনটো । মনে জীৱনটোক ভাল পাব লাগিব । জীৱনটোক ভাল পালে প্রকৃতিৰ সকলােৱেই মানুহক আপােন কৰি লয় ।এইবােৰ ভালপােৱা মানুহ কেতিয়াও নিঃস্ব , শূন্য নহয় । আচলতে মন গ’লেই সুখী হ’ব পাৰি । গল্প , উপন্যাস লিখিব নােৱাৰিলেও সেইবােৰ পঢ়ি আনন্দ পাব পাৰি , গান গাব নাজানিলেও গান শুনি প্রাণত সুখ পাব পাৰি । 

সকলাে মানুহৰেই জীৱনবােৰ একো একোখন যুঁজ । নির্মলে সিদ্ধার্থক বুজাই শেষত ক’লে- “ অহা সপ্তাহত মই বাহিৰলৈ যাম — বহুদিনৰ বাবে । মােৰ দেহত এটা জটিল ৰােগ বুজিছ । ময়াে খুঁজিছাে। সবেই খুঁজে , – মাথোঁ সকলােৰে যুঁজবােৰ বেলেগ বেলেগ । ” — আৰু কলে- “ বাধা দিবলৈ , বুজাবলৈ , সাহস দিবলৈ মই নাথাকিলেও তই সেই পাণ দোকানখনলৈ নাযাবি । ” সিদ্ধার্থৰ বুকুখন যেন মােচৰ খাই উঠিল ।

সি নির্মলৰ হাতখনত খামুচি ধৰি আবেগৰে ক’লে— “ মই নিশ্চয় চেষ্টা কৰিম নির্মল । চকুৰ সন্মুখত নাথাকিলেও মােৰ বুকুৰ ভিতৰৰ পৰাই বাধা দি থাকিবি ,মই জানো ।” এনেদৰে নির্মলে সিদ্ধার্থক ভূল বাটৰ পৰা আনিবলৈ চেষ্টা কৰিছিল । 

প্রশ্ন ৬। “ তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নােৱাৰি ; অস্বস্তিকৰ মৌনতাৰ মাজত মাথোঁ ছটফটাবহে পাৰি”– কথাষাৰৰ অন্তৰ্নিহিত ভাব বিশ্লেষণ কৰা ।

উত্তৰঃ কেইমাহ মানৰ পৰা নির্মলে লক্ষ্য কৰিছিল সিদ্ধার্থ গহীন , খিংখিঙীয়া আৰু বেপৰােৱা হৈ পৰিছে , বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে , শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কাম প্রায়েই নকৰে ; আনকি মাজে মাজে সি স্কুলাে খতি কৰে ।

তাৰােপৰি সঘনে সি ওচৰৰ পাণ দোকানখনলৈ যায় । পাণ দোকানলৈ সি কিয় যায় এই কথাৰ ৰহস্য এদিন নির্মলে ভেদ কৰিলে । সিদ্ধার্থক বিচাৰি গৈ নির্মলে দেখিলে – সিদ্ধার্থই চিগাৰেট হুপি আছে । 

এদিন নির্মলে সিদ্ধার্থক পাণ দোকানখনৰ পৰা মাতি আনি সুধিছিল– সি কিয় প্রশান্তৰ বেগৰ পৰা টকা চুৰি কৰিলে , কিয় সি চিগাৰেট হুপিবলৈ লৈছে ? ইয়াৰ কোনাে উত্তৰ সিদ্ধার্থই নির্মলক দিব পৰা নাছিল । নির্মল আছিল সিদ্ধার্থৰ অতি আপােন বন্ধু । তাৰ পৰা কোনাে উত্তৰ নাপাই নির্মলে পুনৰ তাক কৈছিল— “ তােৰ কি হৈছে মােক ক’বই লাগিব সিদ্ধার্থ । ” 

সিদ্ধার্থই নির্মলৰ এই কথাৰ উত্তৰ নিদি ততাতৈয়াকৈ বাছত উঠি আঁতৰি গ’ল । ইয়াৰ পিছত সিদ্ধার্থ এসপ্তাহমান বিদ্যালয়লৈ যােৱা নাই যাবলৈ তাৰ সাহস হােৱা নাই । নির্মলৰ কথাষাৰ তাৰ যন্ত্রণাদগ্ধ বুকুৰ মাজত বাজি শান্তিৰ সংগীত হৈ ৰৈছে । এইষাৰ কথা ক’ব পৰা মানুহ তাৰ জীৱনৰ পৰা বহুদূৰলৈ গুচি গ’ল । 

মহেন্দ্র মাষ্টৰৰ কর্কশ কঠোৰ বাক্যবাণৰ মুখামুখি হােৱা যেন সহজ — তাৰ দৰে বেপৰােৱা উদণ্ড ল’ৰা এজনৰ বাবে চকুত চকু থৈ সেই আক্ৰমণৰ প্রত্যুত্তৰ দিয়াও সহজ কিন্তু নির্মলৰ দৰে তাৰ প্রতি অতিপাত ভাল পােৱা অন্তৰঙ্গ বন্ধু এজনৰ মুখামুখি হােৱা সহজ নহয় ।

তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নােৱাৰি , নিজৰ অন্তৰৰ সকলাে কথা খুলি ক’বলৈ সাহস গােটাব নােৱাৰি , নিজকে অতি হীন বুলি অনুভৱ কৰি অতি অস্বস্তিকভাৱে সি মনে মনে থাকিব লগা হ’ল । খুলি ক’ব নােৱৰা বেদনাত সি ছটফটাই থাকিল । 

প্রশ্ন ৭। “ হাঁহিব নােৱাৰি , খেলিব নােৱাৰি , শুব নােৱাৰি — ইমানেই তীব্র সেই শূন্যতাৰ ভাৰ – দুখৰ দাহন ” —কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা । 

উত্তৰঃ সমনীয়া বন্ধুৰ লগত সদায় হাঁহি – ধেমালি কৰি থকা সিদ্ধার্থ যেতিয়া মাক দেউতাকৰ অনবৰতে লাগি থকা কাজিয়া , চিঞৰ – বাখৰ , গালি – গালাজবােৰ নীৰবে শুনি আছিল আৰু অৱশেষত দেউতাকে এদিন সিহঁতক এৰি আঁতৰি গুচি গ’ল , —তাৰ পিছতাে সি মাকৰ পৰা পাব লগা মৰমখিনিও নােপােৱা হ’ল , সি হৈ পৰিল গহীন , খিংখিঙীয়া , বেপৰােৱা , বন্ধুৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ ধৰা এজন অকলশৰীয়া ল’ৰা । 

ইয়াৰ পিছত দেউতাকে সপ্তাহ – পষেকৰ মূৰে মূৰে আহি তাক স্কুল ছুটীৰ পিছত লগ ধৰি চকলেট আদি দিছিল । তথাপি সি শান্তি পােৱা নাছিল । অকলশৰীয়াভাৱে এন্ধাৰ কোঠাত সােমাই বিছনাত পৰি থাকে । উজাগৰ ৰাতিবােৰত তাৰ চকুৰ পানী শুকাই গৈছিল , মচি দিব পৰাকৈ মাকৰ কোমল হাত দুখনতাে সি অভাৱ অনুভৱ কৰিছিল ।

দেউতাকে দিয়া চকলেটবােৰৰ কাগজবােৰ তাৰ পেঞ্চিল বক্সত ভৰাই থওঁতে বক্সটো ভৰি গৈছিল আনহাতে তাতকৈওঁ সােনকালে ভৰি পৰিছিল তাৰ বুকুখন অসহনীয় শূন্যতাৰে । সেই শূন্যতাৰ ভাৰ- দুখৰ দহন ইমানেই তীব্রতৰ আছিল যে সি হাঁহিব নােৱাৰে , শুব নােৱাৰে , খেলিব নােৱাৰে । অসহনীয়া বেদনা আৰু শূন্যতাই সিদ্ধার্থক অস্থিৰ কুৰি তুলিছিল । 

প্রশ্ন ৮। সিদ্ধার্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল আৰু তাৰ কিয় অন্তর্দহন হৈছিল — বুজাই লিখা । 

উত্তৰঃ অশান্ত মনৰ দুখ – বেদনা , হতাশা আঁতৰাবলৈ পাণ দোকানীজনৰ কুপৰামর্শ ক্রমে সিদ্ধার্থই চিগাৰেট হুপিবলৈ আৰম্ভ কৰিছিল । সি অনুভৱ কৰিলে নিষিদ্ধ ড্রাগছ খালে সি মনত আৰু শান্তি পাব । সেয়ে ড্ৰাগছ ব্যৱহাৰ কৰাৰ প্রবল তাড়নাতে টকাৰ অভাবী সিদ্ধার্থই মাকৰ খাৰুযােৰ চুৰি কৰিছিল । 

খাৰুষােৰ চুৰি কৰি মনে মনে গৈ ড্ৰাগছৰ কাৰণে পাণ দোকানীজনৰ হাতত তুলি দিয়াৰ সময়তে সিহঁতৰ ঘৰত কাম কৰি থকা ছােৱালীজনীক চুৰি কৰাৰ সন্দেহত পুলিচে লকআপত ভৰাই থলে নি । 

বেচেৰী ছােৱালীজনীৰ কথা ভাবি অন্তর্দ্বন্দ্ব হৈছিল তাৰ । ছােৱালীজনীৰ কৰুণ মুখখনি আৰু নিচাৰ প্রতি তীব্র আসক্তি — এই সকলােবােৰৰ টনা – আজোৰাৰ মাজেৰে এটা বিনিদ্র ৰাতি পাৰ কৰি এসময়ত সি অনুভৱ কৰিছিল — তাৰ ভিতৰৰ আচল মানুহটোৰ ইতিমধ্যে মৃত্যু হৈছে ।

প্রশ্ন ৯। “ আচলতে মন গ’লেই সুখী হ’ব পাৰি জান । ” — কি প্ৰসংগত নির্মলে সিদ্ধার্থক এনেদৰে কৈছিল — বুজাই লিখা । 

উত্তৰঃ সিদ্ধার্থই তাৰ মনৰ সকলাে দুখ আৰু হতাশাৰ কথা , ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সি নিচাসক্ত হােৱাৰ কথা , ড্ৰাগছ সেৱন কৰা , এইবােৰ খাবলৈ অভাৱত পৰি পইচা চুৰি কৰাৰ কথা — এই সকলাে তাৰ অন্তৰংগ বন্ধু নির্মলক মন খুলি ক’লে । ইয়াৰ পিছতে সি হুমুনিয়াহ কাঢ়ি ক’লে সি হয়তাে ড্ৰাগছ সেৱন কৰি তাৰ মৰণ মাতিছে । 

তেতিয়া নির্মলে তাক এনেদৰে ভাগি নপৰিবলৈ বাৰে বাৰে বুজনি দি মনটো ডাঠ কৰিবলৈ সাহস দিলে । নির্মলে বুজনি দি তাক কৈছিল— “ আচল কথা কি জান ? মনটো ! তই কৈছিলি জীৱনটোৱে তােক প্রবঞ্চনা কৰিলে । জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্রবঞ্চনা নকৰে । ” মন গ’লেই প্রকৃতিৰ সকলাে বস্তুকে ভাল পাব পাৰি । এইবােৰ ভাল পােৱা মানুহ কেতিয়াও অকলশৰীয়া নিঃস্ব নহয় , শূন্য নহয় ।

নির্মলে কৈছিল । “আচলতে মন গ’লেই সুখী হ’ব পাৰি জান । ” নির্মলে বুজাইছিল গল্প , উপন্যাস লিখিব নাজানিলেও মন গলেই তাক পঢ়ি তৃপ্ত হ’ব পাৰি , গান গাব নাজানিলেও মন গ’লেই গান শুনি অন্তৰত অপাৰ আনন্দ লাভ কৰিব পাৰি । আচল কথা হ’ল মন । মন কৰিলে অন্তৰত সকলাে হতাশ , দুখ – বেদনা আঁতৰ কৰি জীৱনটো সুন্দৰ কৰি তুলিব পাৰি । 

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

প্রশ্ন ১০। ব্যাখ্যা কৰা :

( ক ) নােপােৱা মৰম পােৱাৰ আশাই যেন তাক দুর্বল আৰু অভিমানী কৰে । 

উত্তৰঃ উদ্ধৃত কথাফাকি ড ° মৃণাল কলিতাৰ ‘যুঁজ’  নামৰ গল্পটিৰ অন্তৰ্গত । 

সিদ্ধার্থই যে বেয়া তথা ঘৃণনীয় কাম কৰিছে এইটো সত্য , এই সত্য কামটোৰ আঁৰত যে তাৰ এক কৰুণ সত্য কাহিনী সােমাই আছে এইটোও সত্য— এই কথা ক’বলৈকে এনেদৰে কোৱা হৈছে । 

সিদ্ধার্থই লগৰীয়াৰ বেগৰ পৰা পইচা চুৰি কৰা , মাকৰ খাৰু চুৰি কৰা ইমান কম বয়সীয়া ল’ৰা এটাই চিগাৰেট হুপিবলৈ ধৰা , ড্ৰাগছ আসক্ত হােৱা , শিক্ষকৰ চকুলৈ চাই টান কথা কোৱা আদি অতি ঘৃণনীয় কাম । এই ঘৃণনীয় কাম যে সি কৰিছিল ই সত্য । কিন্তু সত্য ঘৃণনীয় কাম কৰাৰ আঁৰত তাৰ যে এটা কৰুণ কাহিনী আছে এই কথাও সত্য ।

সি বুজা হােৱাৰ পৰাই দেখি আহিছিল মাক দেউতাকৰ দুর্বাদল কাজিয়া , চিঞৰ বাখৰ গালি – গালাজ । সি বিব্রত আৰু হতাশ হৈ পৰিছিল । তাৰ পিছত সিহঁতক এৰি দেউতাক ক’ৰবালৈ গুচি যােৱাত , মাকৰ পৰাও পাবলগীয়া মৰম চেনেহ নােৱৰাত সি চাৰিওফালে কেৱল হতাশা আৰু শূন্যতাই দেখিবলৈ পালে । সেই কাৰণেই সি শান্তি পাবলৈকেই পাণ দোকানীজনৰ কু – পৰামৰ্শকে ভাল বুলি ভাবি এইবােৰ ঘৃণনীয় কাম কৰিছিল । 

( গ ) পাব লগীয়া মৰমবােৰ হেৰুৱাই এখন ভাগি যােৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্রোহী অথচ কৰুণ চিত্র । 

উত্তৰঃ উদ্ধৃত কথাফাকি ড° মৃণাল কলিতা ৰচিত ‘যুঁজ’গল্পটিৰ অন্তৰ্গত।এইকথাফাকিৰে সিদ্ধার্থৰ এক কৰুণ চিত্র দাঙি ধৰা হৈছে । 

সিদ্ধার্থ বুজন হােৱাৰ পৰা দেখিছিল মাক – দেউতাকৰ মাজত দুর্বাদল কাজিয়া , চিঞৰ বাখৰ , গালি – গালাজ । তাৰ পিছতেই দেউতাকে সিহঁতক এৰি ক’ৰবালৈ গুচি গ’ল , যদিও সপ্তাহে পষকে স্কুল ছুটীৰ পিছত আহি তাক দেউতাকে লগ ধৰি চকলেট খাবলৈ দি যায়হি । সি তাত একেবাৰে আশ্বস্ত নহয় । আনহাতে মাকৰাে তাৰ প্রতি মৰম আৰু মনােযােগ কমি গৈছিল । মাক – দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ সি বৰ হতাশাত , মনােবেদনাত ভুগিছিল ।

সি হৈ পৰিছিল বেপৰােৱাভাৱে আক্রমাত্মক । হয়তাে মাকৰ বিৰুদ্ধেও আছিল তাৰ তীব্র আক্রোশ । সি পাবলগীয়া মৰমবােৰ হেৰুৱাই সিহঁতৰ ভাগি যােৱা সংসাৰখনত সি হৈ পৰিছিল এটা বিদ্রোহী চৰিত্র । হলেও তাৰ এই বিদ্রোহী চৰিত্ৰত এক কৰুণ চৰিত্রও সােমাই আছে তাৰ কৰুণ অৱস্থাটোৰ কাৰণে । 

( ঘ ) সকলাে মানুহৰেই জীৱনবােৰ একো একোখন যুঁজ ।

উত্তৰঃ উদ্ধৃত কথাফাকি ড° মৃণাল কলিতা ৰচিত ‘যুঁজ’ গল্পটিৰ অন্তৰ্গত । প্রতি মানুহেই যে জীৱনটো সুন্দৰ কৰি চলাই যাবলৈ কঠোৰ সংগ্রাম বা যুঁজ কৰিবলগীয়া হয় এই কথাকে ভুল পথেৰে বাট বুলি জীৱনটোৰ প্রতি বিশ্বাস হেৰুওৱা সিদ্ধার্থক নির্মলে কৈছিল । 

মাক – দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ একেবাৰে ভাগি পৰা সিদ্ধার্থই নিচাসক্ত হৈ শান্তি পােৱাৰ উদ্দেশ্যে পইচা চুৰি কৰা , মাকৰ খাৰু চুৰি কৰা আদি ঘৃণনীয় কামবােৰ কৰিছিল । সি হতাশাত ভুগিছিল , খিংখিঙীয়া , গহীন , বেপৰােৱা হৈছিল । জীৱনটোৱে তাক বঞ্চনা কৰা বুলি ভাবিছিল । তেতিয়া তাৰ অন্তৰংগ আপােন বন্ধু নির্মলে তাক বুজাইছিল— জীৱনে কাকো বঞ্চনা নকৰে । মনটো ডাঠ কৰিলে জীৱনটো পুনৰ সুন্দৰ কৰিব পাৰিব ।

জীৱনটো চলাই যাবলৈ প্রতিজন মানুহেই যুঁজ কৰে , কঠোৰ সংগ্রাম কৰে । মন দৃঢ় হ’লে ডাঠ হলে এই যুঁজত কোনাে নাহাৰে । প্রতিজন মানুহৰ যুঁজ বেলেগ বেলেগ হ’ব পাৰে । নির্মলে কৈছিল সিয়াে তাৰ হৈ থকা জটিল ৰােগ এটাৰ লগত যুঁজি আছে । গতিকে নিৰাশ নহৈ , হতাশ নহৈ সিদ্ধার্থক ভাল পথ লবলৈ নির্মলে সাহস দিছিল । 

প্রশ্ন ১১। ‘ যুঁজ ’ গল্পটোৰ শিৰােনামৰ তাৎপর্য বুজাই লিখা । 

উত্তৰঃ যুঁজ গল্পটোত এজন নিচাসক্ত কিশােৰৰ মনৰ জগতখন চিত্রিত কৰা হৈছে । সিদ্ধার্থ নামৰ সংবেদনশীল কিশােৰজনে পাৰিবাৰিক কাৰণত নিঃসংগতা আৰু হতাশাত ভুগি ড্ৰাগছৰ আশ্ৰয় লৈছে । কিন্তু সেই অন্ধকূপৰ কৰা ওভতাই আনিবলৈ তাৰ আপােন বন্ধু নির্মলে অহৰহ চেষ্টা কৰিছে , যুঁজ কৰিছে ।

নির্মলৰ মৰম আৰু বন্ধুৰ প্ৰতি থকা দায়িত্ববােধে সিদ্ধার্থক পােহৰৰ বাট দেখুৱাইছে , সৎম্ভাৱে , সৎপথত জীয়াই থাকিবৰ বাবে মন ডাঠ কৰি যুঁজিবলৈ সিদ্ধার্থক সাহস আৰু প্ৰেৰণা দিছে । নিচাসক্তি এখন যুঁজৰ দৰে । নিজৰ বিৰুদ্ধে যুঁজি মানুহে ইয়াৰ পৰা মুক্ত হ’ব পাৰে । সকলাে মানুহৰেই জীৱনটো এখন যুঁজৰ দৰে , এই কথা গল্পটোত প্রতিপন্ন কৰিব বিচাৰিছে ।

গল্পটোত নির্মলেও যুঁজিছে নিজৰ জটিল ৰােগৰ বিৰুদ্ধে । হৰা – জিকা পিছৰ কথা , কিন্তু যুঁজিবই লাগিব— এই বার্তা গল্পটোৱে দিব বিচাৰিছে । এই কাৰণে গল্পটিৰ শিৰােনাম ‘ যুঁজ ’ সঠিক হৈছে । 

ভাষা বিষয়ক

প্রশ্ন ১২। ব্যাসবাক্যসহ সমাসৰ নাম লিখা— 

মৃত্যুশীতল , অসহনীয় , অতল , অমীমাংসিত , বেপৰােৱা , অচিনাকি । 

উত্তৰঃ  মৃত্যুশীতল       –    মৃত্যুৰ দৰে শীতল – কর্ম ধাৰয় সমাস । 

          অসহনীয়        –     যাক সহিব নােৱাৰি – বহুব্রীহি সমাস । 

          অতল             –     যাৰ তল নাই ( নাই তল যাৰ ) – বহুব্রীহি সমাস । 

          অমীমাংসিত   –      নাই মীমাংসা যাৰ – বহুব্রীহি সমাস । 

          বেপৰােৱা       –      যিয়ে পৰােৱাই নকৰে – বহুব্রীহি সমাস । 

           অচিনাকি       –      নাই চিনাকি যাৰ – বহুব্রীহি সমাস । 

প্রশ্ন ১৩। বাক্য ৰচনা কৰা –

উজাগৰ , অবাধ্য , অৱলম্বন , খেকুটা । 

উত্তৰঃ   উজাগৰ       –      গােটেই নিশাটো উজাগৰে থাকি সি কামটো কৰিলে । 

           অবাধ্য         –       পিতৃ – মাতৃৰ কোনাে কথাতে সন্তান অবাধ্য হ’ব নালাগে । 

           অৱলম্বন      –        শিক্ষা গুৰুৰ সজ উপদেশক অৱলম্বন কৰি জীৱন গঢ়িবা । 

           খেকুটা         –         আনৰ বস্তুৰ প্রতি লােভ নকৰি সিবােৰক খেৰকুটা হেন জ্ঞান কৰিবা । 

প্রশ্ন ১৪। সমার্থক শব্দ লিখা—

 নীৰৱতা , বিষাদ , প্রস্তৰ , একাকীত্ব , আন্ধাৰ । 

উত্তৰঃ   নীৰৱতা         –      নিস্তব্ধতা । 

           বিষাদ           –       বেজাৰ , দুখ । 

           প্রস্তৰ             –      পাথৰ , শিল । 

           একাকীত্ব       –       নিঃসংগ , অকলশৰীয়া । 

            আন্ধাৰ         –        নিশা , তমসা ।

পাঠত দিয়া অতিৰিক্ত প্রশ্নোত্তৰঃ

প্রশ্ন ১৫। ড. মৃণাল কলিতাৰ ‘যুঁজ’ গল্পটোৰ ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি কেনেধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে বুজাই লিখা।

উত্তৰঃ ড. মৃণাল কলিতাৱ ‘যুঁজ’ গল্পটোত এজন নিচাসক্ত কিশোৰৰ মনৰ জগতখনৰ এখন প্রতিচ্ছবি দাঙি ধৰিছে। পাৰিবাৰিক কাৰণত সিদ্ধাৰ্থ নামৰ কিশোৰজনে নিঃসংগতাত ভুগি ড্ৰাগছৰ আশ্ৰয় লৈছে। সিদ্ধার্থক সেই অন্ধকূপৰ পৰা আঁতৰাই আনিবলৈ তাৰ বন্ধু নির্মলে প্ৰয়াস কৰিছে। সেই চেষ্টা সফল হোৱাৰো আশা দেখা গৈছে। নিৰ্মলৰ মৰম আৰু দায়িত্ববোধে সিদ্ধাৰ্থক আশাৰ পোহৰৰ বাট দেখুৱাইছে। হতাশাত ভোগা সিদ্ধার্থক মানসিক শক্তি যোগাইছে নির্মলে। নিৰ্মল চৰিত্ৰটিৰ জৰিয়তে লেখকে মানবীয় মূল্যবোধৰ এক উদাহৰণ দাঙি ধৰিছে। নিচাসক্তসকলৰ প্ৰতি যে সমাজৰ আনসকলৰো দায়িত্ব থাকে সেইকথাকেই প্ৰকাশ কৰিছে লেখকে। এজন অবাটে যাবলৈ ধৰা কিশোৰক মৰম আন্তৰিকতাৰে পুনৰ সৎ পথলৈ ঘুৰাই অনাৰ এখন ছবি দাঙি ধৰিছে লেখকে। গল্পটিত কেবল সিদ্ধার্থই নহয়, সিদ্ধাৰ্থৰ দৰে আন বহুতে ড্ৰাগছৰ অন্ধকাৰ জগতত ভৰি দি যে এখন অন্ধকাৰ জগতলৈ সোমাই গৈছে তাৰ এক ইংগিত লিখকে দিছে। গতিকে মানবীয় মূল্যবোধৰ লগতে সামাজিক দায়বদ্ধতাৰ কথাও উনুকিয়াইছে লেখকে।

প্রশ্ন ১৬। নিচাসক্ত মানুহৰ প্ৰতি থকা মানবীয় সহাঁৰি কেনেধৰণৰ হ’ব লাগে নিজৰ কথাৰে লিখা।

উত্তৰঃ সাধাৰণতে মানসিক অস্থিৰতাই ড্ৰাগছৰ প্ৰতি আসক্তি আনে। পাৰিবাৰিক কন্দলৰ বাবে সিদ্ধার্থ মানসিকভাবে অস্থিৰ হৈ পৰিছিল। নিঃসংগতাত সি চট্‌ফটাইছিল। নোপোৱা মৰমবোৰ পোৱাৰ বাবে ব্যাকুল হৈছিল । আনৰ পিতৃ-মাতৃ সন্তানৰ কেনেদৰে আদৰ যত্ন লয় সেইবোৰ দেখি সিদ্ধার্থ মানসিকভাবে ভাগি পৰিছিল। দেউতাকে ঘৰ এৰি গুচি গৈছিল। মাক তাৰ প্ৰতি আছিল নিৰুদ্বেগ। এই সকলোবোৰ কথাই তাক খুলি খুলি খাইছিল। কৈশোৰ অৱস্থাৰ মানসিক স্থিতি বৰ সংবেদনশীল। সেইবাবেই সিদ্ধাৰ্থই মনৰ কষ্ট সহিব নোৱাৰি ড্ৰাগছৰ আশ্ৰয় লৈছিল। গতিকে কৈশোৰ অৱস্থাৰ ছাত্ৰ-ছাত্ৰীৰ মুনোজগত বুজি পাবলৈ পিতৃমাতৃয়েই হওঁক, শিক্ষকেই হওঁক—চেষ্টা কৰিব লাগে।

মৰম আদৰেৰে নিচাসক্ত লোকক বুজনি দি সেই অন্ধকাৰ জগতৰপৰা আঁতৰাই অনাটো সমাজৰ লোকসকলৰ দায়িত্বৰ লগতে কৰ্তব্যও। প্রত্যেক মানুহেই নিজৰ লগত যুঁজিব পাৰে। নিচাসক্ত লোককো সেয়ে আত্মবিশ্বাস গভীৰ কৰিবলৈ বুজনি দিব লাগে।

অতিৰিক্ত প্রশ্নোত্তৰঃ

প্রশ্ন ১। লিখক ড. মৃণাল কলিতাৰ জন্মস্থান ক’ত?

উত্তৰঃ কামৰূপ (গ্ৰাম্য) জিলাৰ বামুন্দীত।

প্রশ্ন ২। ড. মৃণাল কলিতাৰ গল্প-উপন্যাসৰ মূল বিষয়বস্তু কি?

উত্তৰঃ সমাজৰ নানা ঘটনা আৰু ব্যক্তি জীৱনৰ নানা দ্বন্দ্ব হৈছে তেওঁৰ গল্প তেওঁৰ উপন্যাসৰ মূল বিষয়বস্তু।

প্রশ্ন ৩। ড. কলিতাৰ পাঁচখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ‘বকুল ফুলৰ দৰে’ (উপন্যাস); ‘অনুশীলন’ (গল্প); ‘মৃত্যুৰ সিপাৰে’ (গল্প); ‘গণিতৰ বৰ্ণিল জগত’ (গণিত বিষয়ক ৰচনাৰ পুথি); ‘অযান্ত্ৰিক অনুশীলন’ (গল্প) আদি গ্রন্থ উল্লেখযোগ্য।

প্রশ্ন ৪। সিদ্ধার্থই কিয় নিঃসংগতা অনুভব কৰিছিল?

উত্তৰঃ সিদ্ধাৰ্থৰ পিতৃ-মাতৃ তেওঁলোকৰ মাজৰ কাজিয়া- পেচালত লিপ্ত আছিল। তেওঁলোকৰ মাজত সংঘাট ইমানেই বৃদ্ধি হৈছিল সে সিদ্ধাৰ্থক চাবলৈ কাৰো সময় নাছিল। বুজা হোৱা বয়সৰপৰাই সিদ্ধাৰ্থই দেখিছিল মাক-বাপেকৰ প্ৰচণ্ড কাজিয়া, তীক্ষ্ণ গালি-গালাজ। মাকৰ পক্ষ লব নে দেউতাকৰ পক্ষ লব? সেই প্রশ্নৰ উত্তৰ সি বিচাৰি পোৱা নাছিল। অকলশৰে চিন্তা ভাবনাত তাৰ উজাগৰ ৰাতি পাৰ হৈছিল। সি নিজকে নিঃস্ব, নিঃসংগ অনুভব কৰিছিল৷

প্রশ্ন ৫। প্রথম চিগাৰেটডাল শেষ হোৱাৰ পিছত সিদ্ধাৰ্থই কি অনুভব কৰিছিল? লিখকে কি বুজাব বিচাৰিছে?

উত্তৰঃ প্ৰথম চিগাৰেটডাল শেষ হোৱাৰ পিছতে সিদ্ধাৰ্থই অনুভব কৰিছিল তাৰ দেহৰ ভিতৰেদি যেন বাগৰি গৈছে এক উল্লাসৰ ঢৌ। সেই ঢৌৱে যেন তাৰ দুখবোৰ উটুৱাই লৈ-গ’ল। সি সকলো দুখ পাহৰি গৈছিল। এক প্রশান্তিৰ ভাবে তাৰ দেহ-মন আচ্ছন্ন কৰি পেলাইছিল। উজাগৰে ৰাতি কটোৱাত অভ্যস্ত সিদ্ধাৰ্থৰ সেইনিশা গভীৰ টোপনি আহিছিল। কিন্তু পিছদিনা পুৱা সাৰ পাই উঠাৰ পিছত সি ভীষণভাবে অস্থিৰ হৈ উঠিছিল। পুৰণি দুখবোৰে উথলি উঠিছিল। আগতকৈও বেছিকৈয়ে যেন দুখবোৰ উথলি উঠিছিল। দ্বিতীয় এটা চিগাৰেটৰ বাবে সি অস্থিৰ হৈ পৰিছিল।

লিখকে সিদ্ধাৰ্থৰ এই কথাখিনিৰ দ্বাৰা ড্ৰাগছৰ ভয়াবহতাক বুজাব বিচাৰিছে। ক্ষন্তেক সময়ৰ বাবে সুখৰ অনুভূতি দিয়া ড্ৰাগছে মানুহক অপৰাধ জগত আৰু অকাল মৃত্যুৰ ফালে যে টানি লৈ যায় লেখকে সেই বার্তা দিব খুজিছে গল্পটিৰ জৰিয়তে। ইয়াৰ পৰিণাম সাংঘাটিক ভয়াবহ।

প্রশ্ন ৬। কি ভালপোৱা মানুহ কেতিয়াও নিঃস্ব নহয়?

উত্তৰঃ পাহাৰ-পৰ্বত, নৈ-নিজৰা, মূৰৰ ওপৰৰ আকাশ, জোন-বেলি-তৰা— এইবোৰ ভালপোৱা মানুহ কেতিয়াও নিঃস্ব নহয়।

প্রশ্ন ৭। লেখক মানুহৰ জীৱনটোক কিহৰ লগত তুলনা কৰিছে?

উত্তৰঃ লেখকে মানুহৰ জীৱনটোক এখন যুঁজৰ লগত তুলনা কৰিছে। প্রত্যেক মানুহৰেই জীৱনটো এখন যুঁজ। সকলোৱেই যুঁজে। মাথোঁ প্ৰত্যেকৰে যুঁজবোৰ বেলেগ বেলেগ হয়।

প্রশ্ন ৮। চুটি গল্পৰ সাধাৰণ লক্ষণবোৰ কি কি?

উত্তৰঃ চুটি গল্পৰ কিছুমান সাধাৰণ লক্ষণ আছে। সেইবোৰৰ ভিতৰত তলত দিয়া লক্ষণবোৰ উল্লেখযোগ্য—

(ক) চুটিগল্পৰ বিষয়বস্তুৰ কেন্দ্ৰবিন্দু একেটাই।

(খ) চুটি গল্পৰ আৰম্ভনি আকস্মিক আৰু সমাপ্তি নাটকীয় হোৱা উচিত।

(গ) বিষয়বস্তুৰ কোনো ধৰাবন্ধা নিয়ম নাথাকে।

(ঘ) চুটি গল্প কাল্পনিক যদিও ই বাস্তৱ জগতৰ ওপৰত আধাৰিত।

(ঙ) গল্পৰ কলেবৰ চুটি হোৱাটো এক প্রধান লক্ষণ।

প্রশ্ন ৯। যুঁজ গল্পটিত চুটি গল্পৰ লক্ষণ কিমানদূৰ পোৱা যায় চমুকৈ লিখা।

উত্তৰঃ যুঁজ গল্পটিত চুটি গল্পৰ কিছুমান সাধাৰণ লক্ষণ পৰিস্ফুট হোৱা দেখা গৈছে। গল্পটোৰ কাহিনীভাগ লেখকৰ কল্পনাৰ কাহিনী, যদিও ইয়াত বৰ্ত্তমান সমাজৰ কিশোৰৰ মনোজগতখন অংকন কৰা হৈছে। পাৰিবাৰিক কাৰণতে হওঁক নাইবা সততাৰ অভাবতেই হওঁক একাংশ কিশোৰ যুবকৰ বৰ্ত্তমান নৈতিক স্খলন ঘটা দেখিবলৈ পোৱা যায়। গুৰু-গোঁসাই নমনা কিছুমান উদন্ড যুবকে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ নিজৰ সর্বনাশ মাতি আনিছে। যান্ত্রিক জগতখনত সকলো ব্যস্ত। পিতৃমাতৃৰো সময় নাই সন্তানক সময় দিয়াৰ। সিদ্ধাৰ্থৰ পিতৃ-মাতৃয়ে নিজৰ মাজতে কাজিয়া-পেচালত ব্যস্ত হৈ সিদ্ধাৰ্থৰ প্ৰতি মনোযোগ নিদিয়া হৈছে। ফলত সিদ্ধাৰ্থই নিঃসংগতাত ভুগিছে। এইয়া আমাৰ সমাজত সচৰাচৰ হৈ থকা ঘটনা।

যুঁজ গল্পটিৰ কেন্দ্ৰবিন্দু ‘সিদ্ধাৰ্থ”। সিদ্ধাৰ্থক কেন্দ্ৰ কৰিয়েই গোটেই গল্পটি আগবাঢ়ি গৈছে। ‘যুঁজ’ গল্পটিৰ আৰম্ভনিও গল্পলিখকে আকস্মিকভাবে কৰিছে, সেইদৰে আকস্মিকভাবে ইতিবাচক পৰিসমাপ্তি ঘটাইছে।

গল্পটিৰ মূল বিষয়বস্তু হৈছে জীৱন সংগ্রাম। সকলোৰে জীৱনবোৰ একোখন যুঁজ। প্ৰত্যেকৰে যুঁজবোৰ বেলেগ বেলেগ মাথোন। এই বিষয়বস্তুৰ পৰা ফালৰি কাটি যোৱা নাই।

কাহিনীভাগ অতিমাত্ৰাত দীঘল নহয়। একেলেথাৰিয়ে পঢ়ি শেষ কৰিব পাৰি।

গতিকে এনেদৰে চালি জাৰি চালে যুঁজ গল্পটিক এটি সার্থক চুটিগল্প বুলি কব পাৰি। ইয়াত লেখকে সমাজলৈ এক বার্তা এৰি দিছে। সামাজিক দায়িত্ববোধ জগাই তুলিছে।

১০। ‘যুঁজ গল্পটিৰ মূল কথাখিনি লিখা।

উত্তৰঃ শ্ৰেণীকোঠাত যেতিয়া প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হ’ল, মহেন্দ্র মাষ্টৰে সন্দেহৰ আঙুলি সিদ্ধাৰ্থৰ ফালে টোৱালে। কিন্তু বেপৰুৱা সিদ্ধার্থই খঙাল মাষ্টৰকো পৰুৱাই নকৰিলে। লাহে লাহে সিদ্ধার্থ ঘিংখিঙীয়া আৰু বেপৰুৱা হৈ পৰিছিল আৰু লগ-সমনীয়াৰপৰা আঁতৰি ফুৰিবলৈ লৈছিল। বিদ্যালয়ৰ প্ৰতিও তাৰ অনীহা হৈছিল। সিদ্ধাৰ্থৰ সেই পৰিবৰ্তন নিৰ্মলৰ চকুত ধৰা পৰিছিল। কাৰণ আগতে সি তেনে স্বভাৱৰ নাছিল। ইয়াৰ অন্তৰালত নিশ্চয় কিবা ৰহস্য আছে সেই কথা নির্মলে বুজি পাইছিল। লগৰ বন্ধু এজনক এনেদৰে শেষ হৈ যাবলৈ দিব নোৱাৰি বুলি নিৰ্মলে উপলব্ধি কৰিছিল। সেয়ে সিদ্ধাৰ্থক তাৰ কি হৈছে বুলি নির্মলে বাৰে বাৰে প্ৰশ্ন কৰিছিল। নিৰ্মলৰ বন্ধুত্বৰ আন্তৰিকতাৰ ওচৰত সিদ্ধার্থ সহজ হব পৰা নাছিল। সিদ্ধার্থই মহেন্দ্ৰ মাষ্টৰৰ মুখত ভেকাহি মাৰি কথা কব পাৰিছিল কিন্তু নিৰ্মলৰ কথাক সি উপেক্ষা কৰিব পৰা নাছিল। কাৰণ সিদ্ধাৰ্থৰ আচল অভাৱ আছিল সেই মৰম আৰু আন্তৰিকতাৰ। কাৰোবাৰ পৰা পাবলগা অলপ মৰম চেনেহ-আন্তৰিকতাৰ অভাব আছিল সিদ্ধাৰ্থৰ। কিয়নো মাক-দেউতাকৰ দুৰ্বাদল কাজিয়াৰ মাজত তাৰ ৰাতিবোৰ উজাগৰে পাৰ হৈছিল৷ তাৰ চকুপানীখিনি ৭টি দিবলৈ তাৰ প্ৰতি মাক বা দেউতাকৰ কাৰো ভ্রূক্ষেপ নাছিল।

এদিন দেউতাকে তেওঁ দুয়োকে এৰি একেবাৰে আঁতৰি গৈছিল। ফলত সংবেদনশীল সিদ্ধার্থই নিঃসংগতা আৰু হতাশাত ভুগি ড্ৰাগছৰ আশ্ৰয় লয়। দেউতাক নাই, মাকৰো তাৰ প্রতি নাছিল কোনো উদ্বিগ্নতা। ফলস্বৰূপে সিদ্ধার্থই এখন অন্ধকাৰ জগতলৈ সোমাই গৈছিল। কিন্তু সিদ্ধাৰ্থৰ সেই পৰিবৰ্তন নিৰ্মলৰ চকুত ধৰা পৰিছিল। সেয়ে নির্মলে অনুসন্ধান কৰিছিল সিদ্ধাৰ্থৰ ইমান পৰিবৰ্তনৰ উৎস কি? বন্ধুত্বৰ মৰমেৰে আঁকোৱালি অন্ধকাৰ জগতখনৰ পৰা সিদ্ধাৰ্থক উলিয়াই আনিবলৈ নির্মলে প্রয়াস কৰিছিল। সেই অন্ধকূপৰ পৰা সিদ্ধাৰ্থৰ উভতি অহাৰ ইংগিত দেখা গৈছে। নির্মলৰ বন্ধুত্বৰ মৰমে আৰু দায়িত্ববোধে সিদ্ধাৰ্থক পোহৰৰ বাট দেখুৱাইছে। মানুহৰ জীৱনটো এখন যুঁজৰ দৰে। নিজৰ বিৰুদ্ধেও যুঁজি মানুহে নিচাৰপৰা মুক্ত হব পাৰে। লাগে মাথোঁ মনোবল আৰু আত্মীয়ৰ মৰম আদৰ। আনহাতে নির্মলেও এক জটিল ৰোগৰ বিৰুদ্ধে যুঁজি আছে। হৰা-জিকা সকলোতে আছে। কিন্তু আমি যুঁজ কৰি যাবই লাগিব। এইখিনিয়েই গল্পটোৰ মূলকথা।

2 thoughts on “Class 9 Assamese Chapter 11 যুঁজ | অসমীয়া Class 9 যুঁজ”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising