Class 9 Assamese Chapter 14 সুখ | অসমীয়া Class 9 সুখ

Class 9 Assamese Chapter 14 সুখ | অসমীয়া Class 9 সুখ, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 9 Assamese Chapter 14 সুখ can be of great value to excel in the examination.

Join Telegram channel

Class 9 Assamese Chapter 14 সুখ

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 14 সুখ – সমাধান for All Subject, You can practice these here…

সুখ

– আনন্দ চন্দ্র আগৰৱালা

ভাব – বিষয়ক

প্রশ্ন ১। অতি চমুকৈ উত্তৰ দিয়া : 

( ক ) মানুহৰ সুখ – দুখৰ আচল কথা কি ? 

উত্তৰঃ মানুহৰ সুখ – দুখৰ আচল কথা হ’ল-নিজৰ কৰ্ম আৰু মন । 

( খ ) কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে ? 

উত্তৰঃ ‘মই’, ‘মােৰ’ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে ।

( গ ) নিস্বার্থ বাট কেনেকুৱা ? 

উত্তৰঃ নিস্বার্থ বাট সেন্দুৰীয়া আলিৰ নিচিনা ।

( ঘ ) কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ‘ভাঙনি কেঁৱৰ’ বুলি কোৱা হয় ? 

উত্তৰঃ ভালেমান ইংৰাজী কবিতা অসমীয়াত সুৱলাকৈ ভাঙনি কৰাৰ কাৰণে কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ‘ভাঙনি কেঁৱৰ’ বুলি কোৱা হয়।

( ঙ ) কাক আপােন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে কৈছে ? 

উত্তৰঃ পৰক আপােন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে কৈছে । 

( চ ) কবিৰ মতে প্রকৃত সুখ কেনেকৈ পাব পাৰি ?

উত্তৰঃ কবিৰ মতে , বিশ্বৰ সকলােকে নিজৰ ভাই – ভনী বুলি ভাবিব পাৰিলে প্রকৃত সুখ পাব পাৰি । 

প্রশ্ন ২। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা । 

উত্তৰঃ  ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালাৰ ‘ ‘ সুখ ’ এটি মনােৰম আৰু নীতিমূলক কবিতা । প্রকৃত সুখ কেনেকৈ পাব পাৰি তাকেই কবিতাটিৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ কৰিছে । 

সুখ হৈছে মূলতঃ মন আৰু শৰীৰত অনুভূত হােৱা তৃপ্তিকৰ অৱস্থা , মানসিক বা শাৰীৰিক সমষ্টি । মানুহে সুখ সুখ বুলি সুখ বিচাৰি বলিয়াৰ দৰে হাবাথুৰি খাই ফুৰিলেও সুখ নাপায়— বৰং দুখৰ উপৰি দুখহে পায় । প্রকৃত সুখ পাবলৈ হ’লে স্বার্থ ত্যাগ কৰিব নিমিত্তে নহয় । পাৰিব লাগিব , আনৰ দুখত দুখী হ’ব পাৰিব লাগিব , পৰক আপােন কৰিব লাগিব । পৰৰ কাৰণে কান্দিব পাৰিলে কান্দোনতাে হেনাে সুখ পায় ।

‘মই’, ‘মােৰ’ ভাব নলৈ সকলাে মানুহেই নিজৰ ভাই – ভনী বুলি আকোৱালি লব পাৰিলে সৰগীয় সুখ পােৱা যায় । স্বার্থপৰ হ’লে নানান দুখ – বিপদে সততে আগুৰি ধৰে । যিয়ে নিস্বার্থ মনােভাবেৰে এক সুন্দৰ জীৱন যাপন কৰে তেওঁ সকলােৰে মাজত বিশ্বপ্ৰেমৰ বাণী বিলাই আদর্শ আৰু সুখী জীৱনৰ গৰাকী হয় , তেওঁৰ বাবে কোনাে কালেই সুখৰ ওপৰ নপৰে । 

প্রশ্ন ৩। ব্যাখ্যা কৰা 

( ক ) অকল নিজৰ         নিমিত্তে নহয়  

                আমাৰ জীৱন ভাই , 

       পৰৰ কাৰণে            খাটিব পাৰিলে  

                সংসাৰ সুখৰ ঠাই । 

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ ভাঙনি কোঁৱৰ আনন্দ চন্দ্র আগৰৱালা ৰচিত ‘সুখ ’ নামৰ কবিতাটিৰ অন্তর্গত । 

মানুহে জীৱনত প্রকৃত সুখ কেনেকৈ পাব পাৰে এই কথা প্রকাশ কৰিবলৈ যাওঁতেই এই কবিতাফাকিৰ অবতাৰণ কৰিছে । 

সুখ মানুহৰ জীৱনত কাম্য । সেই কাৰণেই মানুহে সুখ বিচাৰি হাবাথুৰি খাই ফুৰে ; কিন্তু তেওঁ সুখ নাপাই দুখৰ উপৰি দুখহে পায় । কবিয়ে তেনেকৈ সুখ নিবিচাৰি প্রকৃত সুখ পাবলৈ কেইটিমান মহান পৰামৰ্শ আগবঢ়াইছে । তাৰে ভিতৰত অন্যতম হ’ল আনৰ বাবে খাটিব পৰাটো ।

আমি কেৱল নিজৰ কাৰণে চিন্তা কৰিলেই নহয় , আনৰ কাৰণে চিন্তা কৰিব লাগিব , খাটিব লাগিব । যিয়ে অকল নিজৰ জীৱনটোৰ কথাহে চিন্তা কৰে , – তেওঁ কেতিয়াও জীৱনত সুখী হ’ব নােৱাৰে । সকলােকে আপােন ভাবি সকলােৰে কাৰণে খাটিব পাৰিলে , কাম কৰিব পাৰিলে গােটেই সংসাৰখনেই সুখৰ ঠাই হৈ পৰিব । 

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

( খ ) গাই গােটা পেটে           ভঁৰাল নহ’বা 

              লােকৰ দুখলৈ চোৱা , 

        মানুহৰ সেৱা                মানুহৰ পূজা 

              পবিত্ৰ বৰত লােৱা । 

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ ভাঙনি কোঁৱৰ আনন্দ চন্দ্র আগৰৱালা ৰচিত ‘ সুখ ’ নামৰ কবিতাটি অন্তর্গত । 

আনৰ কাৰণে চিন্তা কৰি , আনৰ কল্যাণৰ কাৰণে কাম কৰি কিদৰে জীৱনত প্রকৃত সুখ লাভ কৰিব পাৰি তাকেই কবিয়ে কবিতাফাকিৰ মাজেৰে প্ৰকাশ কৰিছে । 

জীৱনত প্রকৃত সুখ পাবলৈ হ’লে কেৱল নিজৰ বাবে চিন্তা কৰিলেই নহ’ব । যি পাইছে , যি আর্জিছোঁ সেয়া কেৱল নিজৰ বাবেই কৰিছোঁ , আর্জিছোঁ বুলি নাভাবি আনৰ দূখ – কষ্ট দূৰ কৰিবলৈ , তেওঁলােকৰ কল্যাণৰ কাৰণে কাম কৰিব লাগিব । তেতিয়াহে জীৱনত প্রকৃত সুখ পােৱা যায় । মানুহৰ প্রতি কল্যাণকামী পবিত্র মন এটা ৰাখি কাম কৰিলেহে সংসাৰখন সুখৰ ঠাই হয় ।

( গ ) স্বাৰ্থৰ বাটত           দুখৰ কাঁইট 

               খােজেপতি বিন্ধে হুলে , 

        নিস্বাৰ্থৰ বাট           সেন্দুৰীয়া আলি 

                    সুগন্ধি কুসুম ফুলে । 

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ ভাঙনি কোঁৱৰ আনন্দ চন্দ্র আগৰৱালা ৰচিত ‘সুখ’ নামৰ কবিতাটিৰ অন্তর্গত । 

মানুহে জীৱনত কেনেদৰে প্রকৃত সুখ লাভ কৰিব পাৰে তাকে বিৱৰি ক’বলৈ যাওঁতে কবিতা ফাকিত এনেদৰে উল্লেখ কৰিছে । 

স্বার্থপৰ হৈ কেৱল ‘ মই ’  ‘মােৰ ভাবেৰে থাকিলে বা কাম কৰিলে কোনেও জীৱনত প্রকৃত সুখ পাব নােৱাৰে । স্বার্থপৰ মানুহৰ খােজে প্রতি হুলৰ দৰে আপদ – বিপদ আৰু অশান্তিয়ে আগুৰি ধৰে । কিন্তু নিঃস্বার্থ মানুহৰ বাট সেন্দুৰীয়া আলিৰ দৰে , নিমজ , মিহি , বিপদমুক্ত আৰু সুখ – শান্তি পূর্ণ ।

সেই কাৰণেই স্বার্থপৰ নহৈ নিস্বার্থভাৱে সকলােৰে প্রতি আপােনভাব লৈ কল্যাণমূলক কাম কৰি গ’লে জীৱনৰ বাটত সুখ – শান্তি লাভ কৰিব  পাৰি , – নিজৰ নাম – যশ , সন্মান সুগন্ধি ফুলৰ দৰে সকলােৰে মাজত উজ্জ্বল হৈ পৰিব । সংসাৰখন তেনে লােকৰ কাৰণে প্রকৃত সুখৰ ঠাই হৈ পৰে । 

ভাব – বিষয়ক প্রশ্নোত্তৰ

প্রশ্ন ১। উদাহৰণটো চাই বাকী কেইটা কৰা

উদাহৰণ : আপােন – পৰ 

দুখ , স্বার্থ , অভাৱ , সন্তোষ , হাঁহি 

উত্তৰঃ          দুখ            –           সুখ । 

                  অভাৱ       –           পর্যাপ্ত ।

                  স্বার্থ          –            নিস্বার্থ ।

                  হাঁহি          –            কান্দোন ।

                  সন্তোষ      –            অসততায় । 

প্রশ্ন ২। উদাহৰণটো চাই বাকী কেইটা কৰা উদাহৰণ :সামথ – – সামর্থ্য 

ধৰম , কম , বিৰিখ , যতন , মুকুতি 

উত্তৰঃ          ধৰম        –          ধৰ্ম ।

                  যতন       –          যত্ন ।

                  কৰম       –          কৰ্ম ।

                  মুকুতি      –         মুক্তি ।

                  বিৰিখ      –         বৃক্ষ ।

অতিৰিক্ত প্রশ্ন আৰু উত্তৰঃ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া।

(ক) ‘সুখ’ কবিতাটোৰ ৰচক কোন?

উত্তৰঃ ‘সুখ’ কবিতাটোৰ ৰচক আনন্দ চন্দ্ৰ আগৰৱালা।

(খ) আনন্দ চন্দ্ৰ আগৰৱালাৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাৰ তেজপুৰৰ কলংপুৰ মৌজাত জন্ম হৈছিল।

(গ) আনন্দ চন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কাশীনাথ আগৰৱালা আছিল।

(ঘ) আনন্দ চন্দ্ৰ আগৰৱালাই কি কি আলোচনীত ছাত্ৰাৱস্থাতে সাহিত্য চর্চা কৰিছিল?

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাই ছাত্ৰাৱস্থাতে ‘জোনাকী’ আৰু ‘বিজুলী আলোচনীত সাহিত্য চৰ্চা কৰিছিল।

(ঙ) আনন্দ চন্দ্ৰ আগৰৱালাই কলিকতাত পঢ়ি থকা সময়ত জড়িত থকা দুখন অসমীয়া আলোচনীৰ নাম কোৱা।

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাই কলিকতাত পঢ়ি থকা সময়ত জড়িত থকা অসমীয়া আলোচনী দুখন ‘জোনাকী’ আৰু ‘বিজুলী’।

(চ) আনন্দ চন্দ্ৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম কোৱা।

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাৰ দুখন কবিতা পুথি হ’ল— ‘কোমল পাঠ’ আৰু ‘জিলিকণি’।

(ছ) আনন্দ চন্দ্র আগৰৱালাৰ কোন চনত জন্ম হৈছিল?

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাৰ ১৮৭৪ চনত জন্ম হৈছিল।

(জ) কবিয়ে সুখ সুখ বুলি কাক বলিয়া হোৱা বুলি কৈছে?

উত্তৰঃ কবিয়ে সুখ সুখ বুলি মানুহক বলিয়া হোৱা বুলি কৈছে।

(ঝ) সুখ বিচাৰি মানুহে সংসাৰত কি পায়?

উত্তৰঃ সুখ বিচাৰি মানুহে সংসাৰত দুখৰ উপৰি দুখ হে পায়।

(ঞ) সুখ কাৰ পাছে পাছে ঘূৰে বুলি কবিয়ে কৈছে?

উত্তৰঃ কবিয়ে স্বাৰ্থ বলিদান দিব পৰা জনৰ পাছে পাছে সুখ ঘূৰে বুলি কৈছে।

(ট) কবিয়ে পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাই বুলি কৈছে?

উত্তৰঃ কবিয়ে পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কৈছে।

(ঠ) কবিয়ে কি বাবে কান্দোনতো সুখ পায় বুলি কৈছে?

উত্তৰঃ কবিয়ে পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় বুলি কৈছে।

(ড) ‘গাই-গোটা পেটে ভঁৰাল’ মানে কি?

উত্তৰঃ ‘গাই-গোটা পেটে ভঁৰাল’ মানে কেৱল নিজৰ বাবেহে ভবা লোক অর্থাৎ স্বাৰ্থপৰ লোক।

(ঢ) কবিৰ মতে কিহে মানুহক তললৈ বুৰায় ?

উত্তৰঃ কবিৰ মতে, ‘মই’ ‘মোৰ’ ভাৱে মানুহক তললৈ বুৰায়।

(ণ) কবিয়ে কোনটো বাটক সেন্দুৰীয়া আলি বুলি কৈছে?

উত্তৰঃ কবিয়ে নিস্বাৰ্থৰ বাটক সেন্দুৰীয়া আলি বুলি কৈছে।

(ত) কবিৰ সেন্দুৰীয়া আলিত কি ফুল ফুলে?

উত্তৰঃ কবিৰ সেন্দুৰীয়া আলিত সুগন্ধি কুসুম ফুল ফুলে।

(থ) কবিৰ মতে কাৰ সুখৰ ওৰ নপৰে?

উত্তৰঃ কবিৰ মতে যিজনে বিশ্বৰ সকলোকে আপোন ভাই-ভণী জ্ঞান কৰে তেওঁৰ সুখৰ ওৰ নপৰে।

প্রশ্ন ২। চমু উত্তৰ দিয়া।

(ক) কি কৰ্মৰ দ্বাৰা সংসাৰ সুখৰ ঠাই হৈ পৰে?

উত্তৰঃ জীৱনক কেৱল নিজৰ বাবে বুলি নাভাবি পৰ বা আনৰ বাবে খাটিৰপৰা কৰ্মৰ দ্বাৰাই সংসাৰ সুখৰ ঠাই হৈ পৰে।

(খ) কি কি কৰ্মৰ দ্বাৰা সংসাৰত দুখ নাইকিয়া হয়?

উত্তৰঃ পৰৰ অভাৱ, পৰৰ দুখ হিয়াত অনুভৱ কৰি পৰক আপোন কৰিব পৰা কৰ্মৰ দ্বাৰা সংসাৰত দুখ নাইকিয়া হ’ব পাৰে।

(গ) কি কাৰণে মানুহে দুখৰ উপৰি দুখ পায়?

উত্তৰঃ সুখ সুখ বুলি সুখ বিচাৰি হাহাকাৰ কৰি ফুৰা মানুহে ব্যক্তিস্বাৰ্থত নিমজ্জিত হৈ পৰে বাবেই দুখৰ উপৰি দুখ পায় ।

(ঘ) কবিয়ে পৃথিৱীৰ সকলো নৰ-নাৰীক কিয় আপোন বুলি কৈছে?

উত্তৰঃ পৃথিৱীৰ সকলো নৰ-নাৰী একেজনা পৰম পিতাৰ সন্তান বাবে কবিয়ে পৃথিৱীৰ সকলো নৰ-নাৰীক আপোন বুলি কৈছে।

(ঙ) কি বাবে মানুহৰ ৰক্ষাৰ তৰী নোপোৱা অৱস্থা হয়?

উত্তৰঃ ‘মই’ ‘মোৰ’ এই ব্যক্তিকেন্দ্ৰিক চিন্তাত বিভোৰ হৈ কেৱল নিজৰ বাবে চিন্তা কৰা আত্মকেন্দ্রিক লোকক ‘মই’ ‘মোৰ’ ভাবে সংসাৰ সমুদ্ৰত তললৈ কুৰায় আৰু তেওঁৰ নাও বা তৰী তললৈ বুৰোৱাৰ ফলত প্ৰাণৰক্ষাৰ উপায় হেৰুৱায়।

প্রশ্ন ৩। ব্যাখ্যা কৰা।

(ক) ‘দেখিও নেদেখা              কিয় দিন-কণা

                      সুখ যে হাততে আছে;

        যিয়ে দিব পাৰে              স্বার্থ বলিদান,

                       সুখ ফুৰে পাছে পাছে।

উত্তৰঃ ওপৰত তুলি দিয়া কবিতা স্তৱকটো আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিয়ে সুখ কি দৰে মানুহে লাভ কৰিব পাৰে তাৰে ইংগিত দিবলৈ ওপৰোক্ত স্তৱকটোৰ অৱতাৰণা কৰিছে।

কবিৰ মতে, নিস্বাৰ্থভাৱে কৰা কামৰ মাজেদিহে মানুহে প্রকৃত সুখ উপলব্ধি কৰিব পাৰে। সেয়ে মানুহে প্ৰতিটো কাম স্বার্থহীনভাৱে সম্পাদন কৰিব লাগে। স্বাৰ্থজড়িত কৰ্ম সুখৰ পৰিপন্থী হেতু স্বাৰ্থজড়িত কৰ্মই মানুহক সুখৰ পৰিৱৰ্তে দুখৰহে গৰাকী কৰি তোলে। ফলত মানুহে স্বাৰ্থৰ বশীভূত হৈ সংসাৰত দুখ-যাতনা ভুগিব লগা হয়। নিস্বাৰ্থভাৱে কৰা কামৰ মাজেদি সুখ পোৱা যায় বুলি জানিও স্বাৰ্থৰ বশীভূত হৈ মানুহে দুখক আদৰি লব লগা হোৱা অৱস্থাটোকে কবিয়ে ‘দিন-কণা’ মানুহৰ অৱস্থাৰ লগত ৰিজাইছে। কবিৰ মতে, সুখ বিচাৰি দূৰলৈ যোৱাৰ সকাম নাই। নিস্বাৰ্থভাৱে কাম কৰি মানুহে সুখক নিজৰ হাতৰ মুঠিতে আৱদ্ধ কৰি ৰাখিব পাৰে, নিস্বাৰ্থভাৱে কাম কৰা মানুহক সুখে কেতিয়াও এবা নিদিয়ে। এনে লোকে প্ৰতিটো কৰ্মৰ মাজেদি সুখৰ উপলব্ধি কৰিব পাৰে বাবে সুখ এনে লোকৰ পাছে পাছে ঘূৰি ফুৰে বুলি কবিয়ে কৈছে অর্থাৎ নিস্বার্থভাৱে কাম কৰা লোক সদায়ে সুখী হৈ থাকে।

(খ) পৰৰ অভাৱ            পৰৰ দুখত

                হিয়া যদি পমি যায়,

পৰক আপোন              কৰিব পাৰিলে

                 সংসাৰত দুখ নাই।

উত্তৰঃ কবি আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা ওপৰোক্ত স্তৱকটো উদ্ধৃত কৰা হৈছে।

ওপৰোক্ত স্তৱকটিৰ মাজেদি কবিয়ে মানুহে কিদৰে সংসাৰৰ দুখ আঁতৰাৰ পাৰে অৰ্থাৎ সংসাৰটোৰ দুখ নোপোৱা কৰিব পাৰে তাৰে ইংগিত দিয়াৰ প্ৰয়াস কৰিছে।

কবিৰ মতে, আনৰ সুখ-দুখ, অভাৱ-অনাটনক নিজৰ বুলি ভাবি মানুহক এইবোৰৰ নিৰাময়ৰ বাবে চেষ্টা কৰিব লাগে আৰু পৃথিৱীৰ কাৰো প্ৰতি পৰ ভাৱ নাৰাখি সকলোকে আপোন জ্ঞান কৰিব পৰা জনে সংসাৰত দুখৰ সম্মুখীন হ’ব লগীয়া নহয় অর্থাৎ তেওঁলোকৰ বাবে সংসাৰ সুখৰ ঠাই হৈ পৰে। সেয়ে জীৱন যাত্ৰাত পৰক আপোন কৰি, পৰৰ অভাৱ অনাটন আঁতৰ কৰাৰ মাজেদি মানুহে সুখৰ বাট মোকলাই সাংসাৰিক দুখৰ অন্ত পেলাব পাৰে।

(গ) সকলো আপোন            যত নৰ-নাৰী

                     কাকনো বুলিম পৰ,

      পৰম পিতাৰ                   সকলো সন্তান

                     পৃথিৱী আমাৰ ঘৰ।

উত্তৰঃ ওপৰত তুলি দিয়া কবিতাংশ আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

উদ্ধৃত কবিতাংশৰ মাজেদি কবিয়ে একেজনা পৰম পিতা বা স্ৰষ্টাই সৃষ্টি কৰা পৃথিৱীৰ সকলো নৰ-নাৰী পৰস্পৰে পৰস্পৰৰ আপেনজন বা পৰস্পৰৰ মাজত ভাই-ভণী সম্পর্কতে সম্পর্কিত বুলি কবলৈ খুজিছে। সেয়ে কোনোজন কাৰো বাবে পৰ নহয়। গতিকে পৃথিৱীৰ সকলো নৰ-নাৰীয়ে একেজনা ঈশ্বৰৰ সন্তান হিচাপে আৰু পৃথিৱীক সকলোৱে নিজৰ আপোন ঘৰ ৰূপে বিবেচনা কৰি প্ৰত্যেকে নিস্বাৰ্থভাৱে আনৰ অভাৱ-অনাটন, দুখ-দুর্দশা মষিমূৰ কৰি প্ৰত্যেকে নিস্বাৰ্থভাৱে আনৰ সুখৰ বাবে কাম কৰি যাব লাগে। এনে অৱস্থাৰ মাজেদিহে আমি পৃথিৱীক সুখৰ সাগৰ হিচাপে গঢ়ি তুলি সুখময় জীৱন অতিবাহিত কৰিবলৈ সক্ষম হ’ম।

(ঘ) ‘মই’ ‘মোৰ’ বুলি            নাথাকিবা মজি

                     মোহৰ জালত পৰি,

‘মই’ ‘মোৰ’ ভাৱে               তললৈ বুৰাব

                     না পাবা ৰক্ষাৰ তৰী।

উত্তৰঃ ওপৰত তুলি দিয়া কবিতা স্তৱককেইটা আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নামক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

উদ্ধৃত কবিতা স্তৱককেইটাৰ মাজেদি কবিয়ে মানুহে ব্যক্তিকেন্দ্ৰিক মনোভাৱৰ দ্বাৰা পৰিচালিত হৈ কিদৰে মোহৰ জালত আৱদ্ধ হৈ ‘মই’ ‘মোৰ’ ভাৱত নিমজ্জিত হৈ ঠেক গণ্ডীৰ মাজত সোমাই পৰি ৰক্ষাৰ হেতু হেৰুৱাই সংসাৰৰ জ্বালা-যন্ত্ৰণাৰ সম্মুখীন হ’ব লগা হয় তাকে উনুকিয়াই দিয়াৰ প্ৰয়াস কৰিছে।

‘মই’ ‘মোৰ’ ভাৱত নিমজ্জিত লোকে আনৰ কথা ভাবিব নোৱাৰে। এনে মানুহ সকলো কর্মত নিজক দেখে অর্থাৎ তেওঁৰ সকলো কৰ্মৰ উদ্দেশ্য আৰু লক্ষ্য নিজৰ মাজত আবদ্ধ কৰি ৰাখে আৰু কৰ্মৰ পৰা উৎপাদিত ফলো নিজে ভোগ কৰিবলৈ বিচাৰে। এনে লোকৰ জীৱনৰ চাহিদা কেতিয়া পূৰ নহয় । ফলত সীমাহীন চাহিদাৰ পাছত দৌৰি ব্যক্তি জীৱনৰ মোহৰ জালত আৱদ্ধ হৈ পৰি আনৰ কথা ভাবিব নোৱাৰা হয়। আনৰ কথা চিন্তা নকৰা লোকে বিপদত আনৰ পৰা সহায় লাভ কৰাটোও নিষ্ফল হৈ পৰে। মানুহৰ এনে অৱস্থাটোকে কবিয়ে ‘মই’ ‘মোৰ’ ভাৱে তললৈ বুৰাব বুলি উল্লেখ কৰি এনে লোকে সংসাৰ সমুদ্রত ‘ৰক্ষাৰ তৰী’ হেৰুৱাব লগা হয় বুলি উনুকিয়াই দিছে।

প্রশ্ন ৪। তলত দিয়া কবিতা স্তৱক কেইটিৰ তাৎপর্য বুজাই লিখা।

(ক) সুখ সুখ বুলি            মানুহ বলিয়া

                নেদেখে সুখৰ মুখ,

সুখ বিচাৰোঁতে               পায় সংসাৰত

                 দুখৰ উপৰি দুখ।

উত্তৰঃ ‘সুখ’ মানুহৰ মনৰ উপলব্ধি। মানুহৰ দেহ-মনৰ তৃপ্তিকৰ অৱস্থাটোকে সুখ বুলি অভিহিত কৰা হয়। এনে সুখৰ সন্ধান মানুহৰ জন্মগত স্বাভাৱিক ধৰ্ম। এই সুখ বিচাৰি মানুহে নিৰন্তৰ হাহাকাৰ অৱস্থাত পতিত হয় যদিও আচলতে সুখ বিচাৰিলেই পোৱা বস্তু নহয়। বৰঞ্চ সুখ বিচাৰি মানুহ অধিক দুখত হে নিমজ্জিত হ’ব লগা হয়। তথাপি মানুহে সুখ বিচাৰি ব্যাকুল হয়। প্রকৃত সুখ কি দৰে লাভ কৰিব পাৰি সেই সম্পৰ্কীয় জ্ঞানৰ অভাৱৰ বাবেই মানুহে সুখ সুখ বুলি হাহাকাৰ কৰি বলিয়াৰ দৰে সুখৰ সন্ধানত ৰত হয় যদিও সুখৰ সন্ধান না পায়ন আৰু দুখ-যন্ত্ৰণাৰ মাজত দিন পাৰ কৰিবলগা হয়।

(খ) শক্তি-সামৰথ            পৰৰ সুখত

              বিলাব পাৰিলে ভাই,

পৰৰ কাৰণে                   কান্দিব জানিলে

             কান্দোনতো সুখ পায়।

উত্তৰঃ মানুহে জীৱনত সুখ পাবলৈ হ’লে ব্যক্তি স্বাৰ্থৰ উৰ্দ্ধত অৱস্থান লৈ আনৰ সুখ-দুখৰ প্ৰতি সমানে সজাগতা অবলম্বন কৰি পৰৰ সুখৰ বাবে নিজৰ শক্তি-সামৰ্থৰ যথোচিত প্রয়োগ ঘটাব লাগিব। নিজব শক্তি-সামর্থ্যৰে পৰক সুখী কৰিব পৰাৰ মাজেদিহে মানুহে প্রকৃত সুখৰ অনুভূতি উপলব্ধি কৰিবলৈ সক্ষম হৈ উঠে। ব্যক্তি স্বাৰ্থৰ ঊৰ্দ্ধত অৱস্থান লোৱা মানুহে আনৰ দুখত দুখী হ’ব পাৰে, আনৰ কান্দোন দেখি নিজেও কান্দিব পাৰে। নিস্বাৰ্থভাৱে পৰৰ দুখ দেখি কন্দাএনে কান্দোনৰ মাজেদিয়ো কান্দোতাই এক সুখৰ অনুভূতি উপলব্ধি কৰিবলৈ সক্ষম হৈ উঠে। স্তৱকটোৰ মূল তাৎপর্য হ’ল আমি নিজৰ শক্তি-সামর্থ্য আনৰ সুখৰ বাবে যথোচিতভাৱে প্ৰয়োগ কৰিব লাগে। প্রত্যেক লোকে এনেদৰে নিজৰ শক্তি-সামর্থ্য আনৰ সুখৰ বাবে বিলাব পাৰিলে সংসাৰখন সকলোৰে বাবে সুখৰ ঠাই হৈ পৰিব।

(গ) সুখ-দুখৰ             মনেই কাৰণ

               মনক ৰাখিবা থিত,

ভাগ্যত লভিবা            পৰম সন্তোষ

             সাধিবা লোকৰ হিত।

উত্তৰঃ সুখ মানুহৰ দেহ-মনত অনুভূত হোৱা এক সন্তুষ্টিজনক বা সুখকৰ অৱস্থা। একেদৰে দুখ হ’ল মানুহৰ দেহ-মনত অনুভূত হোৱা এক বেদনাদায়ক অৱস্থা। মানুহৰ এই সুখ-দুখ দুয়োটা অৱস্থা মানুহৰ মনৰ সৈতে জড়িত। অর্থাৎ মানুহৰ মনটোৱে হ’ল সুখ-দুখৰ গৰাকী। সেয়ে সুখ-দুখৰ গৰাকী স্বৰূপ মনটোক মানুহে সকলো সময়তে স্থিৰ অৱস্থাত ৰাখি সুখতো অত্যধিক উৎফুল্লিত হ’ব নালাগে বা দুখতো একেবাৰে কাতৰ হৈ মনটো ভাগি পেলাব নালাগে। লগতে জীৱনত নোপোৱাখিনিৰ বাবে হা-হুমুনিয়াহ কাঢ়ি নিজক দুৰ্বল কৰি পেলোৱাৰ পৰিৱৰ্তে যিখিনি জীৱনত পোৱা গৈছে সেইখিনিকে ভাগ্যৰ ফল বুলি সন্তোষ লভিব পাৰিলে আমাৰ জীৱনটো কোনো দুখে কেতিয়াও কাতৰ কৰি তুলিব নোৱাৰে। সেয়ে স্তবকটিৰ তাৎপৰ্য হ’ল সুখ-দুখৰ গৰাকী মনটোক সকলো সময়তে সুস্থিৰ অৱস্থাত ৰাখি সুখ আৰু দুখ উভয়কে সমান মনোবলেৰে গ্ৰহণ কৰিব পৰাকৈ আমি মানসিক শক্তিৰ অধিকাৰী হ’ব লাগে।

(ঘ) যথার্থ নিস্বার্থ          ধৰমী জীৱন

                   বিশ্বপ্রেম ভৰপূৰ,

বিশ্বৰ সকলো               ভাই-ভণী তাৰ

                   সুখৰ নপৰে ওৰ।

উত্তৰঃ প্ৰকৃত নিস্বাৰ্থ জীৱন হ’ল ধৰ্মী জীৱন। স্বার্থহীন লোকেহে আনৰ সুখ-দুখ উপলব্ধি কৰি আনৰ সুখত সুখ আৰু আনৰ দুখত দুখী হ’ব পাৰে। এনে লোকৰ বাবে সমগ্ৰ বিশ্বখনেই আপোন হৈ পৰে আৰু বিশ্বৰ সকলোকে আপোন জ্ঞান কৰি এওঁ লোকে হৃদয় বিশ্বপ্ৰেমেৰে ভৰপূৰ কৰি তোলে। এনে নিস্বার্থী লোক সুখী হয় অর্থাৎ এনে লোকৰ দেহখনত দুখে ঠাই নাপায়। এনে লোকে বিশ্বৰ সকলোকে নিজৰ ভাই-ভণী জ্ঞান কৰি সকলোৰে হিতার্থে কৰ্ম কৰি বিমল সুখানুভূতি লাভ কৰে। ওপৰৰ স্তৱকটিৰ মূল তাৎপর্য হ’ল বিশ্বৰ সকলোকে আপোন জ্ঞান কৰিব পৰা অন্তৰৰ অধিকাৰীজনহে নিস্বাৰ্থী লোক আৰু এনে বিশ্বপ্ৰেমেৰে ভৰপূৰ হৃদয়ৰ লোকেহে জীৱনত প্ৰকৃত সুখ উপলব্ধি কৰিব পাৰে।

প্রশ্ন ৫। ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

প্রশ্ন ৬। ‘সুখ’ নামৰ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ সুখ বিচাৰি মানুহে হাবাথুৰি খাই ফুৰিলেও মানুহে সুখৰ মুখ নেদেখে বৰং দুখৰ উপৰি দুখ হে লাভ কৰে। কাৰণ, নিস্বাৰ্থভাৱে কৰা কৰ্মৰ দ্বাৰাহে মানুহে সুখ লাভ কৰিব পাৰে। প্রকৃত সুখ লাভ কৰিবলৈ হ’লে মানুহে স্বাৰ্থ ত্যাগ কৰি নিস্বাৰ্থভাৱে পৃথিৱীৰ সকলো নৰ-নাৰীক আপোন ভাই-ভণী জ্ঞান কৰি সকলোৰে হিতৰ অৰ্থে কাম কৰি যাব লাগিব৷ এনে গুণৰ অধিকাৰী লোকেহে প্রকৃত সুখৰ অধিকাৰী হয়। আনৰ সুখ-দুখৰ লগত নিজক বিলীন কৰি দিয়াৰ মাজেদিয়ে মানুহ জীৱনত ওৰ নপৰা সুখৰ অধিকাৰী হয়।

প্রশ্ন ৭। শব্দার্থ লিখা।

শব্দ – অৰ্থ

উত্তৰঃ দিনকণা – দিনতে নেদেখা।

সুখ – দেহ-মনৰ সুখকৰ অনুভূতি বা অৱস্থা।

বলিয়া – পাগল।

বলিদান – ত্যাগ।

নিমিত্তে – বাবে, কাৰণে।

খাটিব – শ্ৰম কৰিব।

হিয়া – হৃদয়, অন্তৰ।

পমি যায় – বিগলিত হয়।

বিলাব – বিলাই দিব।

সামৰথ – সামর্থ্য, যোগ্যতা।

পৰ – অন্য, আপোন নোহোৱা, আন।

ওৰ – গুৰি, শেষ।

হিত – কল্যাণ, উপকাৰ।

পৰম পিতা – পৰমেশ্বৰ বা ভগৱান।

গাই গোটা পেটে ভঁৰাল – স্বাৰ্থপৰ, ব্যক্তিকেন্দ্ৰিক, নিজৰ স্বাৰ্থভবা।

তৰী – নাও।

সুগন্ধি – ভাল গোন্ধযুক্ত।

ভৰপূৰ – পৰিপূৰ্ণ।

মজি – মোহিত হৈ।

সন্তোষ – সন্তুষ্টিজনক, আপত্তিহীন।

মোহৰ জালত পৰা – মোহত আবদ্ধ হোৱা।

বুৰাব – ডুবাব, তললৈ নিব।

খোজেপতি – প্রতি খোজে খোজে।

নৰ-নাৰী – পুৰুষ-তিৰোতা, মতা-মাইকী।

সন্তান – পুত্র-পুত্রী।

থিত – স্থিৰ।

ভঁৰাল – ভাণ্ডাৰ।

প্রশ্ন ৮। ভাষা বিষয়ক।

(ক) বিপৰীত শব্দ লিখা।

উত্তৰঃ শব্দ – বিপৰীত শব্দ

তললৈ – ওপৰলৈ।

ধৰ্মী – অধৰ্মী।

পবিত্র – অপৱিত্ৰ।

হিত – অহিত।

সামর্থ্য – অসমার্থ্য।

(খ) বাক্য ৰচনা কৰা।

পৰম পিতা, গাই গোটা পেটে ভঁৰাল, দুখৰ কাঁইট, পৰম সন্তোষ, সুগন্ধি কুসুম, সেন্দুৰীয়া আলি, মোহৰ জালত পৰি।

উত্তৰঃ পৰম পিতা– বিশ্বৰ সকলো নৰ-নাৰীক পৰম পিতাৰ সন্তান বোলা হয়।

গাই গোটা পেটে ভঁৰাল – গাই গোটা পেটে ভঁৰাল স্বভাৱৰ লোকে কোনোদিনেই সুখ লাভ কৰিব নোৱাৰে।

দুখৰ কাঁইট— স্বাৰ্থৰ বাটত দুখৰ কাঁইট পোত খাই থাকে।

পৰম সন্তোষ— নিস্বাৰ্থ কৰ্মৰ মাজেদি মানুহে পৰম সন্তোষ লাভ কৰিব পাৰে।

সুগন্ধি কুসুম— সুগন্ধি কুসুম ফুলা বাটৰ যাত্ৰা সুখদায়ক হয়।

সেন্দুৰীয়া আলি— নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সদৃশ বাৱে যাত্ৰাৰ গতি মসৃণ হয়।

মোহৰ জালত পৰি— স্বাৰ্থৰ মোহৰ জালত পৰি স্বাৰ্থপৰ মানুহে জীৱনৰ ইকূল-সিকূল দুয়োকূল হেৰুৱাব লগা হয়।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising